Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী

Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী Question Answer can be of great value to excel in the examination.

Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী

Join Telegram channel

Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী Notes cover all the exercise questions in UGC Syllabus. The Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

১২৭। ভাৰতবৰ্ষৰ উত্তৰাঞ্চল আৰু দক্ষিণাঞ্চলৰ স্বজন পদ্ধতি সম্বন্ধে এক তুলনামূলক আলোচনা আগবঢ়োৱা? 

উত্তৰঃ উত্তৰ ভাৰতত স্বজঁনতা উত্তৰ ভাৰতত (১) তেজৰ সম্পৰ্ক বুজোৱা অভিধান (terms) আৰু (২) বৈবাহিক সম্পৰ্ক বুজোৱা অভিধ৷ আছে। তাৎক্ষণিকভাৱে সম্বন্ধেৰে বান্ধ খাই থক| তিনিটা প্রজন্মৰ ক্ষেত্রত ব্যৱহৃত অভিধাবোৰ হ’ল মুখ্য অভিধান। এটা| প্ৰজন্মৰ বাবে ব্যৱহৃত অভিধাবোৰ অন্য প্ৰজন্মৰ সৈতে বিনিময় কৰিব পৰা নাযায়। আন সকলোবোৰ অভিধান মুখ্য অভিধাবোৰৰ পৰা উলিয়াই লোৱা হয়।

উত্তৰ মণ্ডলৰ ভিতৰত সিদ্ধি, পঞ্জাবী, হিন্দী (আৰু পাহাৰী) তথা বিহাৰীসকলক সামৰি লোৱা হয়। এই অঞ্চলবোৰত সবৰ্ণ বিবাহ , অসবৰ্ণ বিবাহ ৰীতি আৰু নিকট আত্মীয়ৰ সৈতে যৌন সম্পৰ্ক ’ স্থাপনৰ প্ৰতিষিদ্ধতাক কঠোৰভাৱে মানি চলা হয়। ‘চাচন নীতি’ (the rule of sasan) হ’ল সকলো বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি। এই নীতি অনুসৰি ব্যক্তিয়ে নিজৰ পিতৃৰ ফালৰ পৰিয়ালত বিয়া কৰাব নোৱাৰে, সঁপিণ্ড স্বজনক বিয়া কৰোৱাৰ পৰা। বিৰত থাকিব লাগে ইত্যাদি। প্রাচীন ব্ৰাহ্মণ্য অৰ্থত ‘গোত্ৰ’ মানে হ’ল অসবৰ্ণ গোট। কেতিয়াবা জাতি (caste) এটাকো সবৰ্ণ গোত্ৰ নাইবা অসবৰ্ণ গোত্ৰত ভাগ কৰা হয়। ইয়াৰ উপৰি এটা জাতিক এনে কিছুমান গোত্ৰতো ভগোৱা হ’ব পাৰে যিবোৰে বিবাহ সম্পৰ্কীয় নীতি-নিৰ্দেশনাত কোনোধৰণে ভাগ নলয়।

উত্তৰ মণ্ডলত গাও ভিত্তিক অসবৰ্ণ বিবাহৰ (Village exogamy) প্ৰচলন আছে।

অৰ্থাৎ, উত্তৰ ভাৰতত আমি স্বজনতাৰ অতি কমেও চাৰিটা বৈশিষ্ট্য দেখিবলৈ পাওঁ :

(ক) নিৰ্দিষ্ট ভূখণ্ড কেন্দ্ৰিক স্বজনতা।

(খ) বংশভিত্তিক স্বজনতা।

(গ)  নিকট আত্মীয়ৰ সৈতে যৌন সম্পৰ্ক স্থাপন এক প্ৰতিষিদ্ধ। আৰু 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) স্থানীয় অসবৰ্ণ বিবাহ।

জাতিৰ প্ৰস্থিতি বিবেচনাই সববৰ্ণ বিবাহৰ ক্ষেত্ৰত সংকীৰ্ণ কৰি তোলে। বিবাহত থকা বাধা-নিষেধবোৰে স্বজনতা আৰু, স্থান দুয়োটা দিশেৰে বহল ক্ষেত্ৰত বিবাহ সম্পন্ন হোৱাত বাধা দিয়ে। বৈবাহিক সম্পর্ক স্থাপনৰ সময়ত সগোত্ৰভিত্তিক বাধা-নিষেধ আৰু স্থানীয় সবৰ্ণ বিবাহ ৰীতি কঠোৰভাৱে মানি চলা হয়।

উত্তৰ মণ্ডলত চতুগোত্ৰ (চাচন) নীতি মানি চলা হয়। অৰ্থাৎ, পিতৃ, মাতৃ, পিতামহী আৰু মাতামহীৰ গোত্ৰৰ সৈতে বিবাহ এৰাই চলিব লাগে অৱশ্যে উত্তৰ ভাৰতৰ ব্ৰাহ্মণ আৰু উচ্চ জাতিৰ লোকসকলেহে সাধাৰণতে এই ৰীতি মানি চলে। মধ্যৱতী জাতি কিছুমানে আৰু নিম্ন জাতিৰ অধিকাংশই দ্বি-গোত্র ৰীতি মানি চলে। অর্থাৎ, পিতৃ আৰু মাতৃৰ গোত্ৰৰ সৈতে বিবাহ এৰাই চলে।

১২৮। what do you mean by urbanization?

উত্তৰঃ ভাৰত এখন গ্ৰাম্য আৰু কৃষিপ্ৰধান দেশ। ইয়াৰ মুঠ জনসংখ্যাৰ প্রায় ৭৫ শতাংশ লোকে গাঁও অঞ্চলত বাস কৰে আৰু তেওঁলোকৰ প্রধান জীবিকা হ’ল কৃষি। নগৰীকৰণ আধুনিক যান্ত্ৰিক যুগৰ এক প্ৰধান বিশেষত্ব। মানৱ জাতিৰ সভ্যতাৰ ক্ৰমবিকাশ গাঁৱক কেন্দ্ৰ কৰিয়েই সম্ভৱ হৈছিল। কালক্ৰমত নতুন নতুন কৌশল উদ্ভাৱনে যন্ত্ৰপাতি, কল- কাৰখানাৰ সৃষ্টি কৰি জীৱন নিৰ্বাহ প্ৰণালীক আদিম স্তৰৰ পৰা আঁতৰাই অনাত সহায় কৰিছে। পুৰণি মূল্যবোধ কৰি নতুন মূল্যবোধেৰে পৰিচালিত হৈ ক্ৰমে গাঁৱৰ পৰা নগৰমুখী হোৱাৰ যি অহৰহ প্রক্ৰিয়া চলিব লাগিছে, সহজ অৰ্থত এয়ে হৈছে নগৰীকৰণ।

আৰ.পি. মিশ্ৰৰ মতে, ‘নগৰীকৰণ এনে এটা প্রক্ৰিয়া, যিটোৰ জৰিয়তে কৃষিভিত্তিক গাওঁ অঞ্চল অ-কৃষি পদ্ধতিৰ ওপৰত জীয়াই থকা মানুহৰ স্থানত পৰিণত হয়।’

গতিশীলতা নগৰীকৰণ প্রক্ৰিয়াৰ মন কৰিবলগীয়া দিশ। ব্যৱসায়-বাণিজ্য, শিল্প-উদ্যোগ ইত্যাদিৰ ওপৰতে নগৰীয়া পৰিৱেশ গঢ় লৈ উঠে। নগৰীকৰণ হঠাৎ হোৱা প্রক্ৰিয়া নহয়। কোনো এটা অঞ্চল নগৰ অঞ্চললৈ ৰূপান্তৰিত হ’বলৈ বহু সময় বা যুগৰ প্ৰয়োজন হ’ব পাৰে।

নগৰীকৰণৰ বৈশিষ্ট্য– নগৰীকৰণ জনসংখ্যাৰ সামাজিক চৰিত্ৰ ভিন্ন প্ৰকৃতিৰ। সামাজিক ভিন্নতা নগৰীয়া সমাজৰ প্রধান বৈশিষ্ট্য ৷

নগৰীয়া সমাজৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত আলোচনা কৰা হ’ল–

১। বৃত্তিৰ ভিন্নতা নগৰীয়া সমাজৰ প্রধান বৈশিষ্ট্য। একোখন নগৰত ভিন্ন বৃত্তিধাৰী মানুহে বাস কৰে। জাতি-ধৰ্ম নিৰ্বিশেষে নিজৰ যোগ্যতা, অৰ্হতা অথবা শিক্ষাৰ জৰিয়তে নগৰসমূহত বৃত্তি লাভ কৰে।

২৷ বিশেষীকৰণৰ প্রয়োজনীয়তা নগৰ অঞ্চলত অতি বেছি। ব্যৱসায়, উদ্যোগ অথবা অন্যান্য ক্ষেত্ৰত সকলোবিলাক কাম অতি নিপুণতাৰে কৰিব লাগে। সেয়ে একোজন ব্যক্তি একোটা বিশেষ কামত পাৰ্গত হোৱা দেখা যায়। 

৩৷ অধিক জনসংখ্যা নগৰীয়া সমাজৰ বৈশিষ্ট্য। বিভিন্ন কামত নগৰসমূহলৈ বিভিন্ন অঞ্চলৰ পৰা মানুহ আহি ভিৰ কৰেহি।

৪। নগৰীয়া সমাজৰ, পৰিয়াল প্রাথমিক হোৱা দেখা যায়। বাসস্থানৰ অসুবিধা, কম বেতন ইত্যাদি বিভিন্ন কাৰণত নগৰীয়া সমাজৰ লোকে সৰু পৰিয়াল কামনা কৰে।

৫। নগৰীয়া সমাজবোৰে প্ৰায় সকলো ক্ষেত্ৰতে প্ৰতিযোগিতা হোৱা দেখা যায়। প্ৰতিযোগিতাৰ সন্মূখীন হোৱাৰ বাবেই নগৰবাসী উন্নতিৰ দিশত আগুৱাব পাৰে।

৬। নগৰীয়া সমাজত জাতি ব্যৱস্থাৰ পৰিবৰ্তে শ্ৰেণী ব্যৱস্থা পৰিলক্ষিত হয়। সা-সম্পত্তি , শিক্ষা আদিৰ ভিত্তিত নগৰবাসীয়ে শ্ৰেণী লাভ কৰে।

৭। সামাজিক গতিশিলতা অতি দ্ৰুতভাৱে নগৰ অঞ্চলত দেখা যায়। সামাজিক প্ৰস্থিতি আৰু শ্ৰেণীৰ পৰিবৰ্তন অতি দ্ৰুত গতিত হোৱা দেখা যায়।

৮। নগৰীয়া সমাজত অতি বেছি পৰিমাণে অপৰাধ সংঘটিত হোৱা দেখা যায়। ভিন্ন ব্যক্তিৰ সমাৱেশ ঘটা নগৰত চোৰ, ডকাইত, হত্যা, ধৰ্ষণ আদি বিভিন্ন ধৰণৰ অপৰাধ সংঘটিত হোৱা দেখা যায়।

৯। নগৰবাসী নৈতিকতাৰ প্রতি কম সচেতন অঞ্চলত বিশেষ গুৰুত্ব দিয়া দেখা যায়। মাত্ৰাধিক বস্তুবাদিতাই নগৰবাসীক নৈতিকতাৰ প্রতি উদাসীন কৰি তোলে। 

১০৷ ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশত নগৰ অঞ্চলত বিশেষ গুৰুত্ব দিয়া দেখা যায়। অৱশ্যে এই ক্ষেত্ৰত নগৰ অঞ্চলত সুবিধাও যথেষ্ট আছে। বৌদ্ধিক, শাৰীৰিক, মানসিক আদি, সকলো দিশতে বিকাশ হোৱাটো বিচাৰে।

১১। নাৰীৰ সামাজিক প্ৰস্থিতি নগৰ অঞ্চলত যথেষ্ট উচ্চ হোৱা দেখা যায়। নগৰীয়া সমাজত নাৰীয়ে পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে।

১২৯। Discuss the causes of urbanization.

উত্তৰঃ নগৰীকৰণ প্রক্ৰিয়াৰ সাধাৰণতে নিদিষ্ট কিছুমান কাৰক থাকে। এই কাৰকবোৰক প্রধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। যেনে— আন্তৰ্জাতীয় আৰু বহিৰ্জাতীয়।

আন্তৰ্জাতীয় মানে হৈছে দেশখনৰ পৰিৱেশ বা সুস্থ বাতাবৰণ। কোনো এক অঞ্চল যদি খনিজ বা বনজ সম্পদত চহকী, পৰ্যটনৰ বাবে আকৰ্ষণীয়, অনুকুল অৱস্থা হয়, তেন্তে সেই অঞ্চলত অতি সহজে নগৰ-চহৰ গঢ়ি উঠিব পাৰে। আনহাতে প্ৰশাসনিক কেন্দ্ৰু, ধৰ্মানুষ্ঠান, শিক্ষানুষ্ঠান, যাতায়াতাৰ কেন্দ্ৰ এইবোৰৰ ওপৰত ভিত্তি কৰিও নগৰ-চহৰ সৃষ্টি হয়। এইবোৰ হৈছে বহিজাতীয় কাৰণ। তলত নগৰীকৰণৰ কেতবোৰ কাৰণ আলোচনা কৰা হ’ল–

১। প্ৰশাসনিক কেন্দ্র : ৰাজনৈতিক বা চৰকাৰ প্রশানৰ প্রয়োজনীয়তাক ভিত্তি কৰি প্রশাসনিক কেন্দ্ৰ হিচাপে স্থাপন কৰ৷ হয়। যেনে— নতুন দিল্লী, দিছপুৰ আদি। স্বাধীনতাৰ পিছত প্রত্যেক ৰাজ্যই নতুন জিলা আৰু মহকুমা গঠন কৰিছে আৰু সেইদৰে সদৰ গঠন হৈছে। লাহে লাহে এইবোৰ নগৰলৈ ৰূপান্তৰ হৈছে।

২। বাণিজ্যিক কেন্দ্ৰ : নগৰীকৰণৰ বাবে বাণিজ্যিক প্রসাৰৰ বিশেষ প্রয়োজন আছে৷ বাণিজ্য বৃদ্ধিৰ বাবে জনসংখ্যাও বৃদ্ধি হয়। ফলত সৰু নগৰবোৰ লাহে লাহে ডাঙৰ হৈ আহিছে। কলকাতা, মুম্বাই আদি এনে নগৰ উদাহৰণ৷

৩। উদ্যোগ প্ৰতিষ্ঠান : নগৰীকৰণ আৰু উদ্যোগীকৰণ দুয়োটাই ইটো সিটোৰ পৰিপূৰক। দেশৰ বেছিভাগ নগৰ উদ্যোগক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে৷ উদ্যোগ স্থাপনে সাধাৰণতে দুই প্রকাৰে নগৰীকৰণ সৃষ্টি কৰে। এটা হ’ল নতুন ঠাইত নতুন নগৰৰ সৃষ্টি কৰে। আনটো হ’ল ইতিমধ্য স্থাপিত হোৱা নগৰবোৰৰ আকাৰ বৃদ্ধি কৰে। কলকাতা, চেন্নাই, মুম্বাই আদি মহানগৰবোৰত উদ্যোগ প্রতিষ্ঠা কৰাৰ পৰাই বৃহত্তম মহানগৰত পৰিণত হ’ল।

৪। পৰ্যটন : পৰ্যটনো নগৰীকৰণৰ এটা কাৰণ হ’ব পাৰে। পৰ্যটনৰ বাবে দাৰ্জিলিং গোৱা, পুৰী, জীনগৰ আদিবোৰ ভাৰতৰ নগৰ হিচাপে গঢ়ি উঠিছে ৷ কিন্তু এইক্ষেত্ৰত উত্তপ-পূব ভাৰত পিছপৰা। পাহাৰীয়া অঞ্চল আৰু পৰিবহনৰ অসুবিধাৰ বাবে সম্ভাৱনা থকা সত্বেও ইয়াত পৰ্যটনৰ ওপৰত ৷ ভিত্তি কৰি নগৰ সৃষ্টি হ’ব পৰা নই।

৫। তীৰ্থস্থান : তীৰ্থস্থান ওপৰত ভিত্তি কৰি নগৰ সৃষ্ট হ’ব পাৰে। এইক্ষেত্রত ভাৰতবৰ্ষ যথেষ্ট আগবঢ়া ৷ বেনাৰচ, পুৰী, এলাহাবাদ, অসমৰ বৰপেটা আদি নগৰ গঢ়ি উঠিছে। এইদৰে তীৰ্থ কৰিবলৈ অহা মানুহৰ সমাগমৰ বাবে নগৰৰ সৃষ্টি হয়।

৬। ভৌগলিক অৱস্থান : প্রাকৃতিকভাৱে সুবিধাজনক কিছুমান অঞ্চলত নগৰীকৰণ সূচল হয়। বানপানী, অনাবৃষ্টি, ভূমিকম্প আদি সঘনে হৈ নথকা অঞ্চলত উদ্যোগীকৰণৰ গতি ক্ষিপ্ৰ ফলত নগৰীকৰণো হয়। কিছুমান স্বাস্থ্যকৰ ঠাইত সহজেই নগৰীকৰণ হোৱা দেখা যায়। শ্বিলং, মুচৌৰী আদি নগৰৰ নাম উল্লেখ কৰিব পাৰি।

৭। শিক্ষাকেন্দ্ৰ : মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ,  বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠান থকা অঞ্চলবোৰতো নগৰ সৃষ্টি হোৱা দেখাযায়। উদাৰণস্বৰূপে তক্ষশীলা, নালন্দা, গুৱাহাটী আদি শিক্ষানুষ্ঠানৰ বাবে হোৱা নগৰৰ কথা উল্লেখ কৰিব পাৰি।

১৩০। Discuss the urbanization and social change. 

উত্তৰঃ এটা অঞ্চলৰ সামগ্ৰিক উন্নতিত নগৰীকৰণ প্ৰক্ৰিয়াটোৱে বিশেষভাৱে সহায় কৰে। নগৰীৰণৰ লগে লগে সমাজত বিভিন্ন দিশত উন্নতি পৰিলক্ষিত হয়। যেনে– ব্যৱসায়-বাণিজ্যৰ প্রসাৰ, শিক্ষাৰ সম্প্ৰসাণ, যাতায়াত আৰু পৰিবহনৰ উন্নতি, মূল্যবোধৰ পৰিৱৰ্তন ইত্যাদ। সমাজ এখন আধুনিক হোৱাৰ মূলতে নগৰীকৰণ প্রক্ৰিয়া বুলি ক’ব পাৰি। নগৰীকৰণ প্রক্ৰিয়াৰ ফলত যিদৰে সমাজৰ উন্নতি সাধন হয়, সেইদৰে কিছুমান সমস্যাইও গা কৰি উঠে। ঘৰৰ সমস্যা, পানীৰ যোগান, যাতায়াতৰ সমস্যা বিজুৰী শক্তিৰ যোগান, প্রদূষণ ইত্যাদিবোৰ নগৰীকৰণৰ ফলত সৃষ্টি হোৱা সমস্যা।

নগৰসমূহত সাধাৰণতে জনসংখ্যা বেছি হোৱা দেখা যায়। এই জনসংখ্যাও প্রয়োজন অনুপাতে বাসস্থানৰ পৰিমাণ কম হোৱাৰ বাবে অস্বাস্থ্যকৰ পৰিৱেশতো নগৰবাসী থাকিবলৈ বাধ্য হৈ পৰিছে।

বাসস্থানৰ লগতে খোৱা পানীৰ সমস্যাইও জটিল ৰূপ ধাৰণ কৰিছে৷ নগৰ অঞ্চলত এই সমস্যা অতি জটিল।

নগৰ অঞ্চলত বিজুলী শক্তিৰ যথেষ্ট প্ৰয়োজন হয়৷ কাৰণসমূহতে বিভিন্ন উদ্যোগ, অনুষ্ঠান-প্রতিষ্ঠান থাকে। এইবোৰত যথেষ্ট পৰিমানে বিজুলী শক্তিৰ প্ৰয়োজন৷ কিন্তু প্রয়োজন অনুপাতে এই অভাৱ পূৰন হোৱা নাই। 

এই প্রধান সমস্যাবোৰৰ উপৰি প্ৰদূষণ সমস্যাইও নগৰবাসীৰ জীৱন জটিল কৰি তোলে। নগৰৰ সংখ্যা যিমানেই বৃদ্ধি হ’ব সিমানেই যানজটৰ সমস্যা, জাৱৰ-জোঁথৰ পেলোৱাৰ সমস্যা, নলা-নৰ্দমাত পানী বন্ধ হোৱ, শব্দ প্রদূষণ আদিও বৃদ্ধি পাব। বিশেষকৈ এই অঞ্চলটো নগৰবোৰ পৰিকল্পিত নহয় বাবেই এনে সমস্যাৰ সৃষ্টি হয়।

একোখন নগৰত বিভিন্ন ধৰণৰ সমাগম হয়। বিভিন্ন জাতি, ধৰ্ম ভাষাৰ মানুহে নগৰত একেলগে বসবাস কৰে। ফলত নগৰসমূহত এক মিশ্ৰ সংস্কৃতি দেখা যায়। এনে সমাজত অপৰাধৰ মাত্ৰাও বেছি দেখা যায়। চুৰি, ডকাইতি, ঠগ, হত্যা ইত্যাদি সমস্যাবোৰ নগৰ অঞ্চলত সৃষ্ট হয়।

ওপৰত আলোচনা কৰা সমস্যাবোৰ পৃথিৱীৰ সকলো ধৰণৰ নগৰৰে সমস্যা৷ নগৰীয়া সমাজৰ ফলত এই সমস্যাবোৰ সৃষ্টি হ’লেও এখন সমাজৰ,তথা দেশৰ উন্নয়নৰ বাবে নগৰীকৰণ প্ৰক্ৰিয়াটো অনিবাৰ্য। অৰ্থনৈতিক বিকাশৰ বাবে নগৰীকৰণ এক জৰুৰী প্রক্ৰিয়া ৷ নগৰীকৰণ বিভিন্ন ধৰণৰ চৰকাৰী বিভাগ, বেচৰকাৰী সংগঠনৰ সৃষ্টি কৰিছে৷ এইবোৰে নিয়োগৰ সুবিধা বৃদ্ধি কৰিছে। বেপাৰ-বাণিজ্য নগৰসমূহৱ বৃদ্ধি হোৱা দেখা যায়। ভিতৰুৱা অঞ্চলৰ মানুহে এইবোৰত ঘৰুৱা উৎপাদিত বস্তু বিক্ৰী কৰি আৰ্থিক সফলতা লাভ কৰিছে। পূৰ্বতে কেৱল কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল মানুহবোৰে নগৰীকৰণৰ ফলত বেপাৰ-বাণিজ্যৰ যোগেদিও আৰ্থিক স্বচ্ছলতা লাভ কৰিব পাৰিছে।

নগৰীকৰণে যোগাযোগ আৰু যাতায়াত ব্যৱস্থাৰ উন্নয়নতো সহায় কৰিছে। ফলত সভ্যতাৰ পোহৰ নেদেখা মানুহ খিনিয়েও বৰ্তমান বহিৰ্জগতৰ লগত সঘন যোগাযোগৰ সুবিধা পাইছে।

ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে নগৰীকৰণে যিদৰে সমাজত বিভিন্ন ধৰণৰ সমস্যাৰো সৃষ্টি কৰে, সেইদৰে নগৰীকৰণে সমাজৰ বিকাশতো সহায় কৰে। মানুহৰ আৰ্থিক অৱস্থাৰ উন্নতি, যাতায়াত আৰু যোগাযোগৰ উন্নতি, মানুহৰ বৌদ্ধিক বিকাশ সাধন, সাক্ষৰতা বৃদ্ধি, মূল্যবোধৰ পৰিৱৰ্তন, উদ্যোগীকৰণ ইত্যাদিবোৰ নগৰীকৰণে সৃষ্টি কৰিছে। গতিকে সমাজত আমি নগৰীকৰণৰ মিশ্ৰ ফলাফল দেখা পাওঁ।

১৩১। What do you mean by industrialization?

উত্তৰঃ বৰ্তমান যুগত এখন দেশ বা অঞ্চলৰ অর্থনৈতিক প্ৰগতি নিৰ্ভৰ কৰে উদ্যোগীকৰণৰ ওপৰত। উদ্যোগীকৰণ যিমানেই বৃদ্ধি পায়, সিমানেই অর্থনৈতিক অৱস্থাৰ উন্নতি হয়। উদ্যোগ প্ৰধান চহৰবোৰকেই উদ্যোগীক নগৰ বুলি আখ্যা দিয়া হয়।

বিটিছ শাসনৰ পূৰ্বেই ভাৰতত শিল্প উদ্যোগ আছিল যদিও উদ্যোগবোৰ হস্তচালিত আছিল। কিন্তু ব্ৰিটিছে নিজৰ খাতিৰতে আধুনিক উদ্যোগ ভাৰতত গোনপ্রথমবাৰৰ বাবে আৰম্ভ কৰে। আধুনিক উদ্যোগবোৰ যন্ত্ৰপাতিৰ দ্বাৰা চলোৱা হয় আৰু কামবোৰ কাৰখানাত কৰা হয়।

উৎপাদন কাৰ্যত মানৱীয় শক্তিৰ ঠাইত যন্তুপাতিৰ ব্যৱহাৰ কৰাকে উদ্যোগীকৰণ বুলিব পাৰি। যান্ত্ৰিক শক্তি নিৰ্দিষ্ট গতিৰে পৰিচালিত হয় আৰু সেয়ে উদ্যোগীকৰণৰ ফলত নিৰ্দিষ্ট হাৰৰ উৎপাদন আশা কৰিব পাৰি। উদ্যোগীকৰণৰ ফলত ক্ষুদ্ৰ উৎপাদনৰ ব্যৱস্থা ব্যৱস্থা বৃহৎ উৎপাদনকৈ পৰিৱৰ্তিত হয় আৰু ফলত যথেষ্ট উপভোক্তা আৰু বজাৰৰ প্রয়োজন হয়। 

উদ্যোগীকৰণ মানেই হৈছে নতুন নতুন প্রযুক্তি ডৎপাদনৰ কামত প্রয়োগ কৰা, অনেক ধৰণৰ বৃত্তি আৰু  সংগঠনৰ সৃষ্টি হোৱা ধৰ্ম, অঞ্চল নিৰ্বিশেষে অনেক মানুহে এই বৃত্তি আৰু সংগঠন যোগ দিয়ে। ভিন্ন মানুহৰ সংস্পৰ্শত মানুহৰ মাজত নতুন চিন্তা, ভাবাদৰ্শ উদয় হয়।

উদ্যোগীক সমাজৰ বৈশিষ্ট্য :

১। উল্যোগীক সমাজৰ প্রধান বৈশিষ্ট হ’ল ই সমাজত পুঁজিপতি আৰু বুর্জোৱা এই দুটা শ্ৰেণীৰ সৃষ্টি কৰে। পুঁজিপতি শ্ৰেণীটোৱে সদয় বুর্জোৱাসকলক শোষণ কৰা দেখা যায়।

২৷ উদ্যোগীক সমাজত ব্যক্তিৰ প্রস্থিতি বৃত্তি, শিক্ষা, উপাৰ্জন আদিৰ জৰিয়তে নিৰ্ণয় কৰা হয়। এনে সমাজত প্ৰস্থিতিৰ পৰিৱৰ্তন অতি সহজ কথা।

৩। উদ্যোগীক সমাজে কাৰিকৰী শ্রমিকৰ জন্ম দিয়ে ৷ উদ্যোগসমূহত কাৰিকৰী দিশটোও বেছি গুৰুত্ব দিয়ে বাবে এনে সমাজৰ মানুহেও উদ্যোগসমূহত নিয়োগ লাভ কৰিবৰ বাবে কাৰিকৰী দিশত ৷ শিক্ষা লাভ কৰাত গুৰুত্ব প্রদান কৰে।

৪। উদ্যোগীক সমাজ যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া। বজাৰ ব্যৱস্থা, কেঁচামাল আমদানি কৰা এইবোৰৰ বাবে যাতায়াত আৰু যোগাযোগৰ উন্নতি খুবেই প্রয়োজন।

৫। উদ্যোগীক সমাজবোৰে প্ৰদূষণৰ সমস্যাত ভুগিব লগা হয়। ধোঁৱা, ধূলি এইবোৰে এনে সমাজক আৱৰি ধৰে।

৬৷ উদ্যোগীক সমাজত মহিলাৰ সামাজিক স্থান যথেষ্ট উন্নত হোৱা দেখা যায়। উদ্যোগ ক্ষেত্ৰসমূহত অৰ্হতা, শিক্ষা আদিৰ ভিত্তিত পুৰুষ-মহিলাৰ উভয়কে সমান সুবিধা দিয়ে।

৭। উদ্যোগীক সমাজত পৰিয়ালৰ গাঁথনিত পৰিৱৰ্তন দেখা যায়। বাসস্থানৰ অসুবিধাৰ পৰিপ্ৰেক্ষিতত এনে সমাজে প্ৰাথমিক পৰিয়ালক প্ৰধান্যতা দিয়ে। 

৮ ৷ উদ্যোগীক সমাজৰ ব্যক্তিসকল নিজৰ ব্যক্তি স্বাধীনতাক লৈ যথেষ্ট সচেতন হোৱা দেখা যায়।

৯। এনে সমাজৰ পৰিয়াল ব্যৱস্থাত নিয়ন্ত্ৰণৰ অভাৱ দেখা যায়। যাৰ ফলস্বৰূপে অপৰাধ, কিশোৰ অপৰাধ, অ-সামাজিক বৃত্তি আদি বৃদ্ধি পায়।

১০। ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে উদ্যোগিক সমাজবোৰে যথেষ্ট সহায় কৰি আহিছে।

ওপৰৰ আলোচনাত উদ্যোগীক সমাজৰ বৈশিষ্ট্যবোৰ আলোচনা কৰি আমি উদ্যোগীক সমাজৰ এখন ছবি কল্পনা কৰি ল’ব পাৰো। উদ্যোগীক সমাজে মানৱ সমাজক আৰ্থিক, শৈক্ষিক, সামাজিক আদি সকলো দিশতে আগবাঢ়ি যোৱাত সহায় কৰে।

১৩২। Discuss the industrialization and social change?

উত্তৰঃ উদ্যোগীকৰণৰ অৰ্থ হ’ল যেতিয়া কোনো এক বিশেষ অঞ্চলত অথবা নগৰ-চহৰ বা গ্ৰাম্য অঞ্চলত বিভিন্ন ধৰণৰ সৰু-ডাঙৰ কল-কাৰখানা প্ৰতিষ্ঠা কৰা হয় আৰু সেই অঞ্চলত ক্ৰমান্বয়ে ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগ প্ৰতিষ্ঠান আদি গঢ় লৈ উঠে, তেতিয়াই সমাজত উদ্যোগীকৰণ প্রক্ৰিয়াৰ সূত্ৰপাত হয়। এইদৰে প্ৰতিষ্ঠান গঢ় লৈ উঠাৰ ফলত সমাজৰ বিভিন্ন দিশত পৰিৱৰ্তন আহিবলৈ ধৰে উদ্যোগীকৰনে এখন সমাজত বিভিন্ন ধৰণে পৰিৱৰ্তন সাধন কৰে।

তলত এইবোৰ আলোচনা কৰা হ’ল–

১। উদ্যোগীকৰণৰ ফলত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকত আধুনিক শিক্ষা, কাৰিকৰী জ্ঞান তথা স্বাস্থ্য কেন্দ্ৰ, আন্তৰ্জাতিক বেপাৰ বাণিজ্য কেন্দ্ৰ, যাতায়াত আৰু সঞ্চাৰৰ ব্যৱস্থা, দূৰসংযোগ ব্যৱস্থা ইত্যাদি দিশত প্রগতি লাভ কৰে। ইয়াৰোপৰি বিশ্বৰ বিভিন্ন দেশৰ লগত বেপাৰ-বাণিজ্যৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক, অর্থনৈতিক আৰু অন্যান্য সমাজ-সংস্কৃতি দিশত সমানে ফেৰ মৰাত উৎসাহ-উদ্দীপন৷ যোগোৱাৰ লগতে জলপথ, স্থলপথ, আকাশীপথ আদিত বিশেষ অগ্ৰগতি লাভ কৰাত ইন্ধন যোগালে। বহিঃশক্তিৰ পৰা নিজকে সুৰক্ষা দিবৰ বাবে বহুতো আধুনিক মৰণাত্মক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰিবলৈ সামৰ্থ হোৱাৰ লগতে অতি কম সময়ৰ ভিতৰতে বিশ্বৰ যিকোনো গুৰুত্বপূৰ্ণ সমস্যা বা ঘটনা আদি বিষয়ে উন্নত মানৰ দূৰ সংযোগ বিভাগৰ দ্বাৰ জানিব পৰা হল।

২। সমগ্ৰ দেশতে ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগ প্রতিষ্ঠা হোৱাৰ লগে লগে গ্ৰাম্য আৰু পৰ্বত পাহাৰৰ বহু জাতি-উপজাতি আৰু জনজাতীয় লোকে কৰ্মসংস্থান বিচাৰি নগৰীয়া অঞ্চললৈ প্রৱজন ঘটে। ফলত অন্যান্য সমাজ-সংস্কৃতিয়ে গ্ৰাম্য তথা অন্যান্য পিছপৰা জনগোষ্ঠীৰ সমাজ-সংস্কৃতিৰ লগত সংমিশ্ৰণ ঘটে। পৰিণতিত পৰম্পৰাগত সমাজৰ পৰিৱৰ্তন হয়।

৩। উদ্যোগ প্ৰতিষ্ঠানবোৰে সমাজৰ বহুতো বৃত্তিৰ উদ্ভাৱন কৰে। ই সকলোৰে জীৱিকাৰ পথ মুকলি কৰি দিয়ে। ফলত পৰম্পৰাগত ভাৱে ভাৰতৰ জাতি পদ্ধতিত মানি অহা ৰীতি নীতি, সামাজিক সংস্কৰণ, খোৱা-বোৱা, বিবাহ পদ্ধতি আদি দিশত পৰিবৰ্তন আহে। বৰ্তমান পুৰুষ মহিলা উভয়ে নিজৰ দক্ষতাৰ সহায়ত যিকোনো বৃত্তিত আত্মনিয়োগৰ সুবিধা পালে। ফলত খোৱা বোৱা, সাজ-পাৰ , জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত, নাৰী শিক্ষা প্ৰসাৰণ তথা অনান্য দিশত পৰিবৰ্তন ঘটিল। বিভিন্ন জাতিৰ মাজত থকা বাধা-নিষেদবোৰ লাহে লাহে নোহোৱা হৈ পৰিল।

8। ভাৰতবৰ্ষৰ কৃষিপ্ৰধান দেশ যদিও পৰম্পৰাগত পদ্ধতিৰেই এই কাৰ্য চলোৱাৰ বাবে উৎপাদনৰ মাত্ৰা আছিল নিম্ন। উদ্যোগিকৰণ প্ৰক্ৰিয়াই ব্যাপক হাৰত প্ৰগতি লাভ কৰাৰ ফলত সমগ্র দেশতে অতীতৰ কৃষি উৎপাদন প্ৰণালীত পৰিবৰ্তন ঘটিল আৰু অতি কম সময়ৰ ভিতৰতে অধিক উৎপাদন সম্ভৱ হ’ল। অৰ্থনৈতিক গাথঁনিত পৰিবৰ্তন অহাৰ ফলত ভাৰতীয় সমাজৰ পৰম্পৰাগত ভাৱে চলি অহা যুটীয়া পৰিয়াল ব্যৱস্থাত পৰিবৰ্তন ঘটা লগতে নাৰী সমাজে আধুনিক শিক্ষা লাভ কৰাত বিশেষভাৱে ইন্ধন যোগালে।

৫৷ উদ্যেগীকৰণৰ ফলত ভাৰতৰ প্রতিখন ৰাজ্যতে কম বেছি পৰিমাণে নান| ধৰণৰ কাৰিকৰী শিক্ষা, বাণিজিক শিক্ষা প্রতিষ্ঠান আদি গঁঢ় লৈ উঠে। ইয়াৰ ফলত বনতো ব্যক্তি বিশ্বৰ বিভিন্ন দেশত উচ্চ পদত নিযুক্তি লাভ কৰাৰ লগতে ভাৰতীয় সমাজত এখন বিশাল বজাৰ সৃষ্টি কৰিলে।

উপৰোক্ত আলোচনাৰ পৰা পৰিষ্কাৰ হ’ল যে উদ্যোগীকৰণ প্রক্রিয়াই ভাৰতীয় জনসাধাৰণৰ মাজত পৰম্পৰ৷গত ৰীতি-নীতি, ধৰ্মীয় বিশ্বাস আৰু সমাজ বাৱস্থাৰ পৰিৱৰ্তন অনাৰ লগতে আধিকসংখ্যক ব্যক্তিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চিন্তাধাৰাৰ প্রতি গুৰুত্ব দিয়াত বিশেষভাৱে ইন্ধন যোগাইছে। উদ্যোগিকৰণে সমাজৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক তথা সামান্য সামাজিক দিশত পৰিবৰ্তন আনে।

১৩৩। What is modernization. 

উত্তৰঃ সামাজিক পৰিৱৰ্তনৰ আন এক প্রধান প্ৰক্ৰিয়া হ’ল আধুনিকীকৰণ। যেতিয়া এখন সমাজৰ সংৰচনাৰ বিভিন্ন দিশত ঔপচাৰিক নীতিৰ দ্বাৰা পৰিচালিত হয়। সেইদৰে অৰ্থনৈতিক দিশত আধুনিক যন্ত্ৰ-পাতি আৰু কলা-কৌশল প্রয়োগ, প্ৰযুক্তিৰ ওপৰত অধিক প্রমূল্যৰ ওপৰত গুৰুত্ব, মানসিক অভিবিন্যাস তথা শিক্ষাৰ মানদণ্ড উন্নত আৰু বেশাদৃশ্যপূৰ্ণ সাংস্কৃতিক আকোৱালি লোৱা সমাজকে আধুনিক সমাজ বুলি কোৱা হয়। বিভিন্ন দাৰ্শনিকে আধুনিকীকৰণৰ সংজ্ঞা বিভিন্ন ধৰণেৰে দাঙি ধৰিছে।

ডব্লিউ ডব্লিউ ৰষ্টৰ মতে, ‘ক্ৰমবৰ্ধমান প্ৰযুক্তিৰ প্রয়োগ আৰু অর্থনৈতিক প্ৰগতিয়েই হ’ল আধুনিকীকৰণ ৷” তেওঁৰ মতে পৰম্পৰাগত অৱস্থাৰ পৰা যেতিয়া নিজকে মুক্ত কৰি আৰ্থিক বিষয়ত নতুন মূল্যবোধ আৰু নতুন উৎপাদন পদ্ধতি প্রচলন কৰে তেতিয়াই সমাজত আধুনিকীকৰণ প্রক্ৰিয়া আৰম্ভ হয়।

According to W. W. Rust, When a society progresses on the ways of development by changing the established system of economy values methods of production of the society . Then it is called modernization.

সমাজবাদ লেভীৰ মতে, ‘কোনো এখন সমাজে প্ৰয়োজনীয় বস্তু উৎপাদনৰ ক্ষেত্ৰত যিমানেই জৰশক্তি ব্যৱহাৰ কৰিব পৰা হয়, সেই সমাজ সিমানেই আধুনিকীকৰণ হোৱা বুলি কোৱা হয়।’

লেভীৰ মতে, জড়শক্তিৰ ব্যৱহাৰে প্ৰযুক্তিৰ উন্নতিকেই সূচায় আৰু প্ৰযুক্তিৰ উন্নতি হ’লেই মানসিক চিন্তা-চৰ্চা, সামাজিক মূল্যবোধ, বস্তুনিষ্ঠ দৃষ্টিভংগী আদি দিশৰ পৰিৱৰ্তন হয়।

Levy is of the view that a society can be called a modern society when the people apply the unused resources or solid potentials of the society in producing need full things.

ডেনিয়েল লাৰনাৰৰ মতে, ‘আধুনিকীকৰণ হ’ল— মানুহৰ প্ৰত্যক্ষবাদী, মনোভাৱ, যাতায়াতৰ ক্ষেত্ৰত বিপ্লৱৰ সৃষ্টি, ক্ৰমবৰ্ধমান নগৰীকৰণ, আৰ্থিক আৰু ৰাজনৈতিক কাৰ্যত ব্যাপক যোগদান, সামাজিক গতিশীলতাৰ মাত্ৰা বৃদ্ধি, যুক্তিবাদী মনোভাৱ, কৰ্মস্পৃহা আদি বৃদ্ধি হোৱা।’

According to Daniel lerner -Modernization refers to the state where social mobility is achieved by the avedent tendency of thought of men. Remarkable development of communication systems. Gradual urbanization, the interest in politics and in the works of the people of the society.

ওপৰৰ সংজ্ঞাৰ পৰা দেখা যায় যে আধুনিকীকৰণৰ ফলত প্ৰথমে সামাজিক মূল্যবোধৰ পৰিৱৰ্তন ঘটে আৰু ইয়াৰ ফলত সমাজত ক্ৰমে নতুন কৰ্মপদ্ধতি, নতুন সাধাৰণ শিক্ষা, কাৰিকৰী শিক্ষা, বিজ্ঞান চৰ্চা আদিৰ ব্যাপকভাৱে প্রচলন হয়। আধুনিকীকৰণে অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন আৰু সংস্কাৰৰ কথা সূচায়।

আধুনিকীকৰণৰ বৈশিষ্ট্য– আধুনিকীকৰণৰ সংজ্ঞা বিভিন্ন দাৰ্শনিকে ভিন্ন ধৰণেৰে দাঙি ধৰাৰ দৰে ইয়াৰ বৈশিষ্ট্যবোৰো সুকীয়াকৈ আলোচনা কৰিছে। 

সমাজ দাৰ্শনিক কাৰ্লডেটছেক (karl-Deatsch) ৰ মতে আধুনিকীকৰণৰ মূল বৈশিষ্ট হ’ল–

১। উন্নত জীৱন নিৰ্বাহ ৰ বাবে বিভিন্ন যন্ত্ৰপাতিৰ সহায় লাৱা।

২। আলাপ-আলোচনাৰ বাবে বিভিন্ন বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰ৷।

৩। ক্ষিপ্ত নগৰীকৰণ।

৪ ৷ কৃষি ব্যৱস্থাত পৰিৱৰ্তন অনা।

৫। দেশৰ জাতীয় আয় আৰু শিক্ষা বৃদ্ধি অনা।

সমাজতত্ত্ববিদ মূৰে (moore) ৰ মতে-

১ ৷ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক সংস্থাবোৰৰ একোটা বিশেষ ৰূপ থাকিব লাগে।

২৷ অত্যাধিক উন্নত প্রযুক্তিৰ প্ৰয়োগক সমাজে স্বীকৃতি দিব লাগিব। 

৩ ৷ উন্নতিমূলক কামৰ সু-সংহত সমাধান।

৪। কৃষি, ব্যৱসায়-বাণিজ্য, উদ্যোগ আদি বিভিন্ন বৃত্তিৰ প্রচলন।

৫৷ শমৰ অধিক বিশেষীকৰণ হ’ব লাগিব।

৬। উন্নত বজাৰ ব্যৱস্থা থাকিব লাগিব।

সমাজ দাৰ্শনিক মইৰণ উঁইনাৰ (Myron Weiner) ৰ মতে আধুনিকীকৰণৰ বৈশিষ্ট্য–

১৷ আধুনিক শিক্ষাৰ সম্প্ৰসাৰণ।

২৷ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উন্নতি।

৩ ৷ জনগণৰ ৰাষ্ট্ৰীয়তাবোধ ভাৱধাৰাৰ সৃষ্টি।

৪৷ বিশেষ গুণসম্পন্ন আৰু দক্ষ নেতা নিৰ্বাচন।

৫। চৰকাৰৰ ওপৰত বিশেষ ক্ষমতা প্রদান।

সমাজতাত্বিক দৃষ্টিকোণৰ পৰা আধুনিকীকৰণৰ চৰিত্ৰবোৰ তলত আলোচনা কৰা হ’ল–

১। অৰ্থনৈতিক ক্ষেত্ৰত আধুনিক যন্তুপাতি প্রয়োগ কৰা, ৰসায়ন, বিজুলী শক্তি আদি উৎপাদনবোৰ ব্যৱসায়মুখী কৰা, উদ্যোগ- প্রতিষ্ঠান আৰু ব্যৱসায়ী সংগঠনবোৰ বৈজ্ঞানিক নীতি-নিয়মেৰে পৰিচালনা কৰা, সামগ্ৰীৰ আমদানি-ৰপ্তানিৰ ব্যৱস্থা কৰা আৰু সমাজৰ অধিক জনসংখ্যা উৎপাদন কামত অংশগ্ৰহণ কৰা লক্ষণবোৰ হ’ল আধুনিকীকৰণ।

২। আধুনিকীকৰণৰ ফলত সমাজত ধৰ্মনিৰপেক্ষতাৰ ধাৰণাই গঢ় লয়। মানুহ ধৰ্মৰ ক্ষেত্ৰত কিছু উদাসীন হৈ পৰে আৰু ধৰ্মক নতুন ধৰণে ব্যাখ্যা কৰিব বিচাৰে।

৩। শিক্ষাৰ ক্ষেত্ৰত আধুনিকীকৰণৰ প্ৰধান লক্ষ্য হ’ল জনমুখী হোৱা। শিক্ষাগত অৰ্হতাৰ ভিত্তিত যাতে যিকোনো মানুহে কিবা এটা কাম কৰি জীয়াই থাকিব বা উন্নতি কৰিব পাৰে।

৪। আধুনিক সমাজত মানুহে আবেগ-অনুভূতিৰ পৰিৱৰ্তে বিবেকেৰে পৰিচালিত হয়। সমাজত সামাজিক ভাৱধাৰা, সামাজিক প্রতিমান, প্রমূল্য আদিৰ ওপৰত গুৰুত্ব দিয়া হয়।

৫৷ গণতন্ত্ৰৰ ভাবাদৰ্শ, বিভিন্ন ৰাজনৈতিক দল নিৰ্বাচন, আইন ৰচনা, আইন বিচাৰ আৰু আইন প্রয়োগ কৰা, কতৃত্ব আৰু দায়িত্বৰ পৃথকীকৰণ আমোলাতান্ত্ৰিক আৰু আমোলাতান্ত্ৰিক প্ৰশাসনৰ ব্যৱস্থা কৰাটোৱেই হ’ল ৰাজনৈতিক পদ্ধতিৰ আধুনিকীকৰণ।

৬ ৷ আধুনিকীকৰণৰ ফলত পৰম্পৰাগত সামাজিক মূল্যবোধ আৰু ভাৱধাৰাৰ পৰিৱৰ্তন ঘটে। পৰম্পৰা বা অন্ধবিশ্বাসৰ পৰিৱৰ্তে আধুনিক সমাজ যুক্তিবাদী দৰ্শনৰ ওপৰত প্রতিষ্ঠিত। 

উপৰোক্ত লক্ষণসমূহৰ উপৰি গতিশীলতা, ব্যাপক কম সংস্থান, উচ্চাকাংক্ষী হোৱা সাংগঠনিকভাৱে প্ৰতিযোগী হোৱা, নগৰীকৰণ আঁচনিৰ প্রয়োগ, শ্ৰমবিভাজন আদি চৰিত্ৰবোৰো আধুনিকতাৰ লক্ষণ।

১৩৪। write -modernization and social change.

উত্তৰঃ সমাজ পৰিৱৰ্তন আধুনিকীকৰণ প্ৰক্ৰিয়াই যথেষ্ট বৰঙণি আগবঢ়াইছে। আধুনিকীকৰণৰ ফলত সমাজত হোৱা বিশেষ কেইটামান পৰিৱৰ্তনৰ কথা তলত আলোচনা কৰা হ’ল-

১ ৷ ভাৰতীয় সমাজ ব্যৱস্থাত আধুনিকীকৰণৰ প্রভাৱ মন কৰিবলগীয়া। আধুনিক শিক্ষা, উদ্যোগীকৰণ, নগৰীকৰণ, গণতান্ত্ৰিক আদৰ্শ, ধৰ্ম নিৰপেক্ষতা ধাৰণা আদিৰ ফলত পৰম্পৰাগত সামাজিক জীৱনৰ পৰিৱৰ্তন ঘটিছে। পৰম্পৰাগত জাতিগত প্রস্থিতি বা বৰ্ণগত প্রস্থিতিৰ পৰিৱৰ্তে বৰ্তমানৰ ভাৰতীয় সমাজে স্বলব্ধ প্রস্থিতিৰ ওপৰত গুৰুত্ব আৰে৷প কৰিছে। কু-সংস্কাৰযুক্ত অযুক্তিকৰ প্ৰথাৰ পৰিৱৰ্তে যুক্তিপূৰ্ণ আইন গৃহীত হৈছে।

২ ৷ পৰম্পৰাগত আধুনিক অৰ্থনীতিটো আধুনিকতা প্রভাৱ পৰি ইয়াৰ ৰূপ সলনি হৈছে। কৃষিখণ্ডত অধিক উৎপাদনৰ বাবে জৈৱিক শক্তিৰ উপৰি ট্ৰক্টৰ, পাৱাৰটিলাৰ, উন্নত বীজ, ৰাসায়নিক সাৰ, কীটনাশক ঔষধ, জলসিঞ্চন, নদী বান্ধ আদিৰ ব্যৱহাৰ হৈছে। পূৰ্বৰ কুটাৰ শিল্পৰ উদ্যোগবোৰৰ ঠাইত প্ৰযুক্তিগত নতুন বৃহৎ উদ্যোগ প্ৰতিষ্ঠা হ’’ল। লগতে নতুন বজাৰ সৃষ্টি হ’ল। যান্ত্ৰিক শক্তিৰ অধিক প্রয়োগেৰে প্রকৃতিৰ বুকুত পোৱা বিভিন্ন সম্পদ আহৰণ কৰি তাৰ পৰা প্ৰয়োজনীয় বস্তুৰ উৎপাদন সম্ভৱ হছে। জাতি-ধৰ্ম-লিংগ নিৰ্বিশেষে সকলোৱে নিজৰ যোগ্যতাৰ বলত অর্থনৈতিক পদ্ধতিৰ বিভিন্ন ভাগত অংশগ্ৰহণ কৰিব পাৰিছে।

৩ ৷ ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰতো আধুনিকীকৰণৰ প্ৰসাৰ মন কৰিবলগীয়া। ৰাজতন্ত্ৰৰ সলনি গণতান্ত্ৰিক শাসনৰ প্রচলন হ’ল। আইনৰ দৃষ্টিত সকলো বান্তিয়ে সমান সুৰক্ষা আৰু সুবিধা পোৱা হ’ল। প্ৰয়োজন অনুসৰি জনসাধাৰণে শাসক দলৰ সলনি কৰিব পৰা হল। সামূহিক মূল্যবোধ, জনমতৰ গুৰুত্ব বৃদ্ধি পালে।

৪। আধুনিকীকৰণৰ ফলত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত হোৱা পৰিৱৰ্তনো মন কৰিবলগীয়া। মানুহে সহজে এঠাইৰ পৰা আন এঠাইলৈ যাব পৰা হ’ল। দেশ-বিদেশৰ খবৰ অতি সহজে লাভ কৰিব পৰা হ’ল। জনসংযোগ ৰক্ষাৰ বাবে চেলুলাৰ ফোন, মোবাইল ফোন, ৰেডিঅ’, দ্ৰুত ডাকসেৱা, ফেক্, দূৰদৰ্শন, কম্পিউটাৰ, ইণ্টাৰনেট আদিৰ প্ৰচলন হ’ল। জলপথ, স্থলপথ আৰু আকাশীপথৰ উন্নয়নে ভাৰতীয় সমাজক আধুনিকতাৰ দিশত বহুদূৰ আগবঢ়াই নিলে।

৫। আধুনিকীকৰণৰ ফলত ভাৰতীয় সমাজত নতুন সামাজক মূল্যবোধ, আদৰ্শ আৰু বৈজ্ঞানিক ভাৱধাৰাৰ উদয় হৈছে। আধুনিক সমাজত মানুহে আবেগ-অনুভূতিৰ পৰিৱৰ্তে বিবেকেৰে পৰিচালিত হৈছে। সমাজত ধৰ্মনিৰপেক্ষতাৰ ধাৰণাই গঢ় লৈছে। সমাজৰ পৰিয়াল পদ্ধতি, বিবাহ পদ্ধতি, জাতি প্রথা আদি সংস্থাবোৰলৈ যথেষ্ট পৰিৱৰ্তন আহি পৰিল। এইবোৰৰ লগে লগে সামাজিক প্রতিমান, প্রমূল্য, সামাজিক সম্বন্ধ, জীৱন নিৰ্বাহৰ মানদণ্ড আদিৰ ক্ষেত্ৰতো পৰিৱৰ্তন হ’ব ধৰিছে।

এইদৰে সমাজৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে আধুনিকীকৰণে প্রভাৱ পেলাই বিস্তৰ পৰিৱৰ্তন সাধন কৰিছে। এই পৰিৱৰ্তনবোৰৰ ফলত সমাজত বহুতো নতুন সমস্যাই দেখা দিছে। তথাপি এখন সমাজৰ উন্নতিৰ লগত আধুনিকীকৰণ প্রক্ৰিয়াটো ওতঃপ্ৰোতভাৱে সাঙোৰ খাই আছে।

১৩৫। জৈন ধৰ্মৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে এটি টোকা লিখা?

উত্তৰঃ মহাবীৰক জৈন ধৰ্মৰ প্ৰবৰ্তক বুলি কোৱা হয়। অৱশ্যে জৈন ধৰ্ম গ্ৰন্থমতে এই ধৰ্মৰ প্রকৃত প্রৱৰ্তকজনৰ নাম আছিল ঋষভ। জৈন ধৰ্মাৱলম্বীসকলৰ বিশ্বাস অনুসৰি ঋষভৰ পাছত ২৩ জন সাধকে জৈন ধৰ্ম প্ৰচলন কৰি আহিছিল। মহাবীৰৰ পূৰ্বসুৰী প্রতিজন সাধককে একোজন তীৰ্থাংকৰ বোলা হয়। সেই ফালৰ পৰা মহাবীৰ আছিল ২৪ নং তীৰ্থাংকৰ। মহাবীৰৰ আগৰ তীৰ্থাংকৰজনৰ নাম আছিল পাৰ্শ্বনাথ। তেওঁৰ বাহিৰে অন্যান্য তীৰ্থাংকৰসকলৰ বিষয়ে ভালদৰে জনা নাযায়।

বৰ্দ্বমান মহাবীৰৰ (৫৩৭-৪৬৭ খ্ৰীষ্টাব্দপূৰ্ব) দেউতাক নাম আছিল সিদ্ধাৰ্থ। তেওঁ কুন্দাপুৰৰ জ্ঞাত্রিক কুলৰ প্রধান আছিল। মাক ত্ৰিশলা আছিল ক্ষত্ৰিয় কুলৰ। মগধৰ শাসক পৰিয়ালৰ সৈতে ত্ৰিশলাৰ তেজৰ সম্পৰ্ক আছিল। প্ৰায় ৭০/৭২ বছৰ বয়সত মল্লসকলৰ ৰাজধানী পাভ নামৰ ঠাইত মহাবীৰৰ মৃত্যু হৈছিল।

মহাবীৰ পত্নীৰ নাম আছিল যশোদা মহাবীৰে ত্ৰিশ বছৰ বয়সত সংসাৰ ত্যাগ কৰে। তাৰ পাছত বাৰ বছৰ কাল তেওঁ নগ্নভাৱে পূৰ্ব ভাৰতৰ ভালেমান দেশ ভ্ৰমণ কৰে। দীৰ্ঘদিন ৰিজুপালিকা নদীৰ পাৰৰ জিমভিকা গাঁৱৰ এজোপা শাল গছৰ তলত তেওঁ কঠোৰ তপস্যা কৰে। ৪২ বছৰ বয়সত সৰ্বোত্তম জ্ঞান লাভ কৰে।

মহাবীৰে সিদ্ধি লাভ কৰাৰ পাছত মগধ, বিদেহ, অংগ, ভাগালপুৰ আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল। মহাবীৰে কাম, ক্রোধ, লোভ, মাৎচৰ্য জয় কৰিব পাৰিছিল। সেইবাবেই তেওঁ প্রচাৰ কৰা ধৰ্মটো জয় কৰা বোলা হয়। ইয়াৰ অৰ্থ হ’ল জিনা ৷ এই ‘জিনা শব্দৰ পৰাই জৈন হয়। জৈন ধৰ্মৰ মূল লক্ষ্য আছিল সৎ জীৱন যাপন কৰি পুনৰ জন্মৰ পৰা নিষ্কৃতি লাভ। তেওঁলোকে বিশ্বাস কৰিছিল পূৰ্বজন্মত কৰা ভাল-বেয়া কামৰ ওপৰত নিৰ্ভৰ কৰিয়েই পুনৰ জন্ম পোৱা-নোপোৱাটো নিৰ্ভৰ কৰে। জীৱনটো সততাৰে পৰিচালনা কৰিবলৈ হ’লে কিছুমান নীতিৰ মাজেৰ জীৱনটো আগবঢ়াই নিয়া উচিত। জৈন দৰ্শনে কোনো ভগৱানৰ অস্তিত্ব স্বীকাৰ নকৰে। ভগৱানক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাটো এটা অৰ্থহীন কাম বুলিহে তেওঁলোকে ভাৱে।

বিশ্ব চৰাচৰ দুটা ভাগত বিভক্ত। অজীৱ (অৰ্থাৎ বস্তু) আৰু জীৱ জীৱ চেতন মনৰ অধিকাৰী। জীৱই দুখ-কষ্ট অনুভৱ কৰিব পাৰে। আত্মা যেতিয়া বস্তুৰ সংস্পৰ্শলৈ আহে, ই তাৰ মায়া-মোহৰ দ্বাৰা বন্দী হয়। আত্মাৰ প্ৰধান লক্ষ্য হ’ল বন্ধনৰ পৰা মুক্তি পোৱা। কোনো ধৰণৰ বাহ্যিক আৱৰণ পৰিধান কৰাতোও মহাবীৰে পচণ্ড নকৰিছিল। তেওঁ মাত্র তিনিটা কথাৰ ওপৰত গুৰুত্ব দিছিল। সৎ বা শুদ্ধ বিশ্বাস, সৎ জ্ঞান আৰু সৎ কৰ্ম। জৈন দৰ্শনৰ এয়াই হ’ল মূল মৰ্ম।

১৩৬। বৌদ্ধ ধৰ্মৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে এটি আলোচনা যুণ্ডত কৰা?

উত্তৰঃ সিদ্ধাৰ্থ (৫৬৬/৬৭-৪৮৬/৮৭ খ্ৰীষ্টাব্দপূৰ্ণ) হ’ল বৌদ্ধ ধৰ্মৰ প্রৱৰ্তক। তেওঁ শাক্যসকলৰ গোষ্ঠীপ্রধান সুদ্ধোধন আৰু তেওঁৰ পত্নী মায়াৰ পুত্ৰ। তেওঁলোক আছিল ক্ষত্ৰিয়কুলৰ ৷ তেওঁৰ জন্মৰ সাত দিনৰ পাছতে মাতৃ মায়াৰ মৃত্যু হয় আৰু মাহীমাকে তেওঁক প্রতিপালন কৰে। কপিলাবস্তৰ লুম্বিনী গাঁৱত তেওঁৰ জন্ম। শাক্য ৰাজবংশত জন্ম পোৱাৰ বাবে সিদ্ধাৰ্থক শাক্য মুনিও বোলা হৈছিল। সিদ্ধাৰ্থ সৰুৰে পৰা চিন্তাক্লিষ্ট আছিল। দেউতাকে যশোধৰা নামে কন্যা এটিৰ লগত কম বয়সতে তেওঁৰ বিয়া পাতি দিছিল। সময়ত তেওঁলোকৰ ৰাহুল নামেৰে এটি পুত্ৰ সন্তানৰ জন্ম হয়। 

সমাজত মানুহৰ দুখ-কষ্ট, জড়া-ব্যাধি, বাৰ্ধক্য-মৃত্যু, অভাৱ-অনাটন, অন্যায়-অত্যাচাৰ, অনীতি-অনিয়ম আদিয়ে সিদাৰ্থক চিন্তিত কৰি তুলিছিল। সেইবোৰে তেওঁৰ মনত আমনি কৰিছিল। এইবোৰৰ বাবেই তেওঁৰ মনত সংসাৰ বিৰাগ দৃষ্টিভংগীয়ে গঢ় লয়। সংসাৰৰ মায়া-মোহৰ উৰ্দ্ধত অৱস্থান কৰাৰ তীব্ৰ বাসণা তেওঁৰ মনত গঢ় লয়। মানুহৰ বৃদ্ধ অৱস্থা, মানুহৰ পংগুত্ব, সম্যাস আৰু মানুহৰ মৃত্যুৱে তেওঁৰ মনত গভীৰ ৰেখাপাত কৰে। সংসাৰ ত্যাগ কৰাৰ ক্ষেত্রত এইবোৰে সিদ্ধাৰ্থক প্ৰভাৱিত কৰিলে। সংসাৰৰ সকলো মায়া-মোহ ত্যাগ কৰি এদিন তেওঁ ঘৰৰ পৰা ওলাই গ’ল। তেতিয়া তেওঁৰ বয়স আছিল ২৯ বছৰ। পণ্ডিত গুৰু আলাৰা কালামাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল যদিও তেওঁ সন্তুষ্ট হ’ব নেৱাৰিলে। উদ্যুকা ৰামপুত্ত নামৰ আন এজন পণ্ডিতৰ ওচৰতো দীক্ষা লৈছিল। কিন্তু তেওঁ তাতো প্রকৃত মুক্তিৰ সন্ধান নাপালে। অৱশেষত তেওঁ নিৰনজৰা নদীৰ পাৰত অৱস্থিত উৰুভেলালৈ (বৰ্তমান বুদ্ধগয়া) যায় আৰু এজোপা আহত গছৰ তলত ধ্যান কৰে। গভীৰ তপস্যাৰ ফলত তেওঁৰ শৰীৰ শুকাই-খীণাই যায়৷ সেই আহত গছজোপাক পৃূজা কৰিবলৈ যোৱা সুজাতা নামৰ এগৰাকী মহিলাৰ পৰা খাদ্য গ্ৰহণ কৰি কথমপি তেওঁ জীয়াই আছিল। কিছুদিনৰ পাছতে তেওঁ পৰম জ্ঞান লাভ কৰে অৰ্থাৎ বুদ্ধত্বপ্ৰাপ্ত হয়।

বুদ্ধৰ মতে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱেই পৰিবর্তনশীল। এই ধাৰণাৰ ওপৰত নির্ভৰ কৰিয়েই সকলো বস্তু যে অনিত্য, আৰু এই অনিত্য অৱস্থাৰ পৰা নিৰ্বাণলৈ গতি কৰিব পাৰি তাৰেই সন্ধান দিছিল। তেওঁ কৰ্মফল আৰু নিৰ্বাণৰ বিষয়ে অনাৱশ্যক তাত্বিক ব্যাখ্যা বিশ্লেষণ দিয়াতকৈ কৰ্মফল আৰু পুনৰ্জন্মৰ পৰা কেনেকৈ সম্পূৰ্ণ মুক্তি লাভ কৰিব পাৰি তাৰ অনুশীলনৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ মতে সকলোবোৰেই অনিত্য, ক্ষন্তেকীয়া আৰু অসাৰ। সেয়ে মানুহৰ দুখ-কষ্টৰ উৎস আৰু সেই দুখ-কষ্টৰ কেনেকৈ অন্ত পৰিব তাৰ পথৰ সন্ধান কৰিছিল। 

বুদ্ধই তেওঁৰ শিষ্যসকলক চাৰিটা প্ৰধান সত্যৰ সম্ভেদ দিছিল।  যথা-

১। দুখ-কষ্ট।

২ ৷ দুখ-কষ্ট উৎপত্তিৰ কাৰণ।

৩। দুখ-কষ্টৰ অৱসান। আৰু

৪। দুখ- কষ্ট নোহোৱা কৰাৰ উপায়।

এইকেইটাক চাৰি আৰ্য সত্য বোলে। বুদ্ধৰ মতে ইচ্ছাই হ’ল মানুহৰ সকলোধৰণৰ দুখৰ উৎস। আশা-আকাংক্ষা নোহোৱা কৰিবলৈ হ’লে মানুহে আঠদফীয়া সৎ পথ লোৱাৰ কথা বুদ্ধই উল্লেখ কৰি গৈছে। সেয়া হ’ল-

সৎ বিশ্বাস : সীমাহীন ইচ্ছা আৰু স্বাৰ্থপৰতাৰে এই সংসাৰখন পৰিপূৰ্ণ । এইবোৰ ধ্বংস কৰিব পৰাৰ মাজতেই লুকাই আছে শান্তিৰ পথ।

২। সৎ সংকল্প : আনৰ সম্পত্তি আশা নকৰা, বিলাসিতা আৰু ৰিপুসমূহৰ আনন্দৰ বাবে কাম নকৰাৰ মাজতে সোমাই আছে সৎ সংকল্প।

৩। সৎ বচন : মিছা কথা, বক্ৰোক্তি, লঘু কথা সমাজৰ বাবেই ক্ষতিকাৰক।

৪। সৎ কৰ্ম : চৌৰ্যবৃত্তি, ভেজালকৰণ, আত্মসৎ আদি পৰিত্যাগ কৰা উচিত। সৎ কৰ্মত স্বাৰ্থহীনতা লুকাই থাকে।

৫। সৎ জীৱিকা : অসৎ উপায়েৰে জীৱিকা অৰ্জন কৰা অনুচিত।

৬। সৎ যত্ন বা চেষ্টা : নিজৰ আৱেগ-অনুভূতিক নিয়ন্ত্ৰণ কৰা দৰকাৰ৷

৭। সৎ স্মৃতি : সংসাৰ, জীৱ, শৰীৰ, সকলো পাৰ্থিৱ বস্তু যে অনিত্য সেয়া অনবৰত মনত ৰখা দৰকাৰ।

৮। সৎ সমাধি : সৎ সমাধিয়ে মনক নিৰ্মল কৰি আনন্দ দিয়ে।

উল্লিখিত আঠটা পথকে অষ্ট মাৰ্গ বোলে।

টিপিটক হ’ল বৌদ্ধ দৰ্শনৰ মূল ধৰ্ম গ্ৰন্থ। সেয়া হ’ল সুত্ত পিটক, বিনয় পিটক আৰু অভিধৰ্ম পিটক। সূত্ত পিটক হ’ল পাঁচখন নিকায়ৰ সমষ্টি– দীৰ্ঘ নিকায়, মা নিকায়, মাঝসীমা নিকায়, অংগুওৰা নিকায় আৰু খৃড্ডাকা নিকায়। এইবোৰত ধৰ্মৰ আলোচনা সন্নিবিষ্ট আছে। খুড্ডাকা নিকায়ত কেৱল ধৰ্মপদ আছে। ৰাইছ ডেভিছ়ৰ মতে বিনয় পিটকত নতুন কথাৰ সংযোজন ঘটিছে। অভিধৰ্ম পিটকত বৌদ্ধ ধৰ্মৰ দাৰ্শনিক দিশটোক আলোচনা কৰা হৈছে।

বৌদ্ধ দৰ্শনৰ মূল উপাদানসমূহ ‘ধৰ্মচক্র প্রৱৰ্তন সূত্ত (বা সূত্ৰ)”ত সংক্ষিপ্তভাৱে আলোচনা কৰা হৈছে। বুদ্ধৰ ‘আৰ্য সত্য’ আৰু ‘অষ্ট মাৰ্গ’ৰ বিষয়ে এই গ্ৰন্থত সন্নিৱিষ্ট হৈ আছে।

ভাৰতীয় তথা বিশ্ব সভ্যতা-সংস্কৃতিলৈ বৌদ্ধ ধৰ্ম আৰু দৰ্শন এক গুৰুত্বপূৰ্ণ অৱদান। বুদ্ধৰ জীৱন কালৰ পৰা এই ধৰ্ম আৰু দৰ্শনে বিশ্বৰ কোটি কোটি মানুহক আকৰ্ষণ কৰি আহিছে। বৌদ্ধ ধৰ্ম আজি বিশ্বৰ এক প্ৰধান ধৰ্মীয় ধাৰাৰূপে পৰিগণিত হৈছে। বুদ্ধক অনিষ্ট কৰিব বিচৰা ব্যক্তিয়েও পৰৱৰ্তী সময়ত তেওঁৰ ওচৰত শৰণ লৈছিল। ধৰ্মানন্দ কৌশ্বাশ্বীয়ে উল্লেখ কৰিছে যে মগধৰ ৰজা বিশ্বিসাৰে বুদ্ধক তেওঁ বেশ-ভূষা, আচৰণ, সুস্বাস্থ্যৰ গৰাকী আৰু সকলো ফালৰ পৰা তেওঁক এজন মাৰ্জিত ৰুচিৰ ক্ষত্ৰিয় বুলি ধৰি লৈছিল আৰু মগধৰ সেনাধক্ষৰ পদবী দিছিল। বিম্বিসাৰে যেতিয়া বুদ্ধৰ সম্পূৰ্ণ পৰিচয় পালে তেতিয়া তেওঁৰ সৈতে বন্ধুত্ব স্থাপন কৰিলে আৰু তেওঁক সহায় কৰিলে।

একাংশ বৌদ্ধবিৰোধী ধৰ্মগুৰুৱে সুস্বাস্থ্যৰ বুদ্ধদেৱক কৃষিকাৰ্য বা আন উৎপাদনমুখী কাৰ্যৰ বাবেহে উপযোগী বুলি কৈ উপহাস কৰিছিল। ইফালে বুদ্ধ জীয়াই থকাৰ সময়তেই বহু বৌদ্ধবিৰোধী লোক বৌদ্ধধৰ্মত দীক্ষা গ্ৰহণ কৰিছিল আৰু নিৰ্বাণ প্রাপ্তিৰ চেষ্টা কৰিছিল। বুদ্ধৰ মহাপৰিনিৰ্বাণৰ পাছতো এই ধৰ্মই যথেষ্ট প্ৰচাৰ লাভ কৰিছিল। বৌদ্ধ ধৰ্ম আৰু দৰ্শন উন্নয়নশীল সমাজৰ বাবে অতি উপযোগী হৈ পৰিছিল।

১৩৭। জনজাতিৰ প্রতি বৃটিছ নীতি কেনেধৰণৰ আছিল বুজাই লিখা?

উত্তৰঃ জনজাতীয় লোকসকলৰ বাবে বৃটিছৰ কোনো সুনিৰ্দিষ্ট নীতি নাছিল। কিন্তু সমাজৰ মূল প্রবাহৰ পৰা বিচ্ছিন্ন হৈ থকা এই লোকসকলক তেওঁলোকে বৰ্বৰ হিচাপে বিবেচনা কৰিছিল আৰু সেয়েহে জনজাতীয় লোকসকলক অস্ত্রবলৰ দ্বাৰা শান্ত কৰি ৰাখিব বিচাৰিছিল আৰু পাছত শিক্ষাৰ জৰিয়তে চুবুৰীয়া সুসভ্য জাতিসমূহৰ সৈতে মিলি যাব পৰাকৈ সুসভ্য কৰি তুলিবলৈ চেষ্টা কৰিছিল। ছোটা নাগপুৰ অঞ্চলৰ ১৮৩১ চনৰ ক’ল বিদ্ৰোহ (Kol Mutiny) ৰ সময়ৰ পৰা বৃটিছ চৰকাৰে জনজাতিৰ বিভিন্ন উত্থানৰ সন্মুখীন হৈছিল। বৃটিছ চৰকাৰে ৰাজ্যখনৰ গৱৰ্ণৰ জেনেৰেলৰ বাবে এজন এজেণ্ট নিয়োগ কৰিছিল। ইয়াৰ পাছত ১৮৫৫ চনত ভূমি মূল্য নিৰ্দ্ধৰণক লৈ চাওতাল বিদ্ৰোহ আৰম্ভ হয়। এই দুয়োটা পৰিঘটনাতেই বৃটিছ চৰকাৰে প্ৰশাসনীয় ব্যৱস্থা আৰু ভূমিৰ লগত জড়িত আইন সলনি কৰিবলগীয়া হয়। ভাৰত চৰকাৰ ১৮৭০ চনৰ ধাৰা মতে সংসদে গৱৰ্ণৰ জেনেৰেল ইন কাউন্সিলক স্থানীয় আৰু ৰাজ্যিক চৰকাৰে প্ৰণয় কৰা আইন বলবৎ কৰিবলৈ ক্ষমতা প্রদান কৰা হৈছে।

এই আইনৰ অধীনত বহুতো ব্যৱস্থা লোৱা হয়। ১৮৭৪ চনত ভাৰতীয় আইন প্রণয়নকাৰী পৰিষদে তালিকাভুক্ত জিলা আইন গৃহীত কৰে, যাৰদ্বাৰা স্থানীয় চৰকাৰক এই তালিকাভূক্ত অঞ্চলত প্ৰযোজ্য আইনসমূহ পৰ্যালোচনা কৰি প্রয়োজন সাপেক্ষে বিলোপ অথবা সংশোধন কৰি ব্যৱস্থা ল’বলৈ কৰ্তৃত্ব দিয়া হৈছিল।

বৃটিছ প্রণালীৰ মুখ্য উদ্দেশ্য আছিল শান্তি আৰু সুৰক্ষা প্রদান কৰা আৰু মানুহৰ অগ্ৰগতিৰ বাবে ভৈয়ামৰ লোকৰ সৈতে একতাৰ মনোভাৱেৰে মিলামিছা কৰা ৷ বৃটিছৰ বন নীতিও মৌলিকভাৱে বেলেগ নহয়। লাহে লাহে এই এলেকাসমূহৰ জৰীপ আৰম্ভ কৰা হয় আৰু যেতিয়া য’ত সম্ভৱপৰ হয় তেনেকৈ ভূমি ৰাজহ আৰোপ কৰা হয়। ১৮৭৬ চনত চৰকাৰে চাওতাল পৰগণাত ব্যক্তিগতভাৱেই হওক বা ন্যায়ালয়ৰ আদেশ মৰ্মেই হওক, ভূমিৰ বিক্ৰী বন্ধ কৰি দিয়ে।

মন্টেগ’ আৰু লৰ্ড চেমচ্‌ ফ’ৰ্ডে তেওঁলোকৰ সংস্কাৰমূলক বিৱৰণতো এই অঞ্চলৰ কিছুমান পিছপৰা এলেকাৰ আদিম অধিবাসীৰ অৱস্থিতি স্বীকাৰ কৰিছে, য’ত কোনো ৰাজনৈতিক অনুষ্ঠানৰ উপাদান বিচাৰি পোৱা যায়। তেওঁলোকে অভিমত দিছিল যে পিছপৰা শ্ৰেণীৰ প্ৰশাসন সেই অঞ্চলৰ মুৰব্বীয়ে সম্পাদন কৰিছিল। 

১৯১৯ চনৰ ভাৰত চৰকাৰ আইনৰ অধীনৰ ৫২ (A)(২) দফা অনুসৰি গৱৰ্ণৰ জেনেৰেলক চেক্ৰেটেৰী অব ষ্টেটৰ অনুমোদন সাপেক্ষে যিকোনো অঞ্চল পিছপৰা বুলি ঘোষণা কৰিব পৰা ক্ষমতা প্ৰদান কৰিছিল। সেই হিচাপে, চৰকাৰে যথেষ্ট সংখ্যক অঞ্চল পিছপৰা অঞ্চল হিচাপে ঘোষণা কৰিছিল। ইয়াৰ পিছতো কিছু প্ৰশাসনীয় সংস্কাৰ হৈছিল। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত ১৯৩৬ চনত এই অঞ্চলসমূহ কিছু পৰিবৰ্তন কৰি বহিঃভূত অঞ্চল’ (excluded area) আৰু ‘আংশিক বহিঃভূত অঞ্চল’ (partially excluded area) হিচাপে নতুনকৈ গঠন কৰ হয়। 

১৩৮। স্বজনতাৰ প্ৰকাৰ আৰু মাত্ৰ সম্পৰ্কে এটি আলোচনা কৰা?

উত্তৰঃ যিকোনো সমাজতে স্বজন/আত্মীয় সম্পৰ্কবোৰৰ ভেটি হ’ল জন্মগত (তেজৰ সম্পৰ্ক) নাইবা বিবাহ ৷ মানৱ জীৱনৰ এই দুটা দিশ হ’ল সমাজত থকা স্বজনতাৰ দুটা প্রধান প্রকাৰ।

সমদ্ভৱজনিত স্বজনতাঃ এনে স্বজনতাই তেজৰ সম্পৰ্কৰ জৰিয়তে গঢ় লোৱা সম্বন্ধবোৰৰ কথা বুজায়৷ পিতৃ-মাতৃ আৰু সম্ভানৰ সম্বন্ধ, ভাই-ভনীৰ মাজৰ সম্বন্ধ হ’ল সবাতোকৈ মৌলিক আৰু বিশ্বজনীন স্বজন সম্পৰ্ক। এইখিনিতে এটা কথা মনত ৰাখি থোৱা ভাল হ’ব যে তেজৰ সম্পৰ্ক আচল হ’ব পাৰে নাইবা ধৰি লোৱা হ’ব পাৰে। বহুপতি গ্ৰহণৰ প্রথা প্ৰচলিত জনজাতি সম্প্ৰদায় (Polyandrous )বোৰত সম্ভানৰ প্রকৃত পিতৃৰ পৰিচয় অজ্ঞাত হৈ ৰৈ যায়। এটি তোলনীয়া ( adopted ) শিশুক পিতৃয়ে নিজৰ জৈৱিকভাৱে জন্ম সম্ভানৰ দৰে চোৱাচিতা কৰে। সেয়েহে তেজৰ সম্পৰ্ক কেৱল জৈৱিক ভিত্তিতে নিৰ্ধাৰিত নহয়, সামাজিক স্বীকৃতিয়েও তেজৰ সম্পৰ্ক স্থাপন কৰিব পাৰে।

বিবাহ সূত্ৰে সৃষ্ট স্বজনতা (Affinal Kinship) : বৈবাহিক বান্ধোনৰ জৰিয়তে এনে স্বজনতাৰ সৃষ্টি হয়। এনে স্বজনতাৰ সবাতোকৈ মৌলিক ৰূপটো হ’ল পতি-পত্নীৰ মাজৰ সম্বন্ধ। যেতিয়া এগৰাকী মহিলা আৰু এজন পুৰুষ বিবাহৰ বান্ধোনেৰে বান্ধ, খায়, তেতিয়া তেওঁলোক দুজনৰ মাজতেই কেৱল এটা সম্বন্ধৰ সৃষ্টি নহয়, দুয়োটা পৰিয়ালৰ আন বহুতো সদস্যৰ সৈতেও বিভিন্ন সম্বন্ধ গঢ় লৈ উঠে। ইয়াৰ উপৰি কেৱল বিবাহ সূত্ৰে বান্ধ খোৱা মহিলা-পুৰুষ দুগৰাকীয়েই দুটা-পৰিয়ালৰ সৈতে সম্বন্ধ স্থাপন নকৰে, মহিলাগৰাকীৰ পৰিয়াল আৰু পুৰুষজনৰ পৰিয়ালৰ মাজতো সম্বন্ধৰ সৃষ্টি হয়। বিবাহৰ পাচত পুৰুষ এজন কেৱল এগৰাকী মহিলাৰ পতিয়েই নহয়, তেওঁ কাৰোবাৰ ভিনিহি, জোঁৱাই আদিও হৈ পৰে। একেদৰে, মহিলা এগৰাকী বিবাহৰ পাচত কাৰোবাৰ পত্নী হোৱাৰ লগতে কাৰোবাৰ বৌয়েক, বোৱাৰীয়েক হৈ পৰে। এনেকৈয়ে বিবাহে সৃষ্টি কৰা সম্বন্ধবোৰক বিবাহ সূত্ৰে সৃষ্টি স্বজনতা বোলা হয়।

স্বজনতাৰ মাত্ৰাঃ দুগৰাকী ব্যক্তিৰ মাজৰ যিকোনো সম্বন্ধৰে আধাৰ হ’ল সম্বন্ধৰ মাজৰ ঘনিষ্ঠতা অথবা দূৰত্বৰ মাত্ৰা। সম্বন্ধৰ এই ঘনিষ্ঠতা আৰু দূৰত্ব ব্যক্তি দুগৰাকী কেনেধৰণে পৰস্পৰৰ সৈতে সম্পৰ্কিত তাৰ ওপৰত নিৰ্ভৰশীল স্বজনতাৰ তিনিটা প্রধান মাত্ৰা আছে।

যেনে–

স্বজনতাৰ মাত্রা : মুখ্য স্বজনতা গৌণ স্বজনতা   তৃতীয়কস্বজনতা মুখ্য সমোদ্ভৱজনিত গৌণ সমোদ্ভৱজনিত তৃতীয়ক সমোদ্ভৱজনিত।

মুখ্য স্বজনতাঃ মুখ্য স্বজনতাই পোনপটীয়া সম্বন্ধবোৰৰ কথা বুজায়। পৰস্পৰৰ সৈতে পোনপটীয়া সম্বন্ধ থকা লোকক মুখ্য স্বজন/আত্মীয় বুলি কোৱা হয়। মুখ্য স্বজন/আত্মীয় মূলতঃ আঠ প্ৰকাৰৰ- পত্নী-পিতৃ-ল’ৰা সন্তান,পিত-কন্যা সন্তান-মাতৃ-ল’ৰ৷ সন্তান-পত্নী; পিতৃ-ল’ৰা সন্তান, পিতৃ-কন্যা সন্তান, মাত-ল’ৰা সন্তান, মাতৃ-কন্যা সন্তান; ভাই-ভনী; ডাঙৰ ভাই/ভনী। 

মুখ্য স্বজনতাক আকৌ দুটা ভাগত ভগোৱা হয়

১। মুখ্য সমোদ্ভৱজনিত স্বজনতা (Primary Consanguineal Kinship) : মুখ্য সমোদ্ভৱজনিত স্বজন/আত্মীয় বুলিলে সেই সকল স্বজন/আত্মীয়ৰ কথা বুজোৱা হয় যিসকলৰ মাজত পোনপটীয়া জন্মগত সম্বন্ধ থাকে। পিতৃ-মাতৃ আৰু সন্তানৰ সম্বন্ধ তথা ভাই-ভনীৰ মাজৰ সম্বন্ধ হ’ল মুখ্য স্বজনতাৰ ৰূপ। এই ৰূপকেইটাকে সমগ্ৰ বিশ্বৰ প্ৰতিখন সমাজতে মুখ্য সমোদ্ভৱজনিত স্বজনতা হিচাপে দেখিবলৈ পোৱা যায়।

মুখ্য বিবাহিজনিত স্বজনতা  (Primary Affinal Kinship) : বিবাহৰ ফলস্বৰূপে গঢ় লোৱা পোনপটীয়া সম্বন্ধকে বিবাইজনিত স্বজনতা বোলে। মুখ্য বিবাহজনিত স্বজনতাৰ একমাত্ৰ উদাহৰণটো হ’ল পতি-পত্নীৰ মাজৰ সম্বন্ধ।

গৌণ স্বজনতা (Secondary Kinship) : মুখ্য স্বজন/আত্মীয়ৰ মুখ্য স্বজন/আত্মীয়ক গৌণ স্বজনতাৰে বুজোৱা হয়। অন্য অৰ্থ, মুখ্য স্বজন/আত্মীয় (মুখ্য স্বজন/আত্মীয়ৰ মুখ্য স্বজন/আত্মীয়)ৰ সৈতে পোনপটীয়া সম্বন্ধ থকা সকলো ব্যক্তি আন এগৰাকী ব্যক্তিৰ গৌণ স্বজন/আত্মীয় হ’ব পাৰে। গৌণ স্বজনতা ৩৩ প্রকাৰৰ।

গৌণ স্বজনতাক আকৌ দুটা উপ-ভাগত ভগোৱা হয়–

গৌণ সমোদ্ভৱজনিত স্বজনতা ( secondary consanguineal kinship) : মুখ্য সমোদ্ভৱজণনিত স্বজন/আত্মীয়ৰ মুখ্য সমোদ্ভৱজনিত স্বজন/আত্মীয়ক এনে স্বজনতাত সামৰি লোৱা হয়। গৌণ সমোদ্ভৱজনিত স্বজনতাৰ সবাতোকৈ মৌলিক উদাহৰণটো হ’ল ককাক-আইতাক আৰু নাতি-নাতিনীৰ মাজৰ সম্বন্ধ। ধৰা হ’ল, ইনো নামৰ ল’ৰাজনৰ তাৰ মাক-দেউতাকৰ সৈতে পোনপটীয়া সমোদ্ভৱজনিত স্বজনতা আছে। ইনোৰ বাবে মাক-দেউতাক হ’ল তাৰ মুখ্য সমোদ্ভৱজনিত স্বজন/আত্মীয় কিন্তু ইনোৰ মাক-দেউতাকৰ বাবে তেওঁলোকৰ নিজৰ মাক-দেউতাকসকল হ’ল মুখ্য সমোদ্ভৱজনিত স্বজন/আত্মীয়। সেয়েহে ইনোৰ বাবে তাৰ ককাক-আইতাক হ’ল মুখ্য সমোদ্ভবজনিত স্বজন/আত্মীয় (মাক দেউতক)ৰ মুখ্য স্বজন/আত্মীয় এতেকে ইনোৰ বাবে তাৰ ককাক-আইতাক হ’ল গৌণ সমোদ্ভৱজনিত স্বজন/আত্মীয়।

গৌণ বিবাহজনিত স্বজনতা ( secondary Affinal kinship ) : কোনো ব্যক্তিৰ মুখ্য বিবাহজনিত স্বজন/আত্মীয়ৰ মুখ্য স্বজন/আত্মীয়ক ব্যক্তিগৰাকীৰ গৌণ বিবাহজনিত স্বজন/আত্মীয় বোলা হয়। এনে স্বজনতাই এগৰাকী ব্যক্তি আৰু তেওঁৰ আটাইবোৰ খুলশালী/দৱৰ/ননদ আৰু শাহু-শহুৰৰ সৈতে গঢ় লোৱা সম্বন্ধবোৰক সামৰি লয়। এগৰাকী ব্যক্তিৰ বাবে তেওঁৰ পতি/পত্নী হ’ল মুখ্য বিবাহজনিত স্বজন/আত্মীয়। এজন পতি অথবা এগৰাকী পত্নীৰ বাবে আকৌ তেওঁৰ নিজৰ পিতৃ-মাতৃ তথা ভাই-ভনী হ’ল মুখ্য স্বজন/আত্মীয়। সেয়েহে, বিবাহ সূত্ৰে বান্ধ খোৱা পতি অথবা পত্নীৰ বাবে পতি অথবা পত্নীৰ মাক-দেউতাক আৰু ভাই-ভনীবোৰ হৈ পৰিব গৌণ বিবাহজনিত স্বজন/আত্মীয়। একেদৰে, কোনো এগৰাকী ব্যক্তিৰ ভাই/ভনীৰ পত্নী/পতি অথবা ভাই-ভনীৰ শাহু-শহুৰ ব্যক্তিগৰাকীৰ গৌণ বিবাহজনিত স্বজন/আত্মীয় হ’ব।

তৃতীয়ক স্বজনতা (Tertiary kinship) : মুখ্য স্বজন/আত্মীয়ৰ মুখ্য স্বজন/আত্মীয়ৰ মুখ্য স্বজন/আত্মীয় নাইবা গৌণ স্বজন/আত্মীয়ৰ মুখ্য স্বজন/আত্মীয়ৰ গৌণ স্বজন/আত্মীয়ক তৃতীয়ক স্বজনতাৰে সামৰি লোৱা হয়। তৃতীয়ক স্বজনতা শিতানত আনুমানিকভাৱে ১৫১ প্রকাৰৰ স্বজনতাৰ অন্তৰ্ভুক্ত কৰা হৈছে। স্বজনতাৰ আন দুটা মাত্ৰাৰ দৰে তৃতীয়ক স্বজনতাকো দুটা উপ-ভাগত ভগোৱা হৈছে।

তৃতীয়ক সমোদ্ভৱজনিত স্বজনতা। (Tertiary consanguineal) : এগৰাকী ব্যক্তিৰ মুখ্য সমোদ্ভৱজনিত স্বজন/আত্মীয় (মাক-দেউতাক), মাক-দেউতাকৰ মুখ্য স্বজন/আত্মীয় (মাক-দেউতাকৰ মাক দেউতাক) আৰু মাক-দেউতাকৰ মাক-দেউতাকৰ মাক-দেউতাকৰ মুখ্য স্বজন/আত্মীয়ক তৃতীয়ক সমোদ্ভৱজনিত স্বজনতাৰ ভাগত সামৰি লোৱা হয়। অৰ্থাৎ, আজো নাতি-নাতিনী আৰু আজো ককাক-আইতাকৰ মাজৰ সম্পৰ্ক, আজো পেহী/মাহী আৰু আজো খুৰা মামাৰ মাজৰ সম্পৰ্ক তথা আজো ভতিজা ভাগিন/ভতিজী- ভাগিনীৰ মাজৰ সম্পৰ্ক আদি এনে স্বজনতাৰ অংশ।

এটা উদাহৰণলৈ মন কৰক। ইনোৰ মুখ্য স্বজন/আত্মীয় হ’ল তাৰ মাক-দেউতাক মাক-দেউতাকৰ মুখ্য স্বজন/আত্মীয় হ’ল ইনোৰ ককাক-আইতাক। ইনোৰ ককাক-আইতাকৰ মুখ্য স্বজন/আত্মীয় হ’ল তাৰ আজো ককাক-আই তাক (অৰ্থাৎ, তেওঁলোক ইনোৰ মুখ্য স্বজন/আত্মীয়ৰ মুখ্য স্বজন/আত্মীয়ৰ মুখ্য স্বজন/আত্মীয়)। অৰ্থাৎ তৃতীয়ক স্বজন/আত্মীয় হ’ল মুখ্য স্বজন/আত্মীয়ৰ মুখ্য স্বজন/আত্মীয়ৰ মুখ্য স্বজন/আত্মীয়) এই সম্বন্ধটো আন এক ধৰণেও চাব পাৰি। ইনোৰ তৃতীয়ক স্বজনআত্মীয় হ’ল তাৰ মুখ্য স্বজনআত্মীয়ৰ (মাক-দেউতাকৰ) গৌণ স্বজন/আত্মীয় (দেউতাকৰ ককাক-আইতাক)। ই প্রমাণ কৰে যে তৃতীয়ক স্বজন/আত্মীয় হ’ল মুখ্য স্বজন/আত্মীয়ৰ গৌণ স্বজন/আত্মীয়। একেটা সম্পৰ্ককে আন এটা দিশেৰে চোৱা যাওক ৷ ইনোৰ তৃতীয়ক স্বজন/আত্মীয় হ’ল তাৰ গৌণ সমোদ্ভৱজনিত স্বজন/আত্মীয় ( তাৰ ককাক-আইতাক)ৰ মুখ্য স্বজন/আত্মীয় (ককাকৰ পিতৃ-মাতৃ)। ইয়াৰ দ্বাৰা দেখুৱাব পাৰি যে তৃতীয়ক স্বজন/আত্মীয় গৌণ স্বজন/আত্মীয়ৰ মুখ্য স্বজন/আত্মীয় হ’ব পাৰে। 

। তৃতীয়ক বিবাহজনিত স্বজনত। (Tertiary Affinal kinship) : মুখ্য বিবাহজনিত স্বজন/আত্মীয়ৰ মুখ্য স্বজন/ আত্মীয়ৰ মুখ্য স্বজন/আত্মীয়ক নাইবা গৌণ বিবাহজনিত স্বজন/আত্মীয়ৰ মুখ্য স্বজন/আত্মীয়ক নাইবা মুখ্য বিবাহজনিত স্বজন/আত্মীয়ৰ গৌণ স্বজন/আত্মীয়ক তৃতীয়ক বিবাহজনিত স্বজনতাৰ ভাগত সামৰি লোৱা হয়। এনে সম্বন্ধৰ উদাহৰণ বহুত। ইয়াৰে দুটামান উদাহৰণ হ’ল-পতি অথবা পত্নীৰ ককাক -আইতাক নাইবা ককাৰ ভাতৃ-ভগ্নী/আইতাকৰ ভ্ৰাতৃ-ভগ্নী নাইবা দেৱৰ/ননদ/খুলশালীৰ পত্নী অথবা পতি নাইবা তেওঁলোকৰ ল’ৰা-ছোৱালী ইত্যাদি।

১৩৯। স্বজনতাৰ ৰীতি আৰু প্রতিষিদ্ধ কাৰ্য বিষয়ে কি জানা লিখা?

উত্তৰঃ সমগ্ৰ স্বজনতা ব্যৱস্থাটোৰ বিষয়ে ভালদৰে বুজিবলৈ স্বজনতাৰ প্ৰচলিত পৰম্পৰা অথবা স্বজনতাৰ ৰীতিবোৰৰ বিষয়ে জনাটো গুৰুত্বপূৰ্ণ ৷ স্বজনতা ব্যৱস্থাৰ অধ্যয়ন বিভিন্ন প্রকাৰৰ স্বজন/আত্মীয়ৰ বৰ্ণনা আৰু আত্মীয়ৰ শ্ৰেণীবিভাজনৰ আধাৰ ব্যাখ্যা কৰাতেই শেষ নহয়। বিভিন্ন স্বজন/আত্মীয়ৰ আচৰণৰ বিন্যাস অধ্যয়ন কৰাটোও ইয়াৰ এক অবিচ্ছেদ্য অংশ। প্রতিটো সম্বন্ধই এক বিশেষ ধৰণৰ আচৰণক কেন্দ্ৰ কৰি চলে। এজন পুত্ৰই পিতৃৰ প্রতি সদায় সন্মানপূৰ্বক আচৰণ প্ৰদৰ্শন কৰে, পতিয়ে পত্নীক সদায় মৰমভৰা আচৰণ প্ৰদৰ্শন কৰে, ভ্ৰাতৃয়ে ভগ্নীৰ সদায় চেনেহভৰা আচৰণ প্রদৰ্শন কৰে ইত্যাদি। সমাজত এনে কিছুমান প্রচলিত প্রথা আছে যিবোৰে বিভিন্ন প্রকাৰৰ স্বজন/আত্মীয়ৰ আচৰণ নিয়ন্ত্ৰণ কৰে। 

এইবোৰক স্বজনতাৰ ৰীতি বোলা হয়। কিছুমান ৰীতি-নীতি ‘নিকট আত্মীয়ৰ মাজৰ যৌন সম্পৰ্ক প্রতিষিদ্ধকৰণ’ৰ সৈতে জড়িত। ইংৰাজী ‘incest’ শব্দটোৰ অৰ্থ হ’ল ‘নিকট আত্মীয়ৰ মাজৰ নিষিদ্ধ যৌন সম্পৰ্ক।’ অর্থাৎ, সমাজে ভাই-ভনী, মাতৃ পুত্ৰ, পিতৃ-কন্যা আদি সম্বন্ধেৰে বান্ধ খাই থকা ব্যক্তিৰ মাজত যৌন সম্পৰ্ক নিষিদ্ধ কৰিছে। ইংৰাজী ‘incest taboo’ শব্দটোৰ অর্থ হ’ল ধৰ্মীয় আৰু নৈতিক ভিত্তিত যৌন সম্পৰ্ক নিষিদ্ধ কৰা কাৰ্য। এনে প্রতিধিদ্ধ কাৰ্যই পৰিয়ালৰ নিকট আত্মীয়ৰ সৈতে যৌন সম্পৰ্ক তথা বৈবাহিক সম্পৰ্ক স্থাপন নিষেধ কৰে।

তলত আন কেইটামান স্বজনতাৰ ৰীতিৰ বিষয়ে আলোচনা কৰা হ’ল- 

বৰ্জন (Avoidance) : প্রতিখন সমাজেই কোনোবা নহয় কোনোবা এটা ৰূপত বৰ্জন ৰীতি মানি চলে। ইয়াৰ অৰ্থ হ’ল দুগৰাকী স্বজন/আত্মীয়ই পৰস্পৰে পৰস্পৰক এৰাই চলিব লাগে। ইজনে সিজনৰ পৰা আঁতৰত থাকিব লাগে। এনেদৰে আঁতৰি থকাটোৱে যৌন সম্পৰ্ক এৰাই চলাৰ কথা বুজায়। আন কিছুমান ক্ষেত্ৰত আকৌ এৰাই চলা মানে ইজনে সিজনৰ মুখলৈ নোচোৱা কথাটোকো বুজায়। এগৰাকী শহুৰেকে বোৱাৰীয়েকৰ পৰা আঁতৰি থাকিব লাগে হিন্দু পৰিয়ালৰ বিবাহিতা মহিলাই ঘৰৰ ডাঙৰসকলৰ আগত ওৰণিলৈ থাকিবলগীয়া হোৱাটো হ’ল এই বৰ্জন ৰীতিৰ উদাহৰণ।

বৰ্জন ৰীতিৰ বহুতো ব্যাখ্যা আছে। ৰেডক্লিফ ব্ৰাউন আৰু জি পি মাৰ্ডোকে ইয়াৰ মাজেৰে প্রকাৰ্যাত্মকবাদী ব্যাখ্যা দুটা আগবঢ়াইছে তেওঁলোকৰ মতে বৰ্জনে স্বজন/আত্মীয়ৰ মাজত গুৰুতৰ ধৰণৰ সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা চালি-জাৰি চাই তেনে হোৱাত বাধা দিয়াৰ প্রয়াস উল্লেখযোগ্য ব্যাখ্যাটো হ’ল ফ্লেয়েডীয় ব্যাখ্যা। এই ব্যাখ্যাটোৰ মতে বৰ্জনে একপ্রকাৰৰ আনুষ্ঠানিক ৰূপ প্রাপ্ত মনোবিকাৰগ্ৰসত্ত লক্ষণৰ প্ৰতিনিধিত্ব কৰে।

ধেমেলিয়া সম্পৰ্কৰ ( joking relationship) : ই বৰ্জন সম্পৰ্কৰ বিপৰীত। ধেমেলীয়া সম্পৰ্কৰ  অধীনত স্বজন/আত্মীয়ই পৰস্পৰৰ সৈতে হাঁহি-ধেমালি কৰাৰ আৰু পৰস্পৰক জোকোৱাৰ অনুমতি লাভ কৰে। এগৰাকী মহিলা আৰু তেওঁৰ পতিৰ ভ্ৰাতৃ, এজন পুৰুষ আৰু তেওঁৰ পত্নীৰ ভগ্নীৰ মাজত এনে সম্পৰ্ক স্থাপন হ’ব পাৰে।

‘এটা ধেমেলিয়া সম্পৰ্কই ব্যক্তিৰ মাজত আৰু কিছুমান বিশেষ সামাজিক পৰিস্থিতিত মানৱ সমূহৰ মাজত বন্ধুসুলভ পৰিৱেশ আৰু পৰস্পৰ বিৰোধিতাৰ এক বিশেষ মিশ্রণৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত এগৰাকী ব্যক্তি নাইবা এটা সমূহে অন্য পক্ষক আঘাত নিদিয়াকৈ ভেঙুচালি কৰিব অথবা উপহাস কৰিব পাৰে।- ডান্‌কান মিট্‌ছেল।

অনুসন্ততি সম্বোধন (Teknonymy) : অনুসন্ততি সম্বোধন বুজোৱা “Teknonymy)”‘ ৰ মূল হ’ল এটা গ্ৰীক শব্দ টেইলৰে এই শব্দটো পোন প্রথমবাৰৰ বাবে নৃতত্ববিদ্যাত ব্যৱহাৰ কৰিছিল। এই ৰীতি অনুসৰি এগৰাকী স্বজন/আত্মীয়ক পোনপটীয়াকৈ নাম ধৰি সম্বোধন কৰা নহয় আওপকীয়াকৈ অন্য এগৰাকী স্বজন/আত্মীয়ৰ উল্লেখেৰে তেওঁক সম্বোধন কৰা হয়। এই প্রক্ৰিয়াত এজন/এজনী স্বজন/আত্মীয় আন, দুজন/দুগৰাকী স্বজন/আত্মীয়ৰ উল্লেখৰ মাধ্যম হয়। যেনে-এক পৰম্পৰাগত হিন্দু পৰিয়ালত পত্নীয়ে পতিক নাম কাঢ়ি সম্বোধন নকৰে। তেওঁ পতিক ল’ৰা সম্ভান নাইবা কন্যা সন্তানৰ নাম উল্লেখৰ জৰিয়তেহে সম্বোধন কৰে। তেওঁ নিজৰ পতিৰ কথা সদায় ‘দিপ্তীৰ দেউতাক’ নাইবা ‘বৰুণৰ দেউতাক’ বুলিহে উল্লেখ কৰে। 

মাতুল ৰীতি (Avunculate) : মাতৃপ্ৰধান সমাজ ব্যৱস্থাত এই বিশেষ স্বজনতা ৰীতিটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই ভাগিন আৰু ভাগিনীৰ জীৱনত মোমায়েকক এখন স্থায়ী আসন প্রদান কৰে। তেওঁ ভাগিন-ভাগিনীৰ বাবে পিতৃতকৈও অধিক বিশেষ দায়িত্ব বহন কৰিবলগীয়া হয়। ইয়াৰ বিপৰীতে ভাগিন-ভাগিনীয়েও মোমায়েকৰ প্ৰতি সৰ্বাধিক আনুগতা প্রদৰ্শশ কৰিব লাগে। পুৰুষ আত্মীয়বোৰৰ মাজত মোমায়েক স্থান সবাতোকৈ আগত বুলি ধৰা হয়।

এমিটেট (Amitate) : দেউতাকৰ ভনীয়েকক বিশেষ ভূমিকা পালনৰ দায়িত্ব দিয়া ৰীতিটোকে এমিটেট বোলে। এই ৰীতি অনুসৰি দেউতাকৰ ভনীয়েকে মাকতকৈও বেছি সন্মান লাভ কৰে। আনকি এই ৰীতি পালন কৰা সমাজৰ শিশুবোৰে মাক-দেউতাকৰ পৰা নহয় পেহীয়েকৰ পৰাহে  পৰিচয়সূচক নাম লাভ কৰে।

কাভেদ (couvade) : এই অচহুৱা ৰীতিটো খাচী আৰু তোডাৰ দৰে জনজাতিবোৰৰ মাজত দেখা পোৱা যায়। এই ৰীতি অনুসৰি পত্নীয়ে সমতাৰ জন্ম দিয়াৰ লগে লগে পতিয়েও পত্নীৰ সৈতে দুৰ্বল আৰু কাম-বন কৰিব নোৱাৰ জীৱন কটাব লাগে। প্ৰসূতিগৰাকীৰ পতি সকলো সক্ৰিয় কাম-কাজ কৰাৰ পৰা বিৰত থাকে আৰু পত্নীৰ দৰেই ৰুগীয়া লোকে খোৱা খাদ্য গ্ৰহণ কৰিব লাগে। তেওঁ পত্নীৰ দৰেই সকলো প্রতিষিদ্ধ কাৰ্য মানি চলে। অৰ্থাৎ, এই স্বজনতা ৰীতি কেৱল পতি-পত্নীৰ বাবে।

স্বজনতাৰ ৰীতিয়ে দুটা প্রধান কাৰ্য সম্পাদন কৰে। প্রথম কাৰ্যটো হ’ল এনে ৰীতিবোৰে স্বজন/আত্মীয়ৰ বিশেষ সমূহ গঠন কৰে। বিবাহে এগৰাকী মাতৃ একোজন পতি লাভত সহায় কৰে আৰু মাতৃগৰাকীৰ সন্তানক পতিৰো সন্তান ৰূপে পৰিচয় প্রদান কৰে। এনেকৈয়ে পিতৃ-মাতৃ আৰু সন্তানৰ এটা বিশেষ সমূহ গঠন হয়। এই সমূহটোকে আমি পৰিয়াল’ বুলি কওঁ।

স্বজনতাৰ ৰীতিৰ দ্বিতীয় প্রধান কামটো হ’ল স্বজন/আত্মীয়ৰ মাজত সম্পৰ্কৰ ভূমিকাক নিয়ন্ত্ৰণ কৰে। এগৰাকী স্বজন/ আত্মীয়ই আন এগৰাকী স্বজন/আত্মীয়ৰ সন্মুখত কেনে আচৰণ কৰিব নাইবা এগৰাকী স্বজন /আকত্মীয়ই আন এগৰাকী স্বজন/আত্মীয়ক কি দিবলগীয়া থাকে ইত্যাদি। স্বজনতাই ব্যক্তিৰ পাৰস্পৰিক আন্তঃক্ৰিয়াৰ বাবে দিক্‌ নিৰ্দেশনা প্রদান কৰে। ই পিতৃ-কন্যা সন্তান, ভাই-ভনী, জোৱাই-শাহু আদি সম্পৰ্কৰ ক্ষেত্ৰত উপযুক্ত আৰু গ্ৰহণযোগ্য ভূমিকাৰ সংজ্ঞা আগবঢ়ায়। একোটা কথাই একে বংশাৱলীৰ সদস্য আৰু একেটা ফৈদৰ সদস্যৰ ক্ষেত্ৰতে প্ৰযোজ্য ৷ স্বজনতাক সেয়েহে সামাজিক জীৱন নিয়মীয়াকাৰী কাৰক বুলি ক’ব পাৰি। ই সামাজিক ব্যৱস্থা এটাৰ ভ্ৰাতৃত্ববোধ বৰ্তাই ৰাখে ৷ 

এইখিনিতে এটা কথা মনত ৰাখি থোৱা ভাল যে স্বজন/আত্মীয়ৰ যুটী এটাৰ সম্পৰ্ক নিয়ন্ত্ৰণ কৰি থকা নীতি-নিয়মবোৰ অতি ‘আদৰ্শ অনুৰূপ” (Highly patterned) হ’ব পাৰে। কিছুমান সমাজত স্বতঃস্ফুৰ্ততা অথবা ব্যক্তিগত পাৰ্থক্যৰ নামত এনে নীতি-নিয়মবোৰ সামান্য শিথিল কৰি দিয়া হ’ব পাৰে। অন্য সমাজ কিছুমানত ব্যক্তিগতকৃত আচৰণক অধিক গুৰুত্ব দি এই নীতি-নিয়মবোৰ কম পৰিমাণে ‘আদৰ্শ অনুৰূপ’ কৰি লোৱা হ’ব পাৰে। হিন্দু সমাজে স্বজন / আত্মীয়ৰ আচৰণৰ ক্ষেত্ৰত চৰম প্রকাৰৰ ‘আদৰ্শ অনুৰূপ’ নীতি নিয়ম মানি চলে (বিদ্যাভূষণ আৰু ডি আৰ সচদেৱ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top