Sociology of India Unit 1 ভাৰতঃ এক জ্ঞান-চৰ্চাৰ সমল, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of India Unit 1 ভাৰতঃ এক জ্ঞান-চৰ্চাৰ সমল Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of India Unit 1 ভাৰতঃ এক জ্ঞান-চৰ্চাৰ সমল Question Answer can be of great value to excel in the examination.
Sociology of India Unit 1 ভাৰতঃ এক জ্ঞান-চৰ্চাৰ সমল
Sociology of India Unit 1 ভাৰতঃ এক জ্ঞান-চৰ্চাৰ সমল Notes cover all the exercise questions in UGC Syllabus. The Sociology of India Unit 1 ভাৰতঃ এক জ্ঞান-চৰ্চাৰ সমল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
India : An Object of Knowledge
SOCIOLOGY
ভাৰতীয় সমাজতত্ত্ব
১। উপনিবেশবাদ কি? ঔপনিবেশিকতাবাদ কি?
উত্তৰঃ যেতিয়া এখন দেশৰ বা অঞ্চলৰ মানুহে অন্য এখন দেশত বা অঞ্চলত তেওঁলোকৰ উপনিবেশ স্থাপন কৰে। তেতিয়া তেনেধৰণৰ প্ৰক্ৰিয়াক উপনিবেশবাদ বোলে। ই এনেধৰণৰ এক প্রক্ৰিয়া য’ত উপনিবেশখনৰ ক্ষমতা সেই নিৰ্দিষ্ট দেশখনে অধিগ্ৰহণ কৰে আৰু সেই উপনিবেশখনৰ সামাজিক সংৰচনা; চৰকাৰ, অৰ্থনীতি আদিত উপনিবেশবাদী সকলে পৰিৱৰ্তনৰ সূচনা কৰে।
২। ভাৰতত জাতীয়তাবাদৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ ইংৰাজ ঔপনিবেশিকতাবাদেই ভাৰত জাতীয়তাবাদৰ জন্ম দিছিল।
৩। জনসংখ্যা গাঁথনি মানে কি?
উত্তৰঃ সাধাৰণতে জনসংখ্যা গাঁথনি বুলিলে কোনো এক জনসমষ্টিত থকা পুৰুষ-মহিলাৰ অনুপাত বয়সৰ ভিত্তিত জনসংখ্যাৰ গাঁথনি আদিক বুজোৱা হয়।
৪। জনসংখ্যাৰ ঘনত্ব মানে কি?
উত্তৰঃ জনসংখ্যাৰ ঘনত্ব বুলিলে প্রতি বৰ্গ কিলোমিটাৰ এলেকাত বসবাস কৰা জনসংখ্যাৰ অনুপাতকে বুজোৱা হয়।
৫। জনবিস্ফোৰণ মানে কি?
উত্তৰঃ যেতিয়া কোনো এখন দেশৰ জনসংখ্যাৰ পৰিমাণ অস্বাভাৱিক হাৰত বৃদ্ধি পাই থাকে তেতিয়া তাক জন-বিস্ফোৰণ বুলি কোৱা হয়।
৬। পৰিয়াল পৰিকল্পনা মানে কি?
উত্তৰঃ বৰ্তমান জনসংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। সেয়েহে, জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে সৰু পৰিয়াল গঠন কৰা৷ জন্ম নিয়ন্ত্ৰণৰ বিভিন্ন কৌশল প্রয়োগ কৰা। ৰাজহুৱা স্বাস্থ্যসেৱা উন্নত কৰা আদিক পৰিয়াল পৰিকল্পনা বুলি কোৱা হয়।
৭। জনসংখ্যা বিজ্ঞানৰ অৰ্থ কি?
উত্তৰঃ সাধাৰণতে জনসংখ্যা বিজ্ঞান বুলিলে, মানৱ জনসাধাৰণ, তেওঁলোকৰ আকাৰ, তেওঁলোকৰ গঠন, তেওঁলোকৰ প্ৰগতি ইত্যাদিৰ ওপৰত কৰা বৈজ্ঞানিক অধ্যয়নক বুজায়।
৮। ভাৰতত প্ৰথমটো আৰু একেবাৰে শেহতীয়া লোকপিয়ল কেতিয়া হৈছিল?
উত্তৰঃ ইংৰাজ শাসনৰ সময়ত ১৮৬৭-৭২ চনৰ ভিতৰত ভাৰতত প্ৰথম লোকপিয়ল আৰম্ভ কৰা হয়। ইয়াৰ পিছত ১৮৮১ চনৰ পৰা প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে লোকপিয়লৰ কাম হাতত লোৱা হয়। স্বাধীন ভাৰতৰ প্ৰথমটো লোকপিয়ল আৰম্ভ হয় ১৯৫১ চনত আৰু তেতিয়াৰ পৰা এতিয়ালৈকে মুঠ ছটা লোকপিয়ল সম্পন্ন কৰা হয় আৰু সপ্তমটো লোকপিয়লৰ কাম ইতিমধ্যে চলাই থকা হৈছে৷ ভাৰতবৰ্ষৰ লোকপিয়ল বিশ্বৰ ভিতৰতে বৃহৎ লোকগণনা ৰূপে পৰিগণিত হৈছে।
৯। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা কিমান?
উত্তৰঃ প্রায় ১২০ কোটি।
১০। কোনটো যুগক উপনিবেশবাদ যুগ বুলি কোৱা হয়।
উত্তৰঃ পোন্ধৰ শতিকাৰ শেষভাগৰ পৰা কুৰি শতিকালৈকে এই সময়ছোৱাক উপনিবেশবাদ যুগ বুলি কোৱা হয়।
১১। স্বাধীন ভাৰতৰ প্রথম আৰু শেষৰ লোকপিয়ল কেতিয়া কৰা হৈছিল?
উত্তৰঃ স্বাধীন ভাৰতৰ প্রথম লোকপিয়ল ১৯৫১ চনত আৰু শেষৰ ২০১১ চনত কৰা হৈছিল।
১২। উপনিৱেশিক অঞ্চলবোৰত জাতীয়তাবাদী ভাৱধাৰা কিয় উপনিবেশবাদ বিৰোধ আন্দোলনৰ লগত সংগতি ৰাখি গঢ় লৈ উঠিছিল?
উত্তৰঃ ঔপনিবেশিকতাবাদ হৈছে এখন দেশৰ বা অঞ্চলৰ মানুহে অন্য এখন দেশত বা অঞ্চলত তেওঁলোকৰ ঔপনিবেশ স্থাপন কৰা এক প্রক্ৰিয়া অর্থাৎ সাধাৰণ অৰ্থত উপনিবেশিকতাবাদ হৈছে এখন দেশে আন এখন দেশৰ ওপৰত চলোৱা শাসন। উপনিৱেশিত শাসন ব্যৱস্থাই অধিক লাভালাভৰ মনোবৃত্তিৰে দেশৰ অৰ্থনীতিত আঘাত কৰে। উপনিৱেশিক শাসকসকলে সদায়েই দমন-উৎপীড়ন, শোষণ-দুনীৰ্তি, বঞ্চনামূলক নীতি গ্ৰহণ কৰাৰ ফলত জনগণৰ মনত উপনিৱেশবাদ বিৰোধী মনোভাৱৰ সৃষ্টি হয় আৰু ইয়াৰ আধাৰতে জাতীয়বাদী ভাৱধাৰা গঢ় লৈ উঠে।
১৩। জন বিস্ফোৰণে আমাৰ জীৱনধাৰণৰ মানদণ্ড কেনেকৈ হ্ৰাস কৰে?
উত্তৰঃ মালথাছৰ মতে, কোনো এখন সমাজত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ খাদ্য দ্ৰব্যৰ উৎপাদনৰ হাৰতকৈ সদায় বেছি। অর্থাৎ মানুহৰ জীৱিকা নিৰ্বাহৰ বাবে প্রয়োজনীয় সম্পদবোৰ যি হাৰত বুদ্ধি পায়, জনসংখ্যা বৃদ্ধিৰ গতি তাতকৈ অধিক খৰতকীয়া হয়। তেওঁৰ মতে জনসংখ্যাই সদায়েই জ্যামিতিক হাৰত (Geometrical Progression) বৃদ্ধি হয় আৰু খাদ্যৰ উৎপাদন সদায়েই গাণিতিক হাৰত ( Arithmetic progression ) বৃদ্ধি পায়। উদাহৰণস্বৰূপে: জনসংখ্যাৰ বৃদ্ধি হয় সদায়ে ২ ৰ পৰা ৪, ৪ ৰ পৰা ৮, ৮ ৰ পৰা ১৬, ১৬ ৰ পৰা ৩২ হিচাপে বৃদ্ধি পায় আৰু আনহাতে খাদ্যদ্রব্য বৃদ্ধি হয় ১ ৰ পৰা ২, ২ ৰ পৰা ৩, ৩ ৰ পৰা ৪, ৪ ৰ পৰা ৫ আদি হিচাপে বৃদ্ধি পায়। অৰ্থাৎ জনসংখ্যা বৃদ্ধিৰ তীব্র গতিয়ে জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় সম্পদৰ মাত্ৰা কমাই আনে। গতিকে অৱধাৰিতভাৱেই জনবিস্ফোৰণ আমাৰ জীৱন ধাৰণৰ মানদণ্ড হ্ৰাস কৰে।
১৪। জনসমষ্টি কিয় প্ৰয়োজনীয়?
উত্তৰঃ এখন ৰাষ্ট্ৰৰ জনসমষ্টিয়েই ৰাষ্ট্ৰখনৰ মেৰুদণ্ডসদৃশ্য জনসমষ্টি নহ’লে ৰাষ্ট্ৰ হব নোৱাৰে। জনসমষ্টিয়ে ৰাষ্ট্ৰখন সকলো উৎপাদনমূলক তথা প্ৰশাসনীয়, ৰাজনৈতিক আৰু প্রতিৰক্ষা সম্পৰ্কীয় সকলো কাম কৰে। গতিকে জনসমষ্টি এটা প্রয়োজন হৈ পৰে।
১৫। বৰ্ধিত জনসংখ্যাৰ অসুবিধা বিলাক কি কি?
উত্তৰঃ বৰ্ধিত জনসংখ্যাৰ বাবে বিভিন্ন দিশৰ পৰা বিভিন্ন সমস্যা পৰিলক্ষিত হয়। জনসংখ্যাৰ বৃদ্ধিয়ে সম্পদৰ বৃদ্ধি হোৱাটো দীবী কৰে৷ শিক্ষা, স্বাস্থ্য, সেৱা, পথ-যোগাযোগ আদি খণ্ডত তীব্ৰ হেঁচাৰ সৃষ্টি কৰে। অন্ন-বস্ত্ৰ আৰু বাসস্থান বৃদ্ধিৰ দাবী কৰে আৰু ইয়াৰ বাবে অত্যাধিক সম্পদৰ প্রয়োজন হয়। এইবোৰেই হ’ল বৰ্ধিত জনসংখ্যাৰ অসুবিধা।
১৬। ক্ৰমহ্ৰাসমান জনসংখ্যাৰ অসুবিধা বিলাক কি কি?
উত্তৰঃ জনসংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই আহিলে ৰাষ্ট্ৰ এখনৰ বাবে প্রয়োজনীয় দ্রব্য আৰু সেৱাৰ উৎপাদনত যতি আহি পৰে। ইয়াৰোপৰি ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক, প্রশাসনিক আৰু বিশেষকৈ প্রতিৰক্ষা সম্বন্ধীয় দিশবোৰত ক্ৰমহ্ৰাসমান জনসংখ্যাই কু-প্রভাৱ পেলায়। সাম্প্ৰতিক সময়ত জাপান, ৰাছিয়া, ইটালী আদিৰ দৰে বহু ৰাষ্ট্ৰই ক্ৰমহ্ৰাসমান জনসংখ্যাই কঢ়িয়াই অনা অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে।
১৭। জনসংখ্যাই কেনেকৈ/কেনেদৰে আৰ্থিক বিকাশক প্রভাৱিত কৰে?
উত্তৰঃ বিভিন্ন দিশৰ পৰা জনসংখ্যাৰ সংৰচনাই আৰ্থিক বিকাশক প্রভাৱিত কৰে। কোনো সমাজৰে সকলো মানুহেই কৰ্মঠ নহয়। শিশু (১৫ বছৰৰ তলত) আৰু বৃদ্ধ (৬৫ বছৰৰ ওপৰৰ) সকলে সাধাৰণতে আনৰ ওপৰত নির্ভৰ কৰিব লাগে বুলি ধৰা হয়। যদি জনসংখ্যাৰ পৰনিৰ্ভৰশীল অনুপাত বৃদ্ধি পায় অৰ্থাৎ বয়সস্থ লোকৰ সংখ্যা আৰু কৰ্মৰ উপযোগী নোহোৱা কম বয়সীয়া ল’ৰা-ছোৱালীৰ সংখ্যা কৰ্মঠ লোকৰ সংখ্যাৰ তুলনাত বৃদ্ধি পালে দেশৰ চিন্তাৰ কাৰণ হৈ উঠে। কাৰণ বৃহৎ সংখ্যক নির্ভৰশীল লোকৰ ভৰণ-পোষণৰ দায়িত্ব কম সংখ্যাৰ কৰ্মঠ লোকৰ ওপৰত পৰে। আনহাতে নির্ভৰশীল লোকৰ সংখ্যা কমি গ’লে অর্থনৈতিক উন্নতি আৰু সম্পদ আহৰণ বৃদ্ধি পায় এনেদৰে জনসংখ্যাই আৰ্থিক বিকাশৰ প্রভাৱিত কৰা দেখা যায়।
১৮। জনসাংখিক বিজ্ঞানৰ তথ্যবোৰৰ গুৰুত্ব কি?
উত্তৰঃ জনসাংখ্যিক বিজ্ঞানৰ তথ্যবোৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক উন্নয়ণ জনকল্যাণমূলক আঁচনি গ্ৰহণ, উন্নয়ণৰ ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণ, পৰিকল্পনা গ্ৰহণ আদিৰ ক্ষেত্ৰত জনসাংখিক বিজ্ঞানৰ তথ্য বা জনসাংখ্যিক তথ্যৰ বিশেষ প্রয়োজনীয়তা আছে।
১৯। ঔপচাৰিক জনসাংখিক বিজ্ঞান আৰু সামাজিক জনসাংখিক বিজ্ঞানৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ জনসাংখিক বিজ্ঞান সাধাৰণতে দুই প্রকাৰৰ হয় যেনে —
(ক) ঔপচাৰিক বা আনুষ্ঠানিক জনসাংখিক বিজ্ঞান। আৰু
(খ) সামাজিক জনসাংখিক বিজ্ঞান।
আনুষ্ঠানিক জনসাংখিক বিজ্ঞানে সাধাৰণতে বিভিন্ন ধৰণেৰে আহৰণ কৰা পৰিসাংখিক তথ্যৰ ওপৰত অধ্যয়ন কৰে।
আনহাতে সামাজিক জনসাংখিক বিজ্ঞানে বিশেষকৈ জনসংখ্যাৰ ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক দিশবোৰ অধ্যয়ন কৰে।
২০। জনসংখ্যা বিস্ফোৰণৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা ৷
উত্তৰঃ কোনো এখন দেশৰ জনসংখ্যা যেতিয়া ভবাতকৈ অধিক বৃদ্ধি পায় তেতিয়া তাক জনসংখ্যা বিস্ফোৰণ বোলা হয়। জনসংখ্যা বিস্ফোৰণৰ দুটা কাৰণ হ’ল —
১) আধুনিক উন্নত মানৰ প্ৰতিষেধক দ্বাৰা ৰোগ নিয়ন্ত্ৰণ।
২) জনস্বাস্থ্য আৰু পুষ্টিকৰ খাদ্য যোগান।
২১। ভাৰতীয় জনসমষ্টিৰ মূল বৈশিষ্ট্যবোৰ কি কি?
উত্তৰঃ ভাৰতবৰ্ষৰ জনসংখ্যাৰ গাথঁনিৰ ক্ষেত্রত বিচিত্ৰ পৰিলক্ষিত হয়। জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষই চীনৰ পিছতে দ্বিতীয় স্থানত আছে। ২০১১ চনৰ লোকগণনা অনুসৰি বৰ্তমান ভাৰতৰ জনসংখ্যা ১,২১০ কোটি। অনুমান কৰা হৈছে যে ২০০৫ চনত ভাৰতবৰ্ষই চীনক অতিক্ৰম কৰি পৃথিৱীৰ ভিতৰতে জনবহুল দেশ হিচাপে পৰিগণিত হয়।
২০০১ চনৰ পৰা ভাৰতৰ ১৮১ নিযুত জনসংখ্যা বৃদ্ধি পাইছে। উত্তৰপ্ৰদেশ হৈছে ভাৰতৰ ভিতৰতে জনবহুল ৰাজ্য। ইয়াৰ জনসংখ্যাৰ প্রায় ২০০ নিযুত। প্ৰতি ১০ জন ভাৰতীয়ৰ ৫ জনেই উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিমবঙ্গ আৰু তামিলনাডুত বসবাস কৰে।
২০০১ চনৰ গণনামতে ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্রতি বৰ্গ কিঃ মিঃত ৩২৪ জন আছিল। কিন্তু ২০১১ চনৰ জনগণনাৰ এই সংখ্যা হয়গৈ প্রতি বৰ্গ কিঃ মিঃত ৩৮২ জন। এই দেশৰ প্রতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ৯৪০ গৰাকী।
ভাৰতবৰ্ষই পৃথিবীৰ ২.৪ শতাংশ ভূ-ভাগ আগুৰি আছে আৰু পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১৭.৫ শতাংশ এই দেশে বহন কৰিছে। ভাৰতীয়সকলৰ অধিকাংশই কৃষি আৰু ইয়াৰ লগত সম্পৰ্কিত অন্যান্য কাৰ্যকৰি জীৱন নিৰ্বাহ কৰে। ভাৰতবৰ্ষৰ ৭০ শতাংশতকৈ অধিক লোক গাঁৱত বসবাস কৰে। ২০০১ চনৰ লোকগণনা অনুসৰি ভাৰতৰ ৭২.২ শতাংশ লোক প্ৰায় ৬৩৮.০০০ খন গাঁৱত বাস কৰে।
জনসংখ্যা বৃদ্ধিৰ অনুপাতে ভাৰতৰ শিক্ষিত লোকৰ হাৰ সন্তোষজনক হৈ উঠা নাই। ১৯১১ চনৰ লোকগণনা মতে ভাৰতৰ শিক্ষিত লোকৰ সংখ্যা ৫২.১৯% আছিল। ২০০১ চনত এই সংখ্যা হয়গৈ ৬৫.৩৮% । ২০১১ চনৰ লোকগণনামতে ভাৰতত শিক্ষিতলোকৰ সংখ্যা হৈছে ৭৪.০৪%। ইয়াৰ পুৰুষৰ শিক্ষিতৰ হাৰ হৈছে ৮২.১৪% আৰু মহিলাৰ শিক্ষিতৰ হাৰ হৈছে ৬৫.৪৬% ভাৰতবৰ্ষত ২ হাজাৰতকৈও অধিক প্ৰজাতীয় সমূহ আৰু বিভিন্ন ধৰ্মীয় লোক বসবাস কৰে। ভাৰতবৰ্ষত অনেক ধৰ্মীয় লোকে বাস কৰে। সাম্প্রতিক সময়ত ভাৰতবৰ্ষত প্ৰধান আঠটা ধৰ্মই অধিক মাত্ৰাত প্রসাৰ লাভ কৰিছে। যেনে – হিন্দু, ইসলাম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন, জোৰষ্ট্ৰান, জিউচ ইত্যাদি।
ভাৰতৰ প্রতিখন ৰাজ্যত ধৰ্মীয় লোকৰ সংখ্যাৰ ক্ষেত্ৰত বিচিত্ৰতা দেখা যায়। জন্মু আৰু কাশ্মীৰ আৰু লাক্ষাদ্বীপ হৈছে ইছলাম প্রধান ৰাজ্য। নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় হৈছে খ্ৰীষ্টান ধৰ্মীয় ৰাজ্য আৰু পাঞ্জাৱ হৈছে শিখ ধৰ্মীয় প্রধান ৰাজ্য। ভাৰতত হিন্দু লোকৰ সংখ্যা ৮২.৭ শতাংশ, ইচলাম ধৰ্মীয় লোকৰ সংখ্যা ১১.৮ শতাংশ, খ্ৰীষ্টান ২.৬ শতাংশ, শিখ ২ শতাংশ, বৌদ্ধ ০.৭ শতাংশ, জৈন ০.৪ শতাংশ, জোৰষ্ট্ৰান ০.৩ শতাংশ আৰু জিউচ ধৰ্মীয় লোকৰ সংখ্যা ০.১ শত়াংশ ভাৰতবৰ্ষত বিভিন্ন ভাষিক গোষ্ঠীৰ লোক বসবাস কৰে। ভাৰতত ৪৩ শতাংশ হিন্দু লোকে হিন্দী ভাষা কয়। প্রায ৪৫ শতাংশ ইচলামে উৰ্দুভাষা কয়, প্রায় এক তৃতীয়াংশ খ্ৰীষ্টান লোকে মালয়ালম ভাষা কয় আৰু এক ষষ্ঠাংশ লোকে তামিল ভাষা কয়। চৰকাৰীভাৱে ভাৰতত প্রায় ১৬৫২ টা ভাষা আছে। ইয়াৰে ৩৫০ টা প্ৰধান ভাষা, ভাৰতীয় সংবিধানে ২২ টা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷ এই ভাষাসমূহ হৈছে — অসমীয়া, বাংলা, মাৰাঠী, উৰিয়া, পাঞ্জাবী, সমন্তোলী, সংস্কৃত, হিন্দী, তেলেগু, তামিল, নেপালী, উৰ্দু, বড়ো, দগ্ৰী, বহুল প্ৰচাৰিত কথিত ভাষাটো হৈছে হিন্দী। ইয়াৰ পিছতে ইংৰাজী ভাষা হৈছে কাৰ্য্যলয়ত ব্যৱহৃত দ্বিতীয়টো প্ৰধান ভাষা।
কোৱা হয় ভাৰতবৰ্ষই গাঁৱত বাস কৰে। প্ৰায় ৭০ শতাংশ ভাৰতীয়ই গাঁৱত বাস কৰে আৰু প্রাথমিক খণ্ডত নিয়োজিত হৈছে। কিন্তু সাম্প্ৰতিক কালত ভাৰতৰ গ্ৰাম্য আৰু নগৰীয়া জনসংখ্যাৰ হাৰৰ ক্ষেত্ৰত দ্ৰুত পৰিবৰ্তন আহিছে। ইয়াৰ প্রধান কাৰণ হৈছে প্ৰব্ৰজন। গাওঁ অঞ্চলত জীৱিকাৰ অভাৱ আৰু, অন্যান্য বহুতো সুবিধাৰ অভাৱৰ বাবে গাঁৱৰ পৰা মানুহবোৰে কাম আৰু ভালকৈ থাকিবৰ সুবিধা বিচাৰি নগৰলৈ প্ৰব্ৰজন কৰে। এইদৰে হোৱা প্ৰব্ৰজনৰ ফলত নগৰত সা-সুবিধাৰ ক্ষেত্রত ঘন জনবসতিপূৰ্ণ অঞ্চলৰ সৃষ্টি হয় য’ত মানুহে সৰু সৰু জুপুৰিত বাস কৰে। ২০০১ চনৰ লোকগণনা অনুসৰি কেৱল দিল্লীতে এনে জনসংখ্যা হৈছে ১,৮৫১,২৩১ জন। ই হৈছে দিল্লীত মুঠ জনসংখ্যাৰ ১৮.৭ শতাংশ।
২২। মালথাছৰ মতে জনসংখ্যা নিয়ন্ত্ৰণৰ উপায় দুটা কি?
উত্তৰঃ জনসংখ্যিক বিজ্ঞানৰ বিখ্যাত সূত্ৰসমূহৰ ভিতৰত এটা প্রধান সূত্ৰ হৈছে মালথাছৰ সূত্ৰ। এই সূত্র প্ৰতিষ্ঠাপক হৈছে ইংৰাজ ৰাজনৈতিক অৰ্থনীতিবিদ থমাচ্ ৰবাৰ্ট মালথাছ (Thomas Robert Malthus)। তেওঁৰ এই সূত্ৰটো ১৭৯৮ চনত প্ৰকাশ পোৱা (Essay on population) নামৰ ৰচনাত পোৱা যায়। তেওঁৰ জনসংখ্যা বৃদ্ধিৰ সূত্ৰটোৰ মতে মানুহৰ জীৱিকা নিৰ্বাহৰ উপায়বোৰতকৈ (অন্ন, বস্ত্ৰ আৰু কৃষিভিত্তিক উৎপাদনবোৰ) জনসংখ্যাৰ বৃদ্ধি অধিক খৰতকীয়া গতিৰে আগবাঢ়ে। সেইবাবে মানুহে আজীৱন দুৰ্ভিক্ষত ভুগিব লাগিব, কিয়নো জনসংখ্যাৰ বৃদ্ধিয়ে কৃষিৰ উৎপাদনৰ বৃদ্ধিক চেৰ পেলাই যাৱ। তেওঁৰ মতে জনসংখ্যা জ্যামিতিক হাৰত বৃদ্ধি পায় আৰু আনহাতে, কৃষি উৎপাদনে গাণিতিক হাৰত বৃদ্ধি পায়। জনসংখ্যা বৃদ্ধিয়ে যেতিয়া মানুহৰ প্রয়োজনীয় সম্পদক চেৰ পেলাই যায়।
তেতিয়া সম্পদ আহৰণৰ পথ সুগত কৰিবৰ বাবে একমাত্ৰ উপায় হৈছে। জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ। মানুহে যিহেতু স্বইচ্ছাৰে প্রতিষেধক বাধাৰ যোগেদি (যেনে – পলমকৈ বিয়া হোৱা অথবা যৌন মিতাচাৰ অৱলম্বন কৰি অথবা বিয়া নপতা ৷) জনসংখ্যা হ্ৰাস কৰাৰ পক্ষপাতী নহয় সেইবাবে জনসংখ্যা বৃদ্ধি ৰোধ কৰিব পৰা যাব কেৱল প্ৰকৃতিজাতৰ জৰিয়তেহে। এই ক্ষেত্ৰত দুৰ্ভিক্ষ আৰু প্রলয়াংকী বেমাৰ -আজাৰ অৱশ্যম্ভাৱী হৈ পৰিব। কাৰণ যেতিয়া জনসংখ্যা বৃদ্ধি আৰু খাদ্য সামগ্ৰীৰ যোগানৰ মাজত কোনো সামঞ্জস্য নাথাকিব। সেইসময়ত ভাৰসাম্য ৰক্ষা কৰিবলৈ প্ৰকৃতিয়ে আপোনা-আপুনি এনে পন্থা ল’ব।
২৩। সামাজিক জনসংখ্যা বিজ্ঞানৰ অন্তৰ্গত বিষয়বোৰ কি কি?
উত্তৰঃ সামাজিক জনসংখ্যা বিজ্ঞানৰ জৰিয়তে জনসংখ্য।ৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশবোৰ অধ্যয়ন কৰা হয়। জনসংখ্যা বিজ্ঞানৰ সকলো অধ্যয়নেই জৰীপ বা গণনা কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে।
২৪। সামাজিক জনসংখ্যা বিজ্ঞানৰ পৰিসৰ আলোচনা কৰা ৷
উত্তৰঃ সামাজিক জনসংখ্যা বিজ্ঞানে জনসংখ্যাৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক দিশবোৰ অধ্যয়ন কৰে। আধুনিক কল্যাণকামী ৰাষ্ট্ৰই সমূহৰ জনগণৰ কল্যাণৰ উদ্দেশ্যে বিভিন্ন নীতি আঁচনি আদি গ্রহণ কৰিবলগীয়া হয়। এনে নীতি আঁচনি আদি গ্রহণ কৰাত জনসমষ্টিৰ বিভিন্ন দিশৰ বিষয়ে জানিবলগীয়া হয়। জনসংখ্যা বৃদ্ধিৰ হাৰ, প্ৰজনন ক্ষমতাৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ, মাতৃৰ মৃত্যুৰ হাৰ, আশা কৰা মতে জীৱনৰ আয়ুস, লিংগ অনুপাত, পৰনিৰ্ভৰশীল অনুপাত, গাঁও অঞ্চলৰ পৰা চহৰ অঞ্চললৈ হোৱা প্রৱজন আদিৰ দৰে বিষয়সমূহ সামাজিক জনসংখ্যা বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।
২৫। পৰিয়াল পৰিকল্পনা কাৰ্যসূচীৰ সফলতা বিফলতাসমূহ আলোচনা কৰা।
উত্তৰঃ ভাৰতত পৰিয়াল পৰিকল্পনা কাৰ্যসূচীয়ে যথেষ্ট সফলতা লাভ কৰিছে। সেইসমূহ তলত আলোচনা কৰা হৈছে।
পৰিয়াল পৰিকল্পনাৰ কাৰ্যসূচীৰ সফলতা সমূহ হল–
( i ) জীৱনৰ আয়ুস কাল ৩৭ বছৰৰ পৰা ৬২ বছৰলৈ বৃদ্ধি কৰা ৷
( ii ) ১৯৫১ চনত অসংশোধিত জন্ম হাৰ আছিল ৪০.৮ শতাংশ। কিন্তু ২০০৪ চনত এই হাৰ ৭.৫ শতাংশলৈ হ্ৰাস পায়।
(iii) ১৯৫১ চনত অসংশোধিত মৃত্যুৰ হাৰ আছিল ২৫ শতাংশ। ২০০৪ চনত এই হাৰ ৭.৫ শতাংশলৈ হ্ৰাস পায়।
(iv) শিশুৰ মৃত্যুৰ হাৰ ১৯৫১ চনত আছিল ১৪৬। ২০০৪ চনত ই হ্ৰাস পাইছিল ৫৮লৈ।
পৰিয়াল পৰিকল্পনাৰ কাৰ্যসূচীৰ সফলতা সমূহ হল –
( i ) জন্মৰ হাৰ এতিয়াও বিশ্বৰ অন্য ৰাষ্ট্ৰৰ তুলনাত যথেষ্ট বেছি বেছি হৈয়েই আছে।
(ii ) শিশুৰ লিংগ অনুপাতৰ নিম্নগামী ছবিখনে ভাৰতত পৰিয়াল পৰিকল্পনা কাৰ্যসূচীৰ বিফলতাক ইংগিত কৰে।
২৬। ভাৰতীয় জনসমষ্টিৰ বয়স সংৰচনাৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় জনসমষ্টিৰ বয়স সংৰচনাৰ কিছুমান বৈশিষ্ট্য আছে। সেইসমূহ তলত আলোচনা কৰা হল –
i) প্ৰথমতে, ভাৰতৰ জনসংখ্যাৰ অধিকাংশই কম বয়সৰ আৰু আন বহু দেশৰ তুলনাত জনসংখ্যাৰ গড় বয়সো কম। ভাৰতত ১৫ বছৰৰ তলৰ জনসংখ্যা ক্ৰমান্বয়ে কমি অহা দেখা গৈছে। ২০০১ চনত ১৫ বছৰৰ তলৰ জনসংশ্যাৰ পৰিমাণ আছিল, ৩৪ শতাংশ। যিটো ২০১১ চনত ২৯ শতাংশলৈ কমিছিল আৰু ২০২৬ চনলৈ ২৩ শতাংশলৈ কমি যোৱাৰ সম্ভাৱনা আছে। ই ভাৰতত জন্মৰ হাৰ হ্ৰাস পোৱাৰ ইংগিত দিয়ে।
ii) দ্বিতীয়তে, ভাৰতত ১৫-১৬ বছৰীয়া জনসংখ্যাৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ১৯৯১ চনত ১৫-৬০ বছৰীয়া জনসংখ্যাৰ পৰিমাণ আছিল ৫৬ শতাংশ। ২০০১ চনত ই বৃদ্ধি পাইছিল ৫৯ শতাংশলৈ আৰু ২০১১ চনত হৈ গৈ ৬৩ শতাংশ। ই কৰ্মঠ লোকৰ পৰিমাণ বৃদ্ধি হোৱাটো সূচায়। কৰ্মত লোকৰ সংখ্যা বৃদ্ধি হোৱাটো এখন দেশৰ বাবে অর্থনৈতিক দিশত মংগলজনক।
iii) তৃতীয়তে, ভাৰতৰ জনসংখ্যাত ৬০ বছৰৰ ওপৰৰ লোকৰ সংখ্যাৰ বৃদ্ধি পোৱাও দেখা গৈছে। ১৯৬১ চনত ৬০ বছৰৰ ওপৰৰ লোকৰ পৰিমাণ আছিল ৬ শতাংশ। ২০১১ চনত ই হৈছে গৈ ৮ শতাংশ আৰু ২০১১ চন ই ১২ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য সেৱাৰ সুবিধা বৃদ্ধি আৰু আৰ্থিক কল্যাণমূলক আঁচনিবোৰৰ সুপ্রভাৱৰ ফলতেই ই সম্ভৱ হৈছে।
২৭। লিংগ অনুপাত হ্ৰাস পোৱাৰ কাৰণবোৰ কি?
উত্তৰঃ জনসংখ্যিক আলোচনাৰ ক্ষেত্ৰত পুৰুষ মহিলাৰ অনুপাত বা লিঙ্গ অনুপাত এক আলোচ্য ক্ষেত্ৰ। জনসংখ্যিক বিজ্ঞানী আৰু সমাজতত্ববিদসকলে লিংগ অনুপাতৰ বৈষম্যতাৰ বাবে ভালেমান কাৰণ আলোচনা কৰিছে। ইয়াৰ ভিতৰত প্রধানকৈ স্বাস্থ্য সম্বন্ধীয় কাৰণেই প্ৰধান ৷
লিংগ অনুপাত হ্ৰাস পোৱাৰ কাৰণবোৰ তলত আলোচনা কৰা হল –
i) শিশুৰ জন্মৰ সময়ত মাতৃয়ে ল’ব লগী প্ৰতিষেধক মূলক ব্যৱস্থা, সুখাদ্য, সাধাৰণ শিক্ষা, স্বাস্থ্যজনিত সজাগতা, চিকিৎসা সেৱাৰ উপযুক্ত সা-সুবিধাৰ অভাৱ।
ii) কেঁচুৱা অৱস্থাত কন্যা সম্তানৰ প্রতি অৱহেলা, শিশুৰ উচ্চ হাৰৰ মৃত্যু, লিংগ বিশেষে গৰ্ভপাত কৰা আদি কাৰণৰ পৰা কন্যা সন্তান জন্মত বাধা আহে।
iii) কিছুমান পৰিয়ালে তেওঁলোকৰ পৰিয়ালত এটা বা দুটা সন্তান বিচাৰে আৰু একে সময়তে লিংগ বিবেচনাৰ ওপৰতো প্রাধান্য দিয়ে।
ধৰ্মীয় আৰু অন্যান্য বিভিন্ন সাংস্কৃতিক অন্ধবিশ্বাসৰ কাৰণে ভাৰতৰ অনেক ঠাইত কন্যা সন্তানক হত্যা কৰাৰো উদাহৰণ আছে।
ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে লিংগ অনুপাত হ্ৰাস পোৱাৰ বহুতো কাৰণ আছে। জনসংখ্যিক বিজ্ঞানী আৰু সমাজতত্ববিদসকলে লিংগ অনুপাতৰ বৈষম্যতাৰ বাবে ভালেমান কাৰণ আলোচনা কৰিছে। ইয়াৰ ভিতৰত প্রধানকৈ স্বাস্থ্য সম্বন্ধীয় কাৰণেই প্রধান।
২৮। ভাৰতৰ জনসংখ্যা নীতিৰ কৃতকাৰ্যতাসমূহ চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৫১ চনৰে পৰা ভাৰতৰ জনসংখ্যা নীতি মানি অহা হৈছে। আৰম্ভণিতে জন্ম নিয়ন্ত্ৰণৰ বিভিন্ন কৌশল সম্পৰ্কে প্রচাৰ কৰা। ৰাজহুৱা স্বাস্থ্যসেৱা উন্নত কৰা স্বাস্থ্য কিছুমান উল্লেখযোগ্য কৃতকাৰ্যতা হ’ল-
i ) শিশুৰ জন্মৰ হাৰ হ্ৰাস পোৱা। ১৯৫১ চনত অসংশোধিত জন্মৰ হাৰ আছিল ৪০.৮ শতাংশ। ২০০৪ চনত এই হ্ৰাস পাইছিল ২৪.১ শতাংশলৈ।
ii ) শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱা। ১৯৫১ চনত প্ৰতি এহেজাৰ শিশুৰ ১৪৬ টা মৃত্যু মুখত পৰিছিল। ২০০৪ চনত এই সংখ্যা কমি হৈছিলগৈ ৫৮ টা।
iii ) জীৱনৰ গড় আয়ুস কাল ৩৭ বছৰৰ পৰা বৃদ্ধি পাইছিল ৬২ বছৰলৈ।
iv ) ১৯৫১ চনত প্ৰজননৰ হাৰ আছিল ৬ শতাংশ। ২০০৪ চনত ই হ্ৰাস পাইছিল তিনি শতাংশলৈ।
২৯। আধুনিক পৰিয়ালৰ কাৰ্য্যৱলী বৰ্ণনা কৰা।
উত্তৰঃ পৰিয়াল মানৱ সমাজৰ মূল আধাৰ আৰু এক বিশ্বজনীন সামাজিক সংজ্ঞা। পৰিয়ালেই হৈছে মানুহৰ সামাজিক জীৱনৰ প্রথম পদক্ষেপ। যদিও পৰিয়ালৰ কাৰ্যৱলীসমূহত বৰ্তমান পৰিৱৰ্তন আহিছে তথাপি পৰিয়ালৰ মূল কাৰ্যাৱলীসমূহত তলত দিয়া ধৰণেৰে আলোচনা কৰিব পাৰি –
(১) সামাজিক কাম : পৰিয়ালৰ ব্যক্তিসকল সমাজৰে একো একোজন সদস্য। গতিকে পৰিয়ালৰ প্ৰত্যেকজন সমস্যাৰে কিছুমান সামাজিক দায়বদ্ধতা আছে। ঠিক সেইদৰে পৰিয়ালৰ কিছুমান সামাজিক কাৰ্য্যাৱলীও আছে। সেইসমূহ হ’ল –
(ক) যৌন সম্বন্ধ নিয়ন্ত্ৰণ।
(খ) সংস্কৃতি হস্তান্তৰ।
(গ) প্রস্থিতি প্রদান।
(ঘ) সামাজিক ক্ৰিয়া নিয়ন্ত্ৰণ।
(২) ব্যক্তিৰ বাবে পৰিয়ালৰ কাম : ব্যক্তিৰ বাবেও পৰিয়ালে কিছুমান কাম কৰে; যেনে –
(ক) যৌন সম্বন্ধ নিয়মীয়াকৰণ।
(খ) সন্তান প্ৰজনন। আৰু
(গ) সন্তান প্রতিপালন।
(৩) আৰ্থিক বিষয়ৰ কাম : পৰিয়ালৰ অন্যতম প্রধান কাম হ’ল পৰিয়ালটোৰ ব্যক্তিসকল জীৱন নিৰ্বাহৰ ব্যৱস্থা কৰা ৷ সকলো পৰিয়ালেই জীৱন নিৰ্বাহৰ বাবে কিছুমান কাম কৰে। দৰাচলতে আৰ্থিক বিষয়ৰ কাম নকৰিলে পৰিয়াল এটা গঠন হ’ব নোৱাৰে। উদাহৰণস্বৰূপে, কৃষিজীৱি পৰিয়াল এটাই উৎপাদনৰ গোট হিচাপে কাম কৰে।
(৪) ধৰ্মীয় কাম : পৰিয়ালত ধৰ্মবিশ্বাস অনুসৰি কৰিব লগা কামসমূহ যেনে – পূজা-সেৱা, শ্ৰাদ্ধ, উপাসনা আদি পৰিয়ালৰ সকলো ব্যক্তি লগলাগি সম্পাদন কৰে। এইবোৰ পৰিয়ালৰসমূহ সদস্যৰ মংগল কামনাৰে কৰা হয়।
এইবিলাকৰ উপৰিও পৰিয়ালে সামাজিকৰণ, মানসিক আৰু শাৰীৰিক অৱসৰ বিনোদন , আৰ্থিক নিৰাপত্তা আদিৰ কাম কৰে। কিন্তু আজিকালি পৰিয়ালৰ কামবিলাকত পৰিৱৰ্তনে দেখা দিছে। আধুনিক পৰিয়ালত সম্তান প্রজননৰ কাম আৰু অন্যান্য চিকিৎসা আধুনিক চিকিৎসালয়ত সমাধা কৰা হয়। শিশুৰ সামাজিকৰণৰ ক্ষেত্ৰতো বৰ্তমান খেলাৰসমূহ, পুথিভঁৰাল, বিদ্যালয় আদিয়েহে অধিক সহায় কৰা দেখা গৈছে। গতিকে দেখা| যায় যে, আধুনিক যুগত পৌৰাণিক পৰিয়ালৰ কামবিলাক দ্ৰুত গতিত সলনি হ’বলৈ ধৰিছে আৰু এই কাৰ্যসমূহৰ দায়িত্ব পৰিয়ালৰ পৰা অন্যান্য অনুষ্ঠানে ল’বলৈ লৈছে।
৩০। চিপাহী বিদ্ৰোহৰ প্ৰধান কাৰণসমূহৰ বিচাৰ কৰা ?
উত্তৰঃ ১৮৫৭ চনত ভাৰতত চিপাহী বিদ্ৰোহ আৰম্ভ হোৱাৰ বহুতো কাৰণ আছে আৰু ইয়াৰে কেইটামান তলত আলোচনা কৰিবলৈ লোৱা হৈছে–
1. স্বত্বৰলোপ নীতি : ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য বিস্তাৰত বাধা দিবলৈ বংগদেশৰ মিৰকাচিম, মহীশুৰৰ হাইদৰ আলি আৰু টিপু চুলতান, মাৰাঠী আৰু শিখসকলে যি সংগ্ৰাম কৰিছিল সেই সংগ্ৰাম সাফল্যমণ্ডিত নহ’ল। লৰ্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতিয়ে দেশীয় ৰাজ্যবিলাকৰ ৰজা-মহাৰাজা বিলাকক আতঙ্কিত কৰি তুলিছিল। এই নীতি অনুসৰি কোনো দেশীয় ৰজাই সন্তান-বিহীন হৈ মৃত্যুবৰণ কৰিলে কোম্পানীৰ অনুমতি লৈহে সিংহাসনৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিব পাৰিছিল। এই ব্যৱস্থাৰ ফলত ভালেকেইজন দেশীয় ৰজা সন্ধানবিহীন হৈ মৃত্যু বৰণ কৰাৰ বাবে তেওঁলোকৰ ৰাজ্যবোৰ ব্ৰিটিছ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে। এই ব্যৱস্থাৰ যোগেদি যি সকল দেশীয় ৰজাই ৰাজ্য বিষয় , বৃত্তি আদি হেৰুৱালে সেইসকলে তাৰ প্ৰতিশোধ লবলৈ তলে তলে সাজু হৈ উঠিল। তেওঁলোকে ইংৰাজৰ বিৰুদ্ধে মানুহক উত্তেজিত কৰি তুলিছিল। ক্রমান্বয়ে ভাৰতীয় জনসাধাৰণেও ব্ৰিটিছ শাসনৰ প্ৰকৃত স্বৰূপ বুজিবলৈ সক্ষম হৈছিল আৰু এই বিক্ষোভ ভাৰতৰ নানা ঠাইত প্ৰকাশিত হৈছিল।
2. এনফিল্ড ৰাইফলৰ ব্যৱহাৰ : ১৮৫৭ চনৰ প্রথম ভাগত ভাৰতীয় চিপাহীবিলাকক এনফিল্ড ৰাইফল নামৰ এবিধ নতুন বন্দুক দিয়া হৈছিল। এই বন্দুকৰ কাৰ্টিজটো দাঁতেৰে কামুৰি বন্দুকত ভৰোৱা হৈছিল। ভাৰতীয় চিপাহীসকলৰ মাজত এনে এটা গুজব ওলাল যে কাৰ্টিজবিলাকৰ গাত গৰু আৰু গাহৰীৰ চৰ্বি থাকে। এই খবৰ শুনাৰ পিছত হিন্দু-মুছলমান দুয়ো শ্ৰেণীৰ চিপাহীবিলাকক উচতাই দি বিদ্ৰোহৰ নেতৃত্ব দিবলৈ আগবাঢ়ি আহিল। বিদ্রোহৰ এই নেতাসকলৰ ভিতৰত নানা চাহেব, ঝান্সিৰ ৰাণী লক্ষ্মীবাই, কোঁৱৰ সিংহ আৰু বাহাদুৰ ছাহেই প্রধান আছিল।
3. অৰ্থনৈতিক দুৰাবস্থা : লৰ্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতি অনুসৰি বহুতো ৰজা, জমিদাৰ আদিয়ে নিজ নিজ ৰাজ্য হেৰুৱাৰ পিছত অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছিল। কাৰণ তেওঁলোকৰ আয়ৰ পথ বন্ধ হৈ গৈছিল। ফলত অতদিনে ভোগ কৰি অহা বিভিন্ন সা-সুবিধাৰপৰা লোক বঞ্চিত হ’বলগা হৈছিল আৰু এই অর্থনৈতিক দুৰৱস্থাই তেওঁলোকক ব্ৰিটিছ বিদ্ৰোহী কৰি তুলিছিল।
4. বৈষম্যমূলক নীতি : ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয়সকল এক বৈষম্যমূলুক নীতি গ্ৰহণ কৰিছিল। ভাৰতীয়সকলক কোনো উচ্চ পদত মকৰল কৰা নাছিল। ইয়াৰ উপৰি বেতনৰ ক্ষেত্ৰত ইংৰাজ চাকৰিয়ালক ভাৰতীয়চাকৰিয়ালতকৈ উচ্চ-হাৰত বেতন দিয়াৰ ব্যৱস্থা কৰিছিল। সৈন্যবাহিনীৰ ক্ষেত্ৰতো সেই একে ধৰণৰ বৈষম্যমূলক নীতি গ্ৰহণ কৰিছিল। ইংৰাজ সৈন্যবাহিনীক অধিক সা-সুবিধা, বেতন আৰু পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিছিল। ফলত ভাৰতীয় সৈন্যসকল ক্ষুদ্ধ হৈ পৰিছিল।
5. সংস্কাৰমূলক কাৰ্য : ইংৰাজসকলে তেওঁলোকৰ শাসনকালত ভালেমান সংস্কাৰমূলক আঁচনি প্রৱৰ্তন কৰিছিল। এই সংস্কাৰমূলক আঁচনিসমূহৰ উদ্দেশ্য সৎ আছিল যদিও ভাৰতীয়সকলে এইবিলাকৰ ওপৰত সন্দেহৰ ভাৱ প্রকাশ কৰিছিল। সতীদাহ প্রথা বন্ধ কৰা, শিশুবধ প্রথাৰ অৱসান ঘটোৱা ব্যৱস্থা উন্নত কৰা আৰু মিচনেৰীসকলৰণদ্বাৰা প্রচাৰ কৰা খৃষ্টান ধৰ্ম আদি সকলোতে ভাৰতীয়সকলে সন্দেহ প্রকাশ কৰিছিল।
6. উত্তৰাধিকাৰী নীতিৰ পৰিৱৰ্তন : ভাৰতীয়সকলে অতদিনে চলাই অহা উত্তৰাধিকাৰী নীতিৰ পৰিৱৰ্তন ঘটোৱাৰ বাবেও ভাৰতীয়সকল ক্ষুব্ধ হৈ পৰিছিল। ইংৰাজসকলে প্ৰৱৰ্তন কৰা নতুন উত্তৰাধিকাৰী নীতি অনুসৰি এজন লোক হিন্দু ধৰ্মৰ পৰা খৃষ্টান ধৰ্মত দীক্ষিত হ’লেহে তেওঁ পুৰণি সম্পত্তিৰ উত্তৰাধিকাৰী দাবী কৰিব পাৰিছিল।
৩১। ভাৰতত জাতীয়তাবাদী আৰু জাতীয় আন্দোলন গঢ়ি উঠাৰ কাৰণসমূহ কি কি ? আলোচনা কৰা?
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰাই জাতীয় আন্দোলনৰ আৰম্ভণি বুলি অনুমান কৰা হয় যদিও সেই সময়ছোঁয়াত জাতীয় চেতনাবোধ পূৰ্ণাংগৰূপত গা কৰি উঠিব পৰা নাছিল। আনকি ইয়াৰ পাছৰ দুটা দশকৰ ভিতৰতো ভাৰতীয় জাতীয় আন্দোলনে সংগঠিতভাৱে নিয়মীয়া ৰূপত গঢ় লৈ উঠিব পৰা নাছিল। গতিকে প্ৰকৃত অৰ্থত কবলৈ গলে ১৮৮৫ চনত ভাৰতীয় কংগ্ৰেছৰ জন্মৰ পাছৰপৰাহে ভাৰতৰ জাতীয় আন্দোলনে এক স্পষ্ট ৰূপ লাভ কৰিবলৈ সক্ষম হ’ল।
ভাৰতীয় জাতীয় আন্দোলন গঢ়ি উঠাৰ কেইটামান উল্লেখযোগ্য কাৰক তলত উল্লেখ কৰা হ’ল-
১৮শ আৰু ১৯শ শতিকাৰ সামাজিক আৰু ধৰ্মীয় আন্দোলন : ১৮শ আৰু ১৯শ শতিকাৰ সময়ছোৱাত ভাৰতত ভালেমান সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানে সংস্কাৰকামী আন্দোলন গঢ়ি তুলিছিল আৰু এই আন্দোলনবিলাকে ভাৰতবাসীৰ মাজত নতুন জাতীয় চেতনাবোধ জগাই তুলিছিল। এইবিলাকৰ ভিতৰত আছিল ব্ৰাহ্ম সমাজ, আৰ্য সমাজ, ৰামকৃষ্ণ মিছন আৰু থিয়চফিকেল চ’চাইটি। ১৮২৮ চনত ব্ৰাহ্ম সমাজ গঠন কৰা ৰাজা ৰামমোহন ৰায়ক ভাৰতবৰ্ষত জাতীয়তাবাদৰ জন্মদাতা বুলি আখ্যা দিয়া হয়। তেওঁক আনকি ভাৰতৰ নৱজাগৰণৰ হোতা বুলিও স্বীকৃতি দিয়া হৈছে। ভাৰতীয় সমাজ সংস্কাৰৰ বাবে তেওঁ যোগোৱা বৰঙণি উল্লেখযোগ্য ধৰণৰ আছিল। সেইদৰে স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্যসমাজ প্ৰতিষ্ঠা কৰি ভালেমান সংস্কাৰমূলক আঁচনি গ্ৰহণ কৰিছিল। ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ আদি ধৰ্মগুৰুসকলে ধৰ্মীয় সংস্কাৰমূলক কামত নিজকে নিয়োগ কৰিছিল। এইবিলাকৰ উপৰি এনি বেচান্তে ‘থিয়চফিকেল সমাজ’ প্ৰতিষ্ঠা কৰি হিন্দু সভ্যতা আৰু সংস্কৃতিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভাৰতীয়সকলৰ মনত জাতীয় চেতনা আৰু আত্ম-সন্মানৰ ভাৱ জগাই তুলি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে থিয় দিবলৈ ভাৰতীয়সকলক উদ্গনি দিছিল।
২। পশ্চিমীয়া শিক্ষা : ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰসাৰেও জাতীয় আন্দোলনৰ বিকাশত বিশেষ ভাৱে অৰিহণা যোগাইছিল। মেক’লে নামৰ এজন ইংৰাজ শিক্ষাবিদেই প্ৰথমে ভাৰতত নতুন শিক্ষা পদ্ধতিৰ প্ৰচলন কৰিছিল। এই ক্ষেত্ৰত তেওঁৰ উদ্দেশ্য আছিল ভাৰতীয় সকলৰ মাজত পশ্চিমীয়া শিক্ষাৰ প্ৰসাৰ ঘটাই ভাৰতীয় সকলক ব্ৰিটিছ আদৱ কায়দাৰে গঢ়ি তুলি সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে দুয়োটা জাতিকে ওচৰ চপাই অনা। প্ৰথম অৱস্থাত ইংৰাজী শিক্ষাই ভালেমান ভাৰতীয়ৰ বাবে অভিশাপ জেনেহে হৈ পৰিল। কাৰণ তেওঁলোক পিন্ধন-উৰণ আৰু চাল-চলনৰ পুৰামাত্ৰাই পশ্চিমীয়া হৈ পৰিল আৰু লগে লগে তেওঁলোকৰ নিজা কলা-কৃষ্টি-সংস্কৃতিৰ ওপৰত বিশ্বাস হেৰুৱাই পেলালে। কিন্তু সেই একে সময়তে এই শিক্ষাই ভাৰতীয়সকলৰ ক্ষেত্রত আৰ্শীবাদ স্বৰূপো হৈ পৰিল। কাৰণ ইংৰাজী ভাষাৰ জ্ঞান লাভ কৰাৰ পাছত গণতান্ত্ৰিক আদৰ্শৰে ভৰপুৰ হৈ থকা পশ্চিমীয়া দৰ্শন, বিজ্ঞান, সাহিত্য, ৰাজনীতি, বুৰঞ্জী আদি বিভিন্ন বিষয়সমূহ অধ্যয়ন কৰি জ্ঞান লাভ কৰিবলৈ ভাৰতীয়সকল সক্ষম হ’ল।
বাৰ্ক, মিল্টন, মিল, মেকলে, হাৰ্বাট স্পেন্সাৰ আদি লেখকসকলৰ লেখনিৰ পৰা জ্ঞান লাভ কৰাটো ভাৰতীয়সকলৰ বাবে সহজসাধ্য হৈ পৰিল। পশ্চিমীয়া লেখকসকলৰ লেখনিয়ে ভাৰতীয় লোকৰ মাজত স্বাধীনতাৰ ভাৱ সৃষ্টি কৰাত সহায় কৰিছিল। ইয়াৰ উপৰি ইংৰাজী ভাষাৰ জ্ঞান লাভ কৰাৰ পাছত ভালেমান ভাৰতীয় লোকে পশ্চিমীয়া দেশসমূহ ভ্ৰমণ কৰি সেই দেশবিলাকৰ জনসাধাৰণৰ জীৱন ধাৰণৰ পদ্ধতি, তেওঁলোকৰ গণতান্ত্ৰিক ৰাজনৈতিক অনুষ্ঠান প্রতিষ্ঠানবিলাকৰ জীৱন ধাৰণৰ পদ্ধতি, তেওঁলোকৰ গণতান্ত্রিক ৰাজনৈতিক অনুষ্ঠান প্রতিষ্ঠানবিলাকৰ কাম-কাজ অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল। এই স্বাধীন দেশবিলাকৰ এনে ব্যৱস্থাসমূহ অধ্যয়ন কৰি ভাৰতলৈ ঘূৰি অহাৰ পাছত তেওঁলোকৰ মন ব্ৰিটিছ শাসনৰ প্রতি ক্ষুব্ধ হৈ পৰিছিল। আৰু অৱশেষত ১৮৮৫ চনত এটা জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ বাসত্তৰজন লোক বোম্বেত মিলিত হৈছিল। ভাৰতীয় জাতীয় আন্দোলনটো প্রায় পোন্ধৰ বছৰমান এই পশ্চিমীয়া শিক্ষাৰে শিক্ষিত লোকসকলৰ মাজতে আৱদ্ধ হৈ আছিল।
ব্ৰিটিছ শাসনকালত আগবঢ়োৱা ব্যৱস্থাৰাজি : ব্ৰিটিছ শাসনেও আওপকীয়াকৈ ভাৰতীয়সকলৰ মাজত জাতীয় চেতনাবোধ জাগি উঠাত সহায় কৰিছিল। ব্ৰিটিছসকলে, ভাৰতত যোগাযোগ ব্যৱস্থাৰ অভূতপূৰ্ব উন্নতি ঘটাইছিল। এই যোগাযোগ ব্যৱস্থা উন্নতি সাধন কৰাত ভাৰতীয়সকল সহজে এঠাইৰ পৰা আন এঠাইলৈ গৈ জাতীয় আন্দোলনৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা হ’ল। সন্দেহ নাই যে ব্ৰিটিছসকলে ৰেল, পথ, জাহাজ, পোষ্ট আৰু টেলিগ্ৰাম আদিৰ ব্যৱস্থা কৰিছিল ভাৰতক দক্ষতাৰে শাসন কৰিবৰ বাবেহে। কিন্তু এই ব্যৱস্থাৰাজিয়ে ভাৰতীয় জাতীয় আন্দোলনৰ সকলো কৰ্মীকে এঠাইৰ পৰা আন এঠাইলৈ গৈ ইজনে সিজনক ব্যক্তিগতভাৱে জনাৰ উপৰি ব্ৰিটিছৰ কু-শাসনৰ বিষয়ে আলোচনা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন উদ্ভাৱন কৰাত সহায় কৰিছিল।
‘লৰ্ড লিটন’ৰ দমনমূলক নীতি : লৰ্ড লিটন ১৮৬৭ চনৰ পৰা ১৮৭০ চনলৈকে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল। তেওঁৰ এই চাৰি বছৰীয়া কাৰ্যকালত ভাৰতীয়সকলৰ ওপৰত যি দমনমূলক নীতি গ্ৰহণ কৰিছিল সেই নীতিয়ে ভাৰতীয়সকলৰ মনত এক অসন্তুষ্টিৰ ভাবৰ সৃষ্টি কৰিছিল। ভাৰতীয়সকলক দমন কৰিবৰ বাবে তেওঁ ভালেকেইখন আইন প্ৰণয়ন কৰিছিল। এইবিলাকৰ ভিতৰত আছিল অস্ত্ৰ নিষিদ্ধ আইন, সংবাদ পত্ৰ নিষিদ্ধ আইন আদিয়েই প্ৰধান। অস্ত্ৰ-শস্ত্ৰ নিষিদ্ধ আইনৰ জৰিয়তে ভাৰতীয় সকলক অস্ত্ৰ-শস্ত্ৰ লৈ ফুৰা আৰু এইবিলাকৰ ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল। কিন্তু এই আইনখন ইংৰাজ সকলৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হোৱা নাছিল। ফলত ভাৰতীয় আৰু ইংৰাজসকলে মাজত এক অবিশ্বাসৰ ভাবে গা কৰি উঠিছিল। ইয়াৰ উপৰি লৰ্ড লিটনৰ চৰকাৰে সংবাদপত্ৰ সমূহৰ ওপৰত বাধা আৰোপ কৰি এইবিলাকক শ্বাসৰুদ্ধ কৰি পেলাইছিল। আকৌ লিটনৰ সময়তে ভাৰতবৰ্ষত এক দুৰ্ভিক্ষই দেখা দিছিল আৰু এই দুৰ্ভিক্ষত হাজাৰ হাজাৰ ভাৰতীয় লোকে প্ৰাণ হেৰুৱাইছিল। লিটনৰ প্ৰশাসনে ভাৰতীয়সকলৰ এই দুৰ্যোগৰ প্রতি একেবাৰে চিন্তা কৰা নাছিল। লৰ্ড লিটনৰ এনেবিলাক কাৰ্যৰ বাবে ভাৰতবাসী ক্ষুব্ধ হৈ উঠিছিল আৰু ইয়াৰ প্রতিবাদ জনাবলৈ ভাৰতৰ বিভিন্ন ঠাইত ব্ৰিটিছ বিৰোধী সংগঠন গঢ়ি তুলিছিল।
ভাৰতীয় লোকক উচ্চ পদবীৰ পৰা বঞ্চিত (Denial of Higher jobs to indians) : ব্ৰিটিছ শাসনকালত ভাৰতৰ প্ৰশাসন ব্যৱস্থাত ভাৰতীয়সকলক বঞ্চিত কৰাৰ প্ৰচেষ্টাইও ভাৰতীয়সকলৰ জাতীয় চেতনা জাগ্ৰত কৰি তুলিছিল। ব্ৰিটিছ চৰকাৰে বিভিন্ন সময়ত ভাৰতীয় লোকক উপযুক্ত চৰকাৰী চাকৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছিল। যদিও সেইবিলাক কাৰ্যত পৰিণত কৰাৰ কোনো আঁচনি গ্ৰহণ কৰা নাছিল। উদাহৰণস্বৰূপে ১৮৩৩ চনৰ আইনত কোৱা হৈছিল যে জাতি, ধৰ্ম, বৰ্ণ, ভাষা, ৰং আদিৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য নৰখাকৈ সকলোবিলাক উচ্চ পদবীতে ভাৰতীয় লোকক মকৰল কৰা হ’ব। ১৮৫৮ চনত মহাৰাণী ভিক্টোৰীয়ায়ো এক ঘোষণাযোগে এনে আশ্বাস পুনৰ দোহাৰিছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত এই আশ্বাস কাৰ্যকৰী নকৰাই নহয় বিভিন্ন ধৰণে ভাৰতীয়সকলক বঞ্চিত কৰাৰ আঁচনিহে গ্রহণ কৰা হৈছিল। উদাহৰণস্বৰূপে, সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে ১৮৬৯ চনত ভাৰতীয় অসামৰিক সেৱাৰ বাবে হোৱা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।
উল্লেখযোগ্য যে সেই সময়ত এই পৰীক্ষা কেৱল ইংলেণ্ডতহে হৈছিল আৰু এই পৰীক্ষাত বহাৰ বাবে বয়সৰ সীমা ধাৰ্য কৰা হৈছিল ২১ বছৰ। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে এজন ভাৰতীয় ছাত্ৰৰ বাবে এই পৰীক্ষাত যোগদান কৰাতো কিমান কষ্টসাধ্য। সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে এই সকলোবিলাক দুৰ্যোগ সুখ্যাতিৰে অতিক্ৰম কৰিছিল। কিন্তু বয়সৰ খেলিমেলি উলিয়াই তেওঁক বঞ্চিত কৰাৰ চেষ্টা কৰা হৈছিল। অৱশ্যে ৰাণীৰ ন্যায়ালয়ৰ হস্তক্ষেপত তেওঁক এক উচ্চপদবীত মকৰল কৰা হৈছিল। কিন্তু দুবছৰৰ ভিতৰতে তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ আনি বৰ্খস্ত কৰা হ’ল। ঠিক সেইদৰে অৰবিন্দ ঘোষেও মূল পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও ঘোঁৰা ডাকোৱা পৰীক্ষাত তেওঁক অযোগ্য বুলি বিবেচনা কৰা হল। ইয়াৰ পাছত ভাৰতীয় সকলক বঞ্চিত কৰা উদ্দেশ্য এই পৰীক্ষাৰ বাবে ধাৰ্য কৰা বয়সৰ সীমা ২১ বছৰৰ পৰা ১৯ বছৰলৈ হ্ৰাস কৰা হ’ল আৰু এই ব্যৱস্থাৰ দ্বাৰা ভাৰতীয়সকলক ইংলেণ্ডেলৈ গৈ এই পৰীক্ষাত বহাটো অসম্ভৱ কৰি তোলা হ’ল।
এই ব্যৱস্থাৰ প্রতিবাদ জনোৱাৰ উদ্দেশ্যে ১৮৭৬ চনত সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে ইণ্ডিয়ান এছ’চিয়েচন নামৰে এটা সৰ্বভাৰতীয় সংস্থা গঠন কৰিছিল। ব্ৰিটিছ চৰকাৰৰ এনেবিলাক ভাৰতীয় বিৰোধী নীতিৰ প্ৰতিবাদ জনাবৰ বাবে তেওঁ সমগ্ৰ ভাৰত ভ্ৰমণ কৰিছিল আৰু সকলোতে উৎসাজনক সঁহাৰি লাভ কৰিছিল। ব্ৰিটিছ কৰ্তৃপক্ষক এনেধৰণৰ ভাৰতীয় বিৰোধী কাৰ্যকলাপৰ বিষয়ে অৱগত কৰোৱাৰ বাবে লালমোহন ঘোষক ইংলেণ্ডলৈ পঠোৱা হৈছিল যদিও সুফল পোৱা নগ’ল।
ভাৰতৰ বাবে গ্রহণ কৰা অৰ্থনৈতিক শোষণ ব্যৱস্থা (Economic Exploration of India) : ব্ৰিটিছ চৰকাৰে ভাৰতৰ বাবে গ্ৰহণ কৰা অর্থনৈতিক নীতিয়েও ভাৰতবাসীৰ মনত চেতনা জগাই তুলিছিল। ১৮১৩ চনত প্ৰকাশ কৰা চনদত উল্লেখ কৰা হৈছিল যে ভাৰতীয়সকলৰ সুখ-শান্তিৰ বাবে ব্যৱস্থা লোৱাটো এই দেশৰ বাবে অন্যতম কৰ্তব্য হ’ব। ইয়াৰ পৰা আৰু এখোপ আগুৱাই ১৮৩৩ চনত ঘোষণা কৰা হ’ল যে ইংৰাজ আৰু ভাৰতীয়সকলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’লে ভাৰতীয়সকলক অগ্ৰাধিকাৰ প্রদান কৰা হ’ব। ঠিক একেধৰণৰ ব্যৱস্থাৱলীৰ বিষয়ে ১৮৫৮ চনৰ ৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰতো উল্লেখ কৰা হৈছিল। কিন্তু কাৰ্যক্ষেত্ৰত ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নতিৰ পৰিবৰ্তে ইংৰাজ চৰকাৰে ভাৰতবৰ্ষক শোষণ কৰা নীতিহে অৱলম্বন কৰিছিল। ভাৰতৰ প্ৰশাসনক ওপৰ গধুৰ কৰি অত্যাধিক ব্যয়বহুল কৰা হৈছিল। পৰিকল্পিতভাৱে ভাৰতত ইতিমধ্যে গঢ়ি উঠা উদ্যোগবিলাক ধ্বংস কৰি ইংলেণ্ডত উৎপাদিত হোৱা বস্তুহে ভাৰতলৈ অনাৰ ব্যৱস্থা কৰিছিল।
ভাৰতত উৎপাদিত হোৱা প্ৰচুৰ পৰিমাণৰ কেঁচামাল নিজ দেশলৈ নি বিভিন্ন কল-কাৰখানাত ব্যৱহাৰ কৰিছিল আৰু এইবিলাকৰ পৰা উৎপাদিত হোৱা সামগ্ৰীসমূহ ভাৰতীয় বজাৰত উচ্চ দামত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছিল। ভাৰতীয় উদ্যোগক ৰক্ষণাবেক্ষণ দিয়া আৰু এইবিলাকৰ উন্নতি ঘটোৱা দূৰৰ কথা এইবিলাক ধ্বংস কৰাৰহে চেষ্টা কৰিছিল। ভাৰতক এখন উন্নত কৃষিপ্রধান দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও এইক্ষেত্ৰতো কোনো ধৰণৰ আধুনিক পদ্ধতি গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হোৱা নাছিল। ব্ৰিটিছ চৰকাৰৰ এনে ধৰণৰ অৰ্থনৈতিক শোষণ নীতিয়ে ভাৰতীয়সকলৰ মনত গভীৰ অসন্তুষ্টিৰ ভাব সৃষ্টি কৰিছিল আৰু এই অসন্তষ্টিয়ে তেওঁলোকক স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিবলৈ বাধ্য কৰিছিল।
বাতৰি কাকতসমূহে গ্ৰহণ কৰা ভূমিকা ( The Role played by the press in India) : ভাৰতীয় বাতৰি কাকতসমূহেও ভাৰতীয় লোকৰ মাজত স্বাধীনতাৰ ভাব জগাই তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। উনবিংশ শতিকাৰ আশীৰ দশকত ভাৰতীয় সংবাদ পত্ৰসমূহ অতি শক্তিশালী হৈ উঠিছিল। ১৮৭৭ চনত ভাৰতত অতি কমেও ৬৪৪ খন বাতৰি কাকতৰ প্রচলন হৈছিল আৰু ইয়াৰ প্রায়বিলাকেই আছিল দেশীয় ভাষাৰ। লৰ্ড লিটনৰ প্ৰশাসনে সংবাদপত্ৰ আইনৰ জৰিয়তে এই বাতৰি ৷কাকতসমূহৰ ওপৰত বাধা নিষেধ কৰিছিল যাতে বাতৰি কাকতসমূহে ব্ৰিটিছৰ শাসনৰ ভাৰতবিৰোধী কাম-কাজসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰিব নোৱাৰে, কিন্তু পাছত এই আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল। মুঠতে বিভিন্ন ধৰণৰ বাধা-বিঘিনি পোৱা সত্বেও সংবাদপত্ৰসমূহে ব্ৰিটিছ শাসনৰ অন্যায়, অবিচাৰ আৰু শোষণ নীতিৰ বিষয়ে ভাৰতীয় সকলক অৱগত কৰি তেওঁলোকৰ মনত জাতীয় চেতনাবোধ বৃদ্ধি কৰাত সফল ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিল ৷
ব্ৰিটিছ দাসত্বৰ শিকলিত বান্ধ খাই থকাটোৱেই যে ভাৰতীয়সকলৰ উন্নতিৰ ক্ষেত্ৰত হেঙাৰস্বৰূপ আৰু স্বাধীনতা লাভৰ বাবে যে ৰাজনৈতিক অনুষ্ঠানৰ প্রয়োজন সেই কথা ভাৰতীয়সকলৰ অন্তৰত সুমুৱাই দিয়াত। বাতৰি কাকতসমূহ সফল হৈছিল। এই বাতৰি কাকতবিলাকৰ ভিতৰত অমৃত বজাৰ পত্ৰিকা, হিন্দু, সঞ্জীৱনী, কেৰালা পত্ৰিকা, মহাৰাষ্ট্ৰ, কেশৰী, কহিনুৰ আদি উল্লেখযোগ্য।
ইলবাৰ্ট বিলৰ দ্বাৰা সৃষ্টি কৰা বৈষম্য ( Ilbert Bill Controversy ) : চাৰ চি পি ইলবাৰ্ট লৰ্ড ৰিপনৰ কাৰ্যনিৰ্বাহক পৰিষদৰ এজন আইন সদস্য আছিল। ইলবাৰ্টে ভাৰতীয় আৰু ইংৰাজ বিচাৰকৰ মাজত থকা বৈষম্য আঁতৰ কঁৰি ভাৰতীয় বিচাৰকক ইংৰাজ অপৰাধীৰ বিচাৰৰ ক্ষমতা প্ৰদান কৰাৰ অভিপ্ৰায়ে কাৰ্যনিৰ্বাহক পৰিষদত এখন বিল উখাপন কৰিছিল। কিন্তু যদিও এইবিলখন এজন ইংৰাজ লোকেই এক শুদ্ধ নীতি গ্ৰহণ কৰাৰ বাবে উত্থাপন কৰিছিল ভাৰতত থকা ইংৰাজসকলে এই বিলৰ তীব্ৰ বিৰোধিতা কৰি একগোট হৈ থিয় দিছিল। তেওঁলোকে এই যুক্তি আগবঢ়াইছিল যে ইংৰাজসকল দাগী অপৰাধী হলেও ভাৰতীয় বিচাৰকসকলে বিচাৰ কৰাৰ বাবে যোগ্য নহয়। এই বিৰল বিৰুদ্ধে আন্দোলন চলোৱাৰ উদ্দেশ্য তেওঁলোকে আনকি ইউৰোপীয়ান ডিফেন্স এছ’চিয়েচন নামৰ এটা সংগঠনে গঢ়ি তুলিছিল আৰু শ্ৰেণীবিভাজন বাহাল ৰখাৰ বাবে অতি কম সময়ৰ ভিতৰতে একলাখ পঞ্চাশ হাজাৰ টকা সংগ্ৰহ কাৰিছিল।
ইংৰাজসকলৰ এই আন্দোলনে ভাৰতীয়সকলৰ চকু মেল খোৱাই দিছিল আৰু ভাধিবলৈ বাধ্য কৰিছিল যে যেতিয়ালৈকে তেওঁলোক বিদেশী শাসনৰ পৰা মুক্ত হ’ব নোৱাৰে তেতিয়ালৈকে একে ধৰণৰ অপমান সহ্য কৰি যাব লাগিব। কাৰণ এই সামান্য বিলখনৰ বিৰুদ্ধে উঠা প্ৰতিবাদত ভাৰত চৰকাৰে মুৰ দোৱাই বিলখন উঠাই লব লগা হ’ল। ইউৰোপীয়ান ডিফেন্স এছ’চিয়েন এনেবিলাক কাৰ্যকলাপৰ পটভূমিত সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে ১৮৮৩ চনত এখন জাতীয় মহাসভা গঠন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে আৰু ইয়ে পাছত ভাৰতীয় জাতীয় কংগ্ৰেছ পূৰ্বাভাষ হিচাপে পৰিগণিত হয়।
মহাৰাণী ঘোষণাপত্ৰ (Proclamation of Queen Victoria) : চিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা নিজৰ হাতলৈ অনাৰ লগে লগে অৰ্থাৎ ১৮৫৮ চনৰ ১ নৱেম্বৰ তাৰিখে মহাৰাণী ভিক্টোৰিয়াই এখন ঘোষণাপত্ৰ জাৰি কৰিছিল।এই ঘোষণাপত্ৰৰ জৰিয়তে ৰাণীয়ে ইংৰাজ ভাৰতত আৰু ৰাজ্য বিস্তাৰ নকৰাৰ আশ্বাস দিয়াৰ উপৰি ভাৰতৰ ৰজাসকলৰ লগত ইতিমধ্যে স্বাক্ষৰ কৰা চুক্তিবিলাকৰ লগতে তেওঁলোকৰ অধিকাৰ আৰু মৰ্যাদাক সন্মান জনোৱা হ’ব বুলি উল্লেখ কৰিছিল।
এই বিলাকৰ উপৰি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো উপযুক্ত ভাৰতীয় লোকক চৰকাৰী চাকৰি দিয়া আৰু কোনো ক্ষেত্ৰতে ভাৰতীয়সকলৰ ধৰ্মৰ ওপৰত হাত দিয়া নহ’ব বুলি ঘোষণা কৰিছিল, কিন্তু বাস্তৱক্ষেত্ৰত এই প্রতিশ্ৰুতিসমূহৰ এটাও পালন কৰা দেখা নগ’ল, ফলত ভাৰতীয়সকল ক্ষুব্ধ হৈ উঠে।
৩২। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ ৰাজনৈতিক আৰু অর্থনৈতিক কাৰণটো বিচাৰ কৰা?
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত যিসকল চিপাহীয়ে ইংৰাজৰ অধীনত সামৰিক বাহিনীত নিযুক্ত হৈছিল সেইসকল আছিল হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী লোকৰ সংমিশ্ৰণ । সেই সময়ত চিপাহীসকলে এনফিল্ড ৰাইফল ব্যৱহাৰ কৰিছিল। এইবিধ ৰাইফলৰ গুলী বন্দুকত ভৰোৱাৰ আগতে দাতেৰে কামুৰি তাৰ পেকেটটো খুলিব লাগিছিল। গুলিসমূহত চৰ্বীজাতীয় এবিধ পিচল বস্তু মিহলাই দিয়া হৈছিল। এই পিচল সংমিশ্ৰণবিধ গাহৰি আৰু গৰুৰ চৰ্বীৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল বুলি বুলি গুজব ওলাইছিল। গৰুৰ মাংস যিদৰে হিন্দুসকলৰ অভক্ষ্য আছিল তেনেদৰেই গাহৰিৰ মাংস অভক্ষ্য আছিল মুছলমানসকলৰ অভ্যক্ষ আছিল তেনেদৰে গাহৰিৰ মাংস অভ্যক্ষ আছিল মুছলমানসকলৰ। সেয়ে দুয়োটা সম্প্ৰদায়ৰ চিপাহীয়েই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছুক হৈছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ চেষ্টা কৰিছে। এই এনফিল্ড ৰাইফলৰ গুলীয়েই হৈছে ১৮৫৭ চনৰ বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ। ১৮৫৭ চনৰ ২৩ জানুৱাৰীত বংগদেশৰ দমদমৰ সেনা ছাউনীত থকা চিপাহীসকলে পোনতে এই গুলী ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্রকাশ কৰে।
এই যুদ্ধক ‘চিপাহী বিদ্ৰোহ’ বা ‘১৮৫৭ আন্দোলনো বোলা হয়। ১৮৫৭ চনৰ ২৯ মাৰ্চ তাৰিখ ভাইচৰয় লৰ্ড কেনিঙৰ দিনত মংগল পাণ্ডে নামৰ এজন চিপাহীয়ে বেৰাকপুৰত হোৱা কুচকাৱাজৰ সময়ত দুজন ইংৰাজ অফিচাৰক হত্যা কৰে। ভাৰতীয় সৈন্যই মংগল পাণ্ডেক আটক কৰিবলৈ অস্বীকাৰ কৰে। অৱশ্যে পিছত তেওঁক আটক কৰা হয় আৰু হত্যা কৰা হয়। বন জুইৰ দৰে এই খবৰ ভাৰতৰ সকলো বাহিনীলৈ বিয়পি পৰে আৰু ইয়েই লক্ষ্ণৌ, আম্বালা, বেহৰামপুৰ আৰু মীৰাটত চিপাহী বিদ্ৰোহৰ সূচনা কৰে।
বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ –
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ বিভিন্ন কাৰণৰ ভিতৰত ৰাজনৈতিক কাৰণো জড়িত আছিল। তলত যিবোৰ ৰাজনৈতিক কাৰণে চিপাহী বিদ্ৰোহ আৰম্ভ হোৱাত ইন্ধন যোগাইছিল সেই কাৰণবোৰ আলোচনা কৰা হ’ল–
(ক) লৰ্ড ডেলহাউচিৰ সম্প্ৰসাৰণ নীতিত ভালেমান দেশীয় ৰাজ্যৰ অস্তিত্ব বিপন্ন হৈছিল।
(খ) তেওঁৰ স্বত্ব-বিলোপ নীতি ফলত ভাৰতৰ দেশীয় ৰজাসকলৰ মাজত গভীৰ অসন্তুষ্টিয়ে দেখা দিছিল।
(গ) মিছা অজুহাতত ডেলহাউছিয়ে ১৮৫৬ চনত অযোধ্যাৰ শাসনকৰ্তাক গাদীচ্যুত কৰি অযোধ্যাখন দখল কৰি লয়।
(ঘ) নিজামৰ পৰা ১৮৫৩ চনত হায়দৰাবাদখন কাঢ়ি লয়।
(ঙ) স্বত্ব-বিলোপ নীতিৰ দোহাই দি ডেলহাউছিয়ে ছাতাৰা, জৈয়তপুৰ, সম্বলপুৰ, ভগত, উদয়পুৰ, ঝান্সী, নাগপুৰ দখল কৰে।
(চ) ইয়াতেই ক্ষান্ত নাথাকি ডেলহাউছিয়ে পূৰ্বৰ দেশীয় ৰজাসকলে কোম্পানীৰ পৰা পাই থকা আৰ্থিক সাহাজ্য আৰু পেন্সন আদি বন্ধ কৰি দিছিল।
(ছ) অকল ইমানেই নহয়, ডেলহাউছিয়ে ভাৰতৰ দেশীয় ৰজা বোৰৰ উপাধিবোৰো কাঢ়ি লৈছিল।সেইবোৰৰ ভিতৰত আছিল চুৰাট আৰু কৰ্ণাটকৰ নৱাব আৰু তাঞ্জোৰৰ ৰজা।
এনেবোৰ ৰাজনৈতিক, কাৰণৰ ফলস্বৰূপেই ভাৰতত ১৮৫৭ চনত চিপাহী বিদ্ৰোহে মূৰ দাঙি উঠিছিল।
১৮৫৭ চনৰ বিদ্ৰোহৰ অর্থনৈতিক কাৰণ –
১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ দ্বিতীয় কাৰণ হিচাপে অর্থনৈতিক কাৰণটোকে ধৰা হয়। কোম্পানী আমোলত ভাৰতৰ অর্থনৈতিক অৱস্থা শোচনীয় হৈ পৰাৰ কাৰণ হ’ল- ইংৰাজ কোম্পানী চৰকাৰে ইংলেণ্ডৰ শিল্পপতিসকলৰ স্বাৰ্থত ভাৰতক ইংলেণ্ডৰ শিল্প উদ্যোগৰ কেঁচামাল যোগান ধৰোঁতা দেশলৈ পৰিৱৰ্তন কৰিছিল আৰু ভাৰতৰ কেঁচা মালেৰে ইংলেণ্ডত তৈয়াৰী সামগ্ৰীৰ বজাৰ হিচাপে ভাৰতক ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলত এহাতে মূলধনৰ অভাৱত ভাৰতীয় শিল্প উদ্যোগপতি কেঁচামালৰ পৰা বঞ্চিত হৈছিল, আনহাতে, ইংলেণ্ডত তৈয়াৰী সামগ্ৰীৰ সৈতে প্রতিযোগিতাত টিকিব নোৱাৰি শিল্প উদ্যোগ বন্ধ কৰিব লগাত পৰিছিল।
ফলত দেশীয় শিল্প-উন্যোগৰ কোম্পানী আমোলত শোচনীয় অৱস্থা হৈছিল। ভাৰতৰ কৃষি উন্নয়নৰ বাবে ধন খৰচ নকৰি ৰাজহৰ ধন ইংলেণ্ডলৈ পঠিওৱা কাৰ্যই জনকল্যাণমূলক আঁচনি বা কাম-কাজত প্ৰতিবন্ধক সৃষ্টি কৰিছিল। তদুপৰি ভূমি ব্যৱস্থাত মধ্যস্বত্বভোগী একশ্ৰেণী লোকৰ সৃষ্টি কৰিছিল আৰু এই শ্ৰেণী লোকৰ শোষণ আৰু লুণ্ঠনৰ কৃষকৰ অৱস্থা শোচনীয় হৈ পৰিছিল। তদুপৰি কাৰিকৰী, মধ্যবিত্ত লোক, সাধাৰণ সামৰিক লোক, ৰাজপৰিয়ালক কেন্দ্ৰ কৰি চলি থকা ডা-ডাঙৰীয়া আৰু সাধাৰণ লোকৰ অৱস্থাও কোম্পানী আমোলত শোচনীয় হৈ পৰিছিল। কাৰণ ৰজা, ডা-ডাঙৰীয়া আদি বহুতো লোকৰ পেঞ্চন বন্ধকৰা হৈছিল। পুৰোহিত, পণ্ডিত মোল্লা, মৌলবী আদি বৃত্তিৰ লোকৰ আৰ্থিক অৱস্থা অবৰ্ণনীয় হৈ পৰিছিল, সামৰিক বাহিনীত নিযুক্ত ভাৰতীয় লোকে ইংৰাজ চিপাহীৰ সৈতে একে কাম কৰিও সম হাৰতকৈ বহুত কম দৰমহা পাইছিল। তদুপৰি ভাৰতীয় সৈন্য চুবেদাৰতকৈ উচ্চ পদত নিযুক্তিও নাপাইছিল। ওপৰত উল্লিখিত, সমূহ অর্থনৈতিক কাৰ্যৰ বাবে ভাৰতীয় সাধাৰণ লোক, দেশীয় ৰাজন্য বৰ্গ ডা-ডাঙৰীয়াসকল, বিভিন্ন বৃত্তিয়াল লোক আৰু চিপাহীসকল ইংৰাজৰ প্রতি অসন্তুষ্ট আৰু বিক্ষুব্ধ হৈ পৰাৰ লগতে আন আনুষংগিক কাৰণবোৰ লগ লাগি চিপাহী বিদ্ৰোহ সংঘটিত কৰিছিল।
৩৩। ভাৰত ত্যাগ আন্দোলন সম্পৰ্কে এটি আলোচনা যুণ্ডত কৰা ?
উত্তৰঃ ক্ৰীপচৰ প্রস্তাৱ আগ্ৰাহ হোৱাৰ পাছতে ভাৰতত এক অভূতপূৰ্ব আইন-শৃংখলা পৰিস্থিতিৰ সৃষ্টি হৈছিল। ব্ৰিটিছ চৰকাৰে ক্ষমতাৰ বাঘজৰীডাল এৰি দিবৰ বাবে প্রস্তুত নাছিল আৰু কংগ্ৰেছে জাপানৰ আক্ৰমণ প্রতিহত কৰিবৰ বাবে এখন জনপ্ৰিয় চৰকাৰৰ প্ৰয়োজনীয়তাত দৃঢ় মনোভাব লৈছিল। এনে এক পৃথক মনোভাৱত দুয়োপক্ষৰ মাজত বুজা-পৰালৈ অহাৰো কোনো পথ নাছিল। ব্যক্তিগতভাৱে চলাই যোৱা সত্যাগ্ৰহৰ জৰিয়তে কংগ্ৰেছে চৰকাৰক লৰাব নোৱাৰিলে, সেয়েহে কংগ্ৰেছে এক দৃঢ় পদক্ষেপ লোৱাৰ কথা চিন্তা কৰিবলৈ ধৰিলে। এই উদ্দেশ্যে মহাত্মা গান্ধীয়ে হৰিজন নামৰ এখন আলোচনীৰ যোগেদি ‘ভাৰত ত্যাগ’ নামৰ এটা প্ৰৱন্ধৰ জৰিয়তে তেওঁৰ মনৰ ভাব প্রকাশ কৰিলে। গান্ধীজীৰ মনৰ ভাৱৰ লগত সংগতি ৰাখি কংগ্ৰেছৰ কাৰ্যকৰী সভাই ১৯৪২ চনৰ ১৪ জুলাইত বাৰ্ধাত ভাৰত ত্যাগ প্রস্তাৱ গ্ৰহণ কৰে আৰু ১৯৪২ চনৰ ৮ আগষ্টত বহা কংগ্ৰেছৰ সাধাৰণ সভাই গ্ৰহণ কৰিলে। এই প্ৰস্তাৱৰ জৰিয়তে কংগ্ৰেছে আৰম্ভ কৰা আন্দোলনটোক ভাৰত ত্যাগ আন্দোলন বুলি কোৱা হয়।
এই প্রস্তাৱটো উল্লেখ কৰা হৈছিল– অনতিপলমে ভাৰতবৰ্ষৰ ব্ৰিটিছ শাসনৰ অন্ত পেলোৱাটো ভাৰত আৰু ৰাষ্ট্ৰসংঘ উভয়ৰ বাবে অপৰিহাৰ্য। ভাৰতত ব্ৰিটিছ শাসন চলি থাকিলে ভাৰত দুৰ্বল হৈ পৰিব।আৰু নিজকে ৰক্ষা কৰাৰ ক্ষমতা নোহোৱা হৈ পৰাৰ উপৰি পৃথিৱীৰ মুক্তিকামী জনগণক সহায় কৰিব নোৱৰিব আৰু ভাৰতে মুক্তি লাভ কৰিলে এখন সাময়িক চৰকাৰ গঠন কৰি ৰাষ্ট্ৰসংঘত যোগদান কৰিব। দেশৰ সকলোবিলাক প্ৰধান দল আৰু গোটৰ সহযোগিতাতহে তেনে এখন চৰকাৰ গঠন কৰিব পৰা হব আৰু এনে হলে দেশৰ সকলো শ্ৰেণী লোকৰ প্ৰতিনিধিৰে ই এখন মিশ্ৰিত চৰকাৰ হব। এই চৰকাৰৰ মুখ্য কাম হ ব হিংসা বা অহিংসাৰ উপায়েৰে যিকোনো আক্ৰমণ প্ৰতিহত কৰি দেশখনক ৰক্ষা কৰাটো।
এই চৰকাৰে সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ এখন সংবিধান প্রণয়ন কৰিবৰ বাবে এখন সংবিধান সমিতি গঠন কৰিব। এই সংবিধানত ভাৰতক যুক্তৰাষ্ট্ৰ কৰাৰ ব্যৱস্থা কৰি অংগৰাজ্যবিলাকক অৱশিষ্ট ক্ষমতাৰে সৈতে অধিক ক্ষমতা প্ৰদান কৰা হ’ব। কংগ্ৰেছৰ কাৰ্যকৰী সমিতিয়ে প্ৰস্তাৱটোত ভাৰতৰ মুক্তি আৰু স্বাধীনতাৰ দাবীৰ প্রতি সমৰ্থন জনায় ২২ বছৰৰ শান্তিপূৰ্ণ আন্দোলনৰ দ্বাৰা লাভ কৰা অভিজ্ঞতাৰে অহিংসভাৱে গণ আন্দোলন চলাই যোৱাৰ কথা উল্লেখ আছিল আৰু মহাত্মা গান্ধীক সমিতিয়ে এই আন্দোলনত নেতৃত্ব দিবৰ বাবে অনুৰোধ জনাইছিল।
সমিতিয়ে জনসাধাৰণক গান্ধীজীৰ নেতৃত্বত একগোট হৈ ভাৰতৰ মুক্তি সংগ্ৰামৰ এজন সৈনিক হিচাপে কাম কৰি যাবলৈও আহ্বান জনহিছিল আৰু লগতে অহিংস নীতিত ব্ৰতী হবলৈও উপদেশ দিছিল গান্ধীজীয়েও আন্দোলনটোৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি কংগ্ৰেছৰ এই সিদ্ধান্তক ‘কৰিম কিম্বা মৰিম’ আখ্যা দিছিল আৰু লগতে ভাৰতৰ স্বাধীনতাৰ বাবে তেওঁৰ জীৱনৰ শেষ সংগ্ৰাম বুলিও উল্লেখ কৰিছিল।
কংগ্ৰেছৰ এই সিদ্ধান্তই ব্ৰিটিছ চৰকাৰক দুগুণে ভবাই তুলিছিল আৰু এই সংকটৰ পৰা ৰক্ষা পাবৰ বাবে আৰম্ভণিতে ব্যৱস্থা ল’বলৈ আগবাঢ়ি আহিল। সেয়ে আন্দোলনৰ বাবে প্রস্তাৱ গ্ৰহণ কৰাৰ পিছদিনাই অৰ্থাৎ ৯ আগষ্ট তাৰিখে গান্ধীজীকে ধৰি কংগ্ৰেছৰ কাৰ্যকৰী সভাৰ সকলো সদস্যকে আটক কৰা হ’ল। মহাত্মা গান্ধীক আন সদস্যসকলৰ পৰা আঁতৰাই ৰখা হ’ল। লগে লগে কংগ্ৰেছকো বে-আইনী বুলি ঘোষণা কৰা হ’ল আৰু কংগ্ৰেছৰ কাৰ্যালয়ত তালাচী চলাই বিভিন্ন নথি-পত্ৰ আৰু টকা-পইচা বাজেয়াপ্ত কৰা হ’ল। গতিকে দেখা গ’ল পূৰ্ব অভিজ্ঞতাৰে পুষ্ট ব্ৰিটিছ চৰকাৰে এই আন্দোলনৰ মষিমূৰ কৰিবৰ বাবে পূৰ্বৰে পৰা সাজু হৈ আছিল।
আন্দোলন আৰু চৰকাৰৰ দমনমূলক ব্যৱস্থা ( Movement and Repression by the Government) : ওপৰত উল্লেখ কৰা হৈছে যে এই আন্দোলনটোক জন্মৰ লগে লগেই মৃত্যু ঘটোৱাৰ বাবে বদ্ধপৰিকৰ হৈ ব্ৰিটিছ চৰকাৰে ৯ আগষ্ট তাৰিখেই কংগ্ৰেছৰ প্রায় সকলো নেতাক আটক কৰিলে। যিসকল বাকী থাকিল তেওঁলোককো দুই-চাৰিদিনৰ ভিতৰতে আটক কৰিলে। গতিকে এই আন্দোলনটো নেতাবিহীন হৈ পৰিল। এই ব্যৱস্থাৰ জৰিয়তে কিন্তু ব্ৰিটিছ চৰকাৰৰ মনৰ কামনা পুৰণ নহ’ল। কাৰণ ব্ৰিটিছ চৰকাৰৰ এই কাৰ্যত ভাৰতীয় জনসাধাৰণ বিতুষ্ট হৈ উঠিল আৰু হৰতাল, শোভাযাত্ৰা, সভা-সমিতি অনুষ্ঠিত কৰি এই কাৰ্যৰ প্ৰতিবাদ জনাই তেওঁলোকে ক্ষোভ প্রকাশ কৰিলে। ব্ৰিটিছ চৰকাৰো মনে মনে বহি নাথাকিল। নিষ্ঠুৰভাৱে আন্দোলন দমন কৰিবলৈ আগবাঢ়ি আহিল। লাঠী, গুলী আৰু অন্যান্য অস্ত্ৰ শস্ত্ৰ লৈ সমৰ সজ্জাৰে আগবাঢ়ি আহিল আন্দোলন প্ৰতিহত কৰিবলৈ চৰকাৰৰ এই কঠোৰ বাৱস্থাই জনসাধাৰণৰ ক্ষোভ দুগুণে বৃদ্ধি কৰিছিল; আৰু বহুতো লোকে হিংসাৰ পথ বাছি ল’বলৈ বাধ্য হ’ল।
চৰকাৰী বাতৰি অনুসৰি প্ৰায় ২৫০ টা ৰে’ল ষ্টেচন ধ্বংস হৈছিল, ৫০০ টা ডাকঘৰ আৰু ১৫০ টা পুলিচ চকী আক্ৰমণৰ বলি হৈছিল। চৰকাৰে ৫৩৮ বাৰ গুলী চলাইছিল আৰু তাৰ ফলত ৯৪০ জন লোকে প্রাণ হেৰুৱাইছিল আৰু ১৬৩০ জন আঘাতপ্রাপ্ত হৈছিল। প্রায় ২৬,০০০ জন লোকক আটক কৰা হৈছিল। এনে ধৰণৰ কঠোৰ নীতি গ্ৰহণ কৰি চৰকাৰে তিনিমাহ
মানৰ ভিতৰত এই জনসাধাৰণক দমাবলৈ সক্ষম হৈছিল যদিও বহুতো লোকে আত্মগোপন কৰি আন্দোলনলৈ গোপনে দিহা-পৰামৰ্শ দিছিল।
আন্দোলনৰ প্ৰতি বিভিন্ন ৰাজনৈতিক দলৰ মনোভাব (Attitudes of Various political to the Movement) : ভাৰতীয় সমাজবাদী দলে এই আন্দোলনটোত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। এই দলৰ নেতাসকল যেনে জয়প্রকাশ নাৰায়ণ, ৰাম মনোহৰ লোহিয়া, অৰুণা আচফ আলী আদিয়ে ব্ৰিটিছৰ শাসন ওফৰাবৰ বাবে গোপনে হিংসাত্মক আন্দোলনৰ প্ৰস্তুতি চলাইছিল। জয়প্ৰকাশ নাৰায়ণ হাজাৰিবাগ জে’লৰ পৰা ওলাই আহি ব্ৰিটিছ চৰকাৰৰ মূৰৰ বিষ তুলিছিল; কিন্তু পাছত তেওঁক আকৌ লাহোৰৰ ওচৰত গ্ৰেপ্তাৰ কৰি জে’লত অমাৱীয় অত্যাচাৰ চলাইছিল।
ভাৰতীয় কমিউনিষ্ট দলে দ্বিতীয় মহাযুদ্ধৰ আৰম্ভণিতে সাম্ৰাজ্যবাদৰ গোন্ধ পোৱা বুলি ব্ৰিটিছক সমালোচনা কৰিছিল। যদিও ৰাছিয়াৰ যোগদানৰ পিছত এই যুদ্ধক জনগণৰ যুদ্ধ বুলি অভিহিত কৰিছিল। গতিকে এই দলে ব্ৰিটিছ চৰকাৰৰ লগত সকলো প্রকাৰে সহযোগিতা কৰাই নহয় কংগ্ৰেছক ভাৰত ত্যাগ আন্দোলন প্রত্যাহাৰ কৰিবলৈও দাবী জনাইছিল। ইয়াৰ উপৰি এই দলে পাকিস্তানৰ ভিত্তিত কংগ্রেছে মুছলিম লীগৰ লগত আলোচনাত বহাৰ পোষকতা কৰিছিল। চৰকাৰৰ প্রতি দেখুওৱা এনে মনোভাবৰ বাবে যুদ্ধৰ প্ৰথম অৱস্থাত আটক কৰি থোৱা আটাইবিলাক কমিউনিষ্ট নেতাকে চৰকাৰে মুক্তি দিছিল। কমিউনিষ্ট দলৰ এনে কাৰ্য নিশ্চিতভাৱেই জাতীয়তাবাদী শক্তিসমূহক পিছ ফালৰ পৰা আঘাত কৰি দুৰ্বল কৰিবলৈ চলোৱা এক প্ৰচেষ্টা আছিল বুলিব পৰা যায়।
মুছলিম লীগে পৰিস্থিতিৰ সম্পূৰ্ণ সুযোগ গ্ৰহণৰ অপেক্ষাত আছিল। লীগে এই আন্দোলনটোক মুছলমানসকলক সংখ্যাগৰিষ্ঠ হিন্দুসকলৰ অধীনত ৰাখিবৰ বাবে এখন মুক্ত আৰু সংযুক্ত ভাৰত গঢ়ি তুলিবৰ বাবে ব্ৰিটিছ চৰকাৰক হেঁচা প্রয়োগ কৰিবৰ বাবে কৰা আন্দোলন বুলি অভিহিত কৰিছিল। এই সমস্যাৰ অন্ত পেলাবৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল কিন্ত তেওঁৰ এই প্ৰচেষ্টা সফল নহ’ল।
গান্ধীজীৰ 21 দিনীয়া ঐতিহাসিক অনশন : ভাৰত ত্যাগ আন্দোলনে দেশত অভূতপূৰ্ব আইন-শৃংখলাপৰিস্থিতিৰ সৃষ্টি কৰিছিল। তাৰ বাবে চৰকাৰি মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্যসকলক জগৰীয়া কৰিছিল। এই নেতাসকলে জনসাধাৰণক হিংসাত্মক কাৰ্যত লিপ্ত হ’বৰ বাবে উচটনি দিয়া বুলি অভিযোগ তুলিছিল। চৰকাৰৰ এনে মন্তব্যত গান্ধীজীয়ে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু তেওঁক এই বিষয়ত ৰাজহুৱাভাৱে বিবৃতি দিবলৈ বা ন্যায়ালয়ত বিচাৰ কৰাৰ বাবে দাবী কৰিছিল। কিন্তু ভাৰত ত্যাগ আন্দোলন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত গান্ধীজীক মুক্তি দিবলৈ চৰকাৰে অস্বীকাৰ কৰিছিল।
এনে এক অসহায় আৰু অস্থিৰতাৰ মাজেৰে কিছুদিন কটোৱাৰ পাছত ১৯৪৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ চৰকাৰক হেঁচা প্রয়োগ কৰাৰ অৰ্থে তেওঁ ২১ দিনীয়া ঐতিহাসিক অনশনৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল। অনশন কাৰ্যসূচীৰ ১৩ দিন অতিবাহিত হোৱাৰ পাছতে গান্ধীজীৰ অৱস্থা শোচনীয় হৈ আহিবলৈ ধৰিলে আৰু ২৪ ঘণ্টাৰ ভিতৰতে ডাক্তৰে তেওঁক মুক্তি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। গান্ধীজীৰ শাৰীৰিক অৱস্থাৰ বুজ লোৱাৰ বাবে ভাইচৰয়ে কাৰ্যনিৰ্বাহকৰ এখন বৈঠক আহ্বান কৰিছিল।
এই বৈঠকত সৰহসংখ্যক সদস্যই গৱৰ্ণৰ জেনেৰেলৰ ইচ্ছাৰ সপক্ষে থিয় দিছিল। গান্ধীজীৰ মুক্তিয়ে ৰাজহুৱা জীৱনত অশান্তি সৃষ্টি কৰাৰ আশংকাত তেওঁক মুক্তি নিদিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰিলে।
গান্ধীজীৰ জীৱন মৰণ অৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ দল নিৰ্বিশেষে ভালেমান ভাৰতীয় নেতা দিল্লীত মিলিত হৈ তৎকালীনভাৱে গান্ধীজীৰ মুক্তিৰ দাবী কৰিছিল। অৱশ্যে জিন্না চাহাবৰ মুছলিম লীগে এই সভাত যোগদান নকৰাৰ সুযোগ লৈ চৰকাৰে গান্ধীজীক মুক্তি দিবলৈ অমান্তি হ’ল। লীগে ভাৰত ত্যাগ আন্দোলন উঠাই লৈ গান্ধীজীয়ে ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ বাবে দাবী তুলিছিল। গতিকে চৰকাৰে গান্ধীজীক মুক্তি দিয়াৰ দূৰৰে কথা তেওঁৰ অনশনত মৃত্যু হ’লে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত হ’ব সেই বিষয়েও ব্ৰিটিছ চৰকাৰে স্থানীয় বিয়াসকলক দিহা দি থৈছিল; কিন্তু ভাৰতৰ বাবে সৌভাগ্য গান্ধীজীৰ অনশনত কোনো ধৰণৰ অঘটন নঘটিল।
অৱশ্যে গান্ধীজীৰ শৰীৰ অৱনতি ঘটাত ১৯৪৪ চনৰ ৬ মে’ তাৰিখে তেওঁক মুক্তি দিয়া হ’ল।গান্ধীজীক এই যুক্তিৰ আধাৰতে মুক্তি দিয়া হ’ল যদিও এই কথাও অস্বীকাৰ কৰিব নোৱাৰিলে যে সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত ভাৰতীয় জাতীয় সৈন্যই ভাৰতৰ ভূমিখণ্ডত আক্ৰমণ কৰাৰ ঘটনায়ো গন্ধীজীক মুক্তি দিবৰ বাবে ব্ৰিটিছ চৰকাৰক বাধ্য কৰিছিল; কাৰণ ভাৰতীয় জাতীয় সৈন্যই ইতিমধ্যে ১০,০০০ বৰ্গ কিলোমিটাৰ জুৰি থকা মণিপুৰ আৰু আইচেভপুৰ অঞ্চললৈ প্ৰৱেশ কৰি নিজৰ দখললৈ নিছিল।
জে’লৰ পৰা মুক্তি লাভ কৰাৰ পাছতেই গান্ধীজীয়ে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্যবৰ্গৰ লগত দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা দিবৰ বাবে ব্ৰিটিছ চৰকাৰৰ ওচৰত অনুৰোধ জনাইছিল যদিও চৰকাৰে তেওঁক এই সুবিধা নিদিলে।
ভাৰত ত্যাগ আন্দোলন আগৰ যিকোনো আন্দোলনতকৈ বেছি শক্তিশালী হৈ উঠিছিল যদিও বিভিন্ন কাৰণত এই আন্দোলনেও নিৰ্ধাৰিত উদ্দেশ্যত উপনীত হ’ব নোৱাৰিলে।