Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী

Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী Question Answer can be of great value to excel in the examination.

Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী

Join Telegram channel

Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী Notes cover all the exercise questions in UGC Syllabus. The Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৭৮। ভাৰতবৰ্ষৰ গ্ৰাম্যযসমাজ পৰিচয় দি গাঁওসমূহৰ প্ৰকাৰসমূহ বিভাজন কৰি দেখুওৱা? 

উত্তৰঃ এ.ডবলিউ ৰ মতে গ্রাম্য সমুদায় হ’ল এক ঠেক পৰিসীমাৰ ভিতৰত বাস কৰা সামূহিক গোট, যাৰ জীৱন পদ্ধতি একেই ধৰণৰ হয়।

সমাজ বিজ্ঞানীয়ে মত দিয়ে যে মানৱ সভ্যতাৰ বিকাশ গ্ৰাম্য সমাজতেই হৈছিল। সেয়েহে গ্রাম্যসমাজৰ আৰম্ভণি ইতিহাসৰো আগত বুলি বিশ্বাস কৰা হয়। বৰ্তমান সময়ত অগণন নগৰ আৰু মহানগৰৰ প্রসাৰ ঘটিছে যদিও বিশ্বৰ এক বুজন সংখ্যক লোক এতিয়াও গাঁওতেই বাস কৰে। ভাৰতবৰ্ষৰো অধিক সংখ্যক লোক গাঁও অঞ্চলত বাস কৰে। ২০শ শতিকালৈ ভাৰতবৰ্ষৰ মাত্ৰ ১১শতাংশ লোকহে নগৰ অঞ্চলত বাস কৰিছিল। সেয়েহে মহাত্মা গান্ধীয়ে কৈছিল– “ভাৰতৰ প্রকৃত ছবিখন গাঁৱতহে পোৱা যায়” প্রাচীন ভাৰততো উপনিৱেশৰ ক্ষেত্ৰত গাঁৱৰ এক উল্লেখযোগ্য অৰিহণা দেখা যায়। ঋকবেদৰ দৰে প্রাচীন উপনিষদ পুথিতো গাঁৱৰ উল্লেখ আছে। এ উল্লেখ কৰে যে ৰামায়ণত দুই ধৰণৰ গাঁৱৰ উল্লেখ আছে- ঘোশ আৰু, গাঁও। গাঁৱৰ তুলনাত ঘোশৰ আকাৰ সৰু হয়। ঘোশক ব্ৰজ’ বা ‘বৃজ’ বুলিও জনা যায় আৰু এইবিলাক গৰু-ম’হৰ শাল থাকে। তদুপৰি এই দুই ধৰণৰ গাঁৱতেই কিছুমান বিষয়া থাকে,  যি সকলক মহওৰ বুলি জনা গৈছিল। 

এই মহত্তৰ সকলৰ শ্ৰেষ্ঠ জনক আকৌ গ্ৰামাণী বা গ্রামীক বুলি জনা গৈছিল। মহাভাৰততো তেনেদৰে আকৌ বিভিন্ন প্রকাৰৰ গাঁৱৰ উল্লেখ আছে। দূৰ্গৰ আশেপাশে থকা উপনিবেশসমূহক গাঁও, সৰু পঁজা ঘৰেৰে আগুৰা একোডোখৰ ঠাইক পালি), ডাঙৰ পশুশালৰে ভৰা গাঁওসমূহক ঘোশ বা বৃজ বুলি জনা গৈছিল। গাঁওসমূহৰ পৰস্পৰৰ সৈতে সাংস্কৃতিক, সামাজিক আৰু প্ৰশাসনীয়ভাৱে সংযুক্ত আছিল। দাসী আছিল দহখন গাঁৱৰ মাজত থকা সৰ্বোচ্চ প্ৰশাসনীয় বিষয়া ৷ তেনেদৰে ২০খন গাঁৱক যুক্ত কৰি এজন প্ৰশাসনীয় বিষয়াৰ ওপৰত এইবোৰৰ প্ৰশাসনৰ ভাৰ ন্যস্ত কৰা হৈছিল আৰু এই বিষয়াগৰাকীক বিংশতী বুলি জনা গৈছিল। এশ গাঁৱৰ বাবে থকা প্রশাসনীয় বিষয়াগৰাকীৰ ‘সহস্ৰ গ্রামধিপতি’ বুলি জনা গৈছিল। ‘কৌটিল্যৰ অৰ্থশাস্ত্ৰত ‘ত ভাৰতীয় গ্রাম্য জীৱনৰ বিভিন্ন দিশ বৰ্ণনা কৰা হৈছিল। তেওঁ কৈছিল যে গাঁওসমূহৰ এখনৰ পৰা আনখনৰ দূৰত্ব এক বা দুই ক্ৰোশ (৩.২১৯ কিঃ মিঃ)ৰ হোৱা উচিত আৰু তেতিয়াহ’লে কোনো বিপদত এখন গাৱে আনখনক সাহায্য কৰা সম্ভৱ হয়। অর্থশাস্ত্ৰত উল্লেখ আছে যে ১০খন গাঁৱৰ সমষ্টিক একেলগে সমগ্ৰহান ৷’ ), ২০০ গাঁৱৰ সমষ্টিক ‘কৰ্বটিককা’, ৪০০খন গাঁৱৰ সমষ্টিক ‘দ্ৰোণামুখ’ (Dronamukha) আৰু ৮০০খন গাঁৱৰ সমষ্টিক ‘মহাগ্ৰাম” বা ‘স্থাটনুজ’ বুলি জনা গৈছিল। বৃটিছৰ শাসনৰ কালছোৱাত যদিও দেশীয় ৰাজ্যসমূহৰ গাঁৱৰ পৰা নিয়মানুসৰি কৰ সংগ্ৰহ কৰা হৈছিল তথাপিও এই গাঁওসমূহ বহু পৰিমাণে আত্মনিৰ্ভৰশীল আছিল। পঞ্চায়ত ব্যৱস্থাৰ দ্বাৰা সামাজিক জীৱনৰ বিভিন্ন সিদ্ধান্ত এই গাঁওসমূহে নিৰ্ধাৰণ কৰিছিল।

ভাৰতবৰ্ষৰ গাঁওসমূহৰ প্রকাৰ : বসতি স্থাপনৰ ব্যৱস্থাপনাৰ গাঁথনিৰ গাঁওসমূহৰ অবয়বৰ ওপৰত ভিত্তি কৰি আৰু D. S. Yogi য়ে ভাৰতবৰ্ষৰ গাঁওসমূহক চাৰিটা ভিন্ন প্ৰকাৰত ভাগ কৰিছে।

অৱয়বহীন গোট বা গুচ্ছঃ এই গাঁওসমূহ বহুল জনবসতিপূৰ্ণ কিন্তু বসতিসমূহ সিঁচৰতি হৈ থাকে। বসতিসমূহৰ কিছুমান সৰু আকাৰত বিভক্ত হৈ থাকে।

ৰৈখিক গোট : এই গাঁওসমূহত বসতি সমান্তৰালভাৱে স্থাপিত হয়। গোটসমূহক একোটা খালী ঠায়ে বিচ্ছিন্ন কৰে বা কেতিয়াবা সমান্তৰাল ৰাস্তা এটাইহে এটা গোটক আনটোৰ পৰা পৃথক কৰে।

বগীয় বা আয়তকাৰ গোট : এই গাঁওসমূহৰ মাজেৰে পোন ৰাস্তা কিছুমান থাকে আৰু এইবোৰ প্ৰত্যেকটোৱে সমান্তৰালভাৱে আন এটা ৰাস্তাৰ পৰা অৱস্থান কৰে। ৰাস্তাসমূহ সমকোণীয়ভাৱে পৰস্পৰৰ ওচৰত অৱস্থান কৰে আৰু বসতিসমূহ বৰ্গীয় বা আয়তাকৃতিৰ হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

পৃথক হাউলী : কিছুমান গাঁও আকৌ পৃথক হাউলী কিছুমান দ্বাৰা সৃষ্ট নোট হিচাবে থাকে। ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে এইবোৰ মৌজ হিচাবে স্বীকৃতি দিয়া হয়।

৭৯। গ্রাম্য অঞ্চলত স্বায়ত্ব শাসন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি ইয়াৰ আসোঁৱহসমূহ প্রকাশ কৰা?

উত্তৰঃ ভাৰতবৰ্ষৰ চৰকাৰে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠাৰ দ্বাৰ ১৯৯২/৯৩ চনৰ পৰা সংবিধান ৭৩ দফাৰ নিৰ্দেশ অনুযায়ী গ্ৰাম্য অঞ্চলত স্থানীয় স্বায়ত্ব শাসনৰ আৰম্ভণি কৰিছিল। এই পদ্ধতিৰ প্রয়োগৰ ক্ষেত্ৰত এই ধাৰণাৰ উদ্ভৱ হৈছিল যে গণতান্ত্ৰিক ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ গ্রাম্য তৃণমূল পৰ্যায়লৈ বিয়পি পৰা উচিত। এই বিকেন্দ্ৰীকৰণ ব্যৱস্থাই, গাঁৱত বাস কৰা লোকসকলকো অধিক আত্মবিশ্বাসী কৰি তুলিব, কিয়নো এই পদ্ধতিত চৰকাৰৰ ওচৰত সম্পূৰ্ণ নিৰ্ভৰশীল হোৱাৰ বিপৰীতে চৰকাৰী পৃষ্ঠপোষকতাত গাঁৱৰ উন্নয়নৰ পৰিকল্পনাত গাঁওবাসীয়ে নিজে ভাগ ল’ব পাৰিব। এইক্ষেত্ৰত জাতি, শ্ৰেণী, লিঙ্গ আৰু গোটৰ সমান অংশগ্ৰহণ নিশ্চিতকৰণৰ অৰ্থে, চৰকাৰে সংবিধানৰ ৭৩ নং অধিসূচনাৰ প্ৰয়োগেৰে পঞ্চায়তত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এই অধিসূচনা অনুসৰি এক-তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত হোৱাৰ উপৰিও অন্য এক-তৃতীয়াংশ অনুসূচিত জাতি আৰু: জনজাতিৰ বাবে সংৰক্ষণ কৰা হয়। সকলো পঞ্চায়ত ব্যৱস্থাতে তলত উল্লেখ কৰা ধৰণে আনুষ্ঠানিক কিছুমান গাঁথনি পালন কৰা হয়-

গাঁওসভাঃ এই গাঁওসভাক গাঁৱলীয়া বা গ্রাম্য সদন বুলিও কোৱা হয়। গাঁৱৰ সকলো যুৱ সদস্যকে এই সভাৰ অংশীদাৰ বুলি গণ্য কৰা হয়।

পঞ্চায়তঃ এইখন গ্ৰাম্য পৰিষদ আৰু গাঁওসভাই এই পৰিষদক নিৰ্বাচিত কৰে।

পঞ্চায়ত সমিতিঃ এইখনক ক্ষেত্ৰ সমিতি বা ক্ষেত্ৰীয় পৰিষদ বুলিও কোৱা হয় আৰু ই তহছিল বা ব্লক পৰ্যায়ত গঠিত। বিভিন্ন পঞ্চায়তৰ নিৰ্বাচিত সদস্যৰ দ্বাৰা ইয়াৰ গঠন হয় আৰু ই ন্যায়িকভাৱে গঠিত ব্লক বা শাখাৰ অন্তৰ্গত হয়।

জিলা পৰিষদ : জিলা পৰিষদ পঞ্চায়ত সমিতিৰ সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত প্ৰতিনিধি, বিধানসভাৰ সদস্য আৰু কৃষি, জনস্বাস্থ্য, কাৰিকৰী শাখা, পশু চিকিৎসা, শিক্ষা আদি শাখাৰ জিলা পৰ্যায়ৰ সদস্যসকল, সদনৰ সদস্য যিয়ে কোনো জিলা বা জিলাখনৰ এটা ভাগৰ প্রতিনিধিত্ব কৰে এইসকলৰ দ্বাৰা গঠিত হয়। জিলা পৰিষদে পঞ্চায়ত সমিতিসমূহৰ কাৰ্যৰ এক নিৰ্দিষ্ট নিয়ম অনুসৰি পৰ্যবেক্ষণ আৰু সমন্বয় সাধন কৰে।

স্থানীয় স্বায়ত্বশাসনৰ আঁসোৱাহসমূহ : গ্ৰাম্য সমাজ আৰু এই সমাজৰ পিছপৰা শ্ৰেণীৰ সৱলীকৰণৰ উদ্দেশ্যে পঞ্চায়ত ব্যবস্থা প্রতিষ্ঠা কৰা হৈছে। অৱশ্যে বাস্তৱক্ষেত্ৰত এই লক্ষ্য সম্পূৰ্ণ সফল হ’বলৈ এতিয়াও বাকী এই ব্যবস্থাৰ কিছুমান আসোৱাহ তলত আলোচনা কৰা হ’ল–

১। এইটো প্রায়েই লক্ষ্য কৰিব পাৰি যে সকলো সময়তে লক্ষ্য ৰাখিবলগীয়া কথা হ’ল যে পঞ্চায়তৰ কৰ্মীসকল ৰাজনৈতিক দলসমূহৰ দ্বাৰা নিজৰ কৰ্ম আৰু লক্ষ্য পূৰণত বাধাপ্রাপ্ত হয়। বহু সময়ত আকৌ পঞ্চায়তৰ নেতৃস্থানীয় পদটো সক্ষম, নীতিগত লোকৰ সলনি ৰাজনৈতিক দলৰ সুবিধা অনুসৰি মনোনীত প্ৰাৰ্থীৰ দ্বাৰাহে পূৰণ কৰা হয়। ইয়েই পঞ্চায়তৰ সঠিক সিদ্ধান্ত গ্ৰহণত বাধাৰ সৃষ্টি কৰে।

২। চৰকাৰে গ্রহণ কৰা বহু সাহাস্যমূলক আঁচনি পঞ্চায়তৰ দ্বাৰা ৰাইজৰ মাজত বিতৰণ কৰা হয়। বহু সময়ত এই আঁচনিৰ অধীনত লাভ কৰা সুবিধাসমূহ আৰু লাভালাভ সঠিকভাৱে বিতৰণ কৰা নহয় আৰু গ্ৰাম্য অঞ্চলৰ প্ৰকৃত সাহায্য অভিলাক্ষী দৰিদ্ৰ লোকসকল বঞ্চিত হয়। অন্যহাতে, এই সুযোগ ৰাজনৈতিক উপদ্দেশ্যধৰ্মী মনোভাৱেৰে প্ৰকৃত অভাবিজনৰ সলনি অন্য লোকৰ হাতলৈ যায়।

৩। পঞ্চায়ৰ ব্যৱস্থাত আসন সংৰক্ষণ ব্যৱস্থাৰ দ্বাৰা সমাজৰ নিম্নশ্ৰেণীৰ লোক সকলৰ মাজৰ পৰা প্ৰতিনিধি নিৰ্বাচন কৰি তেওঁলোকৰ সমস্যা আৰু দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিয়া হয়। এই বাৱস্থাৰ উদ্দেশ্য হ’ল গাঁৱৰ নিম্নশ্ৰেণীৰ লোকসকলৰ সামূহিক উন্নতি। উদাহৰণ স্বৰূপে পঞ্চায়তৰ এক-তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হয়। কিন্তু এইটো প্রায়েই দেখা যায় যে এই নিৰ্বাচিত মহিলা সদস্যসকল পঞ্চায়তৰ সদস্য হ’লেও সিদ্ধান্ত গ্ৰহণৰ সময়ত মহিলাগৰাকীৰ আত্মীয় পুৰুষেহে আচল সিদ্ধান্ত গ্ৰহণ কৰে। এই পদ্ধতিয়ে মহিলাৰ আসন সংৰক্ষণৰ উদ্দেশ্য পূৰণ নকৰে।

৮০ ভাৰতবৰ্ষৰ জনজাতীয় সমাজৰ সংজ্ঞা দিয়া। জনজাতি সমাজৰ বৈশিষ্ট্যসমূহ কি কি ? 

উত্তৰঃ ভাৰতবৰ্ষৰ জনজাতীয় ঐতিহ্য অতি চহকী। সমগ্র ভাৰতবৰ্ষতেই বিভিন্ন জনজাতীয় লোকসকলে ইতিহাসৰ পাতনি মেলিছে জনজাতীয় সমাজৰ বিষয়ে জ্ঞান লাভ কৰিব যাওঁতে এইটো জনাত নিতান্তই আৱশ্যক যে জনজাতীয় লোক কোনসকল?

Ghurey য়ে জনজাতিৰ সংজ্ঞা দি কৈছে যে “পিছপৰা শ্ৰেণীৰ হিন্দুসকল।”

Dubey ৰ মতে জনজাতিসকল হ’ল- “নৃ-গোষ্ঠী শ্ৰেণীৰ, প্ৰকৃত বা কল্পিত বংশজাত আৰু সংস্কৃতিৰ বিভিন্নতাৰে বৈশিষ্ট্যযুক্ত।”

Andre Beteille য়ে জনজাতি সম্বন্ধে সংজ্ঞা দিছে- “ৰাজনীতি, ভাষাতত্ব আৰু কিছু অস্পষ্টভাবে নিৰ্দেশিত সাংস্কৃতিক ক্ষেত্ৰত গঠিত এখন সমাজ; এখন সমাজ আত্মীয়সকলৰ ওপৰত প্রতিষ্ঠিত য’ত সামাজিক বিভাজন নাথাকে।”

Majumder  ৰ মতে জনজাতি হ’ল— “কিছুমান পৰিয়ালৰ গোট যিসকলে এক সৰ্বজনীন নাম গ্রহণ কৰে, এটা গোটৰ সদস্যই এক নিৰ্দিষ্ট ভূ-খণ্ড অধিকাৰ কৰে; একেই ভাষা কয়, বিবাহ, কৰ্মসংস্থান বা বৃত্তি সম্বন্ধে এক নিৰ্দিষ্ট নিষেধাজ্ঞা পালন কৰে আৰু পৰস্পৰৰ প্রতি কৰ্তব্য আৰু পাৰস্পৰিকতাৰ সুদৃঢ় সম্বন্ধ গঢ়ি তোলে।” 

জনজাতিসকলৰ বৈশিষ্ট্য : (ক) প্রত্যেক জনজাতিয়েই নিজকে এক নিৰ্দিষ্ট ভূ-খণ্ডৰ লগত জড়িত কৰে।

(খ) এজন নিৰ্দিষ্ট জনজাতীয়ই নিজকে এজন উমৈহতীয়া পূৰ্বজৰ পৰা বংশোদ্ভূত বুলি দাবী কৰে।

(গ) প্রত্যেক জনজাতিয়ই এনে কিছুমান ধৰ্মীয় আচাৰ-অনুষ্ঠান পালন কৰে যিবোৰো তেওঁলোকৰ জীৱনশৈলী আৰু বিশ্বাসৰ ৰূপৰেখা গঠন কৰে।

(ঘ) প্ৰত্যেক জনজাতীয়েই এক নিৰ্দিষ্ট ভাষা কয় যিটোৱে তেওঁলোকৰ মাজত মৈত্ৰীৰ ভাব বৃদ্ধি কৰে।

(ঙ) জনজাতীয়সকলে সাধাৰণতে প্রকৃতিৰ নিকট আৰু সমাজৰ বাকীসকল গোষ্ঠী বা জাতিৰ পৰা দুৰত্বত বাস কৰে।

অৱশ্যেই ভাৰতবৰ্ষৰ জনজাতীয় লোকসকলে নিজকে পৃথকভাৱে ৰাখি বাস নকৰে। ভাৰতবৰ্ষৰ সংবিধানে বহু জনজাতীয় সম্প্ৰদায়ক অনুসূচীত জনজাতিৰ মৰ্যাদা দিছে আৰু তেওঁলোকৰ স্বাৰ্থ ৰক্ষার্থে বিধিও প্ৰস্তুত কৰিছে।বৰ্তমান সময়ত অনুসূচীত জাতিৰ লোকসকলক চহৰ আৰু গাঁও উভয়তে দেখা যায়। জনজাতীয় সংস্কৃতিৰ সংৰক্ষণৰ কাৰণে ভাৰতীয় সংবিধানত বিভিন্ন ব্যৱস্থা কৰা হৈছে আৰু এইবোৰ আলোচনা কৰা হ’ব।

৮১। অনুসূচিত জাতি বুলিলে কি বুজা? ইয়াৰ সংজ্ঞা আগবঢ়োৱা? অনুসূচিত জাতিৰ প্রধান সমসাসমূহ উল্লেখ কৰা?

উত্তৰঃ অনুসূচিত জাতিক সামাজিক পদানুক্ৰমত সবাতোকৈ তলত স্থান দিয়া হয়। অধিকাংশ পিছপৰা নাইবা নিষ্পেষিত শ্ৰেণীৰে অনুসূচিত জাতি গঠিত। তেওঁলোকক সাধাৰণতে অস্পৃশ্য বুলি গণ্য কৰা হয়। তেওঁলোক ‘হৰিজন’ নামেৰে জনাজাত। অৱশ্যে ভাৰতৰ সকলো অঞ্চলতে সকলো অনুসূচিত জাতিৰ লোককে অস্পৃশ্য বুলি গণ্য কৰা নহয়। এই জাতিবোৰ আৰ্থিকভাৱে পিছপৰা আৰু সামাজিকভাৱে অৱদমিত। তেওঁলোক মুঠ ভাৰতীয় জনসংখ্যাৰ ভিতৰত শৈক্ষিকভাৱেও সবাতোকৈ উপেক্ষিত জাতি।

বৃটিছসকলে তথাকথিত ‘অস্পশ্য’সকলক ‘বহিস্থ জাতি বুলি কৈছিল। চাইমন আয়োগে পোন প্রথমবাৰৰ বাবে ‘অস্পৃশ্য জাতি’ৰ অভিধাটো ব্যৱহাৰ কৰিছিল। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত অস্পৃশ্যসকলক ‘অনুসূচিত জাতি”ৰ মৰ্যাদা দিয়া হৈছিল। ভাৰতীয় সংবিধানেও এই লোকসকলক ‘অনুসূচিত জাতি’ বুলি উল্লেখ কৰে। মহাত্মা গান্ধীয়ে তেওঁলোক ‘হৰিজন’ ইশ্বৰৰ লোক বুলি সম্বোধন কৰিছিল।

সংজ্ঞা : ডি. এম. মজুমদাৰৰ মতে ‘অনুসূচিত জাতি’ অভিধানটোৰে অস্পৃশ্য জাতি’বোৰক বুজোৱা হয়৷ বিভিন্ন ধৰণৰ সামাজিক আৰু ৰাজনৈতিক প্রতিবন্ধকতাৰ মুখামুখি হ’বলগীয়া হোৱা জাতিবোৰক অস্পৃশ্য জাতি বোলে। এনে প্রতিবন্ধকতাবোৰৰ অধিকাংশই পৰম্পৰাগতভাৱে ঠিৰাং কৰা৷ এইবোৰ উচ্চ জাতিৰ লোকে সামাজিকভাৱে বলবৎ কৰি আহিছে।

আৰ্থিক, সামাজিক, শৈক্ষিক তথা ৰাজনৈতিকভাৱে পিছপৰা জাতিবোৰকে অনুসূচিত জাতি বোলা হয়। অন্য জাতিৰ লোকে অস্পৃশ্য’ আখ্যা দি তেওঁলোকক নিজৰ পৰা আঁতৰত ৰাখে।

অনুসূচিত জাতিৰ সমস্যাসমূহ : অনুসূচিত জাতিবোৰে বিভিন্ন সামাজিক, ধৰ্মীয়, ন্যায়িক, আৰ্থিক, শৈক্ষিক আৰু অন্য প্রতিবন্ধিকতাৰ সন্মুখীন হৈ আহিছে। তেওঁলোকৰ সমস্যাবোৰ তলৰ শিতানবোৰৰ জৰিয়তে বুজিব পৰা যাব—

(ক) অস্পৃশ্যতাৰ সমস্যা : অনুসূচিত জাতিৰ লোকসকলে জাবৰ-জোথৰ আৰু: মৰা জন্তু পেলোৱা, শৌচ-প্রভ্ৰাৱগ্ৰাৰ আৰু গোহালি আদি পৰিষ্কাৰ কৰা, কাপোৰ ধোৱা আৰু শ্মশানৰ কিছুমান নিৰ্দিষ্ট কাম কৰা আদিৰ দৰে অপৰিষ্কাৰ কাৰ্যক বৃত্তি হিচাপে গ্ৰহণ কৰিবলগীয়া হৈছিল। এনে বৃত্তিবোৰক অপবিত্ৰ বুলি গণ্য কৰা হৈছিল। সেয়েহে যিসকল লোকে এই কামবোৰ কৰে তেওঁলোকক অস্পৃশ্য বুলি ধৰা  হৈছিল।

(খ) শৰীৰ স্পৰ্শ কৰিব নোৱাৰিছিল : অস্পৃশ্যসকলে উচ্চ জাতিৰ লোকৰ পৰা দূৰত্ব বৰ্তাই ৰাখিব লাগিছিল।

(গ) উমৈহতীয়া কুঁৱা আৰু জলভাণ্ডাৰ ব্যৱহাৰ কৰিব নোৱাৰিছিল : সমাজৰ নিন্নস্তৰৰ জাতিবোৰৰ সদস্যসকলে উমৈহতীয়া গাঁৱলীয়া কুঁৱা নাইবা পুখুৰী আদিৰ পৰা খোৱাপানী সংগ্ৰহ কৰিব নোৱাৰিছিল।

(ঘ) মন্দিৰত সোমাব নোৱাৰিছিল : অনুসূচিত জাতিৰ লোকে ঈশ্বৰ পূজা কৰিবলৈ মন্দিৰৰ ভিতৰত প্রৱেশ কৰিব নোৱাৰিছিল।

(ঙ) অস্পৃশ্যই তৈয়াৰ কৰা খাদ্য গ্ৰহণ কৰা নহৈছিল : অনুসূচিত জাতিৰ লোকে তৈয়াৰ কৰা খাদ্য উচ্চ জাতিৰ লোকে গ্ৰহণ নকৰিছিল।

(চ) নিৰ্ভৰশীল প্ৰৱণতা : অনুসূচিত জাতিৰ লোকসকল জীৱিকা তথা অস্তিত্ব বৰ্তাই ৰখাৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰশীল আছিল।

(ছ) দৰিদ্ৰতাৰ সমস্যা : অনুসূচিত জাতিৰ লোকসকল অর্থনৈতিক অধিকাৰৰ পৰা বঞ্চিত আছিল। সেয়েহে তেওঁলোক দুখীয়া হৈয়েই ৰৈ গৈছিল আৰু অন্যৰ ওপৰত নিৰ্ভৰশীল আছিল। অনুসূচিত জাতিৰ দৰিদ্ৰতাৰ সৈতে জড়িত সমস্যাবোৰ আছিল এনেধৰণৰ—

পার্থিৱ সম্পত্তিৰ পৰা বঞ্চিতঃ অনুসূচিত জাতিৰ লোকক কোনো ধৰণৰ পাৰ্থিৱ সম্পত্তিৰ গৰাকী হবলৈ দিয়া নহৈছিল।

ভূমিহীন অৱস্থাঃ অনুসূচিত জাতিৰ লোকৰ ঘৰ বান্ধিবলৈ আৰু খেতি কৰিবলৈ মাটি নাছিল।

 শৈক্ষিক অনগ্ৰসৰতা : বন্ধনা আৰু শোচনীয় আৰ্থ সামাজিক অৱস্থাৰ বাবে অনুসূচীত জাতিৰ লোকসকল বিদ্যালয়লৈ নগৈছিল। ফলত তেওঁলোক শৈক্ষিক ভাৱে পিছপৰি ৰৈছিল।

কৰ্মসংস্থাপন আৰু চৰকাৰী সেৱাঃ দেশে স্বাধীনতা লাভ কৰাৰ পিছত অনুসূচীত দিয়া হৈছিল। বৰ্তমান বহুতো অনুসূচীত জাতিৰ লোকে উচ্চ শিক্ষা গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ পদবীত চাকৰি কৰি আছে। তথাপিও এক বুজন সংখ্যক অনুসূচিত জাতিৰ লোকে এতিয়াও কৃষিখণ্ডত কাম কৰা শ্রমিক হিচাপে পেট প্ৰৱৰ্তাই আছে। তেওঁলোকক আজিও মজুৰি পৰিশোধ কৰাৰ সময়ত নানা ধৰণে শোষণ কৰা হয়।

খাণগ্ৰস্তুতা আৰু বন্ধুৱা শ্রমিকঃ অর্থনৈতিক বঞ্চনা আৰু শৌচনীয় আৰ্থিক অৱস্থাৰ বাবে অনুসূচীত জাতিৰ লোকে বিভিন্ন সময়ত জীয়াই থকাৰ স্বাৰ্থত খ৷ণ ল’বলগীয়া হয়। সময় মতে সুতসহ মূলধন ওভটাব নোৱাৰি তেওঁলোকৰ বহুতেই ধৰুৱা হৈ পৰে। কেতিয়াবা তেওঁলোকে উপায়হীন হৈ বনুৱা-শ্রমিকৰূপে কাম কৰিবলগীয়া হয়।

 বৃত্তিবাছনিৰ সীমাবদ্ধতাঃ জাতি ব্যবস্থাই অনুসূচিত জাতিৰ লোকসকলৰ ওপৰত বৃত্তি বাছি লোৱাৰ ক্ষেত্ৰত নানা ধৰণৰ বাধা নিষেধ আৰোপ কৰে। হৰিজনসকলৰ বাবে বৃত্তি বাছনিৰ সুযোগ আগতে যথেষ্ট সীমাবদ্ধ আছিল।

ৰাজনৈতিক প্ৰতিবন্ধকতা : অস্পৃশ্যসকলে ৰাজনৈতিক বিষয়ত অংশগ্ৰহণ নকৰে বুলিয়েই ক’ব পাৰি। ভাৰতৰ ৰাজনীতি, প্রশাসন আৰু সাধাৰণ শাসন ব্যৱস্থাত তেওঁলোকক কোনো স্থান দিয়া হোৱা নাছিল তেওঁলোকৰ কোনো ৰাজহুৱা পদ গ্ৰহণ কৰাৰ অধিকাৰ নাছিল। তেওঁলোকৰ ৰাজনৈতিক প্রতিনিধিত্বক অস্বীকাৰ কৰা হৈছিল। তেওঁলোকৰ ভোট দিয়াৰ অধিকাৰ আছে যদিও এক সংগঠিত শক্তিৰ ৰূপ ল’বলৈ অনুসূচিত জাতিবোৰক যথেষ্ট সময়ৰ প্রয়োজন হ’ব।

৮২। নগৰীয়া সমাজৰ মূল চৰিত্ৰসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ পৰিবৰ্তনশীলতা মানৱ সমাজৰ অন্যতম বৈশিষ্ট্য। পৃথিৱীৰ কোনো সমাজেই স্থবিৰ নহয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগেই সকলো সমাজতে পৰিৱৰ্তনৰ সূচনা হয় ৷ আধুনিকীকৰণৰ ফলস্বৰূপেও বৰ্তমান গ্ৰাম্য সমাজত নগৰীয়া বা পাশ্চাত্য সংস্কৃতিৰ প্রভাৱ পৰিছে, ফলত গ্ৰাম্য সমাজতো দ্ৰুত পৰিৱৰ্তন ঘটিছে। গ্রাম্য অঞ্চলসমূহে ক্ৰমে নগৰ অঞ্চলৰ চৰিত্র আহৰণ কৰিছে।

নগৰীয়া সমাজ অৰ্থাৎ নগৰ ভাৰতীয় সমাজৰ এক অভিন্ন অংগ। সাধাৰণতে নগৰীয়া সমাজ বুলি কলেই ‘নগৰ’ -ৰ ধাৰণা এটাই মনলৈ আহে ।

নগৰীয়া সমাজৰ চৰিত্ৰ বা বৈশিষ্ট্য : নগৰীয়া সমাজৰ প্ৰধান চৰিত্ৰ বা বৈশিষ্ট্য সমূহ তলত আলোচনা কৰা হল : 

i) জটিল জীৱননিৰ্বাহ পদ্ধতি : নগৰীয়া সমাজত জীৱননিৰ্বাহ পদ্ধতি অতি সৰল নহয়। নগৰ অঞ্চলৰ লোকসকল গ্ৰাম্যাঞ্চলৰ লোকৰ দৰে অতিথি পৰায়ণ নহয়। 

ii) নিয়োগৰ সুবিধা : নগৰীয়া সমাজত নিয়োগৰ সুবিধা অধিক হেতুকে অধিক প্রগতিবাদীসকলে জীৱন অধিক উন্নতি কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। তেওঁলোক নিৰাশাবাদী নহৈ অধিক উৎসাহেৰে কৰ্মত লিপ্ত হয়।

iii) একক পৰিয়ালৰ গুৰুত্ব অধিক/একক পৰিয়াল : সৰু পৰিয়াল : নগৰীয়া সমাজত একক পৰিয়ালৰ ওপৰতহে প্রাধান্য বেছি দিয়ে আৰু থকাৰ অসুবিধা আৰু নিয়ন্ত্ৰণৰ বাবে ব্যক্তিসকলে সৰু সৰু পৰিয়াল পাতি থাকিবলৈহে ভাল পায়। তেওঁলোক অধিক শক্তিশালী। 

iv) অধিক জনসংখ্যা : অধিক জনসংখ্যাৰ থকাটো নগৰীয় সমাজৰ এক উল্লেখযোগ্য বৈশিষ্ট্য৷ নগৰীয়া অঞ্চলত ব্যৱসায় প্ৰতিষ্ঠান, উদ্যোগ, কল-কাৰখানা, শিক্ষানুষ্ঠান আদিৰ সুবিধা থকাৰ বাবে গাঁৱৰ পৰা ব্যক্তিসকল নগৰলৈ যায় আৰু তাতে বসতি কৰেগৈ। সেয়েহে নগৰ অঞ্চলত জনসংখ্যা অধিক হোৱা দেখা যায়।

v) ভিন্ন পৰিৱেশ : একেখন নগৰতে ভিন্ন পৰিৱেশ পৰিলক্ষিত হয়, অৰ্থাৎ একোখন নগৰত বিভিন্ন স্থানৰ পৰা বিভিন্ন লোক আহি বসতি কৰেহি। এই লোকসকলক জাতি, ধৰ্ম, বৰ্ণ, উদ্দেশ্য আদি মাজত বিভিন্নতা থাকে। সেয়ে একোখন নগৰতে অথবা একেটা এলেকাতে বিভিন্নধৰণৰ পৰিবেশ লক্ষ্য কৰিব পাৰি।

vi) আনুষ্ঠানিক সম্পৰ্ক : নগৰৰ জনসংখ্যা অধিক আৰু প্ৰত্যেকেই নিজক লৈ ব্যস্ত হৈ থকাৰ কাৰণে ব্যক্তিৰ মাজত স্বাভাবিক আৰু পোনপটীয়া সম্পৰ্কৰ অভাৱ দেখা যায়। নগৰীয়া সমাজৰ ব্যক্তিসকলৰ মাজত মুখামুখি বন্ধুত্বপূৰ্ণ সম্পতি প্রায় নাথাকেই।

vii) ভিন্ন বৃত্তি : নগৰীয়া সমাজত উদ্যোগ, কল-কাৰখানা, ব্যৱসায় প্ৰতিষ্ঠান, কাৰ্যালয় আদিৰ সুবিধা থকাৰ বাবে অৰ্হ্তা সম্পন্ন লোকসকলে যিকোনো বৃত্তি গ্ৰহণৰ সুবিধা পায়। নগৰীয়া সমাজৰ লোকসকলৰ মাজত সেয়েহে বৃত্তিৰ ভিন্নতা দেখা যায়।

ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে, নগৰীয়া সমাজৰ বহুত বৈশিষ্ট্য আছে আৰু সেই বৈশিষ্ট্য সমূহ আলোচনা কৰি আমি জানিব পাৰিলো যে, এই সমাজত জীৱনিৰ্বাহ পদ্ধতি অতি সৰল নহয়। নগৰ অঞ্চলৰ লোকসকল গ্ৰাম্যাঞ্চলৰ লোকৰ দৰে অতিথি পৰায়ণ নহয়। ইয়াৰ ওপৰিও নগৰীয়া সমাজত সাম্পদায়িকতাৰ মনোভাৱ আৰু ঐক্যতাৰ বান্ধোন কম। নগৰীয়া সমাজত যাতায়াত যোগাযোগ শিক্ষা-দীক্ষা আদিৰ সুবিধা অধিক আধুনিক সভ্যতাই নগৰত সোণকালে প্ৰৱেশ কৰে।

৮৩। গ্ৰাম্য সমাজৰ মূল চৰিত্ৰসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় সমাজ বুলিলে আমি মূলতঃ গ্রাম্য সমাজৰ কথাই বুজো৷ ভাৰতীয় জনসাধাৰণৰ চাৰিভাগৰ তিনি অংশৰে অধিক গ্রামাবাসী। কিন্তু অতীতৰ গাঁও আৰু বৰ্তমানৰ গাঁৱৰ মাজত বছতো পাৰ্থক্য আছে। বৰ্তমানৰ ভাৰতীয় গ্ৰাম্য সমাজৰ এক স্পষ্ট চানেকি দাঙি ধৰাটো অতিকৈ দূৰত। কিয়নো বৰ্তমানৰ ভাৰতীয় গাঁওবোৰৰ কেৱল একেধৰণৰ সামাজিক পদ্ধতি, সংস্কৃতি, ধৰ্ম, ৰীতি-নীতি আদি বিদ্যমান নহয়। আধুনিকীকৰণ, নগৰীকৰণ আৰু পাশ্চাত্য সংস্কৃতিৰ প্রভাৱত গ্রাম্য সমাজত দ্ৰুত পৰিৱৰ্তন হৈছে। গতিকে, বৰ্তমান কালত গ্ৰাম্য সমাজৰ প্ৰকৃত ছবি ভাৰতৰ সকলো অঞ্চলতেই পোৱা নাযায়। তথাপিতো বৰ্তমানো ভাৰতীয় গ্ৰাম্য সমাজ কৃষিপ্রধান আৰু অধিকাংশ মানুহৰে কৃষিয়েই হল জীৱন নিৰ্বাহৰ মূল পথ। ভাৰতৰ অধিকাংশ গাঁৱেই এতিয়াও পিছপৰা।

আনহাতে কৃষিখণ্ডৰ আধুনিকীকৰনো ভাৰতীয় গ্ৰাম্য সমাজত আশানুৰূপভাৱে হোৱা নাই। শিক্ষা-দীক্ষা, যাতায়াত ব্যৱস্থা, বৈদ্যুতিকৰণ, জনসংযোগ আদি দিশতো ভাৰতৰ,সকলো গ্ৰাম্যাঞ্চলৰ সমউন্নয়ণ হোৱা নাই। অৱশ্যে বৰ্তমান চৰকাৰে পৰিকল্পনাৰ জৰিয়তে গ্ৰাম্য সমাজৰ উন্নয়ণৰ গুৰুত্ব আৰোপ কৰিছে।

গ্ৰাম্য সমাজৰ চৰিত্র বা বৈশিষ্ট্য : ভাৰতবৰ্ষত গ্রাম্য সমাজৰ কিছুমান স্বকীয় বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবোৰৰ ভিত্তিতে আমি কোনো এখন,সমাজক গ্ৰাম্য সমাজ হিচাপে চিনাক্ত কৰিব পাৰি। তলত গ্ৰাম্য সমাজৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হল-

i) কৃষিৰ ওপৰত নিৰ্ভৰশীলতা : গ্ৰাম্যাঞ্চলত জীৱিকা নিৰ্বাহৰ পৰিৱৰ্তনৰ সুবিধা অতি কম আৰু ভাৰতীয় গ্ৰাম্য সমাজৰ অধিকাংশ লোকেই কৃষিজীৱী। কৃষিয়েই হৈছে ভাৰতীয় গ্ৰাম্য সমাজৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান মাধ্যম। সেয়েহে গ্রাম্য অৰ্থনীতিৰ মূল ভিত্তি হৈছে কৃষি।

ii) শ্ৰমৰ বিশেষীকৰণ কম : গ্ৰাম্য সমাজত শ্রম বিভাজন কম। পৰিয়াল বা সমাজৰ সকলো লোকেই সকলো ধৰণৰ কাম কৰে আৰু সেয়ে শ্ৰমৰ বিশেষীকৰণ গ্রাম্যাঞ্চত কম।

iii) যুটীয়া পৰিয়াল ব্যৱস্থা : গ্রাম্য সমাজৰ পৰিয়াল ব্যৱস্থা মূলতঃ যুটীয়া প্ৰকৃতিৰ। সাধাৰণতে গ্রাম্য সমাজৰ লোকসকলে যুটীয়া পৰিয়ালৰ মাজত মিলিজুলি বসবাস কৰে।

iv) ভৌগোলিক বিচ্ছিন্নতা : সাধাৰণতে ভাৰতবৰ্ষৰ গ্রাম্য সমাজ বিলাকক ভৌগোলিকভাৱে বিভিন্ন স্থানত বিচ্ছিন্ন হৈ থকা দেখা যায়৷ যাতায়াত আৰু যোগাযোগ ৷ ব্যৱস্থা সন্তোষজনক নোহোৱাৰ বাবেই গ্ৰাম্য অঞ্চলৰ লোকসকলে নগৰ অঞ্চলৰ পঁৰা নিজক বিচ্ছিন্ন কৰি ৰাখে।

v) পাৰস্পৰিক নিৰ্ভৰশীলতা : গ্রাম্য লোকসকল সাধাৰণতে সামাজিক, অর্থনৈতিক, ধৰ্মীয় আদি প্ৰায়বিলাক দিশতে পাৰস্পৰিক নিৰ্ভৰশীল। একেটা পৰিয়ালৰ দৰে গ্রাম্য সমাজৰ লোকসকলে আপোনভাৱেৰে জীৱন-যাপন কৰে।

vi) গভীৰ ধৰ্মবিশ্বাস : গ্ৰাম্য জীৱনৰ ধৰ্মৰ প্রভাৱ মন কৰিবলগীয়া । তেওঁলোকৰ দৈনন্দিন জীৱন প্ৰায় প্ৰতিটো ক্ষেত্ৰতে ধৰ্মই নিবিৰভাৱে প্রভাৱ বিস্তাৰ কৰি থকা দেখা যায়।

vii) পম্পৰাগত সংস্কৃতি : গ্রাম্য সম্প্ৰদায়ৰ মাজত পৰম্পৰাগত সংস্কৃতি এক অবিচ্ছেদ্য অংগস্বৰূপ। সকলোৱে নিজা সংস্কৃতিৰ প্রতি সজাগ আৰু পৰম্পৰা ৰক্ষাৰ চেষ্টা চলায়।

ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে, গ্রাম্য সমাজত জীৱন নিৰ্বাহ অতি সৰল প্রকৃতিৰ ৷ গ্রাম্য অঞ্চলৰ লোকসকল অতিশয় অতিথি পৰায়ণ ৷ একোখন গাঁৱৰ লোকসকলে অতিশয় অতিথি পৰায়ণ। একোখন গাঁৱৰ লোকসকলৰ সাধাৰণতে ভাষা, ধৰ্ম, জাতি আদি একে। গ্ৰাম্যাঞ্চলত জীৱিকা নিৰ্বাহ পৰিৱৰ্তনৰ সুবিধা অতি কম আৰু ভাৰতীয় গ্ৰাম্য সমাজৰ অধিকাংশ লোকেই কৃষিজীৱি। গ্রাম্য সমাজৰ সকলো ব্যক্তিয়েই প্রায় একে ধৰণৰ সুখ-সুবিধা ভোগ কৰে। ইয়াত বৈষম্য কম ।

৮৪। শ্রেণী ব্যৱস্থাৰ বিভিন্ন বৈশিষ্ট্যবিলাক কি কি?

উত্তৰঃ সামাজিক শ্ৰেণী ব্যৱস্থা হৈছে সামাজিক অসমতাৰ আন এক উদাহৰণ ৷ শ্রেণী ব্যৱস্থাৰ জড়িয়তেও সমাজৰ মানুহক উচ্চ-নিন্নভাৱে শ্ৰেণীকৰণ কৰা হৈছে। কিন্তু এই শ্ৰেণীকৰণ জাতি ব্যৱস্থা সামন্ত প্ৰথাৰ দৰে জন্মৰ ভিত্তিত প্রতিষ্ঠিত অৰ্থাৎ বন্ধ স্তৰীকৰণ নহয়। আধুনিক সমাজৰ অন্যতম বৈশিষ্ট্যৰ ভিতৰত শ্রেণী ব্যৱস্থাও অণ্যতম। গতিকে, সামাজিক শ্ৰেণী ব্যৱস্থাৰ বিশেষ অধ্যয়ন কৰাটো সমাজতত্ত্বৰ অন্যতম কাম।

পৃথিবীৰ সকলোবোৰ মানৱ সমাজতেই অতি প্রাচীনকালৰ পৰাই শ্ৰেণী ব্যৱস্থা দেখিবলৈ পোৱা যায়। শ্রেণী বিভাজনৰ বিষয়ে উল্লেখ কৰি কাৰ্ল মার্ক্সে যথাৰ্থতে কৈছে যে “মানৱ জাতিৰ ইতিহাস মানেই শ্রেণী সংগ্ৰামৰ ইতিহাস।” অৰ্থাৎ শ্ৰেণী ব্যৱস্থাৰ কথা দিলে মানৱ জাতিৰ ইতিহাসৰ কোনো অৰ্থই নাথাকিব।

শ্রেণী ব্যবস্থাৰ বৈশিষ্ট্য সমূহঃ প্ৰত্যেক শ্ৰেণীৰেই নিজস্ব স্বকীয় বৈশিষ্ট্য থকাৰ বাবে এটা শ্রেণীৰ পৰা আন এটা শ্রেণীৰ পৃথকতা পৰিলক্ষিত হয়। তলত সামাজিক শ্ৰেণীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল –

i)  আন্তঃক্ৰিয়াবাঁহী (Endogamous) : একোটা শ্রেণী সমপ্রস্থিতিসম্পন্ন। কোনে এটা শ্ৰেণীয়ে নিজৰ শ্ৰেণীটোক অন্য এটা শ্ৰেণীতকৈ উচ্চ বা নিম্ন বুলি ভাৱে। গতিকে, সমপ্ৰস্থিতিসম্পন্ন শ্ৰেণীৰ ব্যক্তিৰ লগতেই বৈবাহিক সন্বন্ধ স্থাপন কৰা, বন্ধুত্ব স্থাপন কৰা, আদান-প্ৰদান কৰা, সামাজিক চাল-চালন, খোৱা-বোৱা, উৎসৱ-পাৰ্বণত সমভাগ লোৱা আদি পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে, সাধাৰণতে ধনীক শ্ৰেণীৰ দৰা-কন্যাৰ মাজতেই বা দুখীয়া দৰা-কন্যাৰ মাজতেই বৈবাহিক সম্বন স্থাপন হোৱা দেখা যায়।

ii) গতিশীলতা (Mobility) : শ্ৰেণী ব্যৱস্থা মতে এটা শ্ৰেণীৰ লোক আন এটা শ্ৰেণীলৈ পৰিৱৰ্তিত হব পাৰে। গতিকে সামাজিক শ্ৰেণী ব্যৱস্থাত গতিশীলতা পৰিলক্ষিত হয়। সাধাৰণতে, প্রত্যেকটো শ্ৰেণীয়েই ক্ৰমোন্নতিৰ বাবে প্রচেষ্টা চলায়। উদাহৰণ স্বৰূপে। কোণে এটা দুখীয়া শ্ৰেণীৰ পৰিয়ালক ধনীক শ্ৰেণীলৈ পৰিৱৰ্তিত হোৱা বা গতিশীলতা লাভ কৰা দেখা যায়। সেইদৰেই এটা ধনীক শ্ৰেণীৰ ব্যক্তি স্থানীভাৱে ধনী হৈ নাথাকিবও পাৰে।

iii) উচ্চ-নীচ ভাৱ (Superiority and inferiority complex) : এটা শ্ৰেণীৰ লোকসকলে অন্য এটা শ্ৰেণীৰ লোকসকলতকৈ নিজকে উচ্চ বা নিম্ন শ্ৰেণীৰ প্ৰস্থিতিৰ বুলি বিবেচনা কৰে৷ উপসংস্কৃতিৰ জৰিয়তে এই উচ্চ-নীচ প্রকাশ পায়। ঘাইকৈ জীৱন নিৰ্বাহৰ মানদণ্ড, সংস্কৃতি আদিত এই ভাৱ পৰিলক্ষিত হয়। সাধাৰণতে উচ্চ শ্ৰেণীৰ দেখা যায়।

iv) জন্মৰ ওপৰত কম গুৰুত্ব (Less importance on birth) : সামাজিক শ্রেণী ব্যৱস্থাত জন্মৰ ওপৰত কম গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়। জন্মৰ দ্বাৰাই কোনো ব্যক্তিক সামাজিক শ্ৰেণীত প্ৰতিষ্ঠিত কৰিলেই ই স্থায়ী হৈ নৰয়। উদাহৰণস্বৰূপে দুখীয়া বা নিম্ন পৰিয়ালত জন্মগ্ৰহণ কৰা বহু ব্যক্তিয়ে নিজৰ দক্ষতা বা প্ৰতিভাৰ জৰিয়তে সমাজৰ প্ৰস্থিতি গ্ৰহণ কৰি উচ্চ শ্ৰেণীৰ ব্যক্তি হিচাপে প্রতিষ্ঠিত হোৱাৰ বহুত উদাহৰণ আছে। সেইদৰেই ধনীক শ্ৰেণীক বা উচ্চ শ্ৰেণীত জন্মগ্ৰহণ কৰা বহুত ব্যক্তিয়ে নিজৰ প্ৰস্থিতি ৰক্ষা কৰিব নোৱাৰি তললৈ আহে৷

v) ক্ষণস্থায়িত্ব (Stabeless) : শ্ৰেণী ব্যৱস্থাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ক্ষণস্থায়িত্ব। শ্ৰেণী ব্যৱস্থাটো জাতিপ্রথা বা সামন্ত প্ৰথাৰ দৰে দীৰ্ঘস্থায়ী ব্যৱস্থা নহয়। গতিশীলতা বা মুক্ত স্তৱিকৰনৰ ব্যৱস্থা থকাৰ বাবেই এটা শ্ৰেণীৰ ব্যক্তি অন্য এটা শ্ৰেণীটো সহজে গীত কৰিব পাৰে, ফলত শ্ৰেণী ব্যৱস্থাত ক্ষনস্থায়ীত্ব পৰিলক্ষিত হয়।

উপৰোক্ত আলোচনাৰ পৰা দেখা গল যে , প্ৰত্যেক শ্ৰেণীৰ একোটা স্বকীয় বৈশিষ্ট্য আছে। আৰু বৈশিষ্ট্য সমূহ থকাৰ বাবেহে এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীৰ পৃথকতা পৰিলক্ষিত হয়।

৮৫। স্বজন পদ্ধতিৰ গুৰুত্ব কি?

উত্তৰঃ এটি শিশুৰ জন্ম হোৱাৰ লগে লগেই সি সমাজতত্ত্ব ভুক্ত হয় আৰু মৃত্যু হ’লেহে সমাজৰ পৰা আঁতৰ হয়। শিশুৱে জন্ম গ্ৰহণ কৰি পিতৃ-মাতৃ, ভাতৃ-ভগ্নী, পিতৃৰ ভাতৃ, মাতৃৰ ভাতৃ আদি অতি ওচৰ সম্বন্ধীয় ব্যক্তিৰ সৈতে আত্মীয়তা গঢ়ি তোলে। সেঁইদৰে বিবাহৰ  জৰিয়তেও শহুৰ-শাহু ননদ-দেৱৰ, খুলশ৷লী-জেঠেৰী আদিৰ লগত আত্মীয়তা গঢ়ি তোলে। এইদৰে বিবাহ আৰু জন্মৰ জৰিয়তে যি এক আত্মীয় গোষ্ঠী গঢ়ি উঠে তাকে স্বজন পদ্ধতি বোলে।

বৃক্তিৰ অতি ঘনিষ্ট সম্পৰ্কিত গোটটোকে স্বজন গোট হিচাপে অভিহিত কৰিব পাৰি। বিবাহ, ধৰ্ম, পৰিয়াল পদ্ধতি আদিৰ দৰেই স্বজন পদ্ধতিৰয়ো সমাজৰ এক উল্লেখযোগ্য সংস্থা, আমাৰ সমাজত স্বজন পদ্ধতিৰ যথেষ্ট গুৰুত্ব আছে।

৮৬। স্বজন পদ্ধতিৰ কামসমূহ তলত আলোচনা কৰা হ’ল?

ক) সামাজিক ঐক্য বজাই ৰখাৰ ক্ষেত্রত স্বজন পদ্ধতিয়ে বিশেষ ভূমিকা পালন কৰে। আদিম সমাজত এই পদ্ধতিৰেই মানুহৰ কৰ্তব্য আৰু দায়িত্ব নিৰ্ধাৰণ কৰিছিল।

খ) বিবাহ, উৎসৱ, শ্মশান যাত্ৰা আদিত স্বজন সম্বন্ধীয় লোকে পৰস্পৰে পৰস্পৰৰ সহায় কৰাৰ বাবে সুখ দুখৰ সময়ত ব্যক্তিয়ে যথেষ্ট সকাহ পায়। 

গ) অৰ্থনৈতিক ক্ষেত্ৰতো স্বজন পদ্ধতিৰ প্রভাৱ আছে। ব্যৱসায় বাণিজ্য বা বিপদে আপদে স্বজন পদ্ধতিৰে সম্পৰ্কিত ব্যক্তিয়ে ইজনে সিজনক সহায়-সহযোগ আগবঢ়ায়।

ঘ) সামাজিকৰণ ক্ষেত্ৰত স্বজন পদ্ধতিৰ বিশেষ গুৰুত্ব আছে। স্বজন সম্বন্ধীয় ব্যক্তিৰ মাজতেই শিশুৰ ভৱিষ্যত আৰু সামাজিকৰণৰ শিক্ষা দিয়া হয়।

ঙ) ৰাজনৈতিক ক্ষেত্ৰতো স্বজন পদ্ধতিৰ প্রভাৱ আছে। সাধাৰণতে নিৰ্বাচনত স্বজন গোষ্ঠীৰ লোকে নিজা সম্পৰ্কীয় প্রাৰ্থীক সমৰ্থন জনায়৷ সেইদৰে নিৰ্বাচিত নেতাকো স্বজন সম্বন্ধীয় ব্যক্তিৰ প্রতি সহানুভূতি দেখুওৱা পৰিলক্ষিত হয়।

৮৭। উদাৰীকৰণৰ মূল উদ্দেশ্যবোৰ কি কি?

উত্তৰঃ উদাৰীকৰণৰ মূল উদ্দেশ্যবোৰ হৈছে এটা সম্পূৰ্ণ মুক্ত বিশ্ব অৰ্থব্যৱস্থা গঢ় দি বিশ্বায়নৰ গতি খৰটকীয়া কৰা। ইয়াৰ বাবে, উদাৰীকৰণ প্রক্ৰিয়াই ৰাজহুৱাখণ্ডৰ ব্যক্তিগত কৰণ কৰা, বিদেশী বিনিয়োগ বৃদ্ধি কৰা, আমদানি ৰপ্তানিক শুদ্ধমক্ত কৰাৰ দৰে বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উদাৰীকৰণৰ (Liberalization) হৈছে এনে এটা প্রক্ৰিয়া য’ত ৰাষ্ট্ৰই অর্থনৈতিক ক্ৰিয়াসমূহৰ ওপৰত থকা নিজৰ নিয়ন্ত্ৰণ নোহোৱা কৰি সকলোবোৰ বজাৰ শক্তিসমূহৰ ওপৰত এৰি দিয়ে। ইয়াৰ বাবে বাণিজ্যক উদাৰিকৰণ বিদেশী বিনিয়োগ, ৰাজহুৱা খণ্ডত ব্যক্তিগতকৰণ ইত্যাদি বিভিন্ন নীতি গ্ৰহণ কৰা হয়।

বজাৰ বা বজাৰৰ ভিত্তিক প্ৰক্ৰিয়াৰ দ্বাৰা সামাজিক, ৰাজনৈতিক বা অৰ্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ প্ৰয়াসেই হৈছে বজাৰকৰণ (Marketisation) বজাৰকৰণ প্ৰক্ৰিয়াৰ যোগে অৰ্থনৈতিক ক্ষেত্ৰত থকা নিষেধবোৰ পাৰ্যমানে শিথিল কৰা বা নাইকিয়া কৰিবলৈ চেষ্টা কৰা হয়।

সামগ্ৰীকৰণ হৈছে, এনে এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ যোগেদি যিবোৰ বস্তু আগতে কেতিয়াও ক্ৰয়-বিক্ৰয়ৰ বাবে বজাৰলৈ উলিয়াই দিয়া হোৱা নাছিল। তেনে বস্তুক সামগ্ৰীৰূপে বজাৰত বিক্ৰী কৰা হয়। উদাহৰণ স্বৰূপে বটলৰ পানী। আগেয়ে খোৱা পানী বজাৰত বিক্ৰী হোৱা কথা কোনেও ভাবিব পৰা নাছিল। কিন্তু তেনে বস্তুকেই বা বেচা-কিনা কৰিব পাৰো।

৮৮। ভাৰতীয় প্ৰসংগত ‘জনজাতি’ আখ্যাৰ ফলত উদ্ভৱ হোৱা কেইটামান জটিলতা কি কি?

উত্তৰঃ জনজাতি শব্দটো ভাৰতত ঔপনিৱেশিক যুগতহে ব্যৱহাৰ কৰা হৈছিল আৰু মূলতঃ প্রশাসনীয় সুবিধাৰ অৰ্থে এচাম সম্পূৰ্ণ সুকীয়া। ১৯৬০ ৰ দশকত জনজাতি সকলক হিন্দু সমাজৰ সৈতে সম্পৰ্কিত অথচ এটা পৃথক মূৰত অৱস্থান কৰা বুলি ধৰা হব নে তেওঁলোকক এই সম্পূৰ্ণ সুকীয়া ধৰণৰ সম্প্ৰদায় বুলি ধৰা হব তাক কেন্দ্ৰ কৰি তীব্ৰ বিৰ্তকৰ সৃষ্টি হৈছিল। সংক্ষেপে ক’বলৈ গলে জাতি – জনজাতিৰ মাজৰ পাৰ্থক্য বিতৰ্কই জনজাতি সংজ্ঞা আগবঢ়োৱাৰ ক্ষেত্ৰত থকা এটা ডাঙৰ অসুবিধা। 

ইয়াৰোপৰি কিছু সংখ্যক পণ্ডিতৰ মতে জনজাতিসকল সভ্যতাৰ পোহৰ নোপোৱা পুৰাতণীয়া লোক। ইয়াৰ বিপৰীতে কিছু সংখ্যকৰ মতে কিছুমান শোষণমূলক পৰিঘটনাৰ ফলস্বৰূপেহে জনজাতিৰ উদ্ভৱ হৈছে। আন কিছু সংখ্যক পণ্ডিতৰ মতে আকৌ জনজাতিসকল পূৰ্বতে বৰ্তমানৰ দৰে নিষ্পেষিত নাছিল। কিছু সংখ্যক জনজাতিয়ে হাতী আৰু নিমখৰ ব্যৱসায়ত বিশেষ স্থান দখল কৰিছিল এনেবোৰ পৰস্পৰ বিৰোধী ভাৱধাৰাৰ উপস্থিতিয়ে ভাৰতত জনজাতিসকলৰ সংজ্ঞা আগবঢ়োৱাত সমস্যাক চমুকৈ সৃষ্টি কৰে।

৮৯। বৰ্তমান যুগত জাতি প্ৰথাৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ জাতিভেদ এক সামাজিক ব্যাধি হিচাপে স্বাধীনতা পূৰ্বৰে পৰা স্বীকৃত হৈছিল আৰু জাতীয়তাবাদী আন্দোলনৰ নেতাসকলে জাতিভেদ বিলুপ্তকৰণৰ পোষকতা কৰিছিল। সংবিধান জাতিভেদৰ বিলুপ্তি ঘটাইছিল আৰু জনজাতিসকলৰ কল্যাণৰ মতে সংৰক্ষণ দিহা কৰিছিল। ইয়াৰ ফলত অনুসূচিত জাতি-জনজাতি আৰু অনগ্ৰসৰ জাতিবোৰে নিজৰ জাতি পৰিচয় দৃঢ় কৰি তুলিছিল। তেওঁলোকৰ কাৰণে সংবিধানে প্রদান কৰা সংৰক্ষণ আঁচনি আৰু সুৰক্ষাদায়ক বৈষম্যমূলক নীতি গ্ৰহণ কৰা ব্যৱস্থাই ৰক্ষা কবচৰ দৰে কাম কৰে আৰু সেয়েহে তেওঁলোকে জাতি পৰিচায়ক বেছি গুৰুত্ব প্রদান কৰা দেখা যায়।

আনহাতে সাম্প্ৰতিক সময়ত ঔদ্যোগিক ক্ষেত্রত যথেষ্ট চাকৰিৰ সৃষ্টি হৈছে — য’ত জাতি বিষয়ক কোনো নিয়মাৱলী প্রয়োগ নহয়। ইউৰোপৰি মহানগৰত একেলগে বসবাস কৰিব লগা হোৱাৰ বাবে ও জাতি ব্যৱস্থাত শিথিলতা দেখা পোৱা গৈছে। অৱশ্য ভাৰতত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটধিকাৰৰ ভিত্তিত সৃষ্টি হোৱা নিৰ্বচনী গণতন্ত্ৰত জনসংখ্যা বেছি থকা জাতিয়ে ৰাজনীতিত বেছি প্রভাৱশালী ভূমিকা গ্ৰহণ কৰা দেখা গৈছে। অৱশ্যে ভাৰতত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত সৃষ্টি হোৱা নিৰ্বাচনী গণতন্ত্ৰত জনসংখ্যা বেছি থকা জাতি ৰাজনীতিত বেছি প্রভাৱশালী ভূমিকা গ্রহণ কৰা দেখা গৈছে।

৯০। জনজাতিৰ বিভিন্ন বৈশিষ্ট্যবোৰ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ক) জনজাতীয় লোকসকলে নিৰ্দিষ্ট একোটা বিশেষ ভৌগোলিক অঞ্চলত বসবাস কৰে সেই অঞ্চলটোৰ লগত খাপ খুৱাই জীৱন নিৰ্বাহ প্ৰণালীৰে এওঁলোক পৰিচিত হৈ উঠে। 

খ) প্ৰত্যেক জনজাতিৰে একোটা নিৰ্দিষ্ট নাম থাকে। এই নামৰ দ্বাৰা এটা জনজাতিক আন এটাৰ পৰা পৃথকে বুজাত সহায় হয়। যেনে মিচিং, বড়ো ইত্যাদি।

গ) প্ৰত্যেক জনজাতিৰে একোটা নিজস্ব ভাষা বা উপভাষা থাকে।

ঘ) যুৱগৃহ বা ডেকাচাং জনজাতি সমাজ আৰু সাংস্কৃতিক অন্যতম পৰিচয়। এই সংগঠনৰ মাধ্যমেৰে উঠি অহা লৰা – ছোৱালীক সকলো দিশৰে প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰা হয়।

ঙ) প্রত্যেক জনজাতিৰে নিজস্ব একোটা ৰাজনৈতিক সংগঠন থাকে।

৯১। স্বাধীনতাৰ পিছত জনজাতীয় লোকসকলৰ জীৱন-ধাৰণৰ অৱস্থা কিদৰে পৰিবৰ্তিত হৈছে?

উত্তৰঃ মানৱ সমাজ পৰিবৰ্তনশীল। সেয়েহে জনজাতীয় সমাজ জীৱনলৈও পৰিৱৰ্তন আহিছে। জনজাতীয় সমাজ জীৱনলৈ ক্ৰমাগতভাৱে অহা পৰিবৰ্তন প্ৰক্ৰিয়াই তেওঁলোকৰ ধ্যান-ধাৰণা, ৰীতি নীতি, শিক্ষা, অৰ্থনৈতিক ক্ষেত্র, ৰাজনৈতিক দৃষ্টিভঙ্গী আদিৰ লগতে জীৱন-যাপনৰ শৈলীত অনেক প্ৰভাৱ পেলাইছে। জনজাতীয় সমাজত কি কি দিশত পৰিৱৰ্তনে দেখা দিছে তলত চমুকৈ আলোচনা কৰা হ’ল-

ক) স্বাধীনতাৰ পাছৰ পৰা চৰকাৰী পৃষ্ঠপোষকতাত জনজাতীয় লোকসকলৰ সামগ্ৰিক বিকাশৰ ভাৱে প্রচেষ্টা চলাই থকা হৈছে। ইয়াৰ ফলস্বৰূপে, জনজাতীয় লোকসকল শিক্ষা-দীক্ষাত বহুখিনি আগবাঢ়ি গৈছে।

খ) জনজাতীয় সমাজৰ জীৱিকা-নিৰ্বাহৰ প্রধান মাধ্যম হৈছে ঝুমখেতি ৷ সাম্প্ৰতিক কালত ঝুম পদ্ধতিৰ পৰিবৰ্তন ঘটিছে। বিশেষকৈ ভৈয়াম অঞ্চলত বসবাস কৰিবলৈ লোৱা জনজাতীয় লোকসকলে অন্যান্য ‘থলুৱা জনসাধাৰণৰ দৰেই স্থায়ী পদ্ধতিৰ কৃষি কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে।

গ) ৰাজনৈতিক ক্ষেত্ৰটো জনজাতি সকলৰ মাজত পৰিৱৰ্তনে দেখা দিছে। পৰম্পৰাগত জনজাতীয় সমাজত প্ৰত্যেক জনজাতিৰে নিজাকৈ এটা ৰাজনৈতিক সংগঠন আছিল। বৰ্তমান পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাৰ ঠাইত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ তেওঁলোক অন্তভূক্ত।

ঘ) বৰ্তমান জনজাতীয় সমাজৰ পৰা ডেকাচাংবোৰ উঠি গৈছে।জনজাতীয় সমাজত এতিয়া ডেকাচাঙৰ উঠি অহা যুৱক-যুৱতীসকলক শিক্ষা প্ৰদান কৰা নহয়। ইয়াৰ ঠাইত বিভিন্ন শিক্ষানুষ্ঠানসমূহ গঢ়লৈ উঠিছে। 

ঙ) আগেয়ে জনজাতীয় লোকসকল একোটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত বসবাস কৰিছিল। কিন্তু বৰ্তমান শিক্ষা-দীক্ষাৰ উন্নতি সাধনৰ লগে লগে শিক্ষিতসকলে চাকৰি-বাকৰি, ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত কাম কৰিবৰ বাবে নিজৰ ঠাই এৰি আন ঠাইতো বসতি কৰিবলৈ লৈছে।

৯২। স্থায়ী বৈশিষ্ট্যৰ ভিত্তিত জনজাতীয় সমাজবোৰক শ্ৰেণী কৰাৰ পদ্ধতিবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ স্থায়ী চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ ভিতৰত অঞ্চল, ভাষা, শাৰীৰিক বৈশিষ্ট্য আৰু পাৰিপাৰ্শ্বিক বাসস্থানক সামৰি লোৱা হৈছে।

ভাৰতীয় জনজাতীয় লোকসকল বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকাৰ লগতে কোনো কোনো অঞ্চলত কেন্দ্ৰীভূতহৈ ও আছে। উদাহৰণ স্বৰূপে, জনজাতীয় লোকৰ ৪৬% ই মধ্যভাৰত বাস কৰে। অৱশিষ্ট ১৫ শতাংশৰ ভিতৰত ১১ শতাংশই উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৰু ৩ শতাংশতকৈ কিছু বেছি ভাৰতৰ অন্যান্য ঠাইত পোৱা যায়। বাসোপযোগী পাৰিপাৰ্শ্বিক অৱস্থাৰ ও স্থানসমূহে পাহাৰ, জংগল, সমতল, গ্ৰামাঞ্চল আৰু ঔদ্যোগিক চহৰাঞ্চলক সামৰি লৈছে।

ভাষাৰ পিনৰ পৰা জনজাতিবোৰক চাৰিটা ভাগত ভগোৱা হৈছে। তাৰ ভিতৰত ইন্দো-আৰ্য ভাষাগোষ্ঠীত প্রায় ১ শতাংশ জনজাতীয় লোক আৰু দ্ৰাবিড় ভাষাগোষ্ঠীৰ প্রায় ৩ শতাংশত জনজাতীয় লোক আছে। অষ্ট্ৰিক ভাষাগোষ্ঠীৰ ভাষা ব্যৱহাৰ কৰা আটাইখিনি লোকে মৌলিকভাৱে জনজাতীয় লোক আৰু ৮০ শতাংশতকৈ অধিক জনজাতীয় লোক তিব্বত বৰ্মন ভাষাগোষ্ঠীৰ।

শাৰীৰিক গঠনৰ ভিত্তিত জনজাতিবোৰক নেগ্ৰিত, অষ্ট্ৰেলিয়া, মঙ্গোলীয়া, দ্ৰাবিড়ী আৰু আৰ্য বৰ্গত ভাগ কৰা হৈছে। শেষৰ বৰ্গ দুটাত ভাৰতীয় অ-জনজাতীয় লোকসকলো পৰে।

আকাৰৰ ক্ষেত্ৰত জনজাতিবোৰৰ মাজত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয়। এহাতে আন্দামান জনসংখ্যা হয়তো এশজনৰো কম, আনহাতে, ৭০ লাখ জনসংখ্যাৰ জনজাতিও আছে।

৯৩। শেহতীয়াকৈ জনজাতীয় সত্ত্বাৰ গঠনত প্রভাৱ পেলোৱা মুখ্য কাৰকবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ বৰ্তমান সময়ত জনজাতীয় পৰিচয়ৰ গঠনৰ মূল কাৰণ হৈছে মূলসূঁতি প্রক্ৰিয়া সৈতে জনজাতীয় সম্প্ৰদায়বোৰৰ বলপূৰ্বক সন্নিবিষ্টকৰণ ৷ কাৰণ বৰ্তমানৰ জনজাতীয় পৰিচয় কোনো জনজাতিৰ মূল বৈশিষ্ট্যৰ পৰিবৰ্তে এই প্রক্ৰিয়াৰ দ্বাৰাহে গঢ় লৈছে। বৰ্তমানৰ বেছিভাগ জনজাতিৰেই পৰিচয়ৰ কেন্দ্ৰ হৈছে জনজাতীয় লোকসকলৰ প্রৱল শক্তিক প্ৰতিৰোধ আৰু বিৰোধিতা কৰা ধাৰণাৰ ওপৰত।

জনজাতীয় সম্প্ৰদায়ৰ মাজৰ পৰা শিক্ষিত মধ্যম শ্ৰেণীটোৰ উদ্ভৱ হোৱাৰ লগে লগেই জনজাতীয় পৰিচয়ৰ পথটো উদয় হয়। সংৰক্ষণ নীতিৰ সংযোজনে আৰু শিক্ষাই জনজাতীয় লোকসকলৰ মাজত এক চহৰীয়া বৃত্তিধাৰী শ্ৰেণীৰ সৃষ্টি কৰিলে। জনজাতীয় লোকসকলক মাজৰ পৰাই উদ্ভৱ হোৱা শ্ৰেণী আৰু অন্যান্য বিভাজনে জনজাতীয় সমজবোৰত অধিক বিভাজনৰ সৃষ্টি কৰিলে আৰু ইয়ে বেলেগ বেলেগ ভিত্তিৰ সূচনাকে জনজাতীয় পৰিচয়ৰ দাবী তুলিছে।

৯৪। উদাৰীকৰণ আৰু বজাৰকৰণ সপক্ষে আৰু বিপক্ষে থকা প্রধান মতবোৰ কি কি? এই বিতৰ্কত তোমাৰ স্থিতি কি হ’ব আৰু কিয়? 

উত্তৰঃ উদাৰীকৰণে বহুনীতি সাঙুৰি ৰাখে। যেনে ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানবোৰ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা, আৰ্থিক ক্ষেত্ৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিল কৰা, বিদেশী কোম্পানীসমূহৰ ভাৰতত উদ্যোগ প্রতিষ্ঠানৰ বাট মুকলি কৰি দিয়া আদি। এনেধৰণৰ পৰিৱৰ্তনবোৰক বজাৰকৰণ বুলি কোৱা হয়। বজাকৰণ হ’ল বজাৰ ভিত্তিক প্রক্ৰিয়াৰ দ্বাৰা সামাজিক, ৰাজনৈতিক বা অর্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ প্রয়াস। বজাৰকৰণ প্রক্ৰিয়াৰ জৰিয়তে ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ কৰা, শ্ৰমিকৰ মজুৰি বা বস্তুৰ দামৰ ওপৰত থকা, চৰকাৰী নিয়ন্তণ আঁতৰোৱাৰ ব্যৱস্থা কৰা হয়। বজাৰকৰণ প্ৰক্ৰিয়াৰ সপক্ষে মত পোষণ কৰাসকলৰ মতে এনে প্রক্ৰিয়াই দেশৰ অৰ্থনৈতিক প্রগতি বৃদ্ধি কৰে। তেওঁলোকৰ মতে ৰাজহুৱা খণ্ডতকৈ ব্যক্তিগত খণ্ডবোৰ অধিক কাৰ্যদক্ষতাৰ বাবে এই পদক্ষেপ সামগ্ৰিকভাৱে দেশত আৰ্থিক প্রগতিও সহায় কৰে। ইয়াৰোপৰি উদাৰীকৰণৰ বাবে বিদেশী কোম্পানীবোৰে ভাৰতত উদ্যোগ আৰু কাৰ্য্যালয় স্থাপন কৰাৰ সুবিধা পাইছে। ইয়াৰ ফলত দেশৰ নিয়োগৰ সুবিধা বৃদ্ধি পাইছে। তদুপৰি উদাৰীকৰণৰ ফলত দেশত বিদেশী বিনিয়োগ বৃদ্ধি পাইছে। 

যাৰ ফলত দেশৰ আন্তঃগাথনি উন্নত হোৱাত সহায়ক হৈছে। উদাৰীকৰণৰ সমৰ্থকসকলৰ মতে ভাৰতীয় উৎপাদকে এতিয়া বিদেশী বজাৰত উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰো সুবিধা পাইছে। এনেবোৰ যুক্তিতে বহুতো পণ্ডিতে -উদাৰীকৰণক সমৰ্থন কৰে।

আনহাতে একাংশ পণ্ডিতৰ মতে আকৌ উদাৰীকৰণে ভাৰতীয় অৰ্থ ব্যৱস্থাই  সাময়িক প্রগতি আনিলেও ই ভাৰতীয় অর্থব্যৱস্থালৈ বহুতো কু-ফল আনিছে। এই মতৰ সমৰ্থকনকলৰ মতে উদাৰীকৰণৰ দ্বাৰা ভাৰতীয় কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কৃষিক্ষেত্ৰত থকা ৰাজ-সাহায্য কৰ্তন কৰি আৰু উৎপাদিত সামগ্ৰীৰ নূন্যতম সমৰ্থিত মূল্য প্ৰত্যাহাৰ কৰাৰ ফলত ভাৰতীয় কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে। উদাৰীকৰণৰ পিছত কৃষকৰ আত্মাহত্যাৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে।

৯৫। জাতিৰ সংজ্ঞা দিয়া। ভাৰতত জাতি ব্যৱস্থাৰ উৎপত্তিৰ যি কোনে দুটা সিদ্ধান্ত আলোচনা কৰা।

উত্তৰঃ জাতিৰ সংজ্ঞাকলৈ সমাজতত্ববিদসকলৰ মাজত মতেভেদ আছে। ইংৰাৰ্জী Caste শব্দটো পৰ্তুগীজ ( Casta শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল গোষ্ঠী বংশ বা পৰিয়ালৰ সমষ্টি। জাতি হৈছে এক নামধাৰী কিছুমান পৰিয়াল বা পৰিয়ালৰ সমষ্টি। এই সমষ্টিৰ ব্যক্তিসকলে কোনোবা মানুহ বা দেৱতাৰূপী কাল্পনিক উপৰিপুৰুষৰ বংশধৰ বুলি পৰিচয় দিয়ে। তেওঁলোক একে বংশগত বৃত্তিধাৰী বুলি দাবী কৰে আৰু এটা স্বজাতীৰ সমুদায়ৰ সংগঠনৰ বুলি যিসকলৰ মত প্রকাশ কৰা যোগতা থাকে তেওঁলোকে সেইদৰেই ইয়াক বিবেচনা কৰে। জাতিসম্বন্ধে এক সাৰ্বজনীন সংজ্ঞা আগবঢ়োৱাটো সম্ভৱ নহয়। জাতি হৈছে একোটা সামাজিক সমূহ বা সমূহৰ সমষ্টি, যিবিলাকৰ সদস্যতা জন্মগতভাৱে নিৰ্ধাৰিত হয়। সামাজিক সংস্পৰ্শ বা আদান-প্ৰদান একে সমূহ বা সমূহৰ সমষ্টিৰ মাজত সীমাবদ্ধ থাকে আৰু তেওঁলোকৰ মাজত অন্তঃবিবাহ প্রচলিত হৈ থাকে।

ভাৰতীয় জাতি ব্যৱস্থাৰ বিচিত্ৰতা আৰু জটিলতাৰ বাবে পণ্ডিতসকলে বিভিন্ন তত্ব আগবঢ়াইছে। তাৰে ভিতৰত দুটা সিদ্ধান্ত তলত আলোচনা কৰা হৈছে।

(১) ৰাজনৈতিক সিদ্ধান্ত : এই সিদ্ধান্তৰ প্রধান সমৰ্থক হ’ল ফ্ৰান্সৰ আবে ডুবয়। এই সিদ্ধান্ত অনুসৰি জাতি ব্যৱস্থা ব্ৰান্মণসকলৰ ছাল-চতুৰালিৰে সংগঠিত এক ৰাজনৈতিক আঁচনি। ডুবয়ৰ মতে, জাতি ব্যৱস্থা ব্ৰাহ্মণৰ দ্বাৰা ব্ৰাহ্মণৰ স্বাৰ্থ, প্রভুত্ব সুৰক্ষিত কৰিবৰ কাৰণে সৃষ্টি কৰি লোৱা হয়। এই ক্ষেত্রত ধৰ্মৰ আলম  লৈ সকলোধৰণৰ ক্ৰিয়া কৰ্ম কৰাৰ অধিকাৰ ব্ৰাহ্মণসকলে নিজৰ হাতত ৰাখিছিল। ডুবয়ে উদাহৰণ হিচাপে মিচৰ আৰু ইজৰাইলৰ উদাহৰণ দি কৈছে যে, সেইবোৰ দেশত বৃত্তি পুৰুষানুক্ৰুমে হস্তান্তৰিত কৰা হৈছিল আৰু কোণেও নিজৰ বংশৰ বৃত্তি এৰি অন্য বৃত্তি গ্ৰহণ কৰিব নোৱাৰিছিল। ভাৰতবৰ্ষতো বাহ্মণসকলে ধৰ্মীয় ক্ৰিয়া কৰ্ম নিজৰ হাতত ৰাখি সমাজত তেওঁলোকৰ স্ব-প্ৰস্থিতি উচ্চ স্থানত প্ৰতিস্থা কৰিছিল। ব্ৰাহ্মণসকলৰ ক্ৰিয়া কৰ্মত যি সকলে সহযোগ কৰিছিল, সেইসকলৰ স্থান ব্ৰাহ্মসকলৰ পাছতেই নিৰূপণ কৰা হৈছিল। এনেদৰে এক বৃত্তিকে গ্ৰহণ কৰি প্রস্থিতি সংৰক্ষণ কৰাৰ বাবেই জাতি ব্যৱস্থাৰ উৎপত্তি হৈছিল বুলি এই তত্ত্বৰ সমৰ্থক সকলে মতপোষণ কৰে। মূখ্য সমৰ্থক ডুবয়ৰ দৰে ইবেটনত, ঘূৰী আদি সমাজতত্ত্ববিদসকলে আংশকিভাৱে জাতি ব্যৱস্থা উৎপত্তিত ব্ৰাহ্মণৰ ভূমিকাৰ ওপৰত গুৰুত্ব দি এই সিদ্ধান্ত সমৰ্থন জনায়।

(২) বৃত্তিয়াত্নক সিদ্ধান্ত : এই সিদ্ধান্ত আগবঢ়াইছে নেচ্‌ ফিল্ড আৰু এই সিদ্ধান্ত মতে বৃত্তিৰ ভিন্নতাৰ বাবেই জাতি ব্যৱস্থাৰ সৃষ্টি হৈছে। বৃত্তিৰ উচ্চতা আৰু নীচতা অনুসৰি জাতিসমূহ,নিৰূপণ কৰা হয়। নেচ্‌ফিল্ডৰ মতে সামাজিক উচ্চ নীচ সংস্তৰণ স্বাভাৱিক যিহেতু বৃত্তিৰ ভিত্তিত পৃথিৱী বিভিন্ন সমাজত এনে সংস্তৰণ দেখা যায়। তেওঁ জাতি ব্যৱস্থাৰ উৎপত্তি ধৰ্মীয় আৰু প্ৰজাতীয় দিশবিলাক মানি লোৱা নাই। তেওঁৰ মতে, মানুহ জীয়াই থকাৰ বাবে অতি প্ৰয়োজনীয় জীৱিকাৰ সৈতে বৃত্তি সম্বন্ধ আছে। সেইবাবে মানুহৰ জীৱন যাপনৰ প্ৰতিটো মুহূৰ্ততে ইয়াৰ গুৰুত্ব অধিক। এই বৃত্তিবোৰ সামাজিক প্ৰমূল‍্যৰ ওপৰত ভিত্তি কৰি উচ্চ-নীচ হিচাপে বিভাজন হোৱাৰ পৰিপেক্ষিততে জাতিবোৰৰ মাজত ভিন্নতাই গা কৰি উঠিছে।

নেচ্‌ফিল্ডৰ এই বৃত্তিয়াত্নক সিদ্ধান্ত সমালোচনাৰ পৰা মুক্ত নহয়। দেখা যায় যে, বহুতো জাতি এনে ধৰণে বৃত্তিৰ সৈতে জড়িত হৈ থাকিলেও তেওঁলোকৰ সামাজিক প্রস্থিতি একে নহয়। উদাহৰণ হিচাপে ক’ব পাৰি যে ভাৰতৰ অধিকাংশ লোক অৰ্থাৎ প্রায় ৭৫ শতাংশ লোক জীৱিকাৰ প্রধান উৎস একে যদিও তেওঁলোক এটা জাতি হিচাপে পৰিগণিত হোৱা নাই। ইয়াৰ উপৰিও তেওঁলোকৰ সামাজিক প্ৰস্থিতিও স্থানভেদে বেলেগ হোৱা দেখা যায়। তদুপৰি বৃত্তিৰ উচ্চতা নীচতা কিহৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয়, এই কথা এই সিদ্ধান্তত কোনো উল্লেখ নাই।

৯৬। জনজাতীয় লোকসকলৰ কল্যাণৰ, বাবে ৰাজ্য,চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছে?

উত্তৰঃ স্বাধীনতাৰ কালত জনজাতিসকলৰ উন্নয়ন আৰু সমস্যাসমূহ সামাধানৰ বাবে ভাৰতীয় সংবিধানে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে ৷

এই ব্যৱস্থাসমূহ হ’ল —

1. সংবিধানৰ ১৫ নং অনুচ্ছেদ অনুসৰি সকলো নাগৰিকৰে সমান অধিকাৰ আৰু সা-সুবিধা লাভ কৰাৰ ওপৰত গুৰুত্ব দিছে৷ জনজাতি লোকসকলোকো ইয়াত সামৰি লোৱা হৈছে।

2. সংবিধানৰ ১৯ আৰু ১৬ নং দফা মতে অনুসূচীত জনজাতিৰ লোকে চাকৰি আৰু শিক্ষানুষ্ঠানৰ নাম ভৰ্তিৰ অধিকাৰ পাইছে।

3. সংবিধানৰ ৪৫ নং দফাৰ অনুসূচীৰ জনজাতি লোকৰ বাবে শৈক্ষিক আৰু আৰ্থিক সুৰক্ষা প্রদান আৰু তেওঁলোকৰ সামাজিক শোষণ আৰু অন্যায়ৰ পৰা মুক্ত ৰাখিবলৈ ৰাজ্য চৰকাৰ সমূহক নিৰ্দেশ দিছে।

4. সংবিধান ১৯ (৫) অনুচ্ছেদ অনুসৰি জনজাতিসকলৰ সম্পত্তিৰ ওপৰত অধিক৷ৰ থকাৰ লগতে ভাৰতবৰ্ষৰ যিকোনো স্থানতে এই অধিকাৰ উপভোগ কৰাৰ কৰ্তত্ব থাকিব।

5. সংবিধানৰ ১৬(৪), ২২০৪) আৰু ৩৩৫ নং অনুচ্ছেদ অনুসৰি সকলো ক্ষেত্ৰতে প্রধানতত্ব চৰকাৰী চাকৰি আদিত মকৰলৰ ক্ষেত্ৰত জনজাতিসকলক বিশেষ সুবিধা প্রদান কৰা হৈছে।

6. সংবিধানৰ দফা ৩৩০, ৩৩২ আৰ, ৩৩৪ ৰ মতে লোকসভা আৰু ৰাজ্যিক বিধান সভালৈ জনজাতীয় লোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে।

7. জনজাতিৰ সমস্যা সমাধান আৰু উন্নয়নৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে গ্ৰহণ কৰা আন আন দিশসমূহ হ’ল —

ক) সৰ্বভাৰতীয় চাকৰিৰ ক্ষেত্ৰত অনুসূচীত জনজাতিৰ বাবে পাঁচ শতাংশ আসন সংৰক্ষণ । 

খ) পদোন্নতিৰ ক্ষেত্ৰত জনজাতিৰ বাবে সংৰক্ষণ ব্যৱস্থা।

গ) বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানত বয়সৰ সীমা, উপযুক্ততা, শিক্ষা আৰু অৰ্হতা আদিৰ দিশত বিশেষ ৰেহাই।

ঘ) জনজাতি অধ্যুষিত এলেকাত বন্ধৱা নিবনুৱা (Bonded Labour) নিষেধ আদি।

৯৭। অস্পৃশ্য বুলি কোৱা জাতিসমূহক কি কি বিভিন্ন নাম দিয়া হৈছে?

উত্তৰঃ শব্দগত অৰ্থত ‘অস্পৃশ্য’ শব্দৰ অৰ্থ হৈছে যাক স্পৰ্শ কৰিব নোৱাৰি। হিন্দু সমাজৰ সংস্কৰণ ব্যৱস্থাৰ একেবাৰে নিম্নস্তৰত থকা লোকসকলেই অস্পৃশ্য জাতি বুলি হোৱা হয়। এই লোকসকলক চাৰি জাতিৰ বাহিৰৰ জাতি বোলা হয়। আন অৰ্থত অস্পৃশ্যতা হৈছে এনে এটা সামাজিক ব্যৱস্থা য’ত অনুসূচীত জাতিৰ লোকসকলক উচ্চ জাতিৰ লোকসকলে অপবিত্ৰ বুলি গণ্য কৰি বিভিন্ন সামাজিক কাৰ্যৰ পৰা  বিৰত ৰাখে। অস্পৃশ্য জাতিসমূহক দলিত, হৰিজন আদি নামেৰে জনা যায়।

৯৮। অনুসুচীত জাতিৰ সামাজিক অসমৰ্থততাৰ কেইটামান উদাহৰণ দিয়া ৷

উত্তৰঃ অনুসূচীত জাতিৰ লোকসকল আৰ্থিকভাৱে অতি পিছপৰা।

তেওঁলোকৰ আৰ্থিক অনগ্ৰৰসৰতাৰ কাৰণসমুহ হ’ল-

1. পৰম্পৰাগত ভাৰতীয় সমাজ ব্যৱস্থাত নিম্ন জাতিৰ লোকসকলৰ কোনো ব্যক্তিগত সম্পত্তি নাছিল। উচ্চ জাতিৰ অধীনতে তেওঁলোক এতিয়াও আৰ্থিকভাৱে দুৰ্বল হৈয়েই আছে।

2. অনুসূচীত জাতিৰ লোকসকলে ইচ্ছামতে যিকোনো বৃত্তি গ্ৰহণ কৰিব নোৱাৰে। সেয়েহে পৰম্পৰাগতভাৱে পূৰ্বপুৰুষৰ বৃত্তিকেই গ্ৰহণ কৰাৰ ফলস্বৰূপে তেওঁলোকৰ আৰ্থিক অৱস্থা অতি দুৰ্বল হৈয়েই আছে।

 3. ৬ অনুসূচীত জাতিৰ লোকসকল ভূমিহীন, নিজা ভুমি নথকাৰ বাবে উৎপাদনৰ সম্পুৰ্ণ অংশ তেওঁলোক ভোগ কৰিবলৈ নাপায় ফলস্বৰূপে তেওঁলে৷কৰ আৰ্থিক দিশ উন্নত দিশ উন্নত হোৱা নাই।

4. শিক্ষাৰ অভাৱৰ বাবেই এই জাতিৰ লোকসকলে কম বেতন চাকৰি কৰিব লগা হয়। সেয়েহে আৰ্থিক ক্ষেত্ৰত এওঁলোক পিছপৰা।

৯৯। অনুসূচীত জাতিৰ মৰ্যাদাৰ কি কি ধৰণৰ পৰিবৰ্তন পৰিলক্ষিত হৈছে ব্যাখ্যা কৰা।

উত্তৰঃ হিন্দু সমাজৰ সংস্কৰণ পদ্ধতিত নিম্ন স্তৰত বাস কৰা লোকসকলকে অনুসূচীত জাতি বা পৰম্পৰাগত অস্পৃশ‍্য জাতি হিচাপে,জনা যায়৷ যিসকল লোক সামাজিক, ৰাজনৈতিক, আৰ্থিক,শিক্ষা ধৰ্মীয় আদি দিশত সমাজৰ অন্যান্য শ্ৰেণীৰ লোকতকৈ পিছপৰা আৰু যিসকল লোকক পৰম্পৰাগতভাৱে হিন্দু সামাজিক সংস্কৰণৰ উচ্চ শ্ৰেণীৰ লোকসকলে হীন আৰু অস্পৃশ‍্য বুলি গণ্য কৰি সামাজিকভাৱে শোষণ কৰি আহিছে, সেইসকল ব্যক্তিকে অনুসূচীত জাতি বুলি ক’ব পাৰি। উদাহৰণস্বৰূপে, মদিগা, বিলাবাস, বৈবো, মোহৰ, মংগ, চমাৰ আদি।

বৈদিক যুগত বৰ্ণ ব্যৱস্থা পচলিত থকা সময়ৰ পৰা অনুসূচীত জাতিৰ লোকসকলে সামাজিক, ৰাজনৈতিক, আৰ্থিক শিক্ষা আদি সকলো বিষয়তে সমস্যাৰ সন্মুখীন হৈ আহিছে কেন্দ্ৰীয় চৰকাৰে অনুসূচীত জাতিৰ লোকৰ বিকাশৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। 

এইবোৰৰ ভিতৰত কেতবোৰ উল্লেখযোগ্য আঁচনি হ’ল —

ক) বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অনুসূচীত জাতিৰ লোকক প্রশিক্ষণৰ জৰিয়তে উপযুক্ত কৰি থোৱা।

খ) উচ্চ শিক্ষা আহৰণৰ বাবে উদগনিমলুক বিত্তীয় সাহায্য আগবঢ়োৱা।

গ) বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ- ছাত্ৰীৰ বাবে আৱাসগৃহৰ সুবিধা দিয়া।

ঘ) অনুসূচীত জাতিৰ সমস্যাৰ বিষয়ে গৱেষণা কৰা সংস্থাসমূহলৈ বিত্তীয় অনুদান আগবঢ়োৱা।

ঙ) চিকিৎসা, অভিযন্তা আদিৰ দৰে কাৰিকৰী শিক্ষা লোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথিৰ যোগান ধৰা।

চ) ভাৰতৰ উচ্চ শিক্ষা জগতৰ বাবে ও বিত্তৰ যোগান ধৰা আদি। উপৰোক্ত আঁচনিসমূহৰ সুফল স্বৰূপে বৰ্তমান অনুসূচীত জাতিৰ লোকৰ মাজত শিক্ষিত হাৰ বৃদ্ধি হৈছে, দৰিদ্ৰতা হ্ৰাস পাইছে আৰু চৰকাৰী আৰু বেচৰকাৰী খণ্ডতো তেওঁলোকৰ অংশগ্রহণ যথেষ্ট বৃদ্ধি পাইছে। এক কথাতে ক’বলৈ গলে তেওঁলোকৰ সামাজিক মৰ্য্যাদা বৃদ্ধি পাইছে।

১০০। জনজাতীয় সমস্যাবোৰ আঁতৰাবলৈ কি কি প্ৰচেষ্টা চলোৱা হৈছে?

উত্তৰঃ স্বাধীনোত্তৰ কালত জনজাতিসকলৰ উন্নয়ন আৰু সমস্যাসমূহ সমাধানৰ বাবে ভাৰতীয় সংবিধানে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে।

এই ব্যৱস্থাসমূহ হ’ল :

1. সংবিধানৰ ১৫ নং অনুচ্ছেদ অনুসৰি সকলো নাগৰিকৰে সমান অধিকাৰ আৰু সা-সুবিধা লাভ কৰাৰ ওপৰত গুৰত্ব দিছে ৷

2. সংবিধানৰ ১৯ আৰু ১৬ নং দফা মতে অনুসূচীত জনজাতিৰ লোকে চাকৰি আৰু শিক্ষানুষ্ঠানত নাম ভৰ্ত্তিৰ অধিকাৰ পাহছে।

3. সংবিধানৰ ৪৬ নং দফাৰ অনুসূচীত জনজাতিলোকৰ বাবে শৈক্ষিক আৰু আৰ্থিক সুৰক্ষা প্ৰদান আৰু তেওঁলোকৰ সামাজিক শোষণ আৰু অন্যায়ৰ পৰা মুক্ত ৰাখিবলৈ ৰাজ্য চৰকাৰ সমূহক নিৰ্দেশ দিছে।

4. সংবিধানৰ ১৯(৫) নং অনুচ্ছেদ অনুসৰি জনজাতিসকলৰ সম্পত্তিৰ ওপৰত অধিকাৰ থকাৰ লগতে ভাৰতবৰ্ষৰ যিকোনো স্থানতে এই অধিকাৰ উপভোগ কৰাৰ কৰ্তৃত্ব থাকিব। 

5. সংবিধানৰ ১৬(৪), ২২০(৪) আৰু ৩৩৫ নং অনুচ্ছেদ অনুসৰি সকলো ক্ষেত্ৰতে প্ৰধানতঃ চৰকাৰী চাকৰি আদিত মকৰলৰ ক্ষেত্ৰত জনজাতিসকলক বিশেষ সুবিধা প্রদান কৰা হৈছে।

6. সংবিধানৰ দফা ৩৩০,৩৩২ আৰু ৩৩৪ ৰ মতে লোকসভা আৰু ৰাজ্যিক বিধান সভালৈ জনজাতীয় লোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে।

7. জনজাতিৰ সমস্যা সমাধান আৰু উন্নয়নৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে গ্রহণ কৰা আন আন দিশসমূহ হ’ল —

ক) সৰবৰ্ভাৰতীয় চাকৰিৰ ক্ষেত্ৰত  অনুসূচীত জনজাতিৰ বাবে পাঁচ শতাংশ আসন সংৰক্ষণ।

খ) পদোন্নতিৰ ক্ষেত্ৰত জনজাতিৰ বাবে সংৰক্ষণ ব্যৱস্থা।

গ) বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানত বয়সৰ সীমা, উপযুক্ততা শিক্ষা আৰু অৰ্হতা আদিৰ দিশৰ শেষ ৰেহাই।

ঘ) জনজাতি অধ্যুষিত এলেকাত বন্ধুৱা নিবনুৱাৰ (Bonded) নিষেধ আদি।

১০১। অন্যান্য পিছপৰা শ্রেণী বুলিলে কি বুজা তেওঁলোকৰ সমস্যাবোৰ কি কি? 

উত্তৰঃ অনুসূচীত জাতি আৰু জনজাতিৰ উপৰিও এনে কিছুমান সমুদায় আছে, যিবিলাক শিক্ষা আৰু আৰ্থিক দিশৰ অতিকে পিছপৰা ৷ এই লোকসকলক অন্যান্য পিছপৰা শ্ৰেণী বুলি কোৱা হৈছে। এই সমুদায়ৰ ভিতৰত হিন্দুৰ নিন্ন জাতি, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ আদি ধৰ্মৰ মানুহ অন্তৰ্ভুক্ত হৈ আছে।

ভাৰতৰ অন্যান্য পিছপৰা শ্ৰেণীক চিনাক্ত কৰিবৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৯৫৩ চনত কাকাচাহেব কালেনকাৰৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিয়ে। এই আয়োগে চাৰিটা ভিত্তিত এটা জাতি বা সম্প্ৰদায়ক পিছপৰা শ্রেণী হিচাপে চিনাক্ত কৰে।

এই ভিত্তি কেইটা হ’ল —

ক) পৰম্পৰাগত জাতি ব্যৱস্থাৰ যিসকলৰ সামাজিক স্থান নিম্নতম।

খ) যি জাতি বা সম্প্ৰদায়ৰ সৰহ সংখ্যক লোকৰ মাজত শিক্ষাৰ অভাৱ।

গ) যি জাতি বা সম্প্ৰদায়ৰ মাজৰ উদ্যেোগ আৰু বাণিজ্যত আত্মনিয়োগ কৰা মানুহৰ অভাৱ।

ঘ) যি জাতি বা সম্প্ৰদায়ৰ মাজত চৰকাৰী চাকৰি কৰা মানুহ অতি কম বা একেবাৰেই নাই।

গতিকে আমি ক’ব পাৰো যে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শিক্ষা আদি বিভিন্ন দিশত পিছপৰা, চৰকাৰী বা ব্যক্তিগত নিয়োগত কম প্রতিনিধি থকা সমাজৰ কিছু অস্পৃশ্য বুলি গণ্য কৰা জনগোষ্ঠীসমূহেই হ’ল অন্যান্য পিছপৰা শ্রেণী

অন্যান্য পিছপৰা শ্রেণীৰ সমস্যাসমূহ :

ক) যিসকল অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত লোক তেওঁলোকৰ অধিকাংশই হ’ল নিম্ন হিন্দু জাতি। এতিয়াও তেওঁলোকৰ সামাজিক স্থান নিম্ন।

খ) হিন্দু জাতি ব্যৱস্থা মতে, নিম্ন জাতি বিলাকৰ বৃত্তি আছিল খেতি-বাতি কৰা, খেতিৰ সঁজুলি তৈয়াৰ কৰা, কাপোৰ বোৱা, ৰন্ধা-বঢ়াৰ পাল সজা, সোন-ৰূপৰ অলংকাৰ গঢ়া ইত্যাদি। জাতিগতভাৱে তেওঁলোক যিবোৰ কাম কৰিব লগীয়া হৈছিল সেইবোৰৰ বাবে কোনোধৰণৰ শিক্ষাৰ প্রতি আগ্ৰহশীল নাছিল। তদুপৰি শিক্ষা লাভৰ পৰা তেওঁলোকক উচ্চ জাতিৰ দ্বাৰা বঞ্চিত কৰা হৈছিল। গতিকে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক পিছপৰি থাকিল।

গ) শিক্ষাই হৈছে সামাজিক উন্নতিৰ মূল ভেটি ৷ শিক্ষাৰ অবিহনে কোনো সমাজেই অৰ্থনৈতিক দিশৰ আনবাঢ়িব নোৱাৰে ৷ শিক্ষাৰ অভাৱৰ বাবে অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকল আৰ্থিকভাৱে পিছপৰি থাকিল। শিক্ষাৰ অভাৱৰ বাবেই তেওঁলোক চাকৰি-বাকৰি, ব্যৱসায় আদি কৰাৰ পৰা বিৰত থাকিব লগা হৈছিল। 

১০২। ঔদ্যোগীকৰণৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ ভাৰতীয় সমাজত সামাজিক পৰিবৰ্তনৰ এক উল্লেখনীয় প্ৰক্ৰিয়া হ’ল ঔদ্যোগীকৰণ। উৎপাদন কাৰ্যত মানৱীয় শক্তিৰ ঠাইত যান্ত্ৰিক শক্তি ব্যৱহাৰ কৰাকেই উদ্যোগীকৰণ বুলিব পাৰি৷ ঔদ্যোগীকৰণৰ ফলত ক্ষুদ্ৰ উৎপাদন ব্যৱস্থা বৃহৎ উৎপাদনলৈ পৰিবৰ্তীত হয় আৰু ফলত যথেষ্ট উপভোক্তা আৰু বজাৰৰ প্রয়োজন হয়। ঔদ্যোগীকৰণৰ কিছুমান বৈশিষ্ট্য আছে তলত এইবোৰ আলোচনা কৰা হল-

১) ঔদ্যোগীকৰণ ফলত নতুন নতুন ঔদ্যোগ গঢ়ি উঠাত কৰ্মসংস্থানৰ বাবে জনসংখ্যা বৃদ্ধি পাইছে।

২) ঔদ্যোগিক সমাজ হৈছে গতিশীল সমাজ। এনে সমাজত ব্যক্তিৰ প্ৰস্থিতি নিৰ্ধাৰণ কৰা হয় যোগাযোগৰ ওপৰত। সেইবাবে যোগ্যভিত্তিক সমাজ সদায় গতিশীল হোৱা দেখা যায়।

৩) ঔদ্যোগিক সমাজ হৈছে দ্ৰুত পৰিৱৰ্তনশীল সমাজ। এনে সমাজত আৰ্থিক সামাজিক, ৰাজনৈতিক আৰু অন্যান্য বস্তুগত দিশত দ্ৰুত পৰিৱৰ্তন সূচনা হয়।

৪) ঔদ্যোগিক সমাজৰ বৃত্তিজীৱী সমাজ হিচাবেও অভিহিত কৰিব পৰা যায়। এনে সমাজত বিভিন্ন বৃত্তিধাৰী মানুহৰ উপস্থিতি দেখা যায় ইয়াক বৃত্তিজীৱী সমাজ বোলা হয়।

১০৩। ঔদ্যোগিকীকৰণ প্রক্ৰিয়াৰ পৰিণতিবোৰ কি কি? এইবোৰৰ বিশদ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় সমাজত সামাজিক পৰিৱৰ্তনৰ এক উল্লেখনীয় প্রক্ৰিয়া হ’ল ঔদ্যোগীকৰণ ৷ উৎপাদন কাৰ্যত মানৱীয় শক্তিৰ ঠাইত যান্তিক শক্তি ব্যৱহাৰ কৰাকেই ঔদ্যোগিকৰণ বুলিব পাৰি৷ ঔদ্যোগীকৰণৰ ফলত ক্ষুদ্ৰ উৎপাদন ব্যৱস্থা বুহৎ উৎপাদনলৈ পৰিৱৰ্তীত হয় আৰু ফলত যথেষ্ট উপভোক্তা আৰু বজাৰৰ প্ৰয়োজন হয়। উদ্যোগীকৰণৰ ফলত সদায় সমাজৰ দুখীয়া শ্রেণীটো ধনী শ্ৰেণীৰ দ্বাৰা শোষিত হয়।

ঔদ্যোগীকৰণৰ ফলাফল : ১) ঔদ্যোগীকৰণৰ ফলত বহুসংখ্যক বনুৱা বা কম্মী সেই অঞ্চললৈ আহে। এইদৰে জনসংখ্যা বৃদ্ধি হয় আৰু নগৰীকৰণৰ আৰম্ভ হয়। গতিকে ঔদ্যোগীকৰণৰ ফলত নগৰ আৰু নগৰীকৰণৰ সংখ্যা বৃদ্ধি হয়।

২) ঔদ্যোগীকৰণৰ ফলত জনসংখ্যা বৃদ্ধি হোৱাৰ বাবে বাসস্থান, পানী, যোগান, যাতায়াতৰ উন্নতি জনস্বাস্থ্য ৰক্ষা আদি দিশত বহুতো সমস্যাৰ সৃষ্টি হয়। এনে সমস্যাৰ বাবে মানুহৰ শাৰীৰিক মানসিক অৱনতি ঘটিব পাৰি।

৩) ঔদ্যোগীকৰণৰ ফলত বিভিন্নধৰণৰ মানুহে একেলগে বসব৷স কৰিব লগা হোৱাত সমাজ বিৰোধী কাম কাজ বৃদ্ধি পায়। ঔদ্যোগীক সমাজত অপৰাধ পৰিয়াল বিঘটন আদি সামাজিক সমস্যা বৃদ্ধি হয়।

৪) ঔদ্যোগীকৰণৰ ফলত বিভিন্নধৰণৰ মানুহে একেলগে বসবাস কৰিব লগা হোৱাত সমাজ বিৰোধী কাম কাজ বৃদ্ধি পায়। ঔদ্যোগীক সমাজত অপৰাধ পৰিয়াল বিঘটন আদি সামাজিক সমস্যা বৃদ্ধি হয়। 

৫) ঔদ্যোগীকৰণৰ ফলত সমাজত বিভিন্ন ধৰণৰ নতুন নতুন বৃত্তি সৃষ্টি কৰে। এই বৃত্তিবোৰৰ বাবে সুকীয়া সুকীয়া অৰ্হতাৰ প্রয়োজন হয়। গতিকে ঔদ্যোগীক সমাজত মানুহে নিজা নিজা ৰুচি আৰু অৰ্হতা অনুসৰি আত্মনিয়োগ কৰাৰ সুবিধা পায়।

ঔদ্যোগীকৰণৰ ফলত ওপৰত উল্লেখ কৰা দিশসমূহৰ বাহিৰেও আৰু বহুতো আনুষঙ্গিক প্রভাৱ সমাজত পৰা দেখা যায়। ঔদ্যোগিকৰণৰ ফলাফল কেৱল উদ্যোগিক সমাজতে আবদ্ধ নাথাকি অনান্য সমাজলৈও বিয়পি পৰে। ইয়াৰ ফলত সমগ্ৰ সমাজ ব্যৱস্থাতেই পৰিবৰ্তনৰ সূচনা হয়।

১০৪। নগৰীয়াকৰণ প্ৰক্ৰিয়াৰ মূল সামাজিক দিশটো ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় সমাজত সামাজিক পৰিবৰ্তনৰ এক উল্লেখযোগ্য প্রক্ৰিয়া হ’ল নগৰীকৰণ। কোনো এক গ্রাম্যাঞ্চল নগৰ অঞ্চললৈ পৰিৱৰ্তন হোৱাকে নগৰীকৰণ বুলি কব পাৰি। নগৰীকৰণ প্রক্ৰিয়াৰ ফলত ভাৰতীয় সমাজত বিভিন্ন দিশৰ পৰিৱৰ্তন হৈ আছে। নগৰীকৰণৰ প্রভাৱ সামাজিক, আৰ্থিক যোগাযোগ ধৰ্মীয় ৰাজনৈতিক আদি সকলো দিশতে দেখা যায়। মুঠৰ ওপৰত নগৰীকৰণ সামাজিক পৰিৱৰ্তনৰ এক উল্লেখযোগ‍্য প্রক্ৰিয়া আৰু এই পৰিৱৰ্তন সমূহ তলত আলোচনা কৰা হল —

১) সামাজিক গতিশীলতা : নগৰীয়া সমাজত সামাজিক গতিশীলতাৰ মাত্ৰা অধিক। ব্যক্তিৰ সামাজিক প্ৰস্থিতিৰ পৰিৱৰ্তন সহজে হব পাৰে। এটা শ্রেণীৰ পৰা আন এটা শ্ৰেণীলৈ গতি কৰাৰ ক্ষেত্ৰত কোনো বাধা নাই।

২) যুটীয়া পৰিয়াল পদ্ধতিৰ বিঘটন : নগৰীয়া সমাজত যুটীয়া পৰিয়াল পদ্ধতিৰ বিঘটন ঘটে। বিভিন্ন কাৰণ লোকে যুটীয়া পৰিয়ালত বসবাস কৰিবলৈ নিবিচাৰে। তদুপৰি বৰ্তমানে প্রায়বোৰ নগৰীয়া লোকেই কম সংখ্যক জন সংখ্যাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিয়ালেহে কামনা কৰে।

৩) নাৰী প্ৰস্থিতি : নগৰ অঞ্চলত নাৰী প্ৰস্থিতি পুৰুষৰ সৈতে সমান। সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয় আদি সকলো কামতে পুৰুষৰ সৈতে সমান অংশগ্ৰহণ কৰিব পাৰে।

৪) অপৰাধৰ মাত্ৰা বেছি : নগৰীয়া সমাজত অপৰাধৰ মাত্ৰা ইত্যাদি নগৰীয়া সমাজত বেছি।

৫) কৃষি অৰ্থনীতি হ্ৰাস : নগৰীয়া সমাজত কৃষি অর্থনীতি হ্ৰাস পাইছে। নগৰিকৰণৰ প্ৰভাৱত ভাৰতীয় সমাজত কৃষি ভূমি ঔদ্যোগীক অঞ্চলত পৰিণত হৈছে। 

১০৫। পূৰ্বৰ নিচিনা বলেৰে দখল কৰা বা আধিপত্য বিস্তাৰৰ পৰা ঔপনিবেশিকতাবাদ কিদৰে পৃথক আৰু ভাৰতীয় সামাজক কি উপায়েৰে প্রভাৱিত কৰিছিল?

উত্তৰঃ ইংৰাজ ঔপনিবেশিক শাসনৰ পূৰ্বে যি সমূহ বিদেশী শাসনভাৰ ভাৰতত প্রতিষ্ঠিত হৈছিল তেওঁলোকে অধিক লাভালাভৰ মনোবৃত্তি তথা সাভ্ৰাজ্যবাদ মনোভাৱেৰে ভাৰতীয় অর্থনৈতিক গাঁথনিক আঘাত কৰিছিল। ব্ৰিটিছ শাসনৰ মূল উদ্দ্যেশ্য আছিল ভাৰতক শোষণ কৰা।

ভাৰতবৰ্ষত ঔপনিৱেশিক শাসনৰ ফলস্বৰূপে ভাৰতীয় সমাজৰ গাঁঠনি যথেষ্ট পৰিৱৰ্তন ঘটে। ১৫, ১৬ শতিকাত ভাৰতবৰ্ষলৈ পৰ্তুগীজ সকলে বেহা বেপাৰ কৰিবলৈ অহা পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষত পশ্চিমীয় সংস্কৃতিয়ে গা কৰি উঠে। ১৫০ বছৰীয়া ইংৰাজ শাসনৰ ফলস্বৰূপে ভাৰতীয় মানুহে পশ্চিমৰ শিক্ষা সংস্কৃতি, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, মূল্যবোধ আদি অনুকৰণ কৰিবলৈ আৰম্ভ কৰে। জাতি ব্যৱস্থাত থকা বৈষম্যসমূহ আঁতৰ হল জাতি ব্যৱস্থাৰ পৰিবৰ্তে শ্ৰেণী ব্যৱস্থাৰ প্ৰৱৰ্তন হল। উদ্যোগীকৰণ আৰু নগৰীকৰণৰ প্রভাৱ পৰাৰ ফলত ভাৰতবৰ্ষৰ গ্ৰাম্য গাথঁনিৰ পৰিবৰ্তন হবলৈ দেখা যায়।

নগৰীকৰণৰ ফলত যুটীয়া পৰিয়ালৰ ঠাইত একক পৰিয়ালৰ প্রাধান্য বাঢ়িল। বিবাহৰ ক্ষেত্ৰত থকা কিছুমান ৰীতিনীতি সামাজিক কুপ্রথা যেনে – বাল্যবিবাহ, বিধৱা বিবাহ বাধা আদি আঁতৰ কৰা হল ৷

১০৬। সামাজিক আন্দোলনৰ বাবে ভাৰতীয় সমাজলৈ কেনেকুৱা পৰিবৰ্তন আহিছিল?

উত্তৰঃ ভাৰতৰ সামাজিক পৰিৱৰ্তনৰ অন্যতম কাৰণ সামাজিক আন্দোলন। ফৰাচী বিপ্লৱ, ইংলেণ্ডৰ শিল্প বিপ্লৱ আদি সামাজিক আন্দোলনে সামাজিক পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ প্রভাৱ পেলাইছিল। ১৭৮৯ খ্ৰীষ্টাব্দত ফ্ৰান্সত যি বিপ্লৱে দেখা দিয়ে সেই বিপ্লৱে ফৰাচী বিপ্লৱ নামে জনাজাত। এই বিপ্লৱৰ ফলত ফ্ৰান্সত স্বেচ্ছাচাৰী শাসনৰ পৰিৱৰ্তে গণতন্ত্ৰৰ প্রতিষ্ঠা হয়। সপ্তদশ শতিকাৰ ইংলেণ্ডৰ শিল্পবিপ্লৱৰ ফলত শিল্প-বাণিজ্যৰ আমূল পৰিৱৰ্তন হয়। এই সময়ত নানা যন্ত্ৰপাতি আৱিস্কাৰ হয় আৰু মানুহৰ বৈজ্ঞানিক জ্ঞানৰ প্ৰসাৰতা হয়। সামাজিক আন্দোলন সমূহে হিন্দু ধৰ্মৰ গোড়ামী আৰু সমাজৰ বিভিন্ন কুপ্ৰথা আঁতৰ কৰিছিল। ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, কেশৱ চন্দ্ৰ সেন আদি সমাজ সংস্কাৰকসকলৰ প্রচেষ্টাত কিছুমান জলন্ত সমস্যা যেনে – সতীদাহ প্রথা বন্ধষ বিধবা বিবাহ প্রচলন আৰু অস্পৃশ্যতা দূৰীকৰণৰ বাবে চেষ্টা চলিল। পাশ্চাত্য শিক্ষা আৰু ধ্যান ধাৰণাৰ সহায়ত জনসাধাৰণৰ মনত সংস্কাৰবাদী মনোভাৱে গা কৰি উঠিল। হিন্দু ধৰ্মৰ গোড়ামীৰ বিৰুদ্ধে ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰি ভাৰতীয় সমাজ আৰু হিন্দু ধৰ্মত নৱজাগৰণৰ সূচনা কৰে।

১০৭। ভাৰতীয় সমাজত পাশ্চাত্যকৰণৰ প্রভাৱবোৰ কি কি আছিল? 

উত্তৰঃ ভাৰতীয় সমাজত সামাজিক পৰিৱৰ্তন সাধন কৰাৰ ক্ষেত্ৰত সংস্কৃতিকৰণৰ দৰেই পাশ্চাত্যকৰনো এক উল্লেখযোগ্য প্ৰক্ৰিয়া উনৈশ শতিকাত অধ্যাপক এম. এন. শ্ৰীনিবাসে পাশ্চাত্যকৰণৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰে। শ্ৰীনিবাসৰ মতে, নিম্নজাতৰ লোকে উচ্চজাতৰ লোকক সামাজিক আৰু সাংস্কৃতিক দিশত অনুকৰণ কৰাৰ দৰে প্ৰাচ্যৰ সমাজবোৰৰ পশ্চিমীয়া সমাজৰ সংস্কৃতি আৰু জীৱন নিৰ্বাহৰ প্ৰণালী অনুকৰণ কৰিবলৈ চেষ্টা কৰে।

ভাৰতীয় সমাজত পাশ্চাত্যকৰণৰ প্রভাৱ সমূহ হল-

১) জাতি বাৱস্থাৰ পৰিৱৰ্তন : পাশ্চাত্যকৰণৰ ভাৰতীয় জাতি বাৱস্থাত বিশেষ পৰিৱৰ্তন সাধন কৰিছে। জাতি ব্যৱস্থাত থকা কিছুমান বাধা-নিষেধ আৰু জটিলতা বৰ্তমানৰ ভাৰতীয় সমাজৰ পৰা নোহোৱা হৈছে। উদ্যোগ বা কল-কাৰখানাত কাম কৰা লোকসকল জাতি ভিত্তিৰ পৰিৱৰ্তে সংস্পৰ্শলৈ আহে। এই ব্যৱস্থাই জাতি ব্যৱস্থাৰ উচ্চ নিম্ন ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাইছে।

২) অস্পৃশ‍্যতাত পৰিৱৰ্তন : পাশ্চাত্যকৰণৰ ফলত জাতি ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে অস্পৃশ্যতাৰ ধাৰণৰ ক্ষেত্ৰতো পৰিৱৰ্তন আহিছে। যাতায়াত আৰু যোগাযোগৰ দ্ৰুত উন্নতি, নগৰীকৰণ ঔদ্যোগীকৰণ আদিৰ ফলত অস্পৃশ্যতা কিছু কমিছে। পাশ্চাত্য শিক্ষাই সামাজিক, ৰাজনৈতিক আদি দিশত সকলো মানুহেই সমান বুলি ধাৰণাৰ সৃষ্টি কৰিছে সেয়ে পাশ্চাত্যকৰণে ভাৰতীয় সমাজত অস্পৃশ্যতাৰ দিশত পৰিৱৰ্তন সাধন কৰিছে।

৩) নাৰীৰ প্রস্থিতিৰ পৰিৱৰ্তন : পাশ্চাত্যকৰণে ভাৰতীয় নাৰীৰ সমাজত প্রস্থিতিৰ পৰিৱৰ্তন ঘটাইছে। পাশ্চাত্য শিক্ষা আহৰণ কৰি নাৰী সমাজে প্রমাণ কৰি দেখুৱালে যে তেওঁলোক সামাজিকভাৱে পুৰুষতকৈ পিছপৰা নহয়। ভাৰতীয় সমাজত এটা সময়ত মহিলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা নিষিদ্ধ আছিল। সমাজ সংস্কাৰ আন্দোলন বিলাকৰ জৰিয়তে ভাৰতীয় সমাজত নাৰীৰ উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা হল।

৪) সমাজ সংৰচনাৰ পৰিৱৰ্তন : পাশ্চাত্যকৰণৰ ফলত ভাৰতীয় সমাজ সংৰচনাতো পৰিৱৰ্তন ঘটিছে। ভাৰতীয় সমাজ সংৰচনাৰ এটা বৈশিষ্ট্য হল জাতি ব্যৱস্থা। পাশ্চাত্য কৰণৰ প্রভাৱত জাতি ব্যৱস্থাৰ পৰিৱৰ্তন ঘটি শ্ৰেণী ব্যৱস্থাৰ প্রচলন হৈছে। ভাৰতীয় সমাজৰ জাতিৰ পৰিবৰ্তে অৰ্থনৈতিক সম্পতিয়েহে সামাজিক স্থান নিৰ্ণয় কৰিবলৈ লৈছে।

৫) পৰিয়াল বাৱস্থাত পৰিৱৰ্তন : পাশ্চাত্যকৰণে পৰিয়ালৰ বহুতো পৰিৱৰ্তন সাধন কৰিছে। পাশ্চাত্যকৰণৰ ফলত পৰম্পৰাগত ভাৰতীয় সমাজত যুটীয়া পৰিয়াল ব্যৱস্থাৰ বিঘটন ঘটিছে। পাশ্চাত্যৰ সমাজবোৰত একক পৰিয়ালৰ প্ৰাধান্য দেখা যায়।

১০৮। ধৰ্মনিৰপেক্ষকৰণৰ অর্থ কি? ইয়াৰ বিভিন্ন উপাদানবোৰ ব্যাখ্যা কৰা?

উত্তৰঃ সংবিধানত ব্যৱহাৰ কৰা ধৰ্মনিৰপেক্ষ (।) শব্দৰ অৰ্থ হ’ল- 

ক) ভাৰতৰ সকলো নাগৰিককে নিজৰ ধৰ্ম আৰু বিশ্বাস পালন কৰি চলিবলৈ পুৰণ স্বাধীনতাৰ আশ্বাস প্রদান ৷ 

খ) কোনো চৰকাৰী ধৰ্ম নাথাকিব। 

গ) নিজা নিজা ধৰ্মবিশ্বাস কৰিলেও সকলো নাগৰিককে সমানভাৱে চোৱা হয়। 

অৰ্থাৎ ধৰ্মনিৰপেক্ষকৰণ মানে ৰাষ্ট্ৰক ধৰ্মৰ পৰা সম্পূৰ্ণ আঁতৰত ৰাখি ধৰ্মবোৰৰ মাজত বিভেদ সৃষ্টি নকৰি সকলো ধৰ্মীয় সম্প্ৰদায়কে সম মৰ্য্যদা দিয়া।

তলত ধৰ্মনিৰপেক্ষকৰণৰ উপাদনবোৰ আলোচনা কৰা হ’ল –

ক) ধৰ্মৰ গুৰুত্ব হ্ৰাস : যেতিয়া ধৰ্মনিৰপেক্ষবাদীৰ নীতি গতি শক্তিশালী হয় সিমানেই ধৰ্মৰ গতিৰ বান্ধোন শিখিল হয় আৰু ধৰ্ম দুৰ্বল হৈ পৰে।

খ) পৃথকীকৰণ প্রক্ৰিয়া : ধৰ্মনিৰপেক্ষতাই সমাজৰ বিভিন্ন ক্ষেত্ৰত পৃথকীকৰণৰ সৃষ্টি কৰিছে। বৰ্তমান আধুনিক যুগত এজন শিক্ষিত ব্যক্তিয়ে অথনৈতিক, ৰাজনৈতিক আইন, নৈতিকতা আদি বিষয়বোৰ একেলগে কৰি বিষয়টো অধিক জটিল কৰিব নিবিচাৰে।

গ) যুক্তিবাদীতা : ধৰ্মনিৰপেক্ষতাৰ আন এটা উপাদান হৈছে যুক্তিবাদীতা৷ ইয়াত অন্ধবিশ্বাসৰ পৰিৱৰ্তে সকলোবোৰ কথা যুক্তিৰে বিচাৰ কৰে।

ঘ) বৈজ্ঞানিক দৃষ্টিভংগী : জীবনৰ প্ৰতি বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰাটো ধৰ্মনিৰপেক্ষতাৰ এক উল্লেখযোগ্য উপাদান। আধুণিক শিক্ষা প্ৰসাৰেও ধৰ্মনিৰপেক্ষ নীতি গ্ৰহণ কৰাত মানুহক অৰিহনা যোগায়

১০৯। ভাৰতীয় সমাজত সামাজিক পৰিবৰ্তনৰ প্ৰক্ৰিয়া হিচাপে সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণৰ তুলনা কৰা আৰু পাৰ্থক্য দেখুওৱা।

উত্তৰঃ সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ সামাজিক পৰিৱৰ্তন এক প্রক্ৰিয়া। সমাজতাত্বিক এম. এন. শ্ৰীনিবাসে পোনপ্রথমে সংস্কৃতকৰণ অৱধাৰণাটো আগবঢ়ায়। এম. এন. শ্ৰীনিবাসৰ মতে, নিম্নজাতৰ মানুহে পৰম্পৰা পদ্ধতি পৰিত্যাগ কৰি বিশ্বাস প্ৰথা আৰু ৰীতি-নীৰিৰে পৰিচালিত হয়, তেন্তে তাকেই সংস্কৃতিকৰণ বোলে।

সংস্কৃতিকৰণে এনে এটা প্রক্ৰিয়াৰ আভাস দিয়ে যাৰ যোগেদি মানুহে সাংস্কৃতিক দিশত তেওঁলোকতকৈ আগশাৰীৰ অৱস্থানত থকা লোকৰ নাম আৰু ৰীতি নীতি অৱলম্বন কৰি নিজৰ সামাজিক স্থিতি আগবঢ়াই নিয়াৰ প্রয়াস কৰে। কিন্তু সামলোচকসকলৰ মতে, সংস্কৃতিকৰণে কেৱল ব্যক্তিৰ সামাজিক স্থিতিয়ে সলনি কৰে, সংৰচনাত্মক পৰিবৰ্তন নকৰে। তদুপৰি সংস্কৃতকৰণ প্রক্ৰিয়া সমাজৰ অসমতা আৰু নিষিদ্ধকৰণৰ ভিত্তিতহে বৰ্তি থাকে। সংস্কৃতিকৰণৰ ফলত উচ্চ জাতিৰ নীতি অনুকৰণ কৰা হৈছিল যি সমাজত মহিলাৰ স্থান অধিক নিম্ন কৰিছিল।

ম. এন. শ্ৰীনিবাসৰ মতে সংস্কৃতিকৰণৰ দৰেই পশ্চিমীয়া দেশৰ, আৰ্হি প্রাচ্য দেশে অনুকৰণ কৰা পদ্ধতিটোৱেই পাশ্চাত্যকৰণ সমাজতত্ববিদ মিল্টন ছিংগাৰ, ডেনিয়েল, গোগেন্দ্ৰ সিং। তেওঁলোকৰ মতে পাশ্চাত্যকৰণ হৈছে ভাৰতীয় সমাজে পশ্চিমীয়া সমাজৰ শিক্ষা সংস্কৃতি বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ প্ৰয়োগ আদিৰ ফলত ভাৰতীয় সমাজ সংস্কৃতিত ব্যাপক পৰিৱৰ্তনৰ সূচনা হৈছিল। এনে পৰিৱৰ্তনশীলতা ভাৰতীয় সমাজ সংৰচনাৰ দিশৰো পৰিৱৰ্তন সাধন কৰিছিল। সেই হিচাপে সংস্কৃতিকৰণে অনা পৰিৱৰ্তনতকৈ পাশ্চাত্যকৰণে অনা পৰিৱৰ্তন বহু বেছি গুণে ব্যাপক আছিল। গতিকে দেখা যায় যে ভাৰতীয় সমাজ সংস্কৃতিত পাশ্চাত্যকৰণৰ প্রভাৱ সংস্কৃতিকৰণৰ তুলনাত বেছি গভীৰ।

১১০। ঔপনিবেশিক দিনৰ পৰা বৰ্তমানলৈ জাতি প্রথাৰ প্ৰধান পৰিৱৰ্তনসমূহৰ সাৰাংশ লিখা। 

উত্তৰঃ জাতি ব্যৱস্থাত অতি প্রাচীনকালৰ পৰাই কিছুমান পৰিৱৰ্তন হোৱা দেখা যায়। উদাহৰণস্বৰূপে বৈদিক যুগত জাতি ব্যৱস্থা জন্মৰ পৰিৱৰ্তে গুণ বা কৰ্মৰ দ্বাৰাহে নিৰ্ধাৰন কৰা হৈছিল। সেইধৰণেই মুছলমান শাসনকালত পুণৰ জাতি ব্যৱস্থাৰ পৰিৱৰ্তন দেখা দিলে। সম্ৰাট আকবৰে হিন্দু আৰু মুছলমান ধৰ্মৰ সংমিশ্ৰণত দিন এ ইলাহী ধৰ্মৰ প্ৰচলন কৰে ফলত সমাজত জাতৰ উচ্চ নীচৰ ধাৰনা হ্ৰাস পালে। বৰ্তমান সময়তো জাতি ব্যৱস্থাৰ সংৰচনাত যথেষ্ট পৰিৱৰ্তন ঘটিছে। পৰম্পৰাগত জাতি ব্যৱস্থা মতে জন্মই মানুহৰ জাতি আৰু প্রস্থিতি নিৰ্ণয় কৰে। কিন্তু বৰ্তমান সময়ত মানুহে জন্মৰ ওপৰত ভিত্তি কৰি এজন মানুহৰ সামাজিক স্থান নিৰ্ণয় কৰাতকৈ ব্যক্তিৰ কাৰ্যক্ষমতা,যোগ্যতা, পদমৰ্যাদা আদিৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰাত সমাজত পৰিৱৰ্তন ঘটিছে। পৰম্পৰাগত জাতি ব্যৱস্থা মতে, প্ৰত্যেক জাতিৰ বাবে নিৰ্দিষ্ট চালচলন খোৱা-বোৱাৰ প্রচলন আছিল। কিন্তু বৰ্তমান কালত শিক্ষাৰ প্ৰসাৰ, বিভিন্ন ঠাইৰ মানুহৰ লগত হোৱা আদান প্রদান, যাতায়াত আৰু যানবাহনৰ উন্নতি আদিৰ বাবে খোৱা- বোৱাৰ চালচলন আদিৰ পৰিৱৰ্তন ঘটিছে। 

পাশ্চাত্য শিক্ষা গ্ৰহণ কৰাৰ লগে লগে মানুহৰ মূল্যবোধৰো পৰিৱৰ্তন হ’বলৈ ধৰিলে ফলস্বৰূপে বিবাহ আৰু বৃত্তি বাচনিৰ ক্ষেত্ৰত জাতিবোৰৰ মাজত থকা বাধা নিষেধসমূহ লাহে লাহে আতৰি গল। প্ৰাচীনকালত শিক্ষা কেৱল উচ্চ জাতিৰ লোকসকল বাবেহে আছিল। নিম্ন জাতিৰ মানুহে শিক্ষা লাভৰ সুবিধা পোৱা নাছিল। কিন্তু পশ্চিমীয়া শিক্ষাৰ প্ৰসাৰৰ লগে লগে সকলোৱে জাতি, ধৰ্ম বৰ্ণ নিৰ্বিশেষে শিক্ষা লাভ কৰিবলৈ সুবিধা পালে। ভাৰতবৰ্ষত গণতান্ত্ৰিক শাসন ব্যৱস্থাক প্রচলন হোৱাত জনমতৰ ওপৰত অধিক মূল্য আৰোপ কৰা হল। আধুনিক শিক্ষাৰে শিক্ষিত ব্যক্তিয়ে জাতি প্ৰস্থিতিতকৈ স্বলব্ধ প্রস্থিতিৰ ওপৰত গুৰুতব আৰোপ কৰে। এনেবোৰ কাৰণতে পৰম্পৰাগত জাতি ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছে।

১১১। জাতিৰ ধৰ্মনিৰপেক্ষকৰণ মানে কি? উদাহৰণসহ ব্যাখ্যা কৰা। 

উত্তৰঃ ধৰ্মনিৰপেক্ষতাই ভাৰতীয় সমাজত জাতি ব্যৱস্থাত দেখা দিয়া পৰিবতআনৰ সূচনা কৰিব। ভাৰতীয় সমাজৰ নিম্ন জাতিৰ লোকসকলক উচ্চ জাতিৰ লোকসকলে ঘৃণাৰ চকুৰে চাইছিল। কিয়নো ইয়াৰ লগত হিন্দু ধৰ্মৰ পবিত্ৰ আৰু অপৱিত্ৰ এই ধাৰণা দুটা জড়িত আছে। উচ্চ জাতিৰ এজন ব্যক্তিয়ে যেতিয়া নিম্ন জাতিয়ে কৰা কাম কৰিছিল তেতিয়া সেই ব্যক্তিজনক অপৱিত্ৰ বুলি গণ্য কৰা হৈছিল নিম্ন জাতিৰ লোকসকল উচ্চ জাতিয়ে লোকসকলে অস্পৃশ্য বুলি গণ্য কৰিছিল। আনকি উচ্চ বৰ্ণৰ হিন্দু মন্দিৰত অস্পৃশ্যসকলৰ প্ৰৱেশৰ ক্ষেত্ৰতো বাধা দেখা যায়। ধৰ্মনিৰপেক্ষতাৰ প্রভাৱৰ ফলত ভাৰতীয় সমাজৰ পৱিত্ৰ আৰু অপবিত্ৰৰ ধাৰণাটোত যথেষ্ট, পৰিবৰ্তন আহিল৷ বৰ্তমান এটিয়ে জাতিয়ে নিম্ন শ্ৰেণীৰ জাতিৰ লগত মিলা-মিছা চাল চলনৰ ক্ষেত্ৰত কোনো বাধা নাই। সকলো জাতি সমান। এইদৰে, বৰ্তমান অপবিত্ৰ আৰু পবিত্ৰৰ এই ধাৰণাটো ধৰ্মৰ ওপৰত আধাৰিত নহয়। ই এতিয়া ধৰ্মনিৰপেক্ষতাৰ ওপৰতহে আধাৰিত কিয়।

১১২। What do you mean by social change? Define it.

উত্তৰঃ সামাজিক পৰিৱর্তন এটা নির্দিষ্ট দিশ বা নিৰ্দিষ্ট গতিত হোৱা পৰিৱৰ্তন। অৰ্থাৎ যিবোৰ উপাদানৰ সহায়ত সামাজিক সংৰচনাৰ সৃষ্টি হৈছে সেইবোৰৰ পৰিৱৰ্তন হোৱা। সামাজিক সংৰচনাৰ উপাদানবোৰ হ’ল সামাজিক সংৰচনা, সামাজিক সম্বন্ধ, সামাজিক প্ৰতিমান, সামাজিক মূল্য ইত্যাদি। এই উপাদানবোৰে সামাজিকসমূহ আৰু সংস্থাৰ জৰিয়তে আত্ম প্রকাশ কৰে। এই সংস্থাবোৰৰ গঠন প্রক্ৰিয়া, স্বৰূপ আৰু কাৰ্যকলাপৰ পৰিৱৰ্তন ঘটিলেই সামাজিক পৰিৱৰ্তনৰ সৃষ্টি হয়। বহুসংখ্যক লোকে তেওলোকে নিজে আৰু তেওঁলোকৰ পূৰ্বপুৰুষে আগেয়ে কৰা কামতকৈ বেলেগ ধৰণৰ কামত লিপ্ত হোৱাকে সামাজিক পৰিৱৰ্তন বুলি কোৱা হয়।

মেক আইভাৰ আৰু পেজৰ মতে, “সামাজিক পৰিৱৰ্তনৰ অৰ্থ হ’ল সামাজিক সম্বন্ধৰ পৰিৱৰ্তন।”

হেৰী এম. জনচনৰ মতে, “সামাজিক পৰিৱৰ্তনৰ অৰ্থ হ’ল- সামাজিক সংৰচনাৰ পৰিৱৰ্তন।;

কিংছলি ডেভিছৰ মতে, “সামাজিক পৰিৱৰ্তনৰ অর্থ হ’ল সামাজিক সংৰচনা আৰু ইয়াৰ কাৰ্যাৱলী পৰিৱৰ্তন।”

এলড্ৰেজ আৰু মেৰীৰ মতে, “বহুসংখ্যক লোকে তেওঁলোকে নিজে আৰু তেওঁলোকৰ পূৰ্বপুৰুষে আগেয়ে কৰা কামতকৈ বেলেগ ধৰণৰ কামত লিপ্ত হোৱাকে সামাজিক পৰিৱৰ্তন বুলি কোৱা হয়।

গিলিন আৰু গিলিনৰ মতে, “জীৱন নিৰ্বাহৰ প্রচলিত প্রণালীৰ পৰিৱৰ্তনেই হ’ল সামাজিক পৰিৱৰ্তন।”

১১৩। What a short note on co-operation.

উত্তৰঃ সহযোগিতা : সামাজিক প্রক্ৰিয়াসমূহৰ ভিতৰত  আটাইতকৈ গুৰুত্বপূৰ্ণ সামাজিক প্ৰক্ৰিয়া। সহযোগৰ অবিহনে সমাজৰ কথা কল্পনা কৰিব নোৱাৰি। আনকি পতি-পত্নীৰ সহযোগৰ অবিহনে মানৱ সমাজৰ প্রৱাহমান গতি ৰুদ্ধ হৈ যাব৷ সহযোগিতাৰ ইংৰাজী প্ৰতিশব্দ ‘co-operation’। এই ‘co-operation’  শব্দটো লেটিন শব্দ co’ আৰু operation”ৰ সংমিশ্ৰণ। co মানে একেলগে আৰু ‘operation’ মানে কাম। অৰ্থাৎ একেলগে কৰা কামেই সহযোগিতা। সহযোগিতা হ’বলৈ হ’লে বাক্তিসকলে নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি সচেতন ভাৱেৰে অংশগ্ৰহণ কৰিব লাগিব। সহযোগিতা হবলৈ হলে ব্যক্তিসকলে নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি ব্যক্তি সকলে  নিজৰ ভূমিকা পালন কৰিলেহে তাক সহযোগিতা বুলি গণ্য কৰিব পৰা হয়। সহযোগিতাৰ অবিহনে কোনো সমাজেই বৰ্তি থাকিব নাৱাৰে। সহযোেগিতা হ’ল সামাজিক সংহতিৰ আধাৰশিলা স্বৰূপ। সংক্ষেপে ক’বলৈ হ’লে সামুহিক অথবা সম উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত কৰা যৌথ প্রচেষ্টাই হৈছে সহযোগিতা। অর্থাং সহযোগিতা হ’ল সামাজিক আন্তঃক্ৰিয়াৰ এনে এটা ৰূপ, যাৰ জৰিয়তে সমাজৰ সদস্যসকলে সংঘবদ্ধ হৈ সামূহিক স্বাৰ্থ পুৰণৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি কাম কৰে। সহযোগিতা কাক বোলে এই সম্পৰ্কে কেইবাজনো সমাজতত্ববিদে আলোচনা কৰিছে। 

এ. ডব্লিউ গ্ৰীণৰ মতে, “দুজন বা ততোধিক বাক্তিয়ে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে বাৰে বাৰে কৰা প্রচেষ্টা হৈছে সহযোগিতা ৷”

মেৰিল আৰু এলড্ৰিজৰ মতে, “উমৈহতীয়া লক্ষ্য সাধনৰ বাবে দুজন বা ততোধিক ব্যক্তিয়ে কৰা  সামাজিক আন্তঃক্ৰিয়া পদ্ধতিয়েই হৈছে সহযোগিতা  সহযোগিতাক মূলতঃ দুটা ভাগত ভাগ কৰি  আলোচনা কৰা হৈছে। এইকেইটা হৈছে— 

(১) প্রত্যক্ষ সহযোগিতা। আৰু 

(২) পৰোক্ষ সহযোগিতা।

 ১ ৷ প্রত্যক্ষ সহযোগিতা : সামাজিক জীৱনৰ বহুবিলাক কাম-কাজ কৰোঁতে, যেনে– খেলা-ধূলা কৰোঁতে, খেতি পথাৰ কৰোঁতে, পৰিয়ালত বসবাস কৰোতে, বিয়া সভা আদি ধৰ্মীয় উৎসৱ পালন কৰোঁতে এজন ব্যক্তিয়ে আন এজনৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ বা সহযোগ কৰা ইত্যাদি। এনেধৰণৰ মুখামুখি সম্বন্ধৰে আৰু ভৌতিক সান্নিধ্যৰে ঐক্যবদ্ধতা ৰক্ষা কৰাকে প্রত্যক্ষ সহযোগ বোলা হয়।

২। পৰোক্ষ সহযোগিতা : একে লক্ষ্য বা উদ্দেশ্য পূৰণৰ বাবে ব্যক্তিসকলে অভৌতিক আৰু মুখামুখি সম্বন্ধক উলাই কৰি যি সহযোগ স্থাপন কৰে তাকে পৰোক্ষ সহযোগ বোলা হয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে, কেতিয়াবা কেতিয়াবা প্ৰত্যেক বা পৰোক্ষ  সহযোগিতা একেলগে চলি থাকিব পাৰে। উদাহৰণ স্বৰূপে – শিক্ষাদান কাৰ্যকেই আঙুলিয়াব পাৰি। পাঠদান কাৰ্য চলি থকা অৱস্থাত শিক্ষক-ছাত্ৰৰ সহযোগিতা প্ৰত্যেক্ষ সহযোগিতা হব। কিন্তু শ্ৰেণী কোঠাত এইদৰে পাঠদানৰ সুবিধা দিয়াৰ বাবে শিক্ষকক নিযুক্তি দিয়াৰ ক্ষেত্ৰত কৰ্তৃপক্ষ, ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ সহযোগ আছে। কিন্তু প্ৰকৃত কাৰ্য চলিথকা অৱস্থাত শিক্ষক অভিভাৱক আদি অনুপস্থিত থাকে। গতিকে, এই সকলৰ অনুপস্থিতিক পৰোক্ষ সহযোগ বুলিব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top