Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী

Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী Question Answer can be of great value to excel in the examination.

Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী

Join Telegram channel

Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী Notes cover all the exercise questions in UGC Syllabus. The Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

১১৪। Discuss the role of technology and ideology in social change.

উত্তৰঃ প্ৰযুক্তিবিদ্যাই সামাজিক পৰিবৰ্তনৰ বিভিন্ন দিশত এক উল্লেখনীয় কাৰক হিচাপে কাম কৰে। প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিৰ ফলত মানুহৰ জীৱন ধাৰণৰ মানদণ্ড , উৎপাদন পদ্ধতি, কলা-কৌশল প্ৰয়োগ, জীৱন নিৰ্বাহৰ প্ৰণালী আদিত ক্ষিপ্ৰ পৰিৱৰ্তন ঘটিছে। মানৱ সমাজৰ বিভিন্ন সংস্থা বিলাকৰ পৰিবৰ্তন ক্ষেত্ৰতো প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ বৰ কম নহয়। সামাজিক পৰিবৰ্তনৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যা ভূমিকাক দুটা মূল ভাগত ভাগ কৰিব পাৰি।

১। মানুহৰ জীৱন ধাৰণ আৰু উৎপাদনৰ ওপৰত প্রযুক্তিবিদ্যাৰ প্রভাৱ।

২৷ সামাজিক সংস্থাসমূহৰ ওপৰত প্ৰযুক্তিবিদ্যাৰ প্রভাৱ ৷

৩। মানুহৰ জীৱন ধাৰণ আৰু উৎপাদনৰ ওপৰত প্ৰযুক্তিবিদ্যাৰ প্রভাৱ : উৎপাদন প্ৰক্ৰিয়াত প্রযুক্তি বিদ্যাই প্রত্যক্ষভাৱে প্রভাৱ বিস্তাৰ কৰে। মানুহৰ জীৱন ধাৰণৰ প্রণালী আৰু উৎপাদনৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ বিশেষ প্রভাৱ থকা দিশকেইটাৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল। 

(ক) যান্ত্ৰিকবাদৰ উন্নতি : প্ৰযুক্তিবিদ্যাৰ ফলত নিত্য নতুন যন্ত্ৰপাতিৰ উদ্ভাৱন হৈ আছে। নতুন যন্ত্ৰপাতিৰ উদ্ভাৱনে সামাজিক সংগঠন আদিত প্রভাৱ বিস্তাৰ কৰে। নতুন যন্ত্ৰ-পাতিৰে সমাজত নতুন উৎপাদনৰ পথ মুকলি কৰে। সেয়েহে আধুনিক যন্ত্ৰ -পাতিয়ে সমাজত পুৰণি মূল্যবোধৰ ঠাইত নতুন সামাজিক মূল্যবোধৰ সৃষ্টি কৰিছে। বিভিন্ন ধৰণৰ যন্ত্ৰপাতিৰ উদ্ভাৱনৰ ফলত সমাজত কিছুমান নতুন সংগঠনৰ জন্মকে ধৰি সমাজ সংৰচনাৰ বিভিন্ন দিশত প্ৰভাৱ বিস্তাৰ কৰিছে৷ এইদৰে যান্ত্ৰিক ব্যৱস্থাৰ উন্নতিৰ ফলত সমাজত অহৰহভাৱে পৰিৱৰ্তন হ’ব লাগিছে। 

(খ) উৎপাদন প্রণালীত পৰিৱৰ্তন : উৎপাদন প্রক্ৰিয়াত আধুনিক কৌশলৰ ব্যৱহাৰৰ ফলত বৰ্তমান সময়ত উৎপাদনৰ পৰিমান বৃদ্ধি হৈছে। প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উন্নতি লাভ কৰা সমাজবিলাকে উৎপাদনৰ ক্ষেত্ৰতো উন্নতি সাধন কৰিছে। প্রযুক্তিবিদ্যাই বিভিন্ন সামগ্ৰী উৎপাদন কৰাৰ উপৰিও সমাজত কিছুমান বিশেষ অৱস্থাৰো সৃষ্টি কৰে। প্রযুক্তিবিদ্যৰ ফলত ক্ষুদ্ৰ উৎপাদন বৃহৎ আকাৰলৈ ৰূপান্তৰিত হয়। প্ৰযুক্তিবিদ্যাৰ ফলত বিভিন্ন উদ্যোগ স্থাপন সম্ভৱ হৈ পৰিছে। যাৰ ফলত উদ্যোগীকৰণৰ সূচনা হয়। উদ্যোগীকৰণৰ ফল স্বৰূপে বিভিন্ন সামাজিক সংগঠন আৰু সংস্থাবিলাকৰ পৰিবৰ্তন ঘটিছে। এইদৰে উৎপাদন প্ৰণালীত হোৱা পৰিৱৰ্তনে বিভিন্ন ধৰণে সমাজ বিভিন্ন দিশত পৰিৱৰ্তন ঘটাইছে।

(গ) উদ্যোগত নতুন পদ্ধতিৰ সৃষ্টি : যান্ত্রিকীকৰণৰ প্রভাৱত উদ্যোগসমূহৰ দ্ৰুত উৎপাদনৰ বাবে চেষ্টা চলোৱাৰ ঠাইত যান্ত্ৰিক শক্তিৰ প্রভাৱ বিস্তাৰ কৰিছে। ইয়াৰ ফলত উদ্যোগ ব্যৱস্থা ক্ষুদ্ৰৰ পৰা বৃহতলৈ পৰিৱৰ্তিত হৈছে আৰু মানৱীয় শক্তিৰ ব্যৱহাৰ কমি অহাত নিবনুৱাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে৷ আকৌ বৃহৎ উদ্যোগত অধিক উৎপাদন হোৱাৰ ফলত ক্ষুদ্ৰ আৰু কুটীৰ শিল্পত উৎপাদিত দ্ৰব্যই বজাৰত ফেৰ মাৰিব নোৱাৰে। ফলত ক্ষুদ্ৰ উদ্যোগ আৰু কুটীৰ শিল্পৰ পতন ঘটিছে। পূৰ্বতে এনে উৎপাদন ব্যৱস্থাতো বহুলোক নিয়োজিত হৈ আছিল। বৰ্তমান সময়ত এনে বৃত্তিত থকা লোকসকল নিবনুৱা হৈ পৰিছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) নগৰীকৰণ : প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত বহুতো গ্ৰামাঞ্চল নগৰলৈ ৰূপান্তৰিত হৈছে। নগৰ অঞ্চলত সৰু-বৰ উদ্যোগ, বেহা-বেপাৰ, চাকৰি-বাকৰি আদি বহুতো দিশত সংস্থানৰ সুবিধা থকাত বহু লোকে নিযুক্তি বিচাৰি গ্রাম্য অঞ্চলৰ পৰা নগৰ অঞ্চললৈ প্রৱ্ৰজন ঘটাইছে। বিভিন্ন লোকৰ বসতিৰ বাবে নগৰ অঞ্চলত এক সুকীয়া সংস্কৃতিয়ে গঢ় লয়। নগৰ অঞ্চলত শিক্ষা ব্যৱস্থা আৰু আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, যোগাযোগৰ ব্যৱস্থা আদি দিশত দ্ৰুত পৰিৱৰ্তন সম্ভৱ হৈছে। গতিকে সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত নগৰীকৰণৰ প্রভাৱো কম নহয়।

 (ঙ) নাৰীৰ উন্নত সামাজিক স্থান : বহুতো পৰম্পৰাগত মানৱ সমাজত নাৰীৰ সামাজিক স্থান পুৰুষতকৈ বহুতো নিম্ন দেখা যায়। উদাহৰণস্বৰূপে— ভাৰতীয় সমাজত এটা সময়ত নাৰীয়ে কেৱল ঘৰৰ চাৰিসীমাৰ ভিতৰতে আৱদ্ধ থাকি প্রায় সকলোবোৰ ঘৰুৱা কাম-কাজ সমাধান কৰিব লাগিছিল। সেইসময়ত নাৰীসকলে শিক্ষা-দীক্ষা বা অন্য ধৰণে বাহিৰৰ সমাজৰ লগত চিনাকি হ’ব নোৱাৰিছিল৷ কিন্তু বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত নাৰীসকলে সাধাৰণ শিক্ষাহে নালাগে, কাৰিকৰী শিক্ষা, ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয় আদি সকলো দিশতে পুৰুষৰ সৈতে প্রায় সমস্থান অধিকাৰ কৰিছে। কিছুমান নাৰীয়ে ব্যক্তিগত দক্ষতা আৰু প্রচেষ্টা অনুসৰি কিছুমান উদ্যোগ, চৰকাৰী আৰু বেচৰকাৰী কামত তথা ৰাজনৈতিক দলৰ কামত আত্মনিয়োগ কৰিছে। এইদৰে নাৰীৰ সামাজিক স্থানৰ পৰিৱৰ্তনেও নানা সামাজিক পৰিৱৰ্তন সাধন কৰিছে।

(চ) যোগাযোগৰ উন্নতি : প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত সমাজত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত উন্নতি সাধন সহজ হয়। যোগাযোগ আৰু যাতায়াতৰ উন্নতিয়ে ঔদ্যোগীকৰণ, নগৰীকৰণ আদিত সহায় কৰে। যাৰ ফলত সামাজিক পৰিবৰ্তনৰ গতি দ্ৰুত হয়। উন্নত যোগাযোগ ব্যৱস্থাৰ ফলত বৰ্তমান সময়ত পৃথিৱীৰ যিকোনো ঠাইত ঘটা ঘটনাৰ বিষয়ে অতি কম সময়তে সকলো সমাজে জানিব পাৰে। এখন সমাজৰ পৰিৱৰ্তনৰ বিষয়েও আন এখন সমাজে তৎকালেই জানিব পাৰে আৰু ইয়াত ফলত সহজে সামাজিক পৰিৱৰ্তন হ’ব পাৰে।

(ছ) পৰিবহন উন্নতি : প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে পৰিবহনৰ ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰে। পৰিবহনৰ সুবিধাৰ বাবে এটা সময়ত চকাৰ আবিষ্কাৰ হয়। লাহে লাহে জৈৱিক শক্তিৰ ব্যৱহাৰ আদি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিৰ ফলত বৰ্তমান বেগী মটৰ গাড়ী, অকাশীজান, বিদ্যুৎচালিত ৰেলগাড়ী, ৰকেট আদি অতি বেগী পৰিবহন ব্যৱস্থাৰো সম্ভৱ হৈছে। এইবোৰৰ জৰিয়তে মানুহে কম সময়তে বিভিন্ন সমাজৰ ব্যক্তিৰ মাজত বুজা-বুজি, ভাবৰ আদান-প্ৰদান সামাজিক সম্বন্ধৰ প্ৰতিষ্ঠা আদি সহজ হৈ উঠিল। ইয়াৰ ফলস্বৰূপে মানৱ সমাজত নতুন পৰিৱেশে গঢ় ল’লে। মানৱ সমাজত নতুন সামাজিক মূল্যবোধ আৰু ৰীতি-নীতিৰ সূচনা হয়। এই দৰে প্ৰযুক্তিবিদ্যাৰ ক্ৰমোন্নতিৰ ফলত হোৱা পৰিবহনৰ উন্নতিয়ে মানৱ সমাজত বহুতো পৰিবৰ্তন সূচনা কৰিছে।

(জ) কৃষিখণ্ডত কাৰিকৰী কৌশলৰ উন্নতি : বৰ্তমান সময়ত যিকোনো উৎপাদন পদ্ধতিতে অধিক উৎপাদনৰ বাবে চেষ্টা চলোৱা হৈছে পৰম্পৰাগতভাৱে প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি জৈৱিক শক্তিৰে কৃষিকৰ্ম কৰাৰ পৰিৱৰ্তে বৰ্তমান কৃষিত আধুনিকীকৰণ কৰা হৈছে। বৰ্তমান বহুতো কৃষিজীৱী সমাজত ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, গুটি সিঁচা, ৰোৱা-কটা, নিৰণি কৰা আদি যন্তু ব্যৱহাৰৰ ফলত জৈৱিক শক্তিৰ ব্যৱহাৰ কমি গৈছে। প্রকৃতিৰ ওপৰতে নিৰ্ভৰ কৰি নাথাকি জলসিঞ্চন, ৰাসায়নিক সাৰ ব্যৱহাৰ, উন্নত বীজৰ ব্যৱহাৰ আদি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কৃষি উৎপাদনত হোৱা পৰিৱৰ্তনে অর্থনৈতিক দিশত বিশেষ প্রভাৱ বিস্তাৰ কৰিছে, যাৰ ফলত সামাজিক পৰিৱৰ্তন সম্ভৱ হৈছে।

২৷ সামাজিক সংস্থাবিলাকৰ ওপৰত প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱঃ প্ৰযুক্তিবিদ্যাৰ উন্নয়নে যান্ত্ৰিক বিকাশ আৰু উৎপাদনৰ দিশত দ্ৰুত পৰিৱৰ্তন সাধন কৰিছে। এইবিলাকৰ উপৰিও প্ৰযুক্তিবিদ্যাই সামাজিক সংগঠনসমূহৰ ওপৰতো প্রভাৱ বিস্তাৰ কৰিছে। প্ৰযুক্তিবিদ্যাৰ প্রভাৱ বিস্তাৰ কৰা কেইটামান দিশৰ বিষয়ে তলত আলোচনা আগবঢ়োৱা হ’ল।

(ক) পৰিয়াল : প্রযুক্তিবিদ্যাই সমাজৰ গুৰুত্বপুৰ্ণ

সংস্থাবিলাকতো পৰিৱৰ্তনৰ সূচনা কৰিলে। সমাজত প্রাথমিক গোট হিচাপে স্বীকৃত পৰিয়াল ব্যৱস্থাতো প্রযুক্তিবিদ্যাৰ প্রভাৱ পৰিল। পৰিয়ালৰ সমস্যাসমূহৰ মাজত বিভিন্ন কাৰ্যৰ সৃষ্টি হ’ল আৰু মানুহে জীৱন নিৰ্বাহৰ বাবে বিভিন্ন পথ বাছি লোৱাৰ সুবিধা পালে। বছতো ব্যক্তিয়ে আত্মসংস্থান আৰু অন্যান্য সুবিধা বিচাৰি এঠাইৰ পৰা আন ঠাইলৈ গতি কৰিলে। ফলত যুটীয়া পৰিয়ালবোৰ বেলেগ বেলেগ গোটত বিভক্ত হৈ একক পৰিয়াললৈ ৰূপান্তৰিত হ’ল।

(খ) ধৰ্মীয় সংস্থাত বাধা : প্রযুক্তিবিদ্যাই পৰম্পৰাগত ধৰ্ম বিশ্বাসত বহুতো পৰিৱৰ্তন সাধন কৰিছে। মানুহ কিছু যুক্তিবাদী হোৱাৰ লগে লগে ধৰ্মীয় কু-প্রথা আৰু অন্ধবিশ্বাসে সমাজত স্থান নোপোৱা হৈছে। মানুহে বস্তুবাদী দৃষ্টিভংগী গ্ৰহণ কৰাৰ লগে লগে ধৰ্মীয় আদৰ্শৰ বিপৰীতে সুখময়ী জীৱনৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হ’ল। ধৰ্মীয় দিশত হোৱা পৰিৱৰ্তনে সমাজ গাঁথনি আৰু মানুহৰ জীৱন ধাৰণৰ প্রণালীৰ ওপৰত পৰিৱৰ্তনৰ সূচনা কৰিছে।

(গ) ৰাষ্ট্ৰ : যিকোনো এখন ৰাষ্ট্রৰ মূল উপাদান সাৰ্বভৌম চৰকাৰ, জনসংখ্যা আৰু স্বাধীনতা। এই আটাইকেইটাৰ ওপৰতো প্রবুক্তিবিদ্যাৰ প্রভাৱ আছে। প্ৰযুক্তিবিদ্যাৰ উন্নয়ন আৰু নতুন আৱিষ্কাৰে ৰাষ্ট্ৰৰ ক্ৰুমোন্নতিৰ পথ সুগম কৰি তুলিছে। আধুনিক কৌশলৰ ফলত ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা সহজ হৈ পৰিছে। মাৰাত্মক অত্যাধুনিক অস্ত্ৰ-হস্তৰে ৰাষ্ট্ৰৰ শক্তি বৃদ্ধি কৰিব পৰা হৈছে। কাজেই ক’ব পাৰি য়ে প্ৰযুক্তিবিদ্যাই ৰাষ্ট্ৰৰ বিভিন্ন দিশত পেলোৱা প্রভাৱৰ ফলত সমাজত ৰীতি-নীতি,  শিক্ষা-ব্যৱস্থা, যুদ্ধ-কৌশল, চিকিৎসা ব্যৱস্থা, উদ্যোগ ব্যৱস্থা ধৰ্ম বিশ্বাস, পৰিয়াল, বিবাহ পদ্ধতি, ব্যৱসায়-বাণিজ্য, শাসন ব্যৱস্থা আদি, বিভিন্ন দিশত পৰিৱৰ্তনৰ সূচনা হৈছে।

(ঘ) মানৱ মনোবিজ্ঞান : প্ৰযুক্তিবিদাই মনোবিজ্ঞানৰ দিশতো প্ৰভাৱ পেলোৱা দেখা যায়। প্ৰযুক্তিবিদ্যাই মানুহৰ মনটোত পৰিৱৰ্তন সূচনা কৰে। প্ৰযুক্তিবিদ্যাই বহু লোকৰ বিভিন্ন সময়ত মিলা-মিছাৰ সুবিধা কৰি দিছে আৰু বিভিন্ন লোকৰ আদান-প্রদানৰ ফলত বিভিন্ন দিশত পৰিবৰ্তন সূচনা হৈছে। বিভিন্ন দিশত হোৱা মানুহৰ মানসিক পৰিবৰ্তনে সামাজিক পৰিবৰ্তনৰ পথ মুকলি কৰিছে।

(ঙ) ভাবাদর্শ :  প্রযুক্তিবিদ্যাৰ উন্নয়নৰ ফলস্বৰূপে মানুহৰ মনত চিন্তাৰ জন্ম হয়। বিভিন্ন চিন্তা-চৰ্চাৰ সমন্বয়ত মানুহে এখন আদৰ্শ সমাজৰ কথা কল্পনা কৰে। আদৰ্শ সমাজ গঠনৰ বাবে মানুহে পৰম্পৰাগত ৰীতি-নীতি, বিশ্বাস আদি ত্যাগ কৰি নতুন ভাবাদৰ্শ গ্ৰহণ কৰে। এনে ভাবাদৰ্শৰ ফলত সমাজত বহুতো পৰিৱৰ্তনৰ সূচনা হয়। এইবোৰৰ পৰিৱৰ্তনৰ লগে লগে সমাজৰ অন্যান্য দিশতো পৰিবৰ্তনে গা কৰি উঠে। 

(চ) প্ৰাথমিক আৰু দ্বিতীয়ক সমূহত প্ৰভাৱ : প্ৰযুক্তিবিদ্যাৰ ফলত সমাজ-সংৰচনাৰ বিভিন্ন সংগঠন, যেনে-_ পৰিয়াল, শিক্ষানুষ্ঠান, জাতি ব্যৱস্থা, স্বজনীয় সমূহ, ধৰ্মীয় সমূহ ইত্যাদিৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সূচনা হৈছে। আধুনিক চিন্তাধাৰাৰ ফলত উক্ত সমূহবোৰত পৰিবৰ্তন সম্ভৱ হৈছে। বৰ্তমান সমাজত প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰয়োগৰ প্রতি মানুহৰ হাবিয়াস বৃদ্ধি হৈছে। নিতে নতুন নতুন আবিষ্কাৰৰ ফলত মানুহে জীৱন নিৰ্বাহৰ বাবে যিবোৰ সুবিধা পাইছে তাৰ ফলত সামাজিক সংগঠনবোৰত পৰিবৰ্তনৰ সূচনা হৈছে৷ সমাজৰ পূৰ্বৰ সংগঠনৰ পৰিৱৰ্তনে নতুন সংগঠনৰো সৃষ্টি কৰিছে।

ওপৰত উল্লেখ কৰা ধৰণে বিভিন্ন দিশত প্ৰযুক্তিবিদ্যাই সমাজত প্রত্যক্ষ আৰু পৰোক্ষ এই দুই ধৰণৰ পৰিবৰ্তনৰ সূচনা কৰিব পাৰি। নতুন যন্ত্ৰপাতিৰ আবিষ্কাৰৰ ফল উৎপাদন ব্যৱস্থাত যি পৰিবৰ্তনৰ সূচনা কৰিব পাৰে তাৰ ফলত নতুন কিছুমান সামাজিক সংগঠন যেনে- মজদুৰ সংঘ, ব্যৱসায়িক সংঘ, প্ৰাথমিক পৰিয়াল, বিভিন্ন লোকৰ সংযোগ ইত্যাদি গঢ় লৈ উঠে। সমাজ সংৰচনাৰ এনেবোৰ দিশত হোৱা পৰিবৰ্তনেই হ’ল প্রত্যক্ষ পৰিবৰ্তন ৷ আনহাতে যান্ত্ৰিকীকৰণৰ ফলত হোৱা বিভিন্ন শ্ৰেণীৰ আৱিৰ্ভাৱ, কামৰ বিশেষীকৰণ, নিবনুৱা সমস্যা, প্রতিযোগিতা আৰু প্রতিদ্বন্দ্বিতাৰ মাত্ৰ বৃদ্ধি, ধৰ্মীয় দিশ আদিত হোৱা পৰিবৰ্তনেই হ’ল প্ৰযুক্তিবিদ্যাৰ ফলত হোৱা পৰোক্ষ সামাজিক পৰিৱৰ্তন।

১১৫। স্বাধীনতাৰ পিছত আৰম্ভ কৰা ভূমি সংস্কাৰবোৰ কি কি?

উত্তৰঃ স্বাধীনতাৰ পিছতহে ভাৰতত আচল ভূমি সংস্কাৰ আৰম্ভ হয়। প্ৰথম অৱস্থাত চৰকাৰে ভূমিৰ মালিকীস্বত্বৰ ক্ষেত্ৰত কৃষকসকলক সুৰক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ পিছতে পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহত ভূমিৰ অধিকাৰী পদ্ধতি আৰু কৃষকসকলৰ অৱস্থাৰ উন্নতিৰ বাবে বহুতো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

এই ব্যবস্থাসমূহ তলত আলোচনা কৰা হল :

১। জমিদাৰী প্রথাৰ বিলুপ্তি সাধন : বিভিন্ন ৰাজ্যত নিজস্ব জনপ্ৰিয় চৰকাৰ গঠন হোৱাৰ লগে লগে জমিদাৰী প্ৰথাৰ বিলুপ্ত সাধন কৰা হয়। জমিদাৰী প্রথাত এজন মধ্যস্থতাকাৰী ব্যক্তি থাকে যিজন কৃষকসকলৰ পৰা বহু টকা আত্মসাৎ কৰে। ভাৰতবৰ্ষৰ কোটি কোটি কৃষক যিসকল সেই মধ্যস্থতাকাৰীৰ তলতীয়া আছিল, বৰ্তমান তেওঁলোকে চৰকাৰৰ লগত প্ৰত্যক্ষ যোগাযোগ কৰিব পৰা হল। জমিদাৰী পথাৰ বন্ধ হোৱাৰ ফলস্বৰূপে বৰ্তমান কৃষকসকলে নিৰ্দ্ধাৰিত পৰিমাণৰ ৰাজহ পৰিশোধ কৰি মাটিৰ গৰাকী হৈ পৰে।

২) ভূমি ৰাজহ আৰু কৃষকসকলৰ ভূমিধাৰী অধিকাৰৰ ক্ষেত্ৰত পৰিৱৰ্তন : জমিদাৰী পদ্ধতি বিলুপ্ত হোৱাৰ লগে লগে কৃষকসকলে ভূমি ৰাজহৰ ক্ষেত্রত যথেষ্ট সকাহ পালে। কিছু কিছু ক্ষেত্ৰত ভূমি ৰাজহ যথেষ্ট হ্রাস কৰি দিয়া হয়। কৃষকসকলে কেবা বছৰৰ মূৰত মাত্ৰ এবাৰ ৰাজহ দিব লাগে যিয়ে তেওঁলোকক বহুত সকাহ দিয়ে। মাটিৰ মালিকীস্বত্বও কৃষকসকলে লাভ কৰিলে।

ভূমিৰ অধিকাৰৰ ফলস্বৰূপে কৃষকসকলে মাটি বিক্ৰী কৰা বন্ধকতা দিয়া আৰু নিজৰ মাটিখিনিৰ উন্নতিৰ বাবে যিকোনো ব্যবস্থা গ্ৰহণ কৰিব পৰা হল।

৩। ভূমিৰ চিলিং আইন : জমিদাৰী ব্যৱস্থা বন্ধ কৰি দিয়াৰ পিছতে কৃষিৰ ভূমিৰ ক্ষেত্ৰত চিলিং আইন আৰোপ কৰা হয়। এই ব্যৱস্থা মতে, এজন ব্যক্তিয়ে এক নিদিষ্ট পৰিমাণৰ মাটিৰহে গৰাকী হব পাৰিব। যিসকল কৃষক মাটি সম্পত্তি নাছিল তেওঁলোকেও মাটি লাভ কৰিলে।

৪। মাটিৰ একত্ৰীকৰণ : একত্ৰীকৰণ প্রক্ৰিয়াৰ জৰিয়তে কৃষকসকলৰ মাটিসমূহ অত তত সিঁচৰিত হৈ থকাৰ পৰিৱৰ্তে একে ঠাইতে লগ লগাই দিয়া হল। ইয়াৰ ফলত বহু সময়ৰ প্রয়োজন হল। এতিয়া কৃষকসকলে কৃষি কৰিবৰ বাবে তেওঁলোকৰ খেতিৰ মাটি বৰ্তমান একেটা অঞ্চলতে কেন্দ্ৰীভূত হৈ আছে।

৫। সমবায়মূলক কৃষি : চৰকাৰৰ বিভিন্ন পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু অন্যান্য কাৰ্যসূচীসমূহে কৃষিৰ উন্নতিৰ কাৰণে সমবায়মূলক কৃষিৰ অন্তৰ্ভুক্ত কৰে। ইয়াৰ বাবে বহুতো সমবায় স্থাপন কৰা হয় আৰু লগতে কিছুমান আঁচনি আৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ ফলস্বৰূপে যিসকল কৃষকৰ মাটি কম আচিন্দ্ৰ তেওঁলোকে আনৰ লগত লগ লাগি কম-খৰচতে উন্নত কৃষি উৎপাদন লাভ কৰিলে।

১১৬। সেউজ বিপ্লৱৰ সামাজিক পৰিণতি ব্যাখ্যা কৰা।

উত্তৰঃ সেউজ বিপ্লৱৰ বাবে ভাৰতবৰ্ষত সামাজিক পৰিৱৰ্তনৰ সূচনা হৈছিল। এই বিপ্লৱৰ বাবে ভাৰতবৰ্ষৰ সমাজৰ সামাজিক ফলাফল কেনেকুৱা দেখা গৈছিল। সেউজ বিপ্লৱে ভাৰতবৰ্ষৰ সমাজৰ খাদ্য শস্যৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন সূচনা কৰিছিল। সেউজ বিপ্লৱৰ ফলত ধনী কৃষকসকলৰ অৱস্থা অধিক উন্নতি হৈছিল আৰু উপান্ত কৃষকৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছিল৷ উন্নত প্ৰযুক্তিবিদ্যা, উন্নত প্ৰজাতিৰ বীজ আৰু সাৰ ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰাৰ সুবিধা দেখি মাটিৰ মালিক সকলে কৃষকৰ পৰা মাটি কড়ি আনি নিজে খেতি কৰিবলৈ লোৱাৰ ফলত এনে ঘটিছিল।সেউজ বিপ্লৱৰ ফলত কৃষি শ্ৰমিক নিয়োগ আৰু মজুৰি বৃদ্ধি পাইছিল যদিও উৎপাদিত শস্যৰ পৰিৱৰ্তে মজুৰি হিচাপে নগদ ধন দিয়াৰ পদ্ধতিয়ে বহুতো কৃষকৰ অৱস্থা শোষনীয় কৰি তুলিছিল। সেইজ বিপ্লৱৰ বাবে যি অর্থনৈতিক অসমতাৰ সৃষ্টি হৈছে এই অসমতাই গ্ৰাম্য সমাজৰ বিশৃংখলতাৰ সৃষ্টি কৰিছে। আনহাতে সেউজ বিপ্লৱে বজাৰভিত্তিক কৃষি পদ্ধতি এটা সৃষ্টি কৰিছিল যিসকল খেতিয়কে পূৰ্বে নিজস্ব প্ৰয়োজনৰ বাবেহে উৎপাদন কৰিছিল তেওঁলোকে বজাৰৰ চাহিদা পূৰণৰ বাবে উৎপাদন আৰম্ভ কৰাত খেতিয়কসকলে আৰ্থিকভাৱে লাভান্বিত হয়। সেউজ বিপ্লৱে আকৌ আঞ্চলিক অসমতা বৃদ্ধি কৰিছিল। ভাৰতৰ দক্ষিণ আৰু পশ্চিমৰ অঞ্চলবিলাক সেউজ বিপ্লৱৰ পৰা বেছি লাভাম্বিত হৈছিল।

ওপৰৰ আলোচনাৰ পৰা দেখা গৈছে যে সেউজ বিপ্লৱৰ পৰিণতি কেৱল ইতিবাচকেই নহয় ই নেতিবাচকো এই বিপ্লৱে সমাজৰ কেতবোৰ দিশত উন্নয়নৰ ভূমিকা গ্ৰহণ কৰে যদি আন আন বহুবোৰ ক্ষেত্রত অৰ্থনৈতিক অসমতাৰ মাত্ৰা বৃদ্ধি কৰি সামাজিক বিশৃংখলতাৰ সৃষ্টি কৰে।

১১৭। গ্ৰাম্য সমাজত গোলকীকৰণ আৰু উদাৰীকৰণৰ প্রভাৱ কি আছিল?

উত্তৰঃ ১৯৮০ চনত গোলকীকৰণ শব্দটো প্রথম উদ্ভাৱন কৰা হৈছিল। গোলকীকৰণ শব্দটোৰ অৰ্থ হল সমগ্ৰ বিশ্বকে এটা গোলকৰ  দৰে এক বুলি ভবা। আধুনিক যুগৰ গোলকীকৰনে অৰ্থনীতি শিক্ষা প্ৰযুক্তি সামাজিক সংস্কৃতিক আদি সকলো ক্ষেত্ৰকেই সামৰি লৈছে। গোলকীকৰণে আমাৰ সমাজত বহুতো উল্লেখযোগ্য পৰিবৰ্তন সাধন কৰিছে।

১। প্ৰযুক্তি বিকাশ : গোলকীকৰণে প্ৰযুক্তিৰ দিশত ভাৰতত উল্লেখযোগ্য পৰিবৰ্তন সাধন কৰিছে। ইণ্টাৰনেটৰ সুবিধাই ভাৰতবৰ্ষৰ লোকসকলক বিভিন্ন দেশৰ জ্ঞান আহৰণ কৰাৰ লগতে চাকৰিৰো সুবিধা প্ৰদান কৰিছে।

২। আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ বিকাশ : এতিয়া ভাৰতৰ সৰু সৰু চহৰবোৰতো আন্তৰাষ্ট্ৰীয় কোম্পানীৰ উৎপাদিত সামগ্ৰী পোৱা যায়। ভাৰতৰ গাঁৱত বসবাস কৰা লোকৰ হাতে হাতে নানা কোম্পানীৰ মোবাইল ফোন দেখা পোৱা যায়। ইয়াৰোপৰি এই কোম্পানিবিলাকে প্ৰতিষ্ঠা কৰা বিক্ৰী প্ৰতিষ্ঠান বোৰত নিবনুয়াসকলে কৰ্ম সংস্থান লাভ কৰা দেখা গৈছে। যিটো গোলকীকৰণৰ এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ।

৩। উৎপাদন বৃদ্ধি : গোলকীকৰণৰ ফল স্বৰূপে বিভিন্ন ধৰণৰ দ্ৰব্য উৎপাদন বৃদ্ধি পালে কাৰণ বহুজাতিক কোম্পানীসমূহ সমগ্র বিশ্বতে কাৰখানা আদি স্থাপন কৰিলে।

৪। নিয়োগৰ সুবিধা : বহুজাতিক কোম্পানীসমূহ স্থাপন হোৱাৰ লগে লগে সেইবোৰত নিয়োগৰ সুবিধা বৃদ্ধি পালে। ফলস্বৰূপে আমাৰ দেশৰ নিবনুৱা সমস্যা বহু পৰিমাণে হ্ৰাস পালে।

৫। বিদেশী মুদ্ৰাৰ মুক্ত প্ৰবাহ : গোলকীকৰণে বিদেশী মুদ্ৰাৰ মুক্ত প্ৰবাহত অৰিহণা যোগায় যিয়ে উন্নয়নশীল দেশ সমূহৰ অৰ্থনীতি অলপ হলেও উন্নত কৰিলে। ইয়ে মূলধন গঠনতো অৰিহণা যোগায়।

এইদৰে গোলকীকৰণে ভাৰতলৈ নতুন প্ৰযুক্তি নতুন উৎপাদন আৰু লগতে নতুন নতুন অৰ্থনৈতিক সুবিধা আনি দিলে। যিয়ে ভাৰতৰ গ্ৰাম্য সমাজৰ বহুতো পৰিবৰ্তনৰ সূচনা কৰিলে। 

১১৮। ভাৰতৰ স্বাধীনতা পিছতে গ্রাম্য সমাজলৈ পৰিৱৰ্তনবোৰ কি কি? ব্যাখ্যা কৰা?

উত্তৰঃ স্বাধীন ভাৰতৰ গ্রাম্য সমাজত বিভিন্ন পৰিৱৰ্তন দেখা গৈছে। ১৯৫০ চনৰ পৰা ১৯৭০ চনলৈকে কৃষিখণ্ডৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ত বহুবোৰ সংস্কাৰ নীতি গ্ৰহণ কৰা হৈছিল৷ জমিদাৰী প্রথাৰ বিলুপ্তি, চিলিং আইন প্ৰয়োগ কৰি ভূমি সংস্কাৰ কাৰ্যকৰী কৰা হৈছিল। ভূমি সংস্কাৰে ভাৰতৰ গ্রাম্য সমাজৰ ভূমি সংৰচনাৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিছিল স্বাধীনতাৰ পিছৰে পৰা পঞ্চবাৰ্ষিক পৰিবল্পনা কাৰ্য্যকৰী কৰা হয় আৰু ই ভাৰতীয় গাঁওবোৰলৈ পৰিৱৰ্তন কঢ়িয়াই আনে।গাঁওবোৰলৈ পথ যোগাযোগ সূচল হোৱাত গাঁওৰ পৰা নগৰমূখী প্ৰৱজন বৃদ্ধি পায়। গোলকীকৰণৰ ফলত মবাইল ফোন আৰু ইন্টাৰনেট সেৱাই এনেদৰে প্রসাৰ লাভ কৰিছে যে ভাৰতৰ এখন অত্যন্ত পিছপৰ৷ গাঁওতে মবাইল আৰু ইন্টাৰনেট সেৱা পাব পৰা হৈছে।

ঔদ্যোগীকৰণৰ ফলত বহুতো গ্রামবাসী বৰ্তমান কৃষিৰ পৰিৱৰ্তে অন্য বৃত্তিত নিয়োজিত হৈছে। সমগ্ৰ ভাৰতবৰ্ষত নগৰ গাঁও নিৰ্বিশেষে একে পাঠ্যক্ৰমৰ প্রচলন, শিক্ষা আৰু স্বাস্থ্যৰ ক্ৰমোন্নতিয়ে গ্রাম্য সমাজ প্রভাৱ পেলাইছে। এনেদৰে ভাৰতীয় গ্রাম সমাজত স্বাধীনতাৰ পিছত চৰকাৰৰ প্ৰচেষ্টাত পৰিৱৰ্তন অহা দেখা গৈছে ৷

১১৯। ভুমি সংস্কাৰ প্রয়োজনীয় কিয়? স্বাধীনতাৰ পিছত ভাৰতীয় কৃষি ব্যৱস্থাত তাৰ প্রভাৱসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ ভূমি সংস্কাৰ হৈছে এনে এক প্রক্ৰিয়া যত ভূ-সম্পত্তিৰ মালিকীস্বত্বৰ ক্ষেত্ৰত থকা আইন নীতি বা পথাৰ পৰিৱৰ্তন কৰা হয় এই সংস্কাৰত চৰকাৰী ভূমিৰ পুনৰ বিতৰণ হয়। সেয়েহে ভূমি সংস্কাৰে ভূমিৰ মালিকীস্বত্ব বেছি শক্তিশালী জনৰ পৰা কম শক্তিশালী জনলৈ স্থানান্তৰ কৰা বুজায়। ভাৰতীয় সমাজ ব্যৱস্থাত মাটিক কেন্দ্ৰ কৰি শ্ৰেণী সংৰচনাৰ সৃষ্টি হৈছিল। বুহ সমাজত দেখা গৈছিল যে অধিক মাটিৰ মালিকসকলে উচ্চ শ্ৰেণীত থকাৰ বিপৰীতে কম পৰিমাণৰ মাটিথকাসকলে তলৰ শ্ৰেণীত স্থিতি লয় আৰু ভূমিহীন লে৷কসকল সমাজৰ নিম্নতম শ্ৰেণীত অন্তর্ভূক্ত হয়। ইয়াৰোপৰি যাৰ হাতত মাটিৰ মালিকীস্বত্ব থাকে সি খেতি নকৰে আৰু যি প্রকৃততে খেতিয়ক তাৰ হাতত কৃষিভূমি নথকাৰ বাব তেওঁলোক শোষিত হবলগীয়া হয়। সেয়েহে ভাৰতত ভূমি সংস্কাৰ আৱশ্যকীয় হৈ পৰে। স্বাধীনতাৰ পিছতহে ভাৰতত আচল ভূমি সংস্কাৰ আৰম্ভ হয়। প্ৰথম অৱস্থাত চৰকাৰে ভূমিৰ মালিকীস্বত্বৰ ক্ষেত্ৰত কৃষকসকলক সুৰক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ পিছতে পঞ্চবাৰ্ষিক পৰিকল্পনা সমূহত ভূমিৰ অধিকাৰী পদ্ধতি আৰু কৃষকসকলৰ অৱস্থান উন্নতিৰ বাবে বহুতো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

এই ব্যৱস্থাসমূহ তলত আলোচনা কৰা৷ হল –

১) জমিদাৰী প্ৰথাৰ বিলুপ্তি সাধন : বিভিন্ন ৰাজ্যত নিজস্ব জনপ্ৰিয় চৰকাৰ গঠন হোৱাৰ লগে লগে জমিদাৰী প্ৰথাৰ বিলুপ্তি সাধন কৰা হয়। জমিদাৰী প্ৰথাত এজন মধ্যস্থতাকাৰী ব্যক্তি থাকে যিজন কৃষকসকলৰ পৰা বহু টকা আত্মসাৎ কৰে। ভাৰতবৰ্ষৰ কোটি কোটি কৃষক যিসকল সেই মধ্যস্থতা কাৰীৰ তলতীয়া আছিল বৰ্তমান তেওঁলোকে চৰকাৰৰ লগত প্রত্যক্ষ যোগাযোগ কৰিব পৰা হল।

২) ভূমি ৰাজহ আৰু কৃষকসকলৰ ভূমিধাৰী অধিকাৰৰ ক্ষেত্ৰত পৰিৱৰ্তন : জমিদাৰী পদ্ধতি বিলুপ্ত হোৱাৰ লগে কৃষক সকলে ভূমি ৰাজহৰ ক্ষেত্ৰত যথেষ্ট সঁকাহ পালে। কিছু কিছু ক্ষেত্ৰত ভূমি যথেষ্ট হ্ৰাস কৰি দিয়া হয়। কৃষকসকলে কেবা বছৰৰ মূৰত মাত্র এবাৰ ৰাজহ দিব লাগে যিয়ে তেওঁলোকক বহুত সঁকাহ দিয়ে। মাটিৰ মালিকীস্বত্বও কৃষকসকল লাভ কৰিলে।

ভূমিৰ অধিকাৰৰ ফলস্বৰূপে কৃষকসকলে মাটি বিক্ৰী কৰা বন্ধকতা দিয়া আৰু নিজৰ মাটিখিনিৰ উন্নতিৰ বাবে, যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা হল। 

৩) ভূমিৰ চিলিং আইন : জমিদাৰী ব্যৱস্থা বন্ধ কৰি দিয়াৰ পিছতে কৃষিৰ ভূমিৰ ক্ষেত্ৰত চিলিং আইন আৰোপ কৰা হয়। এই  ব্যৱস্থা মতে, এজন ব্যক্তিয়ে এক নিৰ্দিষ্ট পৰিমাণৰ মাটিৰহে গৰাকী হব পাৰিব। যিসকল কৃষকৰ মাটি সম্পত্তি নাছিল তেওঁলোকেও মাটি লাভ কৰিলে। 

৪) মাটিৰ একত্ৰীকৰণ : একত্ৰীকৰণ প্রক্ৰিয়াৰ জৰিয়তে কৃষকসকলে মাটি সমূহ অত তত সিঁচৰিত হৈ থকাৰ পৰিবৰ্তে একে  ঠাইতে লগ লগাই দিয়া হ’’ল। ইয়াৰ ফলত বহুসময়ৰ প্রয়োজন হল। এতিয়া কৃষকসকলে কৃষি কৰিবৰ বাবে তেওঁলোকৰ খেতিৰ মাটি বৰ্তমান একেটা অঞ্চলতে কেন্দ্ৰীভূত হৈ আছে। 

৫) সমবায়মূলক কৃষি : চৰকাৰৰ বিভিন্ন পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু অন্যান্য কাৰ্যসূচী সমূহে কৃষিৰ উন্নতিৰ কাৰণে সমবায় মূলক কৃষিৰ অন্তৰ্ভুক্ত কৰে । ইয়াৰ বাবে বহুতো সমবায় স্থাপন কৰা হয় আৰু লগতে কিছুমান আঁচনি আৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ ফলস্বৰূপে যিসকল কৃষকৰ মাটি কম আছিল তেওঁলোক আনৰ লগত লগ লাগি কম খৰচতে উন্নত কৃষি উৎপাদন লাভ কৰিলে।

১২০। প্ৰব্ৰজন আৰু জীৱিকাৰ নিৰাপত্তাহীনতাই প্রবজনকাৰী শ্ৰমিক সকলৰ কাম কৰাৰ আৰু জীৱন ধাৰণৰ অৱস্থা বেয়া কৰিছে। ভাৰতত শ্ৰমিকৰ প্ৰবাহৰ প্ৰসংগত ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতত সেউজ বিপ্লৱ হোৱা পিছত কৃষি শ্ৰমিকৰ প্ৰবজন বৃদ্ধি পায়। প্রৱজনকাৰী শ্ৰমিকসকল প্রধানত কম উৎপাদন হোৱা অঞ্চলৰ পৰা পাঞ্জাৱ আৰু হাৰিয়ানাৰ দৰে অধিক উৎপাদন হোৱা কৃষি পথাৰবোৰত কাম কৰিবলৈ আহে। আজিকালি বিভিন্ন মহানগৰৰ ইটা এটা আৰু গৃহ নিৰ্মান উদ্যোগত কাম শ্রমিকৰ ওপৰত উপযুক্ত মজুৰি দিয়া নহয়। আঁতৰৰ পৰা প্রৱজিত শ্রমিকসকলক কম মজুৰিতে কামত খুৱাব পাৰে বাবে ধনী কৃষকসকলে স্থানীয় শ্ৰমিকতকৈ প্রৱজনকাৰী শ্রমিকক কামত নিয়োগ কৰে। প্রকৃততে বহু দূৰৰ পৰা কৰ্মৰ সন্ধানত অহা এই শ্ৰমিকসকলে কাম নাপালে জীয়াই থকাৰ সুবিধা নোপোৱাৰ বাবেই নূন্যতম মজুৰিতে কাম চৰিবলৈ বাধ্য হয়। ইয়াৰ ফলত এনে শ্রমিকৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নগামী হয়।

১২১। কৃষি আৰু সংস্কৃতিৰ মাজত এটা নিবিড় সম্পর্ক আছে ব্যাখ্যা কৰা।

উত্তৰঃ প্রকৃততে সংস্কৃতি শব্দটোৰ উৎপত্তিৰ লগত কৃষিৰ সম্পৰ্ক আছে। সং স্কৃতি বুলি কলে সাধাৰণতে এটা সমূহৰ সামগ্ৰিকভাৱে জীৱন ধাৰণ পদ্ধতিক বুজায়। যাৰ লগত আচাৰ ব্যৱহাৰ, গীত, মাত নৃত্য খাদ্য প্রণালী, সাজপোছাককে আদি কৰি দিশ জড়িত হৈ থাকে। ভাৰতৰ গ্রাম্যাঞ্চলৰ মানুহৰ বাবে মাটিয়েই উৎপাদনৰ আহিলা যাৰ লগত সংপৃক্ত হৈ আছে গ্ৰামঞ্চলৰ সমাজ জীৱন। সেয়েহে দেখা যায় যে  ভাৰতৰ বহু অঞ্চলৰ উৎসৱ কৃষিৰ লগত জড়িত। অসমৰ মিচিংসকলৰ  উৎসৱ আলি আয়ে লৃগাং কৃষিৰ লগত জড়িত। এনেদৰে অসমৰ বিহু আৰু নৱবৰ্ষ পঞ্জাৱৰ বৈশাগী , তামিলনাডুৰ পঙ্গল, কৰ্ণাটকৰ উগাদী উৎসৱৰ ওপৰত উৎসৱৰ পয়োভাৰ নিৰ্ভৰ কৰে। কৃষিজাত দ্ৰব্যৰ উপস্থিতি তথা এনে উৎসৱৰ লগত সংগতি ৰাখি যিবিলাক গীত মাত পৰিৱেশন কৰা হয় তাতো কৃষিৰ গোন্ধ পোৱা যায়। এনেদৰে কৃষি আৰু সংস্কৃতিৰ মাজৰ ওপৰ সম্পৰ্ক থকা দেখা যয়।

১২২। ভাৰতৰ শ্রমিক সংঘসমূহৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা আৰু ভাৰতীয় উদ্যোগৰ যিকোনো এটা দীঘলীয়া ধৰ্মঘটৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ ভাৰতবৰ্ষত আৰম্ভ হোৱা শ্রমিক আন্দোলনসমূহে অতি সোনকালে বৈপ্লৱিক নীতি গ্ৰহণ কৰে। ১৯২৮ চনৰ পিছৰ পৰাহে ভাৰতত প্ৰতিবাদী আন্দোলনৰ সূচনা হয়। ইয়াৰ পিছৰ পৰাই ভাৰতত সকলোবোৰ আন্দোলন সংঘটিত হয়। এনেধৰণৰ প্রথমটো আন্দোলন  আৰম্ভ হৈছিল বন্বেত। এই আন্দোলনত ১২০,০০০ কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। যিসকলৰ বেছিভাগেই আছিল বস্ত্ৰ উদ্যোগৰ শ্ৰমিক। এই আন্দোলনত প্রায় ২০০ শ্রমিকক সেনাৰ দ্বাৰা গুলীয়াই হত্যা কৰাইছিল। একেদৰে অন্য এটা আন্দোলন আৰম্ভ হৈছিল ৩ বছৰৰ পিছত। ইয়াতো বহু শ্রমিকক হত্যা কৰা হৈছিল। ভাৰতত শ্রমিক আন্দোলনসমূহ কাৰণ নিৰ্ণয় কৰে। এই কমিচনৰ প্রতিবেদন প্রকাশ পায় ১৯২০ চনৰ জুলাই মাহৰ পৰা ১৯২১ চনৰ মাৰ্চ মাহলৈকে। বেংগলত বিভিন্ন উদ্যোগত মুঠ ১৩৭টা প্ৰতিবাদী আন্দোলন সংঘটিত হৈছিল। বম্বেত ১৯২১ চনৰ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত ৩৩ টা আন্দোলন সংঘটিত হৈছিল। ইয়াত অংশগ্ৰহণ কৰিছিল ২৪০,০০০ শ্ৰমিকে আৰু  লোকচান হৈছিল ৫০০,০০০ দিনৰ কাম। একে বছৰৰে মাজভাগত মাদ্ৰাছত সংঘটিত হোৱা আন্দোলনত ২০,০০০ শ্ৰমিকে অংশগ্ৰহণ কৰিছিল। চৰকাৰে পুঁজিবাদীসকলৰ সহায়ত শ্ৰমিসকলক বসিভূত কৰিবলৈ প্ৰতিবাদীসকলক কাৰাগাৰত বন্ধী কৰা, তেওঁলোকৰ দাবীত অটল থাকিল। শেষত এই আন্দোলন বুজাবুজিৰ মাজেৰে সমাপ্তি হৈছিল।

ভাৰতৰ উদ্যোগিক ধৰ্মঘটটো সংগঠিত হৈছিল ১৯৮২ চনত। প্ৰায় সপ্ত লাখ শ্রমিক প্রভাৱিত হোৱা এই ধৰ্মঘট প্রায় দুটা বছৰ ধৰি চলিছিল। প্রকৃততে বস্বে বস্ত্ৰ উদ্যোগৰ শ্ৰমিকসকলে বেছি পাৰিশ্রমিকৰ দাবী কৰাৰ উপৰি নিজাকৈ শ্রমিক সংঘ গঠন কৰিব বিচাৰিছিল। কিন্তু বন্বে উদ্যোগিক আইনৰ দ্বাৰা এই সংঘ অনুমোদিত হব লাগিব আৰু এই অনুমোদন পাবলৈ হলে কোনে৷ কাৰণতে ধৰ্মঘট কৰিব নোৱাৰিব। চৰকাৰে শ্রমিকসকলৰ দাবী অগ্রাহ্য কৰাত শ্রমিকসকলৰ মনোবল ভাগি গৈছিল। শ্ৰমিকসকলৰ আৰ্থিক অৱস্থা ইমানেই বেয়া হৈ গৈছিল। যে বহুতো শ্ৰমিকে ঘৰৰ লাঘ লাকটু সমূহো বিক্ৰী কৰিবলগীয়া হৈছিল। শেষত বহুতো শ্রমিকে আগৰ কলকাৰখানাবিলাকৰ কামত যোগ দিছিল। প্ৰায় এক লাখ শ্রমিকে কাম হেৰাই নিজ নিজ গাঁওলৈ উভতি গৈছিল। ভাৰতীয় সবাতোকৈ দীৰ্ঘদিনীয়া ধৰ্মঘটটো শ্রমিকৰ বাবে কোনো সুফল নোহোৱাকৈয়ে সমাপ্ত হৈছিল। কংগ্ৰেছ নেতৃত্বাধীন ৰাষ্ট্ৰীয় মিল মজদুৰ সংঘই বাহিৰৰ পৰা শ্রমিক আনি এই ধৰ্মঘট বিফল কৰাত আগভাগলৈছিল।

১২৩। ঔদ্যোগিকৰণৰ পৰিণতিৰ তালিকা দিয়া।

উত্তৰঃ উৎপাদন কাৰ্যত মানৱীয় শক্তিৰ পৰিৱৰ্তে যান্ত্ৰিক শক্তি ব্যৱহাৰ কৰাকেই ঔদ্যোগিকৰণে সামাজিক ব্যৱস্থাটোক এক আমূল পৰিৱৰ্তন সাধন কৰে৷  ঔদ্যোগিকৰণৰ ফলাফলৰ দুটা ভাগত ভাগ কৰিব পাৰি – সুফল আৰু কুফল।

ঔদ্যোগিকৰণৰ সুফল-

১) উদ্যোগিকৰণে ভাৰতীয় জাতিব্যৱস্থাৰ প্রভাৱ হ্রাস কৰে।

২) ঔদ্যোগিকৰণে নগৰীকৰণ প্রক্ৰিয়া তৰাদ্বিত কৰিলে।

৩) ঔদ্যেকিৰণৰ ফলত ভিন ভিন বৃত্তিৰ সৃষ্টি হল আৰু ব্যক্তিয়ে জাতিগত বৃত্তি এৰি নিজৰ ইচ্ছামতে যিকোনো বৃত্তিকে গ্ৰহণ কৰিব পৰা হল।

৪) ঔদ্যোগীকৰণে ভাৰতীয় অর্থনীতিক টনকীয়াল কৰিছে।

ঔদ্যোগিকৰণৰ কুফল-

১) গাঁওৰ পৰ| নগৰলৈ শ্ৰমিকৰ প্ৰব্ৰজনৰ ফলত নগৰৰ লতেৰা পৰিবেশৰ সৃষ্টি কৰে।

২) ঔদ্যোগিক প্রতিষ্ঠানবোৰত যন্তৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ লগে লগে শ্রমিকৰ প্রয়োজনীয়ত কমি গল যাৰ ফলত শ্ৰমিক নিবনুৱাৰ সংখ্যা বৃদ্ধি পালে। 

৩) ঔদ্যোগিকৰণৰ ফলত সৰল কৃষি ভিত্তিক গ্রাম্য সমাজৰ পৰিৱৰ্তে জটিল ঔদ্যোগিক সমাজ ব্যৱস্থাৰ জন্ম হল। 

৪) ঔদ্যোগিক সমাজত অপৰাধ কিশোৰ অপৰাধ, পৰিয়াল বিঘটন, বিবাহ বিচ্ছেদ আদি সামাজিক সমস্যা বৃদ্ধি হয়। 

১২৪। যন্ত্ৰপাতিয়ে শ্ৰমিক সকলৰ বাবে কিদৰে সমস্যা সৃষ্টি কৰিছে? গান্ধীৰ মনত খেলুৱা ইয়াৰ বিকল্পটো কি আছিল?

উত্তৰঃ যন্ত্ৰপাতিৰে অত্যাধিক ব্যৱহাৰ শ্রমিকসকলক সমস্যাৰ সৃষ্টি কৰিছে। বস্তু ঔদ্যোগত মেচিন ব্যৱহাৰ হোৱাৰ ফলত শ্ৰমিক সকলেও মেচিনৰ দৰে ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। চকু ডিঙি হাত ভৰি প্ৰত্যেকটো অংগই ঘূৰাই থাকিবলগা হয়। কাপোৰ বৈ থকা কামটো পূৰ্ণগতিত চলি থকাৰ সময়ত এজন কৰ্মচাৰী কেতিয়াও আন ঠাইলৈ যাব নোৱাৰে। এনেদৰে মেচিনে মানুহকো মেচিনৰ দৰে হোৱাটো দাবী কৰে। 

ইয়াৰোপৰি অত্যাধিক মেচিনৰ ব্যৱহাৰ শ্ৰমৰ অত্যাধিক বিশেষীকৰণ কৰে আৰু শ্রম বিভাজন দাবী কৰে। ইয়াৰ ফলত এজনে তেওঁ উৎপাদন কৰ| বস্তুটোৰ কোনোৱা এটা ক্ষুদ্ৰ অংশহে উৎপাদন কৰিবলগীয়া হয় আৰু এনেদৰে উৎপাদনৰ আনন্দৰ পৰা বঞ্চিত হব লগীয়৷ হয়। এনেকৈয়ে শ্রমিকক শ্ৰমৰ আনন্দৰ পৰাও অপসাৰন কৰ হয়।

গান্ধীজীয়ে অত্যাধিক যন্ত্ৰৰ ব্যৱহাৰ নিবনুৱা সমস্যা বৃদ্ধি কৰিব বুলি শংকা প্রকাশ কৰিছিল। যন্ত্ৰৰ ব্যৱহাৰ কৰি হাজাৰ হাজাৰ শ্রমিকক শ্ৰমহীন কৰি ভোকাতুৰ কৰি ৰখাটোৰ তেওঁ বিৰোধ কৰিছিল। সেয়েহে তেও কুটীৰ শিল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে কুটীৰ শিল্পই নিয়োগহীনতাৰ সমাধান কৰিব।

১২৫। ১৯৮২ চনৰ বস্ত্র উদ্যোগৰ ধৰ্মঘটৰ সৈতে জড়িত সকলৰ ভিন ভিন দৃষ্টিভংগীৰ পাৰ ধৰ্মণটটো সম্পৰ্কে ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত আৰম্ভ হোৱা শ্রমিক আন্দোলনসমূহে অতি সোনকালে বৈপ্লৱিক নীতি গ্রহণ কৰে। ১৯৮২ চনৰ পিছৰ পৰাহে ভাৰতত প্ৰতিবাদী আন্দোলনৰ সূচনা হয়। ইয়াৰ পিছৰপৰাই ভাৰতত সকলোবোৰ আন্দোলন সংঘটিত হয়। এনেধৰণৰ প্ৰথমটো আন্দোলন আৰম্ভ হৈছিল বন্বেত। এই আন্দোলনত ১২০,০০ কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। যিসকলৰ বেছিভাগেই আছিল বস্ত্ৰ উদ্যোগৰ শ্রমিক। এই আন্দোলনত প্রায় ২০০ শ্রমিকক সেনাৰ দ্বাৰা গুনীয়াই হত্যা কৰা হৈছিল। একেদৰে অন্য এটা আন্দোলন আৰম্ভ হৈছিল ৩ বছৰৰ পিছত। ইয়াতো বহু শ্রমিকক হত্যা কৰা হৈছিল। ভাৰতত শমিকৰ আন্দোলনসমূহৰ কাৰণ নিৰ্ণয় কৰিবৰ বাবে চৰকাৰে এখন্ত কমিচন নিয়োগ কৰে। এই কমিচনৰ প্ৰতিবেদন প্রকাশ পায় ১৯২০ চনৰ জুলাই মাহৰ পৰা ১৯২১ চনৰ মাৰ্চ মাহলৈকে। বেংগলত বিভিন্ন উদ্যোগত মুঠ ১৩৭ টা প্রতিবাদী আন্দোলন সংঘটিত হৈছিল।

বন্বেত ১৯২১ চণৰ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত ৩৩ টা আন্দোলন সংঘটিত হৈছিল। ইয়াত অংশগ্ৰহণ কৰিছিল ২৪০,০০০ শ্ৰমিকে আৰু লোকচান হৈছিল ৫০০,০০০ দিনৰ কাম। একে বছৰৰে মাজভাগত মাদ্ৰাজত সংঘটিত হোৱা আন্দোলনত ২০,০০০শ্ৰমিকে অংশগ্রহণ কৰিছিল। চৰকাৰে পুঁজিবাদীসকলৰ সহায়ত শ্ৰমিকসকলক বশিভূত কৰিবলৈ প্রতিবাদী সকলক কাৰাগাৰত বন্দী আদি বিভিন্ন কাৰ্য কৰিলে। কিন্তু শ্ৰমিকসকলক তেওঁলোকৰ দাবীত অটল থাকিল। শেষত এই আন্দোলন বুজাবুজিৰ মাজেৰে সমাপ্তি হৈছিল।

ভাৰতৰ উদ্যোগিক ধৰ্মঘটটো সংঘটিত হৈছিল ১৯৮২ চনত। প্ৰায় সপ্ত লাখ শ্ৰমিক প্রভাৱিত হোৱা এই ধৰ্মঘট প্রায় দুটা বছৰ ধৰি ঠলিছিল। প্ৰকৃততে বম্বে বস্তু উদ্যোগৰ শ্রমিক সকলে বেছি পাৰিশ্ৰমিকৰ দাবী কৰাৰ উপৰি নিজাকৈ শ্ৰমিক সংঘ গঠন কৰিব বিচাৰিছিল। কিন্তু বম্বে উদ্যোগীক আইনৰ দ্বাৰ৷ এই সংঘ অনুমোদিত হব লাগিব আৰু  এই অনুমোদন পাবলৈ হলে কোনো কাৰণতে ধৰ্মঘট কৰিব নোৱাৰিব। চৰকাৰে শ্ৰমিকসকলৰ দাবী অগ্ৰাহ্য কৰাত শ্ৰমিকসকলৰ মনোবল ভাগি গৈছিল। শ্রমিক সকলৰ আৰ্থিক অৱস্থা ইমানেই বেয়৷ হৈ গৈছিল ৷ যে বহুতো শ্ৰমিকে ঘৰৰ লাম লাকটু সমূহে বিক্ৰী কৰিবলগীয়৷ হৈছিল। শেষত বহুতে৷ শ্রমিকে আগৰ কলকাৰখানাবিলাকৰ কামত যোগ দিছিল। প্রায় এক লাখ শ্রমিকে কাম হেৰুৱাই নিজ নিজ গাঁওলৈ উভতি গৈছিল। ভাৰতীয় সবাতোকৈ দীৰ্ঘদিনীয়া ধৰ্মঘটটো শ্রমিকৰ বাবে কোনো সুফল নোহোৱাকৈয়ে সমাপ্ত হৈছিল। কংগ্ৰেছ নেতৃত্বাধীন ৰাষ্ট্ৰীয় মিল মজদুৰ সংঘই বাহিৰৰ পৰা শ্রমিক আনি এই ধৰ্মঘট বিফল কৰাত আগভাগ লৈছিল। 

১২৬। ভাৰতত স্বজনতা সংগঠন সম্পৰ্কে চলোৱা কাৰ্ভেৰ অধ্যয়নৰ বিষয়ে এটি আলোচনা কৰা?

উত্তৰঃ ইৰাৱতী কাৰ্ভে (১৯৫৩)ই ভাৰতৰ চাৰিটা প্রধান সাংস্কৃতিক মণ্ডলৰ স্বজনতা সংগঠনৰ এক তুলনামূলক  বিশ্লেষণ কৰিছিল। কাৰ্ভেৰ অধ্যয়নৰ লক্ষ্য আছিল সামাজিক আচৰণৰ এক আঞ্চলিক বিন্যাসৰ দৰে কিছুমান বৈশিষ্ট্য অধ্যয়নৰ লক্ষ্য আছিল সামাজিক আচৰণৰ এক আঞ্চলিক বিন্যাসৰ দৰে কিছুমান বৈশিষ্ট্য পোহৰলৈ অনা। একোটা অঞ্চলে বিভিন্ন ধৰণৰ স্থানীয় বিন্যাস প্ৰদৰ্শন কৰিব পাৰে। পদানুক্ৰুম, জাতিভিত্তিক বিচ্ছিন্নতা আৰু পৃথকীকৰণৰ বাবে বিভিন্ন জাতিৰ আচৰণ বিন্যাসৰ মাজত তাৰতম্য থাকে। কাৰ্ভেই স্বজনতাৰ পৃষ্ঠভূমিত সংস্কৃতি সংক্ৰমণ (acculturation) আৰু সামাজিক সংগতকৰণ (accomodation) প্ৰক্ৰিয়াটো বিশ্লেষণ কৰিছিল। অধ্যয়নৰ বাবে তেওঁ নৃগোষ্ঠীয় উৎস, নিৰীক্ষণ, লোক-সাহিত্য আৰু সংস্কৃত গ্ৰন্থৰ আধাৰত ৩০০০ বছৰ ব্যপ্তি এক ঐতিহাসিক দৃষ্টিভংগী গ্ৰহণ কৰিছিল।

কাৰ্ভেৰ তুলনামূলক অধ্যয়নে তলৰ কথাবোৰ বিবেচনা কৰি চাইছিল :

১। ভাৰতীয় ভাষাবোৰত স্বজনতা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ/অভিধাবোৰৰ তালিকা।

২। তেনে শব্দ/অভিধানবোৰৰ ভাষিক পটভূমি আৰু সেইবোৰৰ সৈতে সামঞ্জস্য থকা আচৰণ আৰু মনোভাৱ।

৩। উত্তৰ পুৰুষ আৰু সম্পত্তিৰ উত্তৰাধিকাৰী নিৰ্ণয় কৰাৰ নিয়ম।

৪। বিবাহ আৰু পৰিয়ালৰ আৰ্হি তথা ৷

৫। সাংস্কৃতিক উত্তৰ আৰু দ্ৰাবিড়ীয় দক্ষিণৰ মাজৰ প্রভেদ।

কাৰ্ভেই ভাৰতৰ স্বজনতাৰ বিন্যাস বুজাৰ গুৰুত্বপূৰ্ণ আধাৰ ৰূপে ভাষিক অঞ্চলবোৰৰ সংৰচনা, জাতিৰ অনুষ্ঠান আৰু পৰিয়াল সংগঠনক চিনাক্ত কৰিছিল। তেওঁ ভাৰতক ভাষিক, জাতিভিত্তিক আৰু পৰিয়াল সংগঠনৰ আধাৰত উত্তৰ, মধ্য, দক্ষিণ আৰু পূব মণ্ডলত বিভক্ত কৰিছিল। স্বজনতা সংগঠনে মোটামুটিভাৱে ভাষিক বিন্যাস অনুসৰণ কৰে বুলি ক’ব পাৰি। কিন্তু কিছুমান ক্ষেত্ৰত ভাষা আৰু স্বজনতাৰ মিল নাথাকে। যেনে, মহাৰাষ্টত দ্ৰাবিড়ীয় প্রভাৱ আছে আৰু সাংস্কৃতিক ভাষা কোৱ| উত্তৰ মণ্ডলৰ চুবুৰীয়াক দ্ৰাবিড়ীয় স্বজনত৷ ব্যৱস্থাৰ মাজত দেখা পোৱা যায় ইত্যাদি ইত্যাদি। 

ভিন্নতা থক| সত্বেও ওপৰত উল্লেখ কৰা কাৰককেইটাৰ পৰা বাহিৰ কৰা  উমৈহতীয়৷ কথা দুটা হ’ল :

(ক) বিবাদ সদায় একেটা জাতি (Caste) নাইবা জনজাতি (Tribe)ৰ ভিতৰতে সম্পন্ন হয়। আৰু 

(খ) পিতৃ অথবা মাতৃৰ সৈতে সন্তানৰ তথা সহোদৰ শ্ৰাতৃ-ভগ্নীৰ মাজত বিবাহ নিষিদ্ধ।

উত্তৰ ভাৰতত স্বজনতা : উত্তৰ ভাৰতত (১) তেজৰ সম্পৰ্ক বুজোৱা অভিধ৷ (terms) আৰু (২) বৈবাহিক সম্পৰ্ক বুজোৱা অভিধ৷ আছে। তাৎক্ষনিকভাৱে সম্বন্ধেৰে বান্ধ খাই থকা তিনিটা প্রজন্মৰ ক্ষেত্রত ব্যৱহৃত অভিধানবোৰ হ’ল মুখ্য অভিধা ৷ এটা প্ৰজন্মৰ বাবে ব্যৱহৃত অভিধাবোৰ অন্য প্ৰজন্মৰ সৈতে বিনিময় কৰিব পৰ নাযায়। আন সকলোবোৰ অভিধা মুখ্য অভিধাবোৰৰ পৰা উলিয়াই লোৱা হয়। 

উত্তৰ মণ্ডলৰ ভিতৰত সিদ্ধি, পঞ্জাবী, হিন্দী (আৰু পাহাৰী) তথা বিহাৰীসকলক সামৰি লোৱা হয়। এই অঞ্চলবোৰত সবৰ্ণ বিবাহ, অহবৰ্ণ বিবাহৰ ৰীতি আৰু নিকট আত্মীয়ৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ প্ৰতিষিদ্ধতাক কঠোৰভাৱে মানি চলা হয়। 

‘চাচন নীতি’ (the rule of sasan) হ’ল সকলো বৈবাহিক সম্পৰ্কৰ ক্ষেত্রত প্ৰযোজ্য নীতি। এই নীতি অনুসৰি ব্যক্তিয়ে নিজৰ পিতৃৰ ফালৰ পৰিয়ালত বিয়া কৰাব নোৱাৰে, সপিণ্ড স্বজনক বিয়া কৰোৱাৰ পৰা। বিৰত থাকিব লাগে ইত্যাদি। প্রাচীন ব্ৰাহ্মণ্য অৰ্থত‘গোত্ৰ’ মানে হ’ল  অসবৰ্ণ গোট। কেতিয়াবা জাতি (caste ) এটাকো সবৰ্ণ গোত্ৰ নাইবা ‘অসবৰ্ণ গোত্ৰত ভাগ কৰা হয়। ইয়াৰ উপৰি এটা জাতিক এনে কিছুমান গোত্ৰতো ভগোৱা হ’ব পাৰে যিবোৰে বিবাহ সম্পৰ্কীয় নীতি-নিৰ্দেশনাত কোনোধৰণে ভাগ নলয়।

উত্তৰ মণ্ডলত গাওঁ ভিত্তিক অসবৰ্ণ বিবাহৰ (Village exogamy) প্ৰচলন আছে।

অৰ্থাৎ, উত্তৰ ভাৰতত আমি স্বজনতাৰ অতি কমেও চাৰিটা বৈশিষ্টা দেখিবলৈ পাওঁ :

(ক) নিৰ্দিষ্ট ভূখণ্ড কেন্দ্ৰিক স্বজনতা।

(খ) বংশভিত্তিক স্বজনতা।

(গ) নিকট আত্মীয়ৰ সৈতে যৌন সম্পৰ্ক স্থাপন এক প্ৰতিযিদ্ধ কাৰ্য। আৰু

(ঘ) স্থানীয় অসবৰ্ণ বিবাহ।

জাতিৰ প্রস্থিতি বিবেচনাই সববৰ্ণ বিবাহৰ ক্ষেত্ৰখন সংকীৰ্ণ কৰি তোলে। বিবাহত থকা বাধা-নিষেধবোৰে স্বজনতা আৰু, স্থান দুয়োটা দিশেৰে বহল ক্ষেত্রত বিবাহ সম্পন্ন হোৱাত বাধা দিয়ে। বৈবাহিক সম্পৰ্ক স্থাপনৰ সময়ত সগোত্ৰভিত্তিক বাধা-নিষেধ আৰু স্থানীয় সবৰ্ণ বিবাহ ৰীতি কঠোৰভাৱে মানি চলা হয়।

উত্তৰ মণ্ডলত চতুৰ্গোত্ৰ (চাচন) নীতি মানি চলা হয়। অৰ্থাৎ, পিতৃ, মাতৃ, পিতামহী আৰু মাতামহীৰ গোত্ৰৰ সৈতে বিবাহ এৰাই চলিব লাগে। অৱশ্যে উত্তৰ ভাৰতৰ ব্ৰাহ্মণ আৰু উচ্চ জাতিৰ লো৷কসকলেহে সাধাৰণতে এই ৰীতি মানি চলে। মধ্যৱতী জাতি কিছুম৷নে আৰু নিম্ন জাতিৰ অধিকাংশই দ্বি-গোত্রৰ ৰীতি মানি চলে। অৰ্থাৎ, পিতৃ আৰু মাতৃৰ গোত্ৰৰ সৈতে বিবাহ এৰাই চলে। 

মধ্য ভাৰতত স্বজনতা : মধ্য ভাৰতত সামৰি লোৱ৷ ভাষিক অঞ্চলকেইট৷ হ’ল ৰাজস্থান, মধ্যপ্রদেশ (এতিয়া ছট্ৰিচগড়কো ধৰা হয়), গুজৰাট তথা কাথিয়ায়াড়, মহাৰাষ্ট আৰু ওড়িষ৷। এই অঞ্চলবোৰত প্রচলিত ভাষাবোৰ হ’ল ৰাজস্থানী, হিন্দী, গুজৰাটী তথা কাথিয়াৱাড়ী, মাৰাঠী আৰু ওড়িয়া ৷ এই আটাইবোৰ ভাষাৰে মূল হ’ল সংস্কৃতি। সেয়েহে এই অঞ্চলকেইটাৰ উত্তৰ মণ্ডলৰ সৈতে ঘনিষ্ঠত৷ আছে। কিন্তু মধ্য মণ্ডলত দ্ৰাবিড়ীয় ভাষাৰ প্ৰচলন থকা অঞ্চলো আছে। আনহাতে, কোনো কোনো অঞ্চলত পূব মণ্ডলৰ প্রভাৱ পৰিলক্ষিত হয়। জনজাতিসকলৰ নিজস্ব ভাষা আৰু পৰিস্থিতি আছে যিবোৰ অঞ্চলৰ অন্য লোকৰ তুলনাত পৃথক।

কেন্দ্ৰীয় মণ্ডলৰ বৈশিষ্ট্য তিনিটা হ’ল : (ক) সংকৰ-সম্পৰ্কীয় ভাই-ভনী (cross cousins )ৰ মাজত বিবাহ হ’ব পাৰে। এই ৰীতি উত্তৰ মণ্ডলত দেখা নাযায়। সংকৰ সম্পৰ্কীয় ভাই-ভনী বিপৰীত লিংগৰ ভাই-ভনীৰ ল’ৰা-ছোৱালী । সমান্তৰাল সম্পৰ্কীয় ভাই-ভনী (parallel cousins) হ’ল একে লিংগৰ ভাই-ভনীৰ সন্তান।

(খ) উত্তৰ মণ্ডলৰ দৰে মধ্য মণ্ডলৰে৷ বহু জাতিক অসবৰ্ণ গোষ্ঠীত ভগোৱা হয়।

(গ) কিছুমান জাতিত এক অতিবৰ্ণ পদানুক্ৰম (hypergamous hierarchy)ত অসববৰ্ণ গোষ্ঠীবোৰ সজাই লোৱা থাকে।

মন কৰিবলগীয়া কথাটো হ’ল ওপৰত উল্লেখ কৰা বৈশিষ্ট্যবোৰ মণ্ডলটোৰ সকলো অঞ্চলতে একেৰূপতে পালন কৰা নহয়। যেনে, জাটসকলে দ্বি-গোত্ৰৰ অসবৰ্ণ বিবাহ আৰু গাঁওভিত্তিক অসবৰ্ণ বিবাহ ৰীতি মানি চলে; বণিয়াসকলে চতুৰ্গোত্ৰ নীতি মানি চলে; ৰাজপুতসকলৰ অতিবৰ্ণ গোষ্ঠী আছে আৰু বৈবাহিক সম্পৰ্ক স্থাপনৰ সময়ত সামন্ত প্ৰথা অনুসৰি নিৰ্ধাৰিত সামাজিক প্রস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

ৰাজপুতসকল সমগোত্ৰীয় জাতি নহয়। তেওঁলোকে উত্তৰ পুৰুষৰ বিশুদ্ধ ৰূপ আৰু আভিজাত্যক যথেষ্ট গুৰুত্ব দিয়ে। এজন আদর্শ ব্যক্তি আৰু আদৰ্শ শাসকৰ গুণ থকাটো হ’ল প্রধান বিচার্য বিষয়। তেওঁলোকৰ মাজত প্রতীকি বিবাহ (তৰোৱালৰ সৈতে বিবাহ)ৰ বহুল প্রচলন আছিল। বৈবাহিক সম্পৰ্ক স্থাপনৰ সময়ত ল’ৰা-ছোৱালী উভয় পক্ষৰে মাতৃ দুগৰাকীৰ সামাজিক প্ৰস্থিতিও বিচাৰ কৰি চোৱা হয়।

কাথিয়াৱাড় আৰু গুজৰাটত প্রচলিত স্বজনতাৰ ৰীতি হ’ল বিশেষ থলুৱা পৰম্পৰা আৰু উত্তৰ মণ্ডলত চলা অনুশীলনবোৰৰ এক মিশ্ৰণ। কিছুমান জাতিয়ে সংকৰ-সম্পৰ্কীয় ভাই-ভনীৰ বিবাহক মান্যতা প্রদান কৰে, কিছুমান জাতিয়ে বছৰত এবাৰ বিয়াৰ আয়োজন কৰাৰ অনুমতি দিয়ে, কিছুমান জাতিয়ে প্ৰতি চাৰি, পাঁচ, ন অথব৷ বাৰ বছৰৰ মূৰে মূৰে বিয়াৰ আয়োজন কৰাৰ অনুমতি দিয়ে। বিয়াৰ বছৰ অহাৰ লগে লগে গাৱে গাঁৱে ঘোষণা কৰি দিয়া হয়। তেতিয়া বিয়া পতাৰ দৌৰা-দৌৰি চলে। বহুতো অঞ্চলত নান্ত্ৰা’”(নিঃসম্ভান আৰু বিধবা নবৌয়েক অথবা

ভ্ৰাতৃবধূক বিয়া কৰোৱাৰ প্রথা) এতিয়াও প্ৰচলিত৷ ব্ৰাহ্মণ, বণিয়া কুন্ফি আৰু উচ্চ জাতিৰ শিল্পী-কৰ্মকাৰ স্বজনতা সংগঠনৰ উত্তৰ মণ্ডলৰ আৰ্হি অনুসৰণ কৰে। মধ্য মণ্ডলত দক্ষিণ মণ্ডলৰ স্বজনতা সংগঠনৰ আৰ্হি অনুশীলন কৰা জাতিও আছে।

কাঠি, অহিৰ, ঘাড়ৱা চৰণ আৰু গাৰাচিয়া জাতিৰ মাজত সংকৰ সম্পৰ্কীয় ভাই-ভনীৰ মাজত বিবাহৰ প্রথা প্রচলিত। কোলি, ধেড় আৰু ভীল (জনজাতি) সকলে উভয় প্রকাৰৰ সংকৰ সম্পৰ্কীয় ভাই-ভনীৰ মাজৰ বিবাহতে অনুমতি দিয়ে। ৰাজস্থান আৰু গুজৰাটৰ অধিকাংশ অঞ্চলতে উত্তৰ মণ্ডলৰ আৰ্হি মানি চলা দেখা যায়। অভিধাৰ বুযুৎপক্তিগত উৎস সংস্কৃত আৰু কিছউমান স্বজন বুজোৱা অভিধাৰ ব্যুৎপত্তিগত মূল হ’ল মধ্য এচিয়াৰ ভাষাসমূহ। 

কাৰ্ভেৰ নিৰীক্ষণত ধৰা পৰিছিল যে মহাৰাষ্ট হ’ল এনে এক অঞ্চল য’ত সাংস্কৃতিক উত্তৰ মণ্ডলৰ বৈশিষ্ট্য আৰু দ্ৰাবিড়ীয় দক্ষিণ মণ্ডলৰ বৈশিষ্ট্যবোৰ প্রায় সমান। উত্তৰ মণ্ডলৰ আধিপত্য হয়তো কিছু অধিক হ’ব পাৰে। অঞ্চলটোত গুজৰাটী, ৰাজস্থানী, হিমাচলী আৰু হিন্দীৰ দৰে দক্ষিণ মণ্ডলৰ ভাষাৰ প্ৰচলন আছে। অঞ্চলটোৰ জনজাতিসকলে মুণ্ডাৰ ভাষা কয়। সাংস্কৃতিক ভাষাবোৰৰ সৈতে দ্ৰাবিড়ীয় ভাষাবোৰৰ সংমিশ্ৰণ ঘটিছে। মহাৰাষ্টৰ স্বজনতা গাঁথনিটো দক্ষিণ আৰু উত্তৰ মণ্ডলতকৈ কিছু পৃথক।

অঞ্চলটোৰ প্রায় ৪০ শতাংশ জনসংখ্যা হ’ল মাৰাঠী আৰু কুনবিসকল। সামাজিক প্ৰস্থিতিৰ দিশেৰে মাৰাঠীসকল উচ্চ কিন্তু এগৰাকী বিভ্তৱান কুন্ঘিয়ে মাৰাঠীসকলৰ সমান সামাজিক প্রস্থিতি লাভ কৰিব পাৰে। দুয়োটা দলেই নিজকে ক্ষত্ৰিয় বুলি পৰিচয় দিয়ে৷ মাৰাঠা-কুনলিৰ যৌগিক সম্পৰ্কই এক শাসক গোষ্ঠী সৃষ্টি কৰিছে৷ আজিও গাওবোৰত সদায় একোজন পাটিল অথবা মাৰাঠাই মুখিয়ালৰ দায়িত্ব বহন কৰে। 

কুণবিসকল অসবৰ্ণ গোষ্ঠীত বিভক্ত। ইয়াৰে কিছু গোষ্ঠীয়ে নিঃসন্তান, বিধবা নবৌয়েক নাইবা ভ্ৰাতৃবধৃক বিয়া কৰোৱাৰ প্ৰথা মানি চলে, কিছুমানে সংকৰ-সম্পৰ্কীয় ভাই-ভনীৰ বিবাহক এক প্রতিষিদ্ধ কাৰ্য বুলি মানি চলে আৰু কিছুমান গোষ্ঠীৰ মাজত এনে বিবাহত কোনো বাধা-নিষেধ নাই। মধ্য মহাৰাষ্ট্ৰৰ অতিবৰ্ণ আৰু গোষ্ঠী সবৰ্ণ বিবাহৰ প্রচলন আছে৷ দক্ষিণ মহাৰাষ্টত সংকৰ সম্পৰ্কীয় ভাই-ভনীৰ মাজত বিবাহ আৰু খুৰাক/ মোমায়েক- ভতিজী/ভাগিনীৰ মাজত বিবাহৰ ৰীতি প্ৰচলিত থকাৰ উদাহৰণ পোৱা গৈছে। মাৰাঠীসকলৰ গোষ্ঠী সংগঠন আহহিটোৰ ৰাজপুতসকলৰ সৈতে সাদৃশ্য আছে।

উদাহৰণ স্বৰূপে গোষ্ঠীৰ পৌৰাণিক উৎস সম্পর্কীয় বিশ্বাস ৷ ৰাজপুতসকলৰো আছে আৰু মাৰাঠাসকলৰো আছে। দুয়োটা জাতিৰে পৌৰাণিক উৎস তুলনাসাধ্য। তেওঁলোকৰ নামবোৰো ৰাজপুতসকলৰ সৈতে মিলে। সবৰ্ণ বিবাহৰ নীতি অৱশ্যে গোপষ্ঠীৰ নামৰ ওপৰত নিৰ্ভৰশীল নহয়। গোষ্ঠী এটাৰ সৈতে সংলগ্ন প্ৰতীকৰ ওপৰতহে এনে বিবাহ নীতি নিৰ্ভৰশীল প্রতীক একোটাক ‘দেৱকা’ বোলা হয়। একে ‘দেৱতাৰ অধিকাৰী পুৰুষ-নাৰীৰ মাজত বিবাহ হ’ব নোৱাৰে। বৈবাহিক সম্পৰ্ক গঢ়াত গোষ্ঠী আৰু ‘দেৱকা’ই গুৰুত্ব পূৰ্ণ গ্ৰহণ কৰে। অতিবৰ্ণ বিবাহবোৰত এটা গোষ্ঠীৰ সামাজিক স্থিতিৰ ভূমিকা সবাতোকৈ তাৎপৰ্যপূৰ্ণ মাৰাঠসকল অতি কমেও ৯৬টা গোষ্ঠীত বিভক্ত। 

এই গোষ্ঠীবোৰৰ ভিতৰত গতিশীলতা আৰু সামাজিক প্ৰস্থিতিৰ এককেন্দ্ৰিক চক্ৰ আছে। নৃগোষ্ঠীয়ভাৱে এই গোষ্ঠীবোৰৰ মাজত কোনো সমসত্বতা নাই। গোষ্ঠীবোৰ ‘পঞ্চকুলী’ (অৰ্থাৎ পাঁচটা গোষ্ঠী মিলি এটা কূল হ’ব পাৰে) নাইবা সপ্তকূলীয়া সকলোবোৰ গোষ্ঠীয়েই অতিবৰ্ণত বিভাজিত। উত্তৰ মণ্ডলৰ দৰে মহাৰাষ্ট অঞ্চলত দ্বিপাক্ষিক স্বজনতাৰ ক্ষেত্ৰত কোনো প্রতিষিদ্ধ কাৰ্য নাই। সমান্তৰাল সম্পৰ্কীয় ভাই-ভনীৰ বিবাহ প্ৰচলিত। অৱশ্যে পিতৃপক্ষৰ সম্পৰ্কীয় ভাই-ভনীৰ সৈতে বিবাহ এক প্রতিষিদ্ধ কাৰ্য। সাধাৰণতে ল’ৰাৰ বিয়াৰ সময়ত মাতৃপক্ষৰ সংকৰ সম্পর্কীয় ভগ্নীক অগ্ৰাধিকাৰ দিয়া হয়। একাধিক সহোদৰা ভগ্নীয়ে একেজন পুৰুষকে স্মা্মীবৰণ কৰিব পাৰে। ভ্ৰাক্সকলে কিন্তু দুজনী ভনীয়েকক একেলগে বিয়া কৰোৱাৰ পৰ সাধাৰণতে বিৰত থাকে। উত্তৰ অঞ্চলৰ কুনফি সকলৰ মাজত নিঃসন্তান, বিধবা নবৌয়েক অথবা ভ্ৰাতৃবধূক বিয়া কৰোৱাৰ প্রথা প্রচলিত। অঞ্চলটোত বিনিময় বিবাহ এৰাই চলা হয়। গোণ্ড, ওৰাও আৰু কোণ্ডৰ দৰে ওড়িয়া জনজাতিসকলে দ্ৰবিড়ীয় ভাষা কয়। তেওঁলোকব স্বজানতা বৱস্থাৰ দ্ৰাবিড়ীয় ভাষা কোৱা অন্য জাতিৰ সৈতে মিল আছে। মুণ্ডা, হোণ্ডো আৰু একাংশ চাওৰাই মুণ্ডাৰি ভাষা কয় ৷ ওড়িয়া ভাষা কোৱা লোকসকলৰ জাতি বিভাজন উওৰ মণ্ডলৰ সৈতে একেধৰণৰ। ওড়িয়াসকলে কেৱল সামান্য পৃথক ধৰণৰ নাম ব্যৱহাৰ কৰে। 

ওড়িয়াৰ ব্ৰাহ্মণসকল উত্তৰ প্ৰদেশ, বিবাহৰ আৰু মধ্যপ্ৰদেশৰ পৰা প্ৰব্ৰজন কৰা লোক। আৰণ্যক ব্ৰাহ্মণ আৰু কৰণ (কায়স্থ) সকলে সংকৰ-সম্পৰ্কীয় ভাই-ভনীৰ বিবাহত অনুমতি নিদিয়ে। মাত্র কেইটামান কৃষিজীৱী জাতিয়েহে এনে বিবাহ মানি লয়। বাকী জাতিবোৰ এনে বিবাহ নিষেধ কৰিছে। সমাজৰ দুখীয়া শ্ৰেণীবোৰৰ মাজত নাবালকে নিঃসম্ভান বিধবা নবৌয়েক/ ভাইবোৱাৰীক বিয়া কৰোৱাৰ প্রথা প্ৰচলিত ৷

দক্ষিণ ভাৰতৰ স্বজনতা ব্যবস্থা : ভাৰতৰ দক্ষিণ মণ্ডলত পাঁচটা অঞ্চলক সামৰি লোৱা হৈছে ৷ অঞ্চলকেইটা হ’ল – কৰ্ণাটক, অন্ধ প্ৰদেশ, তামিলনাডু, কেৰালা আৰু মিশ্ৰ ভাষা কোৱা তথা মিশ্র জাতিৰ মানুহে বাস কৰা অঞ্চলবোৰ ৷ দক্ষিণ মণ্ডলৰ স্বজনতা ব্যৱস্থা আৰু পৰিয়াল সংগঠনৰ আৰ্হি অতি জটিল। ইয়াত পিতৃবংশীয়ে (patrilineal) আৰু পিতৃস্থানীয় (Patrilocal) এই দুয়োটা ব্যৱস্থাৰে আধিপত্য দেখা যায়। কিছুমান জাতিৰ মাজত মাতৃবংশীয় আৰু মাতৃস্থানীয় ব্যৱস্থাৰে প্ৰচলন আছে; আৰু এনে জাতিবোৰে দুয়োধৰণৰ স্যজনতা সংগঠনৰ বৈশিষ্ট বহন কৰে। কিছুমান জাতিয়ে বহুপত্নী বিবাহ ৰীতি মানি চলে, কিছুমান জাতিৰ মাজত বহুপত্নী বিবাহ আৰু বহুপতি বিবাহ দুয়োটা ৰীতি প্ৰচলিত ৷” কৰ্ণাটক, অন্ধ প্রদেশ, তামিলনাডু আৰু মালাবাৰ অঞ্চলৰ কিছুমান জাতিৰ মাজত উত্তৰ মণ্ডলৰ দৰে পিতৃবংশীয় আৰু পিতৃস্থানীয় যৌথ পৰিয়ালৰ আধিপত্য দেখা পোৱা গৈছে। 

নায়াৰ, টিয়ান, মালাবৰ অঞ্চলৰ কিছুমান মোপলা আৰু কানাৰা জিলাৰ বাণ্টসকলৰ সমাজত মাতৃবংশীয় আৰু মাতৃস্থানীয় পৰিয়াল বাৱস্থা প্ৰচলিত। ইয়াক ‘থাৰাৱাড’ বোলা হয়। এনে ব্যৱস্থাত মুৰব্বী মহিলা এগৰাকী, তেওঁৰ ভাতৃ আৰু ভগ্নীসকল, তেওঁৰ নিজৰ সন্তান আৰু তেওঁৰ ভগ্নীৰ ল’ৰা আৰু ছোৱালীৰ গুৰুত্ব আছে। ‘থাৰাৱাড”ত কোনো বৈবাহিক সম্পৰ্কৰ স্থান নাই। কিছুমান সমোদ্ভৱজনিত সম্পৰ্ককক এনে ব্যৱস্থাত বাদ দিয়া হয় (পৰিয়ালৰ পুৰুষবোৰৰ সন্তান)। ‘থাৰাৱাড’ত কোনো পতি-পত্নী, পিতৃ-সম্ভান সম্পৰ্ক নাই।

দক্ষিণ মণ্ডলত উত্তৰ মণ্ডলৰ দৰেই জাতিভিত্তিক অসবৰ্ণ বিবাহ আৰু গৌষ্ঠীভিত্তিক সবৰ্ণ বিবাহ ব্যৱস্থা প্ৰচলিত। কৰ্ণাটক ইয়াক ‘বেডাগু’ নাইবা ‘বেডাগা” নাইবা ‘বালি’ বুলি কোৱা হয়। নীলগিৰিৰ কোটাসকলে ইয়াক ‘কেৰি’, কোট্টাই ভেল্লাসকলে ‘কিলাই’, কোয়াসকলে ‘গোট্ৰা আৰু কুৰুবাসকলে ‘গুপ্ত’ বোলে। কিছুম৷ন তেলুগু লোকে ইয়া ‘ইণ্টি-পেৰ’ আৰু মালায়লীসকলে ‘ইল্ল’ম’ বুলি কয়। ত্ৰেভাংকোৰত এই ব্যৱস্থাক ‘ভৈলি’ বুলি কোৱা হয়। ‘গোত্ৰ’ শব্দটোৰ এই অঞ্চলবোৰত বহুল ব্যৱস্থাৰ দেখা গৈছে। গোষ্ঠীৰ বাবে ব্যৱহৃত প্রধান প্রতীকবোৰ হ’ল ৰূপ, সোণ, কুঠাৰ, হাতী, সাপ, শেৱালি ফুল, শিল ইত্যাদি।

উত্তৰ মণ্ডলত গাঁওভিত্তিক অসবৰ্ণ বিবাহ এক বহুলভাবে স্বীকৃত ৰীতি। কিন্তু দক্ষিণ মণ্ডলত একেখন গাৱতে কোনো আন্তঃবিবাহ ঘটা গোষ্ঠী নাথাকে। গোত্ৰসকলে গাঁওভিত্তিক অসবৰ্ণ বিবাহ হ’বলৈ নিদিয়ে। সবৰ্ণ বিবাহ অথবা উল্ল’ম অথবা ভেলি হ’ল একমাত্ৰ অনুসৰণযোগ্য নীতি। উত্তৰ মণ্ডলৰ দৰেই দক্ষিণ মণ্ডলৰো প্রদত্ত জাতি এটাক অসবৰ্ণ গোষ্ঠীত ভাগ কৰা হয়। আশ্তঃগোষ্ঠী বিবাহে সকলো গোষ্ঠীক সামৰি নলয়। এটা অসবৰ্ণ জাতিৰ মাজত বিবাহৰ জৰিয়তে জীয়ৰী আদান-প্রদান কৰা কেইটামান পৰিয়ালেৰে অসবৰ্ণ গোটবোৰৰ ক্ষুদ্ৰ চক্ৰবোৰ গঢ় দিয়া হয়। 

দক্ষিণ মণ্ডলৰ কেইটামান বিশেষ বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবোৰ ভাৰতৰ উত্তৰ মণ্ডলৰ ক’তো দেখা পোৱা নাযায়। ডাঙৰ বায়েকৰ ছোৱালীৰ সৈতে, দেউতাকৰ ভনীয়েকৰ ছোৱালীৰ সৈতে, মাকৰ ভায়েকৰ ছোৱালীৰ সৈতে অগ্ৰমান্য বিবাহ কৰোৱাৰ প্রথা কেৱল দক্ষিন মণ্ডলতহে প্রচলিত অগ্রমান্য বিবাহৰ দৰে ব্যৱস্থাবোৰৰ প্রধান উদ্দেশ্য হ’ল গোষ্ঠী এটাৰ একতা আৰু ভ্ৰাতৃত্ববোধ অক্ষু্ণ ৰখা আৰু একেট৷ প্রজন্মতে কন্যা সন্তান ঘূৰাই দিয়া (বিনিময়) নীতিটো বৰ্তাই ৰখা।

অৱশ্যে সৰুভনীৰ ছোৱালী বিয়া কৰোৱা, নিঃসন্তান/বিধবা নবৌয়েক ভাইবোৱাৰীয়েকক বিয়া কৰোৱা, মাতৃৰ ভগ্নীৰ কন্যাসন্তানক বিয়া আদি হ’ল প্ৰতিষিদ্ধ কাৰ্য। মোমায়েক- ভাগিনীয়েকৰ বিয়া আৰু সংকৰ-সম্পৰ্কীয় ভাই-ভনীৰ বিয়াবোৰৰ পৰা দ্বৈত সম্পৰ্কৰ সৃষ্টি হয়। এজনী সম্পৰ্কীয় ভনী পত্নীও হ’ব পাৰে। বিয়াৰ পাচত এজনী সম্পৰ্কীয় ভনী সম্পৰ্কীয় ভনী হৈ নাথাকে, পত্নী হিচাপে গঢ় লোৱা সম্পর্কটোহে বেছি গুৰুত্বপূৰ্ণ হৈ পৰে।

দক্ষিণৰ স্বজনতা ব্যৱস্থাটোৰ উত্তৰৰ স্বজনতা ব্যৱস্থাৰ সৈতে তুলনা কৰি চাই ক’ব পৰা যায় যে দক্ষিণ মণ্ডলত জন্মলাভ কৰা পৰিয়াল আৰু বিবাহৰ বান্ধোনেৰে বান্ধ খোৱা পৰিয়ালৰ মাজত কোনো স্পষ্ট প্ৰভেদ নাই। উত্তৰ ভাৰতত এই প্ৰভেদ সুস্পষ্ট। উত্তৰ ভাৰতত তেজৰ সম্পৰ্ক আৰু বৈবাহিক সম্পৰ্ক বুজোৱা অভিধাবোৰ স্পষ্ট। দক্ষিণ ভাৰতত ব্যৱহৃত অভিধাবোৰে কোনো স্পষ্ট প্রভেদ সূচাব নোৱাৰে ৷

এটা উদাহৰণ লোৱা যাওক। উত্তৰ ভাৰতত পিতৃৰ ভনীয়েক আৰু, তেওঁৰ পতিক বুজাবলৈ ‘ফুফী-ফুফা’ অভিধা দুটা ব্যৱহাৰ কৰা হয়, মাতৃৰ ভ্ৰাতৃ আৰু তেওঁৰ পত্নীক বুজাবলৈ ‘মামা-মামী’ অভিধা দুটা ব্যৱহাৰ কৰা হয়। দক্ষিণ ভাৰতত ‘আট্টাই’ শব্দটোৰে পেহী আৰু মামী দুয়োকে বুজোৱা হয়। একেদৰে পেহা আৰু মামাৰ বাবে ‘মামা সম্বন্ধটোকে ব্যৱহাৰ কৰা হয়। উত্তৰ ভাৰতত ‘জন্মসূত্ৰে সম্প্ৰসাৰিত পৰিয়াল’ আৰু ‘বৈবাহিকসূত্ৰে সম্প্ৰসাৰিত পৰিয়াল’ দেখিবলৈ পোৱা যায়। দক্ষিণ ভাৰতত এনে কোনো স্পষ্টভাৱে বিভাজিত পৰিয়াল নাই। দক্ষিণ ভাৰতত বৈবাহিক সূত্ৰে হোৱা সম্পর্কবোৰ বুজাবলৈ কোনো বিশেষ অভিধা নাই। দক্ষিণ ভাৰতত দুটা ক্ৰমিক প্ৰজন্মত একেবোৰ আত্মীয়ই দেখা দিয়ে। 

ওপৰৰ আলোচনাৰ পৰা আমি গম পালে। যে বৈবাহিক সম্পৰ্ক, জন্মভিত্তিক সম্পৰ্ক, বিভিন্ন প্ৰজন্মৰ স্বজন/আত্মীয় সজাই লোৱাৰ দিশত দক্ষিণ আৰু উত্তৰ মণ্ডলৰ স্বজনতা ব্যৱস্থাৰ প্রভেধ আছে। দক্ষিণ মণ্ডলৰ স্বজনতা পৰিভাষাত প্ৰজন্ম নীতিৰ আধাৰত স্বজন/আত্মীয়ৰ কোনো স্পষ্ট শ্ৰেণীবিভাজন নাই। দক্ষিণ মণ্ডলত প্রজন্মৰ কোনো উল্লেখ নকৰাকৈ নিজতকৈ বয়সত সৰু অথবা ডাঙৰৰ হিচাপত সম্পৰ্কীয়সকলৰ তালিকা সজোৱা হয়।

দ্ৰাবিড়ীয় ভাষাত ভ্ৰাতৃ আৰু ভগ্নী বুজোৱা কোনো শব্দ নাই। সৰু ভাই/সৰু ভনী আৰু ডাঙৰ ভাই/ডাঙৰ ভনী বুজোৱা শব্দ অৱশ্যে আছে ৷ ইয়াৰ বাবে সাধাৰণতে একাধিক শব্দ ব্যৱহৃত হয়। যেনে–

(১) দেউতা আৰু ককাইদেউ (আন্না, আয়্যা)।

(২) মা আৰু বাইদেউ। 

(৩) ভাই আৰু ল’ৰা সম্ভান (পিৰকাল) ৷ আৰু 

(৪) ভনী আৰু কন্যা সন্তান (পিন্নাধল) ৷ 

এই অভিধাবোৰেৰে বয়সত ডাঙৰ সকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। ইয়াৰ সৈতে প্ৰকৃত তেজৰ সম্পৰ্ক থকা সম্বন্ধবোৰ যুক্ত নহ’বও পাৰে। উল্লেখ বিন্দুটো হৈছে স্ব-সত্ব (ego‘মই” নিজে) ‘নিজতকৈ ডাঙৰ নাইবা নাইবা সৰু কোন হ’ব সেয়া বয়সৰ ওপৰত অৰ্থাৎ দক্ষিণ মণ্ডলৰ স্বজনতা ব্যবস্থাৰ প্রধান বিচাৰ্য বিষয় প্রজন্ম নহয় বয়সহে। সবৰ্ণ স্বজন দলবোৰৰ বাহিৰত হোৱা বিবাহক বাল্লি’ নাইবা ‘বেগাডু’ নাইবা কিলাই’ বোলা হয়। কন্যা সন্তান বিনিময় কৰা প্ৰথাক অগ্ৰাধিকাৰ দিয়া হয়। নিকট আত্মীয়ৰ মাজৰ বিবাহকে অগ্ৰাধিকাৰ দিয়া হয়। বিবাহৰ সাধাৰণ নীতিবোৰ হ’ল :  ল’ৰাই  কেৱল নিজৰ (গোষ্ঠীৰ সদস্যাকহে বিয়া কৰাব পাৰিব, এজনী ছোৱালীয়ে নিজৰ বয়সতকৈ ডাঙৰ বয়সৰ দলত পৰা ল’ৰালৈকে বিয়া হ’ব পাৰিব, দৰাৰ বয়স সদায় কইনাৰ পিতৃ-মাতৃতকৈ কম হ’ব লাগিব দৰা বাছনিৰ ক্ষেত্ৰত ছোৱালীতকৈ ডাঙৰ সংকৰ-সম্পর্কীয় ভাই আৰু ছোৱালীৰ মাকৰ সৰু ভায়েকক অগ্ৰাধিকাৰ দিয়া হয়। ল’ৰাই নিজতকৈ সৰু যিকোনো সংকৰ-সম্পর্কীয় ভনীয়েক আৰু বায়েকৰ যিকোনো কন্যাসন্তানক বিয়া কৰাব পাৰে। এই প্রতিক্রমিতাৰ বিপৰীতে প্রতিক্ৰমী সম্পৰ্ক থকা স্বজনতা বুজোৱা অভিধা কিছুমান পোৱা যায় ৷

লুইচ ডুউম’ণ্টে দক্ষিণ মণ্ডলৰ স্বজনতা ব্যৱস্থাৰ বৈশিষ্ট্য কেইটামানৰ ওপৰত আলোকপাত কৰিছিল। 

বৈশিষ্ট্যকেইটা হ’ল :

(ক) তাৎক্ষণিক বিনিময় নীতি।

(খ) এক সামাজিক সুদৃঢ়কৰণ নীতি।

(গ) এখন সংকীৰ্ণ ক্ষেত্ৰত থকা স্বজন/আত্মীয় গোটবোৰৰ একোটা থুপ।

(ঘ) জন্মসূত্ৰে হোৱা স্বজন/আত্মীয় আৰু বৈবাহিক সূত্ৰে হোৱা স্বজন/আত্মীয়ৰ মাজত স্পষ্ট প্রভেদৰ অভাৱ। আৰু

(ঙ) সমাজত নাৰীৰ অধিক স্বাধীনত ৷

পূৱ ভাৰতত স্বজনতা :

ভাৰতৰ পূব মণ্ডলটো সংহত নহয়। অন্য মণ্ডলবোৰৰ দৰে পূৱ মণ্ডলটো ভৌগলিকভাবেও গাতে গা লাগি থকা ধৰণৰ নহয়। এই মণ্ডলত উত্তৰ মণ্ডলৰ ভাষাবোৰৰ লগতে মুণ্ডাৰি মন-খ্মেৰ ভাষাবোৰো প্রচলিত মণ্ডলটোত বাস কৰা প্রধান সম্প্ৰদায়বোৰ হ’ল কোৰ্কু, অসমীয়া, শক, চেমাং আৰু খাচী ৷ প্ৰচলিত আন ভাষাৰোৰ হংল মন, খমেৰ আৰু চেইন ৷ অঞ্চলটোত বহুতো অষ্ট’-এচিয়াটিক জনজাতি আছে।

মুণ্ডাৰি ভাষা কোৱা সকলো লোকেই পিতৃবংশীয় তথা পিতৃস্থনীয় পৰিয়াল ব্যৱস্থা মানি চলে। হো আৰু চমস্থালসকলে সংকৰ- সম্পৰ্কীয় ভাই-ভনীৰ মাজত বিয়া পতাৰ ৰীতি অনুশীলন কৰে। কিন্তু পিতৃৰ ভনী নাইবা মাতৃৰ ভাই জীৱিত থকালৈকে তেওঁলোকৰ ছোৱালীবোৰক বিয়া কৰাব নোৱাৰি। এই নিষেধৰ বাবে সংকৰ-সম্পৰ্কীয় ভাই-ভনীৰ মাজৰ বিবাহক এক বিৰল পৰিঘটনা বুলি ধৰা হয়। বণ্ডো সমাজে সংকৰ সম্পৰ্কীয় ভাই-ভনীৰ বিবাহক প্রতিষিদ্ধ কাৰ্য বুলি গণ্য নকৰে যদিও এলৱিনৰ প্ৰতিবেদন মতে এনে বিবাহৰ উদাহৰ সততে পোৱা নাযায়।

হো আৰু -মুণ্ডাসকলে অবিবাহিত আৰু অবিবাহিতাৰ বাবে পৃথক শোৱনি ঘৰ ৰাখে। তেওঁলোকে বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্থান কৰিব পাৰে। কেতিয়াবা এনে সম্পৰ্কই বিবাহৰ ৰূপ লয়। কিন্তু প্রায়েই দেখা যায় যে অবিবাহিত অৱস্থাত পৃথক পৃথককৈ উমৈহতীয়া শোৱনি ঘৰত থকা আৰু শাৰীৰিক সম্পৰ্ক ৰখা সংগীৰ সৈতে ল’ৰা-ছোৱালীয়ে বিয়াত নবহে ৷ তেওঁলোকে সম্পূৰ্ণ নতুন ব্যক্তিক জীৱন সংগীৰূপে বাচি লয়। এই সমাজবোৰ অসবৰ্ণ কূলপ্রতীকযুক্ত গোষ্ঠীত বিভক্ত। এজন পুৰুষে নিজ গোষ্ঠীৰ বাহিৰৰ ছোৱালী বিয়া কৰাব লাগে। তেওঁ প্ৰথমবসম্পৰ্কীয় ভনীৰ দৰে নিকট আত্মীয় ছোৱালীৰ চক্ৰটোৰ বাহিৰৰ যিকোনো ছোৱালীক বিয়া কৰাব পাৰে।

কইনা পাবৰ বাবে ধন প্রদান কৰিব লাগে। হ’বলগীয়া জোৱায়ে হ’ৰলগীয়া শহুৰৰ ঘৰত আগবঢ়োৱা সেৱাকো কন্যামূল্য বুলি ধৰা হয়। বিয়াৰ পিছত পুৰুষে  নিজাকৈ ঘৰ সাজে ৷ বহুতে সৰু ভায়েক আৰু বিধবা মাকৰ দৰে নিকট আত্মীয়ক নতুনকৈ সজা ঘৰত ৰাখে। মুণ্ডাৰিসকলৰ এই ৰীতি ভাৰতৰ আন জাতি, সম্প্ৰদায়তকৈ পৃথক তেওঁলোকৰ মাজত যৌথ পৰিয়ালৰ প্ৰচলন নাই। মুণ্ডাৰিসকলে পিতৃবংশীয় সম্পৰ্কবোৰ পূৰ্বপুৰুষৰ উপাসনা আৰু গৃহ পূজাৰ দৰে উমৈহতীয়া অনুশীলনবোৰৰ সহায়ত বৰ্তাই ৰাখে। তেওঁলাকে প্রয়োজনত পৰস্পৰক সহায় কৰে যদিও স্বতন্ত্ৰ জীৱন যাপন কৰে।

মেঘালয়ৰ খাচীসকলে মন-খমেৰ ভাষা কয়। খাচীসকল হ’ল দক্ষিণ মণ্ডলৰ নায়াৰসকলৰ দৰে মাতৃবংশ অনুসৰণকাৰী জাতি। অৱশ্যে আন ৰীতি-নীতিৰ ক্ষেত্রত দুয়োটা জাতিৰে পাৰ্থক্য আছে। নায়াৰ সকল মাতৃবংশীয় যৌথ পৰিয়ালত থাকে। ঘৰৰ মহিলাসকলৰ পতিসকল আলহীৰ দৰে। খাচীসকলেও যৌথ পৰিয়ালত বাস কৰে। তেওঁলোকে একেধৰণে উপাসনা কৰে, একেখন শ্মশানতে মৃতকৰ সৎকাৰ কৰা হয়। কিন্তু খাচী বিবাহিত পুৰুষসকলে পত্নীৰ ঘৰৰ চৌহতে পত্নীৰ সৈতে এটা সৰু ঘৰত বাস কৰে। পিতৃৰ মৃত্যুৰ পাচত সম্পত্তি মাতৃৰ হাতলৈ নাইবা সবাতোকৈ সৰু জীয়ৰীৰ হাতলৈ যায়। যদি বংশত কোনো মহিলা আত্মীয় নাথাকে আৰু বিধৱা মহিলাগৰাকীয়ে পুনৰ বিবাহত নবহাৰ সিদ্ধান্ত লয়, তেন্তে তেওঁ আদা সম্পত্তি লাভ কৰে। খাচী সমাজত বিবাহিত পুৰুষৰ স্থান হিন্দু পিতৃবংশীয় পৰিয়ালবোৰত বোৱাৰী গেৰাকী লাভ কৰা স্থানৰ দৰে। হিন্দু বোৱাৰীগৰাকীক পৰিয়ালৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰি লোৱা হয়। খাচী জোঁৱাই এজন সদায় বহিৰাগত হৈয়েই ৰৈ যায়। খাচী মহিলাই যথেষ্ট স্বাধীনতা উপভোগ কৰে। বিবাহ বিচ্ছেদ ঘটিলে সন্তানৰ দায়িত্ব মাতৃগৰাকীয়ে লাভ কৰে। খাচী সকলৰ মাজত গোষ্টীভিত্তিক সবৰ্ণ বিবাহ প্ৰচলিত। সমান্তৰাল সম্পৰ্কিয় ভাই -ভনীৰ বিয়া হব নোৱাৰে। সংকৰ সম্পৰ্কীয় ভাই- ভনীৰ মাজৰ বিয়া বিৰল।

ওপৰত ভাৰতৰ স্বজনতা সংগঠনটোৰ এক ৰূপৰেখা আলোচনা কৰা হল। স্বজনতা ব্যৱস্থাৰ সৈতে জড়িত প্ৰমূল তথা প্রতিমানবোৰ কোনো কোনো অঞ্চলত কোনো ক্ষেত্ৰত কঠোৰ আৰু নমনীয় দুয়োটাই। ইয়াৰ প্রমান বিবাহ বিচ্ছেদ, বিধবা বিবাহ, নিকট আত্মীয়ৰ মাজত যৌন সম্পৰ্ক স্থাগনত থকা প্রতিষিদ্ধতা, জাতিভিত্তিক অসবৰ্ণ বিবাহ প্রথা গোষ্ঠী ভিত্তিক সব্ণ বিবাহ প্রথ৷, বৰ্জনৰ নীতি, পৰিয়ালৰ সংৰচনা, বংশাৱলী আৰু বসতি বাৱস্থা, কৰ্তৃত্ব ব্যৱস্থা, উত্তৰ পুৰুষ আৰু সম্পত্তিৰ উত্তৰাধিকাৰ আদি বিষয়ত পাৱা যায়।

সামাজিক সংগঠন আৰু গতিশীলতাৰ এক মৌলিক নীতিৰূপে স্বজনতা সদায় বৰ্তি থাকিব। আনহাতে, ই সমাজত বিভাজন তথা বিভেদ সৃষ্টিৰ কাৰণে  হৈ ৰ’ব। স্বজনতা এক জটিল পৰিথটনা ৷ আধুনিক সংগঠনবোৰতো স্বজনতাৰ ভূমিকা অনুমান কৰিব পাৰি। প্রৱজন, গতিশীলতা আৰু শিক্ষাই স্বজনতা  ব্যবস্থা তথা গোষ্ঠী সংগঠনৰ নীতি-নিয়মবোৰ কিছু দুৰ্বল কৰি পেলাইছে। কাৰণ আজিকালি এটা জাতিযউপজাতি নাইবা গোষ্ঠীৰ সদস্যসকল একেলগে একেটা স্থানতে নাথাকে। এসময়ত কেৰালাত কেৰালাত প্ৰচলিত মাতৃপ্রধান সমাজ ব্যবস্থা প্রায় লোপ পাইছে। উত্তৰ-পূথ ভাৰততো এই প্রথা দুৰ্বল হৈ পৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top