SEBA Class 9 Social Science Important Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ

SEBA Class 9 Social Science Important Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Solutions and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.

SEBA Class 9 Social Science Important Chapter 13 মূল অৰ্থনৈতিক সমস্যাসমূহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.

Chapter: 13

দ্বিতীয় খণ্ড: অৰ্থনীতি বিজ্ঞান
IMPORTANT QUESTION AND ANSWER

১। দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে পোন প্ৰথমে কোনখন পঞ্চবার্ষি পৰিকল্পনাত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল?

উত্তৰঃ দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে পোন প্ৰথমে পঞ্চম পঞ্চবার্ষিকী পৰিকল্পনাত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। 

২। পঞ্চম পৰিকল্পনাত কোনখন আঁচনি যুগুত কৰা হৈছিল?

উত্তৰঃ পঞ্চম পৰিকল্পনাত ন্যূনতম প্রয়োজন আঁচনি (খাদ্য, বস্ত্র, আশ্রয় ইত্যাদি) যুগুত কৰা হৈছিল। 

৩। কোন কাৰ্যালয়ৰ তত্ত্বাৱধানত মাহিলি জনমূৰি ভোগ ব্যয়ৰ, তথ্য আহৰণ কৰা হয়?

উত্তৰঃ ৰাষ্ট্ৰীয় নমুনা সমীক্ষা কার্যালয়ৰ তত্ত্বাৱধানত মাহিলি জনমূৰি ভোগ ব্যয়ৰ, তথ্য আহৰণ কৰা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কিহৰ ভিত্তিত দৰিদ্ৰ সীমাৰেখা নিৰ্ধাৰণ কৰা হয়?

উত্তৰঃ মাহিলি জনমূৰি ভোগ ব্যয়ৰ তথ্যৰ ভিত্তিত দৰিদ্ৰ সীমাৰেখা নিৰ্ধাৰণ কৰা হয়।

৫। ৰঙ্গৰাজন সমিতিৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ মুঠ কিমান সংখ্যক লোক গাঁও আৰু নগৰ অঞ্চলৰ কিমান সংখ্যাৰ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছে? 

উত্তৰঃ ৰঙ্গৰাজন সমিতিৰ প্ৰতিবেদন অনুসৰি – ভাৰতৰ মুঠ ২৯.৫ শতাংশ লোকৰ গাঁও অঞ্চলত ৩০.৯ শতাংশ আৰু নগৰ অঞ্চলত ২৬.৪ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছে।

৬। ৰঙ্গৰাজন সমিতিৰ মতে অসমত মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক দৰিদ্ৰতাৰ তলত বাস কৰে?

উত্তৰঃ ৰঙ্গৰাজন সমিতিৰ মতে অসমত মুঠ জনসংখ্যাৰ ৪০.৯ শতাংশ লোক দৰিদ্ৰতাৰ তলত বাস কৰে।

৭। ৰঙ্গৰাজন সমিতিৰ প্ৰতিবেদনমতে অসমত গাঁও আৰু নগৰত কিমান শতাংশ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে?

উত্তৰঃ গাঁও অঞ্চলত ৪২.০ শতাংশ আৰু নগৰত ৩৪.২ শতাংশ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে।

৮। ৰঙ্গৰাজন সমিতিৰ প্ৰতিবেদন কেতিয়া দাখিল কৰিছিল?

উত্তৰঃ ৰঙ্গৰাজন সমিতিৰ প্ৰতিবেদন ২০১৪ চনত দাখিল কৰিছিল। 

৯। তেণ্ডুলকাৰ সমিতিৰ প্ৰতিবেদনখন কেতিয়া দাখিল কৰিছিল?

উত্তৰঃ তেণ্ডুলকাৰ সমিতিৰ প্ৰতিবেদনখন ২০০৯ চনত দাখিল কৰিছিল।

১০। তেণ্ডুলকাৰ সমিতিৰ প্ৰতিবেদন অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে? 

উত্তৰঃ তেণ্ডুলকাৰ সমিতিৰ প্ৰতিবেদন অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ৩৪.৪ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top