⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science MCQ Chapter 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ

SEBA Class 7 Science MCQ Chapter 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science MCQ Chapter 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ Solutions and select need one. SEBA Class 7 Science Multiple Choice Notes in Assamese Download PDF. SCERT Class 7 Science MCQs New Textbook in Assamese.

SEBA Class 7 Science MCQ Chapter 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Objective Type Question Answer for All Chapters, You can practice these here.

জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ

Chapter: 6

MCQ

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। ক্ৰান্তীয় সেমেকা (Tropical Wet) জলবায়ু অঞ্চলত বছৰি বৰষুণৰ পৰিমাণ কিমান?

(ক) 1000-2000 মি.মি.।

(খ) 2000 মি.মি. তকৈ অধিক।

(গ) 300-750 মি.মি.।

(ঘ) 250 মি.মি. তকৈ কম।

উত্তৰঃ (খ) 2000 মি.মি. তকৈ অধিক।

২। তলৰ কোনটো অঞ্চলত ‘অৰ্ধ-শুষ্ক’ জলবায়ু দেখা যায়?

(ক) কেৰেলা।

(খ) পশ্চিমবংগ।

(গ) পূব ৰাজস্থান আৰু গুজৰাট।

(ঘ) মেঘালয়।

উত্তৰঃ (গ) পূব ৰাজস্থান আৰু গুজৰাট।

৩। ভাৰতৰ কোনটো জলবায়ু অঞ্চলত শীতকালত বৰফ পৰে আৰু পাইন গছ দেখা যায়?

(ক) পাৰ্বত্য বা আলপাইন।

(খ) ক্ৰান্তীয়।

(গ) উপকূলীয়।

(ঘ) মৰুভূমি।

উত্তৰঃ (ক) পাৰ্বত্য বা আলপাইন।

৪। ‘শুষ্ক মৰুভূমি’ অঞ্চলত গ্ৰীষ্মকালত উষ্ণতা কিমানলৈকে বৃদ্ধি পায়?

(ক) 30 ডিগ্ৰী চেলছিয়াছ।

(খ) 40 ডিগ্ৰী চেলছিয়াছ।

(গ) 50 ডিগ্ৰী চেলছিয়াছ।

(ঘ) 60 ডিগ্ৰী চেলছিয়াছ।

উত্তৰঃ (গ) 50 ডিগ্ৰী চেলছিয়াছ।

৫। জলবায়ু পৰিৱৰ্তনৰ অৰ্থ কি?

(ক) দৈনিক বতৰৰ পৰিৱৰ্তন।

(খ) সপ্তাহৰ বতৰৰ পৰিৱৰ্তন।

(গ) গড় বতৰৰ অৱস্থাৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন।

(ঘ) কেৱল ঋতুৰ পৰিৱৰ্তন।

উত্তৰঃ (গ) গড় বতৰৰ অৱস্থাৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন।

৬। পৃথিৱীৰ বায়ুমণ্ডল গৰম কৰি ৰাখিবলৈ সূৰ্যৰ তাপ ধৰি ৰখা প্ৰক্ৰিয়াটোক কি বোলে?

(ক) সালোক সংশ্লেষণ।

(খ) সেউজগৃহ প্ৰভাৱ।

(গ) বাষ্পীভৱন।

(ঘ) ঘনীভৱন।

উত্তৰঃ (খ) সেউজগৃহ প্ৰভাৱ।

৭। তলৰ কোনটো গেছ ‘সেউজগৃহ গেছ’ নহয়?

(ক) মিথেন।

(খ) অক্সিজেন।

(গ) কাৰ্বন ডাইঅক্সাইড।

(ঘ) নাইট্ৰাছ অক্সাইড।

উত্তৰঃ (খ) অক্সিজেন।

৮। ১৮২৭ খ্ৰীষ্টাব্দত কোনে পোনপ্ৰথমে ‘সেউজগৃহ প্ৰভাৱ’ৰ বিষয়ে বৰ্ণনা কৰিছিল?

(ক) আইজাক নিউটন।

(খ) এলবাৰ্ট আইন্স্টাইন।

(গ) জোচেফ ফৰিয়াৰ।

(ঘ) গ্যালিলিও।

উত্তৰঃ (গ) জোচেফ ফৰিয়াৰ।

৯। জীৱাশ্ম ইন্ধন দহন কৰিলে বায়ুমণ্ডলত কিহৰ পৰিমাণ বৃদ্ধি পায়?

(ক) অক্সিজেন।

(খ) নাইট্ৰ’জেন।

(গ) কাৰ্বন ডাইঅক্সাইড।

(ঘ) হিলিয়াম।

উত্তৰঃ (গ) কাৰ্বন ডাইঅক্সাইড।

১০। ধাননি পথাৰ আৰু পশুধনৰ পৰা কোনটো সেউজগৃহ গেছ নিৰ্গত হয়?

(ক) কাৰ্বন ডাইঅক্সাইড।

(খ) মিথেন।

(গ) অ’জন।

(ঘ) চি এফ চি।

উত্তৰঃ (খ) মিথেন।

১১। কৃষিকাৰ্যত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰৰ পৰা কোনটো গেছ নিৰ্গত হয়?

(ক) নাইট্ৰাছ অক্সাইড।

(খ) মিথেন।

(গ) কাৰ্বন মনোক্সাইড।

(ঘ) হাইড্ৰ’জেন।

উত্তৰঃ (ক) নাইট্ৰাছ অক্সাইড।

১২। ফ্ৰিজ আৰু বাতানুকূল যন্ত্ৰ (AC) ব্যৱহাৰৰ ফলত কোনটো ক্ষতিকাৰক গেছ নিৰ্গত হয়?

(ক) মিথেন।

(খ) হাইড্ৰ’ফ্লু’ৰ’কাৰ্বন।

(গ) কাৰ্বন ডাইঅক্সাইড।

(ঘ) প্ৰ’পেন।

উত্তৰঃ (খ) হাইড্ৰ’ফ্লু’ৰ’কাৰ্বন।

১৩। গছ-গছনি কাটিলে বায়ুমণ্ডলত কি গেছ জমা হয়?

(ক) অক্সিজেন।

(খ) পানীৰ ভাপ।

(গ) কাৰ্বন ডাইঅক্সাইড।

(ঘ) নাইট্ৰ’জেন।

উত্তৰঃ (গ) কাৰ্বন ডাইঅক্সাইড।

১৪। যোৱা ১০০ বছৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত মাজুলীৰ মাটিকালি প্ৰায় কিমান শতাংশ সংকুচিত হৈছে?

(ক) ৩০%

(খ) ৪০%

(গ) ৫০%

(ঘ) ৬০%

উত্তৰঃ (ঘ) ৬০%

১৫। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত সাগৰৰ জলপৃষ্ঠৰ উচ্চতা কিয় বৃদ্ধি পাইছে?

(ক) বৰষুণ বেছি হোৱাৰ বাবে।

(খ) মেৰু অঞ্চলৰ বৰফ গলি যোৱাৰ বাবে।

(গ) নদীৰ পানী সাগৰত পৰাৰ বাবে।

(ঘ) ভূমিকম্পৰ বাবে।

উত্তৰঃ (খ) মেৰু অঞ্চলৰ বৰফ গলি যোৱাৰ বাবে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top