⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science MCQ Chapter 12 পৃথীৱী চন্দ্ৰ আৰু সূৰ্য

SEBA Class 7 Science MCQ Chapter 12 পৃথীৱী চন্দ্ৰ আৰু সূৰ্য Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science MCQ Chapter 12 পৃথীৱী চন্দ্ৰ আৰু সূৰ্য Solutions and select need one. SEBA Class 7 Science Multiple Choice Notes in Assamese Download PDF. SCERT Class 7 Science MCQs New Textbook in Assamese.

SEBA Class 7 Science MCQ Chapter 12 পৃথীৱী চন্দ্ৰ আৰু সূৰ্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Objective Type Question Answer for All Chapters, You can practice these here.

পৃথীৱী চন্দ্ৰ আৰু সূৰ্য

Chapter: 12

MCQ

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। পৃথিৱীয়ে নিজ অক্ষত পশ্চিমৰপৰা পূবলৈ সম্পূর্ণ এপাক ঘুৰাক কি বোলে?

(ক) ঘূর্ণন বা আৱৰ্তন।

(খ) পৰিক্ৰমণ।

(গ) পৰিভ্ৰমণ।

(ঘ) পৰিৱৰ্তন।

উত্তৰঃ (ক) ঘূর্ণন বা আৱৰ্তন।

২। পৃথিৱীয়ে নিজ অক্ষত এটা ঘূর্ণন সম্পূৰ্ণ কৰিবলৈ কিমান সময় লয়?

(ক) প্ৰায় 12 ঘণ্টা।

(খ) প্ৰায় 24 ঘণ্টা।

(গ) 365 দিন।

(ঘ) 30 দিন।

উত্তৰঃ (খ) প্ৰায় 24 ঘণ্টা।

৩। পৃথিৱীৰ ঘূর্ণনৰ ফলত কি হয়?

(ক) দিন আৰু ৰাতি।

(খ) ঋতু পৰিৱৰ্তন।

(গ) গ্ৰহণ।

(ঘ) জোৱাৰ-ভাটা।

উত্তৰঃ (ক) দিন আৰু ৰাতি।

৪। পৃথিৱীৰ অক্ষডাল উলম্ব সাপেক্ষে কিমান কোণত হেলনীয়া হৈ থাকে?

(ক) 66.5°

(খ) 90°

(গ) 23.5°

(ঘ) 45°

উত্তৰঃ (গ) 23.5°

৫। কোনজন ফৰাচী বিজ্ঞানীয়ে পোন প্ৰথমবাৰৰ বাবে পেণ্ডুলাম ব্যৱহাৰ কৰি পৃথিৱীৰ ঘূর্ণনৰ সৰল প্ৰদৰ্শন কৰিছিল?

(ক) আইজাক নিউটন।

(খ) গেলিলিও।

(গ) লি’ন ফ’কল্ট।

(ঘ) আৰ্যভট্ট।

উত্তৰঃ (গ) লি’ন ফ’কল্ট।

৬। লি’ন ফ’কল্টে কিমান চনত পেণ্ডুলামটোৰ সহায়ত পৰীক্ষাটো কৰিছিল?

(ক) ১৮৫১ খ্ৰীষ্টাব্দত।

(খ) ১৯৯০ খ্ৰীষ্টাব্দত।

(গ) ১৭৫১ খ্ৰীষ্টাব্দত।

(ঘ) ১৯৫১ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ক) ১৮৫১ খ্ৰীষ্টাব্দত।

৭। পৃথিৱীয়ে নিজৰ অক্ষত ঘূৰাৰ উপৰিও এক নিৰ্দিষ্ট উপবৃত্তাকাৰ পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে, এই গতিটোক কি বোলে?

(ক) ঘূর্ণন গতি।

(খ) পৰিব্ৰমণ বা বাৰ্ষিক গতি।

(গ) দৈনিক গতি।

(ঘ) দোলন গতি।

উত্তৰঃ (খ) পৰিব্ৰমণ বা বাৰ্ষিক গতি।

৮। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ কৰিবলৈ কিমান সময় লয়?

(ক) 365 দিন।

(খ) 366 দিন।

(গ) 365 ¼ দিন।

(ঘ) 24 ঘণ্টা।

উত্তৰঃ (গ) 365 ¼ দিন।

৯। প্ৰাচীন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্টই লিখা গুৰুত্বপূৰ্ণ গ্ৰন্থখনৰ নাম কি?

(ক) সূৰ্য সিদ্ধান্ত।

(খ) আৰ্যভট্টীয়।

(গ) সিদ্ধান্ত শিৰোমণি।

(ঘ) পঞ্চসিদ্ধান্তিকা।

উত্তৰঃ (খ) আৰ্যভট্টীয়।

১০। পৃথিৱীৰ কক্ষপথটো দেখিবলৈ কেনেকুৱা?

(ক) সম্পূৰ্ণ বৃত্তাকাৰ।

(খ) ত্ৰিভুজাকাৰ।

(গ) আয়তাকাৰ।

(ঘ) প্ৰায় বৃত্তাকাৰ।

উত্তৰঃ (ঘ) প্ৰায় বৃত্তাকাৰ।

১১। 21 জুনৰ দিনাখন উত্তৰ গোলাৰ্ধত দিন-ৰাতিৰ অৱস্থা কেনেকুৱা হয়?

(ক) আটাইতকৈ চুটি দিন আৰু আটাইতকৈ দীঘল ৰাতি।

(খ) আটাইতকৈ দীঘল দিন আৰু আটাইতকৈ চুটি ৰাতি।

(গ) দিন আৰু ৰাতি সমান।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) আটাইতকৈ দীঘল দিন আৰু আটাইতকৈ চুটি ৰাতি।

১২। 21 জুনৰ দিনটোক কি বুলি কোৱা হয়?

(ক) শীত সংক্ৰান্তি।

(খ) গ্ৰীষ্ম সংক্ৰান্তি বা উত্তৰায়ণান্ত।

(গ) জলবিষুৱ।

(ঘ) মহাবিষুৱ।

উত্তৰঃ (খ) গ্ৰীষ্ম সংক্ৰান্তি বা উত্তৰায়ণান্ত।

১৩। 22 ডিচেম্বৰৰ দিনটোক কি বুলি কোৱা হয়?

(ক) গ্ৰীষ্ম সংক্ৰান্তি।

(খ) শীত সংক্ৰান্তি বা দক্ষিণায়ণান্ত।

(গ) শৰৎ বিষুৱ।

(ঘ) বসন্ত বিষুৱ।

উত্তৰঃ (খ) শীত সংক্ৰান্তি বা দক্ষিণায়ণান্ত।

১৪। সূৰ্যগ্ৰহণ কেতিয়া সংঘটিত হয়?

(ক) পূৰ্ণিমা তিথিত।

(খ) অষ্টমী তিথিত।

(গ) অমাৱস্যা তিথিত।

(ঘ) একাদশী তিথিত।

উত্তৰঃ (গ) অমাৱস্যা তিথিত।

১৫। সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰৰ অৱস্থান ক’ত থাকে?

(ক) সূৰ্য আৰু পৃথিৱীৰ মাজত।

(খ) সূৰ্যৰ পিছফালে।

(গ) পৃথিৱীৰ পিছফালে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) সূৰ্য আৰু পৃথিৱীৰ মাজত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top