SEBA Class 7 Science MCQ Chapter 1 আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science MCQ Chapter 1 আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন Solutions and select need one. SEBA Class 7 Science Multiple Choice Notes in Assamese Download PDF. SCERT Class 7 Science MCQs New Textbook in Assamese.
SEBA Class 7 Science MCQ Chapter 1 আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Objective Type Question Answer for All Chapters, You can practice these here.
আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Chapter: 1
| MCQ |
শুদ্ধ উত্তৰটো বাছি উলিওৱা:
১। কোন ধৰণৰ পৰিৱৰ্তনত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়?
(ক) ৰাসায়নিক পৰিৱৰ্তন।
(খ) ভৌতিক পৰিৱৰ্তন।
(গ) জৈৱিক পৰিৱৰ্তন।
(ঘ) অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন।
উত্তৰঃ (খ) ভৌতিক পৰিৱৰ্তন।
২। কাগজ ফালি টুকুৰা কৰাটো এটা:
(ক) ৰাসায়নিক পৰিৱৰ্তন।
(খ) ভৌতিক পৰিৱৰ্তন।
(গ) পৰ্যাবৃত্ত পৰিৱৰ্তন।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) ভৌতিক পৰিৱৰ্তন।
৩। তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ?
(ক) পানী উতলোৱা।
(খ) কাগজ ফালি টুকুৰা কৰা।
(গ) মমবাতি জ্বলোৱা।
(ঘ) ৰবৰবেণ্ড এডাল টানি ধৰা।
উত্তৰঃ (গ) মমবাতি জ্বলোৱা।
৪। ৰাসায়নিক পৰিৱৰ্তনত মূল পদাৰ্থটোৰ কি হয়?
(ক) ধৰ্ম একেই থাকে।
(খ) কেৱল আকাৰ সলনি হয়।
(গ) সম্পূৰ্ণ বেলেগ ধৰ্মৰ নতুন পদাৰ্থ সৃষ্টি হয়।
(ঘ) কেৱল অৱস্থাৰ পৰিৱৰ্তন হয়।
উত্তৰঃ (গ) সম্পূৰ্ণ বেলেগ ধৰ্মৰ নতুন পদাৰ্থ সৃষ্টি হয়।
৫। তলৰ কোনটো পৰিৱৰ্তন সাধাৰণতে প্ৰত্যাৱৰ্তী (Reversible)?
(ক) গাখীৰ দৈ হোৱা।
(খ) মম গলি যোৱা।
(গ) কাগজ জ্বলোৱা।
(ঘ) লোহাত মামৰে ধৰা।
উত্তৰঃ (খ) মম গলি যোৱা।
৬। পানী উতলাই ভাপলৈ ৰূপান্তৰ কৰাটো কি ধৰণৰ পৰিৱৰ্তন?
(ক) ৰাসায়নিক।
(খ) ভৌতিক।
(গ) অপ্ৰত্যাৱৰ্তী।
(ঘ) জৈৱিক।
উত্তৰঃ (খ) ভৌতিক।
৭। মেগনেছিয়ামৰ ফিতা এডাল বায়ুত জ্বলালে কি উৎপন্ন হয়?
(ক) মেগনেছিয়াম কাৰ্বনেট।
(খ) মেগনেছিয়াম অক্সাইড।
(গ) মেগনেছিয়াম ছালফেট।
(ঘ) মেগনেছিয়াম ক্ল’ৰাইড।
উত্তৰঃ (খ) মেগনেছিয়াম অক্সাইড।
৮। মেগনেছিয়াম ফিটা জ্বলালে পোৱা ছাইখিনি প্ৰকৃতিগতভাৱে কেনেকুৱা?
(ক) আম্লিক।
(খ) ক্ষাৰকীয়।
(গ) প্ৰশম।
(ঘ) লুণীয়া।
উত্তৰঃ (খ) ক্ষাৰকীয়।
৯। ভিনেগাৰ আৰু বেকিং ছ’ডা মিহলালে কোনবিধ গেছ উৎপন্ন হয়?
(ক) অক্সিজেন।
(খ) হাইড্ৰ’জেন।
(গ) কাৰ্বন ডাইঅক্সাইড।
(ঘ) নাইট্ৰ’জেন।
উত্তৰঃ (গ) কাৰ্বন ডাইঅক্সাইড।
১০। চুণৰ পানীৰ মাজেৰে কাৰ্বন ডাইঅক্সাইড গেছ পঠালে পানীখিনিৰ ৰং কেনেকুৱা হয়?
(ক) নীলা হয়।
(খ) গাখীৰৰ দৰে বগা হয়।
(গ) স্বচ্ছ হয়।
(ঘ) ৰঙা হয়।
উত্তৰঃ (খ) গাখীৰৰ দৰে বগা হয়।
১১। চুণৰ পানী আৰু কাৰ্বন ডাইঅক্সাইডৰ বিক্ৰিয়াত উৎপন্ন হোৱা নতুন পদাৰ্থবিধ কি?
(ক) কেলছিয়াম অক্সাইড।
(খ) কেলছিয়াম কাৰ্বনেট।
(গ) কেলছিয়াম হাইড্ৰক্সাইড।
(ঘ) কেলছিয়াম ক্ল’ৰাইড।
উত্তৰঃ (খ) কেলছিয়াম কাৰ্বনেট।
১২। মামৰৰ (Rust) ৰাসায়নিক নাম কি?
(ক) আইৰন অক্সাইড।
(খ) আইৰন ছালফেট।
(গ) আইৰন কাৰ্বনেট।
(ঘ) কপাৰ অক্সাইড।
উত্তৰঃ (ক) আইৰন অক্সাইড।
১৩। লোহাত মামৰে ধৰিবলৈ কোন দুটা উপাদানৰ প্ৰয়োজন?
(ক) বায়ু আৰু তাপ।
(খ) পানী আৰু নাইট্ৰ’জেন।
(গ) বায়ু আৰু পানী।
(ঘ) কাৰ্বন ডাইঅক্সাইড আৰু পানী।
উত্তৰঃ (গ) বায়ু আৰু পানী।
১৪। কটা আপেল বা বেঙেনা কিছু সময় থৈ দিলে মুগা বৰণৰ হৈ পৰে, ইয়াৰ কাৰণ কি?
(ক) শুকাই যোৱাৰ বাবে।
(খ) অক্সিজেনৰ লগত বিক্ৰিয়া কৰাৰ বাবে।
(গ) ধূলি পৰাৰ বাবে।
(ঘ) ই এটা ভৌতিক পৰিৱৰ্তন।
উত্তৰঃ (খ) অক্সিজেনৰ লগত বিক্ৰিয়া কৰাৰ বাবে।
১৫। লোহাৰ গেট বা সামগ্ৰীত মামৰে নধৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰা হয়?
(ক) ধুই দিয়া হয়।
(খ) ৰং বা গ্ৰীজ সনা হয়।
(গ) গৰম কৰা হয়।
(ঘ) ৰ’দত দিয়া হয়।
উত্তৰঃ (খ) ৰং বা গ্ৰীজ সনা হয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

