SEBA Class 7 Science Important Chapter 18 বৰ্জিত পানীৰ কথা

SEBA Class 7 Science Important Chapter 18 বৰ্জিত পানীৰ কথা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 18 বৰ্জিত পানীৰ কথা Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.

SEBA Class 7 Science Important Chapter 18 বৰ্জিত পানীৰ কথা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.

Chapter: 18

IMPORTANT QUESTION AND ANSWER

১। “পানীয়েই প্ৰাণ” বুলি ক’ত আৰু কেতিয়া ঘোষণা কৰা হৈছিল?

উত্তৰঃ ৰাষ্ট্ৰসংঘই ২০০৫-২০১৫ সময়ছোৱাক “পানীয়েই প্ৰাণ” হিচাপে ঘোষণা কৰিছিল।

২। পূতিজল বুলিলে কি বুজা যায়?

উত্তৰঃ পূতিজল হৈছে ঘৰ, চিকিৎসালয়, উদ্যোগ আদি স্থানৰ পৰা ওলাই অহা মল-মূত্র মিশ্ৰিত দূষিত পানী।

৩। পূতিজল উপচাৰ নহ’লে কি হ’ব পাৰে?

উত্তৰঃ ই পানীজানিত ৰোগ যেনে ক’লেৰা, টাইফয়েড, হেপাটাইটিছ আদিৰ বিস্তাৰৰ কাৰণ হ’ব পাৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। পূতিজল উপচাৰৰ কেইটা ধাপ আছে?

উত্তৰঃ তিনিধৰণৰ ধাপ থাকে – ভৌতিক, ৰাসায়নিক আৰু জৈৱিক ধাপ।

৫। পূতিজলৰ ভৌতিক ধাপত কি কৰা হয়?

উত্তৰঃ পূতিজলৰ ভৌতিক ধাপত ডাঙৰ বস্তু যেনে কাপোৰ, প্লাষ্টিক আঁতৰোৱা হয়।

৬। পূতিজলৰ জৈৱিক ধাপত কি হয়?

উত্তৰঃ পূতিজলৰ জৈৱিক ধাপত বায়ু সঞ্চালনৰ মাধ্যমে বেক্টেৰিয়াই দূষিত পদাৰ্থ ভাঙি পেলায়।

৭। মলিয়ন বোকাৰ ব্যৱহাৰ কিহৰ বাবে কৰা হয়?

উত্তৰঃ মলিয়ন বোকাৰ ব্যৱহাৰ  জৈৱ গেছ উৎপাদন আৰু শুকান গেদ সাৰ হিচাপে ব্যৱহাৰ কৰা হয়।

৮। মুকলি ঠাইত মল ত্যাগৰ কেতবোৰ ক্ষতিকাৰক প্ৰভাৱ লিখা।

উত্তৰঃ মুকলি ঠাইত মল ত্যাগ কৰিলে পানী আৰু মাটি দুয়ো দূষিত হয় আৰু ৰোগ বিস্তাৰ হয়।

৯। স্বাস্থ্যসম্মত অনাময় ব্যৱস্থাৰ বিকল্প কি কি?

উত্তৰঃ স্বল্প ব্যয়ৰ শৌচালয়, মল টেংকি আৰু জৈৱ গেছ প্রকল্প।

১০। নাগৰিক হিচাপে আমি কি দায়িত্ব ল’ব লাগে?

উত্তৰঃ নর্দমাত চর্বি, ৰাসায়নিক বা অখাদ্য পদাৰ্থ নেপেলোৱা, জাবৰৰ উপযুক্ত নিষ্কাশন কৰা, আৰু পানীৰ উৎস পৰিষ্কাৰ ৰখা।

খালী ঠাই পূৰ কৰা:

১। পূতিজল হৈছে ঘৰ, উদ্যোগ, চিকিৎসালয় আদি উৎসৰ পৰা ওলাই অহা __________ পানী।

উত্তৰঃ পূতিজল হৈছে ঘৰ, উদ্যোগ, চিকিৎসালয় আদি উৎসৰ পৰা ওলাই অহা বর্জিত পানী।

২। বালিৰ ফিল্টাৰে __________ আঁতৰোৱা হয়।

উত্তৰঃ বালিৰ ফিল্টাৰে জুলীয়া পদাৰ্থ আঁতৰোৱা হয়।

৩। মলিয়ন বোকাখিনিক অবায়বীয় _______________ দ্বাৰা পচোৱা হয়।

উত্তৰঃ মলিয়ন বোকাখিনিক অবায়বীয় বেক্টেৰিয়াৰ দ্বাৰা পচোৱা হয়।

৪। ক্ল’ৰিনে পানীত থকা __________ ধ্বংস কৰে।

উত্তৰঃ ক্ল’ৰিনে পানীত থকা বীজাণু ধ্বংস কৰে।

৫। স্বাস্থ্যসন্মত অভ্যাস গ্রহণ কৰাটো আমাৰ __________ হোৱা উচিত।

উত্তৰঃ স্বাস্থ্যসন্মত অভ্যাস গ্রহণ কৰাটো আমাৰ জীৱনৰ আদৰ্শ হোৱা উচিত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top