SEBA Class 7 Science Important Chapter 12 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ

SEBA Class 7 Science Important Chapter 12 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 12 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.

SEBA Class 7 Science Important Chapter 12 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.

Chapter: 12

IMPORTANT QUESTION AND ANSWER

১। শৰীৰৰ পৰা হৃদযন্ত্ৰলৈ তেজ কিহেৰে চলাচল কৰে?

উত্তৰঃ শৰীৰৰ পৰা হৃদযন্ত্ৰলৈ তেজ সিৰা (Vein)/ ধমনী (Artery) ৰ জৰিয়তে চলাচল কৰে।

২। তেজৰ ৰং ৰঙা কিয় হয়?

উত্তৰঃ তেজৰ ৰং ৰঙা হোৱাৰ কাৰণ হ’ল ইয়াৰ ভিতৰত থকা হিম’গ্লবিন নামৰ ৰঞ্জক পদাৰ্থ, যি অক্সিজেনৰ সৈতে যুক্ত হৈ ৰঙা তেজৰ সৃষ্টি কৰে।

৩। উদ্ভিদে পানী কেনেকৈ আহৰণ কৰে?

উত্তৰঃ উদ্ভিদে পানী জাইলেম (Xylem) কলাৰ জৰিয়তে মাটিৰ পৰা আহৰণ কৰে

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। RBC ৰ কাম কি?

উত্তৰঃ RBC (Red Blood Cell)-ৰ মূল কাম হৈছে শৰীৰত অক্সিজেন পৰিবহণ কৰা আৰু তেজৰ জৰিয়তে ই শক্তি উৎপন্নত সহায় কৰে।

৫। WBC ৰ কাম কি?

উত্তৰঃ WBC (White Blood Cell)-ৰ কাম হৈছে শৰীৰত প্ৰৱেশ কৰা বেমাৰৰ বীজাণু ধ্বংস কৰি শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰা।

৬। অণুচক্রিকাৰ কাম কি?

উত্তৰঃ অণুচক্রিকাই (Platelet) শৰীৰত কোনো আঘাতৰ ফলত হোৱা ৰক্তক্ষৰণ বন্ধ কৰাৰ কাম কৰে।

৭। নাড়ীবেগ কাক বোলে?

উত্তৰঃ হৃদপিণ্ডে স্পন্দন কৰোঁতে ধমনীৰ মাজেৰে তেজৰ চাপত সৃষ্টি হোৱা ধপধপনি অনুভৱক নাড়ীবেগ (Pulse) বোলে।

৮। সুস্থ মানুহৰ নাড়ীবেগ কিমান?

উত্তৰঃ এজন সুস্থ প্রাপ্তবয়স্ক মানুহৰ নাড়ীবেগ প্ৰতি মিনিটত ৭২ ৰ পৰা ৮০ টালৈ হোৱাটো স্বাভাৱিক।

৯। হৃদযন্ত্ৰৰ পৰা হাওঁফাওঁলৈ অক্সিজেনবিহীন তেজ ক’ত যায়?

উত্তৰঃ হৃদযন্ত্ৰৰ পৰা অক্সিজেনবিহীন তেজ ক্লোমধমনি (Pulmonary Artery) ৰ জৰিয়তে হাওঁফাওঁলৈ যায়।

খালী ঠাই পূৰ কৰা:

১। তেজৰ জুলীয়া অংশটোক ____________ বোলে।

উত্তৰঃ তেজৰ জুলীয়া অংশটোক প্লাজমা বোলে।

২। তেজত _____________ নামৰ ৰঞ্জক পদাৰ্থ থাকে। 

উত্তৰঃ তেজত হিম’গ্লবিন নামৰ ৰঞ্জক পদাৰ্থ থাকে। 

৩। বৃক্কৰ পৰা প্ৰস্ৰাৱ _____________ মাজেদি আহি মূত্রাশয়ত প্ৰৱেশ কৰে।

উত্তৰঃ বৃক্কৰ পৰা প্ৰস্ৰাৱ মূত্ৰনলীৰ মাজেদি আহি মূত্রাশয়ত প্ৰৱেশ কৰে।

৪। সিৰাৰ বেৰ ____________ আৰু ইয়াত কপাট থাকে।

উত্তৰঃ সিৰাৰ বেৰ পাতল আৰু ইয়াত কপাট থাকে।

৫। উদ্ভিদত পানী আৰু খনিজ পোষকদ্রব্য কঢ়িয়ায় ___________ নামৰ সংবহন কলাই।

উত্তৰঃ উদ্ভিদত পানী আৰু খনিজ পোষকদ্রব্য কঢ়িয়ায় জাইলেম নামৰ সংবহন কলাই।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top