SEBA Class 6 Science MCQ Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশ

SEBA Class 6 Science MCQ Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশ Question Answer in Assamese Medium, Class 6 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 6 Science MCQ Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশ Notes and select need one.

SEBA Class 6 Science MCQ Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 6 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 6 Science MCQ Solutions for All Subject, You can practice these here.

জীৱ আৰু ইয়াৰ চৌপাশ

Chapter – 9

MCQ

১। সাগৰৰ উদ্ভিদ আৰু প্ৰাণীবোৰ কেনেকুৱা পানীৰে আবৃত হৈ থাকে?

(i) মিঠা।

(ii) লুণীয়া।

(iii) তৰল গ্যাস।

(iv) তেলীয়া।

উত্তৰঃ (ii) লুণীয়া।

২। উটৰ গোবৰ কেনেকুৱা হয়?

(i) সঘন।

(ii) পানীয়।

(iii) বতৰীয়।

(iv) শুকান।

উত্তৰঃ (iv) শুকান।

৩। মাছক ৰক্ষা আৰু পানীত সহজে চলাচল কৰাত কিহে সহায় কৰে?

(i) পিছল বাকলি।

(ii) ফিচা।

(iii) পাখি।

(iv) ফুলা।

উত্তৰঃ (i) পিছল বাকলি।

৪। মাছত থকা ফুলবোৰে মাছক কি গ্ৰহণ কৰাত সহায় কৰে?

(i) খাদ্য।

(ii) অক্সিজেন।

(iii) তাপ।

(iv) পানী।

উত্তৰঃ (ii) অক্সিজেন।

৫। মাছৰ গতি সলোৱা আৰু দেহৰ ভাৰসাম্য ৰক্ষা কৰাত কিহে সহায় কৰে?

(i) ফিচা আৰু পাখি।

(ii) পিছল বাকলি।

(iii) ফুলা।

(iv) আঁঠু।

উত্তৰঃ (i) ফিচা আৰু পাখি।

৬। কোনটো শব্দৰ দ্বাৰা উদ্ভিদ বা প্ৰাণীয়ে বাচি থাকিবৰ বাবে লোৱা বিশেষ উপায়ক বুজোৱা হয়?

(i) বিকাশ।

(ii) ৰক্ষা।

(iii) অভিযোজন।

(iv) বৃদ্ধি।

উত্তৰঃ (iii) অভিযোজন।

৭। জীৱবিলাকে বাস কৰা চৌপাশক কি বোলা হয়?

(i) আৱাসস্থলী বা বাসস্থান।

(ii) জলবায়ু।

(iii) খাদ্য।

(iv) আশ্রয়।

উত্তৰঃ (i) আৱাসস্থলী বা বাসস্থান।

৮। আৱাসস্থলী কি?

(i) জীৱৰ খাদ্য।

(ii) জীৱৰ বাস কৰা ঠাই।

(iii) জীৱৰ অভ্যাস।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) জীৱৰ বাস কৰা ঠাই।

৯। যিবিলাক উদ্ভিদ আৰু প্ৰাণীয়ে মাটিত বাস কৰে তেনেবিলাকক ক’ত বাস কৰা বুলি কোৱা হয়?

(i) জলজ আৱাসস্থলীত।

(ii) পৰ্বতীয়া আৱাসস্থলীত।

(iii) উপকূলীয় আৱাসস্থলীত।

(iv) স্থলজ আৱাসস্থলীত।

উত্তৰঃ (iv) স্থলজ আৱাসস্থলীত।

১১। স্থলজ আৱাসস্থলীৰ উদাহৰণ হৈছে–

(i) পুখুৰী আৰু বিল।

(ii) হাবি আৰু ঘাঁহনি।

(iii) নদী আৰু মহাসাগৰ।

(iv) জলাশয় আৰু জলপ্ৰপাত।

উত্তৰঃ (ii) হাবি আৰু ঘাঁহনি।

১২। যিবিলাক উদ্ভিদ আৰু প্ৰাণীয়ে পানীত বাস কৰে সেইবোৰক ক’ত বাস কৰা বুলি কোৱা হয়?

(i) স্থলজ আৱাসস্থলীত।

(ii) পৰ্বতীয়া আৱাসস্থলীত।

(iii) উপকূলীয় আৱাসস্থলীত।

(iv) জলজ আৱাসস্থলীত।

উত্তৰঃ (iv) জলজ আৱাসস্থলীত।

১৩। কোনটো আৱাসস্থলী পানীৰ সৈতে সম্পৰ্কিত?

(i) হাবি।

(ii) ঘাঁহনি।

(iii) জলজ।

(iv) মৰুভূমি।

উত্তৰঃ (iii) জলজ।

১৪। চৌপাশৰ পৰিৱৰ্তনৰ কাৰণে যিবোৰ সৰু সুৰা সমস্যাৰ সৃষ্টি হয় সেইবোৰ প্ৰতিৰোধ কৰাৰ বাবে সংঘটিত পৰিৱৰ্তনক কি বোলা হয়?

(i) পাৰিস্থিতিক অনুকূলন।

(ii) পৰিৱর্তন।

(iii) অভিযোজন।

(iv) বংশবৃদ্ধি।

উত্তৰঃ (i) পাৰিস্থিতিক অনুকূলন।

১৫। অভিযোজন সংঘটিত হ’বলৈ কিমান সময়ৰ প্ৰয়োজন?

(i) কিছু দিন।

(ii) হেজাৰ বছৰ।

(iii) এশ বছৰ।

(iv) কিছু সপ্তাহ।

উত্তৰঃ (ii) হেজাৰ বছৰ।

১৬। মৰুভূমিৰ উদ্ভিদৰ সালোক সংশ্লেষণ কিদৰে সংঘটিত হয়?

(i) পাতৰ দ্বাৰা।

(ii) শিপাৰ দ্বাৰা।

(iii) ফুলৰ দ্বাৰা।

(iv) কাণ্ডৰ দ্বাৰা।

উত্তৰঃ (iv) কাণ্ডৰ দ্বাৰা।

১৭। জলজ উদ্ভিদৰ শিপাৰ মূল কাম কি?

(i) পানী আৰু পোষক দ্রৱ্য শোষণ কৰা।

(ii) উদ্ভিদজোপা সঠিক ঠাইতে ধৰি ৰখা।

(iii) সূৰ্যৰ পোহৰ গ্ৰহণ কৰা।

(iv) বতাহক শোষণ কৰা।

উত্তৰঃ (ii) উদ্ভিদজোপা সঠিক ঠাইতে ধৰি ৰখা।

১৮। আমাৰ পৰিৱেশৰ যিবোৰ পৰিৱৰ্তনৰ বাবে আমাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় তাক কি বোলে?

(i) প্ৰত্যাবর্তন।

(ii) ইমপালছ।

(iii) উদ্দীপক।

(iv) প্ৰতিক্ৰিয়া।

উত্তৰঃ (iii) উদ্দীপক।

১৯। জীৱই নিজৰ শৰীৰৰ পৰা বৰ্জিত পদাৰ্থবোৰ আঁতৰাই পেলোৱাক কি বোলে?

(i) পৰিপাক ক্রিয়া।

(ii) ৰেচন ক্রিয়া।

(iii) প্ৰজনন।

(iv) শ্বাস-প্ৰশ্বাস।

উত্তৰঃ (ii) ৰেচন ক্রিয়া।

২০। জীৱিত বস্তুৱে কিহৰ জৰিয়তে তাৰ নিজৰ নিচিনা অধিক জীৱৰ জন্ম দিয়ে?

(i) পৰিপাক ক্রিয়া।

(ii) ৰেচন ক্রিয়া।

(iii) শ্বাস-প্ৰশ্বাস।

(iv) প্ৰজনন।

উত্তৰঃ (iv) প্ৰজনন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top