SEBA Class 6 Science MCQ Chapter 2 খাদ্যৰ উপাদান

SEBA Class 6 Science MCQ Chapter 2 খাদ্যৰ উপাদান Question Answer in Assamese Medium, Class 6 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 6 Science MCQ Chapter 2 খাদ্যৰ উপাদান Notes and select need one.

SEBA Class 6 Science MCQ Chapter 2 খাদ্যৰ উপাদান

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 6 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 6 Science MCQ Solutions for All Subject, You can practice these here.

খাদ্যৰ উপাদান

Chapter – 2

MCQ

১। 100ml পানীত কিমান গ্ৰাম কপাৰ ছালফেট দ্ৰৱীভূত কৰি ক’পাৰ ছালফেট দ্ৰৱ প্ৰস্তুত কৰিব পাৰি?

(i) 1 গ্ৰাম।

(ii) 2 গ্ৰাম।

(iii) 3 গ্ৰাম।

(iv) 5 গ্ৰাম।

উত্তৰঃ (ii) 2 গ্ৰাম।

২। 100ml পানীত কিমান গ্ৰাম কষ্টিক ছ’ডা দ্ৰৱীভূত কৰি প্ৰয়োজনীয় ক’পাৰ কষ্টিক ছ’ডাৰ দ্ৰৱ প্ৰস্তুত কৰিব পাৰি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) 5 গ্ৰাম।

(ii) 7 গ্ৰাম।

(iii) 9 গ্ৰাম।

(iv) 10 গ্ৰাম।

উত্তৰঃ (iv) 10 গ্ৰাম।

৩। বেঙুনীয়া ৰঙে খাদ্যবস্তুত কি থকাটো সূচায়?

(i) প্ৰ’টিন।

(ii) চেনি।

(iii) স্নেহপদার্থ।

(iv) আয়’ডিন।

উত্তৰঃ (i) প্ৰ’টিন।

৪। কাগজত তেলেতীয়া দাগ লাগিলে খাদ্যবস্তুত কি থকাটো সূচায়?

(i) প্ৰ’টিন।

(ii) চেনি।

(iii) স্নেহপদার্থ।

(iv) আয়’ডিন।

উত্তৰঃ (iii) স্নেহপদার্থ।

৫। কাৰ্ব’হাইড্ৰেটে আমাৰ দেহত কি যোগায়?

(i) প্ৰ’টিন।

(ii) শক্তি।

(iii) ভিটামিন।

(iv) খনিজ লৱণ।

উত্তৰঃ (ii) শক্তি।

৬। কাৰ্ব’হাইড্ৰেট আৰু স্নেহপদাৰ্থ থকা খাদ্যসমূহক কি বুলি কোৱা হয়?

(i) প্ৰ’টিনযুক্ত খাদ্য।

(ii) আঁহজাতীয় খাদ্য।

(iii) হজমৰ সহায়ক খাদ্য।

(iv) শক্তিদায়ক খাদ্য।

উত্তৰঃ (iv) শক্তিদায়ক খাদ্য।

৭। শৰীৰৰ বৃদ্ধি আৰু পুনৰ গঠনৰ বাবে কোনটো উপাদানৰ প্ৰয়োজন?

(i) কাৰ্ব’হাইড্ৰেট।

(ii) স্নেহপদাৰ্থ।

(iii) প্ৰ’টিন।

(iv) ভিটামিন।

উত্তৰঃ (iii) প্ৰ’টিন।

৮। প্ৰ’টিন থকা খাদ্যবস্তুবোৰক কি বুলি কোৱা হয়?

(i) শৰীৰ বৰ্দ্ধক খাদ্য।

(ii) হজমৰ সহায়ক খাদ্য।

(iii) শক্তিদায়ক খাদ্য।

(iv) আঁহজাতীয় খাদ্য।

উত্তৰঃ (i) শৰীৰ বৰ্দ্ধক খাদ্য।

৯। আমাৰ শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিবলৈ কোনটো উপাদানৰ প্ৰয়োজন?

(i) কাৰ্ব’হাইড্ৰেট।

(ii) ভিটামিন।

(iii) স্নেহপদাৰ্থ।

(iv) প্ৰ’টিন।

উত্তৰঃ (ii) ভিটামিন।

১০। কেলছিয়ামে আমাৰ শৰীৰৰ কোনবোৰ অংগৰ সুস্থতা বজাই ৰাখিবলৈ সহায় কৰে?

(i) মস্তিষ্ক আৰু হৃদযন্ত্ৰ।

(ii) মূত্ৰবাহ আৰু মাংসপেশী।

(iii) পাকযন্ত্ৰ আৰু যকৃত।

(iv) হাড় আৰু দাঁত।

উত্তৰঃ (iv) হাড় আৰু দাঁত।

১১। শৰীৰৰ সঠিক বৃদ্ধি আৰু সুস্বাস্থ্য ৰক্ষা কৰিবলৈ কিহৰ প্ৰয়োজন?

(i) খনিজ লৱণ।

(ii) প্ৰ’টিন।

(iii) ভিটামিন।

(iv) কাৰ্ব’হাইড্ৰেট।

উত্তৰঃ (i) খনিজ লৱণ।

১২। কোনটো ভিটামিনে আমাৰ শৰীৰৰ ছাল আৰু চকু ভাল ৰাখে?

(i) ভিটামিন A

(ii) ভিটামিন B

(iii) ভিটামিন C

(iv) ভিটামিন D

উত্তৰঃ (i) ভিটামিন A

১৩। কোনটো ভিটামিনে আমাৰ শৰীৰক বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে?

(i) ভিটামিন A

(ii) ভিটামিন B

(iii) ভিটামিন C

(iv) ভিটামিন D

উত্তৰঃ (iii) ভিটামিন C

১৪। আঁহযুক্ত খাদ্যক কি বুলি কোৱা হয়?

(i) ৰুক্ষাহাৰ।

(ii) স্নেহপদাৰ্থ।

(iii) কাৰ্ব’হাইড্ৰেট।

(iv) ভিটামিন।

উত্তৰঃ (i) ৰুক্ষাহাৰ।

১৫। পৰিপোষকসমূহৰ দীর্ঘদিনীয়া অভাৱত হোৱা ৰোগক কি বুলি কোৱা হয়?

(i) ভাইৰাছ জনিত ৰোগ।

(ii) সংক্রামক ৰোগ।

(iii) অভাৱজনিত ৰোগ।

(iv) কেঞ্চাৰ।

উত্তৰঃ (iii) অভাৱজনিত ৰোগ।

১৬। আঁহযুক্ত খাদ্যৰ মূল উৎসসমূহৰ ভিতৰত কোনবোৰ অন্তর্ভুক্ত হয়?

(i) গাখীৰ আৰু মাংস।

(ii) গোটা শস্য, আলু, সতেজ ফল-মূল আৰু শাক-পাচলি।

(iii) চেনি আৰু তেল।

(iv) সৰু মাছ আৰু দুধ।

উত্তৰঃ (ii) গোটা শস্য, আলু, সতেজ ফল-মূল আৰু শাক-পাচলি।

১৭। কোনটো আহাৰক সুষম আহাৰ বুলি কোৱা হয়?

(i) য’ত এটা পৰিপোষক অতি বেছি থাকে আৰু আন এটা কম থাকে।

(ii) য’ত সমগ্ৰ খাদ্য মিঠা আৰু তেলীয় হয়।

(iii) য’ত সকলো পৰিপোষক সঠিক পৰিমাণে থাকে।

(iv) য’ত পানী আৰু আঁহ নাথাকে।

উত্তৰঃ (iii) য’ত সকলো পৰিপোষক সঠিক পৰিমাণে থাকে।

১৮। নীলা-ক’লা ৰঙে কি থকাটো বুজায়?

(i) শ্বেতসাৰ।

(ii) ভিটামিন C

(iii) খনিজ লৱণ।

(iv) আঁহ।

উত্তৰঃ (i) শ্বেতসাৰ।

১৯। যিবিলাক উপাদান আমাৰ শৰীৰৰ বাবে প্ৰয়োজন সেই উপাদানসমূহক কি বোলে?

(i) ভিটামিন।

(ii) প্ৰ’টিন।

(iii) পৰিপোষক।

(iv) ৰাসায়নিক।

উত্তৰঃ (iii) পৰিপোষক।

২০। যথেষ্ট পৰিমাণৰ পানী আৰু আঁহ থকা আহাৰক কি বুলি কোৱা হয়?

(i) সুষম আহাৰ।

(ii) প্ৰ’টিন সমৃদ্ধ আহাৰ।

(iii) চর্বি সম্পন্ন আহাৰ।

(iv) শর্কৰা আহাৰ।

উত্তৰঃ (i) সুষম আহাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top