SEBA Class 10 Social Science Important Chapter 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

SEBA Class 10 Social Science Important Chapter 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Social Science Important Chapter 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Solutions in Assamese and select need one. Class 10 Social Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Social Science in Assamese.

SEBA Class 10 Social Science Important Chapter 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Social Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Social Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 4

প্ৰথম খণ্ড: ইতিহাস
IMPORTANT QUESTION AND ANSWER

১। অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱৰ্তী হৈছিল? 

উত্তৰঃ অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ আসাম এছ চিয়েচন নামৰ সংগঠনটোৱে বিশেষ চেষ্টা কৰি ফলৱৰ্তী হৈছিল।

২। কোন তাৰিখে ‘যোৰহাট সার্বজনিক সভাৰ সংগঠন গঢ়ি তোলা হৈছিল?

উত্তৰঃ ১৮৮৬ চনৰ ২ জুন তাৰিখে ‘যোৰহাট সার্বজনিক সভাৰ সংগঠন গঢ়ি তোলা হৈছিল।

৩। অসমত কেতিয়া শাস্তি সেনাবাহিনী গঠন কৰা হৈছিল?

উত্তৰঃ অসমত ১৯৪০-৪২ চনৰ ভিতৰত শাস্তি সেনাবাহিনী গঠন কৰা হৈছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ‘পূৰ্ণ স্বৰাজ দিৱস’ কেতিয়া পালন কৰা হৈছিল?

উত্তৰঃ ‘পূৰ্ণ স্বৰাজ দিৱস’ ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে পালন কৰা হৈছিল।

৫। ছাইমন কমিছন কেতিয়া গঠন হৈছিল?

উত্তৰঃ ছাইমন কমিছন ১৯২৭ চনত গঠন হৈছিল।

৬। উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক’ত স্থাপন হৈছিল?

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত স্থাপন হৈছিল।

৭। শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ শিলচৰ মেডিকেল কলেজ ১৯৬৮ চনত স্থাপিত হৈছিল।

৮। ‘হেমকোষ’ খনৰ ৰচক কোন?

উত্তৰঃ ‘হেমকোষ’ খনৰ ৰচক হ’ল- হেমচন্দ্ৰ বৰুৱা।

৯। অসমীয়া লিটাৰেৰী ছ’চাইটী কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰঃ দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত অসমীয়া লিটাৰেৰী ছ’চাইটী গঠন হৈছিল। 

১০। কিমান চনত আৰু ক’ত ‘আসাম এই চিয়েচন’ গঢ়ি তোলা হৈছিল?

উত্তৰঃ ১৮৬৭ চনত গুৱাহাটী চৰকাৰী ইংলিছ ছেমিনাৰী প্ৰাংগণত অনুষ্ঠিত এখন ৰাজহুৱা সভাত আসাম এছ চিয়েচন নামৰ সংগঠন এটি গঢ়ি তোলা হৈছিল।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। ১৮৫৭ চনৰ বিদ্ৰোহৰ অসমত প্ৰভাৱৰ বিষয়ে লিখা।

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ ভাৰতৰ ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰে। অসমতো এই বিদ্ৰোহৰ প্ৰভাৱ দেখা গৈছিল, যদিও ইয়াৰ পূৰ্ণমাত্রাত বিস্তাৰ হোৱা নাছিল। বিদ্ৰোহৰ পিছত ইংৰাজে অসমত শাসনক্ষমতা পুনৰ শক্তিশালী কৰে। ১৮৫৭ চনৰ বিদ্ৰোহৰ ফলত, অসমত ইংৰাজ শাসন অধিক শক্তিশালী হৈছিল আৰু শাসনব্যৱস্থাৰ পৰা কোনো প্ৰকৃত পৰিৱৰ্তন হোৱা নাছিল। তথাপি, বিদ্ৰোহৰ সময় অসমত কিছুসংখ্যক অসমীয়া নেতাই ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল, যদিও ইয়াৰ সম্পূর্ণ সফলতা নাছিল।

২। অসমীয়া ভাষা আন্দোলন আৰু ভাষাৰ স্বকীয়তা ৰক্ষাৰ বাবে জনসাধাৰণৰ ভূমিকা কি আছিল?

উত্তৰঃ অসমীয়াৰ ভাষাৰ স্বকীয়তা ৰক্ষাৰ বাবে ১৮৩৬ চনৰ পৰা ইংৰাজৰ দ্বাৰা বঙ্গালী ভাষাৰ প্ৰচলন আৰম্ভ কৰাৰ পিছত অসমত তীব্ৰ প্ৰতিবাদ চলি আছিল। অসমীয়া ভাষাৰ মাধ্যমত শিকাৰ আৰু চৰকাৰী কার্যাৱলীৰ পুনঃপ্ৰতিষ্ঠাৰ বাবে বিভিন্ন সামাজিক সংগঠনসমূহৰ জন্ম হৈছিল। এই আন্দোলনে অসমীয়া ভাষাৰ জাতীয় চেতনা গঢ়াই তুলিছিল আৰু অসমীয়াৰ সাহিত্যৰ উন্নতি সাধন কৰিছিল। ১৮৭৩ চনত অসমত প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাক চৰকাৰী মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top