⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 10 Maths Chapter 14 সম্ভাৱিতা

SEBA Class 10 Maths Chapter 14 সম্ভাৱিতা Question Answer Assamese Medium As Per New Syllabus. to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Maths Chapter 14 সম্ভাৱিতা Notes and select need one. SEBA Class 10 Maths Chapter 14 সম্ভাৱিতা Question Answer Download PDF. SEBA Class 10 General Mathematics Solutions in Assamese.

SEBA Class 10 Maths Chapter 14 সম্ভাৱিতা

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per Board of Secondary Education, Assam (SEBA) Book guidelines. SEBA Class 10 Maths Chapter 14 সম্ভাৱিতা are part of All Subject Solutions. Here we have given SEBA Solutions For Class 10 Mathematics in Assamese Medium for All Chapters, You can practice these here.

NEW VIDEO CLASSE

দশম শ্ৰেণীৰ গণিত পাঠ্যক্ৰমৰ ভিডিঅ’ উপলব্ধ

সহজ ব্যাখ্যা, অধ্যায়ভিত্তিক Video আৰু নোটসমূহ পাবলৈ তলৰ বিকল্পসমূহ বাছক

Chapter: 14

অনুশীলনীঃ 14.1

1. তলৰ উক্তিবোৰ সম্পূৰ্ণ কৰা:

(i) ঘটনা E ৰ সম্ভাবিতা + ঘটনা ‘E নহয়’ৰ সম্ভাবিতা =___________।

উত্তৰঃ ঘটনা E ৰ সম্ভাবিতা + ঘটনা ‘E নহয়’ৰ সম্ভাবিতা = 1

(ii) কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ’ল ____________। এনেকুৱা ঘটনাক কয় ___________।

উত্তৰঃ কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ’ল 0। এনেকুৱা ঘটনাক কয় অসম্ভৱ ঘটনা।

(iii) নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ’ল _____________। এনেকুৱা ঘটনাক ____________বোলে।

উত্তৰঃ নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ’ল 1। এনেকুৱা ঘটনাক নিশ্চিত ঘটনা বোলে।

(iv) এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ’ল ____________।

উত্তৰঃ এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ’ল 1।

(v) এটা ঘটনাৰ সম্ভাবিতা ____________ তকৈ ডাঙৰ বা সমান।  আৰু ____________ তকৈ সৰু বা সমান।

উত্তৰঃ এটা ঘটনাৰ সম্ভাবিতা 0 তকৈ ডাঙৰ বা সমান। আৰু 1 তকৈ সৰু বা সমান।

2. তলৰ কোনবোৰ পৰীক্ষাৰ ফলাফল সমশকা? ব্যাখ্যা কৰা।

(i) এজন ড্রাইভাৰে এখন গাড়ী স্টার্ট দিবলৈ যত্ন কৰিছে। গাড়ীখন স্টার্ট হ’বও পাৰে বা নহ’বও পাৰে।

উত্তৰঃ যিহেতু গাড়ীখন ষ্টার্ট হ’বও পাৰে বা নহ’বও পাৰে, গতিকে ফলাফল সমশক্য নহয়।

(ii) এজন খেলুৱৈয়ে এটা বাস্কেট বল ভৰাব বিচাৰিছে। তেওঁ ভৰাব পাৰে বা নোৱাৰিবও পাৰে।

উত্তৰঃ খেলুৱৈজনে বাস্কেট বলটো ভৰাব নোৱাৰিবও পাৰে আৰু পাৰিবও পাৰে। 

∴ ফলাফলটো সমশক্য নহয়।

(iii) এটা প্ৰশ্নৰ উত্তৰ সত্য বা অসত্য বুলি দিয়াৰ চেষ্টা কৰা হৈছে। উত্তৰটো শুদ্ধ বা অশুদ্ধ হ’ব পাৰে।

উত্তৰঃ প্ৰশ্নৰ উত্তৰটো সত্য বা অসত্য বুলি আগতেই জানিব পাৰে।

∴ গতিকে ফলাফলটো সমশক্য।

(iv) এটা কেচুৱা জন্ম হ’ল। এইটো ল’ৰা বা ছোৱালী হ’ব পাৰে।

উত্তৰঃ এটা কেঁচুৱা জন্মৰ পিছত ল’ৰা নে ছোৱালী সকলোৱে ক’ব পাৰে।

∴ গতিকে ফলাফলটো সমশকা।

3. এখন ফুটফল খেলত কোনটো দলে আৰম্ভণিতে বলটো লব সেয়া সিদ্ধান্ত লবলৈ কিয় এটা বিশুদ্ধ মুদ্ৰাৰ টচ্ কৰাটো দৰকাৰ বুলি বিবেচনা কৰে?

উত্তৰঃ এটা মুদ্রা টচ্ কৰিলে হয়তো মুণ্ড (H) বা পুচ্ছ (T) পৰিব পাৰে। H পোৱাটো এটা ঘটনা আৰু T পোৱাটো আন এটা ঘটনা। ইয়াত ঘটনাটো এটা সম-সম্ভাব্য ঘটনা।

4. তলৰ কোনকেইটা এটা ঘটনাৰ সম্ভাৱিতা হ’ব নোৱাৰে।

(A) 2/3 

(B) -1.5

(C) 15%

(D) 0.7

উত্তৰঃ (B) -1.5

5. যদি P(E) = 0.05, তেন্তে ‘E নহয়’ৰ সম্ভাৱিতা কি?

উত্তৰঃ P(E নহয়) = 1 – P (E) = 1 – 0.05 = 0.95

6. এটা মোনাত মাত্ৰ নেমুৰ স্বাদৰ মৰ্টন আছে। মালিনীয়ে মোনাটো নোচোৱাকৈ এটা মর্টন ল’লে। তেওঁ লোৱাটোৰ সম্ভাবিতা কি যাতে-

(i) এটা কমলা স্বাদৰ মৰ্টন লয়?

উত্তৰঃ যিহেতু মোনাটোত মাত্র নেমুৰ স্বাদৰ মৰ্টন আছে। 

∴ কমলাৰ স্বাদ পোৱাটো অসম্ভৱ ঘটনা। 

⇒ কমলাৰ স্বাদৰ মৰ্টন লোৱাৰ সম্ভাৱিতা = 0

(ii) এটা নেমু স্বাদৰ মৰ্টন লয়?

উত্তৰঃ আকৌ নেমুৰ স্বাদৰ মৰ্টন লোৱাৰ সম্ভাৱিতা = 1

7. এটা 3 জনীয়া ছাত্ৰৰ দলত দিয়া আছে যে 2 জন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা 0.992। 2 জন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাবিতা কি?

উত্তৰঃ ধৰা হ’ল A এটা ঘটনা যি একেই জন্মদিন থকা দুজন ছাত্র সূচিত কৰে।

∴ A একেই জন্মদিননথকা ঘটনা সূচিত কৰে। অর্থাৎ A = 0. 992

∴ P(A) = 1 – P(A) 

= 1-0.992 = 0.008 

∴ একেই জন্মদিন থকা ছাত্র দুটাৰ সম্ভৱিতা = 0.008 

8. এটা মোনাত ওটা ৰঙা আৰু ১টা ক’লা ৰঙৰ আছে। মোনাটোৰপৰা এটা বল যাদৃচ্ছিকভাবে টনা হ’ল। টনা বলটোৰ (ⅰ) ৰঙা ৰঙৰ হোৱা (ii) ৰঙা নোহোৱাৰ সম্ভাবিতা কি?

উত্তৰঃ মুঠ বলৰ সংখ্যা = 3 + 5 = 8

∴ অনুকুল ফলাফলৰ সংখ্যা = 8

(i) ৰঙা ৰঙৰ বল হোৱাঃ

∵ 3টা ৰঙা বল আছে

∴ মুঠ সপক্ষে ফলাফল = 3

∴ P (E) = E ৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা / পৰীক্ষাটোৰ সম্ভাব্য সকলো ফলাফলৰ সংখ্যা = 3/8

(ii) ৰঙা বল নোহোৱাঃ

ৰঙা বল নোহোৱাৰ সম্ভাৱিতা = 1 – 3/8 = 8 – 3/8 = 5/8

9. এটা বাকচত 5 টা ৰঙা মাৰ্বল, 8 টা বগা মার্বল আৰু 4 টা সেউজীয়া মার্বল আছে। বাকচৰপৰা যিকোনো এটা মার্বল যাদৃচ্ছিকভাবে লোৱা হ’ল। মাৰ্বলটোৰ

(i) ৰঙা হোৱা

(ii) বগা হোৱা

(iii) সেউজীয়া নোহোৱাৰ সম্ভাবিতা কি?

উত্তৰঃ ৰঙাবৰণৰ মাৰ্বলগুটিৰ সংখ্যা (R) = 5

সেউজীয়া বৰণৰ মাৰ্বলগুটিৰ সংখ্যা (G) = 4 বগা 

বৰণৰ মাৰ্বলগুটিৰ সংখ্যা (W) = 8

∴ মুঠ মাৰ্বলৰ সংখ্যা = 5 + 4 + 8 = 17

(i) P(R) = 5/17

(ii) P(W) = 8/17

(iii) P(G) = 4/17

∴ G : মার্কলটো সেউজীয়া নোহোৱাৰ সম্ভাবিতা = 1 – 4/17 = 17-4/17 = 13/17

10. এটা টেমাত এশটা 50 পইচা, পঞ্চাশটা 1 টকীয়া, বিশটা 2 টকীয়া আৰু দহটা টিকীয়া মুদ্রা আছে। টেমাটোৰ ওপৰমুখ তল কৰিলে এটা মুদ্রা ওলাই পৰাটো সমশক্য হ’লে, মুদ্রাটো

(i) 50 পইচা হোৱা

(ii) 5 টকীয়া নোহোৱাৰ সম্ভাবিতা কি?

উত্তৰঃ 50 পইচাৰ মুদ্রা = 100

1 টকীয়া মুদ্রা = 50 

2 টকীয়া মুদ্রা = 20 

5 টকীয়া মুদ্রা = 10 

মুঠ মুদ্রাৰ সংখ্যা = 100 + 50 + 20 + 5 = 180

(i) 50 পইচা হোৱা 

অনুকুল ফলাফল = 100

P(₅₀ ₚ) = 100/180 = 5/9

(ii) 5 টকীয়া নোহোৱা

∵ 5 টকীয়া মুদ্ৰাৰ সংখ্যা = 10

∴ 5 টকীয়া মুদ্রা নোহোৱাৰ সংখ্যা = 180 – 10 – 170

⇒ অনুকুল ফলাফল = 170

∴ 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা = 170/180 = 17/18

11. গোপীয়ে তেওঁৰ একুৱেৰিয়ামৰ বাবে এখন দোকানৰপৰা এটা মাছ কিনি আনিলে। চিত্র 14.2ত দেখুওৱাৰ দৰে দোকানীজনে ১টা মতা মাছ আৰু ৪ মাইকী মাছ থকা চৌব্বাচাৰ পৰা যাদৃচ্ছিকভাৱে যিকোনো এটা মাছ ধৰি দিলে। মাছটো মতা মাছ হোৱাৰ সম্ভাৱিতা কি?

উত্তৰঃ মতা মাছৰ সংখ্যা = 5 

মাইকী মাছৰ = 8 সংখ্যা 

∴ মুঠ মাছৰ সংখ্যা (5 + 8) = 13 

∴ মাছৰ সম্ভাৱিতা = 5/13

12. এখন খেল এডাল চলন্ত কাড়চিনযুক্ত, যিডাল 1, 2, 3, 4, 5, 6, 7, 8 যিকোনো এটা সংখ্যাৰ পিনে টোৱাই ৰৈ যায় আৰু এই ফলাফল সমশক্য। সম্ভাবিতা কি যাতে এইডালে গৈ ৰয়- চিত্র 14.3

(i) 8ত?

(ii) এটা অযুগ্ম সংখ্যাত?

(iii) 2তকৈ ডাঙৰ এটা সংখ্যাত?

(iv) 9 তকৈ সৰু এটা সংখ্যাত?

উত্তৰঃ 

(i) কাঁটাডাল 8 পোৱাৰ সম্ভাৱিতা = 1/8

(ii) 1ৰ পৰা 8 লৈ মুঠ 4টা অযুগ্ম সংখ্যা আছে 

⇒ অনুকূল ফলাফল = 4

কাঁটাডাল অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা = 4/8 = 1/2

(iii) 2তকৈ ডাঙৰ সংখ্যা 6

⇒ অনুকুল ফলাফল = 6 

গতিকে 2তকৈ ডাঙৰ সংখ্যাৰ সম্ভাৱিতা = 6/8 = 3/4

(iv) 9তকৈ সৰু সংখ্যা ৪টা

∴ অনুকুল ফলাফল = 8 

⇒ গতিকে ৪তকৈ সৰু সংখ্যাৰ সম্ভাৱিতা = 8/8 = 1

13. এটা লুডুগুটি এবাৰ মাৰি পঠিওৱা হৈছে।

(i) এটা মৌলিক সংখ্যা।

(ii) 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা।

(iii) এটা অযুগ্ম সংখ্যা, পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা।

উত্তৰঃ যিহেতু লুডু গুটিত থকা সংখ্যাকেইটা 1, 2, 3, 4, 5 আৰু 6 

∴ গতিকে মুঠ ফলাফল = 6

(i) মৌলিক সংখ্যা তিনিটা 2, 3 আৰু 5 

∴ অনুকুল ফলাফল = 3

এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা = 3/6 = 1/2

(ii) যিহেতু 2. আৰু 6ৰ মাজত থকা সংখ্যাকেইটা 3, 4 আৰু 5

 ∴ অনুকুল ফলাফল = 3

∴ নির্ণেয় সম্ভাবিতা = 3/6 = 1/2

(iii) যিহেতু অযুগ্ম সংখ্যাকেইটা 1, 3 আৰু 5 

⇒ অনুকুল ফলাফল = 3 

∴ নির্ণেয় সম্ভাবিতা = 3/6 = 1/2 

14. ভালদৰে মিহলোৱা 52 টা কার্ড থকা এযোৰ তাচপাতৰপৰা এটা কার্ড টানি লোৱাহ’ল।

(i) এটা ৰঙা ৰঙৰ ৰজা।

(ii) এটা মুখ কার্ড।

(iii) এটা ৰঙা মুখ কার্ড।

(iv) হৰতনৰ গোলাম।

(v) এটা ইস্কাপন।

(vi) ৰোহিতনৰ ৰাণী, পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা।

উত্তৰঃ মুঠ কার্ডৰ সংখ্যা = 52

∴ মুঠ সম্ভাব্য ফলাফল = 52

(i) ∴ বঙা ৰঙৰ ৰজা = 2

∴ অনুকূল ফলাফল = 2

⇒ ৰঙা ৰঙৰ ৰজা হোৱাৰ সম্ভাবিতা = 2/52 = 1/26

(ii) ∵ 4 টা ৰজা, 4 টা ৰাণী আৰু 4 টা গোলাম মুখ কার্ড

∴ মুঠ মুখ কাৰ্ডৰ সংখ্যা = 12

⇒ অনুকূল ফলাফল সংখ্যা = 12 

∴ মুখ কার্ড হোৱাৰ সম্ভাবিতা = 12/52 = 3/13

(iii) ৰঙা কার্ড মুঠতে 6 খন আছে

[2টা ৰজা, 2টা ৰাণী, 2টা গোলাম] ⇒ অনুকূল ফলাফল = 6

∴ ৰঙা মুখ পোৱাৰ সম্ভাবিতা = 6/52 = 3/26

(iv) যিহেতু হৰতনৰ গোলাম। 1 টা

∴ অনুকুল ফলাফল = 1

∴ হৰতনৰ গোলাম হোৱাৰ সম্ভাবিতা = 1/52

(v) ∵ 52 কাৰ্ডৰ ভিতৰত 13 খন ইস্কাপনৰ কার্ড থাকে

∴ অনুকূল ফলাফল 13

⇒ এখন ইস্কাপন কার্ড পোৱাৰ সম্ভাৱিতা = 13/52 = 1/4

(vi) ∵ ৰোহিতনৰ ৰাণী মাত্র এখন থাকে

∴ মুঠ অনুকূল ফলাফল।

⇒ ৰোহিতনৰ বাণী পোৱাৰ সম্ভাৱিতা = 1/52

15. ৰোহিতনৰ পাঁচটা কার্ড- দহ, গোলাম, ৰাণী, ৰজা আৰু টেক্কা তলমুৱা কৰি ভালদৰে মিহলোৱা হ’ল। এটা কার্ড যাদৃচ্ছিকভাৱে টনা হ’ল।

(i) কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱিতা কি?

(ii) যদি ৰাণী টনা হয় আৰু একাষৰীয়াকৈ ৰখা হয়, দ্বিতীয় কার্ডটো টানিলে-

(a) এটা টেক্কা।

(b) এজনী ৰাণী পোৱাৰ সম্ভাৱিতা কি?

উত্তৰঃ আমাক পাঁচটা কার্ড দিয়া আছে

∴ সকলো সম্ভাব্য ফলাফল = 5

(i) ∵ ৰাণীৰ সংখ্যা = 2

⇒ কার্ডটো ৰাণী হোৱাৰ সম্ভাৱিতা = 1/5

(ii) যদি ৰাণীটো একাষৰীয়াকৈ ৰখা হয় তেনেহ’লে মুঠ কার্ড থাকিব 5 – 1 – 4

⇒ সম্ভাব্য ফলাফল = 4

(a) ∵  এটা টেক্কাহে আছে

∴ অনুকূল ফলাফল = 1

⇒ এটা টেক্কা হোৱাৰ সম্ভাবিতা = 1/4

(b) যিহেতু ৰাণীটোক একাষৰীয়াকৈ ৰখা হয়

∴  সম্ভাব্য ফলাফল = 0

এজনী ৰাণী পোৱাৰ সম্ভাৱিতা = 0/4 = 0

16. 12 টা বেয়া কলম দুর্ভাগ্যবশতঃ 132 টা ভাল কলমৰ লগত মিহলি হ’ল। মাত্ৰ চকুৰে চাই এটা কলম ভালনে বেয়া কোৱাটো সম্ভৱ নহয়। গোটটোৰপৰা এটা কলম তুলি লোৱা হ’ল, কলমটো ভাল হোৱাৰ সম্ভাবিতা নিৰ্ণয় কৰা।

উত্তৰঃ আমাক দিয়া আছে,

ভাল কলমৰ সংখ্যা = 132 

বেয়া কলমৰ সংখ্যা = 12 

∴ মুঠ কলমৰ সংখ্যা = 132 + 12 = 144 

⇒ ভাল কলম পোৱাৰ সম্ভাৱিতা = 132/144  = 11/12

17. (i) 20 টা বাল্বৰ টোপোলা এটাৰ 4 টা বাল্ব বেয়া। টোপোলাটোৰপৰা এটা বাল্ব যাদৃচ্ছিকভাবে লোৱা হ’ল। বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা কি?

(ii) ধৰাহ’ল (i)ত টনা বাল্বটো বেয়া নহয় আৰু ইয়াক পুনঃস্থাপন কৰা নহল। এতিয়া বাকীখিনিৰপৰা এটা বাল্ব টনা হ’ল। এই বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱিতা কি?

উত্তৰঃ মুঠতে টোপোলাটোত 20টা বাল্ব আছে 

∴ মুঠ সম্ভাব্য ফলাফল = 20

(i) ∵ মুঠ বাল্বৰ সংখ্যা = 4 

অর্থাৎ অনুকূল ফলাফল = 4

⇒ বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা = 4/20 = 1/5

(ii) ∵  যিহেতু টনা বাল্বটো বেয়া নহয় 

∴ বাকী থকা মুঠ বাল্বৰ সংখ্যা = 20 – 1 = 19

⇒ মুঠ সম্ভাব্য ফলাফল = 19

∵ বেয়া নোহোৱা বাল্বৰ সংখ্যা 19 – 4=15 

⇒ অনুকুল ফলাফল = 15

∴ বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱিতা = 15/19

18. এটা বাকচত ৰ পৰা 90 নম্বৰ দি থোৱা 90 খন ডিস্ক (থাল) আছে। যদি এখন থাল যাদৃচ্ছিকভাৱে বাকচৰপৰা টনা হয়, তেন্তে ইয়াত-

(i) এটা দুটা অংকৰ সংখ্যা।

(ii) এটা পূর্ণবর্গ সংখ্যা।

(iii) 5 ৰে হৰণ যোৱা এটা সংখ্যা, লিখি থোৱাৰ সম্ভাৱিতা কি?

উত্তৰঃ আমাক দিয়া আছে

মুঠ থালৰ সংখ্যা = 90

∴ মুঠ সম্ভাব্য ফলাফল = 90

(i) দুটা অংকৰ সংখ্যা 10, 11, 12, …., 90. .. 

∴ দুটা অংকৰ সংখ্যাৰ সংখ্যা = 90 – 9 = 81 

⇒ অনুকুল ফলাফল = 18

∴ দুটা অংক পোৱাৰ সম্ভাৱিতা = 81/90 = 9/10

(ii) l ৰ পৰা 90লৈ পূৰ্ণ বর্গ সংখ্যা 1, 4, 9, 16, 25, 36, 49, 64 আৰু 81

∴  মুঠ পূর্ণ সংখ্যা = 9

⇒ মুঠ অনুকুল ফলাফল = 9

∴ পূৰ্ণ বৰ্গ হোৱাৰ সম্ভাবিতা = 9/90 = 1/10

(iii) 1 ৰ পৰা 90লৈ 5ৰে বিভাজ্য হোৱা সংখ্যাকেইটা 5, 10, 15, 20, 25, 30, 35, 40, 45, 50, 55, 60, 65, 70, 75, 80, 85, 90

অর্থাৎ 1 ৰে বিভাজা হোৱা মুঠ সংখ্যা 18 

∴ মুঠ অনুকুল ফলাফল = 18

⇒ 5ৰে হৰণ যোৱা সংখ্যাৰ সম্ভাবিতা = 18/90 = 1/5

19. এজন শিশুৰ এটা লুডুগুটি আছে যাৰ ছয়খন পিঠিৰ তলত দেখুওৱাৰ দৰে আখৰ ওলায়।

ABCDEA

গুটিটো এবাৰ মাৰি পঠিওৱা হ’ল। (ⅰ) A, (ii) D ওলোৱাৰ সম্ভাৱিতা কি?

উত্তৰঃ যিহেতু লুডু গুটিৰ পিঠিৰ তলত দিয়া ধৰণে আখৰবোৰ ওলায়

ABCDEA

∴ মুঠ আখৰৰ সংখ্যা = 6 ⇒ সম্ভাৱ্য ফলাফল = 6

(i) ∵ A আখৰটো দুবাৰ আছে

∴ মুঠ অনুকুল ফলাফলৰ সংখ্যা = 2

A ওলোৱাৰ সম্বাৱিতা = 2/6 = 1/3

(ii) ∵ D আখৰটোৱে এবাৰ ওলায়

∴ মুঠ অনুকূল ফলাফলৰ সংখ্যা = l 

⇒ D ওলোৱাৰ সম্বাৱিতা = 1/6

20. 144 টা বলপেন থকা এক মুঠা বলপেনত 20 টা বলপেন বেয়া আছে আৰু বাকীবোৰ ভাল। নুৰিয়ে এটা কলম কিনিব যদিহে ই ভাল হয় আৰু বেয়া হ’লে নিকিনে। দোকানীয়ে যাদৃচ্ছিকভাবে এটা কলম আনিলে আৰু তাইক দিলে। সম্ভাৱিতা কি যাতে,

(i) তাই এইটো কিনে,

(ii) তাই এইটো নিকিনে?

উত্তৰঃ মুঠ বলপেনৰ সংখ্যা = 144 

⇒ সম্ভাৱ্য ফলাফল = 144

(i) যিহেতু 20টা বেয়া বলপেন আছে 

∴ ভাল বলপেনৰ সংখ্যা 144 – 20 = 124 

⇒ অনুকূল ফলাফলৰ সংখ্যা = 124

∴ তাই এইটো কিনাৰ সম্ভাৱিতা = 124/144 = 31/36

(ii) তাই এইটো নিকিনাৰ সম্ভাৱিতা 

= 1- তাই এইটো কিনাৰ সম্ভাৱিতা 

= 1 – 31/36 = 36 – 31/36 = 5/36

21. উদাহৰণ (13) লোৱা। (ⅰ) তলৰ তালিকাখন সম্পূৰ্ণ কৰা:

ঘটনা ‘দুটা গুটিত সংখ্যাৰ সমষ্টি’ 23456789101112
সম্ভাৱিতা1/365/361/36

(ii) এজন ছাত্রই যুক্তি দিলে যে, তাত ’11 টা সম্ভাব্য ফলাফল 2, 3, 4, 5, 6, 7, 8, 9, 10, 11 আৰু 12। সেইকাৰণে, সিহঁতৰ প্ৰত্যেকৰে সম্ভাৱিতা 1/11। তুমি এই যুক্তিত একমতনে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।

উত্তৰঃ ∵ দুটা লুডু গুটি একেলগে পেলাই দিয়া হৈছে

∴ তলত দিয়া সম্ভাব্য ফলাফলবোৰ আমি পাম

(1, 1), (1, 2); (1, 3); (1, 4); (1, 5); (1, 6). 

(2, 1), (2, 2); (2, 3); (2, 4); (2, 5); (2, 6). 

(3, 1), (3, 2), (3, 3); (3, 4); (3, 5); (3, 6). 

(4, 1), (4, 2); (4,3); (4, 4); (4, 5); (4, 6). 

(5, 1), (5, 2); (5, 3); (5, 4); (5, 5); (5, 6). 

(6, 1), (6, 2); (6, 3); (6, 6); (6, 5); (6, 6). 

⇒ মুঠ সম্ভাব্য ফলাফল 6 × 6 = 36

(i) ধৰা হ’ল নিৰ্ণেয় সম্ভাৱিতা P(E)

(a) ∵ লুডু গুটিত 3 সমষ্টি হোৱা ফলাফল (1.2) আৰু (2, 1) 

∴ অনুকূল ফলাফল =2 ⇒ P(E) = 2/36

(b) ∵ লুডু গুটিত 4 সমষ্টি হোৱা ফলাফল (1, 3), (2, 2) আৰু (3, 1)

∴”অনুকূল ফলাফলৰ সংখ্যা = 3 ⇒ P(2) = 3/36

(c) ∵ লুডু গুটিত 5 সমষ্টি হোৱা ফলাফল 

(1, 4), (2, 3), (3, 2) আৰু (4, 1) 

∴ অনুকুল ফলাফলৰ সংখ্যা  =4 ⇒ P(E) = 4/36

(d) লুডু গুটিত 6 সমষ্টি হোৱা ফলাফল 

(1, 5), (2, 4), (3, 3), (4, 2) আৰু (5, 1) 

∴ অনুকুল ফলাফলৰ সংখ্যা = 5 ⇒ P(E) = 5/36

(e) লুডু গুটিত 7 সমষ্টি হোৱা ফলাফল (1, 6), (2, 5), (3, 4), (4, 3) ,(5,2) আৰু (6,1)

∴ অনুকূল ফলাফলৰ সংখ্যা = 6 ⇒ P(E) = 6/36

(f) লুডু গুটিত 9 সমষ্টি হোৱা ফলাফল (3,6), (4, 5), (5, 4) আৰু (6,3) 

∴  অনুকূল ফলাফলৰ সংখ্যা = 4 ⇒ 4 P(E) = 4/36

(g) লুড় গুটিত 10 সমষ্টি হোৱা ফলাফল (4,6), (5, 5), (6, 4) 

∴ অনুকুল ফলাফলৰ সংখ্যা = 3 P(E) = 3/36

(h) লুডু গুটিত || সমষ্টি হোৱা ফলাফল (5,6) আৰু (6, 5)

∴ অনুকূল ফলাফলৰ সংখ্যা = 2 ⇒ P(E) = 2/36 

গতিকে তলত দিয়া ধৰণে তালিকাখন পূৰ্ণ কৰিব পাৰি।

22. এটা খেল হ’ল- এটা এটকীয়া মুদ্রা লৈ 3 বাৰ টচ্ কৰা আৰু প্ৰত্যেকবাৰতে ইয়াৰ ফলাফল লিখি ৰাখা। হানিফ খেলখনত জয়ী হ’ব যদি সি আটাইবোৰ ফলাফল একে পায় অর্থাৎ তিনিটা মুণ্ড বা তিনিটা পুচ্ছ পায় আৰু অন্যহাতে পৰাজিত হ’ব। হানিফ খেলখনত পৰাজিত হোৱাৰ সম্ভাবিতা নিৰ্ণয় কৰা।

উত্তৰঃ ধৰা হ’ল Tয়ে পুচ্ছ আৰু Hয়ে মুণ্ডক সূচায়

∴ গোটেই সম্ভাব্য ফলাফলবোৰ

HHH. HHT, HTT, TTT, TTH, THT, TTH, HTH … 

∴ সম্ভাব্য ফলাফলৰ সংখ্যা = 8

হানিফে পৰাজিত হোৱা ঘটনাটো E

∴ অনুকুল ফলাফল HHT, HTH, ΤΗΗ, ΤΗT, TTH, HTT 

⇒ অনুকূল ফলাফলৰ সংখ্যা = 3

∴ P(E) = 6/8 = 3/4

24. এটা লুডুগুটি দুবাৰ মাৰি পঠিওৱা হ’ল। সম্ভাবিতা কি যাতে

(i) এবাৰো 5 নোলায়?

(ii) অন্ততঃ এবাৰ 5ওলায়?

[ইংগিত: এটা লুডুগুটি দুবাৰ আৰু দুটা লুডুগুটি এবাৰ একেলগে মাৰি পঠিওৱা পৰীক্ষা একে বুলি বিবেচনা কৰা হয়]

উত্তৰঃ যিহেতু এটা লুডু গুটি দুবাৰ আৰু দুটা লুডু গুটি এবাৰ একেলগে মাৰি পঠিওৱা হয়। গতিকে সম্ভাব্য ফলাফলবোৰ হ’ব-

∴ সকলোবোৰ সম্ভাব্য ফলাফল-

(1, 1); (1, 2); (1, 3); (1, 4); (1, 5), (1, 6)

(2, 1); (2, 2); (2, 3); (2, 4); (2, 5), (2, 6)

(3, 1); (3, 2); (3, 3); (3, 4); (3, 5), (3, 6)

(4, 1); (4, 2); (4,3); (4, 4); (4, 5), (4, 6) 

(5, 1); (5, 2); (5, 3); (5, 4); (5, 5), (5, 6)

(6, 1); (6, 2); (6, 3); (6, 4); (6, 5), (6, 6)

∴ মুঠ সম্ভাব্য ফলাফল = 36

(i) E এবাৰো 5 নোহোৱাৰ ঘটনা হ’লে

মুঠ অনুকুল ফলাফল [36 – (5 + 6)] = 25

⇒ P(E) = 25/36

(ii) N অন্তত এবাৰ 5 ওলোৱাৰ ঘটনা হ’লে অনুকুল ফলাফল = 5 + 6 = 11

∴ P(E) = 11/36

24. তলৰ কোনকেইটা উক্তি সত্য আৰু কোনকেইটা অসত্য? তোমাৰ উত্তৰৰ কাৰণ দর্শোৱা।

(i) যদি দুটা মুদ্রা একেলগে টচ্ কৰা হয় তেন্তে তাত তিনিটা ফলাফল থাকে- দুয়োটা মুণ্ড, দুয়োটা পুচ্ছ বা প্ৰত্যেকৰে এটা। সেইবাবে, এই ফলাফলৰ প্ৰতিটোৰে সম্ভাৱিতা হ’ল 1/3

উত্তৰঃ অশুদ্ধ। আমি ফলাফলবোৰক এইদৰে শ্ৰেণীভুক্ত কৰিব পাৰো যদিও সিহঁত সমশক্য নহয়। কাৰণ প্ৰত্যেক টছেই দুই ধৰণৰ ফলাফল দেখুৱাব পাৰে- প্রথম মুদ্রাত মুণ্ড আৰু দ্বিতীয় মুদ্রাত পুচ্ছ নাইবা ইয়াৰ ওলোটাটো। ইয়ে দুবাৰকৈ দুটা মুণ্ড বা দুটা পুচ্ছ ফল ওলোৱাৰ সম্ভাৱনা দেখুৱায়।

(ii) যদি এটা লুডুগুটি দলিওৱা হয়, তাত দুটা ফলাফল থাকে এটা অযুগ্ম সংখ্যা আৰু এটা যুগ্ম সংখ্যা। সেইকাৰণে, এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হ’ল 1/2

উত্তৰঃ শুদ্ধ। প্রশ্নটোত বিবেচিত ফলাফল দুটা সমশক্য।

25. তিনিটা নিখুঁত মুদ্ৰা একেলগে টছ কৰা হ’ল। সম্ভাৱিতা নিৰ্ণয় কৰা য’ত

(i) এটা মুণ্ড পোৱা

উত্তৰঃ মাথোঁ এটা মুণ্ড থকা ফলাফলবোৰ হ’ল: {HTT, THT, TTH} ইয়াৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা = 3 গতিকে, P(এটা মুণ্ড) = 3/8।

(ii) দুটা মুণ্ড পোৱা

উত্তৰঃ মাথোঁ দুটা মুণ্ড থকা ফলাফলবোৰ হ’ল: {HHT, HTH, THH} ইয়াৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা = 3 গতিকে, P(দুটা মুণ্ড) = 3/8।

(iii) অতি কমেও দুটা মুণ্ড পোৱা

উত্তৰঃ অতি কমেও দুটা মুণ্ড’ৰ অৰ্থ হ’ল দুটা বা তাতকৈ অধিক (অৰ্থাৎ তিনিটা) মুণ্ড থকা ফলাফল। ইয়াৰ সপক্ষে ঘটা ফলাফলবোৰ হ’ল: {HHT, HTH, THH, HHH} সপক্ষে ঘটা ফলাফলৰ সংখ্যা = 4 গতিকে, P(অতি কমেও দুটা মুণ্ড) = 4/8 = 1/2।

(iv) সৰ্বাধিক দুটা মুণ্ড পোৱা

উত্তৰঃ সৰ্বাধিক দুটা মুণ্ড’ৰ অৰ্থ হ’ল দুটা বা তাতকৈ কম (অৰ্থাৎ শূন্য, এটা, বা দুটা) মুণ্ড থকা ফলাফল। অকল তিনিওটা মুণ্ড (HHH) থকা ফলাফলটোক বাদ দি বাকী সকলো ফলাফল ইয়াৰ অন্তৰ্ভুক্ত হ’ব। ইয়াৰ সপক্ষে ঘটা ফলাফলবোৰ হ’ল: {HHT, HTH, THH, HTT, THT, TTH, TTT} সপক্ষে ঘটা ফলাফলৰ সংখ্যা = 7 গতিকে, P(সৰ্বাধিক দুটা মুণ্ড) = 7/8।

26. এটা পাত্ৰত 24 টা মাৰ্বল আছে। তাৰে কিছুমান সেউজীয়া আৰু বাকীবোৰ নীলা। যদি এটা মাৰ্বল পাত্ৰৰ পৰা যাদৃচ্ছিকভাৱে টনা হয় আৰু মাৰ্বলটো সেউজীয়া হোৱাৰ সম্ভাৱিতা 2/3। পাত্ৰটোত থকা নীলা মাৰ্বলৰ সংখ্যা নিৰ্ণয় কৰা।

উত্তৰঃ ধৰা হ’ল, সেউজীয়া মাৰ্বলৰ সংখ্যা = x

মুঠ ফলাফলৰ সংখ্যা = 24

সপক্ষে ঘটা ফলাফলৰ সংখ্যা = x

∴ P(সেউজীয়া মাৰ্বল)

নীলা মাৰ্বলৰ সংখ্যা

= 24 – x

= 24 – 16 = 8

গতিকে, নীলা মাৰ্বলৰ সংখ্যা = 8

27. কেৱল ৰঙা, নীলা আৰু সেউজীয়া ৰঙৰ বল থকা পাত্ৰ এটাৰ পৰা ৰঙা বল এটা যাদৃচ্ছিকভাৱে বাছি উলিওৱাৰ সম্ভাৱিতা 1/5। একেটা পাত্ৰৰ পৰা নীলা বল এটা যাদৃচ্ছিকভাৱে বাছি উলিওৱাৰ সম্ভাৱিতা 1/4। যদি পাত্ৰটোত 22 টা সেউজীয়া বল থাকে তেন্তে পাত্ৰটোত থকা মুঠ বলৰ সংখ্যা নিৰ্ণয় কৰা।

উত্তৰঃ ধৰা হ’ল―

P(E1) = ৰঙা বলৰ সম্ভাৱিতা = 1/5

P(E2) = নীলা বলৰ সম্ভাৱিতা = 1/4

P(E3) = সেউজীয়া বলৰ সম্ভাৱিতা।

আমি জানো যে,

ধৰা হ’ল মুঠ বলৰ সংখ্যা = x

পাত্ৰটোত থকা মুঠ বলৰ সংখ্যা = 40

28. দুটা লুডুগুটি একেলগে মাৰি পঠিওৱা হ’ল। সম্ভাৱিতা নিৰ্ণয় কৰা য’ত গুটি দুটাৰ

(i) সংখ্যাৰ সমষ্টি এটা মৌলিক সংখ্যা পোৱা।

(ii) সংখ্যাৰ সমষ্টি 3 ৰ গুণিতক পোৱা।

(iii) দুয়োটা সংখ্যা একে যুগ্ম সংখ্যা পোৱা।

(iv) সংখ্যাৰ সমষ্টি এটা যুগ্ম সংখ্যা পোৱা।

উত্তৰঃ যেতিয়া দুটা লুডুগুটি একেলগে মাৰি পঠিওৱা হয়, তেতিয়া ফলাফলবোৰ হ’ল:

123456
1(1,1)(1,2)(1,3)(1,4)(1,5)(1,6)
2(2,1)(2,2)(2,3)(2,4)(2,5)(2,6)
3(3,1)(3,2)(3,3)(3,4)(3,5)(3,6)
4(4,1)(4,2)(4,3)(4,4)(4,5)(4,6)
5(5,1)(5,2)(5,3)(5,4)(5,5)(5,6)
6(6,1)(6,2)(6,3)(6,4)(6,5)(6,6)

মুঠ সম্ভাব্য ফলাফলৰ সংখ্যা = 36

(i) সংখ্যাৰ সমষ্টি এটা মৌলিক সংখ্যা হোৱা

সংখ্যাৰ সমষ্টি এটা মৌলিক সংখ্যা হোৱা ফলাফলবোৰ হ’ল:

(1,1)  (1,2)  (1,4)  (1,6)

(2,1)  (2,3)  (2,5)

(3,2)  (3,4)

(4,1)  (4,3)

(5,2)  (5,6)

(6,1)  (6,5)

∴ সপক্ষে ঘটা ফলাফলৰ সংখ্যা = 15

ধৰা হ’ল, E1 হ’ল ‘সংখ্যাৰ সমষ্টি এটা মৌলিক সংখ্যা পোৱাৰ’ ঘটনা।

(ii) সংখ্যাৰ সমষ্টি 3 ৰ গুণিতক পোৱা

সংখ্যাৰ সমষ্টি 3 ৰ গুণিতক হোৱা ফলাফলবোৰ হ’ল:

(1,2)  (1,5)

(2,1)  (2,4)

(3,3)  (3,6)

(4,2)  (4,5)

(5,1)  (5,4)

(6,3)  (6,6)

∴ সপক্ষে ঘটা ফলাফলৰ সংখ্যা = 12

ধৰা হ’ল, E2 হ’ল ‘সংখ্যাৰ সমষ্টি 3 ৰ গুণিতক পোৱাৰ’ ঘটনা।

P(E2) = 12/36 = 1/3

(iii) দুয়োটা সংখ্যা একে যুগ্ম সংখ্যা পোৱা দুয়োটা লুডুগুটিতে একে যুগ্ম সংখ্যা হোৱা ফলাফলবোৰ হ’ল: (2, 2), (4, 4), (6, 6)

∴ সপক্ষে ঘটা ফলাফলৰ সংখ্যা = 3

ধৰা হ’ল, E3 হ’ল ‘দুয়োটা সংখ্যা একে যুগ্ম সংখ্যা পোৱাৰ’ ঘটনা।

(iv) সংখ্যাৰ সমষ্টি এটা যুগ্ম সংখ্যা পোৱা

সংখ্যাৰ সমষ্টি এটা যুগ্ম সংখ্যা হোৱা ফলাফলবোৰ হ’ল:

(1,1), (1,3), (1,5)

(2,2), (2,4), (2,6)

(3,1), (3,3), (3,5)

(4,2), (4,4), (4,6)

(5,1), (5,3), (5,5)

(6,2), (6,4), (6,6)

∴ সপক্ষে ঘটা ফলাফলৰ সংখ্যা = 18

ধৰা হ’ল, E4 হ’ল ‘সংখ্যাৰ সমষ্টি এটা যুগ্ম সংখ্যা পোৱাৰ’ ঘটনা।

29. বন্ধৰ দিনত চলোৱা এটা সমীক্ষাত 120 জন লোকক সোধা হৈছিল যে তেওঁলোকে যোৱা বন্ধত কি ধৰণৰ পৰিবহণ ব্যৱহাৰ কৰিছিল। তলৰ পাই চিত্ৰৰ সহায়ত সমীক্ষাৰ ফলাফল দেখুওৱা হৈছে। 

পাইচিত্ৰটো পৰ্যবেক্ষণ কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(i) যদি এজন ব্যক্তিক যাদৃচ্ছিকভাৱে নিৰ্বাচিত কৰা হয় তেন্তে তেওঁ বাছ বা জাহাজেৰে যাত্ৰা কৰাৰ সম্ভাৱনা নিৰ্ণয় কৰা।

(ii) কোনটো ধৰণৰ পৰিবহণ আটাইতকৈ প্ৰিয় আৰু কিমানজনে ইয়াক ব্যৱহাৰ কৰিছিল।

(iii) এজন ব্যক্তিক যাদৃচ্ছিকভাৱে বাছনি কৰা হয় আৰু যদি তেওঁ ৰে’লগাড়ী ব্যৱহাৰ নকৰাৰ সম্ভাৱিতা 4/5। তেন্তে ৰে’লগাড়ী ব্যৱহাৰ কৰা লোকৰ সংখ্যা নিৰ্ণয় কৰা।

(iv) যাদৃচ্ছিকভাৱে নিৰ্বাচন কৰা এজন ব্যক্তিয়ে উৰাজাহাজ ব্যৱহাৰ কৰাৰ সম্ভাৱিতা 7/60 । প্ৰতিজন ব্যক্তিৰ পৰা 5000 টকাকৈ বিমান কোম্পানীয়ে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ নিৰ্ণয় কৰা।

উত্তৰঃ সমীক্ষা কৰা মুঠ লোকৰ সংখ্যা = 120

∴ মুঠ ফলাফলৰ সংখ্যা = 120

(i) বাছ বা জাহাজেৰে যাত্ৰা কৰা লোকৰ সংখ্যা

= 69°/360° × 120 (∵ bus+ ship = 33° + 36° = 69°) 

69/3 = 23

∴ সপক্ষে ঘটা ফলাফলৰ সংখ্যা = 23

ধৰা হ’ল, E1 হ’ল ‘তেওঁ বাছ বা জাহাজেৰে যাত্ৰা কৰাৰ’ ঘটনা।

P(E1) = 23/120 

(ii) আটাইতকৈ প্ৰিয় পৰিবহণৰ ব্যৱস্থা = সৰু গাড়ী সৰু গাড়ী ব্যৱহাৰ কৰা লোকৰ সংখ্যা 

= 177°/360° × 120 = 177/3 = 59

(iii) ধৰা হ’ল, ৰেলগাড়ী ব্যৱহাৰ নকৰা লোকৰ সংখ্যা = x

∴ ৰেলগাড়ী ব্যৱহাৰ কৰা লোকৰ সংখ্যা হ’ল 24

ৰে’লগাড়ী ব্যৱহাৰ কৰা লোকৰ সংখ্যা 

= 120 – 96 = 24

ধৰা হ’ল, উৰাজাহাজ ব্যৱহাৰ কৰা লোকৰ সংখ্যা = x 

∴ P(উৰাজাহাজ ব্যৱহাৰ কৰা লোক)

উৰাজাহাজ ব্যৱহাৰ কৰা লোকৰ সংখ্যা = 14 

প্ৰতিজন ব্যক্তিৰ পৰা 5000 টকা হাৰত বিমান কোম্পানীয়ে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ 

= 14 × 5000 

= 70,000 টকা

30. প্ৰথম 100 টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা বাছি উলিওৱা হ’ল। সংখ্যাটো 8 ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ’ব—

(a) 3/25 

(b) 8/25

(c) 1/6 

(d) 1/100

উত্তৰঃ (a) 3/25 

31. এযোৰ লুডুগুটি এবাৰ দলিয়াই পোৱা সংখ্যা দুটাৰ যোগফল এটা পূৰ্ণ বৰ্গ সংখ্যা নোহোৱাৰ সম্ভাৱিতা হ’ল—

(a) 7/36 

(b) 29/36 

(c) 1/12 

(d) 1/6

উত্তৰঃ (b) 29/36 

32. তলৰ উক্তি দুটা বিবেচনা কৰা।

উক্তি (i) দুটা লুডুগুটি একেলগে দলিয়াই পোৱা সাম্ভাব্য ফলাফলৰ মুঠ সংখ্যা 12।

উক্তি (ii) এটা লুডুগুটি এবাৰ দলিওৱা হ’ল। এটা যুগ্ম মৌলিক সংখ্যা পোৱাৰ সম্ভাৱনা হ’ল 1/6

শুদ্ধ বিকল্পটো বাছি উলিওৱা।

(a) (i) আৰু (ii) দুয়োটা উক্তি সত্য।

(b) (i) আৰু (ii) দুয়োটা উক্তি অসত্য।

(c) উক্তি (i) সত্য কিন্তু উক্তি (ii) অসত্য।

(d) উক্তি (i) অসত্য কিন্তু উক্তি (ii) সত্য।

উত্তৰঃ (d) উক্তি (i) অসত্য কিন্তু উক্তি (ii) সত্য।

33. দুটা নিখুঁত মুদ্ৰা একেলগে টছ কৰা হ’ল। স্তম্ভ I ৰ সৈতে স্তম্ভ II ত উল্লেখ কৰা সম্ভাৱিতা মিলোৱা।

স্তম্ভ Iস্তম্ভ II
P. অতি কমেও এটা মুণ্ড পোৱা সম্ভাৱিতা(i) 1/4
Q. সৰ্বাধিক দুটা মুণ্ড পোৱা সম্ভাৱিতা(ii) 3/4
R. অতি কমেও দুটা মুণ্ড পোৱা সম্ভাৱিতা(iii) 1

শুদ্ধ বিকল্পটো বাছি উলিওৱা 

(a) P → (iii), Q → (i), R → (ii)

(b) P → (i) Q → (iii), R → (ii)

(c) P → (ii) Q → (iii), R → (i)

(d) P → (ii), Q → (i) R → (iii)

উত্তৰঃ (c) P → (ii) Q → (iii), R → (i)

34. 52 খন তাচপাতৰ পৰা ইস্কাপনৰ সকলো মুখ কাৰ্ড উলিয়াই লৈ বাকীবোৰ ভালদৰে মিহলোৱা হ’ল। ভালদৰে মিহলোৱা বাকী কাৰ্ডৰ পৰা এখন কাৰ্ড যাদৃচ্ছিকভাৱে লোৱা হ’ল। কাৰ্ডখন মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতা হ’ব—

(a) 9/49

(b) 9/52

(c) 12/49

(d) 3/52

উত্তৰঃ (a) 9/49

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top