⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 10 Maths Chapter 10 বৃত্ত

SEBA Class 10 Maths Chapter 10 বৃত্ত Question Answer Assamese Medium As Per New Syllabus. to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Maths Chapter 10 বৃত্ত Notes and select need one. SEBA Class 10 Maths Chapter 10 বৃত্ত Question Answer Download PDF. SEBA Class 10 General Mathematics Solutions in Assamese.

SEBA Class 10 Maths Chapter 10 বৃত্ত

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per Board of Secondary Education, Assam (SEBA) Book guidelines. SEBA Class 10 Maths Chapter 10 বৃত্ত are part of All Subject Solutions. Here we have given SEBA Solutions For Class 10 Mathematics in Assamese Medium for All Chapters, You can practice these here.

NEW VIDEO CLASSE

দশম শ্ৰেণীৰ গণিত পাঠ্যক্ৰমৰ ভিডিঅ’ উপলব্ধ

সহজ ব্যাখ্যা, অধ্যায়ভিত্তিক Video আৰু নোটসমূহ পাবলৈ তলৰ বিকল্পসমূহ বাছক

Chapter: 10

অনুশীলনীঃ 10.1

1. এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে?

উত্তৰঃ এটা বৃত্তৰ অসংখ্য স্পর্শক থাকিব পাৰে।

2. খালী ঠাই পূৰ্ণ কৰা।

(i) এটা বৃত্তৰ স্পৰ্শকে ইয়াক ______________ বিন্দুত ছেদ কৰে।

উত্তৰঃ এটা।

(ii) এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা এডাল ৰেখাক ______________ বোলে।

উত্তৰঃ ছেদক (Secant)।

(iii) এটা বৃত্তৰ বৰ বেছি ______________ সমান্তৰাল স্পর্শক থাকিব পাৰে।

উত্তৰঃ দুটা।

(iv) এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক ______________ বোলে।

উত্তৰঃ স্পর্শবিন্দু।

3. 5ছে মি. ব্যাসাৰ্দ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু P ত টনা এডাল স্পর্শক OQ য়ে কেন্দ্ৰ O ৰ মাজেৰে যোৱা এডাল ৰেখাক Q বিন্দুত লগ লাগে যাতে OQ = 12 চে মি.। PQ ৰ দৈৰ্ঘ্য হ’ল:

(a) 12cm

(b) 13cm

(c) 8.5 cm

(d) √119 cm.

উত্তৰঃ (d) √119 cm.

4. এটা বৃত্ত আৰু এডাল প্রদত্ত ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকা যাতে এডাল স্পর্শক হয় আৰু আনডাল ছেদক হয়।

উত্তৰঃ প্রশ্নমতে, O কেন্দ্র বিশিষ্ট এটা বৃত্ত অংকন কৰা হ’ল আৰু এটা ৰেখা (প্ৰদত্ত)।

এতিয়া l ৰেখাৰ সমান্তৰাল কৰি m আৰু n দুটা ৰেখা অংকন কৰা হ’ল, যাতে m স্পর্শক l -ৰেখাৰ সমান্তৰাল আৰু n ছেদকও ৰেখাৰ সমান্তৰাল। 

5. চিত্ৰ 10.6 ত বহিঃ বিন্দু A ৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক AP ৰ দৈৰ্ঘ্য 24 ছে.মি.। কেন্দ্ৰ Oৰ পৰা A বিন্দুলৈ দূৰত্ব 25 ছে.মি. হ’লে বৃত্তটোৰ ব্যাস হ’ব—

(A) 15 ছে.মি.  

(B) 14 ছে.মি.  

(C) 7 ছে.মি.  

(D) 12 ছে.মি.

উত্তৰঃ (B) 14 ছে.মি.

6. চিত্ৰ 10.7 ত O আৰু O‘ কেন্দ্ৰীয় দুটা বৃত্তই পৰস্পৰে পৰস্পৰক A আৰু B দুটা বিন্দুত কটাকটি কৰে। AB য়ে OO’ক M বিন্দুত ছেদ কৰিলে ∠OMA ৰ মান হ’ব-

(A) 50°  

(B) 60°  

(C) 180°  

(D) 90°

উত্তৰঃ (D) 90°

7. এই প্রশ্নটিত এটি উক্তি (A)ৰ বিপৰীতে এটি যুক্তি (R) দিয়া আছে।

উক্তি (A) : O কেন্দ্ৰযুক্ত বৃত্তটোৰ ব্যাসৰ দৈৰ্ঘ্য 6 ছে.মি.। P বহিঃবিন্দুৰ পৰা বৃত্তটোৰ T বিন্দুলৈ PT এডাল স্পৰ্শক। কেন্দ্ৰ O ৰ পৰা P বিন্দুটোৰ দূৰত্ব 5 ছে.মি., তেন্তে PT স্পৰ্শকৰ দৈৰ্ঘ্য 4 ছে.মি. (চিত্ৰ 10.8)

যুক্তি (R) : বৃত্তৰ স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব।

শুদ্ধ বিকল্পটো বাছি উলিওৱা।

(a) উক্তি (A) আৰু যুক্তি (R) দুয়োটাই সত্য আৰু যুক্তি (R), উক্তি (A) ৰ শুদ্ধ ব্যাখ্যা।

(b) উক্তি (A) আৰু যুক্তি (R) দুয়োটাই সত্য কিন্তু যুক্তি (R), উক্তি (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(c) উক্তি (A) সত্য কিন্তু যুক্তি (R) অসত্য।

(d) উক্তি (A) অসত্য কিন্তু যুক্তি (R) সত্য।

উত্তৰঃ (a) উক্তি (A) আৰু যুক্তি (R) দুয়োটাই সত্য আৰু যুক্তি (R), উক্তি (A) ৰ শুদ্ধ ব্যাখ্যা।

8. এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংযোগী ৰেখাডাল বৃত্তটোৰ কি হ’ব?

(i) ব্যাসাৰ্ধ  

(ii) ব্যাস  

(iii) ছেদক  

(iv) চাপ

শুদ্ধ বিকল্পটো হ’ল—

(A) কেৱল (ii) 

(B) (i) আৰু (ii)  

(C) কেৱল (iii)  

(D) (i), (ii) আৰু (iv)

উত্তৰঃ (A) কেৱল (ii) 

9. যদি এটা বৃত্তৰ এডাল জ্যা বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান হয় তেন্তে জ্যাডালে বৃত্তটোৰ কেন্দ্ৰত কৰা কোণৰ মাপ হ’ব—

(a) 30°

(b) 60°

(c) 45°

(d) 90°

উত্তৰঃ (b) 60°

10. O কেন্দ্ৰীয় বৃত্তৰ P বিন্দুৰ পৰা টনা স্পৰ্শক PT য়ে বৃত্তটোক T বিন্দুত স্পৰ্শ কৰিছে। ∠OPT আৰু ∠POT ৰ সমষ্টি নিৰ্ণয় কৰা।

উত্তৰঃ 

OT ⊥ PT

এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব।

∴  ∠OTP = 90°

∠OTP + ∠OPT + ∠POT = 180° (for ΔPOT)

⇒ 90° + ∠OPT + ∠POT = 180°

⇒ ∠OPT + ∠POT = 90°

∴ ∠OPT আৰু ∠POT ৰ সমষ্টি = 90°

অনুশীলনী – 10.2

প্ৰশ্ন 1 ৰ পৰা 3 লৈ শুদ্ধ উত্তৰ বাছি উলিওৱা আৰু উপযুক্ত কাৰণ দৰ্শোৱা:

1. এটা বিন্দু Q ৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 চে.মি. আৰু কেন্দ্ৰৰ পৰা Q ৰ দূৰত্ব 25 চে.মি. বৃত্তটোৰ ব্যাসৰ্দ্ধ হ’ল:

(a) 7 cm

(b) 12 cm

(c) 15 cm

(d) 24.5 cm.

উত্তৰঃ (a) 7cm

2. চিত্র 10.15ত যদি O কেন্দ্ৰ যুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পর্শক, যাতে POQ = 110°, তেন্তে ∠PTQ

(a) 60°

(b) 70°

(c) 80°

(d) 90° ৰ সমান।

উত্তৰঃ (b) 70°

3. যদি এটা বিন্দু P ৰ পৰা O কেন্দ্রযুক্ত এটা বৃত্তৰ PA আৰু PB স্পর্শককেইডালে পৰস্পৰ 80° কোণত হালি থাকে, তেন্তে ∠POA

(a) 50°

(b) 60°

(c) 70°

(d) 80° ৰ মান।

উত্তৰঃ (a) 50°

4. প্রমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পর্শকবোৰ সমান্তৰাল।

উত্তৰঃ 

O কেন্দ্ৰযুক্ত বৃত্তৰ AB আৰু CD স্পৰ্শকৰ স্পর্শবিন্দু ক্রমে আৰু প্ৰমাণ কৰিব লাগে যে AB | CDI ∠AEO = AEF = 90° (বৃত্তৰ কেন্দ্ৰ আৰু স্পর্শবিন্দু সংযোগী ব্যাসার্ধ স্পৰ্শকৰ ওপৰত লম্ব) আৰু ∠OFD = ∠EFD = 90° (বৃত্তৰ কেন্দ্ৰ আৰু স্পর্শবিন্দু সংযোগী ব্যাসার্ধ স্পর্শকৰ ওপৰত লম্ব)

∵ ∠AEF = ∠EFD

∴ AB II CD

5. প্রমাণ কৰা যে বৃত্তৰ স্পৰ্শকৰ স্পর্শবিন্দুত টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়।

উত্তৰঃ চিত্রত O কেন্দ্রীয় বৃত্তৰ P বিন্দুত AB এডাল স্পর্শক যদি সম্ভৱ, ধৰা হ’ল PQ, ABৰ ওপৰত লম্ব যাতে ই O বিন্দুৰ মা OP সংযোগ কৰা হ’ল-

যিহেতু এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পর্শকডাল স্পর্শবিন্দুৰ মাজেৰে লম্ব।

∴ AB ⏊ OP অর্থাৎ ∠OPB = 90° …(1) 

অংকন মতে,

AB ⏊ PQ ∠QPB = 90° …(2)

(1) আৰু (2)ৰ পৰা

∠QPB = ∠OPВ

যিটো সত্য যেতিয়া আৰু O একেটাই বিন্দু। 

গতিকে, বৃত্তৰ স্পৰ্শকৰ স্পর্শবিন্দুত টনা লম্বডাল কেন্দ্রৰ মাজেৰে যায়।

6. বৃত্তৰ কেন্দ্ৰৰপৰা 5 চে.মি. দূৰত্বত থকা এটা বিন্দু A ৰ পৰা স্পর্শক এডালৰ দৈর্ঘ্য 4 চে.মি.। বৃত্তটোৰ ব্যাসার্দ্ধ নির্ণয় কৰা।

উত্তৰঃ যিহেতু এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পর্শকডাল স্পর্শবিন্দুৰ মাজেৰে যোৱা ব্যাসার্ধৰ লম্ব।

∴ ∠OTA = 90° 

এতিয়া ∆ΟΤΑ সমকোণী ত্রিভুজৰ পৰা আমি পাওঁ –

OP² = OT² + PT²

⇒ 5² = OT² + 4²

⇒ OT² = 5² – 4²

⇒ OT² = (5 – 4) (5 + 4)

⇒ OT² = 1 × 9 = 9 = 3²

⇒ OT = 3

গতিকে বৃত্তটোৰ ব্যাসার্ধ 3 cm।

7. 5 চে.মি. আৰু 3 চে.মি. ব্যাসার্দ্ধৰ দুটা ঐককেন্দ্রিক বৃত্ত আছে। ডাঙৰ বৃত্তৰ জ্যাডালে সৰু বৃত্তক স্পর্শ কৰে, জ্যাডালৰ দৈর্ঘ্য নির্ণয় কৰা।

উত্তৰঃ 

চিত্রত ঐককেন্দ্রিক বৃত্তৰ কেন্দ্র O।

AB ডাঙৰ বৃত্তটোৰ জ্যা আৰু ই সৰু বৃত্তটোক P বিন্দুত স্পর্শ কৰে। যিহেতু OP ব্যাসার্ধই সৰু বৃত্তটোৰ P স্পর্শবিন্দুত স্পর্শ কৰে 

∴ OP ⏊ AB

⇒ ∠APB = 90°

তদুপৰি, বৃত্তৰ কেন্দ্ৰৰ পৰা জ্যালৈ টনা লম্বই জ্যাডালক সমানেই দুভাগ কৰে

∴ OPয়ে AB ক সমদ্বিখণ্ডিত কৰে ⇒ AP = 1/2AB

এতিয়া, ∆ΑΡΟ সমকোণী ত্রিভুজৰ পৰা 

OA² = AP² – OP²

⇒ 5² = AP² – 3²

⇒ AP² = 5² – 3²

⇒ AP² = (5 – 3) (5 + 3) = 2 × 8

⇒ AP² = 16 = (4)²

⇒ AP = 4 cm 

⇒ ½ AB = 4 ⇒ AB = 2 × 4 = 8 cm

গতিকে AB জ্যাডালৰ দৈর্ঘ্য ৪ cm।

8. এটা বৃত্তক স্পর্শ কৰাকৈ ABCD এটা চতুর্ভুজ আঁকা হ’ল (চিত্র 10.16 চোৱা)। প্রমাণ কৰা যে AB + CD = AD + BC

উত্তৰঃ AP = AS … (i)

BP = BQ … (ii)

CR = CQ … (iii) [বৃত্তৰ বহিঃবিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ সমান]।

DR = DS … (iv)

(i) ৰ পৰা (iv) লৈ যোগ কৰি-

(AP + BP) + (CR + DR) = AS + BQ + CQ + DS 

AB + CD = (AS + DS) + (BQ + CQ) 

AB + CD = AD + BC

9. চিত্র 10.17ত, O কেন্দ্র যুক্ত বৃত্তৰ XY আৰু X’Y’ দুডাল সমান্তৰাল স্পর্শক আৰু স্পর্শ বিন্দু C ত আন এডাল স্পর্শক AB য়ে XY ক A ত আৰু X’Y’ ক B ত কাটে। প্রমাণ কৰা যে ∠AOB = 90°.

উত্তৰঃ ΔΟΑΡ আৰু AOAC ৰ

OP = OC (ব্যাসার্দ্ধ)

OA = OA (সাধার্ণ বাহু)

AP = AC (স্পর্শক)

∴ ΔΟΑΡ ≅ ΔΟΑC

⇒ ∠PAB = ∠OAC + ∠OAP

⇒ ∠PAB = 2∠OAC ………..(i)

একেদৰে, ∠QBA = 2∠OBC ………(ii)

এতিয়া, ∠PAB + ∠QBA = 180°

⇒ 2(∠OAC + ∠OBC) = 180°

⇒ ∠OAC + ∠OBC = 90°

আকৌ, ΔΑΟΒ ৰ

∠OAC + ∠OBC + ∠AOB = 180° 

⇒ 90°+ ∠AOB = 180°

⇒ ∠AOB = 90°

10. প্রমাণ কৰা যে বৃত্তৰ এটা বহিঃ বিন্দুৰপৰা টনা স্পর্শক দুডালৰ মাজৰ কোণটো স্পর্শবিন্দু দুটা সংযোগী ৰেখাখণ্ডৰদ্বাৰা কেন্দ্ৰত সম্মুখকৈ উৎপন্ন কৰা কোণটোৰ সম্পূৰক।

উত্তৰঃ প্ৰমাণ কৰিব লাগে ∠1+ ∠3 = 180° 

প্রমাণ:

∠2 = 90° ……. (i) 

∠4 = 90° …… (ii)

[বৃত্তৰ ব্যাসার্ধ স্পৰ্শকৰ ওপৰত লম্ব] 

OAPB চতুর্ভুজৰ পৰা,

∠1 + ∠2 + ∠3 + ∠4 =360° [চতুর্ভুজৰ চাৰিওটা কোণৰ সমষ্টি 360°] 

∠1 + 90° + ∠3 + 90° = 360° [(ⅰ) আৰু (ii)ৰ পৰা)

∠1 + ∠3 = 360° – 180° = 180° প্রমাণ কৰা হ’ল।

11. প্রমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাচ।

উত্তৰঃ দিয়া আছে ABCD এটা সামান্তৰিক।

প্রমাণ কৰিব লাগে যে, ABCD এটা ৰম্বাচ।

প্রমাণ: AB = CD আৰু AD = BC ……..(i)

AP = AS 

PB = BQ 

[বৃত্ত বহিঃবিন্দুৰ পৰা টনা স্পর্শক দুডালৰ দূৰত্ব সমান।]

CR = CQ

DR = DS}

এই স্পর্শকবোৰ যোগ কৰি, (AP + PB) + (CR + DR) = AS + BQ + CQ + DS

AB + CD = (AS + DS) + (BQ + CQ)

AB + CD = AD + BC (i) ৰ পৰা]

2AB = 2BC

AB = BC ………. (ii)

(i) আৰু (ii) ৰ পৰা AB = BC = CD = DA

∴ সামান্তৰিক ABCD এটা ৰম্বাচ।

12. 4চে.মি. ব্যাসার্দ্ধৰ এটা বৃত্তক স্পৰ্শ কৰাকৈ ABC এটা ত্রিভুজ আঁকা হ’ল যাতে স্পর্শবিন্দু Dৰ দ্বাৰা বিভক্ত BC ৰ খণ্ড BD অ DC ৰ দৈর্ঘ্য যথাক্রমে 8 চে.মি. আৰু 6 চে.মি. (চিত্র 10.18 চোৱা)। AB আৰু AC বাহুৰ দৈর্ঘ্য নির্ণয় কৰা।

উত্তৰঃ ধৰাহ’ল AE = x ∴ AF = x

BC = 8 + 6 = 14 cm

AB = (x + 8) cm

AC = (x + 6) cm 

∠1 = ∠2 = ∠3 = 90° [∵ বৃত্তৰ ব্যাসার্ধ স্পৰ্শকৰ ওপৰত লম্ব।]

⇒ 3x(x + 14) – (x + 14)² = 0

⇒ (x + 14) [3x – (x + 14)] = 0

⇒ (x + 14) (2x – 14) = 0

⇒ x = – 14, x = 7

যিহেতু বাহু ঋণাত্মক নহয় গতিকে, AB = x + 8 = 15cm

AC = x + 6 = 13cm

13. প্রমাণ কৰা যে এটা বৃত্তক স্পর্শ চতুর্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সম্মুখকৈ সম্পূৰক কোণ কৰে।

উত্তৰঃ 

∠1 + ∠2 + ∠2 + ∠5 + ∠5 + ∠6 + ∠6 + ∠1 = 360° [সম্পূর্ণ কোণ] 

2∠1 + ∠2 + ∠5 + ∠6) = 360°

⇒ ∠BOC + ∠AOD = 180° … (i) I ত প্রমাণিত ∠AOB + ∠BOC + ∠COD + ∠DOA = 360° [সম্পূর্ণ কোণ।] 

∠AOB + ∠COD+ 180° = 360° [(i) ৰ পৰা]

∠AOB + ∠COD = 360° – 180° = 180° প্রমাণ কৰা হ’ল।

14. এটা বৃত্তৰ ব্যাসৰ প্ৰান্তবিন্দুত অতি বেছি কিমান সমান্তৰাল স্পৰ্শক থাকিব পাৰে?

উত্তৰঃ

কেৱল দুডাল।

ব্যাখ্যা: যদি PQ || RS, তেন্তে AB হ’ল ব্যাস।

15. চিত্ৰ 10.19 ত P বহিঃবিন্দুৰ পৰা O কেন্দ্ৰীয় বৃত্তটোলৈ AP আৰু BP দুডাল স্পৰ্শক যাতে PA = 5 চে.মি আৰু ∠APB = 60° । AB জ্যাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা।

উত্তৰঃ

PA = PB (P বিন্দুৰ পৰা টনা স্পৰ্শক)

⇒ ∠PAB = ∠PBA → (i)

In ΔAPB:

∠APB + ∠PAB + ∠PBA = 180°

⇒ 60° + ∠PAB + ∠PAB = 180°

⇒ 2∠PAB = 120° [(i) ব্যৱহাৰ কৰি ]

∠PAB = 60° = ∠PBA

∴ ΔAPB এটা সমবাহু ত্ৰিভুজ

PA = PB = AB

গতিকে, AB = 5 cm.

16. চিত্ৰ 10.20 ত OT বৃত্তটোৰ ব্যাসাৰ্ধ আৰু PT স্পৰ্শক। OT = 12 চে.মি. আৰু PT = 16 চে.মি. হ’লে PQ নিৰ্ণয় কৰা।

উত্তৰঃ আমি জানো যে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব।

∴ ∠OTP = 90°

ΔOTPত, OP2 = OT2 + PT2

⇒ OP2 = 122 + 162  [পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰি]

⇒ OP2 = 144 + 256

⇒ OP2= 400

⇒ OP = √400

⇒ OP = 20 cm

PQ = OP − OQ

= 20 cm − 12 cm  [OQ = OT = 12 cm]

= 8 cm

গতিকে, PQ = 8 cm.

17. চিত্ৰ 10.21 ত OC = 9 আৰু OB = 15 চে.মি. হ’লে BC + BD মান হ’ব—

(A) 12 চে.মি. 

(B) 24 চে.মি.

(C) 27 চে.মি. 

(D) 30 চে.মি.

উত্তৰঃ (B) 24 চে.মি.

18. তলত দিয়া কোনটো উক্তি সত্য?

(P) বৃত্তৰ এটা বহিঃবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক দুডালে বৃত্তটোৰ কেন্দ্ৰত সমান কোণ কৰে।

(Q) P বহিঃ বিন্দুৰ পৰা অঁকা স্পৰ্শক দুডালে P ৰ সৈতে কেন্দ্ৰ সংযোগী ৰেখাডালৰ সৈতে সমানে হালি থাকে।

(A) P সত্য, Q অসত্য  

(B) P অসত্য, Q সত্য

(C) P আৰু Q দুয়োটাই সত্য  

(D) P আৰু Q দুয়োটাই অসত্য

উত্তৰঃ (C) P আৰু Q দুয়োটাই সত্য  

19. চিত্ৰ 10.22 ত AB, BC আৰু CA বাহুৰ দৈৰ্ঘ্য ক্ৰমে 12 চে.মি., 8 চে.মি. আৰু 10 চে.মি. হ’লে, তলৰ তালিকা মিলোৱা।

তালিকা (i)তালিকা (ii)
(P) AD ৰ দৈৰ্ঘ্য(1) 3 cm
(Q) BE ৰ দৈৰ্ঘ্য(2) 4 cm
(R) CF ৰ দৈৰ্ঘ্য(3) 7 cm
(S) যদি ΔOAB ৰ কালি 24 বৰ্গ চে.মি. তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ(4) 5 cm

 শুদ্ধ বিকল্পটো হ’ল—

PQRS
(A)4123
(B)3412
(C)1324
(D)2431

উত্তৰঃ 

PQRS
(B)3412

20. P ৰ পৰা S লৈ কাষৰ চিত্ৰ 10.23 ত পোৱা কোণসমূহ সানমিহলিকৈ দিয়া আছে।

(P) ∠ORP ৰ জোখ

(Q) ∠RQP ৰ জোখ

(R) ∠ORQ ৰ জোখ

(S) ∠ROQ ৰ জোখ

কোণসমূহৰ জোখ শুদ্ধ অধঃক্ৰমত সজাই পোৱা বিকল্পটো হ’ল—

(A) P, Q, R, S     

(B) S, P, Q, R

(C) Q, R, P, S     

(D) R, S, Q, P

উত্তৰঃ (B) S, P, Q, R

21. চিত্ৰ 10.24 ত O কেন্দ্ৰীয় বৃত্তৰ PQ আৰু PR দুডাল স্পৰ্শক। আন এডাল স্পৰ্শক AB য়ে বৃত্তটোক C বিন্দুত স্পৰ্শ কৰিছে। PQ = 12 চে.মি. আৰু BP = 8 চে.মি. হ’লে BC ৰ দৈৰ্ঘ্য হ’ব—

(A) 2 চে.মি.     

(B) 4 চে.মি.

(C) 6 চে.মি.     

(D) 8 চে.মি.

উত্তৰঃ (B) 4 চে.মি.

22. চিত্ৰ 10.25 ত দেখুওৱা ধৰণে এটা বৃত্তাকাৰ ঘড়ী ত্ৰিভুজ আকাৰৰ কাঁচৰ ফ্ৰেমত লগোৱা হৈছে। দিয়া আছে BP = 6 চে.মি., CP = 8 চে.মি. আৰু AQ = 3 চে.মি. হ’লে

(i) AR ৰ দৈৰ্ঘ্য হ’ব—

(A) 3 চে.মি.   

(B) 6 চে.মি.   

(C) 8 চে.মি.   

(D) 9 চে.মি.

উত্তৰঃ (A) 3 চে.মি.  

(ii) AC ৰ দৈৰ্ঘ্য হ’ব—

(A) 6 চে.মি.   

(B) 8 চে.মি.   

(C) 9 চে.মি.   

(D) 11 চে.মি.

উত্তৰঃ (D) 11 চে.মি.

(iii) ABC ত্ৰিভুজৰ পৰিসীমা হ’ব—

(A) 17 চে.মি.   

(B) 34 চে.মি.   

(C) 38 চে.মি.   

(D) 42 চে.মি.

উত্তৰঃ (B) 34 চে.মি. 

(iv) বৃত্তটোৰ ব্যাসাৰ্ধ 4 চে.মি. হ’লে, ΔOBC ৰ কালি হ’ব—

(A) 12 চে.মি.²   

(B) 18 চে.মি.²

(C) 24 চে.মি.   

(D) 28 চে.মি.²

উত্তৰঃ (D) 28 চে.মি.²

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top