Niketan Class 6 Science Chapter 2 জীৱ জগত

Niketan Class 6 Science Chapter 2 জীৱ জগত is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Science Chapter 2 জীৱ জগত and select need one.

Niketan Class 6 Science Chapter 2 জীৱ জগত

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Science Chapter 2 জীৱ জগত Solutions for All Subjects, You can practice these here.

জীৱ জগত

Chapter – 2

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। কোষ কাক বোলে ?

উত্তৰঃ জীৱ দেহৰ গঠন আৰু কাৰ্যৰ এককটোকে কোষ বোলে। সকলো জীৱৰ দেহ কিছুমান ক্ষুদ্র ক্ষুদ্র কোষেৰে গঠিত।

২। তলৰ কোনবোৰ মনেৰা ৰাজ্যৰ অন্তর্ভুক্ত জীব ? 

এমিবা, প্লাজম’ডিয়াম, যক্ষ্মা ৰোগৰ বীজাণু ,কলেৰা ৰোগৰ বীজাণু ।

উত্তৰঃ মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱবোৰ হ’লঃ যক্ষ্মা ৰোগৰ বীজাণু , কলেৰা ৰোগৰ বীজাণু ৷

৩। প্রটিষ্টা ৰাজ্যৰ দুটা জীৱৰ নাম লিখা। 

উত্তৰ : প্রটিষ্টা ৰাজ্যৰ দুটা জীৱ হ’ল-  এমিবা  আৰু প্লাজম’ডিয়াম।

৪। খালী ঠাই পূৰ কৰা :

(ক) লেক্টবেছিলাছে —— কাৰ্যত সহায় কৰে।

উত্তৰঃ গাখীৰ দৈ কৰা ।

(খ) এণ্টামিবা হিষ্টলিটিকাই —— ৰোগ সৃষ্টি কৰে।

উত্তৰঃ গ্রহণী ।

(গ) ——–নামৰ ভেঁকুৰ বিধৰ পৰা পেনিচিলিন প্ৰস্তুত কৰা হয়।

উত্তৰঃ পেনিচিলিয়াম ।

(ঘ) চাইকাছ ——- উদ্ভিদৰ উদাহৰণ।

উত্তৰঃ নগ্নবীজী ।

(ঙ) ——– এবিধ সন্ধিপদী প্রাণী।

উত্তৰঃ মকৰা ।

(চ)  একাটিনা এবিধ বাগিছা বা চেচুকীয়া ঠাইত থকা ——– প্রাণী।

উত্তৰঃ কোমল দেহী ।

(ছ) ——– নামৰ বেক্টেৰিয়াই উদ্ভিদৰ শিপাত নাইট্রজেন যুক্ত যৌগ জমা কৰে।

উত্তৰঃ ৰাইজ’বিয়াম  ।

(জ) নীলা তিমি আটাইতকৈ ডাঙৰ ——– প্রাণী।

উত্তৰঃ স্তন্যপায়ী ।

(ঝ) ——– একমাত্ৰ উৰণীয়া স্তন্যপায়ী প্রাণী।

উত্তৰঃ বাদুলী ।

৫। উদ্ভিদ আৰু প্ৰাণীৰ দুটা পার্থক্য লিখা।

উত্তৰ : উদ্ভিদ আৰু প্ৰাণীৰ দুটা পার্থক্য হ’ল –

উদ্ভিদপ্ৰাণী
(i) উদ্ভিদে নিজে নিজৰ খাদ্য তৈয়াৰ কৰি লয়(i)  প্ৰাণীয়ে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে ৷
(ii)  উদ্ভিদ কোষত কোষবেৰ থাকে(ii)  প্রাণীকোষত কোষবেৰ নাথাকে।

৬। প্রটিষ্টা ৰাজ্যৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ : প্রটিষ্টা ৰাজ্যৰ দুটা বৈশিষ্ট্য হ’ল-

(i)   প্রটিষ্টা ৰাজ্যৰ জীৱবোৰ এককোষী কিন্তু কোষৰ গঠন বেক্টেৰিয়াতকৈ কিছু উন্নত।

(ii)   জীৱবোৰৰ কিছুমানে উদ্ভিদৰ লক্ষণ বা চৰিত্ৰ দেখুৱাই আৰু কিছুমানে প্ৰাণীৰ চৰিত্ৰ দেখুৱাই।

৭। ভেঁকুৰ ৰাজ্যৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ : ভেঁকুৰ ৰাজ্যৰ দুটা বৈশিষ্ট্য হ’ল—

(i)   ভেঁকুৰ বোৰ সাধাৰণতে জীৱদেহৰ গেলা পঁচা অংশ, গোৱৰ বা জাৱৰ দ’ম আদিত জন্মে।

(ii)   ভেঁকুৰৰ দেহত হৰিকণা নথকাৰ বাবে নিজৰ খাদ্য প্রস্তুত কৰিব নোৱাৰে ৷ সেয়েহে অন্য জীৱৰ দেহত বাস কৰি খাদ্য আহৰণ কৰে। সেয়েহে ভেঁকুৰ বোৰক মৃতজীৱী বা পৰজীৱী বোলে ৷

৮। ভেঁকুৰৰ দ্বাৰা সৃষ্টি হোৱা এটা উদ্ভিদৰ বেমাৰৰ নাম লিখা।

উত্তৰ : আলুৰ ব্লাইট ৰোগ ভেঁকুৰৰ দ্বাৰা সৃষ্টি হয়।

৯। শেলাই কোন ৰাজ্যৰ অন্তর্ভুক্ত ?

উত্তৰ : শেলাই প্ৰ’টিষ্টা ৰাজ্যৰ অন্তৰ্ভুক্ত।

১০। একবীজ পত্ৰী আৰু দ্বিবীজ পত্ৰী উদ্ভিদৰ মাজৰ দুটা পার্থক্য লিখা।

উত্তৰ : একবীজ পত্ৰী আৰু দ্বিবীজ পত্ৰী উদ্ভিদৰ মাজৰ 

দুটা পার্থক্য হ’ল –

একবীজপত্রীদ্বিবীজ পত্রী
(i)  যিবোৰ উদ্ভিদৰ বীজত মাত্ৰ এটা বীজ পত্র থাকে,তাকে একবীজপত্রী বোলে।(i)   যিবোৰ উদ্ভিদৰ বীজত দুটাকৈ বীজ পত্র থাকে, তেনে উদ্ভিদক দ্বিবীজপত্রী বোলে।
(ii) ইয়াৰ শিপা গুচ্ছমূল প্ৰকৃতিৰ (ii)ইয়াৰ শিপা মুখ্যমূল প্ৰকৃতিৰ। 

১১। অপুষ্পক উদ্ভিদৰ দুটা বৈশিষ্ট্য লিখা আৰু দুটা উদাহৰণ দিয়া।

উত্তৰ: অপুষ্পক উদ্ভিদৰ বৈশিষ্ট্য –

(i) অপুষ্পক উদ্ভিদৰ ফুল নহয়।

(ii) অপুষ্পক উদ্ভিদবোৰ নিম্নখাপৰ উদ্ভিদ।

অপুষ্পক উদ্ভিদৰ উদাহৰণ হ’ল ঢেকীয়া, শেলাই।

১২। এটা ৰন্ধ্ৰী প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ ৰন্ধ্ৰী প্ৰাণীৰ উদাহৰণ হ’ল — চাইকন।

১৩। নির্মল পানী বা খাল বিল আদিত পোৱা একনলদেহী প্রাণী এটাৰ নাম লিখা।

উত্তৰ : হাইড্ৰা নামৰ একনলদেহী প্রাণীবিধ খাল বিলত পোৱা যায়।

 ১৪। মৌ-মাখি কোন পৰ্বৰ প্রাণী ?

উত্তৰঃ মৌ-মাখি সন্ধী পদী পৰ্বৰ প্ৰাণী।

১৫। বলয়ী প্ৰাণীৰ দুটা উদাহৰণ দিয়া ৷

উত্তৰঃ কেচুঁ, জোক আদিবোৰ বলয়ী প্রাণী।

১৬। দুবিধ কণী দিয়া স্তন্যপায়ী প্রাণীৰ নাম লিখা। 

উত্তৰ : একিডনা আৰু ডাকবিল প্লেটিপাচ নামৰ প্ৰাণী দুবিধ 

কণী দিয়া স্তন্যপায়ী প্রাণী।

১৭৷ তলত দিয়াবোৰৰ দুটাকৈ বৈশিষ্ট্য লিখা ৷ 

(ক) কণ্টকচর্মী প্ৰাণী  

(খ) বলয়ী প্রাণী

(গ) উভচৰ প্ৰাণী

(ঘ) পক্ষী

(ঙ)মৎস্য

(চ) গুপ্তবীজী

(ছ) উদ্ভিদ ৰাজ্য

(জ) প্রাণী ৰাজ্য

উত্তৰঃ

(ক) কণ্টকচর্মী প্রাণী :

(i)  কণ্টকচর্মী পৰ্বৰ প্ৰাণীবোৰ সাগৰীয় ।

(ii)  ইহঁতৰ দেহৰ বহিঃ অংশত কিছুমান সৰু সৰু কাঁইট সদৃশ অংগ থাকে।

(খ) বলয়ী প্রাণী :

(i)  বলয়ী প্ৰাণীৰ দেহটো বহুতো আঙুঠি (বলয়) এটাৰ পিছত এটাকৈ লগ লাগি গঠন হোৱা যেন লাগে।

(ii)  বলয়ী প্রাণী মাটি, পানী আদি সকলো বাসস্থানতে পোৱা যায়।

(গ) উভচৰ প্ৰাণী :

(i)  এই প্রাণীৰ জীৱনৰ আদিকাল চোৱা পানীত কটাই।

(ii)  উভচৰ প্ৰাণীৰ আদিকাল চোৱাক লালুকী বোলে ৷ লালুকীবোৰে জলক্লোমৰ সহায়ত উশাহ নিশাহ লয়।

(ঘ) পক্ষী :

(i)  চৰাই উষ্ণৰক্তী প্রাণী।

(ii)  চৰাইৰ দেহটো পাখীৰে আবৃত আৰু মুখখন ঠোঁট যুক্ত।

(ঙ) মৎস্য :

(i)  মাছ হ’ল আটাইতকৈ পুৰণি মেৰুদণ্ডী প্রাণী।

(ii)  সকলো মাছে ফুল বা জলক্লোমৰ সহায়ত উশাহ-নিশাহ লয়।

(চ) গুপ্তবীজী উদ্ভিদ :

(i)  গুপ্তবীজী উদ্ভিদৰ গুটি বা বীজবোৰ ফলৰ ভিতৰত থাকে।

(ii)  মাত্র এটা গুটি থকা গুপ্তবীজী উদ্ভিদক এগুটিয়া ফল আৰু বহুত গুটি থকা উদ্ভিদক বহুগুটিয়া ফল বোলে।

(ছ) উদ্ভিদ ৰাজ্য :

(i)  কিছুমান উদ্ভিদৰ ফুল ফুলে কিছুমানৰ ফুল নুফুলে।

(ii)  উদ্ভিদৰ গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদক তৃণ, বৃক্ষ, গুল্ম, লতা আদি ভাগত বিভক্ত কৰা হৈছে।

(জ) প্রাণী ৰাজ্যঃ

(i)  দেহৰ গঠনৰ ওপৰত ভিত্তি কৰি প্ৰাণী ৰাজ্যক প্ৰধানকৈ মেৰুদণ্ডী আৰু অমেৰুদণ্ডী ভাগত ভাগ কৰা হৈছে।

(ii)  দেহৰ গঠন আৰু আন জৈৱিক লক্ষণৰ ওপৰত ভিত্তি কৰি অমেৰুদণ্ডী প্রাণী সমূহক কেইবাটাও ভাগত ভাগ কৰা হৈছে। এই ভাগবোৰক পর্ব বোলে।

১৮। দুটা সৰীসৃপ শ্ৰেণীৰ প্ৰাণীৰ উদাহৰণ দিয়া ৷

উত্তৰঃ সৰীসৃপ প্রাণীৰ উদাহৰণ হ’ল – জেঠী আৰু তেজপিয়া । 

 ১৯। চালামাণ্ডাৰ কোন শ্ৰেণীৰ অন্তৰ্ভুক্ত প্রাণী ?

উত্তৰ : চালামাণ্ডাৰ উভচৰ প্ৰাণী।

২০। দুবিধ সাগৰীয় একনলদেহী প্ৰাণীৰ নাম লিখা।

উত্তৰঃ সাগৰীয় একনলদেহী প্ৰাণী হ’ল জেলিফিছ, প্রবাল। 

২১। দুবিধ সাগৰীয় কোমলদেহী প্ৰাণীৰ নাম লিখা।

উত্তৰঃ সাগৰীয় কোমলদেহী প্রাণী হ’ল – শংখ, অক্টোপাছ।

২২। দুবিধ নির্মল পানীত পোৱা শামুকৰ নাম লিখা।

উত্তৰ : পাইলা, ইউনিঅ’ আদি নিৰ্মল পানীত পোৱা শামুক।

২৩। এবিধ খাদ্য হিচাপে ব্যৱহাৰ কৰা শামুকৰ নাম লিখা।

উত্তৰ : পাইলা শামুক মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে।

২৪। দুবিধ সাগৰীয় মাছৰ নাম লিখা।

উত্তৰ : ক’ড, চাৰ্ক আদি সাগৰীয় মাছ।

২৫। দুবিধ বিলত পোৱা মাছৰ নাম লিখা ।

উত্তৰ : পুঠি, খলিহনা বিলত পোৱা মাছ।

২৬। দুবিধ নদীত পোৱা মাছৰ নাম লিখা।

উত্তৰ : ৰৌ, বৰালী নদীত পোৱা মাছ।

২৭। ব্ৰহ্মপুত্ৰ নদীত পোৱা স্তন্যপায়ী প্রাণীবিধৰ নাম লিখা। 

উত্তৰ : ব্ৰহ্মপুত্ৰ নদীত পোৱা স্তন্যপায়ী প্রাণীবিধ হ’ল ডলফিন বা শিহু। 

২৮। বগা ভালুক ক’ত পোৱা যায় ?

উত্তৰ : বগা ভালুক মেৰু অঞ্চলত পোৱা যায়।

২৯৷ ভেকুলীৰ লালুকীয়ে কিহৰ সহায়ত উশাহ লয় ?

উত্তৰ: লালুকীয়ে জলক্লোমৰ সহায়ত উশাহ লয় ৷

৩০। অমেৰুদণ্ডী প্রাণীৰ আটাইতকৈ ডাঙৰ পৰ্বটো কি ? ইহঁতৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰ: অমেৰুদণ্ডী প্রাণীৰ আটাইতকৈ ডাঙৰ পৰ্বটো হ’ল সন্ধী পদী।

সন্ধীপদী প্ৰাণীৰ বৈশিষ্ট্য হ’ল –

(i)   এই প্ৰাণীৰ ঠেংবোৰ কেইবাটাও সন্ধিযুক্ত বা জোৰা লগা। 

(ii)   প্ৰাণীবোৰৰ দেহটো মুৰ, ডিঙি আৰু উদ এই তিনি খণ্ডত বিভক্ত।

অতিৰিক্ত প্রশ্নোত্তৰ

১। জীৱজগতক কেইটা ভাগত ভাগ কৰা হৈছে ? ভাগ কেইটা কি ?

উত্তৰ : জীৱজগতক মুঠ পাঁচটা ভাগত বিভক্ত কৰা হৈছে। ভাগকেইটা হ’ল – ম’নেৰা, প্ৰটিষ্টা, ভেঁকুৰ, উদ্ভিদ আৰু প্ৰাণী।

২। ভেঁকুৰৰ উপকাৰিতাৰ বিষয়ে লিখা।

উত্তৰ : কিছুমান প্ৰজাতিৰ ভেঁকুৰ উপকাৰী। যেনেঃ পাউৰুটি বনোৱাত ইষ্ট নামৰ ভেঁকুৰ বিধ ব্যৱহাৰ কৰা হয়। পেনিচিলিয়াম নামৰ ভেঁকুৰৰ পৰা পেনিচিলিন নামৰ প্ৰতি জৈৱিক প্ৰস্তুত কৰা হয়।

৩। বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ বিষয়ে লিখা।

উত্তৰ: বিভিন্ন প্ৰকাৰৰ উদ্ভিদবোৰ হ’ল 

তৃণঃকিছুমান উদ্ভিদ লেহুকা, মাটিৰ সৈতে প্রায় লিপিত খাই থাকে। সেইবোৰক তৃণ বোলে। যেনেঃ দুবৰি বন, টেঙেচি টেঙা।

গুল্ম : কিছুমান উদ্ভিদ তৃণ বা ঘাঁহতকৈ কিছু ওখ আৰু জোপোহা। ইহঁতক গুল্ম বোলে। যেনেঃ নেমুটেঙা, বেঙেনা।

বৃক্ষ : বহু ডাঙৰ, ওখ আৰু শক্তিশালী কাণ্ড যুক্ত উদ্ভিদক বৃক্ষ বোলে। যেনেঃ আম, কঠাল, শাল আদি।

লতা : কিছুমান উদ্ভিদৰ কাণ্ড অতি লেহুকা। ইহঁতে আন গছ বা দেৱাল আদিক অৱলম্বন কৰি বগাই যায়। এইবোৰক লতা বোলে। যেনেঃ জিকা, লাউ আদি।

৪। আদ্য প্রাণীবোৰ কোন ৰাজ্যৰ অন্তৰ্ভুক্ত ? আদ্য প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰ: আদ্যপ্ৰাণীবোৰ মনেৰা ৰাজ্যৰ অন্তৰ্ভূক্ত। এমিবা, পেৰা মিচিয়াম আদি আদ্যপ্রাণী।

৫। ৰন্ধী প্ৰাণীয়ে কেনেদৰে খাদ্য গ্রহণ কৰে ?

উত্তৰ: ৰন্ধ্ৰী প্ৰাণীৰ দেহত অসংখ্য ৰন্ধ থাকে। এই ৰন্ধ্ৰবোৰেৰে পানী দেহৰ ভিতৰত সোমাই আৰু তাৰ পৰা প্ৰাণীটোৱে খাদ্য, প্রয়োজনীয় অক্সিজেন গেছ আদি আহৰণ কৰে।

৬। প্রবাল সিৰা কাক বোলে ? প্রবাল দ্বীপ কেনেদৰে সৃষ্টি হয় ?

উত্তৰঃ প্ৰবাল নামৰ প্ৰাণীবিধে তাৰ দেহৰ চাৰিওফালে চূণ জাতীয় পদাৰ্থৰ এটা টান খোলা তৈয়াৰ কৰে। এনে কোটি কোটি প্ৰৱালৰ খোলা লগ লাগি সাগৰ বা মহাসাগৰ তলিত পাহাৰৰ দৰে অঞ্চল কিছুমান সৃষ্টি কৰে, ইয়াক প্রবাল সিৰা ( কৰেল ৰিফ ) বোলে।

কেতিয়াবা প্রবাল সিৰাবোৰ জমা হৈ হৈ সমুদ্র পৃষ্ঠৰ ওপৰলৈ আহে আৰু দ্বীপৰ সৃষ্টি কৰে ইয়াক প্রবাল দ্বীপ বোলে।

৭। চেপেটা কৃমি আৰু ঘূৰণীয়া কৃমি কি ?

উত্তৰঃ যিবোৰ কৃমিৰ দেহৰ আকৃতি চেপেটা সিহঁতক চেপেটা কৃমি বোলে। যেনেঃ ফিটা পেলু।

আনহাতে যিবোৰ কৃমিৰ দেহৰ আকৃতি লাহী চুঙাৰ দৰে, তেনেবোৰ কৃমিক ঘূৰণীয়া কৃমি বা নিমার্তহেলমিনথিছ বোলে। যেনে : মানুহৰ খাদ্য নলীত বাস কৰা এচকাৰিচ পেলু, মানুহৰ ছালত খৰ খজুৱতিৰ সৃষ্টি কৰা ৰিং ৱৰ্ম আদি।

৮। কোনবিধ শামুকৰ পেটত মাণিক সৃষ্টি হয়।

উত্তৰঃ অইষ্টাৰ নামৰ শামুক বিধে তাৰ পেটত মাণিক সৃষ্টি কৰে। 

৯। কণ্টক চর্মী প্রাণী কাক বোলে ?

উত্তৰ: কিছুমান সাগৰীয় প্ৰাণীৰ দেহৰ বহিঃঅংশত কিছুমান সৰু সৰু কাঁইট সদৃশ অংগ থাকে, তেনে প্রাণীক কণ্টক চর্মী প্রাণী বোলে। যেনেঃ তৰা মাছ, সাগৰীয় লিলি আদি।

১০। উভচৰ প্ৰাণীয়ে কিহৰ সহায়ত উশাহ নিশাহ লয় ?

উত্তৰ: উভচৰ প্ৰাণীৰ আদি কালচোৱাক লালুকী বোলে। লালুকীয়ে জলক্লোমৰ সহায়ত উশাহ নিশাহ লয়। ইহঁতৰ জলক্লোম দেহৰ বাহিৰত থাকে ৷ লাহে লাহে জলক্লোমবোৰ নাইকীয়া হৈ হাওঁফাওঁৰ দ্বাৰা উশাহ নিশাহ লয়।

১১। স্তন্যপায়ী প্ৰাণীৰ বৈশিষ্ট্যবোৰ লিখা। 

উত্তৰ : স্তন্যপায়ী প্ৰাণীৰ বৈশিষ্ট্যবোৰ হ’ল –

(i)  স্তন্যপায়ী প্ৰাণীৰ দেহটো নোম বা চুলিৰে ঢাক খোৱা।

(ii)  স্তন্যপায়ী প্রাণীবোৰ উষ্ণৰক্তী অৰ্থাৎ ইহঁতৰ দেহৰ উষ্ণতা সদায় একে থাকে।

(iii)  সকলো স্তন্যপায়ী প্রাণীয়ে মাকৰ গাখীৰ খাই ডাঙৰ হয়।

(vi)  স্তন্যপায়ী প্রাণীয়ে পোৱালী জগায়। অৱশ্যে একিডনা আৰু ডাকবিল প্লেটিপাচ স্তন্যপায়ী প্রাণী দুবিধে কণী পাৰে।

(v)  স্তন্যপায়ী প্রাণী পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়।

১২। উৰণীয়া স্তন্যপায়ী প্রাণী বিধ কি ?

উত্তৰ : বাদুলী হৈছে একমাত্র উৰণীয়া স্তন্যপায়ী প্রাণী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top