Niketan Class 4 Assamese Chapter 9 শ্রীনিবাস ৰামানুজন আয়েংগাৰ

Niketan Class 4 Assamese Chapter 9 শ্রীনিবাস ৰামানুজন আয়েংগাৰ, Sankardev Sishu Niketan Chapter 9 শ্রীনিবাস ৰামানুজন আয়েংগাৰ Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

সাহসিকতা

Chapter – 9

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : উত্তৰ লিখা :

(ক) প্রাচীন কালৰ কেইজনমান ভাৰতীয় গণিতজ্ঞৰ নাম লিখা। 

উত্তৰ : বৰাহমিহিৰ, আর্যভট্ট, ব্রহ্মগুপ্ত, শ্রীপতি, শ্রীধৰাচাৰ্য, মহাবীৰ আৰু ভাস্কৰাচাৰ্য।

(খ) ৰামানুজনৰ সম্পূর্ণ নাম কি ? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ : শ্রীনিবাস ৰামানুজন আয়েংগাৰ।

(গ) ৰামানুজনৰ ঘৰ ক’ত আছিল ?

উত্তৰ : তামিলনাডুৰ তাঞ্জোৰ জিলাৰ ইবোদ নামৰ গাঁওখনত। 

(ঘ) ৰামানুজনে কোনটো বিষয় আটাইতকৈ ভাল পাইছিল ? তেওঁ কোনটো বিষয়ত বৰ দুৰ্বল আছিল ?

উত্তৰ : গণিত বিষয়টো আটাইতকৈ ভাল পাইছিল। ইংৰাজী বিষয়ত বৰ দুৰ্বল আছিল।

(ঙ) ৰামানুজনে কি আৱিষ্কাৰ কৰিছিল ?

উত্তৰ : গণিতৰ নতুন সূত্ৰ আৱিষ্কাৰ কৰিছিল। 

(চ) ৰামানুজনৰ সময়ৰ ইংলেণ্ডৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি ?

উত্তৰ : গড়ফ্রে হেবল্ড হার্ডি।

(ছ) ৰামানুজনে ইংলেণ্ডত কি সন্মান লাভ কৰিছিল ?

উত্তৰ : “ৰয়েল চছাইটি” আৰু “ট্রিনিটি কলেজ”ৰ ‘সভ্য’ৰ সন্মান লাভ কৰিছিল।

প্রশ্ন ২ : বৈদিক সভ্যতা ক’ত গঢ়লৈ উঠিছিল ?

উত্তৰ : সিন্ধু নদীৰ পাৰত।

প্রশ্ন ৩: কোন যুগত ভাৰতৰ বুকুত গণিত শাস্ত্ৰই ঠন ধৰি উঠে ? 

উত্তৰ : বৈদিক সভ্যতাৰ যুগত। 

প্রশ্ন ৪ : হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিতত বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ বাবে ৰামানুজনে কি বৃত্তি লাভ কৰিছিল ?

উত্তৰ : ‘সুব্রহ্মাণ্যম’ বৃত্তি লাভ কৰিছিল। 

প্রশ্ন ৫ : ৰামানুজনে কলেজীয়া পৰীক্ষাত কিয় উত্তীৰ্ণ হ’ব নোৱাৰিলে ?

উত্তৰ : ইংৰাজী বিষয়ত দুর্বল আছিল বাবে।

প্রশ্ন ৬ : বাক্য ৰচনা কৰা :

ঠন ধৰা, শ্রীবৃদ্ধি, অনায়াসে, একাণপতীয়া 

উত্তৰ : ঠন ধৰা : বৰষুণ পাই ফুলৰ পুলিবোৰ ঠন ধৰি উঠিছে।

শ্ৰীবৃদ্ধি : গণিত শাস্ত্ৰৰ শ্ৰীবৃদ্ধি সাধনত ৰামানুজনে উল্লেখনীয় বৰঙণি দি থৈ গৈছে।

অনায়াসে : ল’ৰাজনে কঠিন অংকটো অনায়াসে কৰি পেলালে।

একাণপতীয়া : একাণপতীয়াকৈ লাগি থকা মানুহে কামত কৃতকার্যতা লাভ কৰে।

প্রশ্ন ৭ : তলৰ শব্দবোৰৰ অৰ্থ লিখা :

ঠন ধৰা, জাতিষ্কাৰ, শ্রীবৃদ্ধি, পাৰদৰ্শিতা, অৰিহণা, স্মৃতি, অনায়াসে, স্তম্ভিত, ৰূপ, একাণপতীয়া, উৎকৃষ্ট, কুটিল, গবেষণা।

উত্তৰ : 

শব্দঅর্থ
ঠন ধৰাগা কৰি উঠা, সঁজাল ধৰা, জীপ ধৰা ৷
জাতিষ্কাৰজকমকীয়া, সু-সজ্জিত।
শ্রীবৃদ্ধিউন্নতি, কৃতকার্যতা।
পাৰদৰ্শিতানিপুণতা, পটুতা।
অৰিহণাদক্ষিণা, বৰঙণি।
স্মৃতিমনত থকা, সোঁৱৰণ।
অনায়াসেঅলপ চেষ্টাতে, হেলাৰঙে।
স্তম্ভিতআচৰিত হোৱা, চমক খোৱা।
ৰূপমনোযোগ, অনুৰাগ, স্পৃহা।
একাণপতীয়াএকেটা কথাত কাণ পাতি থকা, একান্ত মনে লাগি থকা।
উৎকৃষ্টশ্রেষ্ঠ, উত্তম।
কুটিলকপটীয়া, দুষ্ট, ভাঁজ থকা।
গৱেষণাগভীৰ চিন্তাৰে কৰা অধ্যয়ন।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top