Niketan Class 4 Assamese Chapter 10 জনমভূমি

Niketan Class 4 Assamese Chapter 10 জনমভূমি, Sankardev Sishu Niketan Chapter 10 জনমভূমি Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

জনমভূমি

Chapter – 10

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : জনমভূমি কাক বোলে ?

উত্তৰ : ওপজা দেশখনক জনমভূমি বোলে।

প্রশ্ন ২ : তলত দিয়া শব্দকেইটাৰে বাক্য সাজা :

 জনমভূমি, চৰণ, চিকুণী, সুৱদি, পৃথিৱী

উত্তৰ :  

জনমভূমিপৰ্বত-পাহাৰ, নদ-নদীৰে ভৰা আমাৰ জনমভূমিখন বৰ ধুনীয়া ।
চৰণশিষ্যজনে গুৰুৰ চৰণত সেৱা জনাইছে।
চিকুণীআমাৰ বিদ্যালয়ৰ চিকুণী পৰিৱেশে সকলোকে আকর্ষণ কৰে।
সুৱদিসুৱদি মাতটোৰ বাবে সোণটিক মোৰ বৰ ভাল লাগে।
পৃথিৱীপৃথিৱীখনৰ আকৃতি এটা সুমথিৰা টেঙাৰ দৰে।

প্রশ্ন ৩ : তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা : 

শিতান, চিকুণী, দলিচা, হেঙুলী, বোল, সুৱদি, সুজলা, সুফলা।

উত্তৰ : 

শব্দঅর্থ
শিতানশোওঁতে মূৰ দিয়া ঠাই, শিৰোনাম।
চিকুণীসুন্দৰ, উত্তম, পৰিষ্কাৰ।
দলিচাকার্পেট, মজিয়া আদিত পাৰিবলৈ ব্যৱহাৰ কৰা এবিধ ডাঠ কাপোৰ।
হেঙুলীহেঙুল বৰণৰ, ৰঙচুৱা।
বোলৰং, ৰহণ।
সুৱদিসোৱাদ থকা।
সুজলাভাল পানী পোৱা ঠাই।
সুফলাযি ঠাইত ফল-মূল, শস্য আদি প্ৰচুৰ হয়।

প্রশ্ন ৪: সর্বনাম পদ কাক বোলে ? উদাহৰণ দি বুজাই লিখা :

উত্তৰ : বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সর্বনাম পদ বোলে। যেনে— উপেনৰ আজি গা বেয়া। সি খেলিবলৈ নাযায়।

ওপৰৰ প্ৰথম বাক্যটোত থকা ‘উপেন’ বিশেষ্য পদটোৰ সলনি দ্বিতীয় বাক্যটোত ‘সি’ শব্দটো ব্যৱহাৰ কৰা হৈছে। ‘সি’টো সর্বনাম পদ। 

প্রশ্ন ৫ : পৃথিৱীৰ ক’তো বিচাৰি নোপোৱা

                 ই হেন চিকুণী চেনেহী দেশ

          অতিকে আপোন অতি শুৱনি

                 সুজলা, সুফলা সেউজী বেশ।

—ওপৰৰ কবিতাফাঁকিৰ জৰিয়তে কবিয়ে কি কথা কৈছে লিখা।

উত্তৰ : কবিৰ মতে আমাৰ এই জনমভূমিখনৰ নিচিনা সুন্দৰ মৰম লগা দেশ পৃথিৱীৰ ক’তো বিচাৰি পোৱা নাযায়। ভাল পানীৰ নদ-নদীৰে পূৰ্ণ, ফল-মূল, শসাবে ভৰি থকা অতিকৈ শুৱনি এই দেশখন সেয়েহে কবিৰ অতি আপোন।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top