গীতা বালী (Geeta Bali) আছিল হিন্দী চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় আৰু সফল অভিনেত্ৰী। ভাৰতীয় চিনেমাৰ ইতিহাসত তেওঁক অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। দুটা দশকৰো অধিক দীঘল কেৰিয়াৰত তেওঁ প্ৰায় ৭৫টাতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু দুবাৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল।

গীতা বালীয়ে কণমানি শিল্পী হিচাপে “দ্য কবলাৰ” (১৯৪২) ছবিৰে বলিউডত পা দিছিল। ১৯৪৮ চনৰ সুহাগ ৰাত ছবিখনে তেওঁৰ প্ৰথম বাণিজ্যিক সফলতা আগবঢ়াই দিলে। তাৰ পিছত বড়ী বেহেন (১৯৪৯), বাৱৰে নেইন (১৯৫০), আলবেলা (১৯৫১), বাজী (১৯৫১), জাল (১৯৫২), আনন্দ মঠ (১৯৫২), বচন (১৯৫৫), মিলাপ (১৯৫৫), ফাৰাৰ (১৯৫৫), জেইলৰ (১৯৫৮) আৰু মিষ্টাৰ ইণ্ডিয়া (১৯৬১) আদি ছবি তেওঁৰ সফল যাত্ৰাৰ সাক্ষী হৈ ৰ’ল। বিশেষকৈ বচন ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শাখাত ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছিল।
১৯৫৫ চনত গীতা বালীয়ে খ্যাতনামা অভিনেতা শাম্মি কাপুৰক বিবাহ কৰিছিল। এই দম্পতীয়ে দুজন সন্তান জন্মাইছিল, যাৰ ভিতৰত এজন হৈছে অভিনেতা আদিত্য ৰাজ কাপুৰ।
- সম্পূৰ্ণ নাম: হৰকীৰ্তন কৌৰ (Geeta Bali)
- জনপ্ৰিয় নাম: গীতা বালী
- জন্ম: ১৯৩০ চন, অমৃতসৰ, পাঞ্জাৱ প্ৰদেশ, বৃটিছ ভাৰত
- মৃত্যু: ২১ জানুৱাৰী, ১৯৬৫, মুম্বাই, মহাৰাষ্ট্ৰ
- বয়স: ৩৫ বছৰ
- পিতৃগৃহ: পাঞ্জাৱ, ভাৰত
- পতি: শাম্মী কাপুৰ (অভিনেতা)
- সন্তান: আদিত্য ৰাজ কাপুৰ আৰু কাঞ্চন কাপুৰ
- পেচা: অভিনেত্ৰী
- সক্ৰিয় সময়: ১৯৪২ – ১৯৬৪
গীতা বালী (Geeta Bali) ৰ প্ৰাৰম্ভিক জীৱন
১৯৩০ চনত অমৃতসৰত জন্ম গ্ৰহণ কৰা গীতা বালীৰ মূল নাম আছিল হৰকীৰ্তন কৌৰ। তেওঁৰ পৰিয়াল সাধাৰণ কিন্তু সাংস্কৃতিকভাৱে সমৃদ্ধ আছিল। তেওঁৰ জ্যেষ্ঠ ভগ্নী আছিল হৰিদৰ্শন কৌৰ, যাৰ কন্যা পৰৱৰ্তী সময়ত খ্যাতনামা অভিনেত্ৰী যোগীতা বালী হৈ উঠিছিল। গীতা বালীয়ে শাস্ত্ৰীয় নৃত্য, অশ্বচালনা আৰু গটকা কলাত দখল অৰ্জন কৰিছিল, যাৰ ফলত তেওঁৰ শিল্পীসুলভ ভাৱ প্ৰকাশৰ পথ সুগম হৈছিল।
গীতা বালী (Geeta Bali) ৰ ব্যক্তিগত জীৱন
১৯৫৫ চনত মিছ কোকাকোলা ছবিৰ শ্বুটিং চলি থকা সময়তে গীতা বালীয়ে অভিনেতা শাম্মী কাপুৰৰ সৈতে প্ৰথমে পৰিচয় লাভ কৰে। সেই সময়ত শাম্মী কাপুৰ মুখ্য চৰিত্ৰত অভিনয় কৰি আছিল আৰু গীতা বালী কেমিঅ’ চৰিত্ৰত দেখা গৈছিল। পৰিচয়ৰ পাছত অলপ দিনত দুয়ো গঢ়ি উঠে প্ৰেমৰ বন্ধনত। অল্প সময়ৰ ভিতৰতে, প্ৰায় চাৰি মাহৰ পাছত, মুম্বাইৰ মালাবাৰ পাহাৰৰ ওচৰত থকা বাংগাংগা মন্দিৰত দুয়ো বিবাহ বন্ধনত আবদ্ধ হয়। বিবাহৰ এক বছৰৰ পাছত, ১৯৫৬ চনৰ ১ জুলাইত, তেওঁলোকৰ প্ৰথম সন্তান আদিত্য ৰাজ কাপুৰৰ জন্ম হয় মুম্বাইৰ শিৰোডকাৰ হস্পিতালত। তাৰ পাছত প্ৰায় পাঁচ বছৰৰ ব্যবধানত, ১৯৬১ চনত তেওঁলোকৰ কন্যা কাঞ্চন কাপুৰৰ জন্ম হয়।
গীতা বালী (Geeta Bali) ৰ চলচ্চিত্ৰ জীৱন
গীতা বালীয়ে অতি সৰুতে অভিনয়ত হাত আজমাইছিল। মাত্র ১২ বছৰ বয়সতে, ‘দ্য কবলাৰ’ (১৯৪২) নামৰ ছবিৰ জৰিয়তে তেওঁ প্ৰথমবাৰ পৰ্দাত উপস্থিত হয়। তাৰপাছত ‘বদনামি’ (১৯৪৬) ছবিৰ জৰিয়তে মুখ্য অভিনেত্ৰীৰ ৰূপত আত্মপ্ৰকাশ কৰে। তেওঁৰ অভিনয় যাত্ৰাত প্ৰায় ৭৫ খনৰো অধিক ছবি অন্তৰ্ভুক্ত। ‘সুহাগ ৰাত’ (১৯৪৮) আৰু ‘বড়ি বেহেন’ (১৯৪৯) আছিল তেওঁৰ আৰম্ভণিৰ উল্লেখযোগ্য সফলতা।
১৯৫০ চনত বালী বক্সঅফিচৰ আকৰ্ষণীয় তাৰকা হিচাপে পৰিগণিত হয়। সেই সময়তে তেওঁ হ’বলগীয়া দেওৰেক ৰাজ কাপুৰৰ সৈতে ‘বাউৰে নেইন’ (১৯৫০) আৰু হ’বলগীয়া শহুৰেক পৃথ্বীৰাজ কাপুৰৰ সৈতে ‘আনন্দ মঠ’ ত অভিনয় কৰি সফলতা অৰ্জন কৰিছিল। কাপুৰ পৰিয়ালৰ অন্য অভিনেত্ৰীসকলৰ দৰে বিবাহৰ পিছত চলচ্চিত্ৰজগত ত্যাগ নকৰি, গীতা বালীয়ে মৃত্যুদিনলৈকে অভিনয় অব্যাহত ৰাখিছিল। লগতে তেওঁ সুৰিন্দৰ কাপুৰক প্ৰযোজক হিচাপে গঢ়ি তুলিবলৈ সহায় কৰিছিল।
তেওঁৰ কমিক টাইমিং আৰু অভিনয়শৈলীৰ বাবে গীতা বালী বিশেষ খ্যাতি লাভ কৰিছিল। বিশেষকৈ দেৱ আনন্দৰ সৈতে তেওঁৰ যুটি দর্শকসকলৰ মাজত অতি জনপ্ৰিয় হৈছিল। দুভয়ে একেলগে ‘বাজী’ (১৯৫১), ‘জাল’ (১৯৫২), ‘ফেৰী’ (১৯৫৪), ‘মিলাপ’ (১৯৫৫), ‘ফাৰাৰ’ আৰু ‘পকেটমাৰ’ (১৯৫৬) আদি বহু সফল ছবিত অভিনয় কৰিছিল। ‘বচন’ (১৯৫৫) ছবিৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।
তেওঁ স্বামী শাম্মী কাপুৰৰ সৈতে একেলগে ‘মিছ কোকাকোলা’ (১৯৫৫), ‘ৰঙ্গীণ ৰাতেঁ’ (১৯৫৬) আৰু ‘কফি হাউচ’ (১৯৫৭) আদি ছবিত অভিনয় কৰে। ‘ৰঙ্গীণ ৰাতেঁ’ ছবিত তেওঁ নিজেই এজনী গায়িকাৰূপে গানো গাইছিল। লগতে তেওঁৰ আন উল্লেখযোগ্য ছবি হৈছে ‘দুলাৰী’ (১৯৪৯), ‘নিশানা’ (১৯৫০), ‘আলবেলা’ (১৯৫১), ‘আলবেলি’ (১৯৫৫), ‘কবি’ (১৯৫৫) আদি। গীতা বালীৰ অভিনয় যাত্ৰাৰ অন্তিম ছবি আছিল ‘জব ছে তুমহে ডেখা হাই’ (১৯৬৩)।
গীতা বালী (Geeta Bali) ৰ অৱদান আৰু প্ৰভাৱ
গীতা বালীক ভাৰতীয় চলচ্চিত্ৰ জগতৰ অগ্ৰগণ্য অভিনেত্ৰী হিচাপে মান্য কৰা হয়। ২০২২ চনত আউটলুক ইণ্ডিয়া-ৰ “৭৫ গৰাকী শ্ৰেষ্ঠ বলীউড অভিনেত্ৰী”-ৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। বিশেষকৈ ১৯৫০ৰ দশকত তেওঁ এক শীৰ্ষস্থানীয় নায়িকা হিচাপে খ্যাতি অৰ্জন কৰে আৰু ১৯৫১, ১৯৫২ আৰু ১৯৫৩ চনত বক্স অফিচ ইণ্ডিয়া-ৰ “শীৰ্ষ অভিনেত্ৰী”ৰ স্থান লাভ কৰিছিল। কাপুৰ পৰিয়ালৰ প্ৰথম মহিলা হিচাপে বালী বিশেষ স্থান অধিকাৰ কৰে, কিয়নো বিয়াৰ পাছতো তেওঁ অভিনয় ক্ষেত্ৰ এৰি নাছিল।
ৰেডিফ ডট কম-ৰ সুকন্যা ভাৰ্মাই লিখিছে যে, গীতা বালীৰ অসাধাৰণ কৌতুক শৈলী আৰু স্বাভাৱিক ব্যক্তিত্বই তেওঁক আন অভিনেত্ৰীৰ পৰা পৃথক কৰি তুলিছিল। তেওঁৰ সৌন্দৰ্য্য মাত্ৰই নহয়, দৰ্শকৰ হৃদয়ত আঘাত কৰাৰ ক্ষমতাও যথেষ্ট আছিল। দ্য কুইণ্ট-ৰ মেঘা মাথুৰে তেওঁক তেওঁৰ সময়ৰ অন্যতম “আটাইতকৈ আকৰ্ষণীয় অভিনেত্ৰী” বুলি অভিহিত কৰিছে। বালীৰ পুত্ৰ আদিত্য ৰাজ কাপুৰে উল্লেখ কৰিছে, “শাম্মী কাপুৰৰ নৃত্য শৈলীৰ সৈতে তুলনা কৰিলে, সেইটো গীতা বালীৰ ব্যক্তিত্বৰ এক প্ৰতিফলন আছিল।” দ্য প্ৰিন্ট-ৰ পিয়া কৃষ্ণংকটিয়ে লিখিছে যে, গীতা বালীৰ পৰ্দাৰ উপস্থিতি অত্যন্ত মনোমোহা আছিল আৰু তেওঁ কেতিয়াও একেধৰণৰ চৰিত্ৰত সীমাবদ্ধ হৈ ৰোৱা নাছিল—ট্ৰেজেডী, নাটক বা কৌতুক, সকলোতে তেওঁ সমান দক্ষ।
মৃত্যু
১৯৬৫ চনৰ জানুৱাৰীত গীতা বালী স্মলপক্স (Smallpox) ৰোগত আক্ৰান্ত হয়। সেই সময়ত চিকিৎসা ব্যৱস্থা উন্নত নাথাকি তেওঁ ২১ জানুৱাৰীত মাত্র ৩৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ অকালে মৃত্যুৱে বলীউড জগতক গভীৰভাবে আঘাত দিছিল।
উপসংহাৰ
গীতা বালী বলীউডৰ এজনী বহুমুখী প্ৰতিভাৰ অভিনেত্ৰী। তেখেতে স্বল্পজীৱনৰ ভিতৰতে তেওঁ এনে অভিনয় আৰু শৈলী উপহাৰ দিছিল, যি আজিও দৰ্শকৰ হৃদয়ত জীৱন্ত। তেওঁৰ মৃত্যু সময়ৰ আগতেই হৈছিল যদিও তেওঁৰ প্ৰতিভা, উৎসৰ্গ আৰু শিল্পীসুলভ আভা চিৰস্মৰণীয় হৈ থাকিব।
Read also: Shammi Kapoor Biography | শাম্মী কাপুৰৰ জীৱনী: বলিউডৰ ৰঙীন দিগন্তৰ এক অনন্য অভিনেতা
FAQs
১. গীতা বালীৰ আসল নাম কি আছিল?
উত্তৰ: হৰকীৰ্তন কৌৰ।
২. গীতা বালীয়ে ক’ত জন্মগ্ৰহণ কৰিছিল?
উত্তৰ: অমৃতসৰ, পাঞ্জাৱ প্ৰদেশ, বৃটিছ ভাৰত।
৩. গীতা বালীৰ প্ৰথম সফল চলচ্চিত্ৰ কি আছিল?
উত্তৰ: সুহাগ ৰাত (১৯৪৮)।
৪. গীতা বালীৰ স্বামী কোন আছিল?
উত্তৰ: খ্যাতনামা অভিনেতা শাম্মী কাপুৰ।
৫. গীতা সন্তান কিমানজন আছিল?
উত্তৰ: দুজন – আদিত্য ৰাজ কাপুৰ আৰু কাঞ্চন কাপুৰ।
৬. গীতা বালীৰ কিমান বয়সত মৃত্যু হয় ?
উত্তৰ: ১৯৬৫ চনত স্মলপক্সত আক্ৰান্ত হৈ ৩৫ বছৰ বয়সত মৃত্যু হয়।

My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.







