Class 6 Science Chapter 7 বতৰ আৰু জলবায়ু

Class 6 Science Chapter 7 বতৰ আৰু জলবায়ু Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Science Chapter 7 বতৰ আৰু জলবায়ু Question Answer and select need one. Class 6 Science Solutions in Assamese Medium Download PDF. SCERT Class 6 General Science New Textbook Solutions Assamese Medium.

Class 6 Science Chapter 7 বতৰ আৰু জলবায়ু

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science Textual Question Answer in Assamese are part of All Subject Solutions. Here we have given Class 6 Science Question and Answer, SEBA Science New Texbook Solutions for All Chapters, You can practice these here.

Chapter: 7

অনুশীলনী

1. অতি চমুকৈ উত্তৰ দিয়া-

(a) বতৰ কাক বোলে?

উত্তৰঃ বায়ুমণ্ডলৰ উষ্ণতা, আর্দ্রতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাকে বতৰ বুলি কোৱা হয়।

(b) জলবায়ু কাক বোলে?

উত্তৰঃ কোলো এখন ঠাইৰ বতৰৰ দীৰ্ঘম্য়াদী পৰিৱেশকে ঠাইখনৰ জলবায়ু বোলা হয়।

(c) বতৰৰ তিনিটা কাৰকৰ নাম লিখা।

উত্তৰঃ বতৰৰ তিনিটা কাৰকৰ নাম হ’ল- বায়ুমণ্ডলৰ উষ্ণতা, আর্দ্রতা আৰু বতাহৰ গতি।

(d) জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি?

উত্তৰঃ জলবায়ুৰ ভিত্তিত অসমত বছৰটোক চাৰিটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা হ’ল- গ্রীষ্ম, শৰৎ, শীত আৰু বসন্ত।

2. বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ পাথৰ্ক্য হৈছে—

বতৰজলবায়ু
বতৰ বুলিলে সাধাৰণতে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজায়।আনহাতে, জলবায়ু বুলিলে কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজা যায়।
বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থাক বুজা যায়।আনহাতে, জলবায়ু বুলিলে অৰ্থ্যত জলবায়ুৰ ধাৰণাতো একোটা বৃহত অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়।

3. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চল ক’ত অৱস্থিত?

(a) উত্তৰ মেৰু।

(b) দক্ষিণ মেৰু।

(c) বিষুৱীয়।

(d) বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ।

উত্তৰঃ (d) বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ।

(ii) কোনবিধ খাৰিফ শস্য?

(a) ধান।

(b) সৰিয়হ।

(c) আলু।

(d) ঘেঁহ।

উত্তৰঃ (a) ধান।

4. খালী ঠাই পূৰ কৰা:

(a) কোনো এটা অঞ্চলৰ দীর্ঘসময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ _________ বোলে।

উত্তৰঃ কোনো এটা অঞ্চলৰ দীর্ঘসময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ জলবায়ু বোলে।

(b) __________ মৌচুমী বতাহৰ বাবে বর্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

উত্তৰঃ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে বর্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top