SEBA Class 6 Science Chapter 3 আঁহৰ পৰা কাপোৰলৈ

Class 6 Science Chapter 3 আঁহৰ পৰা কাপোৰলৈ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Notes and select needs one.

SEBA Class 6 Science Chapter 3 আঁহৰ পৰা কাপোৰলৈ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 6 Science Solutions for All Subject, You can practice these here.

আঁহৰ পৰা কাপোৰলৈ

Chapter: 3

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) তলত দিয়া আঁহবোৰৰ প্ৰাকৃতিক নে কৃত্ৰিম শ্ৰেণীবিভাগ কৰা :

নাইলন , উল , কপাহী , পাট , পলিয়েষ্টাৰ , মৰাপাট ।

উত্তৰঃ – প্ৰাকৃতিক আঁহ ― উল , কপাহী , মৰাপাট , পাট ।

কৃত্ৰিম আঁহ – নাইলন , পলিয়েষ্টাৰ ।

প্ৰশ্ন : – ২) তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা ।

ক) আঁহৰ পৰা সূতা তৈয়াৰ কৰা হয় ।

উত্তৰঃ – শুদ্ধ ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

খ) সূতা কটা হৈছে আঁহ তৈয়াৰ কৰাৰ এটা পদ্ধতি  ।

উত্তৰঃ – অশুদ্ধ ।

গ) মৰাপাট হৈছে নাৰিকলৰ ওপৰত থকা বাকলি ।

উত্তৰঃ – অশুদ্ধ ।

ঘ) কপাহৰ পৰা গুটি গুচোৱা পদ্ধতিটোক নেউঠনী বোলা হয়।

উত্তৰঃ – শুদ্ধ ।

ঙ) কাপোৰ সূতা বৈ – কাটি তৈয়াৰ কৰা হয় ।

উত্তৰঃ – শুদ্ধ ।

চ ) উদ্ভিদৰ কাণ্ডৰ পৰা পাটৰ আঁহ তৈয়াৰ কৰা হয় ।

উত্তৰঃ – অশুদ্ধ ।

ছ ) পলিয়েষ্টাৰ হৈছে প্ৰাকৃতিক আঁহ ।

উত্তৰঃ – অশুদ্ধ ।

প্ৰশ্ন : – ৩) খালী ঠাই পূৰ কৰা ।

ক) উদ্ভিদৰ আঁহ ― আৰু ― পৰা আহৰণ কৰা হয় ।

উত্তৰঃ – উদ্ভিদৰ আঁহ কপাহ আৰু মৰাপাটৰ  পৰা আহৰণ কৰা হয় ।

খ) প্ৰাণীৰ আঁহ হৈছে ― আৰু ― ।

উত্তৰঃ – প্ৰাণীৰ আঁহ হৈছে উল আৰু পাট ।

প্ৰশ্ন : – ৪) কপাহ আৰু মৰাপাট উদ্ভিদৰ কোন কোন অংশৰ পৰা আহৰণ কৰা হয় ?

উত্তৰঃ – কপাহ : কপৰা ( কপাহৰ ফলৰ বৰ্হিভাগ ) ৰ পৰা ।

মৰাপাট : কাণ্ডৰ পৰা ।

প্ৰশ্ন : – ৫) নাৰিকলৰ আঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা ।

উত্তৰঃ – ৰছী আৰু দলিচা ।

প্ৰশ্ন : – ৬)  আঁহৰ পৰা সূতা তৈয়াৰ কৰা পদ্ধতিটো বৰ্ণনা কৰা ।

উত্তৰঃ – সূতা পালত আঁহেৰে গঠিত হয় । আঁহৰ পৰা সূতা প্ৰস্তুত কৰা পদ্ধতিটোক সূতা কটা বোলা হয় । সূতা প্ৰস্তুত কৰোতে কপাহৰ আঁহবোৰ উলিয়াই আনি পকোঁৱা হয় । আঁহবোৰ পকালে সূতা পোৱা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top