Class 6 Science Chapter 2 খাদ্যৰ উপাদান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Notes and select needs one.
SEBA Class 6 Science Chapter 2 খাদ্যৰ উপাদান
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 6 Science Solutions for All Subject, You can practice these here.
খাদ্যৰ উপাদান
Chapter: 2
| পাঠভিত্তিক প্ৰশ্নোত্তৰ |
প্ৰশ্ন : – ১) তলত দিয়াসমূহৰ নামকৰণ কৰা:
ক) আমাৰ শৰীৰক প্ৰধানকৈ শক্তি যোগানধাৰী পুষ্টিদায়ক দ্ৰব্য।
উত্তৰঃ – আমাৰ শৰীৰক প্ৰধানকৈ শক্তি যোগানধাৰী পুষ্টিদায়ক দ্ৰব্য হ’ল – কাৰ্ব’হাইড্ৰেট।
খ) আমাৰ শৰীৰৰ বৃদ্ধি আৰু কাৰ্য পৰিচালনাৰ বাবে প্ৰয়োজনীয় দ্ৰব্য ।
উত্তৰঃ – আমাৰ শৰীৰৰ বৃদ্ধি আৰু কাৰ্য পৰিচালনাৰ বাবে প্ৰয়োজনীয় দ্ৰব্য হল ― প্ৰ’টিন।
গ) দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজনীয় ভিটামিন ।
উত্তৰঃ – দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজনীয় ভিটামিন হ’ল – ভিটামিন – ক ।
ঘ) আমাৰ হাড় মজবুত ৰাখিবলৈ প্ৰয়োজন হোৱা খনিজাত দ্ৰব্য ।
উত্তৰঃ – আমাৰ হাড় মজবুত ৰাখিবলৈ প্ৰয়োজন হোৱা খনিজাত দ্ৰব্য হল – কেলচিয়াম ।
প্ৰশ্ন : – ২) আমাৰ খাদ্যৰ প্ৰধান পুষ্টিকাৰক দ্ৰব্যসমূহৰ নাম কোৱা ?
উত্তৰঃ – কাৰ্ব’হাইড্ৰেট , প্ৰটিন , চৰ্বী , ভিটামিন আৰু খনিজ পদাৰ্থ সমূহ হৈছে আমাৰ হাৰৰ প্ৰধান পুষ্টিকাৰক দ্ৰব্য । তলৰ তালিকাত একেবিধ খাদ্যত থকা পুষ্টিকাৰক দ্ৰব্যসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে ―
তালিকা
| খাদ্যবস্তু | শ্বেতসাৰ | প্ৰ’টিন | স্নেহ পদাৰ্থ |
| কেঁচা আলু | আছে | ― | ― |
| গাখীৰ | ― | আছে | আছে |
| চিনাবাদাম | ― | আছে | আছে |
| শুকান চাউলৰ গুড়ি | আছে | ― | ― |
| ভাত | আছে | ― | ― |
| শুকান নাৰিকল | ― | ― | আছে |
| কেঁচা ৰহৰ | ― | আছে | ― |
| দাইল ( গুড়ি ) | ― | আছে | ― |
| ৰন্ধা দাইল | ― | আছে | ― |
| যিকোনো পাচলিৰ টুকুৰা | ― | ― | ― |
| যিকোনো ফলৰ টুকুৰা | ― | ― | ― |
| সিজোৱা কণীৰ বগা অংশ | ― | আছে | ― |
প্ৰশ্ন : – ৩) দুবিধ খাদ্যৰ নাম কোৱা যত যথেষ্ট পৰিমাণৰ
ক) স্নেহ পদাৰ্থ।
খ ) শ্বেতসাৰ।
গ) আহজাতীয় খাদ্য।
ঘ) প্ৰটিন থাকে।
উত্তৰঃ – ক) স্নেহ পদাৰ্থ ― ঘিঁউ , বাটাৰ।
খ ) শ্বেতসাৰ ― কেঁচা আলু , চাউল।
গ) আহজাতীয় খাদ্য ― পালেং , গাজৰ , বন্ধা কবি , ভেণ্ডী।
ঘ) প্ৰটিন থাকে ― গাখীৰ , কণী , মাংস , মাছ , মাহ জাতীয় খাদ্য।
প্ৰশ্ন : – ৪) শুদ্ধ বাক্যবোৰত ( √ ) চিন দিয়া আৰু অশুদ্ধবোৰত ( x ) চিন দিয়া।
ক) কেৱল ভাত খালেই আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্টি পূৰণ হয়।
উত্তৰঃ – ( x )
খ) সুষম আহাৰৰ জৰিয়তে অভাৱজনিত ৰোঘ প্ৰতিৰোধ কৰিব পাৰি।
উত্তৰঃ – ( √ )
গ) শৰীৰৰ বাবে প্ৰয়োজনীয় সুষম আহাৰত বিভিন্ন ধৰণৰ খাদ্য বস্তু থাকিব লাগে।
উত্তৰঃ – ( √ )
ঘ) শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টি কেৱল মাংসই যোগান ধৰে।
উত্তৰঃ – ( x )
প্ৰশ্ন : – ৫) খালী ঠাই পূৰ কৰা :-
ক) ভিটামিন ‘ডি’ৰ অভাৱত ― ৰোগ হয়।
উত্তৰঃ – ভিটামিন ‘ডি’ৰ অভাৱত ৰিকেট ৰোগ হয়।
খ) অভাৱত বেৰি বেৰি নামৰ ৰোগ হয় ।
উত্তৰঃ – ভিটামিন চি – ১ অভাৱত বেৰি বেৰি নামৰ ৰোগ হয়।
গ) ভিটামিন ‘চি’ৰ অভাৱত ― ৰোগ হয় ।
উত্তৰঃ – ভিটামিন ‘চি’ৰ অভাৱত স্কাৰ্ভি ৰোগ হয়।
ঘ) অভাৱত মানুহ কুকুৰীকণা হয় ।
উত্তৰঃ – ভিটামিন ‘এ’ৰ অভাৱত মানুহ কুকুৰীকণা হয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

