Class 6 Science Chapter 15 আমাৰ চৌপাশৰ বায়ু

Class 6 Science Chapter 15 আমাৰ চৌপাশৰ বায়ু Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6th Science Unit 15 আমাৰ চৌপাশৰ বায়ু and select needs one.

Join Telegram channel

SEBA Class 6 Science Chapter 15 আমাৰ চৌপাশৰ বায়ু

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Science Chapter 15 আমাৰ চৌপাশৰ বায়ু Solutions for All Subject, You can practice these here…

আমাৰ চৌপাশৰ বায়ু

পাঠ: ১৫

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : –  ১)  বায়ুৰ উপদানসমূহ কি ?

উত্তৰঃ – বায়ু হৈছে নাইট্ৰজেন , অক্সিজেন , কাৰ্বন – ডাই – অক্সাইড , জলকনা আৰু আন কিছুমান গেছৰ মিশ্ৰণ ।

প্ৰশ্ন : –  ২)  বায়ুমণ্ডলৰ কোনটো গেছ শ্বসনৰ বাবে আৱশ্যক ?

উত্তৰঃ – অক্সিজেন ।

প্ৰশ্ন : –  ৩) বায়ুৱে যে জুই জ্বলোৱাত সহায় কৰে সেয়া কেনেকৈ প্ৰমাণ কৰিবা ?

উত্তৰঃ – এডাল জ্বলি থকা মমবাতি লোৱা । মমবাতিডাল এটা কাঁচৰ জাৰৰ ভিতৰত সুমুৱাই দিয়া । কিছু সময়ৰ পাছত দেখা গল যে মমডাল নুমাই গল । ইয়ে প্ৰমাণ কৰে যে শ্বসনৰ বাবে বায়ুৰ প্ৰয়োজন হয় ।

প্ৰশ্ন : –  ৪) পানীত যে বায়ু দ্ৰৱীভূত হৈ থাকে তাক কেনেকৈ প্ৰমাণ কৰিবা ?

উত্তৰঃ – এটা গিলাচ অথবা বিকাৰত অলপমান পানী লোৱা । এটা ষ্টেণ্ডত ইয়াক লাহে লাহে গৰম কৰা । পানী উতলাৰ পূৰ্বে পাত্ৰটোৰ উপৰিভাগত কিছুমান বোৰবোৰণী উঠিব । ইয়াৰ পৰা বুজা যায় যে পানী গৰম কৰিলে পানীত দ্ৰৱীভূত হৈ থকা বায়ু বোৰবোৰণী আকাৰে বাহিৰলৈ ওলাই আহিছে ।

প্ৰশ্ন : –  ৫)  কপালৰ জোলা অথবা থুপ এটা পানীত কিয় কোঁচ খায় ?

উত্তৰঃ – কপাহৰ আহবোৰৰ ফাকত বায়ু সোমাই থাকে । পানীত কপাহৰ জোলা অথবা থুপ এটা ডুবাই দিলে পানীয়ে বায়ুৰ স্থান দখল কৰে । ফলত কপাহৰ জোলা অথবা থুপটো কোঁচ খায় ।

প্ৰশ্ন : –  ৬)  ভূ – পৃষ্ঠৰ চাৰিওফালে থকা বায়ুৰ অৱৰণটোক ― বোলে ।

উত্তৰঃ – ভূ – পৃষ্ঠৰ চাৰিওফালে থকা বায়ুৰ অৱৰণটোক বায়ুমণ্ডল বোলে ।

প্ৰশ্ন : –  ৭)  সেউজীয়া উদ্ভিদে সিহঁতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপদানটো হৈছে ― ।

উত্তৰঃ – সেউজীয়া উদ্ভিদে সিহঁতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপদানটো হৈছে কাৰ্বন – ডাই – অক্সাইড ।

প্ৰশ্ন : –  ৮)  বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা পাঁচটা ক্ৰিয়া – কলাপৰ তালিকা প্ৰস্তুত কৰা ।

উত্তৰঃ – বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা পাঁচটা কাৰ্য হৈছে ―

১) জীয়াই থাকিবৰ বাবে শ্বাস – প্ৰশ্বাস ।

২) দহনৰ বাবে ।

৩) সালোক সংশ্লেষণৰ বাবে ।

৪) ফুলৰি বনাবৰ বাবে ।

৫) পৰিবেশ ঘড়ী তৈয়াৰ কৰিবৰ বাবে ।

Sl. No.Contents
Chapter 1খাদ্য: আমি ক’ৰ পৰা পাওঁ
Chapter 2খাদ্যৰ উপাদান
Chapter 3আঁহৰ পৰা কাপোৰলৈ
Chapter 4পদাৰ্থবোৰক বিভিন্ন ভাগত ভগোৱা
Chapter 5দ্ৰৱ্যৰ পৃথকীকৰণ
Chapter 6আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ
Chapter 7উদ্ভিদৰ বিষয়ে জানো আহা
Chapter 8দেহৰ চলন
Chapter 9জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ
Chapter 10গতি আৰু দূৰত্বৰ জোখ – মাপ
Chapter 11পোহৰ, ছাঁ আৰু প্ৰতিফলন
Chapter 12বিদ্যুৎ আৰু বৰ্তনী
Chapter 13চুম্বকৰ লগত খেলো আহাঁ
Chapter 14পানী
Chapter 15আমাৰ চৌপাশৰ বায়ু
Chapter 16আৱৰ্জনা নিষ্কাষন

প্ৰশ্ন : –  ৯)  বায়ুমণ্ডলৰ গেছৰ বিনিময়ৰ ক্ষেত্ৰত প্ৰাণী আৰু উদ্ভিদে ইটোৱে সিটোক কেনেদৰে সহায় কৰে ?

উত্তৰঃ – উদ্ভিদ আৰু প্ৰাণীয়ে শ্বসনৰ সময়ত অক্সিজেন গ্ৰহণ কৰে আৰু কাৰ্বন – ডাই – অক্সাইড এৰি দিয়ে । কিন্তু উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত কাৰ্বন – ডাই – অক্সাইড গেছ ব্যৱহাৰ কৰি অক্সিজেন এৰি দিয়ে । একেদৰে প্ৰাণী আৰু উদ্ভিদে গেছৰ আদান – প্ৰদান কৰি ইটোৱে সিটোক সহায় কৰে ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising