Class 6 Science Chapter 14 পানী Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6th Science Unit 14 পানী and select needs one.
SEBA Class 6 Science Chapter 14 পানী
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Science Chapter 14 পানী Solutions for All Subject, You can practice these here…
পানী
পাঠ: ১৪
পাঠভিত্তিক প্ৰশ্নোত্তৰ
প্ৰশ্ন : – ১) তলৰ খালী ঠাইবোৰ পূৰ কৰা :
ক) পানী বাষ্প অৱস্থালৈ পৰিৱৰ্তন ঘটা প্ৰক্ৰিয়াটোক ― বোলা হয় ।
উত্তৰঃ – পানী বাষ্প অৱস্থালৈ পৰিৱৰ্তন ঘটা প্ৰক্ৰিয়াটোক বাষ্পীভৱন বোলা হয় ।
খ) বাষ্প অৱস্থাৰ পৰা পানী জুলীয়া অৱস্থালৈ অহা প্ৰক্ৰিয়াটোক ― বোলা হয় ।
উত্তৰঃ – বাষ্প অৱস্থাৰ পৰা পানী জুলীয়া অৱস্থালৈ অহা প্ৰক্ৰিয়াটোক ঘনীভূতকৰণ বোলা হয় ।
গ) কোনো অঞ্চলত এবছৰ বা তাতকৈ বেছি সময় বৰষুণ নহলে অঞ্চলটোত ― ৰ সৃষ্টি কৰিব ।
উত্তৰঃ – কোনো অঞ্চলত এবছৰ বা তাতকৈ বেছি সময় বৰষুণ নহলে অঞ্চলটোত খৰাং ৰ সৃষ্টি কৰিব ।
ঘ) অধিক বৰষুণে ― ৰ সৃষ্টি কৰিব ।
উত্তৰঃ – অধিক বৰষুণে বান ৰ সৃষ্টি কৰিব ।
প্ৰশ্ন : – ২) তলত দিয়াবোৰৰ বাষ্পীভৱন নে ঘনীভৱনৰ কাৰণে হয় ।
ক) ঠাণ্ডা পানী থকা গিলাচৰ বাহিৰৰ পিঠিত পানীৰ টোপোলা জমা হয় ।
উত্তৰঃ – ঘনীভৱন ।
খ) তিতা কাপোৰ ইস্ত্রি কৰোতে ওলোৱা ভাপ ।
উত্তৰঃ – বাষ্পীভৱন ।
গ) শীতকালিৰ পোৱা ওলোৱা কুঁৱলী ।
উত্তৰঃ – ঘনীভৱন ।
ঘ) মচাৰ পাছত ব্লেক বৰ্ড শুকাই যায় ।
উত্তৰঃ – বাষ্পীভৱন ।
ঙ) পানী ছটিয়ালে গৰম টাৱাৰৰ পৰা ওলোৱা ভাপ ।
উত্তৰঃ – বাষ্পীভৱন ।
Sl. No. | Contents |
Chapter 1 | খাদ্য: আমি ক’ৰ পৰা পাওঁ |
Chapter 2 | খাদ্যৰ উপাদান |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | পদাৰ্থবোৰক বিভিন্ন ভাগত ভগোৱা |
Chapter 5 | দ্ৰৱ্যৰ পৃথকীকৰণ |
Chapter 6 | আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ |
Chapter 7 | উদ্ভিদৰ বিষয়ে জানো আহা |
Chapter 8 | দেহৰ চলন |
Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ |
Chapter 10 | গতি আৰু দূৰত্বৰ জোখ – মাপ |
Chapter 11 | পোহৰ, ছাঁ আৰু প্ৰতিফলন |
Chapter 12 | বিদ্যুৎ আৰু বৰ্তনী |
Chapter 13 | চুম্বকৰ লগত খেলো আহাঁ |
Chapter 14 | পানী |
Chapter 15 | আমাৰ চৌপাশৰ বায়ু |
Chapter 16 | আৱৰ্জনা নিষ্কাষন |
প্ৰশ্ন : – ৩) তলৰ কোনটো উক্তি শুদ্ধ / অশুদ্ধ ?
ক) মৌচুমী বতাহৰ সময়তে বায়ুত জলীয় ভাপ থাকে ।
উত্তৰঃ – অশুদ্ধ ।
খ) পানী মহাসাগৰৰ , নদী আৰু হ্ৰদৰ পৰাহে বাষ্পীভৱন হয় , মাটিৰ
পৰা নহয় ।
উত্তৰঃ – শুদ্ধ ।
গ) পানী জলীয় ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক বাষ্পীভৱন বোলে ।
উত্তৰঃ – শুদ্ধ ।
ঘ) কেৱল সূৰ্যৰ পোহৰতহে পানীৰ বাষ্পীভৱন হয় ।
উত্তৰঃ – অশুদ্ধ ।
ঙ) বায়ুৰ ওপৰৰ স্তৰত , যত ই অধিক চেঁচা তাত জলীয় ভাপ ঘনীভূত হৈ অতিশয় ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপোলাৰ সৃষ্টি কৰে ।
উত্তৰঃ – শুদ্ধ ।
প্ৰশ্ন : – ৪) ধৰা হওক তুমি তোমাৰ বিদ্যালয়ৰ ইউনিফৰ্ম সোনকালে শুকুৱাব বিচাৰিছা । আঙঠাৰ চুলা বা হিটাৰৰ ওপৰত ইউনিফৰ্মযোৰ মেলি দিয়াটোৱে সহায় কৰিবনে ? যদি কৰে , কেনেকৈ ?
উত্তৰঃ – অধিক উষ্ণতাত বাষ্পীভৱনৰ পৰিমাণ অধিক হয় । সেয়ে ইউনিফৰ্ম যোৰ আঙঠাৰ চুলা বা হিটাৰৰ কাষত মেলি দিলে সোনকালে শুকাব । কাৰণ উষ্ণতা যিমানে বৃদ্ধি হয় সিমানে বাষ্পীভৱনৰ পৰিমাণ বৃদ্ধি হয় ।
প্ৰশ্ন : – ৫) ৰেফ্ৰিজাৰেটৰৰ পৰা এটা ঠাণ্ডা পানীৰ বটল উলিওৱা আৰু এইটো মেজ এখনৰ ওপৰত ৰখা । কিছু সময়ৰ পাছত ইয়াৰ চাৰিওফালে কিছুমান পানীৰ টোপোলা তুমি দেখা পাবা । কিয় বাৰু ?
উত্তৰঃ – ঠাণ্ডা পানীৰ বটলটোৰ বাহিৰভাগৰ অতিশয় শীতল হয় । বটলটোৰ বাহিৰভাগ শীতল হোৱাৰ বাবে বায়ুত থকা পানীৰ কণিকাৰ ঘনীভৱন ঘটে । ফলত বটল টোৰ চাৰিওফালে ঘনীভৱন ঘটা পানীৰ কণা লাগি ধৰে ।
প্ৰশ্ন : – ৬) চশমা চাফা কৰোতে মানুহে প্ৰায়েই ইয়াৰ কাঁচখন সেমেকাবলৈ কাঁচৰ ওপৰত নিশাহ এৰি দিয়ে । কাঁচ দুখন কিয় সেমেকি উঠে ব্যাখ্যা কৰা ।
উত্তৰঃ – নিশাহত আমাৰ শৰীৰৰ পৰা ওলাই যোৱা গেছত বাষ্প অৱস্থাত পানীৰ কণিকা থাকে । এই বাষ্প কনাবোৰে চশমাৰ কাঁচ সেমেকাই পেলায় ।
প্ৰশ্ন : – ৭) ডাৱৰ কেনেকৈ সৃষ্টি হয় ?
উত্তৰঃ – সূৰ্যৰ তাপত পৃথিৱীত থকা পানী বাষ্পলৈ ৰূপান্তৰিত হয় । সাগৰ পৃষ্ঠৰ বহু উচ্চতাত এই বাষ্প কোনবোৰ ঘনীভূত হৈ পানীৰ টোপালত পৰিণত হয় । এনেদৰে ডাৱৰৰ সৃষ্টি হয় । অৰ্থাৎ পানীৰ বাষ্পৰ ঘনীভৱনৰ ফলত ডাৱৰৰ সৃষ্টি হয় ।
প্ৰশ্ন : – ৮) কেতিয়া খৰাং হয় ?
উত্তৰঃ – দীৰ্ঘ সময় অথবা বহু বছৰ ধৰি কোনো অঞ্চলত বৰষুণ নহলে খৰাঙে দেখা দিয়ে ।

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.