🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 6 Science Chapter 13 চুম্বকৰ লগত খেলো আহাঁ

Class 6 Science Chapter 13 চুম্বকৰ লগত খেলো আহাঁ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Notes and select needs one.

SEBA Class 6 Science Chapter 13 চুম্বকৰ লগত খেলো আহাঁ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 6 Science Solutions for All Subject, You can practice these here.

চুম্বকৰ লগত খেলো আহাঁ

Chapter: 13

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) তলৰ খালী ঠাইবোৰ পূৰ কৰা:

ক) কৃত্ৰিম চুম্বকবোৰ বিভিন্ন আকৃতিত তৈয়াৰ কৰা হয় । যেনে ― ― আৰু ― ।

উত্তৰঃ – কৃত্ৰিম চুম্বকবোৰ বিভিন্ন আকৃতিত তৈয়াৰ কৰা হয় । যেনে দণ্ড আকৃতি , ঘোঁৰা খুৰাৰ আৰু বৃত্ত আকৃতিৰ ।

খ) চুম্বকৰ প্ৰতি আকৰ্ষিত হোৱা বস্তুবোৰক ― বোলা হয় ।

উত্তৰঃ – চুম্বকৰ প্ৰতি আকৰ্ষিত হোৱা বস্তুবোৰক চুম্বকীয় পদাৰ্থ বোলা হয় ।

গ) কাগজ ― পদাৰ্থ নহয় ।

উত্তৰঃ – কাগজ চুম্বকীয় পদাৰ্থ নহয় ।

ঘ) আগৰ দিনত নাৱিকে দিশ নিৰ্ণয় কৰিবলৈ ― এটুকুৰা ওলোমাই লৈছিল ।

উত্তৰঃ – আগৰ দিনত নাৱিকে দিশ নিৰ্ণয় কৰিবলৈ দণ্ড চুম্বক  এটুকুৰা ওলোমাই লৈছিল ।

ঙ) চুম্বকৰ সদায় ― মূৰ থাকে ।

উত্তৰঃ – চুম্বকৰ সদায় দুটা মূৰ থাকে ।

প্ৰশ্ন : – ২) তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ :

ক) চুঙাকৃতিৰ চুম্বকৰ মাত্ৰ এটা মূৰ থাকে ।

উত্তৰঃ – অশুদ্ধ ।

খ) কৃত্ৰিম চুম্বক গ্ৰীচৰ আৱিষ্কাৰ হৈছিল ।

উত্তৰঃ – শুদ্ধ ।

গ) চুম্বকৰ একে মূৰ দুটাৰ মাজত বিকৰ্ষণ হয় ।

উত্তৰঃ – শুদ্ধ ।

ঘ) দণ্ড চুম্বক এডাল লোহাৰ ওচৰলৈ নিলে চুম্বকডালৰ মাজভাগত ইহঁত বেছিকৈ লাগি ধৰে ।

উত্তৰঃ – অশুদ্ধ ।

ঙ) দণ্ড চুম্বকে সদায় উত্তৰ – দক্ষিণ দিশত মুখ কৰি ৰাখে ।

উত্তৰঃ – শুদ্ধ ।

চ) যিকোনো ঠাইৰ পূব – পশ্চিম দিশ জানিবলৈ কম্পাছ ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ – অশুদ্ধ ।

ছ) ৰবৰ চুম্বকীয় পদাৰ্থ ।

উত্তৰঃ – অশুদ্ধ ।

প্ৰশ্ন : – ৩) পেঞ্চিল কটা যন্ত্ৰটো চুম্বকৰ দুই মূৰে আকৰ্ষিত হোৱা দেখা যায় যদিও ই প্লাষ্টিকেৰে তৈয়াৰী । যন্ত্ৰটোৰ এটা অংশ বনোৱাত ব্যৱহাৰ হব পৰা বস্তুবিধৰ নাম কি ?

উত্তৰঃ – লোহা । ই চুম্বকীয় পদাৰ্থ হোৱাৰ বাবে পেঞ্চিল কটা যন্ত্ৰত ব্যৱহাৰ কৰা হয় ।

প্ৰশ্ন : – ৪) স্তম্ভ – ১ ত চুম্বকৰ এটা মূৰৰ বিভিন্ন অৱস্থিতি দেখুওৱা হৈছে । স্তম্ভ – ২ য়ে প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুৱাইছে । এতিয়া খালী ঠাইবোৰ পূৰ কৰা ।

স্তম্ভ – ১স্তম্ভ – ২
উত্তৰ ― উত্তৰ―
উত্তৰ ― ―   আকৰ্ষণ
দক্ষিণ  ― উত্তৰ  ―
― ― দক্ষিণ বিকৰ্ষণ

উত্তৰঃ – 

স্তম্ভ – ১স্তম্ভ – ২
উত্তৰ ― উত্তৰ  বিকৰ্ষণ
উত্তৰ ―দক্ষিণ   আকৰ্ষণ
দক্ষিণ  ― উত্তৰ  আকৰ্ষণ
দক্ষিণ ― দক্ষিণবিকৰ্ষণ

প্ৰশ্ন : – ৫) চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা ।

উত্তৰঃ – ১) প্ৰত্যেক চুম্বকৰে দুটা মেৰু থাকে । মেৰু দুটা হৈছে উত্তৰ আৰু দক্ষিণ মেৰু ।

২) একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিষম মেৰুৰ মাজত আকৰ্ষণ হয় ।

প্ৰশ্ন : – ৬) দণ্ড চুম্বকৰ মেৰু দুটা কত থাকে ?

উত্তৰঃ – চুম্বকডালৰ মেৰু দুটাৰ আগত থাকে ।

প্ৰশ্ন : – ৭) দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰিবলৈ কোনো চিন নাই । ইয়াৰ উত্তৰ মূৰটো কোনটো ফালৰ ওচৰত আছে কেনেকৈ উলিয়াবা ?

উত্তৰঃ – এডাল দণ্ড চুম্বক সূতাৰে বান্ধি ওলোমাই দিয়া  ।

প্ৰশ্ন : – ৮) তোমাক এটুকুৰা লোহাৰ পাত দিয়া হৈছে । ইয়াক কেনেকৈ চবুম্বকত পৰিণত কৰিবা ?

উত্তৰঃ – লোহাক চুম্বকত পৰিণত কৰাৰ বিভিন্ন পদ্ধতি আছে । তোমাক দিয়া লোহাডাল এখন টেবুলৰ ওপৰত ৰাখা । এতিয়া এডাল দণ্ড চুম্বক লৈ লোহাডালৰ ওপৰত ঘঁহাই থাকা । এই কাৰ্য ৩০ ৰ পৰা ৪০ বাৰ কৰা । এনে কৰিলে লোহাডালে লোহা জাতীয় পদাৰ্থ আকৰ্ষণ কৰিবলৈ ধৰিব । ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে লোহডাল চুম্বকত পৰিণত হৈছে ।

প্ৰশ্ন : – ৯) দিশ নিৰ্ণয়ৰ বাবে কম্পাছ কেনেদৰে ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ – এটা কাঁচৰ বাকচৰ ভিতৰত কম্পাছ ৰখা হয় । এটা চুম্বকীয় কাটা বাকচটোৰ ভিতৰত ৰখা হয় । এই কাঁটাডাল মুক্তভাৱে ঘূৰিব পাৰে । কম্পাছত দিশ নিৰ্ণয় উল্লেখ থকা চিহ্ন থাকে । কম্পাছডাল উলিয়াবলৈ লোৱা দিশৰ এটা স্থানত ৰখা হয় । কম্পাছৰ কাঁটাডাল ঘূৰাবলৈ লব আৰু উত্তৰ আৰু দক্ষিণ দিশত ৰৈ যাব । সাধাৰণতে চুম্বকৰ কাটাডালৰ উত্তৰ আৰু দক্ষিণ বিন্দু নিৰ্ণয় কৰিবৰ বাবে বিভিন্ন ৰং ব্যৱহাৰ কৰা হয় । 

প্ৰশ্ন : – ১০) এটা গামলাৰ পানীত ভাহি থকা পুতলা নাও এখনৰ ফালে বিভিন্ন দিশৰ পৰা চুম্বক এটুকুৰা আনিছিল । ইয়াৰ পৰা হোৱা ক্ৰিয়াসমূহ স্তম্ভ – ১ ত দেখুওৱা হৈছে । সম্ভাব্য কাপোৰসমূহ স্তম্ভ –  ২ ত উল্লেখ কৰা হৈছে । স্তম্ভ -১ আৰু স্তম্ব – ২ মিলোৱা ।

স্তম্ব – ১স্তম্ভ – ২
১) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হৈছে ।ক) নাওখনৰ উত্তৰ মেৰুৰ দিশত  চুম্বল এটুকুৰা লগাই  থোৱা হৈছে ।
২) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হোৱা নাই ।খ) নাওখনৰ দক্ষিণ মেৰুৰ দিশত এটুকুৰা চুম্বক লগাই থোৱা আছে ।
৩) চুম্বকৰ উত্তৰ মূৰটো নাওখণৰ মূৰৰ ফালে আনিলে নাওখন চুম্বকৰ ওচৰলৈ আহে ।গ) নাওখনত এডাল সৰু চুম্বক দীঘলীয়াকৈ লগাই থোৱা আছে ।
৪) চুম্বকৰ উত্তৰ মেৰুটো নাওখনৰ মুৰলৈ আনিলে নাওখন আঁতৰি যায় ।ঘ) নাওখন চুম্বকীয় পদাৰ্থৰে তৈয়াৰী ।
৫) নাওখনৰ দিশ সলনি নোহোৱাকৈ ভাহি থাকে ।ঙ) নাওখন অচুম্বকীয় পদাৰ্থৰে তৈয়াৰী ।

উত্তৰঃ – 

স্তম্ব – ১স্তম্ভ – ২
১) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হৈছে । ঘ) নাওখন চুম্বকীয় পদাৰ্থৰে তৈয়াৰী ।
২) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হোৱা নাই ।ঙ) নাওখন অচুম্বকীয় পদাৰ্থৰে তৈয়াৰী ।
৩) চুম্বকৰ উত্তৰ মূৰটো নাওখণৰ মূৰৰ ফালে আনিলে নাওখন চুম্বকৰ ওচৰলৈ আহে । খ) নাওখনৰ দক্ষিণ মেৰুৰ দিশত এটুকুৰা চুম্বক লগাই থোৱা আছে । 
৪) চুম্বকৰ উত্তৰ মেৰুটো নাওখনৰ মুৰলৈ আনিলে নাওখন আঁতৰি যায় ।ক) নাওখনৰ উত্তৰ মেৰুৰ দিশত  চুম্বল এটুকুৰা লগাই  থোৱা হৈছে ।
৫) নাওখনৰ দিশ সলনি নোহোৱাকৈ ভাহি থাকে ।গ) নাওখনত এডাল সৰু চুম্বক দীঘলীয়াকৈ লগাই থোৱা আছে ।
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top