Class 6 Science Chapter 12 প্ৰাকৃতিক সম্পদ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Science Chapter 12 প্ৰাকৃতিক সম্পদ Question Answer and select need one. Class 6 Science Solutions in Assamese Medium Download PDF. SCERT Class 6 General Science New Textbook Solutions Assamese Medium.
Class 6 Science Chapter 12 প্ৰাকৃতিক সম্পদ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science Textual Question Answer in Assamese are part of All Subject Solutions. Here we have given Class 6 Science Question and Answer, SEBA Science New Texbook Solutions for All Chapters, You can practice these here.
প্ৰাকৃতিক সম্পদ
Chapter: 12
অনুশীলনী
1. তলৰ তালিকাত কেইটামান প্রাকৃতিক সম্পদৰ চিত্ৰ দিয়া হৈছে। তালিকাৰ সোঁফালে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদৰ বিকল্প দিয়া হৈছে। তোমালোকে বাওঁফালৰ চিত্ৰসমূহৰ লগত সোঁ হাতৰ ঘৰবোৰত থকা কোনটো উত্তৰ শুদ্ধ মিলোৱা।
উত্তৰঃ
2. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা-
(i) যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক __________ বোলে।
(a) মানৱ সম্পদ।
(b) অনৱীকৰণযোগ্য সম্পদ।
(c) নৱীকৰণযোগ্য সম্পদ।
(d) অজৈৱিক সম্পদ।
উত্তৰঃ (b) অনৱীকৰণযোগ্য সম্পদ।
(ii) পৃথিৱীক যি শুকান পৃষ্ঠভাগে আৱৰি থাকে তাকে ___________ বোলে।
(a) শিল।
(b) মাটি।
(c) পানী।
(d) বায়ু।
উত্তৰঃ (b) মাটি।
(iii) বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়?
(a) 22 এপ্রিল।
(b) 22 মার্চ।
(c) 5 জুন।
(d) 21 মার্চ।
উত্তৰঃ (b) 22 মার্চ।
(iv) ভূ-পৃষ্ঠৰ পৰা বহু কিল’মিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ পাতল তৰপটোক __________ বোলে।
(a) জলমণ্ডল।
(b) বায়ুমণ্ডল।
(c) আকাশ মণ্ডল।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) বায়ুমণ্ডল।
3. এটা শব্দত উত্তৰ দিয়া-
(a) বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ থাকে?
উত্তৰঃ 21 শতাংশ।
(b) এবিধ জলজ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ পদ্ম।
(c) এবিধ জলজ প্রাণীৰ নাম লিখা।
উত্তৰঃ মাছ, ঘৰিয়াল।
(d) শক্তিৰ প্ৰধান উৎস কি?
উত্তৰঃ সূৰ্য।
4. শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা-
(a) অৰণ্য প্রাকৃতিক সম্পদ।
উত্তৰঃ শুদ্ধ।
(b) শিল নৱীকৰণযোগ্য সম্পদ।
উত্তৰঃ অশুদ্ধ।
(c) পুখুৰী অনৱীকৰণযোগ্য, সম্পদ।
উত্তৰঃ অশুদ্ধ।
(d) যান-বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন কেৰাচিন।
উত্তৰঃ অশুদ্ধ।
(e) বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে।
উত্তৰঃ অশুদ্ধ।
5. চমু উত্তৰ দিয়া-
(a) প্রাকৃতিক সম্পদ কাক বোলে?
উত্তৰঃ প্রকৃতিৰ বুকুত পোৱা যিবোৰ পদার্থ জীৱৰ বাবে আৱশ্যক সেইবোৰকে প্রাকৃতিক সম্পদ বোলে। যেনে- মাটি, সূর্য শক্তি, অৰণ্য, শিল, খনিজ লৱণ, জীৱাশ্ম ইন্ধন আদি।
(b) প্রাকৃতিক সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ প্রাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে- নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদ।
(c) নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদ কাক বোলে? উদাহৰণ সহ লিখা।
উত্তৰঃ যিবোৰ প্ৰাকৃতিক সম্পদৰ বহুল ব্যৱহাৰ কৰিলেও কেতিয়াও প্ৰকৃতিৰ পৰা শেষ হৈ নাযায় তেনে সম্পদক নৱীকৰণযোগ্য প্রাকৃতিক সম্পদ বোলা হয়। উদাহৰণ- সূর্যৰ পোহৰ, পানী, বায়ু আদি।
যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি, তেনে সম্পদক অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদ বোলা হয়। উদাহৰণ- প্রাকৃতিক গেছ, পেট্র’ল, ডিজেল আদি।
(d) সূৰ্যক কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয়?
উত্তৰঃ সূৰ্যক শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয় কাৰণ- সূৰ্যৰ পোহৰে উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰাত সহায় কৰে। পৃথিৱীৰ সকলো জীৱক পোহৰ আৰু তাপ দিয়ে সূর্যই। সেয়েহে সূর্য হৈছে সকলো শক্তিৰ প্রধান উৎস।
(e) বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণ কৰিলে ভূ-গর্ভস্থ পানী বৃদ্ধি পায়, খৰাং সময়ত পানীৰ অভাৱ কমে, আৰু পানী প্ৰদূষণ ৰোধ হয়। বাবে আমি বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে।
6. বিকল্প শক্তিৰ ব্যৱহাৰ কিয় কৰিব লাগে?
উত্তৰঃ জীৱাশ্ম ইন্ধন সীমিত আৰু বায়ু প্ৰদূষণ সৃষ্টি কৰে। ই শেষ হৈ যাব পাৰে। সেয়েহে, পৰিৱেশ সংৰক্ষণ কৰিবলৈ আৰু ভবিষ্যৎ প্ৰজন্মৰ বাবে শক্তি সংৰক্ষণ কৰিবলৈ সৌৰ শক্তি, বায়ু শক্তি আদি বিকল্প শক্তি ব্যৱহাৰ কৰিব লাগে।
7. সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক কি শক্তি বোলা হয়?
উত্তৰঃ সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক সৌৰশক্তি বোলা হয়।
8. বায়ুকল কি? বায়ুকলত কি শক্তি ব্যৱহাৰ কৰা হৈছে?
উত্তৰঃ বায়ুকল হৈছে এটা যন্ত্ৰ, যি বায়ুশক্তি ব্যৱহাৰ কৰি বৈদ্যুতিক শক্তি উৎপন্ন কৰে। বতাহে বায়ুকলৰ পাট চক্ৰ ঘূৰায়, যাৰ পৰা জেনাৰেটৰৰ সহায়ত বিদ্যুৎ উৎপন্ন হয়।
বায়ুকলত বায়ুশক্তি ব্যৱহাৰ কৰা হৈছে।
অথবা
বায়ুকল হৈছে এটা এনে যন্ত্ৰ যি বতাহৰ শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপন্ন কৰে। ই মাটিৰ পৰা অলপ ওপৰত থকা এটা ডাঙৰ পাংখাযুক্ত টাৱাৰ। বায়ুকলত বায়ুশক্তি ব্যৱহাৰ কৰা হৈছে।
9. বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্যৰ বিষয়ে লিখা?
উত্তৰঃ বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্যৰ বিষয়ে তলত আলোচনা কৰা হৈছে-
(i) বায়ুকলৰ জৰিয়তে বিদ্যুৎ উৎপাদন: বায়ুৰ গতি ব্যৱহাৰ কৰি বায়ুকল চলোৱা হয়, যাৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰা যায়।
(ii) উৰাজাহাজ আৰু পেৰাচুট চলোৱা: উৰাজাহাজ, পেৰাচুট, পালতৰা নাও আদি চলাতো বায়ুৰ প্রয়োজন হয়।
10. বতাহ যে শক্তি তাক বুজিবৰ বাবে তুমি দেখি থকা এটা উদাহৰণ দিয়া।
উত্তৰঃ বতাহ যে শক্তি তাক বুজিবৰ বাবে আমি তলত দিয়া ধৰণে উদাহৰণ দিব পাৰো:
এটা চফাই বতাহত ঘূৰিছে। বতাহ দেখা নাযায়, কিন্তু চফাইৰ ঘূৰাৰ পৰা আমি অনুভৱ কৰিব পাৰো যে বতাহত শক্তি আছে। ইয়াৰ শক্তিয়ে কোনো বস্তু ঘূৰাই দিব পাৰে—সেয়ে বতাহ হৈছে এক শক্তি। সেয়ে বতাহ হৈছে শক্তিৰ এটা ৰূপ।
11. ৰ’দ দিয়াৰ বতৰত পানী ভর্তি পাত্র এটা বাহিৰত থ’লে পানীখিনি গৰম হয় বুলি তোমালোকে জানা। সূৰ্যৰ পৰা পোৱা এই তাপ ব্যৱহাৰ কৰি আৰু কি কাম কৰিব পাৰি?
উত্তৰঃ সূৰ্যৰ পৰা পোৱা তাপ ব্যৱহাৰ কৰি আমি বহুতো উপকাৰী কাম কৰিব পাৰি।
ইয়াৰ কিছু উদাহৰণ তলত দিয়া হৈছে-
(i) সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পানী উমালি জীৱাণুমুক্ত কৰিব পাৰি।
(ii) সৌৰ পেনেলৰ জৰিয়তে সূৰ্যৰ তাপ আৰু পোহৰ বিদ্যুৎলৈ পৰিণত কৰিব পাৰি।
(iii) শীতকালত ঘৰ উমাহ কৰি ৰাখিবলৈ সৌৰ উৰ্মাৰ ব্যৱহাৰ কৰিব পাৰি।
12. পেট্র’ল, ডিজেল আদিক কিয় অনবীকৰণযোগ্য প্রাকৃতিক সম্পদ বোলা হয়?
উত্তৰঃ পেট্র’ল, ডিজেল আদিক অনবীকৰণযোগ্য প্রাকৃতিক সম্পদ বোলা হয় কাৰণ-এবাৰ ব্যৱহাৰ কৰাৰ পিছত ই পুনৰ সৃষ্টি নহয় বা খুব দীঘল সময়ৰ পাছতহে সৃষ্টি হয়।এই সম্পদবোৰ সীমিত পৰিমাণত মাটিৰ তলত থাকে।
13. অনৱীকৰণযোগ্য সম্পদ তুমি নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ কি কৰিব পাৰা?
উত্তৰঃ অনৱীকৰণযোগ্য সম্পদ নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ আমি এনেধৰণৰ কাম কৰিব পাৰো- গাড়ী চলাবলৈ গেছ বা পেট্ৰ’ল সুৰক্ষিত আৰু যুক্তিসংগত পৰিমাণত ব্যৱহাৰ কৰা। অনৱীকৰণযোগ্য সম্পদৰ সলনি পুনঃব্যৱহাৰযোগ্য সামগ্ৰী বেছিকৈ ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব পাৰো।
14. পৃথিৱীৰ বেছি অংশ পানীৰে আগুৰা যদিও উপযোগী পানীৰ মাত্রা অতি নগন্য। সেয়েহে পানী অবাৱত যাতে নষ্ট নহয় তাৰবাবে তুমি লগৰ বন্ধু-বান্ধৱীক কেনেদৰে সচেতন কৰিবা?
উত্তৰঃ পানী অবাৱত যাতে নষ্ট নহয় তাৰবাবে মই লগৰ বন্ধু-বান্ধৱীক এনেদৰে সচেতন কৰিম-
(i) বৰষুণৰ পানী সংগ্ৰহৰ বিষয়ে বুজাম।
(ii) দাঁত মাজোঁতে বা চুলি ধোঁঁতে টেপ বন্ধ ৰাখিব লাগে।
(iii) পানী ব্যৱহাৰ কৰাৰ সময়ত পানীৰ অপচয় নোহোৱাকৈ ব্যৱহাৰ কৰিব লাগে।
15. বৰ্তমান সময়ত চৰকাৰে প্ৰচুৰ পৰিমাণে গছ পুলি ৰোপণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কৰ্মসূচী হাতত লৈছে। তোমালোকৰ বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বেলেগ বেলেগ সময়ত গছ পুলি ৰোৱানে? ৰোৱা যদি কি উপলক্ষে ৰোপণ কৰা?
উত্তৰঃ হয়, আমাৰ বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বিভিন্ন উপলক্ষত গছ পুলি ৰোৱা হয়। নিচেই আগ্রহেৰে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সহায়ত এইবোৰ কাৰ্যসূচী পালন কৰা হয়।
গছপুলি ৰোৱাৰ কিছুমান উপলক্ষ হৈছে- বিশ্ব পৰিৱেশ দিৱস (৫ জুন), বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস, শিক্ষক দিৱস (৫ ছেপ্টেম্বৰ),স্বচ্ছতা অভিযানৰ অংশ হিচাপে আদি।
16. প্রাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য অথবা এটা দিৱসৰ নাম লিখা।
উত্তৰঃ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য-
(i) বৰ্ষা বনানি অভিযান: চৰকাৰে বৃক্ষৰোপণৰ জৰিয়তে বনাঞ্চল বৃদ্ধি কৰাৰ উদ্যোগ লৈছে।
(ii) প্লাষ্টিক নিষেধাজ্ঞা: একেলগে বহুবাৰ ব্যৱহাৰ নকৰা প্লাষ্টিক সামগ্ৰী আদিৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
প্রাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা এটা দিৱসৰ নাম হ’ল- বিশ্ব পৰিৱেশ দিৱস।
17. বর্তমান সময়ত দিনক দিনে পৃথিৱীত উষ্ণতাৰ পৰিমাণ বৃদ্ধি হ’বলৈ ধৰিছে। এই উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে তুমি বন্ধু-বান্ধৱীৰ সৈতে লগ হৈ কি পদক্ষেপ হাতত ল’ব পাৰা এখন আঁচনি যুগুত কৰিবা।
উত্তৰঃ পৃথিৱীৰ উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে আমি বন্ধু-বান্ধৱীৰ সৈতে “সেউজ অভিযান” নামৰ এখন আঁচনি আৰম্ভ কৰিম।
তলত দিয়া ধৰণে এই আঁচনিত দিয়া পদক্ষেপসমূহ লোৱা হয়:
(i) গছ পুলি ৰোপণ অভিযান।
(ii) প্লাষ্টিক মুক্ত অঞ্চল গঠন।
(ii) বিদ্যুৎ সংৰক্ষণ আৰু সঠিক ব্যৱহাৰ।
(iv) সচেতনতা শিবিৰ, পষ্টাৰ প্ৰদৰ্শনীৰ লগতে ৰেলীৰ আয়োজন।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.