Class 6 Science Chapter 11 পানীৰ বিভিন্ন অৱস্থা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Science Chapter 11 পানীৰ বিভিন্ন অৱস্থা Question Answer and select need one. Class 6 Science Solutions in Assamese Medium Download PDF. SCERT Class 6 General Science New Textbook Solutions Assamese Medium.
Class 6 Science Chapter 11 পানীৰ বিভিন্ন অৱস্থা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science Textual Question Answer in Assamese are part of All Subject Solutions. Here we have given Class 6 Science Question and Answer, SEBA Science New Texbook Solutions for All Chapters, You can practice these here.
পানীৰ বিভিন্ন অৱস্থা
Chapter: 11
অনুশীলনী
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা-
(i) মেঘ বা ডাৱৰ সৃষ্টিৰ মূল কাৰণটো হ’ল-
(a) বাষ্পীভৱন।
(b) ঘনীভৱন।
(c) অধঃক্ষেপণ।
(d) বাষ্পীভৱন বা ঘনীভৱন।
উত্তৰঃ (b) ঘনীভৱন।
(ii) ঘনীভৱনৰ ফলত কি হয়?
(a) পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন।
(b) জলীয় বাষ্পৰ পৰা পানীৰ কণিকা।
(c) পানীৰ কণিকাৰ পৰা মেঘ গঠন।
(d) মেঘৰ পৰা বৰষুণ।
উত্তৰঃ (c) পানীৰ কণিকাৰ পৰা মেঘ গঠন।
(iii) বাষ্পীভৱনৰ ফলত কি হয়?
(a) জলীয় বাষ্পৰ পৰা পানী।
(b) পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন।
(c) পানীৰ পৰা বৰফলৈ পৰিৱর্তন।
(d) পানীৰ কণিকাৰ পৰা মেঘ গঠন।
উত্তৰঃ (b) পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন।
2. খালীঠাই পুৰ কৰা-
(i) ৰ’দত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো হ’ল ___________।
উত্তৰঃ ৰ’দত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো হ’ল বাষ্পীভৱন।
(ii) পানীৰ গোটা অৱস্থা হ’ল ___________ আৰু গেছীয় অৱস্থা হ’ল __________।
উত্তৰঃ পানীৰ গোটা অৱস্থা হ’ল তৰল আৰু গেছীয় অৱস্থা হ’ল জলীয় বাষ্প।
(iii) বায়ুমণ্ডল অতি ঠাণ্ডা হলে পানীৰ সৰু টোপালবোৰ __________ লৈ পৰিণত হয়।
উত্তৰঃ বায়ুমণ্ডল অতি ঠাণ্ডা হলে পানীৰ সৰু টোপালবোৰ বৰফলৈ পৰিণত হয়।
(iv) আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ’ল ___________।
উত্তৰঃ আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ’ল গোটা অৱস্থা।
(v) ___________ প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয়।
উত্তৰঃ জলীয় বাষ্প প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয়।
3. তলত দিয়া ঘটনাবোৰ কি প্ৰক্ৰিয়াৰ লগত জড়িত (বাষ্পীভৱন বা ঘনীভৱন)?
(i) উত্তপ্ত লোৰ দণ্ড এডালত পানী ছটিয়ালে পানীৰ ভাপ ওলায়।
উত্তৰঃ বাষ্পীভৱন।
(ii) বৰফযুক্ত ঠাণ্ডা পানী থকা গিলাচৰ পৃষ্ঠত পানীৰ টোপাল জমা হয়।
উত্তৰঃ ঘনীভৱন।
(iii) মাটিৰ পাত্ৰত বা মাটিৰ পাত্ৰৰ কুলাৰত পানী বা খাদ্য সামগ্ৰী ৰাখিলে বহুদিনলৈ ভালে থাকে।
উত্তৰঃ ঘনীভৱন।
(iv) মাটিৰ কলহৰ পানী, ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল।
উত্তৰঃ বাষ্পীভৱন।
4. তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা।
(i) বৰষুণ দি থকা অৱস্থাত বা শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী এখন চলাই থাকিলে সম্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোঁৱা ধোঁৱা দেখি।
উত্তৰঃ গাড়ীৰ ভিতৰত মানুহৰ নিশ্বাসৰ জলীয় বাষ্প ঠাণ্ডা গ্লাছত পৰি ঘনীভৱন হৈ পানীৰ সৰু টোপালত পৰিণত হয়। সেইকাৰণে আইনাবোৰ ধোঁৱা ধোঁৱা দেখি।
(ii) শীতকালত বৰষুণ কম হয় বা নহয়।
উত্তৰঃ শীতকালত বায়ুমণ্ডল ঠাণ্ডা থাকে, বাষ্পীভৱনৰ পৰিমাণ কম হয়, তাৰফলত জলীয় বাষ্প কমে আৰু মেঘো কম গঠিত হয়। সেইকাৰণে শীতকালত বৰষুণ কম হয় বা নহয়।
(iii) তিতা কাপোৰ ইষ্ট্রি কৰোঁতে পানীৰ ভাপ ওলায়।
উত্তৰঃ ইষ্ট্ৰীৰ উত্তাপে কাপোৰৰ ভিতৰত থকা পানী উত্তপ্ত হৈ বাষ্পীভৱন হয়, অৰ্থাৎ পানী বাষ্পত পৰিণত হয়। এই পানী বাষ্পই ভাপৰ ৰূপত ওলায়,তাৰ ফলত তিতা কাপোৰ ইষ্ট্রি কৰোঁতে পানীৰ ভাপ ওলায়।
(iv) ৰুটী টাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে।
উত্তৰঃ ৰুটী গৰম টাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে তাৰ ভিতৰত থকা পানী আৰু তেলৰ উপাদান উত্তাপে বাষ্পলৈ পৰিণত হয়। এই বাষ্পৰ চাপৰ ফলত ৰুটীৰ ভিতৰটো ফুলি উঠে।
(v) ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায়।
উত্তৰঃ ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায় কাৰণ- ফেনৰ বতাহে কাপোৰৰ ওপৰৰ পানীৰ কণিকাবোৰ উৰুৱাই দিয়ে। ই বাষ্পীভৱন প্ৰক্ৰিয়াটো তীব্ৰ কৰি তোলে, তাৰফলত কাপোৰ সোনকালে শুকায়।
5. কাৰণ ব্যাখ্যা কৰা-
(i) ৰিফ্ৰেজাৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয়।
উত্তৰঃ ৰিফ্ৰেজাৰৰ ভিতৰত থকা পানীৰ বটল ঠাণ্ডা থাকে। বটলখন বাহিৰলৈ উলিয়ালে, বায়ুৰ আর্দ্ৰতা বটলৰ ঠাণ্ডা পৃষ্ঠত সংস্পৰ্শ হৈ ঠাণ্ডা হৈ পৰে। তাৰ ফলত বায়ুত থকা জলীয়বাষ্প ঘনীভূত হৈ পানীৰ কণিকাৰ ৰূপত বটলৰ বাহিৰত জমা হৈ থাকে। এই প্ৰক্ৰিয়াটোকে ঘনীভৱন বোলা হয়।
(ii) বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্র নহয়।
উত্তৰঃ বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্র নহয়। কাৰণ দিনৰ ভাগত সূৰ্যৰ পোহৰত সাগৰ, পুখুৰী আদিৰ পৰা পানী বাষ্পীভৱন হৈ বায়ুমণ্ডললৈ যায়। এই বাষ্পই ঠাণ্ডা হৈ ঘনীভৱন হৈ মেঘ গঠন কৰে। মেঘৰ পৰা বৰষুণ হৈ পানী পুনৰ ভূ-পৃষ্ঠলৈ পানীভাগ পৰে। যদি এই দুটা প্ৰক্ৰিয়া নহয়,তেন্তে পানীৰ এই চক্র বন্ধ হৈ পৰে। সেয়েহে, বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্র সম্ভৱ নহয়।
6. শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ কিয়?
উত্তৰঃ শীতকালত ৰাতিপুৱাৰ বায়ু ঠাণ্ডা হৈ পৰে। বায়ুত থকা জলীয় বাষ্প গছৰ ঠাণ্ডা পাতৰ সৈতে সংস্পৰ্শলৈ আহি ঠাণ্ডা হৈ পানীৰ টোপালত পৰিণত হয়। এই প্ৰক্ৰিয়াটোক ঘনীভৱন বোলে। সেইকাৰণে শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ। যেনে- ঠাণ্ডা পানীৰ গিলাচৰ বাহিৰত যে পানীৰ টোপাল দেখা পায়, সেয়াই নিয়ৰৰ দৰে।
7. সূৰ্যৰ পোহৰত ভূ-পৃষ্ঠৰ পানীভাগ শুকাই যায় কিয়?
উত্তৰঃ সূৰ্যৰ পোহৰত ভূ-পৃষ্ঠৰ পানী বাষ্পীভৱন হৈ বায়ুত জলীয় বাষ্প ৰূপে মিহলি হয়। ঠাণ্ডা হৈ এই বাষ্প ঘনীভূত হয় আৰু মেঘ গঠন কৰে। মেঘৰ পানীৰ কণিকা ডাঙৰ হৈ বৰষুণৰ ৰূপত ভূ-পৃষ্ঠলৈ পৰে। তাৰ ফলত ভূ-পৃষ্ঠৰ পানীভাগ শুকাই যায়।
8. পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদার্থৰ নাম লিখা।
উত্তৰঃ পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদার্থৰ নাম হ’ল- নাফ্তা’লিন।
9. বাষ্পীভৱনত কি কি কাৰকে প্ৰভাৱিত কৰে?
উত্তৰঃ বাষ্পীভৱনত বায়ু চাপ, পৃষ্ঠৰ আয়তন, আর্দ্ৰতা, উষ্ণতা, বতাহৰ বেগ আদি কাৰকে প্ৰভাৱিত কৰে।
10. হাতত ছেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কিয়?
উত্তৰঃ হাতত ছেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কাৰণ-ছেনিটাইজাৰত এলকোহল থাকে, যি বেছি উৰ্দ্ধমুখী আৰু হাতত লগালে এলকোহল বেছি দ্ৰুত বাষ্পীভৱন হয়। এই বাষ্পীভৱনৰ সময়ত হাতৰ তাপ লৈ লয়, ফলত হাতত ঠাণ্ডা ঠাণ্ডা লাগে। এই প্ৰক্ৰিয়াটোক “বাষ্পীভৱনৰ উষ্ণতা শোষণ” বোলে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

