Class 6 Science Chapter 10 উষ্ণতা আৰু ইয়াৰ জোখ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Science Chapter 10 উষ্ণতা আৰু ইয়াৰ জোখ Question Answer and select need one. Class 6 Science Solutions in Assamese Medium Download PDF. SCERT Class 6 General Science New Textbook Solutions Assamese Medium.
Class 6 Science Chapter 10 উষ্ণতা আৰু ইয়াৰ জোখ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science Textual Question Answer in Assamese are part of All Subject Solutions. Here we have given Class 6 Science Question and Answer, SEBA Science New Texbook Solutions for All Chapters, You can practice these here.
উষ্ণতা আৰু ইয়াৰ জোখ
Chapter: 10
অনুশীলনী
শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকৈ পূৰ কৰা।
1. কাষৰ চিত্ৰৰ থার্ম’মিটাৰে দেখুওৱা সঠিক পাঠটো কি?
(a) 15.0°C.
(b) 36.0°C.
(c) 25.0°C.
(d) 32.0°C.
উত্তৰঃ (c) 25.0°C.
2. ক্লিনিকেল থার্ম’মিটাৰৰ পৰিসৰ কিমান __________ ?
(a) 35°C to 42°C.
(b) 32°C to 45°C.
(c) -10°C to 110°C.
(d) 10°C to 100 °C.
উত্তৰঃ (a) 35°C to 42°C
3. মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান __________?
(a) 98.6°C.
(b) 34.0°C.
(c) 37.0°C.
(d) 37.0°F.
উত্তৰঃ (c) 37.0°C.
4. খালী ঠাই পূৰ কৰা।
(a) কোনো বস্তুৰ উত্তাপ তাৰ ___________ৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।
উত্তৰঃ কোনো বস্তুৰ উত্তাপ তাৰ উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।
(b) উত্তলা পানীৰ উষ্ণতা ____________ থার্ম মিটাৰেৰে জুখিব নোৱাৰি।
উত্তৰঃ উত্তলা পানীৰ উষ্ণতা ক্লিনিকেল থার্ম মিটাৰেৰে জুখিব নোৱাৰি।
(c) উষ্ণতা জোখা হয় ডিগ্রী ___________ত।
উত্তৰঃ উষ্ণতা জোখা হয় ডিগ্রী চেলচিয়াছত।
5. ‘ক’ অংশৰ সৈতে ‘খ’ অংশ মিলোৱা-
| ‘ক’ অংশ | ‘খ’ অংশ |
| (i) উষ্ণতাৰ এছ আই একক | (a) 100°C |
| (ii) মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা | (b) -10°C পৰা 110°C |
| (iii) পৰীক্ষাগাৰৰ থার্ম’মিটাৰৰ পৰিসৰ | (c) 37°C বা 98.6°F |
| (iv) উতলা পানীৰ উষ্ণতা | (d) কেলভিন |
উত্তৰঃ
| ‘ক’ অংশ | ‘খ’ অংশ |
| (i) উষ্ণতাৰ এছ আই একক | (d) কেলভিন |
| (ii) মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা | (c) 37°C বা 98.6°F |
| (iii) পৰীক্ষাগাৰৰ থার্ম’মিটাৰৰ পৰিসৰ | (b) -10°C পৰা 110°C |
| (iv) উতলা পানীৰ উষ্ণতা | (a) 100°C |
6. পৰীক্ষাগাৰৰ থার্ম’মিটাৰ আৰু ক্লিনিকেল থার্ম’মিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা।
উত্তৰঃ পৰীক্ষাগাৰৰ থার্ম’মিটাৰ আৰু ক্লিনিকেল থার্মমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য তলত উল্লেখ কৰা হৈছে-
সাদৃশ্য:
(i) পৰীক্ষাগাৰৰ থার্ম’মিটাৰ আৰু ক্লিনিকেল থার্মমিটাৰ উভয়তে পাৰা ব্যৱহাৰ কৰা হয় (ডিজিটেল থাৰ্ম’মিটাৰ বাদেই)।
(ii) পৰীক্ষাগাৰৰ থার্ম’মিটাৰ আৰু ক্লিনিকেল থার্ম’মিটাৰ উভয়েই কাচৰ নলীৰে নিৰ্মিত।
(iii) পৰীক্ষাগাৰৰ থার্ম’মিটাৰ আৰু ক্লিনিকেল থার্ম’মিটাৰ উভয়েই উষ্ণতা জোখাৰ উপকৰণ।
(iv) পৰীক্ষাগাৰৰ থার্ম’মিটাৰ আৰু ক্লিনিকেল থার্মমিটাৰ উভয়তে স্কেল থাকে,যাৰ সহায়ত উষ্ণতা পঢ়া যায়।
বৈসাদৃশ্য:
(i) পৰীক্ষাগাৰৰ থার্ম’মিটাৰ আৰু ক্লিনিকেল থার্ম’মিটাৰ ব্যৱহাৰৰ বস্তুৰ উষ্ণতা জোখাৰ বাবে মানুহৰ শৰীৰৰ উষ্ণতা জোখাৰ বাবে।
(ii) উষ্ণতা পৰিসৰ -10°C পৰা 110°C 35°C পৰা 42°C ভাঁজ নহোৱা থাকে, পাৰা নামি নাযাবৰ বাবে নকশা দীঘল আৰু সোজা সৰু, বেলেগ ডিজাইন উচ্চতা পাঠ পৰীক্ষণ সময়তেই পঢ়িব লাগে পৰীক্ষাৰ পিছতো পাঠ থাকে।
(iii) ডিজিটেল ৰূপ সাধাৰণত নহয় ডিজিটেল ৰূপতো উপলব্ধ বিশেষত্ব ঠেক আৰু সুষম কাচৰ নলী থাকে আৰু সহজে মুখ বা কাণত ব্যৱহাৰ কৰিব পাৰি।
7. আমি কিয় পৰীক্ষাগাৰৰ থার্ম’মিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰোঁ?
উত্তৰঃ আমি পৰীক্ষাগাৰৰ থার্ম’মিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰোঁ কাৰণ:
(i) পৰিসৰ বেছি: পৰীক্ষাগাৰৰ থার্ম’মিটাৰৰ উষ্ণতা পৰিসৰ -10°C পৰা 110°C লৈ হয়, যি মানুহৰ শৰীৰৰ বাবে স্বাভাৱিক উষ্ণতা (৩৭°C)ৰ তুলনাত বহু ডাঙৰ। সেয়া শৰীৰৰ সৰু পৰিৱর্তন সূক্ষ্মভাৱে ধৰা নাপায়।
(ii) ভাঁজ নাথাকে: এই থার্ম’মিটাৰত বাল্বৰ ওচৰত ভাঁজ নথকাৰ বাবে থার্ম’মিটাৰ তুলি লওঁতেই পাৰা নামি যায়, তাৰ ফলত পাঠ ভালকৈ পঢ়িব নোৱাৰি।
(iii) ডাঙৰ আৰু ভাঙিবলগীয়া: ই দীঘল আৰু সহজে ভাঙিব পৰা হয়, গতিকে মুখ বা বগলিত সঠিকভাৱে ব্যৱহাৰ কৰাটো কষ্টকৰ হয়।
8. তলত দিয়া উষ্ণতাৰ পাঠ অনুসৰি থার্ম’মিটাৰৰ নিম্নোক্ত চিত্ৰত পাৰাৰ দাগ চিহ্নিত কৰা।
উত্তৰঃ

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

