Class 4 Environment Chapter 16 কম্পিউটাৰ আৰু যোগাযোগ

Class 4 Environment Chapter 16 কম্পিউটাৰ আৰু যোগাযোগ, SEBA Chapter 16 কম্পিউটাৰ আৰু যোগাযোগ Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

কম্পিউটাৰ আৰু যোগাযোগ

Chapter – 16

পৰিৱেশ অধ্যয়ন


১। এতিয়া তোমালোকে কি কি যোগাযোগৰ মাধ্যমৰ বিষয়ে জানিলা নামকেইটা লিখা –

উত্তৰঃ যোগাযোগৰ মাধ্যমকেইটা হ’ল – বাতৰি কাকত , ডাক ব্যৱস্থা , ৰেডিঅ , টেলিভিচন , টেলিফোন , মবাইল ফোন , ফেক্স ইত্যাদি । 

⇒ চিন্তা কৰি লিখা –

২। যোগাযোগৰ মাধ্যমবোৰ নাথাকিলে আমাৰ কি হ’লহেতেন ? 

উত্তৰঃ যোগাযোগৰ মাধ্যম নাথাকিলে আমাৰ বহুতো অসুবিধা হ’লহেতেন যেনে – 

( ১ ) আমি দেশ – বিদেশৰ খবৰ নাপালোহেঁতেন । 

( ২ ) দূৰ – দূৰণিত থকা লোকসকলৰ লগত ঘৰত বহিয়েই যোগাযোগ কৰিব নোৱাৰিলোহেঁতেন । 

( ৩ ) বিভিন্ন তথ্য নাপালোহেঁতেন । 

( ৪ ) ৰে’ল আৰু বিমানৰ সময়সূচী জানিব নোৱাৰিলোহেঁতেন । আগতীয়াকৈ টিকট বুকিং কৰিব নোৱাৰিলোহেঁতেন ইত্যাদি । 

অনুশীলনী 

১। উত্তৰ লিখা – 

( ক ) যোগাযোগ ব্যৱস্থা কি ? দুটা যোগাযোগ মাধ্যমৰ নাম লিখা । 

উত্তৰঃ যোগযোগ ব্যৱস্থা এনে এটা ব্যৱস্থা যাৰ সহায়ত আমি দূৰত থাকিও এজনে আনজনৰ লগত কথা পাতি মনৰ ভাৱ প্ৰকাশ কৰিব পাৰো , সম্পৰ্ক ৰাখিব পাৰো । যোগাযোগৰ মাধ্যম দুটা হ’ল ডাক ব্যৱস্থা , টেলিফোন ব্যৱস্থা ৷ 

( খ ) কম্পিউটাৰৰ গুৰুত্বপূৰ্ণ অংশকেইটাৰ নাম লিখা ৷ 

উত্তৰঃ কম্পিউটাৰৰ গুৰুত্বপূৰ্ণ অংশকেইটাৰ নাম হ’ল – চি পি ইউ , কি বোর্ড , মাউচ আৰু মণিটৰ ৷ 

( গ ) কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সহায়ত কৰিব পৰা দুটাকৈ কাম উল্লেখ কৰা ৷ 

উত্তৰঃ 

কম্পিউটাৰইণ্টাৰনেট
( ক ) লিখিব পাৰোঁ ।( ক ) ঘৰতে বহি দেশ – বিদেশৰ খবৰ সংগ্ৰহ কৰিব পাৰোঁ ।
( খ ) তথ্য সংৰক্ষণ কৰি ৰাখিব পাৰোঁ ৷( খ ) ইণ্টাৰনেটৰ যোগেৰে দূৰৈৰ মানুহক চিঠি পঠিয়াব পাৰো ।

( ঘ ) প্ৰিণ্টাৰৰ কাম কি ? 

উত্তৰঃ কম্পিউটাৰৰ লগত প্রিণ্টাৰ সংযোগ থাকিলে আমি কৰা কামখিনি কাগজত লিখিত আকাৰেৰে উলিয়াই ল’ব পাৰো । 

২। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলোৱা –

‘ ক ‘‘ খ ‘
কি-বোর্ডনির্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে।
মাউচকৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ৷
চি পি ইউমনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি।
মনিটৰলিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি।

উত্তৰঃ 

‘ ক ‘‘ খ ‘
কি-বোর্ডলিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি । 
মাউচমনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি। 
চি পি ইউনির্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে।
মনিটৰকৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ৷

৩। খালী ঠাই পূৰ কৰা – 

( ক ) টেলিফোন আৰু __ৰ দ্বাৰা পৃথিৱীৰ যিকোনো লোকৰ লগত কথা পাতিব পাৰোঁ ।

উত্তৰঃ ম’বাইল ফোন ।

( খ ) কৃত্রিম উপগ্ৰহৰ বাবে __ ব্যৱস্থা সম্ভৱ হৈছে । 

উত্তৰঃ যোগাযোগ ।

( গ ) আমি তথ্য সংৰক্ষণ __ ৰ সহায়ত কৰিব পাৰোঁ ।

উত্তৰঃ কম্পিউটাৰ ।

( ঘ ) টেলিফোনত ___ সংযোগ কৰি আমি দৰকাৰী নথি – পত্ৰ তৎক্ষণাত আন ঠাইলৈ পঠিয়াব পাৰোঁ ৷ 

উত্তৰঃ ফেক্স ।

৪। শুদ্ধ উত্তৰটোত ‘✔’ চিন দিয়া –

( ক ) ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰি ।

উত্তৰঃ x

( খ ) প্ৰিণ্টাৰৰ সহায়ত কম্পিউটাৰত কৰা কামবোৰ লিখিত আকাৰে পাব পাৰি । 

উত্তৰঃ ✔

( গ ) টেলিভিছন হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্যৱস্থা । 

উত্তৰঃ x

( ঘ ) ফেক্স টেলিফোনৰ লগত সংযোগ কৰা হয় । 

উত্তৰঃ ✔

( ঙ ) ম’বাইল ফোনত লিখিতভাবে ভাব বিনিময় কৰিব পাৰি।

উত্তৰঃ ✔

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top