Class 4 Environment Chapter 14 আমাৰ ক্ষুদ্র উদ্যোগ, SEBA Chapter 14 আমাৰ ক্ষুদ্র উদ্যোগ Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.
আমাৰ ক্ষুদ্র উদ্যোগ
Chapter – 14
পৰিৱেশ অধ্যয়ন
১। মানচিত্র চাই তলৰ খালী ঘৰবোৰ পূৰ কৰা-
ঠাইৰ নাম | কুটীৰ শিল্পৰ নাম |
সৰ্থেবাৰী | কাঁহ শিল্প |
উত্তৰঃ
ঠাইৰ নাম | কুটীৰ শিল্পৰ নাম |
সৰ্থেবাৰী | কাঁহ শিল্প |
শুৱালকুছি | বয়ন শিল্প ( পাট – মুগা ) |
আনাৰী কান্দি | মৃৎশিল্প |
নলবাৰী | বাঁহ শিল্প |
কৰিমগঞ্জ | মৃৎশিল্প , পাট শিল্প |
শিলচৰ | বেত শিল্প |
ঢকুৱাখানা | বয়নশিল্প ( পাট – মুগা ) |
ক্রিয়াকলাপ
১। তলত উল্লেখ কৰা সামগ্রীসমূহ কোন কোন কুটীৰ শিল্পৰ লগত জড়িত তাৰ এখন তালিকা প্রস্তুত কৰা –
টেকেলি বটা মেখেলা – চাদৰ কাঁহী – চাকি লোটা ৰিহা গামোছা শৰাই চেলেং চাগৰ বানবাটি ঘটি হেতা গছা
উত্তৰঃ
টেকেলি | মৃৎশিল্প। |
বটা | কাঁহ শিল্প। |
মেখেলা-চাদৰ | বয়ন শিল্প। |
কাহী-বাটি | কাঁহ-পিতল শিল্প। |
চাকি | মৃৎশিল্প। |
লোটা | মৃৎশিল্প। |
ৰিহা | বয়ন শিল্প। |
গামোছা | বয়ন শিল্প। |
শৰাই | কাঁহ-পিতল শিল্প। |
চেলেং চাগৰ | বয়ন শিল্প। |
বানবাটি | কাঁহ শিল্প। |
ঘটি | কাঁহ-পিতল শিল্প। |
হেতা | কাঁহ-পিতল শিল্প। |
গছা | কাঁহ-পিতল শিল্প। |
অনুশীলনী
১। উত্তৰ লিখা –
( ক ) কুটীৰ শিল্প কাক বোলে ?
উত্তৰঃ যি শিল্পসমূহত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰীবোৰ সাধাৰণতে সহজে পোৱা যায় , যন্ত্ৰ – পাতি কম ব্যৱহাৰ হয় , কম সংখ্যক ঘাইকৈ শাৰীৰিক শ্ৰমৰ জৰিয়তে উৎপাদন হয় । তেনে উৎপাদনক কুটীৰ শিল্প বোলা হয় ।
( খ ) মৃতশিল্পৰ বিশেষ আকর্ষণ কি ?
উত্তৰঃ মৃতশিল্পৰ বিশেষ আকর্ষণ হ’ল ‘ টোকোটা’।
( গ ) বাগানত চাহপাত কেনেকৈ তৈয়াৰ কৰা হয় ?
উত্তৰঃ বাগানৰ পৰা কুমলীয়া পাত ছিঙি , শুকুৱাই বিশেষ পদ্ধতিৰে মেচিনত চাহপাত তৈয়াৰ কৰা হয় ।
২। চমু উত্তৰ লিখা –
( ক ) অসমত থকা দুবিধ কুটীৰ শিল্পৰ নাম লিখা।
উত্তৰঃ অসমত থকা কুটিৰ শিল্প দুবিধ হ’ল –
( ১ ) কাঁহ শিল্প ( সৰ্থেবাৰী ) ।
( ২ ) বয়ন শিল্প – পাট – মুগা ( শুৱালকুছি ) ।
( খ ) চাহখেতি কৰা তিনিখন জিলাৰ নাম লিখা ।
উত্তৰঃ শিৱসাগৰ জিলা , গোলাঘাট জিলা আৰু শোণিতপুৰ জিলাত চাহখেতি কৰা হয় ।
( গ ) অসমত কোনটো উদ্যোগ অধিক পৰিমাণে আমাৰ দেশক আর্থিক উন্নয়নত সহায় কৰিছে ?
উত্তৰঃ চাহ উদ্যোগে অধিক পৰিমাণে আমাৰ দেশক আর্থিক উন্নয়নত সহায় কৰিছে ।
( ঘ ) অসমৰ কোনখন ঠাইক বস্ত্ৰনগৰী বোলে ?
উত্তৰঃ শুৱালকুছিক অসমৰ বস্ত্ৰ নগৰী বুলি কোৱা হয় ।
( ঙ ) মৃৎশিল্প কেন্দ্র থকা তিনিখন ঠাইৰ নাম লিখা ।
উত্তৰঃ আশাৰীকান্দি , হাজো আৰু কৰিমগঞ্জত মৃৎশিল্প আছে ।
( চ ) বয়ন কেন্দ্ৰত উৎপাদন হোৱা দুবিধ কাপোৰৰ নাম লিখা।
উত্তৰঃ বয়ন কেন্দ্ৰত উৎপাদন হোৱা কাপোৰ দুবিধ হ’লঃ – এৰী কাপোৰ আৰু পাট কাপোৰ ৷
৩। শুদ্ধ বাক্যত ‘✔’ চিন দিয়া –
( ক ) কুটীৰ শিল্পত যন্ত্ৰ – পাতি ব্যৱহাৰ বেছি ।
উত্তৰঃ x
( খ ) অসমৰ চাহ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্যোগ ।
উত্তৰঃ ✔
( গ ) ঢকুৱাখানাত বয়নকেন্দ্র আছে ।
উত্তৰঃ ✔
( ঘ ) অসমৰ পাট – মুৰ্গা কাপোৰে দেশে – বিদেশে আদৰ পাইছে।
উত্তৰঃ ✔
( ঙ ) বয়নকেন্দ্ৰৰ অন্যতম আকর্ষণ টোৰাকোটা ।
উত্তৰঃ x
৪। ‘ ক ’ অংশৰ লগত ‘ খ ’ মিলোৱা –
‘ ক ‘ | ‘ খ ‘ |
সৰ্থেবাৰী | পিতলৰ শিল্প |
ঢকুৱাখানা | মৃৎশিল্প |
আশাৰীকান্দি | কাঁহৰ শিল্প |
হাজো | বয়ন শিল্প |
উত্তৰঃ
‘ ক ‘ | ‘ খ ‘ |
সৰ্থেবাৰী | কাঁহৰ শিল্প |
ঢকুৱাখানা | বয়ন শিল্প |
আশাৰীকান্দি | মৃৎশিল্প |
হাজো | পিতলৰ শিল্প |
৫। কাঁহৰ বাচন তৈয়াৰ কৰা মানুহজনক কি বোলে ?
উত্তৰঃ কাঁহৰ বাচন তৈয়াৰ কৰা মানুহজনক কঁহাৰ বোলা হয় ৷
৬। অসমত চাহ উদ্যোগ গঢ় লৈ উঠাৰ কাৰণ কি ?
উত্তৰঃ অসমৰ জলবায়ু আৰু মাটি চাহ খেতিৰ বাবে উপযোগী । সেয়ে অসমত চাহ খেতিৰ বাবে বহু চাহ বাগান আছে । এই বাগানবোৰৰ পৰা প্ৰচুৰ পৰিমাণে চাহপাত উৎপন্ন হয় ৷ সেইবাবে অসমত চাহ উদ্যোগ গঢ় লৈ উঠিছে ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.