Class 3 Environment Chapter 6 শৰীৰৰ যতন

Class 3 Environment Chapter 6 শৰীৰৰ যতন, SEBA Chapter 6 শৰীৰৰ যতন Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

শৰীৰৰ যতন

Chapter – 6

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

১। খালী ঠাই পূৰ কৰা :

(ক) আহাৰ নাখালে আমি কাম কৰিবলৈ –––––– নাপাওঁ।

উত্তৰ : আহাৰ নাখালে আমি কাম কৰিবলৈ শক্তি নাপাওঁ।

(খ) –––––– শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে।

উত্তৰ : পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে।

(গ) নিয়মীয়াকৈ খেলা-ধূলা আৰু –––––– শৰীৰ সবল হয়। 

উত্তৰ : নিয়মীয়াকৈ খেলা-ধূলা আৰু ব্যায়াম কৰিলে আমাৰ শৰীৰ সবল হয়।

(ঘ) সেউজীয়া শাক-পাচলি, ফল-মূল আদিয়ে আমাৰ শৰীৰটোক ––––– পৰা ৰক্ষা কৰে।

উত্তৰ : সেউজীয়া শাক-পাচলি, ফল-মূল আদিয়ে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে।

২। শুদ্ধ বাক্যটোত ‘✓’ চিন দিয়া :

(ক) আহাৰে আমাৰ শৰীৰত শক্তি যোগায়। 

উত্তৰ : ✓

(খ) ‘সদায় পৰিষ্কাৰ আৰু শোধিত পানীহে খাব লাগে। 

উত্তৰ : ✓

(গ) কাটি থোৱা ফল-মূল বহু সময় ৰাখি থৈ খাব লাগে। 

উত্তৰ : X

(ঘ) আলুৰ চিপ্‌ছ, শীতল পানীয়, আইচক্রীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী।

উত্তৰ : X

(ঙ) দূষিত পানীয়ে শৰীৰত বেমাৰৰ সৃষ্টি কৰে।

উত্তৰ : ✓

প্রশ্ন ৩। শুদ্ধ উত্তৰ বাছি উলিওৱা :

(ক) কোনবিধ খোৱাবস্তুৰ পৰা আমি প্ৰধানকৈ শক্তি পাওঁ সেউজীয়া –––––শাক-পাচলি/মধুৰিআম/ভাত।

উত্তৰ : ভাত।

(খ) কি কৰিলে আমাৰ শৰীৰ সবল হয় –––––শুই থাকিলে/বহি থাকিলে/ব্যায়াম কৰিলে।

উত্তৰ : ব্যায়াম কৰিলে।

(গ) কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটো ডাঙৰ-দীঘল হোৱাত সহায় কৰে –––––শিলিখা/আমলখি/ গাখীৰ।

উত্তৰ : গাখীৰ।

(ঘ) কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে –––––মাংস/ত্রুটি/কলডিল।

উত্তৰ : কলডিল।

প্রশ্ন ৪। আহাৰত খোৱা কি কি খাদ্যবস্তুৰ পৰা আমাৰ শৰীৰে শক্তি পায় লিখা।

উত্তৰ : আহাৰত খোৱা চিৰা, পিঠা, মাখন, ঘিউ, ভাত, ৰুটি আদি খাদ্যবস্তুৰ পৰা আমাৰ শৰীৰে শক্তি পায়।

প্রশ্ন ৫। বিদ্যালয়ৰ বছৰেকীয়া খেল-ধেমালিত তোমালোকে কি কি খেল খেলা লিখা।

উত্তৰ : লুকা-ভাকু, বল দৌৰ, ফুটবল আদি খেল খেলো।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। কি কি খাদ্যবস্তুয়ে আমাৰ শৰীৰ ডাঙৰ-দীঘল হোৱাত সহায় কৰে।

উত্তৰ : মটৰ মাহ, দাইল, উৰহী, গাখীৰ, কণী, মাছ, মাংস আদি আমাৰ শৰীৰ ডাঙৰ-দীঘল হোৱাত সহায় কৰে।

প্রশ্ন ২। কি কি খাদ্যবস্তুয়ে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে ?

উত্তৰ : শিলিখা, আমলখি, সুমথিৰা, গাজৰ, মধুৰিআম, কলডিল, সেউজীয়া শাক-পাচলি আদি আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে।

প্রশ্ন ৩। আমাৰ প্ৰধান খাদ্য কি ?

উত্তৰ : আমাৰ প্ৰধান খাদ্য হ’ল – ভাত, রুটি, দাইল, গাখীৰ, কণী মাছ, মাংস, সেউজীয়া শাক-পাচলি আৰু বতৰৰ ফলমূল। 

প্রশ্ন ৪। কি কি খাদ্যবস্তু আমাৰ শৰীৰৰ বাবে অপকাৰী লিখা।

উত্তৰ : আলুৰ চিপছ শীতল পানীয়, আইচক্রীম আদি খাদ্যবস্তু আমাৰ শৰীৰৰ বাবে অপকাৰী।

প্রশ্ন ৫। স্বাস্থ্য ভালে ৰাখিবলৈ চাৰিটা নীতি-নিয়ম লিখা। 

উত্তৰ : (১) পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। 

(২) য’তে-ত’তে থু-খেকাৰ পেলাব নালাগে। 

(৩) পৰিষ্কার শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে। 

(৪) নথ, চুলি চুটিকৈ কাটিব লাগে। 

প্রশ্ন ৬। শোধন কৰা কাক বোলে ?

উত্তৰ : খাল-বিল, নৈ, পুখুৰী আদিৰ পানীত বোকা, বালি, জাবব-জোঁথৰ আদি বিভিন্ন বস্তু মিহলি হৈ পানী দূষিত হয়। এনে পানী খোৱাৰ বাবে উপযোগী কৰিবলৈ হ’লে তাত মিহলি হৈ থকা বেয়া বস্তুসমূহ আঁতৰ কৰিব লাগে। সেই কামটোক শোধন কৰা বোলে।

প্রশ্ন ৭। আহাৰৰ আমাৰ কিয় প্রয়োজন ?

উত্তৰ : শৰীৰ ডাঙৰ-দীঘলে হ’বলৈ আৰু বেমাৰৰ পৰা ৰক্ষা পাবলৈ আমাৰ আহাৰৰ প্ৰয়োজন।

প্রশ্ন ৮। খালী ঠাই পূৰ কৰা :

(ক) সদায় পৰিষ্কাৰ আৰু –––––পানীহে খাব লাগে।

উত্তৰ : সদায় পৰিষ্কাৰ আৰু শোধিত পানীহে খাব লাগে। 

(খ) খোৱা বস্তু সদায় ভালদৰে –––––ৰাখিব লাগে।

উত্তৰ : খোৱা বস্তু সদায় ভালদৰে ঢাকি ৰাখিব লাগে। 

(গ) ––––– বাচন বৰ্তনতহে আহাৰ খাব লাগে। 

উত্তৰ : পৰিষ্কাৰ বাচন বৰ্তনতহে আহাৰ খাব লাগে। 

(ঘ) ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ আগত ––––– ঘঁহিব লাগে।

উত্তৰ : ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ আগত দাঁত, ঘঁহিব লাগে।

(ঙ) ভাত আমাৰ ––––– খাদ্য ৷

উত্তৰ : ভাত আমাৰ প্রধান খাদ্য।

(চ) উৰহী আমাৰ শৰীৰ ––––– হোৱাত সহায় কৰে। 

উত্তৰ : উৰহী আমাৰ শৰীৰ ডাঙৰ-দীঘল হোৱাত সহায় কৰে।

প্রশ্ন ৯। শুদ্ধ উত্তৰটো বাচি উলিওৱা :

(ক) আমাৰ শৰীৰটোক শক্তি যোগায়—মাংস/ঘিউ/গাজৰ।

উত্তৰ : আমাৰ শৰীৰটোক শক্তি যোগায়—ঘিউ। 

(খ) আমাৰ শৰীৰটোক ডাঙৰ-দীঘল হোৱাত সহায় কৰে ―ভাত/মধুৰিআম/মাছ। 

উত্তৰ : আমাৰ শৰীৰটোক ডাঙৰ-দীঘল হোৱাত সহায় কৰে—মাছ।

(গ) শাক-পাচলি, ফল-মূল আদি ধুই খাব নালাগে/লাগে।

উত্তৰ : শাক-পাচলি, ফল-মূল আদি ধুই খাব লাগে। 

(ঘ) শৌচ কৰাৰ পাচত চাবোনেৰে পৰিষ্কাৰকৈ হাত-ভৰি ধুব লাগে/নালাগে। 

উত্তৰ। শৌচ কৰাৰ পাচত চাবোনেৰে পৰিষ্কাৰকৈ হাত-ভৰি ধুব লাগে। 

(ঙ) আলুৰ চিপছ, শীতল পানীয় স্বাস্থ্যৰ বাবে উপকাৰী/অপকাৰী।

উত্তৰ : আলুব চিপছ, শীতল পানীয় স্বাস্থ্যৰ বাবে অপকাৰী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top