Class 12 Sociology Important Chapter 4 সামাজিক অসমতাৰ ধৰণ আৰু বৰ্জন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Sociology Important Solutions Assamese Medium and select need one. Class 12 Sociology Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Sociology.
Class 12 Sociology Important Chapter 4 সামাজিক অসমতাৰ ধৰণ আৰু বৰ্জন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Sociology Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Sociology Important Question Answer in Assamese for All Chapters, You can practice these here.
সামাজিক অসমতাৰ ধৰণ আৰু বৰ্জন
Chapter: 4
| প্ৰথম খণ্ড: ভাৰতীয় সমাজ |
| IMPORTANT QUESTION AND ANSWER |
১। সামাজিক অসমতা বুলিলে কি বুজা যায়?
উত্তৰঃ সমাজত টকা-পইচা, শিক্ষা, স্বাস্থ্য, ক্ষমতা আদি মূল্যৱান সম্পদৰ অসম বণ্টনক সামাজিক অসমতা বোলে। ইয়াৰ ফলত কিছুমান মানুহ ধনী হয় আৰু আনবোৰ দুখীয়া হৈ পৰে।
২। সামাজিক বর্জন বুলিলে কি বুজা যায়?
উত্তৰঃ যেতিয়া কোনো ব্যক্তি বা গোটক সমাজৰ মূল প্ৰবাহৰ পৰা আঁতৰাই ৰখা হয় আৰু তেওঁলোকক বিভিন্ন সুযোগ-সুবিধাৰ পৰা বঞ্চিত কৰা হয়, তাক সামাজিক বর্জন বোলে।
৩। অস্পৃশ্যতা কি?
উত্তৰঃ সমাজত কিছুমান নিম্ন শ্ৰেণীৰ লোকক অপবিত্ৰ বুলি গণ্য কৰি তেওঁলোকৰ স্পৰ্শ নিষিদ্ধ কৰা বৈষম্যমূলক প্ৰথাটোক অস্পৃশ্যতা বোলে।
৪। জাতি প্ৰথা কি?
উত্তৰঃ জন্ম আৰু বৃত্তিৰ ভিত্তিত ব্যক্তিসকলৰ গোটক জাতি বোলে। ভাৰতত জাতি প্ৰথাই ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ আদি ভাগত বিভাজিত।
৫। ‘মণ্ডল আয়োগ’ কিহৰ বাবে গঠন কৰা হৈছিল?
উত্তৰঃ অন্যান্য পিছপৰা শ্ৰেণীৰ সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে মণ্ডল আয়োগ গঠন কৰা হৈছিল।
৬। আদিবাসী বুলিলে কাক বুজায়?
উত্তৰঃ যিসকল মানুহ প্ৰাচীন কালৰ পৰা কোনো অঞ্চলত বাস কৰি আছে, তেওঁলোকক আদিবাসী বা মূল বাসিন্দা বুলি জনা যায়।
৭। তৃতীয় লিংগ বুলিলে কাক বুজায়?
উত্তৰঃ যিসকল ব্যক্তি নিজৰ লৈঙ্গিক পৰিচয় স্ব-নিৰ্বাচিত ৰূপত লৈ পুৰুষ বা মহিলাৰ শ্ৰেণীত নপৰে, তেওঁলোকক তৃতীয় লিংগ বুলি জনা যায়।
৮। ‘Invisible Man’ উপন্যাসৰ লেখক কোন?
উত্তৰঃ আফ্ৰিকান-আমেৰিকান বৰ্ণ বৈষম্যৰ ওপৰত লিখা ‘Invisible Man’ উপন্যাসখনৰ লেখক ৰাল্ফ এলিছন।
৯। লিংগ বৈষম্য কি?
উত্তৰঃ পুৰুষ আৰু নাৰীৰ মাজত সম্পত্তি, শিক্ষা, বৃত্তি আদিত কৰা বৈষম্যক লিংগ বৈষম্য বোলে।
১০। ‘ব্রাহ্ম সমাজ’ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ ভাৰতত সতীদাহ প্ৰথা বিলোপ আৰু নাৰী অধিকাৰৰ বাবে ৰাজা ৰামমোহন ৰায়ে ১৮২৮ চনত ব্রাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল।
১১। অক্ষমতা বুলিলে কি বুজা যায়?
উত্তৰঃ শাৰীৰিক বা মানসিকভাৱে সক্ষমতা হ্ৰাস হোৱা অৱস্থাক অক্ষমতা বোলে। এনে লোকসকলক সমাজতে বঞ্চিত আৰু সহায়ৰ প্ৰয়োজন হোৱা বুলি গণ্য কৰা হয়।
১২। ‘স্ত্ৰী পুৰুষৰ তুলনা’ কিতাপখন কোনে লিখিছিল?
উত্তৰঃ তাৰাবাই চিন্দে নামৰ এগৰাকী মহিলা সমাজ সংস্কাৰকে ‘স্ত্ৰী পুৰুষৰ তুলনা’ নামৰ কিতাপখন লিখিছিল।
১৩। সামাজিক স্তৰীকৰণ কি?
উত্তৰঃ সমাজত মানুহক সম্পদ, শিক্ষা, ক্ষমতাৰ আধাৰত বিভিন্ন স্তৰত বিভাজন কৰাৰ প্ৰক্ৰিয়াটোক সামাজিক স্তৰীকৰণ বোলে।
১৪। বৈষম্যক কেতিয়াবা কেনেদৰে ন্যায়সংগত হিচাপে বুজোৱা হয়?
উত্তৰঃ জাতি, ধৰ্ম বা লিংগৰ আধাৰত কোনো ব্যক্তিক সুযোগ-সুবিধা নেদি তাক অযোগ্য বুলি ন্যায়সংগত কাৰণ হিচাপে উপস্থাপন কৰা হয়।
১৫। ‘দূৰতা কলুষতা’ কি?
উত্তৰঃ ‘দূৰতা কলুষতা’ হ’ল দক্ষিণ ভাৰতত থকা এটা বিশ্বাস, য’ত অস্পৃশ্য ব্যক্তিসকল উচ্চ জাতিৰ মানুহৰ ওচৰলৈ আহিলেও তেওঁলোক অশুচি বা অপবিত্ৰ বুলি ধৰা হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

