Class 12 Geography Important Chapter 12 ভাৰতৰ জনপ্ৰব্ৰজন পৰিক্ৰমা

Class 12 Geography Important Chapter 12 ভাৰতৰ জনপ্ৰব্ৰজন পৰিক্ৰমা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 12 ভাৰতৰ জনপ্ৰব্ৰজন পৰিক্ৰমা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 12

পঞ্চম গোট: ভাৰতৰ জনসংখ্যা
IMPORTANT QUESTION AND ANSWER

১। প্ৰব্ৰজনৰ ফলত গ্ৰাম্য মহিলাৰ ওপৰত কি ধৰণৰ বোজা পৰে?

উত্তৰঃ প্ৰব্ৰজনৰ ফলত গ্ৰাম্য মহিলাৰ ওপৰত শাৰীৰিক আৰু মানসিক শ্ৰমৰ বোজা পৰে।

২। উচ্চশিক্ষিত কৰ্মৰত মহিলাসকলে প্ৰব্ৰজনৰ ফলত কেনেধৰণৰ অৱস্থাৰ সন্মুখীন হয়?

উত্তৰঃ তেওঁলোকে ব্যক্তিস্বাধীনতা পায় যদিও দৈনন্দিন কাৰ্যসূচীত স্পর্শকাতৰ অৱস্থাৰ সন্মুখীন হয়।

৩। উৎস অঞ্চলসমূহ উন্নয়নহীন কিয় হৈ থাকে?

উত্তৰঃ উপযুক্ত বিনিয়োগৰ অভাৱৰ বাবে উৎস অঞ্চলসমূহ উন্নয়নহীন হৈ থাকে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। চহৰত জনসংখ্যা বৃদ্ধি পোৱাৰ ফলত ভৌতিক আৰু সামাজিক অবকাঠামোত কি ধৰণৰ সমস্যা দেখা যায়?

উত্তৰঃ চহৰত জনসংখ্যা বৃদ্ধি পোৱাৰ ফলত ভৌতিক আৰু সামাজিক অবকাঠামোত চকুত লগা নাটনি বা অভাৱ দেখা যায়।

৫। চহৰৰ বস্তি অঞ্চলসমূহ কেনেদৰে গঢ়ি উঠে?

উত্তৰঃ নিম্নমানৱ জীৱনযাত্ৰাৰ লগত জড়িত কাম-কাজক কেন্দ্ৰ কৰি বস্তি অঞ্চল গঢ়ি উঠে।

৬। প্ৰব্ৰজনৰ ফলত চহৰত কিহৰ প্ৰদূষণ হয়?

উত্তৰঃ প্ৰব্ৰজনৰ ফলত চহৰত বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ হয়।

৭। প্ৰব্ৰজনৰ ফলত গ্ৰাম্যঞ্চলত কিমান ধৰণৰ উন্নয়নমূলক কাম-কাজৰ আৰম্ভ হয়?

উত্তৰঃ উৎপাদনৰ নতুন কৌশল, শিক্ষা-সম্প্ৰসাৰণ, পৰিয়াল কল্যাণ, স্ত্রী-শিক্ষা, বাস্তা-ঘাট উন্নয়ন আদি উন্নয়নমূলক কাম-কাজ আৰম্ভ হয়।

৮। এক অঞ্চলৰ পৰা আন অঞ্চললৈ প্ৰব্ৰজনৰ ফলত কি ধৰণৰ সামাজিক পৰিৱৰ্তন ঘটে?

উত্তৰঃ এক অঞ্চলৰ পৰা আন অঞ্চললৈ প্ৰব্ৰজনৰ ফলত সাজ-পোছাক, বন্ধন-প্ৰকৰণ, ভাষা, সামাজিক আচৰণ, কথোপকথনৰ ভংগী আদি পৰিৱর্তন ঘটে।

৯। চহৰমুখী প্ৰব্ৰজনৰ ফলত চহৰসমূহৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰে?

উত্তৰঃ চহৰৰ আৰ্থিক, সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ বিধ্বস্ত হয় আৰু আঞ্চলিক বৈশিষ্ট্য হেৰাই যায়।

১০। গ্ৰামাঞ্চলত কর্মকুশল শ্রমিকৰ বহিঃপ্ৰব্ৰজনৰ ফলত কি হয়?

উত্তৰঃ জনগাঁথনিত অনভিপ্রেত পৰিৱৰ্তন ঘটে আৰু বয়স-লিংগভিত্তিক ভাৰসাম্য হেৰাই যায়।

১১। প্ৰব্ৰজনৰ মূল কাৰণ কি?

উত্তৰঃ আপেক্ষিকভাৱে অধিক সুবিধাপ্ৰাপ্ত অঞ্চললৈ লোকসকলৰ স্থানান্তৰ হোৱাটো প্ৰব্ৰজনৰ মূল কাৰণ।

১২। প্ৰব্ৰজনৰ ফলত কি ধৰণৰ সমস্যাসমূহ জন্ম লয়?

উত্তৰঃ প্ৰব্ৰজনৰ ফলত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু জনগাঁথনি-সম্পৰ্কীয় সমস্যা আৰু সম্ভাৱনা দুয়োটা জন্ম লয়।

১৩। প্ৰব্ৰজনৰ ফলত উৎস অঞ্চলত কি ধৰণৰ আৰ্থিক পৰিণতি দেখা যায়?

উত্তৰঃ প্ৰব্ৰজনকাৰীসকলে গৃহ-এলেকালৈ ধন প্ৰেৰণ কৰাৰ ফলত উৎস অঞ্চলবোৰ আৰ্থিকভাৱে সমৃদ্ধ হয়।

১৪। ২০০২ চনত বৈদেশিক প্ৰব্ৰজনকাৰীসকলে ভাৰতলৈ প্ৰেৰণ কৰা বৈদেশিক মুদ্ৰাৰ পৰিমাণ কিমান আছিল?

উত্তৰঃ ২০০২ চনত প্ৰব্ৰজনকাৰীসকলে প্ৰায় ১,১০০ কোটি ডলাৰ (অৰ্থাৎ ৫৩,০০০ কোটি টকা) ভাৰতলৈ প্ৰেৰণ কৰিছিল।

১৫। অনিয়ন্ত্রিত গাঁৱলীয়া প্ৰব্ৰজনৰ ফলত মহানগৰসমূহত কি ধৰণৰ সমস্যা সৃষ্টি হৈছে?

উত্তৰঃ বস্তি এলেকা, অবৈধ বসতি, যান-জট, শৌচাগাৰৰ অভাৱ আদিৰ দৰে বহু সমস্যা মহানগৰসমূহত দেখা গৈছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top