Class 12 Advance Assamese Important Chapter 2 মানৱ বন্দনা

Class 12 Advance Assamese Important Chapter 2 মানৱ বন্দনা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Advance Assamese Important Chapter 2 মানৱ বন্দনা Solutions and select need one. Class 12 Advance Assamese Important Notes Download PDF. Important Question Answer For Class 12 Advance Assamese.

Class 12 Advance Assamese Important Chapter 2 মানৱ বন্দনা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Advance Assamese Additional Solutions are part of All Subject Solutions. Here we have given Class 12 Advance Assamese Additional Notes for All Chapters, You can practice these here.

Chapter: 2

গোট – ১: নিৰ্বাচিত কবিতাসমূহ
IMPORTANT QUESTION AND ANSWER

১। মানৱ বন্দনা কবিতাখনৰ কবি কোন?

উত্তৰঃ মানৱ বন্দনা কবিতাখনৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা।

২। ‘নিজাপী’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘নিজাপী’ শব্দৰ অৰ্থ হ’ল- সম্পূর্ণ নিজৰ।

৩। “মানুহ-সোঁতৰ অন্ত নাই” বুলি কবিয়ে কিয় কৈছে?

উত্তৰঃ কাৰণ মানুহ অহা-যোৱা অব্যাহত থাকে।

৪। “উটুৱাই” শব্দৰ অৰ্থ কি?

উত্তৰঃ উটুৱাই” শব্দৰ অৰ্থ হ’ল- উপহাৰ হিচাপে দিয়া।

৫। “মানুহেই লগ, মানুহেই সঙ্গ” – এই কথাৰ অৰ্থ কি?

উত্তৰঃ “মানুহেই লগ, মানুহেই সঙ্গ” – এই কথাৰ অৰ্থ হ’ল মানুহে মানুহৰ সংগী আৰু সহায়।

৬। “নিজাপী ঘৰ” শব্দৰ অৰ্থ কি?

উত্তৰঃ “নিজাপী ঘৰ” শব্দৰ অৰ্থ হ’ল নিজৰ ঘৰ।

৭। “মানুহেই দেৱ” বুলি কবিয়ে কাক দেৱ ৰূপে গৰিমা দিছে?

উত্তৰঃ “মানুহেই দেৱ” বুলি কবিয়ে মানুহক দেৱ ৰূপে গৰিমা দিছে।

৮। পূজা কৰাৰ ক্ষেত্ৰত কবিয়ে কি গ্রহণ কৰিবলৈ কৈছে?

উত্তৰঃ পূজা কৰাৰ ক্ষেত্ৰত কবিয়ে পাদ্য আৰু অৰ্ঘ্য গ্ৰহণ কৰিবলৈ কৈছে।

৯। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত হৈছিল।

১০। চন্দ্ৰকুমাৰ আগৰৱালাই কাৰ সৈতে ‘জোনাকী’ কাকত প্ৰকাশ কৰিছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী সৈতে ‘জোনাকী’ কাকত প্ৰকাশ কৰিছিল।

১১। ‘জোনাকী’ কাকত কেতিয়া ওলাইছিল?

উত্তৰঃ ‘জোনাকী’ কাকত ১৮৮৯ খৃষ্টাব্দত ওলাইছিল।

১২। কাক ‘জোনাকীৰ প্ৰথম সম্পাদক’ বুলি জনা যায়?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাক ‘জোনাকীৰ প্ৰথম সম্পাদক’ বুলি জনা যায়।

১৩। চন্দ্ৰকুমাৰ আগৰৱালাই কেতিয়া অসমীয়া কাকত প্ৰকাশ কৰিছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই ১৯১৮ চনত অসমীয়া কাকত প্ৰকাশ কৰিছিল।

১৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ ১৯৩৭ চনত মৃত্যু হৈছিল।

১৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু ক’ত হৈছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ গুৱাহাটী নিজৰ ঘৰত মৃত্যু হৈছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top