Class 10 Social History Chapter – 5 ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – সমাধান answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social History Chapter – 5 ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – সমাধান and select needs one.
Class 10 Social History Chapter – 5 ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social History Chapter – 5 ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – সমাধান Solutions for All Subject, You can practice these here.
ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
প্ৰথম খণ্ড
( CULTURAL HERITAGE OF INDIA AND NORTH EAST REGION )
ADDITIONAL QUESTIONS ANSWER
Short Types Questions Answer
প্রশ্ন ১। অন্ধ্ৰপ্ৰদেশৰ ভাষাটোৰ নাম কি?
উত্তৰঃ তেলেগু।
প্রশ্ন ২। নামঘোষা কোনে ৰচনা কৰিছিল?
উত্তৰঃ মাধৱদেৱে।
প্রশ্ন ৩। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্ৰিয় নামটো কি?
উত্তৰঃ ভট্টদেৱ।
প্রশ্ন ৪। পৃথিৱীৰ প্ৰাচীনতম লিখিত ধর্মগ্রন্থখনৰ নাম কি?
উত্তৰঃ ঋকবেদ।
প্রশ্ন ৫। মিচিংসকলে বিহুক কি বোলে?
উত্তৰঃ আলি আই লৃগাং।
প্রশ্ন ৬। বিহু উৎসৱৰ আৰ্যমূলীয় নে জনজাতিমূলীয় ?
উত্তৰঃ জনজাতিমূলীয়।
প্রশ্ন ৭। আজান ফকীৰ ক’ৰ পৰা অসমলৈ আহিছিল?
উত্তৰঃ বাগদাদৰপৰা।
প্রশ্ন ৮। লালুংসকলে বিহুক কি বোলে?
উত্তৰঃ বহাগী উৎসৱ বা মেলা।
প্রশ্ন ৯। নামনি অসমৰ দুটা জনপ্ৰিয় নৃত্যৰ নাম লিখা।
উত্তৰঃ ভোৰতাল নৃত্য আৰু থিয়নাম।
প্রশ্ন ১০। বৰো জনাজাতি লোকসকলে বিহুক কি বোলে?
উত্তৰঃ বৈছাণ্ড।
Multiple Choice Questions & Answers
1. ভাৰতৰ নাট্যশাস্ত্ৰত শ্লোক আছে —
(a) ৪,০৫০ টা।
(b) ৬,৬০০ টা।
(c) ৬,০০০ টা।
(d) ৫,৫০০ টা।
উত্তৰঃ (c) ৬,০০০ টা।
2. ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা—
(a) ২২ টা।
(b) ১৫ টা।
(c) ১৮ টা।
(d) ২৫ টা।
উত্তৰঃ (a) ২২ টা।
3. ‘বসুধৈব কুটুম্বকম’ এই বাক্যশাৰী মূলতঃ আহিছে—
(a) উপনিষদৰ পৰা।
(b) মহোপনিষদৰ পৰা।
(c) মহাভাৰতৰ পৰা।
(d) ৰামায়ণৰ পৰা।
উত্তৰঃ (b) মহোপনিষদৰ পৰা।
4. ‘ভাৰত সম্ভেদ’ নামৰ গ্ৰন্থখনৰ প্ৰণেতা—
(a) জৱাহৰলাল নেহৰু।
(b) মহাত্মা গান্ধী।
(c) আবুল কালাম আজাদ।
(d) গৌতম বুদ্ধ।
উত্তৰঃ (ক) জৱাহৰলাল নেহৰু।
5. বিবিধতাৰ মাজত একতা’ এই কথাঁফাকিয়ে স্থায়িত্ব লাভ কৰিছিল—
(a) ভাৰত সম্ভেদ।
(b) ৰামায়ণ।
(c) ভাগৱত।
(d) গীতা।
উত্তৰঃ (a) ভাৰত সম্ভেদ।
6. “সত্যমেৱ জয়তে” এই বাক্যশাৰী মূলতঃ লোৱা হৈছে—
(a) মহাভাৰতৰ পৰা।
(b) গীতাৰ পৰা।
(c) মুণ্ডক উপনিষদৰ পৰা।
(d) পুৰাণৰ পৰা।
উত্তৰঃ (c) মুণ্ডক উপনিষদৰ পৰা।
7. পৃথিৱীৰ প্ৰাচীনতম লিখিত ধর্মগ্রন্থ—
(a) বাইবেল।
(b) কোৰাণ।
(c) পুৰাণ।
(d) ঋকবেদ সংহিতা।
উত্তৰঃ (d) ঋকবেদ সংহিতা।
8. সিন্ধু সভ্যতাৰ পতন ঘটে—
(a) খ্রীষ্টপূর্ব ১২০০ ত।
(b) খ্রীষ্টপূর্ব ২০০০ ত।
(c) খ্রীষ্টপূর্ব ১৫০০ ত।
(d) খ্রীষ্টপূর্ব ৩০০০ ত।
উত্তৰঃ (c) খ্রীষ্টপূর্ব ১৫০০ ত।
9. অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল—
(a) জোনাকী আলোচনীত।
(b) বাঁহী আলোচনীত।
(c) অৰুণোদয় আলোচনীত।
(d) কেশৰী আলোচনীত।
উত্তৰঃ (c) অৰুণোদয় আলোচনীত।
10. শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল—
(a) স্বৰ্গদেউ ৰুদ্ৰসিংহই।
(b) স্বৰ্গদেউ গদাধৰ সিংহই।
(c) স্বৰ্গদেউ প্ৰমত্ত সিংহই।
(d) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।
উত্তৰঃ (a) স্বৰ্গদেউ ৰুদ্ৰসিংহই।
11. অসমৰ প্ৰথম বার্তালোচনী ‘অৰুণোদয়’ প্রকাশ হৈছিল—
(a) ১৮৩৬ খ্ৰীষ্টাব্দত।
(b) ১৮৪৫ খ্ৰীষ্টাব্দত।
(c) ১৮৪০ খ্রীষ্টাব্দত।
(d) ১৮৪৬ খ্ৰীষ্টাব্দত।
উত্তৰঃ (d) ১৮৪৬ খ্ৰীষ্টাব্দত।
12. মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষীজন—
(a) অনন্ত কন্দলি।
(b) শ্রীমত্ত শংকৰদেৱ।
(c) মাধৱ কন্দলি।
(d) শ্রীশ্রী মাধৱদেৱৰ।
উত্তৰঃ (b) শ্রীমত্ত শংকৰদেৱ।
13. ‘চপচৰ কূট’ কোন জনগোষ্ঠীৰ উৎসব—
(a) নগাসকলৰ।
(b) মিজোসকলৰ।
(c) খাচীয়াসকলৰ।
(d) জয়ন্তীয়াসকলৰ।
উত্তৰঃ (b) মিজোসকলৰ।
14. মিজো শব্দৰ অৰ্থ—
(a) ভৈয়ামৰ বাসিন্দা।
(b) সহজ-সৰল মানুহ।
(c) পাহাৰৰ বাসিন্দা।
(d) গাঁওৰ বাসিন্দা।
উত্তৰঃ (c) পাহাৰৰ বাসিন্দা।
15. চাহ মিলান কোনজন আহোম স্বৰ্গদেউৰ দিনত অসমলৈ আহিছিল—
(a) গদাধৰ সিংহৰ দিনত।
(b) শিৱসিংহৰ দিনত।
(c) ৰুদ্ৰ সিংহৰ দিনত।
(d) প্ৰমত্ত সিংহৰ দিনত।
উত্তৰঃ (a) গদাধৰ সিংহৰ দিনত।
16. লোক সংগীতত পদ্মশ্রী সম্মান লাভ কৰা শিল্পীগৰাকী—
(a) ভূপেন হাজৰিকা।
(b) ৰামেশ্বৰ পাঠক।
(c) খগেন মহস্ত।
(d) প্ৰতিমা পাণ্ডে বৰুৱা।
উত্তৰঃ (d) প্ৰতিমা পাণ্ডে বৰুৱা।
17. নাগালেণ্ডত ‘হৰ্ণবিল’ উৎসব পালন কৰা হয়—
(a) অক্টোবৰ মাহৰ প্ৰথম ১০ দিন।
(b) ডিচেম্বৰ মাহৰ প্ৰথম ১০ দিন।
(c) জানুৱাৰী মাহৰ প্ৰথম ১০ দিন।
(d) জুলাই মাহৰ প্ৰথম ১০ দিন।
উত্তৰঃ (b) ডিচেম্বৰ মাহৰ প্ৰথম ১০ দিন।
18. কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অবদান—
(a) অষ্ট্ৰিকসকলৰ।
(b) নিগ্ৰোসকলৰ।
(c) দ্ৰাবিৰসকলৰ।
(d) মংগোলীয়সকলৰ।
উত্তৰঃ (a) অষ্ট্ৰিকসকলৰ।
19. তলৰ কোনবিধ ভাৰতীয় ধ্রুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ—
(a) কথাকলি।
(b) কুচিপুৰী।
(c) ভাৰত নাট্যম।
(d) অ’ডিচি।
উত্তৰঃ (b) কুচিপুৰী।
20. কোনজন আহোম ৰজাই কেবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য শেষ কৰিছিল?
(a) ৰাজেশ্বৰ সিংহ।
(b) চক্ৰধ্বজ সিংহ।
(c) চন্দ্ৰকান্ত সিংহ।
(d) ৰুদ্ৰ সিংহ।
উত্তৰঃ (a) ৰাজেশ্বৰ সিংহ।
অধিক MCQ আৰু Short Question Answer পোৱাৰ বাবে ? তলৰ Link টো Click কৰক।
অতি চমু উত্তৰৰ প্ৰশ্ন :
১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল ?
উত্তৰঃ সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ মিৰাট ঠাইলৈ বিস্তৃত আছিল ।
২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল ?
উত্তৰঃ সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ প্ৰায় ৪০০০ চনত হৈছিল ।
৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি ?
উত্তৰঃঋকবেদৰ আনুমানিক ৰচনা কাল হ’ল- খ্রীষ্টপূর্ব ১৫০০ চন আৰু খ্রীষ্টপূর্ব ১০০০ চনৰ মাজত ।
৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লােৱা হৈছে ?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ মুণ্ডক উপনিষদ গ্ৰন্থৰ পৰা লােৱা হৈছে ।
৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম কি ?
উত্তৰঃ প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম হ’ল- কৌটিল্যৰ দ্বাৰা ৰচিত অর্থশাস্ত্র ।
৬। ‘বিবিধতাৰ মাজত একতা ’ ( Unity in Diversity ) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে ?
উত্তৰঃ ‘বিবিধতাৰ মাজত একতা ’ ( Unity in Diversity ) এই বাক্যাংশ পণ্ডিত জৱাহৰলাল নেহৰুৰ গ্ৰন্থ ‘ ভাৰত সম্ভেদ ’ ( Discovery of India ) গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে ।
৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্রীক – ৰােমান কলা – কৌশলৰ প্ৰয়ােগ হৈছিল ?
উত্তৰঃ ভাৰতৰ ভাস্কর্য শিল্পকলাৰ গান্ধাৰ শিল্পকলাত শৈলীত গ্রীক – ৰােমান কলা – কৌশলৰ প্ৰয়ােগ হৈছিল ।
৮। ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল ?
উত্তৰঃ ভৰত মুনিৰ নাট্যশাস্ত্র খ্রীষ্টপূর্ব ২০০ চনৰ পৰা দ্বিতীয় শতিকালৈ ৰচিত হৈছিল ।
৯। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে ?
উত্তৰঃ ভৰতৰ নাট্যশাস্ত্ৰত প্রায় ৬০০ টা শ্লোক আছে ।
১০। হেৰাকা আন্দোলন কি ?
উত্তৰঃ নাগালেণ্ডৰ বিভিন্ন জনজাতীয় গােটৰ পৰম্পৰাগত ধর্মীয় বিশ্বাস আৰু সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ তথা পুনৰ প্রৱর্তন কৰাৰ উদ্দেশ্যে স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে গঢ়ি তােলা আন্দোলনটোকে হেৰাকা আন্দোলন বুলি জনা যায় ।
১১। নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ কি জীৱৰ নামত উৎসর্গিত ?
উত্তৰঃ নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ ধনেশ পক্ষী জীৱৰ নামত উৎসর্গিত ।
১২। ‘চপছৰ কুট ’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ?
উত্তৰঃ ‘চপছৰ কুট ’ মিজোৰাম ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ।
১৩। মিজো শব্দৰ অর্থ কি ?
উত্তৰঃ মিজো শব্দৰ অর্থ হ’ল-‘পাহাৰৰ বাসিন্দা’ ।
১৪। উত্তৰ – পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত ?
উত্তৰঃ উত্তৰ – পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত ।
১৫। মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে ?
উত্তৰঃ মণিপুৰী নৃত্য চৈতন্য মহাপ্রভুৰ শৈশৱ , কৃষ্ণলীলা আদিক মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে ।
১৬৷ অসমৰ প্রাচীন নাম কি আছিল ?
উত্তৰঃ অসমৰ প্রাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল ।
১৭। কি বড়ােমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হােৱা বুলি অনুমান কৰা হয় ?
উত্তৰঃ ‘হা – চোম’ বড়ােমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হােৱা বুলি অনুমান কৰা হয় ।
১৮। চর্যাপদ মানে কি ?
উত্তৰঃ খ্রীষ্টিয় দশম শতিকাৰ পৰা চতুর্দশ শতিকাৰ সময়ছােৱাত লিখা কেইটামান অসমীয়া গীতক চর্যাপদ হিচাপে জনা যায় ।
১৯। চর্যাপদ কেতিয়া ৰচিত হৈছিল ?
উত্তৰঃ চর্যাপদ খ্রীষ্টিয় দশম শতিকাৰ পৰা চতুদর্শ শতিকাৰ সময়ছােৱাত ৰচিত হৈছিল ।
২০৷ মাধৱকন্দলিয়ে কাৰ পৃষ্ঠপােষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল ?
উত্তৰঃ মাধৱকন্দলিয়ে বৰাহীৰজা মহামাণিক্য পৃষ্ঠপােষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল ।
২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল ?
উত্তৰঃ অসমৰ গদ্য সাহিত্যৰ সূচনা শংকৰদেৱে কৰিছিল ।
২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ?
উত্তৰঃ জিকিৰ আৰু জাৰি আজানপীৰ ( চাহ মিলন ) ৰচনা কৰিছিল ।
২৩। আজানপীৰ কোন ?
উত্তৰঃ আজানপীৰ ইছলামধর্মীয় সংগীত জিকিৰ আৰু জাৰিৰ ৰচক আছিল । তেওঁৰ অন্য নাম আছিল চাহ মিলন ।
২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল ?
উত্তৰঃ আজানপীৰ ত্রয়ােদশ শতিকাত অসমলৈ আহিছিল ।
২৫। দ – পৰ্বতীয়াৰ শিলৰ তােৰণখন কেতিয়া নির্মিত হৈছিল ?
উত্তৰঃ দ – পৰ্বতীয়াৰ শিলৰ তােৰণখন খ্রীষ্টিয় ষষ্ঠ শতিকাত নির্মিত হৈছিল ।
২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল ?
উত্তৰঃ চাংৰুং ফুকনৰ প্রধান দায়িত্ব আছিল ৰাস্তা – ঘাট , প্রাসাদ , মঠ – মন্দিৰ , ঘৰ – দুৱাৰ আদিৰ নিৰ্মাণ আৰু জোখ – মাখৰ তদাৰক কৰা ।
২৭ । লােক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্রী সম্মান প্রদান কৰা হৈছিল ?
উত্তৰঃ লােক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ প্রতিমা পাণ্ডে বৰুৱা শিল্পীক পদ্মশ্রী সম্মান প্রদান কৰা হৈছিল ।
২৮। অসমৰ প্ৰথম বাৰ্তালােচনীখনৰ নাম কি ?
উত্তৰঃ অসমৰ প্ৰথম বাৰ্তালােচনীখনৰ নাম হ’ল-‘অৰুণােদয়’ ।
২৯। উত্তৰ – পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃ – গােষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো কি ?
উত্তৰঃ উত্তৰ – পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃ – গােষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো হ’ল- মেঘালয়ৰ ‘খাছী’ ।
৩০। ৰচয়িতাসকলৰ নাম লিখাঃ
উত্তৰঃ ( ক ) অর্থশাস্ত্র :- কৌটিল্য
( খ ) হস্তী বিদ্যার্ণৱ :- সুকুমাৰ বৰকাইথ
( গ ) কীর্তন :- শংকৰদেৱ
( ঘ ) নামঘােষা :- মাধৱদেৱ
( ঙ ) চোৰধৰা পিম্পৰা গুচোৱা :- মাধৱদেৱ
( চ ) কালিয়দমন :- শংকৰদেৱ
( ছ ) ৰামবিজয় :- শংকৰদেৱ
( জ )কথাগীতা :- ভট্টদেৱ
( ঝ ) ৰাজতৰঙ্গিনী :- কলহন
( ঞ ) ভাৰত সম্ভেদ :- জৱাহৰলাল নেহৰু
চমু উত্তৰৰ প্ৰশ্ন :
১। খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা ।
উত্তৰঃ খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হ’ল- ‘গ্রীক’ আৰু ‘হুন’ ।
২। সিন্ধু উপত্যকাত আৱিষ্কৃত হােৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হােৱা দুটা মূর্তিৰ নাম লিখা ।
উত্তৰঃ সিন্ধু উপত্যকাত আৱিষ্কৃত হােৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হােৱা দুটা মূর্তিৰ নাম হৈছে- ‘পশুপতি সদৃশ মূর্তি’, আৰু ‘মাতৃদেৱীৰ মূর্তি’ ।
৩। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা ।
উত্তৰঃ অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হৈছেঃ-
( ক ) ধান খেতি । আৰু
( খ ) কুঁহিয়াৰৰ পৰা গুৰ প্ৰস্তুতকৰণ ।
৪। ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগােলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে ?
উত্তৰঃ বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা আগমন ঘটা ভিন্ন নৃগােষ্ঠীৰ প্ৰভাৱত ভাৰতীয় সমাজখন গঢ়ি উঠিছে । ইয়াৰ জৰিয়তে ভাৰতত সাংস্কৃতিক বর্ণাঢ্যতাৰ সূচনা হৈছে । এই বর্ণাঢ্যতাৰ সৃষ্টি আৰু ধাৰাবাহিকতাত ভৌগােলিক পৰিস্থিতিয়ে স্বকীয় ভূমিকা পালন কৰে ।
ভাৰতৰ ভূপ্রাকৃতিক বৈশিষ্ট্যৰ অন্তৰ্গত এহাতে বিশাল সমভূমি থকাৰ বিপৰীতে আনহাতে পার্বত্য অঞ্চল বিৰাজ কৰিছে , এহাতে মৰুভূমি থকাৰ বিপৰীতে আনহাতে ক্রান্তীয় অৰণ্য বিৰাজ কৰিছে , এহাতে উপকুলৱর্তী অঞ্চল বিৰাজ কৰাৰ বিপৰীতে আনহাতে গভীৰতম অভ্যন্তৰীণ এলেকা বিৰাজ কৰিছে ।
৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা ।
উত্তৰঃ বেদৰ চাৰিখন সংহিতাৰ নাম হ’ল-
( ক ) ঋগবেদ ।
( খ ) যজুর্বেদ ।
( গ ) সামবেদ । আৰু
(ঘ ) অথর্ববেদ ।
৬। অশােক দ্বাদশ মুখ্য শিলা-লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে ?
উত্তৰঃ ধর্মীয় সহিষ্ণুতাৰ পৰিশীলনৰ বাবে প্রাচীন ভাৰতবৰ্ষৰ এক বিশেষ দিশ আছে । তৃতীয় শতিকাত গির্ণাৰত থকা অশােকৰ দ্বাদশ মুখ্য শিলা-পলিপিত লিখা কথাখিনিৰ পৰা এয়া স্পষ্ট হয় । এই শিলালিপিত লিখা কথাখিনিয়ে ভাৰতীয় শাসকসকলৰ ধর্মীয় সহিষ্ণুতাৰ প্রাচীনতম সাক্ষ্য বহন কৰিছে ৷
এই শিলালিপিত ব্যক্ত কৰা হৈছে যে নিজৰ ধৰ্মটো অন্য ধর্মতকৈ শ্রেষ্ঠ বুলি বিবেচনা কৰিব নালাগে । ইয়াৰ পৰিৱর্তে আটাইবােৰ ধৰ্মৰ সাৰ আহৰণ কৰি সমন্বয়ৰ পথ অনুসৰণ কৰিব লাগে ।
৭। সাংস্কৃতিক বহুত্ববাদ মানে কি ?
উত্তৰঃ যি ব্যৱস্থাৰ অন্তৰ্গত সদৃশ আৰু বিসদৃশ ভিন্ন সংস্কৃতিয়ে অন্য সংস্কৃতিৰ ভাল উপাদানবিলাক গ্রহণেৰে শান্তিপূর্ণভাৱে সহাৱস্থান কৰে তাকে সাংস্কৃতিক বহুত্ববাদ বুলি জনা যায় ।
ভাৰত হৈছে সাংস্কৃতিক বহুত্ববাদ বিৰাজ কৰা দেশৰ উৎকৃষ্ট উদাহৰণ কিয়নাে ইয়াত সংস্কৃতি , ভাষা , জাতি , ধর্ম , পৰম্পৰাগত ৰীতি – নীতি , সাজপােছাকৰ শৈলী , খাদ্যাভাস , লােকসংস্কৃতি আদিৰ বিচিত্র সমাহাৰ পৰিলক্ষিত হয় ।
৮। ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা ।
উত্তৰঃ ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম হৈছেঃ-
( ক ) আর্যভট্ট । আৰু
( খ ) ব্রহ্মগুপ্ত ।
৯। প্রাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা ।
উত্তৰঃ প্রাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্রৰ নাম হৈছেঃ-
( ক ) চৰক সংহিতা । আৰু
( খ ) সুশ্রুত সংহিতা ।
১০। ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি ?
উত্তৰঃ ভাৰতীয় চিত্রকলাক দুটা ভাগত ভাগ কৰিব পাৰি সেইবোৰ হৈছেঃ-
( ক ) বৃহদাকাৰ দেৱাল চিত্র । আৰু
( খ ) ক্ষুদ্রাকাৰ চিত্র ।
১১। চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপােষকতা আগবঢ়োৱা দুগৰাকী মােগল বাদছাহৰ নাম লিখা ।
উত্তৰঃ চিত্রকলাৰ প্রতি পৃষ্ঠপােষকতা আগবঢ়োৱা দুগৰাকী মােগল বাদছাহৰ নাম হৈছেঃ-
( ক ) জাহাংগীৰ । আৰু
( খ ) ছাহজাহান ।
১২। ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা ।
উত্তৰঃ ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথি হৈছেঃ-
( ক ) হস্তীবিদ্যার্ণৱ । আৰু
( খ ) আনন্দ লহৰী ।
১৩৷ হস্তীবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা ।
উত্তৰঃ হস্তীবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম হৈছে :-
( ক ) দিলবৰ ।আৰু
( খ ) দোচাই ।
১৪। ঝুম খেতি মানে কি বুজা ।
উত্তৰঃ একোচিটা মাটি গছ – গছনি জ্বলাই লৈ তাত উৰ্বৰতা লুপ্ত নােহােৱালৈকে খেতি কৰাৰ পাছত অন্য একোচিটা মাটিলৈ স্থানান্তৰিত হৈ একে পদ্ধতি অনুসৰণেৰে কৃষিকার্য কৰাকে ঝুম খেতি বােলা হয় ।
১৫। জেং বিহু মানে কি ?
উত্তৰঃ অসমত তিনিটা বিহু উদযাপন কৰা হয় — এই কেইটা হৈছে :-
( ক ) ব’হাগ ( ৰঙালী ) বিহু ,
( খ ) কাতি ( কঙালী ) বিহু । আৰু
( গ ) মাঘ ( ভােগালী বিহু যিকেইটাক্রমে ব’হাগ , কাতি আৰু মাঘ মাহত উদযাপন কৰা হয়।ব’হাগ বিহুত উজনী অসমৰ মহিলাসকলে পুৰুষৰ অগােচৰে নির্জন স্থানত অনুষ্ঠিত কৰা বিহু নৃত্য – গীতৰ কাৰ্যসূচীকে জেং বিহু বুলি কোৱা হয় ।
১৬। ওজাপালিৰ দুটা ভাগৰ নাম লিখা ।
উত্তৰঃ ওজাপালি হৈছে এক অন্যতম জনপ্রিয় লােকনৃত্য । ওজাপালিৰ দুটা ভাগ হৈছেঃ-
( ক ) ব্যাস ওজা । আৰু
( খ ) সুকনান্নী ওজা ।
১৭। প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা ।
উত্তৰঃ প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম হৈছে :-
( ক ) কঁপিল । আৰু
( খ ) পতঞ্জলি ।
১৮। আহােম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা ।
উত্তৰঃ আহােম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম হৈছেঃ-
( ক ) দেওধাই বুৰঞ্জী । আৰু
( খ ) তুংখুঙ্গীয়া বুৰঞ্জী ।
১৯। বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদযাপিত হােৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা ।
উত্তৰঃ বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদযাপিত হােৱা দুটা স্থানীয় উৎসৱ হৈছেঃ-
( ক ) দৰং জিলাৰ দেউল । আৰু
( খ ) বাঁস পুজা ।
২০। দৰঙৰ দুবিধ লােক নৃত্যৰ নাম উল্লেখ কৰা ।
উত্তৰঃ দৰঙৰ দুবিধ লােকনৃত্যৰ নাম হৈছেঃ-
( ক ) ঢেপা ঢুলীয়া । আৰু
( খ ) বৰ ঢুলীয়া ।
২১। ভাৰতত থকা মূল নৃগােষ্ঠীকেইটা কি কি ?
উত্তৰঃ ভাৰতত থকা মূল নৃগােষ্ঠীকেইটা হৈছে —
( ক ) প্রট’অষ্ট্ৰলয়ড বা অষ্ট্রিকসলক ।
( খ ) নিগ্রো গােষ্ঠী ।
( গ ) মংগােলীয় গােষ্ঠী
( ঘ ) আর্যভাষী নর্ডিক ।
( ঙ ) দ্রাবিড়সকল । আৰু
( চ ) পশ্চিমৰ প্রশস্ত মস্তিস্কী ( ৱেষ্টার্ণ ব্রেচিচেফালিক ) ।
২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা ।
উত্তৰঃ ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক হৈছেঃ
( ক ) সাংস্কৃতিক বহুত্ববাদ ।
( খ ) বিভিন্ন যুগৰ সাম্রাজ্যৰ দ্বাৰা সৃষ্টি হােৱা ৰাজনৈতিক একতা ।
( গ ) বিভিন্ন শাসকে অক্ষুন্ন ৰখা ধর্মীয় আৰু সাংস্কৃতিক একতা ।
২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগােৱা হৈছে ?
উত্তৰঃ প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ চাৰিটা ভাগত ভগােৱা হৈছে সেইবোৰ হ’ল-
( ক ) মছজিদ ।
( খ ) মিনাৰ ( গম্বুজ অথবা কীর্তিস্তম্ভ ) ।
( গ ) মঞ্জিল ( ৰাজপ্রাসাদ ) । আৰু
( ঘ ) মাকোৱাৰা ( মৃতকৰ সৌধ ) ।
২৪। ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে কি বুজা লিখা ।
উত্তৰঃ যদি আমি সামগ্রিকভাৱে ভাৰতৰ আৰু বিশেষভাৱে উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ বিকাশ অধ্যয়ন কৰো , তেন্তে উভয়ৰে ভিন্ন সাংস্কৃতিক ঐতিহ্য বিৰাজ কৰাৰ সন্দৰ্ভত আমি সাদৃশ্য দেখা পাওঁ ।
সিন্ধু সভ্যতা , বৈদিক সভ্যতা , আৰু আর্য সভ্যতাৰ ভিন্ন নৃগােষ্ঠী যেনে – দ্রাবিড় , আর্যভাষী নর্ডিক , প্রট’ অষ্ট্ৰলয়ড , নিগ্রো , মংগােলীয় , ৱেষ্টার্ণ ব্রেচিচেফালিক আদিৰ প্ৰভাৱৰ পৰিণতিত ভাৰতৰ ঐতিহ্য গঢ়ি উঠাৰ দৰে উত্তৰ – পূর্বাঞ্চলতাে মংগােলীয় আৰু অষ্ট্ৰিক নৃগােষ্ঠীয় লােকৰ পৰা কালক্ৰমত উত্থান হােৱা ভালেমান জাতি – জনজাতিৰ প্ৰভাৱত এক বৈশিষ্ট্যসম্পন্ন ঐতিহ্য গঢ়ি উঠিছে ।
ভাৰত আৰু উত্তৰ – পূর্বাঞ্চল উভয়ৰে লােকসমষ্টিৰ ধর্মীয় বিশ্বাস , উৎসৱ , নৃত্য , সংগীত , ৰীতি – নীতি ভিন ভিন । এই মহান আৰু অনন্য সাংস্কৃতিক ঐতিহ্য থকাৰ সত্ত্বেও সামগ্রিকভাৱে ভাৰতত আৰু বিশেষভাৱে উত্তৰ – পূর্বাঞ্চলত এক সাংস্কৃতিক একতা বিৰাজ যাৰ সূত্রপাত হৈছে বাণিজ্যক , আদান – প্রদান , বিবাহ , যুদ্ধকালীন পাৰস্পৰিক সাহায্য আদিৰ জৰিয়তে ।
ভিন ভিন অঞ্চলৰ লােকসকল ধর্ম , ভাষা আদিৰ মাধ্যমেৰে একতাৰ দোলেৰে বান্ধ খাই আছে । সামাজিক পৰম্পৰা , বিশ্বাস , ৰীতি নীতি ধর্মীয় ক্রিয়া কাণ্ড আদিৰ আত্মীকৰণৰ ফলত ভিন্ন সাংস্কৃতিক গােটৰ উত্থান হৈছে । গতিকে , লােকসকলৰ মাজৰ সাংস্কৃতিক বিনিময়ে সংস্কৃতিক একতাৰ জালিকা গঠন কৰিছে যিয়ে দেশৰ বৈচিত্র্যৰ মাজত একতা স্থাপনতাে ভূমিকা পালন কৰিছে ।
২৫। UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা ।
উত্তৰঃ UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য হৈছেঃ-
( ক ) তাজমহল ।
( খ ) অজন্তাৰ গুহাসমূহ । আৰু
( গ ) সাঁচীৰ স্তুপ ।
২৬৷ ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নির্মাণ কৰা হৈছিল ?
উত্তৰঃ প্রাচীন কালৰে পৰা উচ্চ মানদণ্ডৰ ভাস্কর্য শিল্পৰ বাবে ভাৰতৰ এক সুখ্যাতি আছে । কালক্ৰমত মানুহে গৌতম বুদ্ধ , মহাবীৰ হিন্দুধর্মীয় বিভিন্ন দেৱ – দেৱী , যক্ষ – যক্ষিণী , অপেশ্বৰী , বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ – জন্তুৰ মূর্তি নির্মাণ কৰে ।
২৭ ৷ ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি ?
উত্তৰঃ ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী হৈছেঃ-
( ক ) গান্ধাৰ শিল্পকলা ।
( খ ) মথুৰা শিল্পকলা । আৰু
( গ ) অমৰাৱতী শিল্পকলা ।
২৮ । দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা ।
উত্তৰঃ দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাই হৈছেঃ-
( ক ) অজন্তাৰ দেৱালৰ চিত্ৰসমূহ ( মহাৰাষ্ট্র )।
( খ ) বাঘৰ দেৱালৰ চিত্ৰসমূহ ( মধ্য প্রদেশ ) । আৰু
( গ ) চিত্তনাৱাচলৰ দেৱালয় চিত্রসমূহ ( তামিলনাড় ) ।
২৯। মােগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ মােগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্রন্থৰ নাম হৈছেঃ-
( ক ) পাদছাহনামা ।
( খ ) তুতিনামা ।
( গ ) জাহাংগীৰনামা ।
৩০। চিত্রকলাৰ ষড়াংগ মানে কি বুজা ?
উত্তৰঃ চিত্র অংকনৰ বাবে প্রয়ােজনীয় ছটা উপাদানেই হৈছে চিত্রকলাৰ ষড়াংগ । চিত্রকলাৰ ষড়াংগত তলত দিয়াকেইটা অন্তর্ভুক্তঃ-
( ক ) আকৃতি ।
( খ ) জোখ – মাখ ।
( গ ) আৱেগ অনুভূতি প্রকাশক কৌশল ।
( ঘ ) কলাত্মক উপস্থাপন ।
( ঙ ) সাদৃশ্য জ্ঞান । আৰু
( চ ) তুলিকা ব্যৱহাৰৰ নিয়ম ।
৩১। ভাৰতৰ যােগবিদ্যাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ যােগবিদ্যা সমগ্র বিশ্বলৈ প্রাচীন ভাৰতৰ এক মহৎ অৱদান । প্রাচীন মহর্ষি বা গুৰুসকলে যােগবিদ্যাৰ বিকাশ সাধন কৰিছিল । সিন্ধু উপত্যকাৰ সভ্যতাৰ সময়ছােৱাত ইয়াৰ উদ্ভৱ হৈছিল বুলি অনুমান কৰা হৈছে ।
কিন্তু মহর্ষি পতঞ্জলিয়ে দ্বিতীয় শতিকাত যােগসূত্ৰ নামৰ এখন গ্রন্থ সংকলন কৰি এই বিদ্যাক সুসংহত ৰূপত উপস্থাপন কৰে । তেতিয়াৰ পৰা যােগবিদ্যা ভাৰতৰ জনপ্ৰিয় হৈ পৰে ।
যােগবিদ্যাৰ জৰিয়তে শাৰীৰিক উৎকর্ষ সাধন হােৱাৰ লগতে মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধন হয় । যােগবিদ্যাৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তৰাষ্ট্ৰীয় যােগ দিৱস হিচাপে ঘােষণা কৰিছে ।
৩২। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ ভাৰতীৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল :-
( ক ) ভাৰতীৰ স্থাপত্য শিল্পৰ নিদর্শন মঠ – মন্দিৰৰ প্ৰধান শিখৰসমূহ আৰু সহযােগী শিখৰসমূহ পর্বত শৃংগৰ আৰ্হিত নির্মিত হৈছিল ।
( খ ) দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ উৰ্ধবাংশ আয়তাকাৰ গঠনেৰে উৰ্ধবদিশত ক্রমান্বয়ে ক্ষুদ্রাকৃতিৰ হৈ যােৱা পৰিলক্ষিত হয় ।
( গ ) মঠ – মন্দিৰ আদি ধর্মীয় উপাসনা গৃহসমূহ হিন্দু বস্তু শাস্ত্ৰৰ আধাৰত নির্মিত হৈছিল ।
৩৩। ৰঙালী বিহুৰ সাতদিনক কি কি নামেৰে জনা যায় ?
উত্তৰঃ ৰঙালী বিহুৰ সাতদিনক ক্ৰমে গৰু বিহু , মানুহ বিহু , গােসাঁই বিহু , কুটুম বিহু , চেনেহী বিহু , মেলা বিহু আৰু চেৰা বিহু বুলি জনা যায় ।
৩৪। কামৰূপী লােকগীত আৰু গােৱালপৰীয়া লােকগীতৰ মূল বিষয়বস্তু কি ?
উত্তৰঃ কামৰূপী লােকগীত আৰু গােৱালপৰীয়া লােকগীতৰ মূল বিষয়বস্তুসমূহ হৈছে – জীৱনৰ সুখ – দুখ , জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব , দেহৰ ক্ষণভংগুৰতা , দেৱ – দেৱীৰ প্রশস্তি ইত্যাদি ।
৩৫। অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ থকা তিনিখন গ্রন্থ হৈছেঃ-
( ক ) ৰামায়ণ ।
( খ ) মহাভাৰত ।
( গ ) বিষ্ণু পুৰাণ ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.