Class 10 Social History Chapter 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Class 10 Social History Chapter 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social History Chapter 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – সমাধান and select needs one.

Class 10 Social History Chapter 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social History Chapter 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – সমাধান Solutions for All Subject, You can practice these here.

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

প্ৰথম খণ্ড 

( INDIAN FREEDOM MOVEMENT AND NATIONAL AWAKENING IN ASSAM )

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

প্রশ্ন ১। অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱৰ্তী হৈছিল? 

উত্তৰঃ আসাম এছ চিয়েচন নামৰ সংগঠনটোৱে।

প্রশ্ন ২। কোন তাৰিখে ‘যোৰহাট সার্বজনিক সভাৰ সংগঠন গঢ়ি তোলা হৈছিল?

উত্তৰঃ ১৮৮৬ চনৰ ২ জুন তাৰিখে।

প্রশ্ন ৩। অসমত কেডিয়া শাস্তি সেনাবাহিনী গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪০-৪২ চনৰ ভিতৰত।

প্রশ্ন ৪। ‘পূৰ্ণ স্বৰাজ দিৱস’ কেডিয়া পালন কৰা হৈছিল? 

উত্তৰঃ ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে।

প্রশ্ন ৫। ছাইমন কমিছন কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯২৭ চনত।

প্রশ্ন ৬। উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কত স্থাপন হৈছিল? 

উত্তৰঃ ডিব্ৰুগড়ত।

প্রশ্ন ৭। শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ ১৯৬৮ চনত।

প্রশ্ন ৮। ‘হেমকোষ’ খনৰ ৰচক কোন?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।

প্রশ্ন ৯। অসমীয়া লিটাৰেৰী ছ’চাইটী কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰঃ দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত অসমীয়া লিটাৰেৰী ছ’চাইটী গঠন হৈছিল। 

প্রশ্ন ১০। কিমান চনত আৰু ক’ত ‘আসাম এই চিয়েচন’ গঢ়ি তোলা হৈছিল?

উত্তৰঃ ১৮৬৭ চনত গুৱাহাটী চৰকাৰী ইংলিছ ছেমিনাৰী প্ৰাংগণত অনুষ্ঠিত এখন ৰাজহুৱা সভাত আসাম এছ চিয়েচন নামৰ সংগঠন এটি গঢ়ি তোলা হৈছিল।

Multiple Choice Questions & Answers

1. ‘অসমীয়া লিটাৰেৰী ছচাইটী’ নামৰ সংগঠনটো গঠন হৈছিল—

(a) ১৮৬২ চনত।

(b) ১৮৬৭ চনত।

(c) ১৮৭২ চনত।

(d) ১৮৭৬ চনত।

উত্তৰঃ (c) ১৮৭২ চনত।

2. “অসমীয়া লিটাৰেৰী চ’চাইটী” নামৰ সংগঠনটো গঠন হৈছিল— 

(a) কলিকতাত।

(b) যোৰহাটত।

(c) গুৱাহাটীত।

(d) দৰঙত।

উত্তৰঃ (a) কলিকতাত।

3.অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল— 

(a) ১৮৮৮ চনত।

(b) ১৮৭৩ চনত।

(c) ১৯৮৮ চনত।

(d) ১৮৩৭ চনত।

উত্তৰঃ (a) ১৮৮৮ চনত।

4. “অসমীয়া ভাষা-উন্নতি সাধিনী” সভাই প্রকাশ কৰা আলোচনীখন হ’ল—

(a) অৰুণোদয।

(b) যুগান্তৰ।

(c) জোনাকী। 

(d) বন্দেমাতম।

উত্তৰঃ (c) জোনাকী। 

5. অসম ছাত্র সন্মিলন গঠন হৈছিল—

(a) ১৯১৪ চনত।

(b) ১৯১৫ চনত।

(c) ১৯১৬ চনত।

(d) ১৯১৭ চনত।

উত্তৰঃ (c) ১৯১৬ চনত।

6. অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন আছিল— 

(a) মিলন।

(b) বন্তি।

(c) জ্ঞান বিকাশ।

(d) স্বাধীন।

উত্তৰঃ (a) মিলন।

7. গুৱাহাটীত অনুষ্ঠিত ‘অসম ছাত্ৰ সন্মিলন’ৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল—

(a) জ্যোতিপ্ৰসাদ আগৰৱালাই।

(b) চন্দ্ৰকুমাৰ আগৰৱালাই।

(c) লক্ষীনাথ বেজবৰুৱাই।

(d) মাণিক চন্দ্ৰ বৰুৱাই।

উত্তৰঃ (c) লক্ষীনাথ বেজবৰুৱাই।

8. সদৌ অসম ৰায়ত সভা গঠন হৈছিল—

(a) ১৯২৮ চনত।

(b) ১৯৩০ চনত।

(c) ১৯৩২ চনত।

(d) ১৯৩৩ চনত।

উত্তৰঃ (d) ১৯৩৩ চনত।

9. সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিবেশন বহিছিল— 

(a) দেৰগাঁৱত।

(b) তেজপুৰত।

(c) নগাঁৱত।

(d) শিৱসাগৰত।

উত্তৰঃ (a) দেৰগাঁৱত।

10. সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিবেশনত সভাপতিত্ব কৰিছিল—

(a) জ্যোতিপ্ৰসাদ আগৰৱালাই।

(b) তৰুণৰাম ফুকনে।

(c) নবীন চন্দ্ৰ বৰদলৈয়ে।

(d) যতীন্দ্ৰ নাথ দুৱৰাই।

উত্তৰঃ (c) নবীন চন্দ্ৰ বৰদলৈয়ে।

11. অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সভাপতি আছিল— 

(a) কুলধৰ চলিহা।

(b) গোপীনাথ বৰদলৈ।

(c) অম্বিকাগিৰী ৰায় চৌধুৰী।

(d) লক্ষ্মীনাথ বেজবৰুৱা।

উত্তৰঃ (a) কুলধৰ চলিহা।

12. অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সম্পাদক আছিল— 

(a) পদ্মনাথ গোহাঞিবৰুৱা।

(b) অমিয় কুমাৰ দাস।

(c) নবীন চন্দ্ৰ বৰদলৈ।

(d) কুলধৰ চলিহা।

উত্তৰঃ (c) নবীন চন্দ্ৰ বৰদলৈ।

13. অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হৈছিল— 

(a) ১৯৬২ চনত।

(b) ১৯৬৮ চনত।

(c) ১৯৬৫ চনত।

(d) ১৯৬৯ চনত।

উত্তৰঃ (d) ১৯৬৯ চনত।

14. গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল —

(a) ১৯৪৭ চনৰ ২১ জানুৱাৰী।

(b) ১৯৪৭ চনৰ ২৫ জানুৱাৰী।

(c) ১৯৪৮ চনৰ ২৬ জানুৱাৰী।

(d) ১৯৪৮ চনৰ ১১ জানুৱাৰী।

উত্তৰঃ (c) ১৯৪৮ চনৰ ২৬ জানুৱাৰী।

15. শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল— 

(a) ১৯৬৮ চনত।

(b) ১৯৬০ চনত।

(c) ১৯৬৪ চনত।

(d) ১৯৬৬ চনত।

উত্তৰঃ (a) ১৯৬৮ চনত।

16. গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল—

(a) ১৯৫৯ চনৰ ২০ আগষ্টত।

(b) ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰত।

(c) ১৯৬০ চনৰ ২০ আগষ্টত।

(d) ১৯৬০ চনৰ ২৫ ছেপ্টেম্বৰত।

উত্তৰঃ (b) ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰত।

17. উত্তৰ-পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়খন হ’ল—

(a) অসম কৃষি বিশ্ববিদ্যালয়।

(b) গুৱাহাটী বিশ্ববিদ্যালয়।

(c) অসম পশু চিকিৎসা মহাবিদ্যালয়।

(d) অসম চিকিৎসা মহাবিদ্যালয়। 

উত্তৰঃ (a) অসম কৃষি বিশ্ববিদ্যালয়।

18. উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল— 

(a) ডিব্ৰুগড়ত।

(b) গুৱাহাটীত।

(c) শিলচৰত।

(d) যোৰহাটত।

উত্তৰঃ (a)ডিব্ৰুগড়ত।

19. আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিবেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল? 

(a) শিৱসাগৰত।

(b) যোৰহাটত।

(c) ডিব্ৰুগড়ত।

(d) গোলাঘাটত।

উত্তৰঃ (a) শিৱসাগৰত।

20. তলৰ কোনজন ‘জোনাকী’ৰ প্ৰথম সম্পাদক আছিল?

(a) হেমচন্দ্ৰ বৰুৱা।

(b) লক্ষ্মীনাথ বেজবৰুৱা।

(c) হেমচন্দ্ৰ গোস্বামী।

(d) চন্দ্ৰকুমাৰ আগৰৱালা।

উত্তৰঃ (d) চন্দ্ৰকুমাৰ আগৰৱালা।

21. ১৯০৩ চনত কোনে আছাম এছ’চিয়েচন গঠন কৰিছিল?

(a) পদ্মনাথ গোহাঁই বৰুৱা।

(b) হেমচন্দ্ৰ গোস্বামী।

(c) নবীন চন্দ্ৰ বৰদলৈ।

(d) মাণিক চন্দ্ৰ বৰুৱা।

উত্তৰঃ (d) মাণিক চন্দ্ৰ বৰুৱা।

22. ১৯২১ চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল?

(a) কুলধৰ চলিহা।

(b) গোপীনাথ বৰদলৈ।

(c) নবীন চন্দ্ৰ বৰদলৈ।

(d) বিষ্ণুৰাম মেধি।

উত্তৰঃ (a) কুলধৰ চলিহা।

অধিক MCQ আৰু Short Question Answer পোৱাৰ বাবে ? তলৰ Link টো Click কৰক।

অতি চমু উত্তৰৰ প্রশ্নঃ

১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ? 

উত্তৰঃ ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল । 

২। কোম্পানিৰ আমােল বুলিলে কোনটো সময়ক বুজোৱা হয় ?

উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ বিস্তৃত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালক কোম্পানিৰ দিন বা কোম্পানি আমােল বুলি কোৱা হয় ।

৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ?

উত্তৰঃ  অসমত বাংলা ভাষাৰ প্ৰচলন ১৮৩৭ চনত  হৈছিল ।

৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?

উত্তৰঃ বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন ১৮৭৩ চনত হৈছিল ।

৫। অৰুণােদয় কাকতৰ প্রথম সম্পাদক কোন আছিল ? 

উত্তৰঃ অৰুণােদয় কাকতৰ প্রথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা আছিল ।

৬। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল ?

উত্তৰঃ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন মিলন আছিল ।

৭। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল ?

উত্তৰঃ  ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল মাটিৰ খাজনা হ্রাস কৰা , গ্রেজিং কৰ বন্ধ কৰা আৰু পূর্ববংগৰ পৰা হােৱা প্ৰব্ৰজন ৰােধ কৰা ।

৮। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল ? 

উত্তৰঃ সদৌ অসম ৰায়ত সভাৰ গঠন ১৯৩৩ চনৰ ৮ এপ্রিলত মাহত হৈছিল ।

৯। আহােম সভাৰ সম্পাদক কোন আছিল ?

উত্তৰঃ আহােম সভাৰ সম্পাদক পদ্মনাথ গােহাঁইবৰুৱা আছিল ।

১০। যােৰহাট সার্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল ? 

উত্তৰঃ ১৮৮৪ চনত যােৰহাটত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল ।

১১। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল ?

উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্র বৰদলৈ আছিল ।

১২। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি কোন আছিল ? 

উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি বিষ্ণুৰাম মেধি আছিল ।

১৩। অসমৰ প্রথম প্রধানমন্ত্রী কোন আৰু কেতিয়া নির্বাচিত হৈছিল ? 

উত্তৰঃ অসমৰ প্রথম প্রধানমন্ত্রী গােপীনাথ বৰদলৈ আৰু ১৯৪৬ চনত  নির্বাচিত হৈছিল ।

১৪। অসমত স্থাপিত হােৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি ? 

উত্তৰঃ অসমত স্থাপিত হােৱা প্ৰথমখন জাতীয় অনুষ্ঠানটো হ’ল-তিলক সোঁৱৰণীস্কুল ( গুৱাহাটী ) ।

১৫৷ কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?

উত্তৰঃ  কুশল কোঁৱৰক বৰপথাৰত ৰে’ল বগৰােৱাৰ অপৰাধত  ফাঁচী দিয়া হৈছিল । 

১৬। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ?

উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চনৰ ২৬ জানুৱাৰীত স্থাপিত হৈছিল ।

১৭। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ? 

উত্তৰঃ অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে ১৯৪৭ চনৰ ৩ নৱেম্বৰত   নামাংকিত হয় ।

১৮। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?

উত্তৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ।

চমু উত্তৰৰ প্ৰশ্ন

১। ‘অসমীয়া লিটাৰেৰী ছ’চাইটীৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ হকে গঠিত প্ৰথমটো সংগঠন আছিল ‘অসমীয়া লিটাৰেৰী ছচাইটী ‘ । ১৮৭২ চনত দেৱীচৰণ বৰুৱা আৰু গুণগােৱিন্দ বৰুৱাৰ নেতৃত্বত কলিকতাত অধ্যয়ন কৰি থকা ছাত্ৰসকলে এই সংগঠনটো গঠন কৰিছিল । এই অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্যচর্চা । কিন্তু ইয়াত ৰাজনৈতিক চিন্তাধাৰাৰো প্রকাশ ঘটিছিল । এই সংগঠনটোৰ দুজন সদস্য জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱাই ছচাইটীৰ তৰফৰ পৰা সেই সময়ত ভাইচৰয় লর্ড নর্থব্রুক এক স্মাৰক-পত্ৰ  অর্পণ কৰিছিল যত তেওঁলোকে  অসমৰ প্রাকৃতিক সম্পদ উন্নয়নৰ লগতে অসম আৰু বংগৰ মাজত ৰে’ল সংযােগ স্থাপনৰ বাবে দাবী উত্থাপন কৰিছিল । এই অনুষ্ঠানটো ১৮৮৫ চনলৈ সক্রিয় অৱস্থাত আছিল ।

২। জোনাকী যুগৰ উল্লেখযােগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া ।

উত্তৰঃ অসমীয়া ভাষা উন্নতি সাধিনী সভাই জোনাকী কাকত খনৰ জৰিয়তে নব-জাগৰণৰ সৃষ্টি কৰিছিল। কলিকতাত অধ্যয়নৰত কিছুসংখ্যক অসমীয়া ছাত্রই ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী ( অঃভাঃ উঃ সাঃ ) সভা নামেৰে এক সাহিত্য অনুষ্ঠান গঠন কৰিছিল । এই সাহিত্য অনুষ্ঠানটোৱে প্ৰকাশ কৰা আলােচনীখনৰ নাম আছিল জোনাকী । এই আলােচনীখনে অসমত সাংস্কৃতিক আৰু সাহিত্যিক নৱজাগৰণৰ সূচনা ঘটাইছিল । জোনাকীৰ প্রথম সম্পাদক আছিল চন্দ্র কুমাৰ আগৰৱালা।

এই সময়ত ভালেমান প্রতিভাৱান সাহিত্যিকৰ জন্ম হৈছিল। ই ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হােৱা নাছিল বৰং সাহিত্য জগতৰ উন্নয়নৰ মূল উদ্দেশ্যতে নিৱিষ্ট আছিল । হেমচন্দ্র গােস্বামী , লক্ষ্মীনাথ বেজবৰুৱা , চন্দ্ৰকুমাৰ আগৰৱালা আদি বিশিষ্ট লেখকসকলে এই আলােচনীৰ ভৱিতব্য পৰিচালনা কৰিছিল । এই তিনজন ব্যক্তিক জোনাকী যুগৰ ত্রিমূর্তি বুলি কোৱা হয় । অন্যান্য বিশিষ্ট লেখকসকল আছিল কনকলাল বৰুৱা , কমলাকান্ত ভট্টাচার্য অম্বিকাগিৰী ৰায়চৌধুৰী।

এই আলােচনীয়ে অসমত সাংস্কৃতিক আৰু সামাজিক সচেতনতা উন্মেষ কৰিবলৈ সক্ষম হৈছিল লগতে জাতীয়তাবাদী চিন্তাধাৰাৰ আত্ম প্ৰকাশ ঘটাইছিল। জোনাকী আলােচনীয়ে প্ৰভাৱ বিস্তাৰ কৰা এই সময়ছােৱাক জোনাকী যুগ বুলি অভিহিত কৰা হৈছিল । ব্ৰিটিছৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল।

৩। আহােম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ ১৮৯৩ চনত পদ্মনাথ গােহাঁইবৰুৱাৰ নেতৃত্বত আহােম সভা গঠন হৈছিল । ১৯১০ চনত এই সভাক সদৌ অসম আহােম এছ’চিয়েছন নামেৰে প্রদান কৰা হৈছিল । এই এছ’চিয়েছনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল-

( ক ) আহােমসকলক চৰকাৰী ভাৱে সংখ্যালঘু সম্প্রদায় হিচাপেস্বীকৃতি প্রদান কৰা । 

( খ ) বিধানসভাত আহােমসকলৰ বাবে আসন সংৰক্ষণ কৰা ।

( গ ) আহােমসকলৰ বাবে পৃথক সমষ্টি গঠন কৰা। 

৪। আছাম এছ’চিয়েছনে ব্রিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল ?

উত্তৰঃ আছাম এছ’চিয়েছনে ব্রিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ আছিল-

( ক ) পৌৰসভাত চৰকাৰী বিষয়া আৰু আৰু লােকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰােধিতা কৰিছিল ।

( খ ) স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল । 

( গ ) কৰ বৃদ্ধি , উৎপাদন শুল্ক নীতি আৰু কানিৰ প্ৰচলন আদিৰ বিৰােধিতা কৰিছিল ।

( ঘ ) কলিকতা বিশ্ববিদ্যালয়ৰ সংস্থাত অসমীয়া লােকৰ প্রতিনিধিত্ব আৰু কটন মহাবিদ্যালয়ত অসমীয়া শিক্ষকৰ নিযুক্তিৰ দাবী  আৰু ৰাজ্যখনত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ আহ্বান কৰিছিল ।

( ঙ ) অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবী উত্থাপন কৰিছিল ।

৫। অসমত অসহযােগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ  ১৯২০ চনৰ পৰা ১৯২২ চনলৈ মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনে সমগ্ৰ ভাৰততে গা কৰি উঠিছিল ।অসমত অসহযােগ আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল চন্দ্ৰনাথ শৰ্মা , হেমচন্দ্ৰ বৰুৱা , অমিয় কুমাৰ দাস , মুহিবুদ্দিন আহমেদ আদিয়ে । আন্দোলনত অংশগ্রহণ কৰা কেইগৰাকীমান যুৱনেতা আছিল লক্ষীধৰ শৰ্মা , ৰােহিণীকান্ত হাতীবা , বিমলাকান্ত বৰুৱা , কনক চন্দ্ৰ বৰুৱা , বেণুধৰ শৰ্মা , তিলক শর্মা ইত্যাদি । অসমত অসহযােগ আন্দোলনত নবীন চন্দ্র বৰদলৈ , কুলধৰ চলিহা , তৰুণৰাম ফুকন , কামিনী কুমাৰ চন্দ , বিষ্ণুৰাম মেধি আদি উকীলেও সক্রিয়ভাৱে অংশগ্রহণ কৰিছিল ।

৬। কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা ।

উত্তৰঃ ১৯৩০ চনত প্ৰকাশ কৰা ‘কানিংহাম চাৰ্কুলাৰে’ অসমত আইন অমান্য আন্দোলনৰ পৰিস্থিতি অধিক স্পৰ্শকাতৰ কৰি তুলিছিল। এই চাকুৰ্লাৰ মতে, ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশগ্রহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল।  ইয়াত এই বুলিও প্রকাশ কৰা হৈছিল যে দোষী সাব্যস্ত হোৱা সকল জৰিমনা দিব লাগিব আৰু এওঁলােকক ছাত্রবৃত্তিৰ পৰা বঞ্চিত কৰা হ’ব । গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত তেওঁলােকক শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ কৰা হ’ব বুলিও প্রকাশ কৰা হয় । এই চার্কুলাৰৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছিল আৰু বৃহৎ সংখ্যক ছাত্রই ইয়াৰ প্ৰতিবাদত আইন অমান্য আন্দোলনত অংশগ্রহণ কৰিছিল । 

৭। গােপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হােৱা সমস্যা সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীত গােপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিছিল । বিধান সভাত কংগ্ৰেছ দলে ১০৮ খন আসনৰ ৫৮ খন আসন লাভ কৰে । ফলস্বৰূপে, গােপীনাথ বৰদলৈ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিণত হয় । সেই সময়ত মুখ্যমন্ত্ৰীক প্রধানমন্ত্রী বুলি কোৱা হৈছিল । নতুন মন্ত্রীসভাই তলত দিয়া সমস্যাসমূহৰ সন্মুখীন হৈছিল –

( ক ) উত্তৰ-পূৱ ভাৰতে অনুপ্ৰৱেশকাৰীৰ সমস্যা আৰু ভৌগোলিক পুনৰ গঠনৰ সমস্যাৰো সন্মুখীন হৈছিল।

( খ ) ১৯৪৭ চনৰ দেশ বিজনৰ ফলত ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ লগত উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ বিঘ্নিত হৈছিল

( গ ) বিভাজনে বংগ – অসম – আৰাকান অঞ্চলৰ মাজত বিৰাজ কৰা জটিল অর্থনৈতিক সম্পর্কত ব্যাঘাত জন্মাইছিল । 

( ঘ ) স্বাধীনতাৰ আগতে চাহ, নীল, মৰাপাট, ৰেছম আৰু কপাহী বস্ত্ৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম প্রসিদ্ধ আছিল । বিভাজনৰ পিছত এই সকলােবােৰতে প্ৰভাৱ ঘটিছিল ।

( ঙ ) ৰাজ্যখনৰ সামগ্রিক অর্থনৈতিক অৱস্থা নিম্ন পর্যায়ৰ আছিল । ইয়াৰ ফলত জনমূৰি আয় নিম্ন হয় আৰু মানুহৰ জীৱন ধাৰণৰ মানদণ্ডও নিম্ন হয় । এই পৰিস্থিতি উন্নত কৰিবলৈ চৰকাৰে জটিল পদক্ষেপ গ্রহণ কৰিবলগীয়া হৈছিল।

 ( চ ) স্বাধীনতাৰ পিছত পূৱ পাকিস্তানৰ পৰা জন প্রব্রজন ঘটিছিল চৰকাৰে এই পৰিস্থিতিৰ লগত মােকাবিলা কৰিবলগীয়া হৈছিল ।

৮। অসম কৃষি বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা ।

উত্তৰঃ ১৯১৩ চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতেই ১৯২৩ চনত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি ক’ব পাৰি । গৱেষণা আৰু প্ৰশিক্ষণ চলাই থকাৰ পিছতো এখন সুকীয়া কৃষি বিশ্ববিদ্যালয়ৰ প্রয়ােজনীয়তা জৰুৰীভাৱে অনুভৱ কৰিছিল । ইয়াৰ ফলস্বৰূপে যােৰহাটত এখন নতুন কৃষি মহাবিদ্যালয় আৰু নগাঁৱত এখন পশু মহাবিদ্যালয় স্থাপন কৰা হয় । এই দুয়ােখন মহাবিদ্যালয়ক সামৰি ১৯৬৯ চনত এখন কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয় । পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁৱৰ পৰা খানাপাৰা (গুৱাহাটী) লৈ স্থানান্তৰিত কৰা হয় । সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়খন প্রথম আৰু একমাত্র কৃষি বিশ্ববিদ্যালয় ।

৯। অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা ।

উত্তৰঃ উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড় । ইষ্ট ইণ্ডিয়া কোম্পানীৰ চিভিল চার্জন ডা° জন বেৰী হােৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে ১৯০০ চনত ডিব্ৰুগড়ত স্থাপন হােৱা বেৰী হােৱাইট মেডিকেল স্কুলৰ উন্নীতকৰণ হৈ এই মহাবিদ্যালয়ৰ প্রতিষ্ঠা হৈছিল । ১৯১০ চনত মহাবিদ্যালয়খনে ইংলেণ্ডৰ পৰা দুটা এক্স – ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’লজী বিভাগ আৰম্ভ কৰিছিল। ইয়াৰ ফলত মহাবিদ্যালয়খনে উন্নত চিকিৎসা শিক্ষা প্রদানৰ লগতে উন্নত চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনৰ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। পিছত এখন চিকিৎসালয়ৰ চৌহদলৈ এই মহাবিদ্যালয়খন স্থানান্তৰিত কৰা হৈছিল । ভাৰতৰ স্বাধীনতাৰ পাছত অর্থাৎ ১৯৪৭ চনত ৩ নৱেম্বৰত গােপীনাথ বৰদলৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰে জন বেৰী হােৱাইট মেডিকেল স্কুলক আনুষ্ঠানিক ভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰিছিল । এই পদক্ষেপক বৰদলৈ মন্ত্রীসভাৰ এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে গণ্য কৰা হয় ।

দীঘল উত্তৰৰ প্রশ্ন

১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কার্যাৱলীৰ বিষয়ে আলােচনা কৰা ৷ 

উত্তৰঃ ঊনবিংশ শতিকাৰ মাজ ভাগত দুটা দিশে প্রাধান্য লাভ কৰিছিল । প্রথম দিশটো হ’ল সেই সময়ছােৱাত এচাম নতুন অসমীয়া মধ্যবিত্ত  শিক্ষিত শ্রেণীৰ উত্থান ঘটিছিল । দ্বিতীয়টো হ’ল ৰাজ্যখনত জাতীয়তাবাদৰ ভাৱৰ বিকাশ ঘটিছিল । এই সময়ছােৱাত মধ্যবিত্ত শ্রেণীটোৱে নিজকে সংগঠিত কৰি অসমীয়া ভাষা – সংস্কৃতিৰ উন্নতিৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল । ইয়াৰ ফলস্বৰূপে ১৮৭২ চনত ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ নামৰ সংগঠন প্রতিষ্ঠা হয় ।  বহুতাে যুৱকে নিজৰ ভাষাটোৰ পুনৰুত্থান কৰি ইয়াক সম্ভাব্য ক্ষেত্ৰত উত্তৰণৰ প্ৰয়ােজনীয়তা অনুভৱ কৰিছিল । এই উদ্দেশ্য সাৰৰাগত কৰি ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ এটি সংগঠন প্রতিষ্ঠা কৰা হৈছিল । ইয়াৰ অন্তৰালত আছিল  সেই সময়ৰ প্ৰসিদ্ধ ছাত্র হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতী ।

এই সভাই অসমৰ লগতে কলিকতাত বসবাস কৰা অসমীয়া লােকসকলৰ মাজত একতা আৰু জাতীয় চেতনা উন্মেষ কৰাত সফল হৈছিল । অসমীয়া ভাষাক এক আদর্শ ভাষা হিচাপে উন্নীত কৰিবলৈ এই সভাই পৰিশুদ্ধ আৰু উন্নত মানদণ্ডৰ ব্যাকৰণ প্ৰয়োগ কৰিছিল  ।

এই সভাই অসমৰ এক সর্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো হাতত লৈছিল। এই সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ কৃতি ‘হেমকোষ’ প্রকাশৰ কাম হাতত লৈছিল।

কাৰ্যৱলী :- অসমীয়া ভাষা উন্নতি সাধিনীসভাই অসমৰ বুৰঞ্জী , সংস্কৃতি , সাহিত্য আদিৰ বৌদ্ধিক আলােচনা অব্যাহত ৰাখিছিল লগতে ই অসমৰ ভিন্ন ঠাইত শাখা প্রতিষ্ঠাৰ বাবে প্ৰয়াস কৰিছিল । এই সভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান আছিল ইয়াৰ দ্বাৰা প্রকাশিত ‘ জোনাকী ’ নামৰ আলােচনীখন , যিয়ে অসমীয়া সাহিত্যত এক নতুন যুগৰ সূচনা কৰিছিল । এই আলােচনীৰ জৰিয়তে বহুতাে অসমীয়া যুৱক – যুৱতীৰ সুপ্ত সাহিত্য প্রতিভাই ৰাজহুৱাভাৱে স্বীকৃতি অর্জন কৰে । ভাষাৰ পুনৰুত্থানে জনসাধাৰণৰ মাজত সচেতনতাৰ সৃষ্টি কৰে । ইয়াৰ ফলত জাতীয়তাবাদী চেতনা জাগ্রত হয় আৰু বিদেশীৰ কবলৰ পৰা স্বাধীনতা প্রাপ্তিৰ স্পৃহা জাগ্রত হয় ।

২। অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা ।

উত্তৰঃ ১৯১৬ চনৰ ২৪ ডিচেম্বৰত অসম ছাত্র সন্মিলনৰ গঠন কৰা হৈছিল । এই সন্মিলনৰ প্ৰথম অধিবেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিল । অসম ছাত্র সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল চন্দ্রনাথ শর্মা । এইসন্মিলনৰ প্ৰধান অৱদান আছিল –

( ক ) অসমীয়া ভাষাৰ বিকাশ আৰু সংৰক্ষণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই ভাষাটোক সমৃদ্ধিশালী কৰে । 

( খ ) বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলকৰ লগত মত আদান প্ৰদান কৰি নিজ মাতৃভাষাক ভাল পাবলৈ আৰু তেওঁলােকৰ স্বকীয় অৰিহণাৰে ইয়াক সমৃদ্ধ কৰিবলৈ চেষ্টা কৰিছিল আৰু এনেদৰে অসমীয়া ভাষাৰ উন্নতি সাধনৰ বাবে প্রশংসনীয় ভূমিকা পালন কৰিছিল । অসম ছাত্র সন্মিলনে পিছলৈ ৰাজনীতিৰ লগত জড়িত হৈ সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছিল । ইয়াৰ বাৰ্ষিক অধিৱেশনসমূহত শিক্ষা , ৰাজনীতি , সাহিত্য আদি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে যােগদান কৰিছিল । এনে কেইগৰাকীমান বিশিষ্ট ব্যক্তি আছিল লক্ষ্মীনাথ বেজবৰুৱা , পদ্মনাথ গােহাঁইবৰুৱা , আচার্য প্রফুল্ল চন্দ্র ৰায় , কৃষ্ণকান্ত সন্দিকৈ ইত্যাদি । অসম ছাত্র সন্মিলনে মিলন’ নামৰ এখন মুখপত্র প্রকাশ কৰিছিল ।

৩। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা ।

উত্তৰঃ ১৯ শতিকাৰ শেষৰফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল । এই ৰায়ত সভাসমূহৰ আৰম্ভণি অসমীয়া মধ্যবিত্ত শ্রেণীৰ লােকসকলে কৰাৰ লগতে কার্যকৰী কৰিছিল । ৰায়ত সভাৰ উদ্দেশ্য আছিল গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।  ৰায়ত সভাই অসমত ব্রিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল । অৱশ্যে লক্ষ্যণীয় কথাটো এয়ে যে ১৮৯৩-৯৪ চনত নগাঁও , দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন অংশত সূত্রপাত হােৱা কৃষক বিদ্রোহসমূহত ৰায়ত সভাই সক্রিয় ভূমিকা পালন কৰা নাছিল । ঊনবিংশ শতিকাৰ আৰম্ভণিতে ৰায়ত সভাসমূহৰ প্ৰাৰম্ভিক অৱস্থিতিৰ অন্ত পৰে । আইন অমান্য আন্দোলনৰ সময়ছােৱাত অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে এই ৰায়ত সভাসমূহৰ পুনৰ গঠন কৰিছিল । ৰায়ত সভাসমূহে মাটিৰ খাজনা ৫০ শতাংশ হ্রাস কৰিবলৈ দাবী – উত্থাপন কৰিছিল ।

ইয়াৰ প্ৰথম অধিবেশন যোৰহাটৰ টিলিকি আমত ১৯৩৩ চনৰ ৮ এপ্ৰিলত কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল । ১৯৩৪-৩৯ চনৰ ভিতৰত প্রায় ৩০০ খন ৰায়ত সভাৰ গঠন হৈছিল । অৱশ্যে , ১৯৪০ চনৰ শেষৰফালে ৰায়ত সভাসমূহৰ কাম কাজ নােহােৱা হৈ পৰিছিল আৰু বুজন সংখ্যকে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ লগত চামিল হৈ পৰিছিল ।

৪। যােৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কার্যাৱলী সম্পর্কে লিখা ।

উত্তৰঃ যােৰহাট সার্বজনিক সভাৰ ১৮৮৪ চনত যােৰহাটত গঠন হয় । জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সার্বজনিক সভা স্থাপিত হয়। যােৰহাট সার্বজনিক সভাৰ প্রধান উদ্দেশ্যসমূহ :- 

( ক ) ৰাইজৰ আশা- আকাংক্ষা সম্পর্কে চৰকাৰক জনােৱা ।

( খ ) চৰকাৰৰ উদ্দেশ্য আৰু নীতিসমূহ জনসাধাৰণক ব্যাখ্যা কৰা ।

( গ ) জনসাধাৰণৰ দুখ – দুর্দশাৰ উন্নতি সাধন কৰা ।

যােৰহাট সার্বজনিক সভাৰ কাৰ্যৱলীসমূহ হ’ল :-

( ক ) এই সভাই ১৮৮৬ চনৰ অসম ভূমি আৰু ৰাজহ ব্যৱস্থাৰ বিৰােধিতা কৰিছিল ।

( খ ) ১৮৯২-৯৩ চনত চৰকাৰে বৰ্দ্ধিত ৰাজহ আৰােপ কৰাৰ বাবে সভাই কৃষক সমাজৰ লগত প্রতিবাদ সাব্যস্ত কৰিছিল । 

( গ ) ১৮৯৩ চনত কানিৰ ব্যৱসায় অব্যাহত ৰাখিবলৈ ৰাজকীয় কানি আয়ােগলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি চৰকাৰৰ কানি নিবাৰণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল ।

( ঘ ) এই সভাই ১৯০৫ চনৰ বংগ বিভাজনৰ বিৰুদ্ধে আৰম্ভণিতে বিৰােধিতা কৰিছিল যদিও তদানীন্তন অসমৰ মুখ্য আয়ুক্ত ব্যামফিল্ড ফুলাৰে অসমৰ সৈতে পূর্ববংগৰ চামিল কৰণৰ ফলত অসম উপকৃত হ’ব বুলি ব্যক্ত কৰাত ইয়াৰ বহুততা সদস্যই ধাৰণাটোৰ সমর্থন কৰিছিল । 

৫। আছাম এছ’চিয়েচনৰ ব্রিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা ।

উত্তৰঃ ১৯০৩ চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ’চিয়েছনৰ জন্ম হৈছিল। আছাম এছ’চিয়েছনে অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে সেৱা আগবঢ়াইছিল। আসাম এছ’চিয়েছনে কৰা কামৰ কেইটামান উদাহৰণ হ’ল –

( ক ) পৌৰসভাত চৰকাৰী বিষয়া আৰু স্থানীয় ব’ৰ্ডত চাহ খেতিয়কসকলৰ আধিপত্যৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল।

( খ ) স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ বাবে দাবী উত্থাপন কৰিছিল। 

( গ ) কৰ , চৰকাৰী শুল্ক আৰু কানিৰ প্ৰচলন আদিৰ বৃদ্ধিত বিৰােধিতা কৰিছিল । 

( ঘ ) কলিকতা বিশ্ববিদ্যালয়ৰ সংস্থাত অসমীয়া লােক প্রতিনিধিত্ব আৰু কটন মহাবিদ্যালয়ত অসমীয়া শিক্ষকৰ নিযুক্তিৰ আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ বাবে দাবী উত্থাপন কৰিছিল । 

( চ ) ১৯০৫ চনত পূর্ব বংগৰ সৈতে অসমক সংলগ্ন কৰাৰ বিৰােধিতা কৰিছিল । 

৬। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পর্কে সংক্ষিপ্ত বিৱৰণ দিয়া ।

উত্তৰঃ ব্রিটিছ সাম্রাজ্যবাদৰ বিৰুদ্ধে জাতীয়তাবাদী চেতনা জগাই তোলাৰ উন্মেষণৰ পৰিণতি আছিল  অসম প্রদেশ কংগ্ৰেছ কমিটি গঠন কৰা । ১৮৮৫ চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন অধ্যায়ৰ পাতনি মেলে । আছাম এছ চিয়েছনক কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰিত কৰা উদ্দেশ্যৰে ছবিলাল উপাধ্যায়ৰ পৌৰোহিত্যত ১৮ এপ্রিল ১৯২১ চনত যোৰহাটত এখন বিশেষ অধিবেশন অনুষ্ঠিত কৰা হৈছিল । পাছত সেই বছৰৰে জুন মাহত নবীন চন্দ্র বৰদলৈ, কৃষ্ণকান্ত ভট্টাচার্য আৰু ছবিলাল উপাধ্যায়ৰ উদ্যোগত অসম প্রদেশ কংগ্ৰেছ কমিটি গঠন কৰা হয় ।

অসম প্রদেশ কংগ্ৰেছ কমিটিৰ মুখ্য ভূমিকাসমূ হ’ল- 

( ক ) অসম প্রদেশ কংগ্ৰেছ কমিটীৰ তত্ত্বাৱধানত ১৯২১ চনত গান্ধীক অসমত অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল ।

( খ ) ১৯২৬ চনত পাণ্ডুত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ ৪১ তম অধিৱেশনখন অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে আয়ােজন কৰিছিল । 

( গ ) অসম প্রদেশ কংগ্ৰেছ কমিটিৰ নেতা বিষ্ণুৰাম মেধি , সিদ্ধিনাথ শৰ্মা , মৌলানা তৈবুল্লা , অম্বিকাগিৰী ৰায়চৌধুৰী আৰু আন আন নেতা সকলে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কার্যকৰী কৰিবলৈ যথেষ্ট প্রয়াস কৰিছিল । 

( ঘ ) কেবিনেট মিছনে অসম উত্তৰ পূৰ্বাঞ্চলক পূর্ববংগৰ লগত সাঙুৰি গােট ‘গ’ ৰ অন্তর্ভুক্ত কৰিবলৈ লোৱা পদক্ষেপক মুখ্যমন্ত্রী গােপীনাথ বৰদলৈৰ নেতৃত্বত অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে বিৰােধিতা কৰিছিল । গান্ধীজীৰ সমর্থন আৰু বৰদলৈৰ নেতৃত্বত সংগঠিত হােৱা আন্দোলনৰ ফলত তেওঁলােকৰ উদ্দেশ্য সফল হৈছিল অর্থাৎ ‘গ’ গােটত অসম অন্তর্ভুক্ত নহ’ল ।

৭৷ স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া ।

উত্তৰঃ অসমত স্বদেশী আন্দোলনৰ প্ৰভাৱ প্ৰধানকৈ ধুবুৰী , গৌৰীপুৰ , গােৱালপাৰা , তেজপুৰ , ডিব্ৰুগড় আদি ঠাইত পৰিলক্ষিত হোৱা দেখা গৈছিল। স্বদেশী আন্দোলনত অসমৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছিল । কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গােবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত এটা বিপ্লৱী সংগঠন কৰিছিল । স্বদেশী আন্দোলনৰ সময়ত বিদেশী বস্তু বৰ্জন কৰি দেশীয় সামগ্ৰীৰ প্ৰচলনেৰে ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল । ইয়াৰ ফলস্বৰূপে বিদেশত নির্মিত সামগ্রী বিশেষকৈ বস্ত্ৰৰ চাহিদা হ্রাস পাইছিল । স্থানীয় উদ্যোগসমূহৰ বিকাশ সাধন হােৱাৰ লগতে এড়ি , মুগা , পাট , খাদীবস্ত্র আদি প্রস্তুতকৰণৰ লগত জড়িত কুটীৰ শিল্প বিকশিত হৈছিল ।

ছাত্ৰ সমাজৰ মাজত এই আন্দোলন জনপ্ৰিয় কৰি তোলাত অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ী উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছিল । ছাত্ৰৰ এটা গােটে সপ্তাহত দুদিনকৈ জাহাজঘাটত কুলীৰ কাম কৰি যি ধন উপার্জন কৰিছিল সেয়া স্বদেশী আন্দোলনৰ পুঁজিলৈ আগবঢ়াইছিল । ক্ষুদিৰাম বসু , উল্লাস কৰ দত্ত আৰু বাৰীন্দ্র ঘােষৰ লগত যােগাযােগ স্থাপনেৰে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ‘ সেৱা সংঘ’নামৰ এটা বিপ্লৱীসংগঠন গঠন কৰিছিল । স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ ব্রিটিছ চৰকাৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল । ইয়াৰে কেইটামান হ’ল :- 

( ক ) কলিকতা বিশ্ববিদ্যালয়ত প্ৰৱেশ পৰীক্ষাৰ পাঠ্যক্ৰমত অসমীয়া ভাষা আৰু সাহিত্যৰ অন্তর্ভুক্ত কৰিছিল। 

( খ )  কটন কলেজক উৎকৃষ্ট শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ ইয়াৰ সকলোবােৰ বিভাগতে স্নাতক মহলাৰ শ্ৰেণীৰ আৰম্ভণ কৰিছিল ।

( গ ) অসমত কুৰিদফীয়া ভূমি বন্দোৱস্তিৰ প্ৰৱৰ্তন ।  সুৰমা উপত্যকাত স্বদেশী আন্দোলন যথেষ্ট জনপ্রিয় আছিল । সেই অঞ্চলৰ লোকে গঠন কৰা সুৰমা ভেলী এছ’চিয়েছনে এই আন্দোলনৰ নেতৃত্ব প্রদান কৰিছিল । এই অঞ্চলত হােৱা আন্দোলনৰ ফলস্বৰূপে শ্রীহট্ট , হৰিগঞ্জ , শ্রীমংগল , লখাই বনিয়াচাং , কৰিমগঞ্জ , শিলচৰ আদিত জাতীয় বিদ্যালয় স্থাপিত হৈছিল ।

৮। অসহযােগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা ।

উত্তৰঃ মহাত্মা গান্ধীৰ আহ্বানত সমগ্ৰ দেশ যেতিয়া অসহযোগ আন্দোলনত নামি পৰিছিল তেতিয়া আছাম এছ’চিয়েছনে এই আন্দোলনত অংশগ্ৰহণ কৰিব নে নাই সেই সম্পর্কে নিশ্চিত নাছিল । গংগাগােবিন্দ বৰুৱা , তাৰা প্রসাদ চলিহা , ঘনশ্যাম বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাই আন্দোলনত অংশগ্রহণ নকৰিবলৈ সিদ্ধান্ত লৈছিল । ১৯২০ চনৰ ডিচেম্বৰ মাহত তেজপুৰত অনুষ্ঠিত আছাম এছ’চিযেছনৰ ১৭ তম অধিৱেশনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হােৱা অসহযােগ আন্দোলনত অংশগ্রহণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছিল আৰু আন্দোলনৰ সমৰ্থনত কংগ্ৰেছৰ নীতি নিৰ্দেশনা মানি চলিবলৈ সিদ্ধান্ত লোৱা হৈছিল  । 

১৯২১ চনত মহাত্মা গান্ধীয়ে অসমত পদার্পণ কৰাৰ পাছত অসহযােগ আন্দোলন অধিক জনপ্ৰিয় হৈ পৰিছিল । হাজাৰ হাজাৰ লােকে তেওঁৰ সভাত অংশগ্রহণ কৰিছিল। গান্ধীৰ আহ্বানক্রমে জনসাধাৰণে বিদেশী বস্ত্ৰ বর্জন আন্দোলনত অংশগ্ৰহণ কৰি বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দি ইয়াক বিসর্জন দিছিল।  

অসহযােগ আন্দোলনলৈ পূর্ণ সমর্থন আগবঢ়োৱা অন্য এটা গােট আছিল চাহ বাগিছাৰ শ্ৰমিকসকল । তেওঁলােকৰ  ওপৰত চলা ঔপনিৱেশিক শাসনৰ  বিৰুদ্ধে ক্ষোভ প্রকাশ কৰাৰ সুযােগ গ্রহণ কৰিছিল ।  ১৯২১ চনত কৰিমগঞ্জ মহকুমাৰ প্রায় ৮০০০ হেজাৰ চাহ শ্রমিকে কংগ্ৰেছৰ নেতৃত্বত ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল । তেওঁলােকে মজুৰি বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰিছিল । অৱশ্যে , চৰকাৰে কঠোৰভাৱে এই প্ৰতিবাদী কাৰ্যসূচী দমন কৰিছিল । ইয়াৰ ফলত ভালেমান শ্রমিকৰ মৃত্যু হৈছিল আৰু বাকীসকলে পুনৰায় কামত যােগদান কৰিবলৈ বাধ্য হৈছিল ।

অসমত স্থাপিত প্ৰথমটো জাতীয় শিক্ষানুষ্ঠান আছিল ১৯২১ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত স্থাপিত তিলক সোঁৱৰণী স্কুল । এই আন্দোলনৰ অন্য এটা ইতিবাচক প্রভাৱ এয়ে যে ইয়াৰ ফলত কানিৰ প্ৰচলন বন্ধ হৈছিল। কংগ্রেছৰ নেতৃত্বত হােৱা কানি বিৰােধী অভিযানৰ বাবে কানিৰ বিক্ৰী আৰু ব্যৱহাৰ যথেষ্ট হ্রাস পায় । কানি বিক্ৰীৰ জৰিয়তে আয় হােৱা ৰাজহ ১৯ লাখ টকা পর্যন্ত হ্রাস পাইছিল । এই আন্দোলনৰ আন এটা উল্লেখযোগ্য গঠনমূলক কাম আছিল খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা।

৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা ।

উত্তৰঃ আইন অমান্য আন্দোলনত অসমৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল । গান্ধীজীৰ লােণ সত্যাগ্রহৰ সমৰ্থনত হেমচন্দ্ৰ বৰুৱা , মহম্মদ তৈবুল্লা , বিষ্ণুৰাম মেধি , অম্বিকাগিৰী ৰায়চৌধুৰী আদি কংগ্ৰেছ নেতাসকলে গুৱাহাটীৰ জজ খেলপথাৰত একত্ৰিত হৈছিল আৰু গান্ধীৰ লােণ সত্যাগ্রহৰ সন্দৰ্ভত নিজৰ আনুগত্য প্ৰদৰ্শন কৰিছিল । গান্ধীজীৰ নেতৃত্বত হােৱা দাণ্ডি যাত্ৰাত সেই সময়ত অসমীয়া ছাত্র লীলাধৰ বৰুৱাই অংশগ্রহণ কৰিছিল । অৱশ্যে , অসমৰ বহুতাে কংগ্রেছসদস্যই ৰাজ্যখনত আইন অমান্য আন্দোলন সূচনা কৰাৰ আগ্রহী নাছিল । বিষ্ণুৰাম মেধি , মহম্মদ তৈবুল্লা আৰু অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কংগ্ৰেছৰ সাংগঠনিক কার্যত নেতৃত্ব প্রদানেৰে দলটোত নতুন জীৱন সঞ্চাৰ কৰিছিল । তেওঁলােকৰ নেতৃত্বত আইন অমান্য আন্দোলন অসমত গণ আন্দোলনত পৰিণত হৈছিল । আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো নতুন সমিতি আৰু উপ-সমিতি গঠন কৰা হৈছিল । এই সমিতিসমূহৰ প্রধান উদ্দেশ্য আছিল – পুঁজি বৃদ্ধি কৰা , শোষণ আৰু দমনমূলক আইন অধ্যাদেশৰ বিৰোধ কৰ , বিদেশী বস্তুৰ বৰ্জন কৰা আৰু ৰাজ্যখনত কানিবিৰােধী আৰু সুৰাবিৰােধী অভিযানৰ  বিৰূদ্ধে তীব্র প্ৰতিবাদ কৰা । 

১৯৩০ চনৰ ১৪ এপ্রিল তাৰিখে নেহৰুক আৰু ৫ মে’ তাৰিখে গান্ধীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তেওঁলােকক জাতীয় আন্দোলনত অংশগ্রহণ কৰিবলৈ উৎসাহিত কৰি তুলিছিল । তেওঁলােকৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৃহৎসংখ্যক ছাত্রই প্রবািদ সাব্যস্ত কৰিছিল । গ্রেপ্তাৰ কৰাৰ প্ৰতিবাদ কাৰ্যস্বৰূপে হাজাৰ হাজাৰ ছাত্ৰই শ্শিক্ষানুস্থান বর্জন কৰিছিল । ১৯৩০ চনৰ জুলাই আৰু আগষ্ট মাহত ১৫,১৮৬ জন ছাত্ৰৰ ভিতৰত ৩,১১৭ জন ছাত্ৰই নিজ শিক্ষানুষ্ঠান এৰিছিল । পৰৱৰ্তী পৰ্যায়ত কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰাৰ পদক্ষেপ গ্রহণ কৰিছল।  ভূমিৰাজহ ৫০ শতাংশ হ্রাস কৰাৰ দাবী উত্থাপন কৰি বৃহৎসংখ্যক কৃষকে এই আন্দোলনত যােগদান কৰিছিল । চাপাপুৰ আৰু বিজনীত বন আইননা উলংঘা কৰা হৈছিল । ব্রহ্মপুত্র উপত্যকাৰ ছাত্ৰসকলক অনুসৰণ কৰি সুৰমা উপত্যকাৰ ছাত্ৰসকলেও আন্দোলনত অংশগ্রহণ কৰিছিল ৷ এই আটাইবােৰ পদক্ষেপে আইন অমান্য আন্দোলনক অসমত সফল কৰি তুলিছিল ।

১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা।

উত্তৰঃ ১৯৪২ চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল । মহাত্মা গান্ধীয়ে এই আন্দোলনৰ সময়ছােৱাতে তেওঁৰ বিখ্যাত ‘কৰিম কিম্বা মৰিম’ শ্লোগানেৰে ভাৰতীয়সকলক আন্দোলনত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছিল । ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে জাতীয় আন্দোলনৰ অনুৰণন অসমতাে হৈছিল । 

ভাৰতৰ অন্যান্য প্রাস্তৰ দৰে অসমতো কংগ্ৰেছৰ প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্রদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল । বৃহৎ জনসমাৱেশ , হতাল , প্রতিবাদী শােভাযাত্রা আদিৰ ৰূপত চৰকাৰ বিৰােধী যিকোনাে বিক্ষোভ প্রদর্শনৰ পদক্ষেপ নিষিদ্ধ কৰা হয় । 

অৱশ্যে, কিছুসময় অতিবাহিত হােৱাৰ পাছত আন্দোলনটো সামান্যভাৱে উগ্র হয় । জনসাধাৰণে চৰকাৰী ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে ৰে’লপথ আৰু সামৰিক বাহিনীৰ অস্ত্ৰ সৰহৰ বাট – পথসমূহৰ ক্ষতি সাধন কৰিছিল । এনে উগ্র বিক্ষোভৰ ঘটনা নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ-দুৱাৰ ধ্বংস কৰাৰলগতে চৰকাৰী বিষয়া বোৰক হাৰাহাস্তি কৰিছিল । ৰে’ল বগৰােৱাৰ ঘটনা সংঘটিত হােৱা ঠাইসমূহ আছিল হাবিগঞ্জৰ চাহাবী বজাৰ , গােলাঘাটৰ বৰপথাৰ , কামৰূপৰ পাণবাৰী আৰু ৰঙিয়া আৰু শিৱসাগৰ জিলাৰ চাফ্রাই । 

অসমত এই আন্দোলন দমন কৰিবলৈ ব্ৰিটিছসকলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল । শ শ মানুহক গ্রেপ্তাৰ কৰি কাৰাবদ্ধ কৰা হৈছিল । বৰপথাৰত বে’লবগৰােৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল । তেওঁ ভাৰত ত্যাগ আন্দোলনৰ সময়ছােৱাত মৃত্যুদণ্ডৰে দণ্ডিত হােৱা একমাত্র ভাৰতীয় ব্যক্তি আছিল । 

অসমৰ কেইবা ঠাইতাে পুলিচৰ দ্বাৰা জনসাাৰণৰ ওপৰত গুলীচালনাৰ ঘটনা সংঘটিত কৰা হৈছিল । এনে এক গুলীচালনাৰ ঘটনাত গহপুৰৰ কনকলতা বৰুৱা নামৰ এগৰাকী ১৪ বছৰীয়া কিশােৰীয়ে মৃত্যুবৰণ কৰিছিল । আন্দোলনৰ প্ৰধান নেতাসকল কাৰাগাৰত থকাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলৰ আত্মগােপনকাৰী নেতাই অসমত আন্দোলন পৰিচালনা কৰিছিল । শংকৰ চন্দ্ৰ বৰুৱা , মহেন্দ্র নাথ হাজৰিকা , জ্যোতিপ্ৰসাদ আগৰৱালা , গহন চন্দ্র গােস্বামী , লক্ষ্মীপ্রসাদ গােস্বামী , ব্রজনাথ শৰ্মা আদিয়ে আত্মগােপনকাৰী সংগঠনৰ নেতৃত্ব বহনেৰে এই আন্দোলনৰ সময়ছােৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল । কেৱল বজালী অঞ্চলতে ৩২ টা গােপন স্বেচ্ছাসেৱী কেন্দ্র স্থাপন কৰা হৈছিল । কামৰূপ , নগাঁও , দৰং আৰু শিৱসাগৰ জিলাৰ বিভিন্ন অংশতে এনেকুৱা ভালেমান সংগঠন প্রতিষ্ঠা কৰা হৈছিল । এই আন্দোলনৰ এটা লক্ষ্যণীয় দিশ আছিল এই আন্দোলনৰ সময়ছােৱাত গাঁওবাসী যথেষ্ট সক্রিয় হৈ পৰিছিল । বহুতাে গাঁৱত সংগঠিত হােৱা সমান্তৰাল চৰকাৰে প্ৰশাসনৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল । অসমৰ বজালী, ঢকুৱাখানা, ৰহা, জামুগুৰি, বাঁহজানি আদি ঠাইত আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল । বহুতাে গাঁৱত ৰাজহ বিৰোধী পদক্ষেপ তীব্র হৈছিল । অন্যাৰ্থত ব্রিটিছৰ বিৰুদ্ধে বিস্তৃতভাৱে চেতনাৰ উন্মেষণ হৈছিল । এইক্ষেত্ৰত সন্দেহ নাই যে যদিও ভাৰত ত্যাগ আন্দোলন কঠোৰভাৱেদ মন কৰা হৈছিল ।

১১। বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হােৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া ।

উত্তৰঃ বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত কেইবাখনো শিক্ষানুষ্ঠান গঢ়ি উঠিছিল।  বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হােৱা শিক্ষানুষ্ঠানসমূহ হৈছেঃ-

( ক ) অসম কৃষি বিশ্ববিদ্যালয় :- ১৯৪৮ চনত যােৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন হৈছিল আৰু নগাঁৱত অসম পশু মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল । এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয় । যদিও এই বিশ্ববিদ্যালয়খন বৰদলৈ মন্ত্রীসভাৰ কার্যকালত প্রতিষ্ঠা কৰা হােৱা নাছিল তথাপি এনে বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ প্ৰাৰম্ভিক পদক্ষেপ বৰদলৈ মন্ত্রীসভাৰ সময়ছােৱাতে গ্ৰহণ কৰা হৈছিল ।

( খ ) গুৱাহাটী বিশ্ববিদ্যালয় :- ১৯৪৮ চনৰ ২৬ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল । এই বিশ্ববিদ্যালয়খন উত্তৰ – পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় ।১৯১৭ চনত ছেডলাৰ আয়ােগে অসমত বিশ্ববিদ্যালয় স্থাপনৰ সন্দৰ্ভত পােন প্রথমে অভিমত প্ৰকাশ কৰিছিল । অসমত বিশ্ববিদ্যালয় স্থাপন কৰাটো আছাম এছ’চিয়েছনৰ এক অন্যতম গুৰুত্বপূর্ণ দাবী আছিল । ফলস্বৰূপে অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় আইন ১৯৪৭ ৰ অধীনত ১৯৪৮ চনত এইখন বিশ্ববিদ্যালয় স্থাপন কৰা হয় । ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ প্ৰথমখন আদৰণি সভাৰ দিনটোকে বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ আনুষ্ঠানিক প্রতিষ্ঠাৰ সময়ত ইয়াৰ অধীনত ১৭ খন মহাবিদ্যালয় আৰু  আঠটা স্নাতকোত্তৰ বিভাগ আছিল ।

( গ ) অসম চিকিৎসা মহাবিদ্যালয় :- উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। ইষ্ট ইণ্ডিয়া কোম্পানীৰ চিভিল চার্জন ডাঃ জন বেৰী হােৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে ১৯০০ চনত ডিব্ৰুগড়ত স্থাপন হােৱা বেৰী হােৱাইট মেডিকেল স্কুলৰ উন্নীতকৰণ হৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্রতিষ্ঠা হয় । দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনত আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰা এখন চিকিৎসালয়ৰ চৌহদলৈ এই মহাবিদ্যালয়খন স্থানান্তৰিত কৰা হয় । এই নতুন চিকিৎসা মহাবিদ্যালয়খনক অসম চিকিৎসা মহাবিদ্যালয় হিচাপে নামকৰণ কৰা হয় । অসমৰ সাধাৰণ জনগণক স্বাস্থ্যসেৱা প্ৰদানৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি ১৯৪৭ চনৰ ৩ নৱেম্বৰত ইয়াক আনুষ্ঠানিকভাৱে প্রতিষ্ঠা কৰা হয় । বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত সেই সময়ত অসমত এই ধৰণৰ শিক্ষানুষ্ঠানসমূহ গঢ়ি উঠিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top