Assam Jatiya Bidyalay Class 5 Science Chapter 16 প্ৰাকৃতিক দুৰ্যোগ আৰু ব্যৱস্থাপনা

Assam Jatiya Bidyalay Class 5 Science Chapter 16 প্ৰাকৃতিক দুৰ্যোগ আৰু ব্যৱস্থাপনা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 16 প্ৰাকৃতিক দুৰ্যোগ আৰু ব্যৱস্থাপনা Class 5 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Science Chapter 16 প্ৰাকৃতিক দুৰ্যোগ আৰু ব্যৱস্থাপনা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 16 প্ৰাকৃতিক দুৰ্যোগ আৰু ব্যৱস্থাপনা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্ৰাকৃতিক দুৰ্যোগ আৰু ব্যৱস্থাপনা

Chapter – 16

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। প্ৰাকৃতিক দুৰ্যোগ কাক বোলে ?

উত্তৰঃ হঠাতে হোৱা যিকোনো প্ৰাকৃতিক দুৰ্ঘটনাত মানুহৰ লগতে আন জন্তুৰ প্ৰাণ সানি হয়। সা-সম্পত্তি, ঘৰ দুৱাৰ আদিৰ উপৰিও অইন বিস্তৰ ক্ষতি সাধন হয় তেনে দুৰ্ঘটনাক প্ৰাকৃতিক দুৰ্যোগ বোলে। উদাহৰণ – বানপানী, ভূমিকম্প, ভূমিস্খলন।

২। আমাৰ ইয়াত ছুনামী নহয় কিয় ?

উত্তৰঃ আমাৰ ইয়াত সাগৰ , মহাসাগৰ নাই নাই বাবে চুনামি নহয়।

৩। বানপানী কেনেদৰে হয় ?

উত্তৰঃ বাৰিষা কালত পাহাৰ আৰু ভৈয়ামত অত্যাধিক বৰষুণ হোৱাৰ ফলত নদিবোৰ পানীৰে উপচি পৰে । নদীত পানী বেছি হলে মথাউৰী ভাঙি পানী চাৰিওপিনে বিয়পি পৰে। চাৰিওফালে জলমগ্ন হয়। এনেকৈয়ে বানপানী হয়।

৪। বানপানী হলে মানুহৰ কি কি অসুবিধা হয়।

উত্তৰঃ বানপানী হলে মানুহৰ নানা ধৰণৰ অসুবিধা হয়। ঘৰ -দুৱাৰত পানী সোমায়। যাতায়ত ব্যৱস্থা ব্যাহত হয়, খেতি-বাতি নষ্ট হয়। আনকি মানুহৰ নিজৰ ঘৰৰ পৰা উদ্ধাৰ কৰি আনি আশ্ৰয় শিবিৰত ৰাখিব লগা হয়। 

আশ্ৰয় শিবিৰত দুৰ্দশাগ্ৰস্ত মানুহক স্বেচ্ছাসেৱী সংগঠন আৰু চৰকাৰৰ ফালৰ পৰা খাদ্য বস্তুৰ যোগান ধৰে। লগতে চিকিৎসা সেৱায়োআগবঢ়ায়। কেতিয়াবা মানুহৰ লগতে আন জীৱ জন্তুৰো মৃত্যু হয়। খেতি- পথাৰ সম্পূৰ্ণ ৰূপে নদীৰ বালিয়ে পুতি পেলায়। বানপানীৰ পিছত নানা ধৰণৰ মহামাৰীয়ে দেখা দিয়ে।

৫। বানপানী হলে যাতায়াতৰ ক্ষেত্ৰত কি কি অসুবিধা হয় ?

উত্তৰঃ বানপানী হলে যাতায়ত ব্যৱস্থা ব্যাহত হয়। কেতিয়াবা বাট-পথৰ লগতে দলং আদি উটাই লৈ যায়। আনকি বানপানীত আক্ৰান্ত মানুহক খাদ্য বস্তু আদি হেলিকপ্টাৰৰ জৰিয়তে যোগান ধৰিব লগা হয়। বানপানী শেষ হৈ যোৱাৰ পিছতো কিছুমান ঠাইৰ যোগাযোগ বহুদিনলৈ নোহোৱা হৈ থাকে। গাড়ী মটৰ আদি চলাৰ বাবে ৰাস্তাৰ মেৰামতি নোহোৱাকৈ বহু দিনলৈ পৰি থাকে। 

৬। বানপানীৰ সময়ত ল’বলগীয়া চাৰিটা সাৱধানতা উল্লেখ কৰা।

উত্তৰঃ বানপানীৰ সময়ত ল’বলগীয়া চাৰিটা সাৱধানতা হল-

১। বানপানী অহাৰ আগজাননী পালে পানী বঢ়ালৈ ৰৈ থাকিব নালাগে। নিৰাপদ ওখ ঠাইলৈ যাব লাগে।

২। খোৱা পানী, খাদ্য আদিৰ যোগান কৰি ৰাখিব লাগে।

৩। হাতত জমা ধন ৰাখিব লাগে।

৪। পোহৰৰ বাবে মমবাটি, টৰ্চ লাইট, লেম্প আদি যোগান কৰি ৰখাৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ আদি নিৰাপদ ঠাইত থৈ দিব লাগে।

৭। ভূমিকম্পৰ সময়ত লব লগীয়া চাৰিটা সাৱধানতাৰ কথা উল্লেখ কৰা।

উত্তৰঃ ভূমিকম্পৰ সময়ত লবলগীয়া চাৰিটা সাৱধানতা হল –

১। সম্ভৱ হলে সোনকালে ওচৰৰ মুকলি ঠাইলৈ ওলাই আদিব লাগে।

২। ঘৰৰ পৰা সহজে বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাত থাকিলে ওচৰতে থকা টেবুল, ডেক্স-বেঞ্চ, বিছনাৰ তলত সোমাব লাগে। ঘৰৰ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top