Assam Jatiya Bidyalay Class 5 Science Chapter 14 পোহৰ

Assam Jatiya Bidyalay Class 5 Science Chapter 14 পোহৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 14 পোহৰ Class 5 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Science Chapter 14 পোহৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 14 পোহৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পোহৰ

Chapter – 14

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। দিপ্তীমান আৰু অদিপ্তীমান বস্তু কি উদাহৰণৰ সৈতে লিখা ।

উত্তৰঃ যিবোৰ বস্তুৰ নিজা পোহৰ আছে সেইবোৰ হল দিপ্তীমান বস্তু । যিবোৰ বস্তুৰ নিজা পোহৰ নাই সেইবোৰ হল অদিপ্তীমান বস্তু । দিপ্তীমান বস্তুৰ উদাহৰণ হল – জ্বলি থকা মমবাতি, লেম্প 

অদিপ্তীমান বস্তুৰ পোহৰ হল – চকী, মেজ, আলমাৰী।

২। পোহৰ দেখা পোৱা যায়নে । পোহৰে অদিপ্তীমান বস্তু এটা দেখা পোৱাত কেনেকৈ সহায় কৰে ?

উত্তৰঃ পোহৰ দেখা পোৱা নাযায়। পোহৰৰ সহায়তহে বস্তু দেখা পোৱা যায়। কোনো পোহৰ উৎসৰ পৰা পোহৰ আহি অদিপ্তীমান বস্তুত আপতিত হলে ইয়াৰ কিছু অংশ প্ৰতিফলিত হয়। প্ৰতিফলিত পোহৰ চকুত পৰিলে অদিপ্তীমান বস্তুটো দেখা যায়। 

৩। চাকি এটা আমি কেনেকৈ দেখো ।

উত্তৰঃ পোহৰৰ উৎসৰ পৰা পোহৰৰ ৰশ্মি আহি চকুত পৰিলে বস্তুটো দেখা পোৱা যায়।

৪। চন্দ্ৰই কেনেকৈ আমাক ৰাতি পোহৰ দিয়ে চিত্ৰ সহ ব্যাখ্যা কৰা ?

উত্তৰঃ চন্দ্ৰৰ নিজা পোহৰ নাই । সূৰ্যৰ পোহৰ চন্দ্ৰত পৰি প্ৰতিফলিত হৈ পৃথিৱীত পৰে। এই পোহৰত বা জোনাকত পৃথিৱীৰ বস্তুবোৰ দেখা পোৱা যায়।

৫। পৃথিৱীয়ে পোহৰ ক’ৰ ক’ৰ পৰা পায় ?

উত্তৰঃ পৃথিৱীয়ে দিনৰ ভাগত সূৰ্য্যৰ পৰা পোহৰ পায়। সূৰ্যৰ পোহৰ কোনো বস্তুৰ ওপৰত পৰিলে আমি বস্তু বোৰ দেখা পাওঁ। ৰাতিৰ ভাগত চন্দ্ৰৰ পোহৰ পৃথিৱীত পৰে । চন্দ্ৰৰ নিজা পোহৰ নাই । সূৰ্যৰ পোহৰ চন্দ্ৰত পৰি প্ৰতিফলিত হৈ পৃথিৱীত পৰে । এই পোহৰত বা জোনাকত পৃথিৱীৰ বস্তুবোৰ দেখা পোৱা যায়। ইয়াৰ উপৰি মানুহে সৃষ্টি কৰা কৃত্ৰিম পোহৰৰ সহায়তো আমি পৃথিৱীৰ বস্তুবোৰ দেখা পাওঁ ।

৬। স্বাভাৱিক আৰু কৃত্ৰিম পোহৰ কি ? উদাহৰণসহ লিখা ।

উত্তৰঃ সূৰ্য আৰু চন্দ্ৰৰ পৰা পৃথিৱীৰ ওপৰত পৰা পোহৰত স্বাভাৱিক পোহৰ বোলে। 

মানুহে সৃষ্টি কৰা বিভিন্ন পোহৰক কৃত্ৰিম পোহৰ বোলে ।

৭ । স্বচ্ছ, অসচ্ছ আৰু ঈষৎ স্বচ্ছ বস্তু কি ? উদাহৰণসহ লিখা ।

উত্তৰঃ যিবোৰ বস্তুৰ মাজেৰে পোহৰ সহজতে পাৰ হৈ যাব পাৰে, সেইবোৰক স্বচ্ছ বস্তু বোলে ।যেনে -পাতল কাচ ।

যিবোৰ বস্তুৰ মাজেৰে পোহৰ সহজতে পাৰ হৈ যাব নোৱাৰে , সেইবোৰ বস্তুকে অস্বচ্ছ বস্তু বোলে । যেনে – কাঠ, বাঁহ।

যিবোৰ বস্তুৰ মাজেৰে আংশিক ভাৱে পোহৰ পাৰ হব পাৰে সেইবোৰক ঈষৎ স্বচ্ছ বস্তু বোলে। যেনে -পাতল কাগজ ।

৮। স্বচ্ছ বস্তুক কেনেকৈ অস্বচ্ছ কৰিব পাৰি পৰীক্ষা এটা বৰ্ণনা কৰা।

উত্তৰঃ স্বচ্ছ বস্তু এটাক অস্বচ্ছ কৰিব পাৰি। সৰু চাৰিচুকীয়া গ্লাছ এডোখৰ লোৱা হল। ব্ৰাছ এডালেৰে গ্লাছ খনত কলা ৰঙ ব্ৰাছেৰে লিপি দিলে গ্লাছ খনৰ মাজে দি পোহৰ পাৰ হব নোৱাৰে। এনেকৈয়ে স্বচ্ছ বস্তু এটা অস্বচ্ছ কৰিব পাৰি।

৯। পোহৰৰ সৰলৰৈখিক গতি এটা পৰীক্ষাৰ সহায়ত কৰা।

উত্তৰঃ পোহৰৰ গতি যে সৰলৰৈখিক তলৰ পৰীক্ষাটোৰ পৰা অতি সহজে অনুমান কৰিব পাৰি।

তিনিখন পষ্ট কাৰ্ড আকাৰৰ ডাঠ কাগজ লোৱা হ’ল। চাৰিওকাষে মিলাই এখনৰ ওপৰত আনখন জাপি লোৱা হল। এটা আলপিনেৰে তিনিখন কাৰ্ডৰ একে ঠাইতে (ক বিন্দুত) ফুটা কৰা হল। একো টুকুৰা সৰু কাঠত আঠা লগাই বা সৰু গজাল ব্যৱহাৰ কৰি প্ৰতিখন কাৰ্ড থিয় কৰোৱাৰ দিহা কৰা হল। প্ৰথমে দুখন (১ আৰু ৩) কাৰ্ডৰ ফুটাৰ মাজেৰে চালে মমডালৰ শিখাটোৰ পোহৰ দেখা পোৱা যাব। এতিয়া আনখন কাৰ্ড (২) মাজত এনেদৰে বহুবাব লাগিব যাতে শিখাটোৰ পোহৰ আহি চকুত পৰে। কাৰ্ড তিনিখনৰ স্থান অকনমানো সলনি নকৰাকৈ অতি সাৱধানে তিনিওটা ফুটাৰ মাজেৰে মিহি সূতা এডাল পাৰ কৰি নিয়া হল। সূতাডালৰ দুয়োটা মূৰত ধৰি টানি ধৰিলে ওলাই পৰিব যে তিনিওটা সূতা এডাল ৰেখাত থাকিলেহে শিখাৰ পোহৰ চকুত সোমায়। পৰীক্ষাটোৰ পৰা বুজা গল যে পোহৰৰ গতি সৰলৰৈখিক।

১০। বিন্দুসম আৰু বিস্তৃত উৎস কি ? এটা বিন্দুসম উৎস কেনেকৈ পাব পাৰি ? বিস্তৃত উৎসৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ পোহৰৰ তেনেই সৰু উৎসবোৰক বিন্দুসম উৎস বোলে । পোহৰৰ ডাঙৰ উৎসবোৰক বিস্তৃত উৎস বোলে । বিস্তৃত উৎসবোৰ অগণন বিন্দুসম উৎসৰ সমষ্টি । 

বিন্দুসম উৎস পাবলৈ হলে এটা সৰু মুখৰ টেমা লোৱা হল । টেমাটোৰ সোঁমাজত গজল এটাৰে মিহি ঘূৰণীয়া ছিদ্ৰ এটা কৰা হল। ছিদ্ৰটোৰ সন্মুখত মমৰ শিখা এটা থোৱা হল । 

শিখাটোৰ ভিন ভিন বিন্দুৰ পৰা পোহৰ ৰশ্মি ছিদ্ৰটোৰে পাৰ হৈ সন্মুখলৈ গতি কৰে আৰু ৰশ্মি বিলাকে পৰস্পৰে কটাকটি নকৰে। চিত্ৰটো পোহৰৰ বিন্দুসম উৎস হল । চিত্ৰত ক হল বিস্তৃত উৎস আৰু খ হল বিন্দুসম উৎস ।

বিস্তৃত উৎসৰ উদাহৰণ হল – কাঠিৰ জুই , বৈদ্যুতিক বালব।

১১। বিন্দুসম উৎসই কেনেকৈ প্ৰচ্ছায়া  গঠন কৰে? চিত্ৰসহ বুজাই লিখা ?

উত্তৰঃ উৎস হৈছে পোহৰৰ এটা বিন্দুসম উৎস। সন্মুখত গ ঘ এটা অস্বচ্ছ গোলাকাৰ সৰু বাধা বা বস্তু। বস্তুটোৰ পিছপিনে এখন কাগজ ক খ থিয়কৈ ৰখা হৈছে । বস্তুটোৱে পোহৰৰ পথত বাধা দিয়া বাবে পিছপিনে এটা ছাঁ অঞ্চলৰ সৃষ্টি হৈছে । কাগজখনত এটা আন্ধাৰ অঞ্চল (ক খ) উৎপন্ন হৈছে। বস্তুটোৰ উৎস যিমানে ওচৰত থাকে ছাঁটোও সিমানে ডাঙৰ হয়। কাগজখনক পৰ্দা বোলা হয়।

ৰশ্মি উ ঘ আৰু উ ঘ খই বস্তুটোক স্পৰ্শ কৰি গৈছে। কৰ ওপৰত পিনৰ আৰু খৰ তলত পিনৰ অঞ্চলত উৎসৰ পোহৰ পৰে। কিন্তু ক খ অঞ্চলত সম্পূৰ্ণ আন্ধাৰ ছাঁ গঠন হয় । এই সম্পূৰ্ণ আন্ধাৰ ছাঁ অঞ্চলক প্ৰচ্ছায়া বোলে।

১২। প্ৰচ্ছায়া অঞ্চল কেনেকৈ বৃদ্ধি কৰিব পাৰি ?

উত্তৰঃ তলত উল্লেখ কৰা ধৰণে প্ৰচ্ছায়া অঞ্চল বৃদ্ধি কৰিব পাৰি।

১। উৎস আৰু পৰ্দাৰ স্থান সলনি নকৰাকৈ বাধাটোক পৰ্দাৰ পৰা দূৰলৈ নিলে প্ৰচ্ছায়া ডাঙৰ হয়।

২। উৎস আৰু বাধাৰ স্থান সলনি নকৰাকৈ পৰ্দাখন ক্ৰমে বাধাৰ পৰা আঁতৰাই নিলে প্ৰচ্ছায়া ডাঙৰ কৰিব পাৰি।

৩। বাধা আৰু পৰ্দাৰ স্থান সলনি নকৰাকৈ উৎসটো বাধাৰ ওচৰ চপালে। ছাঁটো ডাঙৰ হয়।

১৩। বিস্তৃত উৎসৰ পৰা কেনেকৈ প্ৰচ্ছায়া আৰু উপচ্চায়া সৃষ্টি হয় বৰ্ণনা কৰা।

উত্তৰঃ আমি জানো যে পোহৰৰ উৎসৰ পৰা ওলোৱা ৰশ্মিবোৰ সদায় সৰল ৰেখাৰে যায়। ক খ এটা বিস্তৃত গোলাকাৰ উৎস। গ ঘ এটা গোলাকাৰ বাধা । উৎসতকৈ বাধাটো সৰু।

উৎসৰ একেবাৰে ওপৰৰ মূৰ কৰ পৰা ওলোৱা ক গ চ আৰু ক গ ঝ ৰশ্মিয়ে বাধাটোক চুই গৈছে। ইয়াৰ ফলত চ গ ঘ ঝ ছাঁৰ সৃষ্টি হৈছে। সেইদৰে খৰ মূৰৰ পৰা পোহৰৰ ৰশ্মি খ ঘ ছ আৰু খ গ জ ই বাধাটোক চুই গৈছে আৰু ছ ঘ গ জ ছাঁ অঞ্চলৰ গঠন হৈছে। এই দুই ছাঁ চ গ ঘ ছ অঞ্চলত ওপৰা উপৰি হোৱাত সম্পূৰ্ণ আন্ধাৰ ছাঁৰ উৎপত্তি হৈছে। এই ঘন ছাঁটো হল প্ৰচ্ছায়া । প্ৰচ্ছায়া টো শংকু আকৃতিৰ আনহাতে জ গ চ আৰু ঝ ঘ ছ অঞ্চল দুটাৰ ছাঁ তুলনামূলক ভাৱে কম ঘন বা পাতল । এই অঞ্চল দুটাক উপচ্চায়া বোলা হয়। পৰ্দাখন ১ নং স্থানত ধৰোঁতে চ ছ হল প্ৰচ্ছায়া চ জ আৰু চ ঝ হ’ল উপচ্চায়া।

১৪। প্ৰচ্ছায়া আৰু উপচ্চায়া অঞ্চল কেনেকৈ বঢ়াব কমাব পাৰি বাখ্যা কৰা।

উত্তৰঃ চিত্ৰত দেখুৱাৰ দৰে পৰ্দাখন ক্ৰমান্বয়ে আঁতৰাই নিলে প্ৰচ্ছায়া আকাৰ কমি আহে আৰু উপচ্চায়াৰ আকাৰ বাঢ়ি আহে। পৰ্দাৰ ২ নং স্থানত প্ৰচ্ছায়া শংকু আকৃতিৰ (গ ঘ ঙ)হৈ পৰে। ঙ বিন্দুত চ ছ মিলি যায়। বাধাৰ ওপৰত প্ৰচ্ছায়া আটাইতকৈ ডাঙৰ আৰু উপচ্চায়া আটাইতকৈ সৰু। প্ৰচ্ছায়া অঞ্চল বা শংকুৰ বাহিৰত পোহৰ পোৱা যায়।

১৫। বিস্তৃত আৰু বিন্দুসম উৎসৰ ছাঁৰ পাৰ্থক্য কি কি ?

উত্তৰঃ ১। বিস্তৃত উৎসই প্ৰচ্ছায়া আৰু উপচ্চায়া দুয়োটা গঠন কৰে। কিন্তু বিন্দুসম উৎসই মাথোঁ প্ৰচ্ছায়া গঠন কৰে।

২। পৰ্দা আঁতৰাই নিলে বিস্তৃত উৎসৰ ক্ষেত্ৰত প্ৰচ্ছায়া ক্ৰমে সৰু হয় আৰু উপচ্চায়া ক্ৰমে ডাঙৰ হয়। বিন্দুসম উৎসৰ প্ৰচ্ছায়া ক্ৰমে ডাঙৰ হয়।

১৬। ওপৰেদি উৰি যোৱা চৰাইৰ ছাঁ পৃথিৱীত কিয় নপৰে চিত্ৰ আঁকি ব্যাখ্যা কৰা।

উত্তৰঃ ইয়াত পোহৰৰ উৎস হল সূৰ্য। বাধা হল চৰাই আৰু পৰ্দা হল পৃথিৱীখন। চৰাইটো পৃথিৱীৰ পৰা ওপৰত থাকে। প্ৰচ্ছায়াৰ শংকুটোৱে পৃথিৱীখন ঢুকি নাপায়। পৃথিৱীখন শংকুটোৰ বাহিৰত থাকে। সেইবাবে ছাঁ পৃথিৱীত নপৰে। চৰাইটো নিচেই ওপৰেদি উৰি গলে ইয়াৰ ছাঁ নিশ্চয় পৃথিৱীত পৰিব।

১৭। শুদ্ধ উত্তৰটোৰ ওপৰত (✔)চিন দিয়া।

(ক) বায়ু স্বচ্ছ / অস্বচ্ছ পদাৰ্থ।

(খ) বটলত পোৱা আধা স্বচ্ছ / অস্বচ্ছ/ ঈষৎ স্বচ্ছ পদাৰ্থ ।

(গ) পানীৰ মাজেদি পোহৰৰ বেগ কম / বেছি।

(ঘ) স্বচ্ছ পদাৰ্থইহে পোহৰৰ মাধ্যম হব পাৰে/ নোৱাৰে।

(ঙ) সূৰ্য বিস্তৃত উৎস নহয়/হয়।

(চ) পোহৰৰ বাটত বাধা পাৰিলে ছাঁ গঠন হয়/নহয়।

(ছ) সকলো উৎসৰ বাবে উপচ্চায়া অঞ্চল পোৱা যায়/ নাযায়।

(জ) সূৰ্যৰ পোহৰত সৃষ্টি হোৱা সকলো বস্তুৰ ছাঁত প্ৰচ্ছায়া আৰু উপচ্চায়া অঞ্চল থাকে/ নাথাকে।

(ঝ) ছাঁ গঠন হলে বস্তুটো উৎস আৰু ছাঁৰ মাজত থাকে/নাথাকে।

(ঞ) স্বচ্ছ পদাৰ্থৰ ছাঁ গঠন হব পাৰে/নোৱাৰে।

(ট) ছাঁটো কিমান ডাঙৰ হব সেয়া উৎসটোৰ ওপৰত নিৰ্ভৰ কৰে/নকৰে।

উত্তৰঃ (ক) বায়ু স্বচ্ছ পদাৰ্থ।

(খ) বটলত পোৱা আধা স্বচ্ছ পদাৰ্থ ।

(গ) পানীৰ মাজেদি পোহৰৰ বেগ কম ।

(ঘ) স্বচ্ছ পদাৰ্থইহে পোহৰৰ মাধ্যম হব পাৰে।

(ঙ) সূৰ্য বিস্তৃত উৎস হয়।

(চ) পোহৰৰ বাটত বাধা পাৰিলে ছাঁ গঠন হয়।

(ছ) সকলো উৎসৰ বাবে উপচ্চায়া অঞ্চল পোৱা যায়।

(জ) সূৰ্যৰ পোহৰত সৃষ্টি হোৱা সকলো বস্তুৰ ছাঁত প্ৰচ্ছায়া আৰু উপচ্চায়া অঞ্চল নাথাকে।X

(ঝ) ছাঁ গঠন হলে বস্তুটো উৎস আৰু ছাঁৰ মাজত থাকে।

(ঞ) স্বচ্ছ পদাৰ্থৰ ছাঁ গঠন হব নোৱাৰে।X

(ট) ছাঁটো কিমান ডাঙৰ হব সেয়া উৎসটোৰ ওপৰত নিৰ্ভৰ নকৰে।X

১৮। শুদ্ধ উত্তৰত (✔) চিন দিয়া।

(ক) যিবোৰ পদাৰ্থৰ মাজেদি পোহৰ পাৰ হৈ যায়, সেইবোৰ

১। স্বচ্ছ।  

২। অস্বচ্ছ।  

৩। ঈষৎ স্বচ্ছ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

(খ) পোহৰৰ পথটো হ’ল- 

১। বেঁকা। 

২। সৰল ৰৈখিক। 

৩। ঘূৰণীয়া।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

(গ) বাধাটো বিস্তৃত উৎসৰ ওপৰলৈ নিলে,ছাঁটো

১। ডাঙৰ হয়।  

২। সৰু হয়।

৩। নোহোৱা হয়।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

অতিৰিক্ত প্ৰশ্নোওৰ

১। পোহৰৰ মাধ্যম কি ?

উত্তৰঃ যিটো স্বচ্ছ বস্তুৰ মাজেদি পোহৰ পাৰ হৈ যায়, সেইটোৱেই পোহৰৰ মাধ্যম। যেনে – বায়ু, কাচ।

২। ছাঁ বুলিলে কি বুজা ?

উত্তৰঃ পোহৰ ৰশ্মিৰ পথত কোনো অস্বচ্ছ বস্তু ৰাখিলে, ৰশ্মিৰ পথত বাধা পৰে । পোহৰ সৰল ৰেখাত যায় আৰু সেয়েহে বাধাৰ ফলত বাটটোৰ পিছফালে কিছু অংশত পোহৰ নপৰে। এয়াই ছাঁ।

৩। পোহৰৰ মাধ্যম সলনি হলে যে গতিপথ সলনি হয় এটা পৰীক্ষাৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ পোহৰৰ মাধ্যম সলনি হল পোহৰে গতিপথ সলায়। তলত দিয়া পৰীক্ষাৰ পৰা বুজিব পাৰি।

এখন দাপোনৰ কাচ লোৱা হল। দাপোন খনৰ ওচৰত চিত্ৰত দেখুওৱা ধৰণে অপতিত ৰশ্মি এটা পৰিলে প্ৰতিফলিত হয়। ইয়াৰ ফলত পোহৰৰ পথ সলনি হয়। 

ঠিক সেইদৰে কাঁচৰ টুকুৰা এটাৰ মাজেদি পোহৰ পাৰ হৈ গ’লে দয়াৰ পোহৰৰ গতিপথ সলনি হব । বায়ুৰ পৰা কাঁচত সোমাওঁতে এবাৰ দিশ সলনি হয়।(চিত্ৰত দেখুওৱা ক খ ৰশ্মি খ গ হয়) আৰু কাঁচৰ পৰা বায়ুলৈ আকৌ ওলাই আহিলে দ্বিতীয় বাৰ দিশ সলনি হয়। ( খ গ ৰশ্মি গ ঘ হয়) পৰীক্ষাটোৰ পৰা এইটো বুজা যায় যে একোটা মাধ্যমত পোহৰ পোন বাটেৰে যায় আৰু মাধ্যম সলনি হ’লে দুবাৰ দিশ সলনি কৰে।

1 thought on “Assam Jatiya Bidyalay Class 5 Science Chapter 14 পোহৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top