Assam Jatiya Bidyalay Class 5 Science Chapter 13 জোখ মাখ – ২

Assam Jatiya Bidyalay Class 5 Science Chapter 13 জোখ মাখ – ২, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 13 জোখ মাখ – ২ Class 5 Science Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 5 Science Chapter 13 জোখ মাখ – ২ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 13 জোখ মাখ – ২ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জোখ মাখ – ২

Chapter – 13

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। এম. কে.এছ পদ্ধতিত তলত দিয়া ৰাশিসমূহৰ একক কি ? ভৰ, আয়তন , কালি , ঘনত্ব।

উত্তৰঃ এম. কে.এছ পদ্ধতিত ভৰৰ হল – কিলোগ্ৰাম, আয়তনৰ  একক হল – ঘন মিটাৰ, কালিৰ একক হল বৰ্গ মিটাৰ ঘনত্বৰ একক গ্ৰাম/ ঘন ছে.মি. (কাৰণ ঘনত্বৰ এককৰ ক্ষেত্ৰত এম. কে .এছ পদ্ধতিৰ পৰিবৰ্তে ছি. জি. এছ পদ্ধতি ললেহে অধিক সুচল হব কিয়নো বস্তুৰ আয়তনৰ ওপৰত ঘনত্ব নিৰ্ভৰ নকৰে।)

২। একক বৰ্গ কাক কোৱা হয় ? ৭২ বৰ্গ মি. ত একক কিমানটা থাকিব। 

উত্তৰঃ ১ বৰ্গ মিটাৰ কালিৰ ক্ষেত্ৰটোক একক বৰ্গ বোলা হয়। ৭২ টা বৰ্গ মিতাৰত ৭২ টা বৰ্গ একক থাকিব।

৩। পাত এটাৰ কালি কেনেকৈ উলীয়াবা বৰ্ণনা কৰা।

উত্তৰঃ এটা গছৰ আকৃতি অনিয়মীয়া । পাতটোৰ দীঘ-পুতল লব নোৱাৰি । পাতটোৰ কালি উলিয়াবলৈ এখন লেখ কাগজ বা গ্ৰাফ পেপাৰ ব্যৱহাৰ কৰিব পাৰি। একোটা বৰ্গক্ষেত্ৰৰ কালি এক বৰ্গ মিলিমিটাৰ । এনেকুৱা এখন গ্ৰাফ পেপাৰত গছৰ পাত এখিলা পেলাই ইয়াৰ সীমা কাঠ পেঞ্চিলেৰে আঁকি লোৱা হয়।

পাতখন উঠাই আনিলে পাতৰ আকৃতিৰ এখন ক্ষেত্ৰ পোৱা যাব । কিন্তু পাতটোৰ সীমাটোৱে বহু বৰ্গক্ষেত্ৰক দুভাগ কৰি পেলাব । সীমাৰ ভিতৰত থকা একোটা ভাগৰ কালি একোটা সৰু বৰ্গক্ষেত্ৰৰ কালিতকৈ কম হব ।তেনে ভাগ কিছুমানৰ কালি একোটা সৰু বৰ্গক্ষেত্ৰৰ কালিৰ প্ৰায় আধা হব । কিছুমানৰ আধাতকৈ বেছি হব কিছুমানৰ আধাতকৈ কম হব।

প্ৰথমে পাতটোৰ সীমাৰ ভিতৰত সম্পূৰ্নকৈ থকা সৰু বৰ্গক্ষেত্ৰবোৰৰ সংখ্যা হিচাপ কৰিব লাগিব। ধৰি ললোঁ এনে বৰ্গক্ষেত্ৰৰ সংখ্যা N । একোটা সৰু বৰ্গক্ষেত্ৰৰ কালি ১ বৰ্গ মিলিমিটাৰ। N  টা বৰ্গক্ষেত্ৰৰ কালি N বৰ্গ মিলিমিটাৰ । বৰ্গক্ষেত্ৰৰ সংখ্যা N = 1250 হ’লে কালি হব 1250 বৰ্গ মিলিমিটাৰ ।

এতিয়া সীমাৰ ভিতৰত ক ধৰণৰ ভাগৰ ( অৰ্থাৎ আধা বৰ্গক্ষেত্ৰৰ ) সংখ্যা গণি উলিয়াব লাগিব। এনে দুটা ভাগৰ কালি এটা সৰু বৰ্গক্ষেত্ৰৰ সমান হব । গতিকে , এই 

সংখ্যা M হ’লে এইবোৰ কালি M/2 বৰ্গ মিলিমিটাৰ হব।                        

শেষত, খ আৰু গ বিধৰ ভাগৰ সংখ্যা জানিব লাগিব । দুয়োবিধৰ মুঠ সংখ্যা উলিওৱা হয়। এভাগ খ আৰু এভাগ গ মিলি এটা সৰু বৰ্গক্ষেত্ৰ হয়। দুয়োবিধৰ মুঠ সংখ্যা P হলে এইবোৰৰ কালি P/2 বৰ্গ মিলিমিটাৰ হব । এইটো একেবাৰে সঠিক হিচাপে নহ’বগৈ। আনুমানিক হিচাপে হে হ’বগৈ। কিন্তু দুয়োটাৰ মাজত পাৰ্থক্য কম হব। 

গতিকে পাতটোৰ কালি হব N+M/2+P/2 বৰ্গ মিলিমিটাৰ ।

৪। লব্ধ একক কাক বোলে ?

উত্তৰঃ মৌলিক একক মিটাৰ, কিলোগ্ৰাম আৰু চেকেণ্ডৰ পৰা পোৱা আন এককবোৰক লব্ধ একক বোলে । যেনে – বৰ্গ মিটাৰ, গ্ৰাম , মিনিট।

৫। এটা কাঠৰ টুকুৰাৰ দীঘ ৪০ ছে.মি. পুতল ২৫ ছে.মি. আৰু উচ্চতা ১০ ছে.মি  । কাঠৰ টুকুৰাটোৰ আয়তন উলিওৱা।

উত্তৰঃ যি কোনো বস্তুৰ আয়তন = দীঘ x প্ৰস্থ x উচ্চতা

                                         = ৪০ ছে.মি. x ২৫ ছে.মি. x ১০ ছে.মি

                                         = ৪০ ছে.মি. x ২৫০ ছে.মি.

                                         = ২০,০০০ ঘন ছে.মি.

৬। ওপৰত দিয়া কাঠৰ টুকুৰাটোৰ আয়তন ঘন মিটাৰত কিমান হব ? 

উত্তৰঃ ২০০০ ঘন মিটাৰ।

৭। ১ ঘন মিটাৰত ছি জি এছ পদ্ধতিৰ কিমানটা বৰ্গ একক থাকিব।

উত্তৰঃ ১ ঘন মিঃ =১০০ ছে.মি. x ১০০ ছে.মি. x  ১০০ ছে.মি. 

                       = ১,০০০০০০ ঘন ছে. মি.

                       = ১,০০০০০০ টা ।

৮। এটা ঘৰৰ মজিয়াৰ দীঘ ১০ মি. আৰু পুতল ৬ মিঃ মজিয়াখনৰ কালি কিমান ? মজিয়াখন পকী কৰিবলৈ ২০ ছে. মি. দীঘল আৰু ৬ মিঃ পুতলৰ কেইটা ইটা লাগিব।

উত্তৰঃ মজিয়াখনৰ কালি = ১০ মিঃ x ৬ মিঃ 

                                 = ৬০ মিটাৰ ২

মজিয়াখন পকী কৰিবলৈ ২০ x ৬ ছে. মি. = ১২০ ছে.মি.২

                                ৬০ মিটাৰ x ১০০ = ৬০০০০ ছে.মি.২

                                                         = ৫০০ টা ইটা লাগিব।

   অতিৰিক্ত প্ৰশ্নোত্তৰ

১। একক বৰ্গ কাক বোলে ?

উত্তৰঃ এক বৰ্গমিটাৰ কালিৰ ক্ষেত্ৰটোক একক বৰ্গ বোলা হয়।

২। এম. কে. এছ পদ্ধতিৰ একক ঘনকৰ আয়তন কিমান ?

উত্তৰঃ এম. কে. এছ পদ্ধতিত একক ঘনকৰ আয়তন ১ ঘন মিটাৰ ।

৩। চি. জি. এছ পদ্ধতিত একক ঘনকৰ আয়তন কিমান ?

উত্তৰঃ চি. জি. এছ পদ্ধতিত একক ঘনকৰ আয়তন ১ ঘন ছেঃ মিটাৰ ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Assam Jatiya Bidyalay Class 5 Science Chapter 13 জোখ মাখ – ২”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top