Assam Jatiya Bidyalay Class 5 Science Chapter 12 জোখ মাখ – ১

Assam Jatiya Bidyalay Class 5 Science Chapter 12 জোখ মাখ – ১, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 12 জোখ মাখ – ১ Class 5 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Science Chapter 12 জোখ মাখ – ১ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 12 জোখ মাখ – ১ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জোখ মাখ – ১

Chapter – 12

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। জোখ-মাখত এককৰ প্রয়োজন কি ?

উত্তৰঃ কোনো এটা বস্তুৰ সঠিক পৰিমাণ জানিবলৈ এককৰ প্ৰয়োজন ।

২। পুৰণি কালত মানুহে কিহৰ সহায়ত বস্তুৰ অনুমান কৰিছিল ?

উত্তৰঃ পুৰণি কালত মানুহে হাত , বেগেত , দোণ আদি এককৰ জৰিয়তে বস্তুৰ পৰিমাণ অনুমান কৰিছিল।

৩। পুৰণি কালত মানুহে কিহৰ সহায়ত সময়ৰ অনুমান কৰিছিল ?

উত্তৰঃ পুৰণি কালত মানুহে বেলিৰ অৱস্থান অৰ্থাৎ ৰ’দৰ দ্বাৰা সৃষ্টি হোৱা ছাৰ ওপৰত নিৰ্ভৰ কৰি সময়ৰ অনুমান কৰিছিল।

৪। এম. কে.এছ আৰু ছি. জি এছ পদ্ধতি কি ?

উত্তৰঃ আজিকালি সকলো দিশতে দৈৰ্ঘ্য, ভৰ আৰু সময় জুখিবলৈ ক্ৰমে মিটাৰ , কিল’গ্ৰাম আৰু চেকেণ্ডক একক হিচাপে লয়। ইংৰাজী ভাষাৰ metre (মিটাৰ) kilogram (কিল’গ্ৰাম) second (চেকেণ্ড) শব্দ তিনিটাৰ প্ৰথম আখৰকেইটা লৈ বনোৱা পদ্ধতিক এম কে এছ (MKS) পদ্ধতি বোলা হয়।

একে ধৰণতে দৈৰ্ঘ্য, ভৰ আৰু সময় জুখিবলৈ ক্ৰমে  centimetere (ছেঃ মিঃ) ভৰ জুখিবলৈ gram (গ্ৰাম ) আৰু সময় জুখিবলৈ second (চেকেণ্ড) ব্যৱহাৰ কৰা হয়। ইংৰাজী ভাষাৰ centimetere , gram আৰু  second ৰ প্ৰথম আখৰকেইটা লৈ CGS (চি.জি. এছ) পদ্ধতি বনাইছে ।

৫। এছ. পি.এছ পদ্ধতিৰ দৈর্ঘ, ভৰ আৰু সময়ৰ একক কি কি ?

উত্তৰঃ এছ.পি .এছ পদ্ধতিৰ দৈৰ্ঘ্যক ফুটত (foot) ভৰ পাউণ্ডত (pound) আৰু সময় চেকেণ্ডত (second) জোখা হৈছিল।

৬। দৈৰ্ঘ্যৰ জোখ লোৱাৰ সময়ত মন কৰিব লগীয়া দুটা কথা উল্লেখ কৰা। 

উত্তৰঃ দৈৰ্ঘ্যৰ জোখ লোৱাৰ সময়ত মন কৰিবলগীয়া দুটা কথা হ’ল –

১। একেবাৰে সৰু দৈৰ্ঘ্যৰ বস্তু জুখিবলৈ হলে মিটাৰ পৰিবৰ্তে সৰু মানৰ একক ব্যৱহাৰ কৰিলে সুবিধা হয়।

২। এখন ঠাইৰ পৰা আন এখন ঠাইৰ দূৰত্ব জুখিবলৈ হলে মিটাৰৰ পৰিবৰ্তে কিলোমিটাৰ ব্যৱহাৰ কৰা হয়। কাৰণ ঠাই দুখনৰ দূৰত্ব যিহেতু বেছি সেয়েহে মিটাৰৰ সলনি কিল’মিটাৰ ব্যৱহাৰ কৰা হয়।

৭। পৃথিৱীৰ অৱৰ্তন কালৰ লগত চেকেণ্ডৰ সম্পৰ্ক কি ?

উত্তৰঃ পৃথিৱীৰ অৱৰ্তনৰ জৰিয়তে চেকেণ্ডৰ সূত্ৰ ভাবিব পাৰি। পৃথিৱীয়ে নিজৰ অক্ষক কেন্দ্ৰ কৰি এপাক ঘূৰিবলৈ প্ৰয়োজন হোৱা সময়খিনিক চব্বিশ ভাগ কৰিলে এঘন্টা, এঘন্টাক ষাঠি ভাগ কৰিলে এক মিনিট আৰু এক মিনিটক ষাঠি ভাগ কৰিলে এক চেকেণ্ড ।

৮। পৰ্যাবৃত্ত ঘটনা কাক বোলে ? দুটা উদাহৰণ দিয়া ।

উত্তৰঃ পুনৰাবৃত্তি হৈ থকা ঘটনা বোৰক পৰ্যাবৃত্ত ঘটনা বোলে ।

উদাহৰণ হিচাপে-

১। দিন-ৰাতি হোৱা ঘটনা।

২। ঘড়ী চলি থকা ঘটনা।

৯। গুণিতক আৰু উপ-গুণিতক একক কাক বোলে ? প্ৰতিবিধৰ দুটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ সাধাৰণতে মান এককৰ পূৰনফলৰ একক বোৰক গুণিতক একক বোলা হয়। 

কেতিয়াবা জোখ মাখ কৰাৰ বাবে মান এককৰ সলনি এককৰ সৰু অংশক লোৱা হয়। মান এককৰ এই সৰু অংশকে উপ-গুণিতক বোলে।

গুণিতক এককৰ উদাহৰণ হিচাপে-

১। কিলোমিটাৰ। 

২। কুইণ্টল।

উপ-গুণিতকৰ উদাহৰণ হিচাপে-

১। ছেন্টিমিটাৰ।

২। মিলি গ্ৰাম।

১০। ২ মি. ত কিমান মি মি.?

উত্তৰঃ ২০ মিলি মিটাৰ ।

১১। এক কুইণ্টল ভৰ কিমান গ্ৰাঃ ৰ সমান ?

উত্তৰ আমি জানো যে ১ কুইণ্টল =১০০ কিঃমিঃ

                        ১  কিল’গ্ৰাম  = ১০০০ গ্ৰাম।

                 সেয়েহে ১ কুইণ্টল   = ১০০ কিঃমিঃ *১০০০ গ্ৰাম

                                          = ১০০০০০০ গ্ৰাম ।

১২। এক মাহত কিমান চেকেণ্ড ?

উত্তৰঃ এক মাহত – ৩০  দিন 

          এক দিনত  – ২৪ ঘণ্টা

          এক ঘণ্টাত – ৬০ মিনিট 

          এক মিনিটত – ৬০ চেকেণ্ড।

      = ৩০x২৪ ঘণ্টা = ৭২০ ঘণ্টা 

      =  ৭২০x৬০ = ৪৩২০০ মিনিট

     = ৪৩২০০x৬০ = ২৫৯২০০০ চেকেণ্ড ।

১৩। আজিকালি বস্তুৰ দীঘ হাত বা বেগেতৰে নোজোখে কিয় ?

উত্তৰঃ কোনো বস্তুৰ দীঘ হাত বা বেগেতৰে জুখিলে সঠিক জোখৰ পৰিবৰ্তে আনুমানিক জোখ এটাহে পোৱা যায়। কাৰণ কিছুমান মানুহৰ  হাতৰ আঙুলি ছুটি আৰু আন কিছুমানৰ হাতৰ আঙুলি দীঘল । ঠিক তেনেদৰে হাতো কিছুমান মানুহৰ দীঘল আৰু কিছুমানৰ ছুটি । সেয়েহে হাত বা বেগেতৰে জুখিলে জোখৰ তাৰতম্য হয় ।

১৪। খালি ঠাই পূৰণ কৰা ।

(ক) ১ কি .গ্ৰা. ____ গ্ৰাম।

উত্তৰঃ ১০০০ গ্ৰাম।

(খ) ১ লি. ______ মি. লি.।

উত্তৰঃ ১০০০ মি. লিটাৰ ।

(গ) ১ ঘণ্টা ____ ছেঃ।

উত্তৰঃ ৬০ ছেঃ।

(ঘ) ১ কি.মি. ____ ছেঃ মিঃ।

উত্তৰঃ ১০০০০০ ছেঃমিঃ।

অতিৰিক্ত প্ৰশ্নোওৰ

১। সময়ৰ মৌলিক একক কি ?

উত্তৰঃ চেকেণ্ড ।

২। সময়ৰ লব্দ এককবোৰ কি ?

উত্তৰঃ সময়ৰ লব্দ একক বোৰ হল বছৰ, দিন, ঘণ্টা, মিনিট আদি।

৩। MKS  পদ্ধতিত মৌলিক একক তিনিটা কি ?

উত্তৰঃ MKS  পদ্ধতিত মৌলিক একক তিনিটা হল মিটাৰ , কিলোগ্ৰাম আৰু চেকেণ্ড।

৪। এক পোহৰ বৰ্ষ কি ?

উত্তৰঃ পোহৰ এক চেকেণ্ডত ৩০০,০০০ কিঃ মিঃ  যায় ।

এক বছৰ পোহৰ  ৩০০,০০০x৬০x২৪x৩৬৫ কিঃ মিঃ যায় । এই দূৰত্বখিনিকে এক পোহৰ বৰ্ষ বোলা হয়।

এক পোহৰ বৰ্ষ = ৯৪,৬০৮,০০০,০০০,০০ কি.মি.

পোহৰ বৰ্ষ দৈর্ঘ বা দূৰত্বৰ এটা বৃহৎ একক ।

৫। এংষ্টম কি ? 

উত্তৰঃ এক মিটাৰৰ ১০,০০০,০০০,০০০ ভাগৰ এভাগক লৈ সৃষ্টি কৰা এককটোৱে হৈছে এংষ্টম।

1 thought on “Assam Jatiya Bidyalay Class 5 Science Chapter 12 জোখ মাখ – ১”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top