Assam Jatiya Bidyalay Class 5 History Chapter 4 বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মন

Assam Jatiya Bidyalay Class 5 History Chapter 4 বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মন Class 5 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Apun Dekhor Kotha Chapter 4 বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 History Chapter 4 বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মন

Chapter – 4

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। কোনজন ৰজাই বৰ্মন বংশৰ ৰাজত্ব প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ :- খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্য বৰ্মন নামৰ ৰজা এজনে বৰ্মন বংশৰ ৰাজত্ব প্ৰতিষ্ঠা কৰিছিল।

২। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনৰ ৰাজ্যলৈ পঠিওৱা কটকীজনৰ নাম কি আছিল ?

উত্তৰ :- ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনৰ ৰাজ্যলৈ পঠিওৱা কটকীজনৰ নাম আছিল হংসবেগ।

৩। শশাঙ্ক কোন ৰাজ্যৰ ৰজা আছিল ?

উত্তৰ :- শশাঙ্ক গৌড় ৰাজ্যৰ ৰজা আছিল।

৪। কিমান খ্ৰীষ্টাব্দত চীন দেশৰ পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল ?

উত্তৰ :- ৬৪০ খ্ৰীষ্টাব্দত হিউৱেন চাং কামৰূপলৈ আহিছিল।

৫। হিউৱেন চাঙে অসমক কি নামেৰে জানিছিল ?

উত্তৰ :- হিউৱেন চাঙে অসমক ‘কাম-লু-পো’ বুলি জানিছিল।

৬। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ এখন তামৰ ফলিৰ নাম লিখা।

উত্তৰ :- ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ এখন তামৰ ফলিৰ নাম হৈছে নিধানপুৰ তামৰ ফলি।

৭। ভাস্কৰ বৰ্মন আৰু গৌড়ৰ ৰজা শশাঙ্কৰ মাজত হোৱা যুদ্ধৰ কাৰণ কি আছিল ?

উত্তৰ :- ভাস্কৰ বৰ্মনৰ ৰাজত্বৰ সময়ত উত্তৰ ভাৰতৰ ৰজা আছিল  হৰ্ষবদ্ধন। দুয়োজনেই সেই সময়ত ভাৰতবৰ্ষৰ বিখ্যাত ৰজা আছিল। ভাস্কৰ বৰ্মনে হংসবেগ নামৰ কটকী পঠিয়াই হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা কৰিছিল। তেতিয়া গৌড়ৰ ৰজা আছিল শশাঙ্ক। তেওঁ মহা শক্তিশালী আছিল। এই শশাঙ্কৰ হাতত হৰ্ষবৰ্দ্ধনৰ ককায়েক ৰাজ্যবৰ্দ্ধন নিহত হয়। সেয়ে হৰ্ষবৰ্দ্ধনে ভাতৃহন্তা শশাঙ্কৰ ৰাজ্য আক্ৰমণ কৰে। ভাস্কৰ বৰ্মনে সেই কামত তেওঁক সহায় কৰে। ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্দ্ধনৰ হাতত শশাঙ্ক পৰাস্ত হয়। ভাস্কৰ বৰ্মনে শশাঙ্কৰ ৰাজ্য কৰ্ণসুৱৰ্ণ আৰু গৌড় লাভ কৰে। গতিকে, শশাঙ্কৰ হাতত মিত্ৰ হৰ্ষবৰ্দ্ধনৰ ককায়েক ৰাজ্যবৰ্দ্ধন নিহত হোৱাটোৱে ভাস্কৰ বৰ্মন আৰু শশাঙ্কৰ মাজত হোৱা যুদ্ধৰ কাৰণ।

৮। ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্দ্ধনৰ মাজত কেনে সম্পর্ক স্থাপন হৈছিল লিখা।

উত্তৰ :- ভাস্কৰ বৰ্মন আৰু পঠিয়াই হৰ্ষবৰ্দ্ধন দুয়ো সমসাময়িক ৰজা আছিল। সেই ‍সময়ত ভাৰতবৰ্ষৰ উত্তৰ ফালে হৰ্ষবৰ্দ্ধন  আৰু ভাস্কৰ বৰ্মন, এই দুজনেই ডাঙৰ ৰজা আছিল। ভাস্কৰ বৰ্মনে হংসবেগ নামৰ কটকী পঠিয়াই হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা স্থাপন কৰিছিল। তেওঁলোকৰ এই মিত্ৰতা বৰ গভীৰ আছিল।

ধাৰ্মিক, শাস্ত্ৰজ্ঞ আৰু প্ৰতাপী ৰজা কুমাৰ ভাস্কৰ বৰ্মনকে পুৰণি কামৰূপৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। হৰ্ষবৰ্দ্ধনো আছিল ধাৰ্মিক, জ্ঞানী আৰু মহাপ্ৰতাপী। গুণীয়েহে গুণীৰ মোল বুজে বুলি এষাৰ কথা আছে। হৰ্ষবৰ্দ্ধনে একে গুণৰ অধিকাৰী ভাস্কৰ বৰ্মনৰ মোল বুজি পাইছিল আৰু তেওঁক যথেষ্ট শ্ৰদ্ধা কৰিছিল। এবাৰ চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ সন্মানৰ অৰ্থে হৰ্ষবৰ্দ্ধনে প্ৰয়াগত এখন বৰ ডাঙৰ ধৰ্মীয় সভা অনুষ্ঠিত কৰিছিল। তালৈ ভাৰতৰ বিখ্যাত ৰজাসকলক নিমন্ত্ৰণ কৰা হৈছিল। সেই উপলক্ষে আয়োজন কৰা এটা ডাঙৰ শোভাযাত্ৰাত ভাস্কৰ বর্মনক বিশেষ সন্মান প্ৰদান কৰিছিল। এনেদৰে দেখা যায় যে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্দ্ধনৰ মাজৰ সম্পর্ক আছিল – মিত্ৰতা, বিশ্বাস আৰু পাৰস্পৰিক শ্ৰদ্ধাৰে ভৰা।

৯। হিউৱেন চাঙে প্ৰাচীন কামৰূপ ৰাজ্যৰ বিষয়ে লিখা টোকাটোৰ পৰা কি কি কথা জানিব পৰা যায় বহলাই লিখা।

উত্তৰ :- হিউৱেন চাঙৰ টোকাটোৰ পৰা সেই সময়ৰ কামৰূপ ৰাজ্যৰ বিষয়ে বহুতো কথা জানিব পৰা যায়। টোকা মতে সেই সময়ত কামৰূপ ৰাজ্যত বিস্তৃতি ১৬৭৫ মাইল আৰু ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ বিস্তৃতি আছিল ৬ মাইল। ৰাজধানীৰপৰা ৰাজ্যৰ সীমালৈ যাওঁতে এজন মানুহৰ প্ৰায় দুমাহ সময় লাগিছিল। দেশখনৰ জলবায়ু শীতল আৰু স্বাস্থ্যকৰ; মাটি বৰ সাৰুৱা আৰু শস্যশালী। কঁঠাল আৰু নাৰিকল প্ৰচুৰ পৰিমাণে উৎপাদন হৈছিল। মানুহবোৰ আছিল চুটি-চাপৰ আৰু তামবৰণীয়া। এওঁলোক সহজ-সৰল আৰু সত্যবাদী। ৰজা-প্ৰজা সকলো জ্ঞানী আৰু অতিথি পৰায়ণ। ৰাজ্যখনৰ মানুহবোৰে দেৱ-দেৱীক পূজা কৰিছিল। সেই সময়ত কামৰূপত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ প্ৰায় নাছিলেই। ৰজা আছিল নিজে হিন্দু; কিন্তু তেওঁ গোড়া বা ৰ্ধমান্ধ নাছিল। বৌদ্ধধৰ্মৰ লগতে আন ধৰ্মৰ মানুহকো তেওঁ শ্ৰদ্ধা কৰিছিল। ইয়াৰ বাহিৰেও হিউৱেন চাঙৰ টোকাটোৰ পৰা প্ৰাচীন কামৰূপ ৰাজ্যৰ বিষয়ে আৰু বহুতো কথা জানিব পৰা যায়।

ওপৰঞ্চি প্ৰশ্নোত্তৰ

১। পুষ্য বৰ্মনৰ সমসাময়িক মগধৰ ৰজাজনৰ নাম লিখা।

উত্তৰ :- সমুদ্ৰগুপ্ত।

২। ভাস্কৰ বৰ্মনৰ দেউতাকৰ নাম কি আছিল ?

উত্তৰ :- সুস্থিত বৰ্মন।

৩। নালন্দা বিশ্ববিদ্যালয় কোন ৰাজ্যত আছিল ?

উত্তৰ :- বিহাৰত।

৪। কিমান খ্ৰীষ্টাব্দত হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়লৈ আহিছিল ?

উত্তৰ :- ৬২৯ খ্ৰীষ্টাব্দত।

৫। ভাস্কৰ বৰ্মনৰ অনুৰোধত হিউৱেন চাঙে সংস্কৃত ভাষালৈ অনুবাদ কৰা চীনা পুথিখনৰ নাম লিখা।

উত্তৰ :- টাও-টে-কিং।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top