ASOS Class 12 Political Science Chapter 30 ৰাষ্ট্ৰসংঘ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter ASOS Class 12 Political Science Chapter 30 ৰাষ্ট্ৰসংঘ and select needs one.
ASOS Class 12 Political Science Chapter 30 ৰাষ্ট্ৰসংঘ
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 30 ৰাষ্ট্ৰসংঘ Solutions for All Subject, You can practice these here.
ৰাষ্ট্ৰসংঘ
Chapter : 30
30.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ
খালী ঠাই পূৰণ কৰাঃ
1. 1945 চনত______চহৰত ৰাষ্ট্ৰসংঘৰ চনদখনত চহী কৰা হৈছিল। (জেনেভা/ নিউইয়র্ক/ চানফ্রাঞ্চিস্কো)
উত্তৰঃ চানফ্রাঞ্চিস্কো।
2. ______খন দেশ ৰাষ্ট্ৰসংঘৰ মুল সদস্য দেশ। (45/ 51/ 191)
উত্তৰঃ 51।
3. ৰাষ্ট্ৰসংঘৰ চনদৰ মূল লক্ষ্য হ’ল______।
উত্তৰঃ আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা।
তলত দিয়া বাক্যবোৰ শুদ্ধনে অশুদ্ধ বিচাৰ কৰাঃ
4. সদস্য ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌত্বৰ সমতা হ’ল ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতি। (সঁচা/ মিছা)
উত্তৰঃ সঁচা।
5. ৰাষ্ট্ৰসংঘই সাদাৰণতে সদস্যৰাষ্ট্ৰ সমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰে। (সঁচা/ মিছা)
উত্তৰঃ সঁচা।
6. ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰে পৰা ইয়াৰ সদস্য বৃদ্ধি হোৱা নাই। (সঁচা/ মিছা)
উত্তৰঃ মিছা।
30.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ
খালী ঠাই পূৰ কৰাঃ
1. ____ৰ স্থায়ী সদস্যসকলে ভেটো ক্ষমতা ভোগ কৰে। (ৰাষ্ট্ৰসংঘৰ সকলো সংগঠন/ নিৰাপত্তা পৰিষদৰ)
উত্তৰঃ নিৰাপত্তা পৰিষদ।
2. ন্যায়ৰক্ষী পৰিষদে কিমানটা অঞ্চলৰ প্ৰশাসন চলাই ছিল। (51/ 11/ 15)
উত্তৰঃ 11।
3. ৰাষ্ট্ৰসংঘৰ কোনটো সংগঠনে বিশেষ এজেঞ্চিসমূহৰ কাৰ্য্যাৱলীৰ সমন্বয় সাধন কাৰ্য্য পৰিচালনা কৰে? (সাধাৰণ সভা/ নিৰাপত্তা পৰিষদ/ অর্থনৈতিক আৰু সামাজিক পৰিষদ)
উত্তৰঃ অর্থনৈতিক আৰু সামাজিক পৰিষদ।
4. বিশ্ব আদালতত ব্যক্তিগত ভাৱে বিবাদ মিমাংসাৰ আবেদন কৰিব পাৰি। (সঁচা/ মিছা)
উত্তৰঃ মিছা।
5. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্রধান। (কফি আন্না/ বেন কি মুন)
উত্তৰঃ বেন কি মুন।
6. বিশ্ব আদালতৰ ন্যায়াধীসসকলকএ নিৰ্বাচিত কৰে। (সাধাৰণ সভা/ নিৰাপত্তা পৰিষদ/ নিৰাপত্তা পৰিষদ আৰু সাধাৰণ সভাই উভয়েই)
উত্তৰঃ নিৰাপত্তা পৰিষদ আৰু সাধাৰণ সভাই উভয়েই।
30.3. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়াঃ
1. ঔপনিবেশিকতাবাদ উদ্দেশ্য সাধন বিধেয়ককন গ্ৰহণ কৰা হৈছিল______চনত। (1945/ 1960/ 1995)
উত্তৰঃ 1960।
2. ন্যায় অঞ্চলসমূহৰ প্ৰশাসনৰ বাবে ৰাষ্ট্ৰসংঘ দায়বদ্ধ। (সঁচা/ মিছা)
উত্তৰঃ সঁচা।
3. দক্ষিণ আফ্রিকাত বৰ্ণবৈষম্যবাদ বিৰোধী প্ৰতিৰোধ আন্দোলনৰ দেশীয় নেতাজন আছিল_____।(মহাত্মা গান্ধী/ নেলছন মেণ্ডেলা)
উত্তৰঃ নেলছন মেণ্ডেলা।
4. ৰাষ্ট্ৰসংঘৰ সকলো সদস্যৰাষ্ট্ৰৰ বাবে মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্র বাধ্যতামূলক। (সঁচা/ মিছা)
উত্তৰঃ মিছা।
5. প্ৰতিবছৰে কোনটো দিন মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? (26 জানুৱাৰী/ 10 ডিচেম্বৰ/ 15 আগষ্ট)
উত্তৰঃ 10 ডিচেম্বৰ।
6. চনত দুখন মানৱ অধিকাৰ বিষয়ক কনভেনেণ্ট বলবৎ হয়। (1984/ 1976/ 1997)
উত্তৰঃ 1976।
7. 1993 চনৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিষয়ক কনফাৰেঞ্চৰ পৰামৰ্শৰ ভিত্তিত কোনটো গুৰুত্বপূৰ্ণ কাৰ্যালয় প্রতিষ্ঠা কৰা হৈছিল। (মানৱ অধিকাৰৰ হাই কমিচনাৰ/ Ombudsman)
উত্তৰঃ মানৱ অধিকাৰৰ হাই কমিচনাৰ।
পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ
1. ৰাষ্ট্ৰসংঘৰ চনদৰ উদ্দেশ্য আৰু নীতিসমূহ আলোচনা কৰা ৷
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদৰ উদ্দেশ্য আৰু নীতিসমূহঃ চনদৰ আৰম্ভণিতেই ৰাষ্ট্ৰসংঘৰ 4টা মুখ্য উদ্দেশ্য উল্লেখ কৰা আছে। সেইকেইটা হ’ল— সমাধান আৰু আগ্ৰাসক সামূকি কাৰ্যব্যৱস্থা গ্রহণেৰে
১। বিবাদসমূহৰ শান্তিপূর্ণ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰা।
২। সমতাৰ নীতি আৰু অনিয়ন্ত্ৰণৰ অধিকাৰক পূৰ্ণ সন্মান প্ৰদৰ্শনেৰে ৰাষ্ট্ৰসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্টা কৰা ৷
৩। অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মানৱীয় দিশত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্রতিষ্ঠা কৰা ।
৪। মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাক সন্মান প্রদর্শন কৰিবলৈ উৎসাহিত কৰা।
ওপৰৰ লক্ষ্যসমূহত উপতি হ’বৰ বাবে ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহে কিছুমান গুৰুত্বপূৰ্ণ নীতি-নিয়ম মালি চলাটো প্রয়োজনীয়। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ নীতিটো হ’ল সৰু-ডাঙৰ বা শক্তিশালী দুৰ্বল নির্বিশেষে সমতাৰ নীতি মানি চলাটো। ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰে।
ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে পৰস্পৰৰমাজত লগা বিবাদবোৰ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বিঘ্নিত নকৰাকৈ শান্তিপূর্ণভাৱে সমাধান কৰিব লাগে। ইয়াৰোপৰি সদস্য ৰাষ্ট্ৰবোৰে আন ৰাষ্ট্ৰলৈ ভিত্তি প্ৰদৰ্শন বা শক্তি প্ৰয়োগৰ পৰা বিৰত থাকিব লাগে। শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘক সহায় সহযোগীতা কৰাটো সদস্য ৰাষ্ট্ৰসমূহৰ কৰ্তব্য।
2. সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদৰ গঠন আৰু কাৰ্য্যাৱলীৰ তুলনা কৰা।
উত্তৰঃ মূল সংগঠনসমূহৰ ভিতৰত, সাধাৰণ সভা হ’ল কেন্দ্ৰীয় সংস্থা। সার্বভৌম সমতা আৰু সাৰ্বজনীনতা নীতি ইয়াৰ গঠনত চামিল কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ সকলো (বৰ্তমান 193 খন) সদস্য সাধাৰণসভাৰ সদস্য। আকাৰ বা শক্তি নির্বিশেষে প্ৰতিখন ৰাষ্ট্ৰৰ সভাত এটাকৈ ভোট আছে। সভাই ইয়াত উত্থাপিত সমস্যাবোৰ আলোচনা কৰে, শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত পৰামৰ্শ দিয়ে, নতুন সদস্যক স্বীকৃতি দিয়ে আৰু ৰাষ্ট্ৰসংঘৰ বাজেট প্রস্তুতকৰে। গুৰুত্বপূৰ্ণ বিষয়ত ই দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰে। কাৰ্যপ্রণালী সম্পৰ্কীয় সিদ্ধান্তবোৰত মাত্ৰ সাধাৰণ সংখ্যাগৰিষ্ঠতা প্রয়োজন হয়। সভাই প্রতিবছৰে নিয়মিতভাৱে বৈঠক অনুষ্ঠি কৰে। সভাই প্রয়োজন সাপেক্ষে বিশেষ অধিবেশন আৰু জৰুৰীভাৱে বিশেষ অধিবেশন অনুষ্ঠিত কৰে। সাধাৰণ সভাই আন্তর্জাতিক ৰাজনৈতিক সহযোগিতা, অর্থনৈতিক, সামাজিক আন কিছুমান বিষয়ত ভালেমান গুৰুত্ব ঘোষণা পত্ৰ গ্ৰহণ কৰিছে। মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্ৰ (1960),নতুন আন্তর্জাতিক অর্থনৈতিক শৃংখলা (1974),শিশুৰ অধিকাৰ বিষয়ক ঘোষণা পত্র (1989),আন্তর্জাতিক সন্ত্রাসবাদ বিষয়ক ঘোষণা পত্র (1994) আদিবোৰ কিছুমান উদাহৰণ মাত্ৰ৷ এইবোৰ ৰাষ্ট্ৰসমূহে ইয়াৰ ৰাষ্ট্ৰীয় নীতি আৰু বাধ্যতামূলক নহয়। তথাপিও এইবোৰে যথেষ্ট নৈতিক আৰু ৰাজনৈতিক তাৎপর্য বহন কৰে। সেইবাবে প্ৰতিখন চৰকাৰে ইয়াক এৰাই চৰিব নোৱাৰে।
নিৰাপত্তা পৰিষদ হ’ল ৰাষ্ট্ৰসংঘৰ আটাইতকৈ শক্তিশালী সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা৷ ইয়াৰ মূল দায়িত্ব হ’ল আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। গঠন আৰু সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত পৰিষদ সাধাৰণ সভাৰ ঠিক বিপৰীত। নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰ 15 খন য’ত 5 খন স্থায়ী সদস্য ৰাষ্ট্ৰ আছে। বাকী 10 খন অস্থায়ী সদস্য ৰাষ্ট্ৰক সাধাৰণ সভাই দুবছৰৰ বাবে নিৰ্বাচিত কৰে৷ তেওঁলোকে বিশ্বৰ বিভিন্ন অংশ যেনে এচিয়া, লেটিন আমেৰিকা, পশ্চিম আৰু পূব ইউৰোপক প্রতিনিধিত্ব কৰে। আৰম্ভণিতে আশা কৰা হৈছিল যে পৰিষদৰ সীমিত আকাৰে পদ্ধতিগত বিষয়বোৰৰ সিদ্ধান্ত গ্ৰহণত নটা যোগাত্মক (সাধাৰণ সংখ্যাগৰিষ্ঠতা) ) ভোটেৰে সহজ কৰি তুলিব। আনহাতে, গুৰুত্বপূৰ্ণ বিষয়বোৰত নটা যোগাত্মক ভোটে স্থায়ী সদস্যৰ সন্মতিসূচক ভোট ল’ব। অন্য অৰ্থত, স্থায়ী সদস্য ৰাষ্ট্ৰৰ যিকোনো এখনে নঞর্থক ভোট দিলে পৰিষদে কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল’ব নোৱাৰে ৷ স্থায়ী সদস্য ৰাষ্ট্ৰৰ এই বিশেষ অধিকাৰক ‘ভেটো ক্ষমতা’ বুলি জনা যায়। নিৰাপত্তা পৰিষদৰ ভোট গ্রহণত ভোটদানৰ পৰা বিৰত কৰিলে ভেটো দিয়া বুলি ধৰা নহয়৷ এই বাধাদান প্রক্রিয়াক আৰম্ভণিৰে পৰা বিভিন্ন ধৰণে সমালোচনাৰ সন্মুখীন হৈ আহিছে। ভেটো ক্ষমতাই সদস্য ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্বৰ সমতা নীতিটো গুৰুত্বহীন কৰি তুলিছে।
নীৰাপত্তা পৰিষদৰ ক্ষমতা আৰু কাৰ্যাৱলী আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰোতে সীমাবদ্ধ ৷ দুই বা ততোধিক দেশৰ মাজত বিবাদৰ সূত্ৰপাত হয়, বিবাদটোৰ শান্তিপূর্ণ সমাধানৰ স্বাৰ্থত পৰিষদে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। অৱশ্যে এই ব্যৱস্থাৱলী অসন্তুষ্ট ৰাষ্ট্ৰবোৰৰ বাবে বাধ্যতামূলক নহয়। পৰিষদে ৰাষ্ট্ৰসমূহৰ মাজৰ যুদ্ধ বা যুদ্ধৰ সদৃশ পৰিস্থিতি সৃষ্টি হ’লে অতিৰিক্ত ক্ষমতা ব্যৱহাৰ কৰিব পাৰে তেনে ক্ষেত্ৰত, কোনে আক্ৰমণকাৰী সেয়া পৰিষদে নিৰ্ধাৰণ কৰিব পাৰে আৰু শান্তি বাহাল ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনা পাৰে। পৰিষদৰ বিবচেনামতে, এই ব্যৱস্থাসমূহৰ ভিতৰত অৰ্থনৈতিক সাহায্য যেনে বিদেশৰ লাভ কৰা সাহায্য বন্ধ কৰা, আমদানি আৰু ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা, স্থল, সাগৰ বা আকাশেৰে সমাৰিক ব্যৱস্থা গ্ৰহণ আদি কৰিব পাৰে। উল্লেখযোগ্য যে নিৰাপত্তা পৰিষদে যেতিয়া তেনে ব্যৱস্থা লয় সেয়া প্ৰত্যক্ষভাৱে যুদ্ধত লিপ্ত দেশৰ বাবেই মাত্র বাধ্যতামূলক নহয় বৰং ৰাষ্ট্ৰসংঘৰ সকলো সদস্যৰ বাবেই বাধ্যতামূলক। এবাৰ নিৰাপত্তা পৰিষদে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে তাক পালন কৰাটো সকলো ৰাষ্ট্ৰসদস্যৰ দায়িত্ব।
3. ঔপনিবেশিকতাবাদৰ উচ্ছেদ সাধন প্ৰক্ৰিয়াত ৰাষ্ট্ৰসংঘৰ ভূমিকাৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষ 1947 চনত স্বাধীনতা লাভৰ আগত প্ৰায় 200 বছৰ কাল ব্ৰিটিছৰ ঔপনিবেশ হিচাপে আছিল। ভাৰতবৰ্ষই অকলে ঔপনিবেশিক শাসকৰ তলত নাছিল। 1945 চনত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হোৱালৈকে আফ্ৰিকা আৰু এছিয়াৰ প্ৰায়ভাগ অঞ্চলেই মুক্ত নাছিল। ৰাষ্ট্ৰসংঘৰ বাবে বিশ্বশান্তি আৰু প্ৰগতিৰ স্বাৰ্থত ঔপনিবেশিক শাসনৰ অৱসান ঘটোৱাটো জৰুৰী আছিল। কোটি কোটি জনগণক বিদেশী ঔপনিবেশিক শাসনৰ পৰা মুক্ত কৰাটো ৰাষ্ট্ৰসংঘৰ ঐতিহাসিক সফলতা। ৰাষ্ট্ৰসংঘৰ ঔপনিবেশিক বিৰোধী অঞ্চলসমূহে দুটা নিৰ্ভৰশীল মানুহৰ শ্ৰেণীক সামৰি লয়। সেইবোৰ হ’ল— ৰাষ্ট্ৰসংঘৰ জিন্নাত ৰখা অঞ্চলবোৰ যাৰ কাৰণে ৰাষ্ট্ৰসংঘ প্ৰত্যক্ষভাৱে দায়বদ্ধ। ইয়াৰোপৰি আন ভালেমান অঞ্চল আছিল যিবোৰ ব্রিটেইন, ফ্রান্স আদি পশ্চিমীয়া শক্তিবোৰে পৰিচালনা কৰিছিল৷ জিন্মাত ৰখা অঞ্চলসমূহ ইয়াৰ জনসাধাৰণে নিজৰ ভৱিষ্যত সম্পৰ্কে মুক্তভাৱে নিৰ্ধাৰণ কৰিব নোৱাৰালৈকে ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱদানত ৰখা হৈছিল। কেমেৰন, নৱাৰু, নিউ গুৱেনা, পেছিফিক আইলেণ্ড,ৰুৱাণ্ডা-উৰুণ্ডি, ছেমালিলেণ্ড, টাঞ্জানিয়া, টোগালেণ্ড আদিবোৰ ইয়াৰ অন্যতম। 1994 চনৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ সহযোগত জিম্মাত ৰখা সকলোবোৰ অঞ্চল মুক্ত হয়। সাতটা অঞ্চল স্বাধীন হয় আৰু চাৰিখনে চুবুৰীয়া দেশৰ লগত চামিল হয়। আশ্ৰিত অঞ্চলবোৰৰ পৰাধীন মানুহবোৰ মুক্তিৰ উপৰিও ৰাষ্ট্ৰসংঘৰ আগ্ৰহ অঞ্চললৈ বিয়পি পৰে। 1960 চনত সকলোবোৰ ঔপনিবেশিক অঞ্চলৰ আৰু ইয়াৰ জনগণৰ তাৎক্ষণিক স্বাধীনতাৰে ঔপনিবেশিকতাবাদ উচ্ছেদ সাধন চনদ গ্রহণেৰে ই ঔপনিবেশিকতাবাদৰ বিৰুদ্ধে এই অভিযান গঢ়ি তোলে।
তেতিয়াৰে পৰা ৰাষ্ট্ৰসংঘৰ দীঘলীয়া হেচাৰ ফলত 60 টা অঞ্চল মুক্ত হয়। ঔপনিবেশিকতাবাদৰ বিৰোধী সফল যুদ্ধৰ শেহকী উদাহৰণ।
4. নিৰাপত্তা পৰিষদৰ পুনৰগঠনৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা।
উত্তৰঃ যদিও ৰাষ্ট্ৰসংঘই দায়িত্বপূর্ণ কার্য সমাপন কৰিছে, কিছুমান প্রতিবন্ধকতাই ইয়াৰ পাৰদৰ্শিতাক সীমাবদ্ধ কৰিছে। উদাহৰণস্বৰূপে, সাম্প্রতিক বিশ্বৰ পৰিৱৰ্তিত পৰিস্থিতিয়ে বিচৰা স্বত্বেও ৰাষ্ট্ৰসংঘৰ কিছুমান সংগঠনে এতিয়াও পৰিৱৰ্তন হোৱা নাই। উদাহৰণস্বৰূপে আমি নিৰাপত্তা পৰিষদৰ কথা ক’ব পাৰো। সাধাৰণ সভাৰ 15 খন সদস্য ৰাষ্ট্ৰৰহে নিৰাপত্তা পৰিষদত সদস্যপদ আছে। ইয়াৰ ভিতৰত 5 খনহে (চীন, ফ্রান্স, ৰাছিয়া, ব্রিটেইন, আমেৰিকা) স্থায়ী সদস্য ৰাষ্ট্ৰ। তেওঁলোকক কিছুমান ঐতিহাসিক আৰু ৰাজনৈতিক কাৰণত 1945 চনত স্থায়ী সদস্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে। বাকী 10 খন অস্থায়ী সদস্য ৰাষ্ট্ৰক সাধাৰণ সভাই দুবছৰৰ বাবে নিৰ্বাচিত কৰে। এই পদ্ধতিটো 6 দশক পুৰণি, যিসময়ত আফ্ৰিকা আৰু এছিয়াৰ বেছিভাগ দেশেই ৰাষ্ট্ৰসংঘৰ অংশ নাছিল। বৰ্তমান বিশ্ব সংস্থাটো সদস্যপদ চাৰিগুণলৈ বৃদ্ধি পাইছে, সেয়ে নিৰাপত্তা পৰিষদৰ গঠনো আৱশ্যকীয় পৰিৱৰ্তন প্রয়োজনীয়। ভাৰতবৰ্ষৰ দৰে কিছুমান দেশক স্থায়ী সদস্য পদ দিয়াৰ শক্তিশালী যুক্তি আছে। অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যাও বৃদ্ধি কৰিব লাগে যাতে বিভিন্ন ৰাষ্ট্ৰই নিৰাপত্তা পৰিষদে তেওঁলোকৰ ভৱিষ্যতৰ বাবে কাম কৰি আছে বুলি অনুভৱ কৰিব পাৰে। তৃতীয় বিশ্বৰ দেশসমূহে মতপোষণ কৰে যে ৰাষ্ট্ৰসংঘ হ’ল পশ্চিমীয়া বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজেণ্ট। এই ধাৰণা আঁতৰাবলৈ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধি কৰা প্ৰয়োজন ৷ জাপান, ভাৰত, জার্মানী, ব্রাজিল আৰু নাইজেৰিয়া হ’ল ইয়াৰ দাবীদাৰ ৷ জাপান আৰু জাৰ্মানী এতিয়া শত্ৰু ৰাষ্ট্ৰ নহয় আৰু তেওঁলোকৰ অৰ্থনৈতিক সক্তি আৰু ৰাষ্ট্ৰসংঘৰ বাজেটলৈ আগবঢ়োৱা অৱদানৰ বাবে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে আটাইতকৈ যোগ্য হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰসংঘৰ শান্তৰক্ষী বাহিনীত যোগোৱা বিভিন্ন অৱদান আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে লোৱা ভূমিকাই ভাৰতক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ দাবীদাৰ কৰি তুলিছে। ভাৰত ৰাষ্ট্ৰসংঘৰ এখন প্ৰতিষ্ঠাপক সদস্য। ইয়াৰোপৰি ভাৰত হ’ল বিশ্বৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ দেশ আৰু বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশ।
5. তলত দিয়াবোৰৰ চমু টোকা লিখাঃ
(ক) ৰাষ্ট্ৰসংঘৰ সচিব প্রধান।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয় নিউয়ৰ্ক আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত থকা আন্তর্জাতিক কৰ্মচাৰীক লৈ গঠিত। তেওঁলোকে দায়িত্ব পালনত স্বাধীন আৰু নিৰপেক্ষ হোৱাটো বাঞ্চনীয়। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ হিচাপেহে কাম কৰিব লাগে, বিশেষ সদস্য ৰাষ্ট্ৰৰ হকে নহয়। সচিবালয়ৰ প্ৰধানজন হ’ল সচিব প্রধান, যাক নিৰাপত্তা পৰিষদৰ পৰামৰ্শ ক্ৰমে সাধাৰণ সভাই 5 বছৰৰ বাবে নিয়োগ কৰে। এই সংগঠনটো জন্মৰে পৰা 6 গৰাকী ব্যক্তিয়ে সচিব প্রধান হিচাপে সেৱা আগবঢ়াইছে। তেওঁলোক হ’ল— নৰৱেৰ ট্ৰিগভি লাই, চুইডেনৰ ডাগ হামাচিল্ড (1953-61), ম্যানমাৰৰ হউ যাণ্ট, অষ্ট্ৰিয়াৰ কূৰ্ট ৱাল্ডহেইন, বেৰুৰ জেভিয়াৰ পেৰেছ ডি কুৱেলাৰ, ইজিপ্তৰ বুট্ৰচ্, বুট্ৰচ্ ঘালি, ঘানাৰ কফি আন্নান। বর্তমান দক্ষিণ কোৰিয়াৰ বেন কিমুনে সন্মানজনক আসনখনত অধিষ্ঠিত হৈ আছে।
(খ) মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্র।
উত্তৰঃ মানৱ অধিকাৰৰ সংস্কৃতিক বিশ্বজনীন মানৱ অধিকাৰ হিচাপে প্রতিষ্ঠা কৰাটো ৰাষ্ট্ৰসংঘৰ অন্যতম প্রধান অৱদান। বিগত 5 দশকত মানৱ অধিকাৰৰ বিভিন্ন দিশ সামৰি ৰাষ্ট্ৰসংঘই প্রায় ৪০ খন ঘোষণা পত্ৰ আৰু সন্মিলন অনুষ্ঠিত কৰিছে।
মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ হ’ল ৰাষ্ট্ৰসংঘৰ এই ঘোষণাপত্ৰবোৰৰ প্রথম 1984 চনৰ 10 ডিচেম্বৰত ইয়াক গ্ৰহণ কৰা দিনটোক প্ৰতিবছৰে মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। ঘোষণা পত্ৰখনত কোনোধৰণৰ বৈষম্য নোহোৱাকৈ সকলো শ্ৰেণীৰ লোকৰ বাবে বিস্তৃত পৰিসৰত পৌৰ, ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে ঘোষণাপত্ৰখন আন ঘোষণাপত্ৰৰ দৰেই দেশসমূহৰ বাবে বাধ্যতামূলক নহয়। অৱশ্যে ই দুখনকৈ আইনগতভাৱে বৈধ কনভেনেণ্টৰ খচৰা প্ৰস্তুত কৰাত উৎসাহ যোগাইছে, এখন অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ ওপৰত আৰু আনখন পৌৰ আৰু ৰাজনৈতিক অধিকাৰৰ ওপৰত। দুয়োখন কনভেনেণ্ট 1976 চনৰ পৰা ইয়াত চহী কৰা দেশবোৰৰ বাবে প্ৰযোজ্য হয়। এই দুয়োখন কনভেনেণ্টক, সার্বজনীন ঘোষণআ পত্রসহ একেলগে “আন্তর্জাতিক অধিকাৰ বিধেয়ক” হিচাপে জনা যায়।
(গ) ন্যাসৰক্ষী পৰিষদ।
উত্তৰঃ ন্যায়ৰক্ষী পৰিষদখন আন্তর্জাতিক ন্যাসৰক্ষী পদ্ধতিটো কাম কাজ চোৱাচিতা কৰিবলৈ গঠন কৰা হৈছিল। ন্যাসৰক্ষী পদ্ধতিলৈ অনা 11 টা অঞ্চলেই মুক্ত হ’ব পাৰিছিল। যিহেতুকে বর্তমান আশ্ৰিত অঞ্চলবোৰৰ প্ৰশাসন চলাব নালাগে, ৰাষ্ট্ৰসংঘত ন্যাসৰক্ষী পৰিষদৰ সক্রিয় ভূমিকাৰো অন্ত পৰিছে আৰু ই বৈঠক অনুষ্ঠিত নকৰে। এই সংস্থা উঠাই দিবৰ বাবে চনদখন সংশোধন কৰা প্রয়োজন।
(ঘ) অর্থনৈতিক আৰু সামাজিক পৰিষদ।
উত্তৰঃ অর্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে অর্থনৈতিক আৰু সামাজিক পৰিষদে কাম কৰে। বিভিন্ন ভৌগোলিক অঞ্চলক প্রতিনিধিত্ব কৰিব পৰাকৈ সাধাৰণ সভাই তিনি বছৰৰ বাবে নিৰ্বাচিত কৰা 55 খন সদস্য ৰাষ্ট্ৰলৈ ই গঠিত। ইয়াৰ সিদ্ধান্তবোৰ উপস্থিত থাকি ভোটদান কৰা সদস্যৰ সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ ভিত্তি গ্ৰহণ কৰা হয়। ই আন্তর্জাতিক অর্থনীতিত, সামাজিক, সাংস্কৃতিক আৰু মানৱতাৰ লগত জড়িত সমস্যাবোৰ চোৱাচিতা কৰে। পৰিষদে, মহিলাৰ মৰ্যাদা, জনসংখ্যা, মানৱ অধিকাৰ ইত্যাদিবোৰ অধ্যয়ন আৰু পৰামৰ্শ আগবঢ়োৱাবলৈ আয়োগ গঠন কৰিছে। ইয়াৰ বিভিন্ন আন্তর্জাতিক সংস্থা যেনে আন্তর্জাতিক শ্রমিক সংঘ, বিশ্ব সংস্থা ইত্যাদিবোৰৰ কাৰ্যাৱলীৰ মাজত সমন্বয় সাধন কৰাৰ ক্ষমতা আছে। পৰিষদৰ আন এটা গুৰুত্বপূৰ্ণ কাৰ্য হ’ল সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত ই বিভিন্ন বেচৰকাৰী সংস্থাসমূহক জড়িত কৰিব লাগে। পৰিষদৰ ক্ষমতা ইয়াৰ দায়িত্বৰ তুলনাত তেনেই সীমিত।