ASOS Class 12 Assamese (MIL) Chapter 14 বশিষ্ঠাশ্রম

ASOS Class 12 Assamese (MIL) Chapter 14 বশিষ্ঠাশ্রম, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 14 বশিষ্ঠাশ্রম and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 14 বশিষ্ঠাশ্রম

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 14 বশিষ্ঠাশ্রম Solutions for All Subject, You can practice these here.

বশিষ্ঠাশ্রম

Chapter : 14

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘বশিষ্ঠাশ্রম’ কবিতাটিৰ কবি কোন?

উত্তৰঃ পাঠ্যপুথিৰ অন্তৰ্গত ‘বশিষ্ঠাশ্ৰম’ কবিতাটিৰ কবি ৰঘুনাথ চৌধাৰী।

২। ৰঘুনাথ চৌধাৰীৰ কেতিয়া আৰু ক’ত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৮৭৯ চনত হাজোৰ ওচৰৰ লাওপাৰা গাঁৱত।

৩। তেওঁ সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।

উত্তৰঃ মইনা, সুভী আদি।

৪। ৰঘুনাথ চৌধাৰীৰ ৰচিত দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ ‘সাদৰী’, ‘কাৰবালা’ষ।

৫। ৰঘুনাথ চৌধাৰীৰ ৰচিত দুখন গল্প পুথিৰ নাম লিখা।

উত্তৰঃ ‘পচতীয়া’আৰু নৱমল্লিকা’।

৬। ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনাজাত? 

উত্তৰঃ বিহগী কবি বুলি জনাজাত।

৭। ‘বশিষ্ঠাশ্রম’ কবিতাটি কবিৰ কোনখন কবিতাপুথিৰ অন্তৰ্গত?

উত্তৰঃ ‘সাদৰী’ কবিতাপুথিৰ অন্তৰ্গত।

৮। বশিষ্ঠ কোন?

উত্তৰঃ এগৰাকী ঋষি।

৯। বশিষ্ঠ ঋষি পতা আশ্ৰমখন ক’ত অবস্থিত?

উত্তৰঃ সন্ধ্যাচল পাহাৰত।

১০। আশ্ৰমখনৰ নাম কি?

উত্তৰঃ বশিষ্ঠাশ্ৰম।

১১। কবিতাটিত কবিয়ে কাক সম্বোধন কৰিছে?

উত্তৰঃ পথিকক।

১২। বশিষ্ঠাশ্ৰমৰ পৰিৱেশ মধুৰ কৰা নিজৰা তিনিটা কি?

উত্তৰঃ সন্ধ্যা, ললিতা, কান্তা।

১৩। বশিষ্ঠৰ পদযুগলত কিহে সেৱা কৰে?

উত্তৰঃ ফুল আৰু গছ লতিকাই।

১৪। হোমৰ গোন্ধে বশিষ্ঠাশ্ৰমৰ পৰিৱেশ কেনেকুৱা কৰিছিল?

উত্তৰঃ সুপবিত্র।

১৫। সামবেদ কি?

উত্তৰঃ হিন্দুৰ আদি শাস্ত্ৰ হ’ল বেদ। সামবেদ চাৰিখন বেদৰ তৃতীয়খন। 

১৬। কোনে বশিষ্ঠ আশ্ৰমত এই বেদৰ গান শুনিছিল?

উত্তৰঃ বনৰ চৰাই, পহু আদিয়ে।

১৭। অমৰ বাদ্য কোনে বজাইছিল?

উত্তৰঃ স্বৰ্গৰ মহিমাময়ী নাৰীয়ে।

১৮। ঋষিৰ জীয়ৰীসকল কাৰ লগত মিলি কি ৰাগত আৰাধনা গীত গাইছিল?

উত্তৰঃ স্বৰ্গৰ মহিমাময়ী নাৰীৰলগত লগ লাগি দীপক ৰাগত আৰাধনা গীত গাইছিল।

১৯। বসন্তৰ আগমনত পুষ্প কাননত কি উপচি পৰিছে?

উত্তৰঃ সৌন্দৰ্য।

২০। সান্ধ্য সমীৰণে কি বিলাইছে? 

উত্তৰঃ স্বৰ্গীয় প্ৰেমৰ শান্তি সুধা।

২১। কি চৰাইৰ মাতত আশ্ৰমৰ নীৰৱতা ভেদ হয়? 

উত্তৰঃ কুলি আৰু জিলী।

২২। শৰতৰ পুৱতী জোনৰ ক্ষীণ জ্যোতি ক’ত বিৰিঙিছে? 

উত্তৰঃ ফুলৰ খোপাত।

২৩। তেতিয়া মন কেনে হয়? 

উত্তৰঃ পবিত্ৰ ভাৱত বিভোৰ হয়।

২৪। শিলনিৰে গঁথা এই শ্যামল ক্ষেত্রক কবিয়ে কি ৰূপত অভিহিত কৰিছে?

উত্তৰঃ হৃদয় দুর্গ। 

২৫। বশিষ্ঠাশ্রমে কোন জাতিৰ গৌৰৱ ঘোষণা কৰিছে?

উত্তৰঃ আর্য জাতিৰ।

(খ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। বশিষ্ঠাশ্রম কবিতাটিত বসন্ত আৰু শৰৎ কালৰ দৃশ্য কেনেদৰে বর্ণিত হৈছে লিখা।

উত্তৰঃ কবি ৰঘুনাথ চৌধাৰীদেৱে ‘বশিষ্ঠাশ্ৰম’ কবিতাটোত গুৱাহাটী নগৰৰ দক্ষিণে সন্ধ্যাচল পাহাৰত থকা বশিষ্ঠাশ্ৰমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ এখন মনোমোহা চিত্ৰ অংকণ কৰিছে। কবি চৌধাৰীদেৱে বশিষ্ঠাশ্ৰমৰ গছ-লতা নিজৰাৰ এখন সামগ্রিক ছবি অংকণ কৰাৰ উপৰি ইয়াৰ প্ৰকৃতিলৈ অহা ঋতুকালীন পৰিবৰ্তনকো তেওঁ কবিতাৰ মাজত ধৰি ৰাখিবৰ যত্ন কৰিছে।

ঋতুৰাজ বসন্তই সম্ভাষণ জনোৱাৰ লগে লগে বশিষ্ঠাশ্ৰমৰ পুষ্পকাননত সৌন্দৰ্য উপচি পৰে। সন্ধ্যাৰ সমীৰণে ফুলৰ সুগন্ধি এনেভাৱে কঢ়িয়াই আনি বতাহত মিলাই দিয়ে যেন কোনোবাই স্বৰ্গীয় প্ৰেমৰ শান্তি সুধাহে আনি বিলাই দিছে।

সুৱগী কুলিয়ে অপূৰ্ব গানেৰে গীত জোৰে, জিলীয়ে তাৰ লগত সঙ্গতি ৰাখি বীণা বজাবলৈ ধৰে। প্ৰকৃতিৰ স্বাভাৱিক নীৰৱতা ভঙ্গ কৰি সুললিত সুৰৰ এই মধুৰ মূৰ্চনা গোটেই আশ্ৰমত প্রতিধ্বনিত হয়। এনেদৰেই বসন্তই সজাই তোলে বশিষ্ঠাশ্ৰমক।

বসন্তৰ দৰে শৰতো আহে। শৰতৰ পুৱতি জোনৰ ক্ষীণ, পাতল জ্যোতি আহি যেতিয়া ফুলৰ থোপাৰ মাজেৰে বিৰিঙি উঠে তেতিয়া এই কুঞ্জ কাননৰ মনোমোহা দৃশ্যই সকলোকে সন্মোহিত কৰে। মন ভৰি পৰে পবিত্র ভাবেৰে। এনেদৰেই শৰতে সম্ভাষণ জনায় বশিষ্ঠাশ্রমক।

২। কবিয়ে বশিষ্ঠাশ্রমক কি বুলি অভিহিত কৰিছে? বশিষ্টাশ্ৰমৰ সৌন্দৰ্যৰ বিৱৰণ দিয়া।

উত্তৰঃ কবিয়ে বশিষ্ঠাশ্ৰমক ভাগৰুৱা পথিকৰ শান্তিনিকেতন আৰু অময়া প্ৰেমৰ পুৰী বুলি অভিহিত কৰিছে।

কবি ৰঘুনাথ চৌধাৰী প্ৰকৃতি প্ৰেমত বলীয়া কবি। তেওঁ বশিষ্ঠাশ্ৰমৰ প্রাকৃতিক সৌন্দৰ্যৰ এখন মনোমোহা চিত্র অংকণ কৰিছে।

প্রথমেই তেওঁ বশিষ্ঠাশ্ৰমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি মানুহৰ মন আকৰ্ষিত কৰি কৈছে যে এই স্থান ইমানেই সৌন্দৰ্য আৰু শান্তিৰে ভৰা যে যিকোনো ভাগৰুৱা পথিকৰো ই প্ৰাণ জুৰাব পাৰিব। বশিষ্ঠাশ্ৰমৰ প্ৰকৃতি অতি শান্ত নিজম, ঠিক ধ্যান মগ্ন যোগীৰ দৰেই।

বশিষ্ঠাশ্ৰমত পৰ্বতীয়া জুৰিৰ তিনিটা ধাৰা আহি লগ হৈছেহি। তাকে কবিয়ে সন্ধ্যা, ললিতা, কান্তা বুলি অভিহিত কৰিছে। এই তিনিটি নিজৰাই সমম্বিত কণ্ঠেৰে গীত গাই যেন স্বামী ব্ৰহ্মপুত্ৰক সম্ভাষণহে জনাইছে।

নিজৰাৰ দুয়োকাষে শাৰী শাৰী ফুলৰ গছ আৰু লতিকাই যেন হালি-জালি ঋষিৰ চৰণত সেৱাহে যাচিছে। আকাশভ্ৰমী ফুৰা চৰাইবোৰে যেন বিভিন্ন শব্দৰে মঙ্গল আৰতিহে কৰিছে।

আশ্ৰমত পবিত্ৰ হোমৰ গোন্ধ বহু দূৰ বিয়পি পৰে। পবিত্ৰ হৈ পৰে গোটেই তপোবন। বনৰ চৰাই পহু সকলোৰে যেন এই ঐশ্বৰিক প্ৰেমত মুগ্ধ হৈ সামবেদৰ গানহে শুনে।

বশিষ্ঠাশ্ৰমৰ প্ৰাকৃতিক পৰিবেশ এনে হৈ থাকে যেন ঋষি দেৱ দিব্যাঙ্গনাসকলে অনবৰতে কিবা এক অমৰ বাদ্যহে বজাই আছে। সেই বাদ্যৰ তালে তালে ঋষিৰ জীয়ৰীসকলে পঞ্চমত মুৰ তুলি দীপক ৰাগিনী গাইছে।

কবিৰ এই উপলব্ধি ইমানেই গভীৰ যে বশিষ্ঠাশ্ৰমত খন্তেক নীৰৱে ৰৈ একান্তভাবে ভাবিলে তেনে এক স্বর্গীয় অনুভূতিয়েই সকলোৰে মন সন্মোহিত কৰে।

কবিয়ে সেয়েহে বশিষ্ঠাশ্ৰমৰ স্বৰ্গৰ প্ৰমোদ কানন অমৰাৱতীৰ লগত তুলনা কৰিছে। বনদেৱীসকলে ফুলৰ আৱৰণ পিন্ধি প্ৰকৃতি ফুলনিৰ মাজত আনন্দ মনেৰে বিচৰণ কৰিছে। কবিৰ এনে লাগিছে যেন সঁচাই অমৰাৱতী খনেহে আহি মৰতত শোভা কৰিছেহি।

আশ্ৰমলৈ বসন্ত আহিছে। পুষ্প কানন সৌন্দৰ্যৰে ওপচি পৰিছে আৰু সন্ধ্যাৰ বতাহে সেই ফুলৰ সুগন্ধি আনি চৌদিশে বিলাই দিছে। কুলি-কেতেকীয়ে অপূৰ্ব সুৰেৰ গীত জুৰিছে। জিলীয়ে তাৰ লগতে তাল মিলাই বীনা বাইছে আৰু সকলোৰে সমম্বিত ললিত ঝংকাৰে বশিষ্ঠাশ্ৰমত প্ৰতিধ্বনি তুলিছে।

বসন্ত অহাদি শৰতো আহিছে আৰু সাৰদী নিশাৰ পুৱৰি জোনৰ পোহৰ আশ্ৰমৰ ফুলৰ থোপাৰ মাজেদি বিৰিঙি উঠিছে। এনে এক সুন্দৰ দৃশ্য যে দেখিলেই প্ৰাণ বিভোৰ হৈ পৰে।

বিস্তীর্ণ সেউজীয়া অঞ্চলটোত অলেখ শিল। ইয়াৰে বহু শিলত অতীত গৌৰৱ আৰু পুণ্য কথা লিপিবদ্ধ হৈ আছে। এনেকৈয়ে বশিষ্ঠাশ্রমে আৰ্যৰ গৌৰৱ ঘোষণা কৰি যুগ যুগ পাৰ কৰিছে। কালৰ সোঁতত বহু যুগ হেৰাই গ’ল। বহু বিজেতাৰ হেন্দোলনিও সহ্য কৰিছে এই আশ্রমে। তথাপি নিজৰ গৌৰৱ ঘোষণা কৰি সুন্দৰৰ লীলাভূমি এই বশিষ্ঠাশ্রম আজিও একেভাবে আছে। আজিও জুৰাইছে তাপিত জনৰ হিঁয়া।

৩ । প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) লেখা আছে বশিষ্ঠৰ হৃদয় দুৰ্গত,

অতীত গৌৰৱ স্মৃতি আৰু পুণ্য কথা, 

বিশ্বলীলা অভিনয় কীৰ্তি শত শত।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি প্রকৃতি কবি ৰঘুনাথ চৌধাৰীদেৱৰ বশিষ্ঠাশ্ৰম নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবিয়ে বশিষ্ঠাশ্ৰমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ অনুপম বৰ্ণনা দাঙি ধৰিছে আৰু ইয়াৰ লগত জড়িত অতীত গৌৰৱৰ কথাও উল্লেখ কৰিছে। বশিষ্ঠাশ্ৰমৰ লগত জড়িত অতীত কাহিনীক তুলি ধৰাই এই কবিতাফাঁকিৰ উদ্দেশ্য।

ঐতিহাসিক সত্যতা পৰীক্ষিত নহয় যদিও এই কথা প্রচলিত যে বশিষ্ঠ মুনি ইয়ালৈ আহিছিল। তেওঁৰ এই আগমনে আর্য সংস্কৃতিৰ বিস্তাৰৰ কথাতে সূচাইছে। সি যিয়েই নহওঁক বশিষ্ঠাশ্ৰমৰ প্ৰকৃতিৰ মাজত সিঁচৰিত হৈ থকা শিলবোৰত এনে বহু অতীত কাহিনী বা পুণ্যকথাৰ ইংগিত স্পষ্ট হৈ আছে। বিশ্বলীলাৰ বিভিন্ন কীর্তিও ইবোৰত খোদিত হৈছে। কালৰ ধুমুহাই ইবোৰৰ গুৰুত্ব কমাব পৰা নাই বা সময়ৰ গচকত এইবোৰ নোহোৱাও হোৱা নাই। কবিয়ে এনেবোৰ উল্লেখৰ মাজেৰে বশিষ্ঠাশ্ৰমৰ গুৰুত্ব তুলি ধৰিছে আৰু দেখুৱাইছে যে অকল প্রাকৃতিক সৌন্দৰ্যৰ ফালৰ পৰাই নহয়, অতীত কীৰ্তি স্থান হিচাপেও এই স্থানৰ গুৰুত্ব কম নহয়।

(খ) আজিও বশিষ্ঠাশ্রম আছে একেভাৱে 

আৰ্যৰ গৌৰৱ ঘোষি মর্ত্য ভুৱনত, 

বিজেতাৰ হেন্দোলনি সহিছে নীৰৱে।

উত্তৰঃ উল্লিখিত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিষ্ট ৰঘুনাথ চোধাৰীদেৱৰ বশিষ্ঠাশ্ৰম নামৰ কবিতাটিৰ পৰা উদ্ধৃত। 

কবিয়ে বশিষ্ঠাশ্ৰম পৌৰাণিক গুৰুত্ব বৰ্ণনা কৰাৰ প্ৰসংগত উক্ত কথাখিনি উত্থাপন কৰিছে।

বশিষ্ঠাশ্রম গুৱাহাটীত সন্ধ্যাচল পাহাৰত অৱস্থিত এখন অতি মনোৰম ঠাই। ইয়াৰ প্ৰাকৃতিত সৌন্দৰ্য্যৰ তুলনা নাই। কবিয়ে ইয়াৰ নৈসৰ্গিক শোভাৰ চিত্র অংকন কৰাৰ লগতে এইটোও ক’ব বিচাৰিছে যে এই আশ্ৰমৰ লগত পৌৰাণিক আখ্যানো জড়িত হৈ আছে।

কালিকা পুৰাণৰ ৫১ অধ্যায়ত আছে যে কামৰূপ পীঠত সন্ধ্যাচল পর্বত আছে। তাতে বশিষ্ঠই নমাই অনা দস্তা নামৰ নৈ আছে। নদীৰ পাৰত ছাঁয়া প্ৰধান বৃক্ষ লতাদিৰে পৰিপূৰ্ণ এটা ডাঙৰ পৰ্বত আছে। ব্ৰহ্মাৰ মানসপুত্ৰ বশিষ্ঠই সেই পৰ্বতত বহি সন্ধ্যা কৰিছিল। সেয়ে সেই পাহাৰৰ নাম সন্ধ্যাচল। বশিষ্ঠ মুনিৰ লগত জড়িত এই কাহিনীয়ে আৰ্যৰ গৌৰৱ ঘোষণা কৰি আছে। বশিষ্ঠ মুনিক আর্য সংস্কৃতিৰ বাহক হিচাপেই ধৰা হৈছে। কবিয়ে কৈছে তাৰ পিছত এই কামৰূপ বহু বিজেতাৰ অধীন হৈছে। আনহাতে কালৰ ধুমুহায়ো গৰকি হৈছে। তথাপি সেই সকলো অতীতৰ সাক্ষী হৈ বশিষ্ঠাশ্ৰম আজিও একেদৰেই আছে।

৪। কবিতাটিৰ মূলকথাখিনি সহজ-সৰল ভাষাৰে চমুকৈ বুজাই লিখা। 

উত্তৰঃ বশিষ্ঠাশ্ৰম প্ৰেম আৰু শান্তিৰ আশ্রয়স্থলী হিচাপে কবিয়ে অভিহিত কৰিছে। সংসাৰৰ দুখ-ভাগৰ খন্তেক পাহৰিবলৈ হ’লে ইয়ালৈ আহি জিৰণি লব’লৈ কবিয়ে অনুৰোধ কৰিছে। প্ৰকৃতিৰ এই কাব্যবন দেৱতাসকলৰো বঞ্চিত। কোনোফালে হাই-উৰমি নোহোৱা নিখাত নিজম প্রকৃতি যোগীৰ দৰে ধ্যান মগ্ন। সন্ধ্যা, ললিতা আৰু কান্তাই বশিষ্ঠাশ্ৰমৰ পৰিৱেশ আৰু অধিক মধুৰ কৰিছে। কবিয়ে এই তিনিওকে ভাই-ভনী বুলি অভিহিত কৰিছে। বশিষ্ঠাশ্ৰমত থকা ফুলবোৰে যেন মহাযোগী বশিষ্ঠক পদযুগলতহে সেৱা কৰিছে। গগন বিহাৰী চৰাইবোৰে পবিত্ৰ কানন বিমোহিত কৰি মংগল আৰতি কৰিছে। বনৰ চৰাই, পহু আদিয়েও প্ৰেমত মুগ্ধ হৈ কোমস্ৰ কাণপাতি শুনিছে। 

এই আশ্ৰমৰ সৌন্দৰ্যত মুগ্ধ হৈ সৰগৰ মহীমাময়ী নাৰীয়ে অমৰ বাদ্য বজাইছে। ঋষি কন্যা সবই দীপক ৰাগত আৰাধনা গীত গাইছে। ইন্দ্ৰ অমৰাৱতীৰ প্ৰমোদ কাননে যেন মৰ্তৰ শোভা বৰ্ধন কৰিছে। বনদেৱীয়ে ফুলৰ আভৰণ পিন্ধি আনন্দ প্ৰকাশ কৰিছে। ঋতুৰাজ বসন্তৰ আগমনত পুষ্প উদ্যান সৌন্দৰ্যত উপচি পৰিছে। ফুলৰ, ৰূপ, ৰস আৰু গন্ধই স্বৰ্গীয় প্ৰেমৰ সুধা ঢালিছে। কুলি আৰু জিলী নিৰৱতা ভেদ কৰি মধুৰ সুৰ- তুলিছে। শৰতৰ পুৱতি নিশাৰ ক্ষীণ জোনৰ পোহৰ আশ্ৰমৰ ফুলৰ থোপাত পৰি মনোমোহা ৰূপ লৈছে। এই দৃশ্যই পৱিত্ৰ ভাৱত পৰাণ বিভোল কৰি তোলে। এই বশিষ্ঠাশ্রমে অতীতৰ গৌৰৱ স্মৃতি আৰু পুণ্যকথা বহন কৰিছে। যগু যুগ ধৰি বশিষ্ঠাশ্ৰম একেদৰে আছে। মহান আৰ্যৰ গৌৰৱ ঘোষণা কৰি আজিও বশিষ্ঠাশ্ৰম ইতিহাসৰ সাক্ষী হৈ থকাত কবিৰ মন আনন্দত উথলি উঠিছে। 

৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) বহল শ্যামল ক্ষেত্র শিলনিৰে গঁথা

……………………………………

……………………………………

বিশ্বলীলা অভিনয় কীর্তি শত শত।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি প্রকৃতি কবি ৰঘুনাথ চৌধাৰীদেৱৰ বশিষ্ঠাশ্ৰম নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবিয়ে বশিষ্ঠাশ্ৰমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ অনুপম বৰ্ণনা দাঙি ধৰিছে আৰু ইয়াৰ লগত জড়িত অতীত গৌৰৱৰ কথাও উল্লেখ কৰিছে। বশিষ্ঠাশ্ৰমৰ লগত জড়িত অতীত কাহিনীক তুলি ধৰাই এই কবিতাফাঁকি উদ্দেশ্য।

ঐতিহাসিক সত্যতা পৰীক্ষিত নহয় যদিও এই কথা প্রচলিত যে বশিষ্ঠ মুনি ইয়ালৈ আহিছিল। তেওঁৰ এই আগমনে আর্য সংস্কৃতিৰ বিস্তাৰৰ কথাতে সূচাইছে। সি যিয়েই নহওঁক বশিষ্ঠাশ্ৰমৰ প্ৰকৃতিৰ মাজত সিঁচৰিত হৈ থকা শিলবোৰত এনে বহু অতীত কাহিনী বা পুণ্যকথাৰ ইংগিত স্পষ্ট হৈ আছে। বিশ্বলীলাৰ বিভিন্ন কীৰ্তিও ইবোৰত খোদিত হৈছে। কালৰ ধুমুহাই ইবোৰৰ গুৰুত্ব কমাব পৰা নাই বা সময়ৰ গচকত এইবোৰ নোহোৱাও হোৱা নাই। কবিয়ে এনেবোৰ উল্লেখৰ মাজেৰে বশিষ্ঠাশ্ৰমৰ গুৰুত্ব তুলি ধৰিছে আৰু দেখুৱাইছে যে অকল প্রাকৃতিক সৌন্দৰ্যৰ ফালৰ পৰাই নহয়, অতীত কীৰ্তি স্থান হিচাপেও এই স্থানৰ গুৰুত্ব নহয়।

(খ) ইন্দ্ৰৰ অমৰাবতী প্রমোদ কানন

………………………………………

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি প্রকৃতি কবি ৰঘুনাথ চৌধাৰীদেৱৰ বশিষ্ঠাশ্ৰম নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

বশিষ্ঠাশ্ৰমক কবিয়ে স্বৰ্গৰ প্ৰমোদ কানন অমৰাৱতীৰ লগত তুলনা কৰিছে। বনদেৱীসকলে ফুলৰ আৱৰণ পিন্ধি প্ৰকৃতি ফুলনিৰ মাজত আনন্দ মনেৰে বিচৰণ কৰিছে। কবিৰ এনে লাগিছে যেন সঁচাই অমৰাৱতী খনেহে আহি মৰতত শোভা কৰিছেহি।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। বশিষ্ঠাশ্ৰমত থকা নদী কেইখনৰ নাম কি? 

উত্তৰঃ সন্ধ্যা, ললিতা আৰু কান্তা।

২। সামবেদ মানে কি?

উত্তৰঃ বেদ হ’ল হিন্দু সকলৰ প্ৰাচীন শাস্ত্ৰ। বেদ চাৰিখন ঋকবেদ, যজুবেদ, সামবেদ আৰু অথর্ববেদ।

৩। দীপক পঞ্চমসুৰ কি?

উত্তৰঃ দীপক ভাৰতীয় সংগীতৰ এটি ৰাগ বিশেষ। এই ৰাগৰ পঞ্চম সুৰৰ গীত গোৱাৰ কথাকে কবিয়ে উল্লেখ কৰিছে।

(খ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। কবি ৰঘুনাথ চৌধাৰীৰ পৰিচয় দাঙি ধৰা।

উত্তৰঃ অসমৰ ৰোমাণ্টিক আন্দোলনৰ এজন হোতা ৰঘুনাথ চৌধাৰীৰ জন্ম হয় কামৰূপৰ লাউপাৰাত। ল’ৰালিতে ভৰিত দুখ পাই এখন ভৰি চিৰদিনৰ বাবে পংগু হোৱা ৰঘুনাথ চৌধাৰীয়ে অষ্টম শ্ৰেণীৰ পৰাই আনুষ্ঠানিক শিক্ষা বাদ দিয়ে আৰু ঘৰতে সংস্কৃত আৰু বাংলা সাহিত্য অধ্যয়নত মনোনিবেশ কৰে। খেতি-বাতি কৰি ভাল পোৱা চৌধাৰীদেৱৰ প্ৰকৃতিৰ প্ৰতি আছিল এক গভীৰ অনুভৱ। সেয়েহে তেওঁ প্ৰকৃতিৰ মাজত থাকি ভালপোৱাই নহয় তেওঁৰ এই গভীৰ ভালপোৱাক এক সাহিত্যিক ৰূপ দিবলৈ তেওঁ চেষ্টা কৰিছিল আৰু তাৰেই ফলশ্ৰুতিত প্রকৃতি, চৰাই, আদিৰ ওপৰত আমি লাভ কৰিছো কেইটিমান অতি মূল্যৱান কবিতা। জোনাকীৰ পাততে কবিতাৰ পাতনি মেলা চৌধাৰী দেৱ কিছুদিন জোনাকীৰ সহকাৰী সম্পাদকো আছিল। পিচলৈ তেওঁ মইনা, জয়ন্তী, সুৰভি আদি কাকত সম্পাদনা কৰিছিল। চৌধাৰীদেৱৰ কবিতাপুথি হ’ল ‘সাদৰী’, ‘কাৰবালা’, ‘কেতেকী’, ‘দহিকতৰা’ আৰু গদ্য পুথি ‘পচতীয়া’আৰু ‘নৱমল্লিকা’। 

চৌধাৰীদেৱ মূলতঃ প্ৰকৃতি কবি। প্রকৃতিক সজীৱ কৰি ৰখা চৰাইবোৰ কবিৰ আৰু প্ৰিয়। সেয়েহে তেওঁ চৰাইৰ ওপৰত ভালকেইটা বিখ্যাত কবিতা ৰচনা কৰিছে, যাৰ বাবে তেওঁক বিহগী কবি আখ্যা দিয়া হয়। কবি চৌধাৰীদেৱ সম্পূর্ণভাবেই ৰোমাণ্টিক ভাবাদর্শেৰে পুষ্ট কবি। কিন্তু উল্লেখনীয় যে তেওঁ নিজে পাশ্চাত্য ৰোমাণ্টিক কবিৰ কবিতাৰ লগত ঘনিষ্ঠ সম্পৰ্ক কৰিব পৰা নাছিল। তেওঁ সংস্কৃত আৰু বঙালী সাহিত্যৰ অধ্যয়নৰ মাজেৰেহে নিজকে অধিক সমৃদ্ধ কৰিছিল। তথাপি ইংৰাজী সাহিত্যৰ লগত হোৱা সামান্য পৰিচয়, সমসাময়িক বঙলা সাহিত্যৰ অধ্যয়নৰ মাজেৰেও হোৱা অভিজ্ঞতা আৰু সেই সময়ত অসমীয়া সাহিত্যলৈ অহা নতুন জোৱাৰ এই সকলোৰে সন্মিলনত তেওঁৰ ৰমন্যাসিক চিন্তা চেতনাই শ্ৰীবৃদ্ধি লাভ কৰিছিল। চৌধাৰীদেৱে ভালেমান মহৎ কবিতাৰে অসমীয়া কাব্যৰ জগতখন মোহনীয় কৰি থৈ গৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top