ৰাভা দিৱস : ছাত্ৰ ছাত্ৰীৰ বাবে ৰাভা দিৱসৰ ভাষণ

নমস্কাৰ পোন প্ৰথমে আজিৰ সভাত উপস্থিত থকা অতিথিবৃন্দ সকল, শ্ৰদ্ধাৰ শিক্ষক বৃন্দ সকল, বন্ধু – বান্ধৱী সকল আৰু মোৰ মৰমৰ ভন্টি – ভাইটি সকল সকলোকে ৰাভা দিৱস ৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি ৰাভা দিৱসৰ শুভ ক্ষণত অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ বিষ্ণু প্ৰসাদ ৰাভা দেৱক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁৰ বিষয়ে দুশাৰী কবলৈ লৈছোঁ যদিহে কিবা ভুল – ত্ৰুটি হৈ তেন্তে ক্ষমা কৰিব।

ৰাভা দিৱস : ছাত্ৰ ছাত্ৰীৰ বাবে ৰাভা দিৱসৰ ভাষণ
Join Telegram channel

Read also: নেতাজী দিৱস : ছাত্ৰ ছাত্ৰীৰ বাবে নেতাজী দিৱসৰ ভাষণ

 আজি ২0 জুন প্ৰতিবছৰে এই দিনটোত কলাগুৰু  বিষ্ণু প্ৰসাদ ৰাভা দেৱক সন্মান জনাই শ্ৰদ্ধাৰে সুঁৱৰি ৰাভা দিৱস হিচাপে পালন কৰা হয়। বহুমুখী প্ৰতিভাৰ অধিকাৰী বিষ্ণু প্ৰসাদ ৰাভা আছিল এজন সুদক্ষ কবি, নাট্যকাৰ, শিল্পী, সাহিত্যিক, সঙ্গীতজ্ঞ, চিত্ৰকৰ, নৃত্যবিদ। এইজনা গুৰুয়ে১৯o৯ বৰ্ষৰ ৩১ জানুৱাৰীত জন্ম গ্ৰহন কৰে।  তেখেতৰ পিতৃৰ নাম হৈছে গোপাল চন্দ্ৰ মুছাহাৰী। ৰাভা দেৱে অসমীয়া সংস্কৃতি আৰু সংগীতৰ ক্ষেত্ৰত অসামান্য অৱদান আগবঢ়াইছে। লগতে তেওঁ অসমীয়া জাতীয়তাবাদ আৰু ভাষা আন্দোলনৰ অন্যতম নেতা আছিল। উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ কলিকতালৈ যায় আৰু ১৯২৮ বৰ্ষত চেণ্টপল’ কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি ত পৰীক্ষাত পাছ কৰে। শিক্ষা লৈ থকা অৱস্থাতে তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনতো মনোনিৱেশ কৰে আৰু আৰ চি পি আই বা ভাৰতৰ বিপ্লবী সাম্যবাদী দলত তেওঁ যোগদান কৰে।

বিষ্ণু প্ৰসাদ ৰাভা অসমীয়া সাহিত্য সংস্কৃতিক বহুত কালজয়ী গীতৰ অৱদান আগবঢ়াই গৈছে। ৰাভা দেৱৰ গীত আৰু কবিতা সমূহত সেই সময়ছোৱাৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা জিলিকি উঠিছিল। তেওঁৰ ৰচিত গীত সমূহক ৰাভা সংগীত বুলি কোৱা হয়। ৰাভা দেৱে অসমৰ জনজাতীয় নৃত্যৰ পৰা আৰম্ভ কৰি দাক্ষিণাত্যৰ বিভিন্ন প্ৰাচীন নৃত্য মূৰ্তিৰ ভগ্নাৱশেষলৈকে অধ্যয়ন কৰি ভিন্ন নৃৃত্যৰ বিভিন্ন মুদ্ৰা আৰু শৈলী সংগ্ৰহ কৰিছিল।  অসমীয়া সাহিত্য – সংস্কৃতিলৈ চিৰযুমীয়া অৱদান আগবঢ়োৱা এইজনা গুৰুক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক ‘কলাগুৰু’ সন্মানেৰে বিভূষিত কৰে। তেখেতৰ অৱদান , কালজয়ী গীত সমূহ সমূহ অসমীয়া সাহিত্য – সংস্কৃতিৰ পাতে পাতে চিৰযুমীয় হৈ থাকিব। 

Read also; শিক্ষক দিৱস | শিক্ষক দিৱসৰ ৰচনা / ভাষণ – Teachers Day Speech in Assamese

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top