ছোৱাইন ফ্লু ৰচনা | Swine flu Essay in Assamese

ছোৱাইন ফ্লু ৰচনা | Swine flu Essay in Assamese

Join Telegram channel

বৰ্তমান আমাৰ সমাজ জীৱনক নানাধৰণৰ সমস্যাই জুৰুলা কৰি আহিছে। তেনে কিছুমান সমস্যাৰ ভিতৰত বিশেষভাৱে উল্লেখ কৰিব পাৰি কিছুমান ন ন ৰোগৰ কথা। বিভিন্ন কাৰণত আমাৰ চৌপাশৰ পৰিৱেশ বিষাক্ত হোৱাৰ বাবেই হয়তো কিছুমান ভয়াৱহ ৰোগে জনজীৱনক স্তব্ধ কৰি তুলিছে। অৱশ্যে এনেধৰণৰ ৰোগত যে আজিৰ লোকসকলেই শংকিত হৈ পৰিছে, তেনে নহয়। অতীততো কলেৰা, হাইজা আদি ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰি একোটা অঞ্চল তথা গাঁও উছন কৰিছিল। সেই সময়ত সেই ৰোগবোৰৰ কোনো ফলপ্ৰসূ ঔষধ আৱিষ্কাৰ হোৱা নাছিল বাবে জনজীৱন বিপর্যস্ত হৈছিল। সময়ত কলেৰা, হাইজা, জণ্ডিছ আদি ৰোগ সাধাৰণ ৰোগত পৰিণত হ’ল স্বাস্থ্যসন্মত চিকিৎসা সেৱাৰ দ্ৰুত অগ্ৰগতিৰ বাবে। কিন্তু আজি নতুনকৈ কিছুমান ৰোগে জনজীৱনক ভীতিগ্রস্ত কৰি তোলা পৰিলক্ষিত হৈছে। তেনে ৰোগবোৰৰ ভিতৰত আমি নিঃসন্দেহে ‘ছোৱাইন ফ্লু’ৰ কথা উল্লেখ কৰিব পাৰো, যিটো ৰোগে অতিসম্প্রতি সমগ্র বিশ্বকে সম্ভ্ৰস্ত কৰি তুলিছে।

ছোৱাইন ফ্লু ৰচনা | Swine flu Essay in Assamese

ছোৱাইন ফ্লু ৰচনা | Swine flu Essay in Assamese

চিকিৎসা বিজ্ঞানৰ ভাষাত ‘ইনফ্লুয়েঞ্জা-এ H₁N₁’ নামৰ ৰোগবিধকে ‘ছোৱাইন ফ্লু’ বুলি জনা যায়। ইয়াক ‘গাহৰি জ্বৰ’ বুলিও জনা যায়। মূলতঃ ই একপ্ৰকাৰৰ ভাইৰাছজনিত ৰোগ। ইয়াৰ উৎপত্তি হয় গাহৰিৰ পৰা। সেয়ে গাহৰিৰ সংস্পৰ্শৰ পৰা পাৰ্যমানে আঁতৰি থাকিবলৈ যত্ন আমাৰ প্ৰথম তথা প্রধান দায়িত্ব।

ছোৱাইন ফ্লু কি? | What is swine flu?

ছোৱাইন ফ্লুৰ লক্ষণবোৰৰ ভিতৰত আমি প্ৰধানকৈ লক্ষ্য কৰা কেইটামান লক্ষণৰ বিষয়ে তলত আলোচনা কৰা হ’ল।

ছোৱাইন ফ্লু ৰ লক্ষণ | Symptoms of swine flu

ছোৱাইন ফ্লু, অর্থাৎ ‘ইনফ্লুয়েঞ্জা-এ H,N, ‘সাধাৰণতে একপ্ৰকাৰৰ জ্বৰ। গতিকে এই ৰোগৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে ৰোগীৰ তিৰকঁপে জ্বৰ উঠে। ইয়াৰ উপৰি ৰোগীয়ে ডিঙিৰ বিষৰ লগতে শাৰীৰিক দুর্বলতা অনুভৱ কৰে, ৰোগীৰ ভোক নালাগে, বমি বমি ভাব এটা থাকে। এইবোৰৰ উপৰি আক্রান্ত লোকৰ বদহজম হ’ব পাৰে, যাৰ বাবে তেওঁ পেটৰ গোলমালতো ভুগিব পাৰে। ৰোগীৰ চৰ্দি লাগে আৰু কাহো হ’ব পাৰে।

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে উপৰিউক্ত লক্ষণবোৰ দেখা দিলেই এজন লোক ছোৱাইন ফ্লুত আক্রান্ত বুলি পোনে পোনে ধৰি লোৱাটো ভুল। অভিজ্ঞ চিকিৎসকৰ দ্বাৰা তেজ পৰীক্ষা কৰাৰ পিছতহে ৰোগ সম্পর্কে নিশ্চিত হোৱা উচিত।

Read Also: বার্ড ফ্লু ৰচনা | Bird flu Essay in Assamese

সংক্রামণ আৰু বিস্তাৰ | Infection and spread

ছোৱাইন ফ্লু সাধাৰণতে আক্রান্ত লোকৰ পৰা সুস্থ মানুহলৈ বিয়পে। অর্থাৎ আক্রান্ত লোকৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ সংক্ৰমণ হ’ব পাৰে। আমাৰ দেশতো এই ৰোগ সংক্ৰমণৰ ফলতে উদ্ভৱ হ’ল। সাধাৰণতে এই ৰোগৰ উৎপত্তি বিদেশত। গতিকে বিদেশৰ পৰা আক্ৰান্ত লোকৰ দ্বাৰা প্ৰব্ৰজন ঘটি এই বোগে আমাৰ দেশতো ভয়াৱহ ৰূপ ধাৰণ কৰিলে। বিশেষকৈ এখন দেশৰ পৰা সিখন দেশলৈ ভ্ৰমণ কৰা লোকৰ দ্বাৰা এই ৰোগৰ সংক্ৰমণ বিস্তৃতভাৱে হোৱা দেখা যায়। সেয়ে বিমান বন্দৰবোৰত যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰাৰো ব্যৱস্থা কৰা হয়, যাতে এই ৰোগৰ বীজাণুৱে বিস্তাৰ লাভ কৰিব নোৱাৰে।

ভাৰতত ছোৱাইন ফ্লু | Swine flu in India

বিশ্বৰ ভিন্ন প্ৰান্তৰ দৰে ভাৰততো ছোৱাইন ফ্লুৰ প্ৰৱেশ ঘটে। এই ৰোগত আক্ৰান্ত হৈ প্ৰথম মৃত্যুমুখত পৰে মহাৰাষ্ট্ৰৰ পুণে চহৰৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী। ২০০১ চনৰ ৪ আগষ্টত মৃত্যুমুখত পৰা এই কিশোৰীগৰাকীৰ নাম আছিল বিদা আয়েশা শ্বেখ । ইয়াৰ উপৰি উক্ত বৰ্ষৰে ১৫ আগষ্টলৈকে সমগ্ৰ ভাৰতত বিভীষিকাৰ ৰূপ লোৱা ছোৱাইন ফ্লুত আক্রান্ত হোৱা ভিন্ন ঠাইৰ লোকৰ সংখ্যা এনেধৰণৰ – বাংগালুৰুত ৫জন, পশ্চিমবংগত ৩৯জন, দিল্লীত ১৫জন, কেৰালাত ১৩জন, তামিলনাডুত ৫জন, কলকাতা মহানগৰত ৪জন, শ্বিলঙত ৪জন, মিজোরামত ২জন, গুৰগাঁৱত ২জন, গুজৰাট, গোৱা, পাটনা, হায়দৰাবাদ, নইদা, চণ্ডীগড়, জয়পুৰ আৰু ফৰিদাবাদত একোজনকৈ।

অসমত ছোৱাইন ফ্লু | Swine flu in Assam

অসমত ছোৱাইন ফ্লুত আক্রান্ত হোৱা প্ৰথমগৰাকী ৰোগী আছিল অনাঅসমীয়া এগৰাকী লোক। পুনেৰ ধীৰাজ যাদৱ নামৰ ২১ বছৰীয়া এই যুৱকজনে গুৱাহাটীত থকা বায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল ১৩ আগষ্টত। গুৱাহাটীত যেতিয়া তেওঁ অসুস্থ হ’ল, তেতিয়া চিকিৎসালয়ৰ পৰীক্ষাত ধৰা পৰিল যে ইতিমধ্যে তেওঁ ছোৱাইন ফ্লুৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। লগে লগে তেওঁক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ আইছ’লেটেড ৱাৰ্ডত ভৰ্তি কৰোৱাই চিকিৎসা প্রদান কৰাৰ পিছত সুস্থ হৈ উঠে।

ইয়াৰ পিছত ছোৱাইন ফ্লুত আক্ৰান্ত হোৱাৰ সন্দেহত যথেষ্টসংখ্যক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও এই ৰোগত আক্ৰান্ত হোৱা বুলি কোনো লোকক চিনাক্ত কৰা নহয়। ছোৱাইন ফ্লুৰ ভয়াৱহতাৰ পিনে লক্ষ্য ৰাখি অসম চৰকাৰৰ স্বাস্থ্য বিভাগে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। বিশেষকৈ চিকিৎসকসকলক এই ৰোগৰ প্ৰতিৰোধৰ বাবে বিশেষভাৱে প্রশিক্ষণপ্রাপ্ত কৰাৰ উদ্দেশ্যে ১০৯ বৰ্ষৰে ১২, ১৩ আগষ্টত দুদিনীয়াকৈ ৰাজ্যখনৰ মুঠ ৮৮জন চিকিৎসকক গুৱাহাটীত প্রশিক্ষণ দিয়া হয়। ইয়াৰ পিছতো ৰাজ্যখনৰ বিভিন্ন জিলা যেতিয়া এই ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হয়, তেতিয়া চৰকাৰে জিলাই জিলাই চিকিৎসকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে।

Read Also: Protect Your Health

প্ৰচাৰ মাধ্যমত ছোৱাইন ফ্লু | Swine flu in the media

বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা এই ছোৱাইন ফ্লুৰ বিষয়ে সংবাদ মাধ্যমত বিস্তৃতভাৱে প্ৰচাৰ হোৱাৰ ফলত সমগ্ৰ বিশ্বতে এই ৰোগৰ ভয়াৱহতাৰ বিষয়ে জনসাধাৰণ জ্ঞাত হয়। প্ৰচাৰ মাধ্যমত এই ৰোগৰ উৎপত্তি, বিকাশ, প্ৰতিৰোধৰ উপায় আদিৰ বিষয়ে আলোচনা হোৱাৰ উপৰি একাংশ প্ৰচাৰ মাধ্যমত, বিশেষকৈ বাতৰি কাকতত এই ৰোগবিধ সম্পর্কে কিছুমান আপত্তিজনক কথাও প্ৰচাৰ হোৱা দেখা গৈছে। তেওঁলোকৰ মতে, এচাম বিদেশী ঔষধ প্রস্তুতকাৰী সংস্থাৰ বজাৰ সুনিশ্চিত কৰিবলৈ হেনো পশ্চিমীয়া সংবাদ মাধ্যম তথা স্বার্থান্বেষী মহল এটাৰ চিকাৰ হ’বলগা হৈছে বিশ্বৰ কোটি কোটি লোক। সংবাদ মাধ্যমত প্রকাশ যে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্রতিবেদনত প্ৰকাশ পোৱা মতে, এই ৰোগত এতিয়ালৈ বিশ্বৰ ০.৪% লোকৰহে মৃত্যু ঘটিছে। কিন্তু কলেৰা, হাইজা, মেলেৰিয়াত মৃত্যুৰ হাৰ ইয়াতকৈও অধিক। গতিকে সচেতন লোক মাত্ৰে বুজি পাব যে ছোৱাইন ফ্লু অতি ভয়াৱহ ৰোগ হ’ব নোৱাৰে; যিহেতু ইয়াৰ চিকিৎসা পদ্ধতিও আৱিষ্কাৰ নোহোৱাকৈ থকা নাই।

এটা অসাধু চক্রই পাশ্চাত্যৰ কেইখনমান কাকতৰ যোগেৰে সমগ্ৰ বিশ্বতে ছোৱাইন ফুৰ ভয়াৱহতাৰ বিষয়ে প্ৰচাৰ কৰি জনতাৰ মাজত ত্ৰাসৰ সৃষ্টি কৰাৰ মূলতে হ’ল সংশ্লিষ্ট চক্ৰটোৰ লগত জড়িত কেইটামান ঔষধ প্রস্তুক কৰা কোম্পানী। তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা ঔষধ এই ৰোগৰ গইনা লৈ সমগ্র বিশ্বতে মুকলি কৰি দি এখন ৰমৰমীয়া বজাৰ সৃষ্টি কৰি মুনাফা লুটাটোৱেই সেই অসাধু চক্ৰটোৰ প্রধান লক্ষ্য। সমগ্র বিশ্বত ১২ হাজাৰ কোটি টকাৰ ছোৱাইন ফ্লুৰ প্ৰতিৰোধক একমাত্ৰ দৰব ‘টেমিফ্লু’ টেবলেটৰ বিক্ৰী হোৱা বুলি ছুইজাৰলেণ্ডৰ এক ঔষধ প্রস্তুতকাৰী সংস্থাই জানিবলৈ দিছে। অকল ভাৰত চৰকাৰেই ৫৬০ কোটি টকাৰ এই ৰোগৰ প্ৰধান ঔষধ ‘টেমিফু’ ক্ৰয় কৰাৰ সিদ্ধান্ত লয়, যি ঔষধৰ মূল্য এই ৰোগৰ বিষয়ে প্ৰচাৰ হোৱাৰ আগতে একেবাৰে সামান্য আছিল।

ইয়াৰ উপৰি ভাৰতৰ ৰাজধানী চহৰ দিল্লীত ঔষধৰ কথা বাদ, অকল ‘মাস্ক’ৰ নামতেই ২-৩ দিনৰ ভিতৰতেই ১ কোটি টকাতকৈও অধিক মূল্যৰ মাস্ক বিক্ৰী হোৱাটো মন কৰিবলগীয়া। এইবোৰৰ উপৰি ছোৱাইন ফ্লুৰ সময়ত লিকুইড হেও ছেনিটাইজাৰ, থাৰ্ম’মিটাৰ, বীজাণুনাশক কমাল আদিৰ এখন ৰমৰমীয়া বজাৰ সৃষ্টি হোৱা দেখা গৈছে। এইখিনিতে এটা মন কৰিবলগীয়া কথা এই যে বেচৰকাৰী চিকিৎসালয়বোৰে ৫ হাজাৰ টকা মূল্যৰ এক বিশেষ ‘ছোৱাইন ফ্লু কিট’ বিক্ৰী কৰা দেখা যায়, যিবোৰ চৰকাৰী চিকিৎসালয়বোৰত অতদিনে ছোৱাইন ফ্লুত আক্রান্ত লোকক বিনামূলীয়াকৈয়ে প্ৰদান কৰি অহা হৈছিল। গতিকে ছোৱাইন ফ্লুৰ ওচৰত বিশ্বৰ কোটি কোটি জনসাধাৰণক পণবন্দী কৰি এচাম ধূৰন্ধৰ ব্যৱসায়ীয়ে এখন ৰমৰমীয়া ‘ছোৱাইন বজাৰ’ সৃষ্টি কৰা কথাষাৰ নুই কৰিব নোৱাৰি।

ছোৱাইন ফ্লুৰ পৰা হাত সৰাৰ বাবে কিছুমান প্ৰতিৰোধ ব্যৱস্থাৰ বিষয়ে বিজ্ঞ মহলে প্ৰচাৰ কৰিছে। যিহেতু এই ৰোগবিধ গাহৰিৰ পৰা উৎপন্ন হয়, গতিকে এই ৰোগৰ পৰা হাত সৰাৰ প্ৰধান প্ৰতিৰোধ ব্যৱস্থা হ’ল- গাহৰিৰ সংস্পৰ্শৰ পৰা নিজক আঁতৰাই ৰখা । ইয়াৰ উপৰি আক্ৰান্ত লোকৰ পৰা নিৰাপদ দূৰত্বত থাকিও এই ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। লগতে যদি কাৰোবাক এই হোৱা বুলি সন্দেহ কৰা হয়, তেন্তে লগে লগে তেওঁক চিকিৎসালয়ৰ আছুতীয়া কক্ষত, অর্থাৎ ‘আইছলেছন ৱাৰ্ড’লৈ স্থানান্তৰ কৰিব লাগে আৰু শীঘ্ৰে তেজ পৰীক্ষা কৰি ৰোগ চিনাক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে।

প্ৰতিৰোধ | Prevention

ছোৱাইন ফ্লুৰ প্ৰতিৰোধ ব্যৱস্থা সম্পর্কে বন দৰবৰো আশ্রয় ল’ব পাৰি বুলি একাংশ চিকিৎসকে মতপ্ৰকাশ কৰিছে। বিশেষকৈ নিতৌ পুৱা খালী পেটত ১০ৰ পৰা ২০ খিলা তুলসীৰ পাত চোবাই খালে এই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় বুলি কোনো কোনো চিকিৎসা বিশেষজ্ঞই মত ব্যক্ত কৰিছে।

সামৰণি

ছোৱাইন ফ্লুক লৈ যিয়েই ব্যৱসায় নচলাওক কিয়, এই ৰোগ যিহেতু এক সোঁচৰা ৰোগ, গতিকে ইয়াৰ পৰা হাত সাৰিবলৈ সাৱধানতা অৱলম্বন কৰা উচিত। এইখিনিতে এটা মন কৰিব লগীয়া কথা যে ৰোগ হোৱাৰ পিছত চিকিৎসা কৰাতকৈ হোৱাৰ আগতেই নহ’বলৈ সাৱধানতা অৱলম্বন কৰাটোহে বুদ্ধিমানৰ কাম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top