বার্ড ফ্লু ৰচনা | Bird flu Essay in Assamese
আৰম্ভণি
বার্ড ফ্লুক অসমীয়াত ‘পক্ষীজ্বৰ’ বুলি কোৱা হয়। ই ভাইৰাছৰ দ্বাৰা সংক্রমিত এবিধ সোঁচৰা ৰোগ। সাধাৰণতে এই ভাইৰাছ পৰিভ্ৰমী চৰাইৰ পৰা পোহনীয়া পক্ষীলৈ সংক্রমিত হয়। বার্ড ফ্লুৰ ভাইৰাছবিধক চিকিৎসা বিজ্ঞানৰ ভাষাত এভিয়ান ইনফ্লুয়েঞ্জা অথবা H₅N₁ বুলিও কোৱা হয়। ই এনে এক প্ৰকাৰৰ ইনফ্লুয়েঞ্জা, যি প্ৰথমতে চৰাইৰ গাত দেখা দিয়ে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ভাৰতকে ধৰি বিশ্বৰ ২৭খন দেশত এতিয়ালৈকে এই ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে । ল’বলগীয়া সাৱধানতা অচিৰেই অৱলম্বন নকৰিলে এই ৰোগৰ ভাইৰাছে সমগ্ৰ বিশ্বতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে। ইয়াৰ উপৰি বিশ্ব স্বাস্থ্য সংস্থাৰেই আন এক প্রতিবেদনত প্ৰকাশ পোৱা মতে, এতিয়ালৈকে বিশ্বত এই ৰোগত আক্রান্ত লোকৰ শতকৰা ৭৫ ভাগেই মৃত্যুমুখত পৰিছে।

লক্ষণ | Symptoms
বার্ড ফ্লু যিহেতু একপ্ৰকাৰৰ ইনফ্লুয়েঞ্জা, গতিকে এই ৰোগত আক্রান্ত লোকৰ অতিপাত জ্বৰ উঠে। ৰোগীৰ চৰ্দী লাগে আৰু অনবৰত নাকেৰে পানী বৈ থাকে। এইবোৰৰ উপৰি এই ৰোগত আক্ৰান্ত হোৱা ৰোগীয়ে উশাহ-নিশাহত কষ্ট অনুভৱ কৰে। সেই কাৰণেই ইয়াক ‘ইউ আৰ আই (আপাৰ ৰেছপিৰেটৰী ট্ৰেক্ট ইনফেকছন- উশাহ-নিশাহত কষ্ট আৰু জ্বৰত আক্ৰান্ত হোৱা বুলি কোৱা হয়।
প্ৰসাৰ | Propagation
বার্ড ফ্লু যিহেতু একপ্ৰকাৰৰ সোঁচৰা ৰোগ, গতিকে ই’ইজনৰ গাৰ পৰা সিজনৰ গালৈ সহজে বিয়পে । প্ৰথম অৱস্থাত চৰাই-চিৰিকটিৰ মাজত ই প্ৰসাৰ লাভ কৰে। আক্ৰান্ত কুকুৰা-হাঁহৰ বিষ্ঠা, খাদ্য আদিৰ মাধ্যমেৰে ইপক্ষীকূলৰ মাজত বিস্তাৰ লাভ কৰে আৰু এইবোৰ যেতিয়া মানুহৰ সংস্পৰ্শলৈ আহে, তেতিয়া ইমানুহৰ দেহত প্ৰৱেশ কৰে। এইখিনিতে উল্লেখ কৰা দৰকাৰ যে চৰাই যিহেতু উৰণীয়া জীৱ, গতিকে ইহঁতৰ দ্বাৰা এই ৰোগে সহজতে বিস্তাৰ লাভ কৰে। পৰিভ্ৰমী চৰাইবোৰে ইখন দেশৰ পৰা সিখন দেশলৈ ঘূৰি ফুৰোঁতে এই ৰোগৰ বীজাণুও কঢ়িয়াই লৈ ফুৰায়, যাৰ ফলত এই ৰোগে সমগ্ৰ বিশ্বকে ছানি ধৰাটো একো ডাঙৰ কথা নহয় । চৰাইৰ প্ৰব্ৰজন ৰোধ কৰাটো সহজ কথা নহয়, গতিকে এই ৰোগে সমগ্ৰ বিশ্বকে আগুৰি ধৰাটোত অস্বাভাৱিকতা নাই।
Read Also: প্রতিবন্ধীসকলৰ প্ৰতি সামাজিক কর্তব্য ৰচনা | Social Duty with Disabilities Essay in Assamese
প্ৰতিৰোধ | Prevention
বাৰ্ড ফুৰ পৰা ৰক্ষা পৰাৰ ক্ষেত্ৰত সজাগতাৰ বাহিৰে ডাঙৰ প্ৰতিৰোধ নাই। আক্রান্ত চৰাইৰ মলমূত্র, পাখি, খাদ্য আদিৰ পৰা নিজকে নিলগাই ৰাখিব লাগে। এইবোৰ পলিথিনেৰে মেৰিয়াই দূৰত গাঁত খান্দি পুতি পেলোৱাৰ উপৰি পুৰি পেলাব লাগে। আক্রান্ত চৰাইৰ মঙহ খোৱাৰ পৰা নিজকে বাৰণ কৰিব লাগে। এইবোৰৰ উপৰি আক্ৰান্ত হোৱাৰ পিছত ই যাতে আন সুস্থ জীৱদেহলৈ বিয়পি নোৱাৰে, তাৰ বাবে আক্রান্ত চৰাইবোৰ হত্যা কৰি পুতি পেলাব লাগে। সেইবাবেই অসম স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ এক জাননীত প্ৰকাশ যে যিখন ঠাইত এই পক্ষীজ্বৰে দেখা দিয়ে, সেই ঠাইৰ পৰা ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মুৰ্গী, হাঁহ, পাৰ বা আন ঘৰচীয়া চৰাইবিলাক মাৰি পেলাব লাগে, যাতে চৰাইৰ পৰা এই ভাইৰাছে মানুহৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে।
অৰ্থনীতিত প্ৰভাৱ | Impact on Economy
পক্ষীজ্বৰ বা বাৰ্ড ফুৱে আমাৰ অৰ্থনীতিতো ভালেমান উল্লেখযোগ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। আমাৰ গ্ৰামাঞ্চলত এনে বহু পৰিয়াল আছে, যিয়ে হাঁহ-পাৰ-কুকুৰা আদি পুহি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰে। ভাইৰাছত আক্ৰান্ত হোৱাৰ সময়ত এই জীৱবোৰ মাৰি পেলাবলৈ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ দিয়া হয়। ইয়াৰ বাবে বহুতো পৰিয়াল ক্ষতিগ্রস্ত হয়। উদাহৰণ স্বৰূপে বিগত ২০০৮ চনৰ শেষৰ ফালে বার্ড ফ্লুৱে মহামাৰীৰ ৰূপত দেখা দিয়াৰ সময়ত অকল কামৰূপ, নলবাৰী, বৰপেটা, চিৰাং, ডিব্ৰুগড় জিলাতে প্রায় ২ লাখ ৬০ হাজাৰ পক্ষী নিধন কৰা হৈছিল বুলি চৰকাৰী টোকাত প্ৰকাশ পাইছিল । পক্ষী নিধন কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা জনগণক কিছু ক্ষতিপূৰণ দিয়া হৈছিল যদিও সি পর্যাপ্ত নোহোৱাৰ বাবে দুখীয়া পৰিয়ালবোৰ ভীষণ আর্থিক দীনতাত ভোগাটো ডাঙৰ কথা নহয়৷ ইয়াৰ উপৰি কিছুমান নিবনুৱা যুৱক-যুৱতীয়ে আত্মসহায়ক গোট বা নিজ প্ৰচেষ্টাত হাঁহ-কুকুৰাৰ ফাৰ্ম খুলি জীৱিকা নিৰ্বাহৰ বাট মোকলাইছিল যদিও তেওঁলোকো এই ৰোগৰ বাবে ভীষণভাৱে ক্ষতিগ্রস্ত হ’ব লগা হয়। গতিকে দেখা যায় যে বার্ড ফ্লুরে আমাৰ সমাজৰ আৰ্থিক দিশটোৰ ওপৰতো বৰ বেয়াধৰণে প্ৰভাৱ বিস্তাৰ কৰে।
Read Also: Class 9 Geography Solution
সামৰণি
বার্ড ফ্লু এটা সাধাৰণ ৰোগ নহয়৷ অসমত বৰ্তমান এই ৰোগত আক্ৰান্ত হ’লে মাত্র ১০০-২০০ মানুহক চিকিৎসা প্রদান কৰিবৰ জোখাৰেহে চৰকাৰৰ ওচৰত সামৰ্থ আছে, ইয়াতকৈ বেছি লোক আক্রান্ত হলে কেনে পৰিস্থিতি হ’ব পাৰে, সি সহজেই অনুমেয়; তাতে এই ৰোগৰ ফলপ্ৰসূ ঔষধ-পাতিও সদ্যহতে আৱিষ্কাৰ হোৱা নাই৷ গতিকে নিজে এই মাৰাত্মক ৰোগবিধৰ প্ৰতিৰোধৰ ওপৰত আমি গুৰুত্ব দিয়া উচিত।