⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science Important Chapter 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ

SEBA Class 7 Science Important Chapter 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ Solutions and select need one. SEBA Class 7 Science Additional Notes in Assamese Download PDF. SCERT Class 7 Science Important Solutions New Textbook in Assamese.

SEBA Class 7 Science Important Chapter 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Amar Bijnan (Science) Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Important Question Answer for All Chapters, You can practice these here.

Chapter: 6

IMPORTANT QUESTION ANSWER

চমু প্ৰশ্ন উত্তৰ:

১। কোনো এটা অঞ্চলৰ জলবায়ু প্ৰভাৱিত কৰা প্ৰধান কাৰকটো কি?

উত্তৰঃ কোনো এটা অঞ্চলৰ জলবায়ু ঠাইখনৰ অক্ষাংশকে ধৰি আন বহু কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়।

২। ভাৰতৰ দুটা অঞ্চলৰ নাম লিখা যি ‘ক্ৰান্তীয় সেমেকা’ জলবায়ু মণ্ডলৰ অন্তৰ্গত।

উত্তৰঃ পশ্চিমঘাট অঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ (যেনে— অসম) এই মণ্ডলৰ অন্তৰ্গত।

৩। জলবায়ু পৰিৱৰ্তনৰ সংজ্ঞা কি?

উত্তৰঃ জলবায়ু পৰিৱৰ্তনৰ অৰ্থ হৈছে পৃথিৱীৰ গড় বতৰৰ অৱস্থাৰ হোৱা দীৰ্ঘম্যাদী পৰিৱৰ্তন।

৪। বায়ুমণ্ডলত আটাইতকৈ প্ৰচুৰ পৰিমাণে পোৱা সেউজগৃহ গেছবিধ কি?

উত্তৰঃ জলীয় বাষ্প হৈছে বায়ুমণ্ডলত আটাইতকৈ প্ৰচুৰ পৰিমাণে পোৱা সেউজগৃহ গেছ।

৫। ‘গোলকীয় উষ্ণতা বৃদ্ধি’ কি?

উত্তৰঃ সেউজগৃহ গেছৰ বৰ্ধিত পৰিমাণে সেউজগৃহ প্ৰভাৱৰ প্ৰৱলতা বঢ়াই দিয়াৰ ফলত পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পোৱাকে গোলকীয় উষ্ণতা বৃদ্ধি বোলা হয়।

৬। গৰু আৰু ম’হৰ দৰে পশুধনৰ মলৰ পৰা প্ৰধানকৈ কোনবিধ সেউজগৃহ গেছ নিৰ্গত হয়?

উত্তৰঃ এই জন্তুবোৰৰ মল-মূত্ৰৰ পৰা মিথেন গেছ নিৰ্গত হয়।

৭। ‘সেউজ শক্তি’ৰ উৎস কি?

উত্তৰঃ যিবোৰ উৎসৰপৰা বিদ্যুৎ উৎপাদন কৰোঁতে সেউজগৃহ গেছৰ নিৰ্গমন অতি সামান্য হয় বা একেবাৰেই নহয়, তেনেবোৰ শক্তিক সেউজ শক্তি বোলা হয়; যেনে— সৌৰশক্তি, বায়ুশক্তি আৰু জলশক্তি।

৮। ‘মৰুভূমিকৰণ’ কি?

উত্তৰঃ বৰ্ধিত উষ্ণতা আৰু বৰষুণৰ পৰিমাণ কমি যোৱাৰ ফলত পানীৰ প্ৰাকৃতিক উৎসবিলাক শুকাই গৈ মৰুভূমিৰ ক্ৰমান্বয়ে সম্প্ৰসাৰণ ঘটাকে মৰুভূমিকৰণ বোলে।

৯। সেউজগৃহ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰা প্ৰথম ব্যক্তিজন কোন আছিল?

উত্তৰঃ ফৰাচী বিজ্ঞানী তথা গণিতজ্ঞ জোছেফ ফ’ৰিয়েৰে ১৮২৭ চনত পোনপ্ৰথমবাৰৰ বাবে সেউজগৃহ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰিছিল।

১০। ‘চাং-ঘৰ’ কি?

উত্তৰঃ বানপানীৰ লগত খাপ খাই জীয়াই থাকিবৰ বাবে অসমৰ মাজুলীৰ দৰে ঠাইত নিৰ্মাণ কৰা বানপানী প্ৰতিৰোধী ঘৰবোৰক চাং-ঘৰ বোলা হয়।

দীঘল প্ৰশ্ন উত্তৰ:

১। ‘সেউজগৃহ প্ৰভাৱ’ ব্যাখ্যা কৰা আৰু ই কেনেকৈ পৃথিৱীৰ উষ্ণতা বজাই ৰাখে।

উত্তৰঃ সেউজগৃহ প্ৰভাৱ হ’ল এটা প্ৰাকৃতিক প্ৰক্ৰিয়া য’ত বায়ুমণ্ডলত থকা কিছুমান বিশেষ গেছে যেনে— কাৰ্বন ডাইঅক্সাইড আৰু মিথেন পৃথিৱী পৃষ্ঠই বিকিৰণ কৰা তাপৰ এটা অংশ ধৰি ৰাখে আৰু মহাকাশলৈ ওলাই যোৱাত বাধা দিয়ে। এই গেছবোৰে এখন সেউজগৃহৰ (গ্লাচ হাউচ) বেৰৰ দৰে কাম কৰে আৰু বায়ুমণ্ডলক গৰম কৰি ৰাখে। এই আৱদ্ধ তাপে পৃথিৱীৰ উষ্ণতা এক নিৰাপদ স্তৰত বজাই ৰাখে, যাৰ ফলত মানুহ আৰু অন্যান্য জীৱবোৰ জীয়াই থকাটো সম্ভৱ হয়।

২। নিৰ্বনীকৰণে কেনেকৈ গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগায়?

উত্তৰঃ উদ্ভিদে শালোক সংশ্লেষণৰ বাবে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাইঅক্সাইড শোষণ কৰি লয়, যিয়ে বায়ুমণ্ডলত ইয়াৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যেতিয়া অৰণ্য বা হাবি-বন ধ্বংস কৰা হয়, তেতিয়া এই প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত হয় আৰু কাৰ্বন ডাইঅক্সাইড কমকৈ শোষিত হয়। ইয়াৰ উপৰি, যেতিয়া গছবোৰ জ্বলাই দিয়া হয় বা পচিবলৈ এৰি দিয়া হয়, তেতিয়া অধিক পৰিমাণৰ কাৰ্বন ডাইঅক্সাইড পুনৰ বায়ুমণ্ডলত নিৰ্গত হয়, যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পায়।

৩। মানুহৰ স্বাস্থ্যৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন প্ৰভাৱ বৰ্ণনা কৰা।

উত্তৰঃ জলবায়ু পৰিৱৰ্তনে মানুহৰ স্বাস্থ্যত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। বৰ্ধিত উষ্ণ প্ৰবাহৰ বাবে মানুহৰ ‘হিট ষ্ট্ৰ’ক’ বা ‘তাপাঘাত’ হ’ব পাৰে। তদুপৰি, পৰিৱৰ্তিত বতৰৰ ফলত সঘনাই হোৱা বানপানীৰ সময়ত মানুহে মহৰ পৰা হোৱা বিভিন্ন ৰোগ যেনে— মেলেৰিয়া আৰু ডেংগু ইত্যাদিত ভুগিব পাৰে।

৪। সেউজগৃহ গেছ নিৰ্গমনৰ বাবে দায়ী মানুহৰ বিভিন্ন কাৰ্য-কলাপসমূহ আলোচনা কৰা।

উত্তৰঃ সেউজগৃহ গেছ নিৰ্গমনত অৰিহণা যোগোৱা মানুহৰ কাৰ্য-কলাপবোৰৰ ভিতৰত আছে— কল-কাৰখানা আৰু যান-বাহনৰ বাবে জীৱাশ্ম ইন্ধন (যেনে- কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ) দহন কৰা, যাৰ ফলত কাৰ্বন ডাইঅক্সাইড নিৰ্গত হয়। নিৰ্বনীকৰণে পৃথিৱীৰ CO2 শোষণ ক্ষমতা হ্ৰাস কৰে। বৃহৎ পৰিসৰৰ কৃষিকাৰ্যত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰৰ পৰা নাইট্ৰাছ অক্সাইড আৰু পশুপালনৰ মল-মূত্ৰৰ পৰা মিথেন গেছ নিৰ্গত হয়। ইয়াৰ উপৰি, আৱৰ্জনা মুকলি ঠাইত পেলোৱা বা জ্বলোৱাৰ ফলত পচন ঘটি মিথেন আৰু অন্যান্য ক্ষতিকাৰক গেছ নিৰ্গত হয়।

৫। ‘জলবায়ু পৰিৱৰ্তনৰ সৈতে অভিযোজন’ কি আৰু ইয়াৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হয়?

উত্তৰঃ সলনি হোৱা বতৰৰ পৰিস্থিতিৰ লগত খাপ খাই জীয়াই থাকিবৰ বাবে আমি আমাৰ জীৱনশৈলী সলনি কৰা বা বিভিন্ন পদক্ষেপ হাতত লোৱাকে অভিযোজন বোলা হয়। ইয়াৰ বাবে গ্ৰহণ কৰা কিছুমান ব্যৱস্থা হ’ল— বানপানী প্ৰতিৰোধী ঘৰ (যেনে অসমৰ চাং-ঘৰ) নিৰ্মাণ কৰা, নদীৰ পাৰত শক্তিশালী মথাউৰি নিৰ্মাণ কৰা, খহনীয়া ৰোধ কৰিবলৈ মেংগ্ৰ’ভ আৰু বাঁহ গছ ৰোপণ কৰা, কৃষিকাৰ্যত খৰাং-প্ৰতিৰোধী শস্য ব্যৱহাৰ কৰা, আৰু বৰষুণৰ পানী সংগ্ৰহ কৰা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top