Niketan Class 4 Assamese Chapter 8 সাহসিকতা

Niketan Class 4 Assamese Chapter 8 সাহসিকতা, Sankardev Sishu Niketan Chapter 8 সাহসিকতা Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

সাহসিকতা

Chapter – 8

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : উত্তৰ লিখা :

(ক) জুলু আৰু দুলুৰ ঘৰ ক’ত আছিল ?

উত্তৰ : কাজিৰঙা অভয়াৰণ্যৰ ওচৰৰে এখন গাঁৱত আছিল। 

(খ) জুলু আৰু দুলুৱে কেনেকৈ পহুৰ পোৱালিটো দেখা পাইছিল? 

উত্তৰ: জুলু আৰু দুলুৱে ধপাংকৈ হোৱা এটা শব্দত উচাপ্ খাই উঠিছিল। শব্দটো অনুসৰণ কৰিদ হোলাটোৰ ওচৰলৈ গৈ সিহঁতে দেখিবলৈ পাইছিল যে পানী আৰু মেটেকাৰে উপচি থকা হোলাটোত পৰি পছৰ পোৱালিটোৱে কবকাই আছে।

(গ) জুলু আৰু দুলুবে কেনেকৈ পহুৰ পোৱালিটো পানীৰ পৰা উদ্ধাৰ কৰিছিল? উদ্ধাৰ কৰি পোৱালিটো ক’ত গতাই দিছিল ?

উত্তৰ : জুলু আৰু দুলুৱে দ হোলাটোৰ পানীলৈ নামি গৈ মেটেকা গুচাই পোৱালিটো দাঙি পাৰলৈ তুলি আনি উদ্ধাৰ কৰিছিল। সিহঁতে পছৰ পোৱালিটো ওচৰত থকা বন বিষয়াৰ কাৰ্যালয়ত গতাই দিছিল।

(ঘ) জুলু আৰু দুলুক কি কামৰ বাবে কোনে পুৰস্কৃত কৰিছিল ?

উত্তৰ : সাহসিকতাৰ বাবে জিলা কৰ্তৃপক্ষই জুলু আৰু দুলুক পুৰস্কৃত কৰিছিল ।

প্রশ্ন ২: তলৰ বাক্যবোৰ শুদ্ধকৈ সজোৱা :

(ক) উচাপ্ খাই ধপংকৈ শব্দত হোৱা জুলু আৰু দুলু উঠিল। 

উত্তৰ : ধপংকৈ হোৱা শব্দত জুলু আৰু দুলু উচাপ্ খাই উঠিল।

(খ) পানী আৰু হোলাটো আছিল উপচি মেটেকাৰে।

উত্তৰ : হোলাটো পানী আৰু মেটেকাৰে উপচি আছিল।

(গ) আনোগৈ তুলি পানীৰ পৰা পোৱালিটো ব’লা । 

উত্তৰ : পোৱালিটো পানীৰ পৰা তুলি আনোগৈ ব’লা।

(ঘ) গতাই পোৱালিটো বনবিষয়াক দিলেগৈ।

উত্তৰ : পোৱালিটো বন বিষয়াক গতাই দিলেগৈ। 

প্রশ্ন ৩ : তলৰ শব্দকেইটাৰ দ্বাৰা বাক্যবোৰ সম্পূৰ্ণ কৰা :

ককবাকাই, ছট্‌ফটাই, দপ্‌দপাই, ধৰ্ফৰাই, ফুচফুচাই।

(ক) জুইকুৰা …………..জ্বলিছে।

উত্তৰ : জুই কুৰা দপদপাহ জ্বলিছে।

(খ) পেটৰ বিষত ল’ৰাটো…………আছে।

উত্তৰ : পেটৰ বিষত ল’বাটো ছটফটাই আছে।

(গ) গৰমত মানুহজন………….ফুৰিছে।

উত্তৰ : গৰমত মানুহজন ধৰফৰাই ফুৰিছে।

(ঘ) পানীত পৰি ছাগলীজনীয়ে।

উত্তৰ : পানীত পৰি ছাগলীজনীয়ে ককবকাই আছে।

(ঙ) ছোৱালী দুজনীয়ে কথা পাতিছে।

উত্তৰ : ছোৱালী দুজনীয়ে ফুচফুচাই কথা পাতিছে। 

প্রশ্ন ৪ : বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা :

তৎক্ষণাৎ শকত, চুটি, সুখ, পোহৰ।

উত্তৰ : 

তৎক্ষণাৎলাহে-ধীৰে
শকতক্ষীণ
চুটিদীঘল
সুখদুখ
পোহৰআন্ধাৰ

প্রশ্ন ৫ : তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা : 

হোলা, অভয়াৰণ্য, সুগৰী, উচাপ, উৎকণ্ঠা, আলচ, উপচি

উত্তৰ :

হোলাঅলপ পানী থকা আহল-বহল দ ঠাই।
অভয়াৰণ্যবনৰীয়া পশু-পক্ষীৰ বাবে সংৰক্ষিত অঞ্চল।
সুগৰীছাগলীৰ নিচিনা এবিধ সৰু পহু, খটীয়া পহু।
উচাপচক্ খাই উঠা, অকস্মাৎ ভয় পাই মৰা গাৰ জোকাৰ।
উৎকণ্ঠাউত্তল-থুগুল, চিন্তা-ভাৱনা।
আলচআলোচনা, পৰামৰ্শ কৰা।
উপচিবেছি হোৱা, প্ৰচুৰ।
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top