Niketan Class 4 Assamese Chapter 17 মহাত্মা গান্ধী

Niketan Class 4 Assamese Chapter 17 মহাত্মা গান্ধী, Sankardev Sishu Niketan Chapter 17 মহাত্মা গান্ধী Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

মহাত্মা গান্ধী

Chapter – 17

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : উত্তৰ দিয়া :

(ক) মহাত্মা গান্ধীৰ সম্পূর্ণ নাম কি ?

উত্তৰ : মোহন দাস কৰ্মচাঁদ গান্ধী।

(খ) গান্ধীজীৰ মাক-দেউতাকৰ নাম কি ?

উত্তৰ : মাকৰ নাম পুতুলীবাঈ আৰু দেউতাকৰ নাম কমচাঁদ গান্ধী।

(গ) গান্ধীজীয়ে বেৰিষ্টাৰি পঢ়িবলৈ ক’ত গৈছিল ?

উত্তৰ : বিলাতলৈ গৈছিল।

(ঘ) গান্ধীজীয়ে ‘ভাৰত ত্যাগ’ আন্দোলন কোন চনত আৰম্ভ কৰে ?

উত্তৰ : ১৯৪২ চনত।

(ঙ) স্কুল ইন্সপেক্টৰগৰাকীৰ নাম কি আছিল ?

উত্তৰ : মি. জাইল্‌ছ।

(চ) মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল ?

উত্তৰ : ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে।

(ছ) ‘গান্ধী জয়ন্তী বা বিশ্ব শান্তি দিৱস’ আৰু ‘শহীদ দিবস’ কোন কোন তাৰিখে পালন কৰা হয় ?

উত্তৰ : ২ অক্টোবৰ আৰু ৩০ জানুৱাৰী তাৰিখে। 

(জ) মহাত্মা গান্ধীক কোনে গুলীয়াই হত্যা কৰিছিল ?

উত্তৰ : নাথুৰাম বিনায়ক গড়ছে নামৰ মাৰাঠী যুৱক এজনে।

প্রশ্ন ২ : খালী ঠাই পূৰ কৰা।

(ক) ……. চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰে।

উত্তৰ : ১৯২১ চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰে।

(খ) গান্ধীজী নিৰ্ভীক আৰু……..আছিল।

উত্তৰ : গান্ধীজী নিৰ্ভীক আৰু স্বাধীনচিতীয়া আছিল।

(গ) ……….বিদেশী শাসক আৰু …….. বিৰুদ্ধে তেখেতে যুঁজিছিল।

উত্তৰ : সাম্প্রদায়িকতা, বিদেশী শাসক আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে তেখেতে যুঁজিছিল।

(ঘ) ……….চনৰ………. তাৰিখে আমাৰ দেশ স্বাধীন হয়।

উত্তৰ : ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ দেশ স্বাধীন হয়।

(ঙ) ভাৰতৰ জনগণে তেখেতক………. আৰু……….. উপাধিৰে বিভূষিত কৰিছিল।

উত্তৰ : ভাৰতৰ জনগণে তেখেতক মহামানৱ আৰু মহাত্মা উপাধিৰে বিভূষিত কৰিছিল।

প্রশ্ন ৩ : বিলাতলৈ পঢ়িবলৈ যাওঁতে গান্ধীজীয়ে মাকৰ ওচৰত কি প্রতিজ্ঞা কৰিছিল ?

উত্তৰ : কেতিয়াও মদ-মাংস নাখাব বুলি প্রতিজ্ঞা কৰিছিল।

প্রশ্ন ৪ : গান্ধীজীয়ে প্রথমে ক’ত আৰু কিয় সত্যাগ্রহ আন্দোলন আৰম্ভ কৰিছিল ?

উত্তৰ : আফ্রিকাত। গান্ধীজীয়ে এক মোকদমা সংক্রান্তত আফ্রিকালৈ যাওঁতে তাত ভাৰতীয়সকলৰ দুখ-দুর্দশা আৰু তেওঁলোকৰ ওপৰত কৰা অন্যায় অবিচাৰ দেখি তেওঁ অন্তৰত বৰ দুখ পায়। সেইবোৰৰ প্ৰতিকাৰৰ বাবে তেওঁ তাত প্ৰথমে সত্যাগ্রহ আন্দোলন আৰম্ভ কৰে।

প্রশ্ন ৫ : গান্ধীজীয়ে কেনেকুৱা জীৱন-যাপন কৰিছিল ?

উত্তৰ : সৰল আৰু সাধাৰণ জীৱন-যাপন কৰিছিল।

প্রশ্ন ৬ : বাক্য ৰচনা কৰা :

অহিংস, সাম্প্রদায়িকতা, সত্যাগ্রহ, নির্ভীক, বিভূষিত

উত্তৰ : অহিংস : অহিংস আন্দোলনৰ জৰিয়তে আমাৰ দেশে স্বাধীনতা লাভ কৰে।

সাম্প্রদায়িকতা : সাম্প্রদায়িকতাই সমাজত বিভেদ সৃষ্টি কৰে। সত্যাগ্রহ : ভাৰতীয়সকলৰ স্বাৰ্থত গান্ধীজীয়ে আফ্রিকাত সত্যাগ্রহ আন্দোলন আৰম্ভ কৰিছিল।

নিৰ্ভীক : নিৰ্ভীক মানুহে কঠিন সমস্যাৰ ওচৰতো হাৰ নামানে।

বিভূষিত : বিষ্ণু প্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধিৰে বিভূষিত কৰা হৈছিল। 

প্রশ্ন ৭ : তলৰ শব্দবোৰৰ অৰ্থ লিখা :

প্ৰতিকাৰ, অস্পৃশ্যতা, ত্যাগ, বিভূষিত, নির্ভীক, সাম্প্রদায়িকতা, আত্মনির্ভৰশীল

উত্তৰ : 

শব্দঅর্থ
প্ৰতিকাৰপ্রতিবিধান, উপায়।
অস্পৃশ্যতাচুবলৈ নিষেধ কৰা প্ৰথা।
ত্যাগবৰ্জন, পৰিত্যাগ।
বিভূষিতশোভিত, সজোৱা, অলংকৃত।
নির্ভীকসাহসী, ভয় নোহোৱা।
সাম্প্রদায়িকতাদলাদলি, অন্য সম্প্রদায়ৰ প্ৰতি বিদ্বেষভাৱ।
আত্মনির্ভশীলনিজৰ ওপৰত নিৰ্ভৰ কৰা লোক।
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top