Niketan Class 4 Assamese Chapter 15 ব্ৰহ্মপুত্ৰ

Niketan Class 4 Assamese Chapter 15 ব্ৰহ্মপুত্ৰ, Sankardev Sishu Niketan Chapter 15 ব্ৰহ্মপুত্ৰ Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

ব্ৰহ্মপুত্ৰ

Chapter – 15

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : ব্ৰহ্মপুত্ৰৰ পৰা হোৱা উপকাৰ আৰু অপকাৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ : ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদ। ইয়াৰ পৰা হোৱা উপকাৰ আৰু অপকাৰৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল।

উপকাৰ : বাৰিষা ব্ৰহ্মপুত্ৰৰ পানীয়ে উটুৱাই নিয়া পলসে ইয়াৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চলৰ মাটি সাৰুৱা কৰাৰ ফলত খেতি-বাতি ভাল হয়। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জল পৰিবহনৰ সুবিধা থকা বাবে যাতায়াত, বেহা-বেপাৰ আদিৰ ক্ষেত্ৰত প্ৰচুৰ সুবিধা হৈছে। ইয়াৰ বুকুত পোৱা সৰু-ডাঙৰ বিভিন্ন শ্রেণীৰ মাছ বিক্ৰী কৰি বহুতো মানুহে জীৱন নিৰ্বাহ কৰি আছে।

অপকাৰ : ব্ৰহ্মপুত্ৰৰ প্ৰধান অপকাৰ হৈছে বানপানী আৰু খহনীয়া। প্রতি বছৰে হোৱা ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকারী বানে মানুহৰ ঘৰ-দুৱাৰ উটুৱাই নিয়ে, খেতি-পথাৰ নষ্ট কৰে। গৰু, ম’হ আদি পোহনীয়া জীৱ-জন্তুৰো প্ৰচুৰ হানি হয়। কাজিৰঙাকে ধৰি বনাঞ্চলত বাস কৰা জীৱ-জন্তুবোৰৰো দুখ-দুর্গতিৰ সীমা নোহোৱা হয়। আনহাতে ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা খহনীয়াৰ ফলত প্ৰতি বছৰে ইয়াৰ দুয়োপাৰৰ মাটি আৰু মানুহৰ ঘৰ-দুৱাৰ নদীখনৰ বুকুত জাহ যায়। ফলস্বৰূপে হাজাৰ হাজাৰ মানুহে ঘৰ বাৰী হেৰুৱাই হাহাকাৰ কৰি অ’ত-ত’ত ঘূৰি ফুৰিব লগা হয়।

প্রশ্ন ২ : চমু উত্তৰ দিয়া :

(ক) ব্ৰহ্মপুত্ৰৰ অন্য নাম কি ?

উত্তৰ : লুইত।

(খ) ব্ৰহ্মপুত্ৰৰ মাজত থকা পৃথিৱী বিখ্যাত নদী-দ্বীপটোৰ নাম কি ?

উত্তৰ : মাজুলী।

(গ) অসমৰ কোন দিশৰ পৰা কোন দিশলৈ ব্ৰহ্মপুত্ৰ বৈ গৈছে ? 

উত্তৰ : অসমৰ পূব দিশৰ পৰা পশ্চিম দিশলৈ বৈ গৈছে।

(ঘ) ব্ৰহ্মপুত্ৰৰ পাঁচখন উপনদীৰ নাম লিখা।

উত্তৰ : সোৱণশিৰি, দিহিং, কপিলী, পাগলাদিয়া আৰু মানাহ । 

(ঙ) ব্ৰহ্মপুত্ৰৰ পানীভাগ ক’ৰপৰা ওলাই কোন সাগৰত পৰিছে ?

উত্তৰ : হিমালয়ৰ মানস সৰোবৰৰ পৰা ওলাই বঙ্গোপসাগৰত পৰিছে।

(চ) ব্ৰহ্মপুত্ৰ নামটো কিয় হ’ল ?

উত্তৰ : পুৰণি আখ্যানমতে ব্ৰহ্মপুত্ৰক ব্ৰহ্মাৰ পুত্ৰ বুলি জনা যায়।

(ছ) ব্ৰহ্মপুত্ৰৰ পাৰত থকা তিনিখন নগৰৰ নাম লিখা।

উত্তৰ : গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়।

প্ৰশ্ন ৩ : সূত্র লিখা :

জলপ্রপাত, সৃতি, নদী, হ্রদ, জুৰি, উপনদী

উত্তৰ : জলপ্রপাত : পর্বত বা পাহাৰৰ ওপৰৰ পৰা সদায় বেগেৰে তললৈ পৰি থকা পানীভাগক জলপ্রপাত বোলে। যেনে- চাপানলা। 

সৃতি : কোনো নদীৰ পৰা ফাটি গৈ অইন ফালেৰে বৈ আহি পুনৰ সেই নদীতে পৰা সৰু উপনৈক সুঁতি বোলে। যেনে –কলং। 

নদী : ডাঙৰ পৰ্বত বা হ্ৰদৰ পৰা ওলাই যি আহল-বহল পানী ভাগ অনেক ঠাইৰ মাজেৰে বৈ আহি সাগৰত পৰে তাক নদী বোলে।

হ্ৰদ : বিলতকৈ বহু ডাঙৰ, দ, বহল, বন্ধ পানী ভাগক হ্রদ বোলে। যেনে—চিল্কা। 

জুৰি : পাহাৰৰ পৰা সৰু উপনদীৰ দৰে বৈ অহা পানী ভাগক জুৰি বা নিজৰা বোলে। যেনে—সন্ধ্যা, ললিতা, কান্তা।

উপনদী : যি বৈ থকা পানীভাগ পৰ্বত-পাহাৰৰ পৰা ওলাই নানা ঠাইৰ মাজেৰে বৈ আহি ডাঙৰ নদীত পৰে তাক উপনৈ বা উপনদী বোলে। যেনে—মানাহ।

প্রশ্ন ৪ : অৰ্থপূৰ্ণ শব্দৰে বাক্যবোৰ সম্পূৰ্ণ কৰা। 

(ক) নদীৰ পানী বাঢ়িছে, পানীৰ লগত…….আহিছে ৷

উত্তৰ : নদীৰ পানী বাঢ়িছে, পানীৰ লগত পলস আহিছে।

(খ) পুখুৰীত মাছ আছে, মাছবোৰে ……………. খায়।

উত্তৰ : পুখুৰীত মাছ আছে, মাছবোৰে খলিহৈ খায়।

(গ) বৰষুণ দিছে, খাল, বিল………. ভৰি পৰিছে।

উত্তৰ : বৰষুণ দিছে, খাল, বিল পানীৰে ভৰি পৰিছে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top